সন্তানক যোগ্য ব্যক্তি ৰূপে গঢ়ি তোলোঁ আহক

 নৱনীতা ভট্টাচাৰ্য্য

 

যোগ্য ভোগ্যা বসুন্ধৰা
অৰ্থাৎ যোগ্যজনৰ বাবে এই পৃথিৱীখন নানা ভোগ্য বস্তুৰে ভৰপূৰ৷ অতিকে প্ৰয়োজনীয় কথাটো হ’ল
নিজকে যোগ্য কৰি তোলাটো। পিছে আজিৰ এই প্ৰতিযোগিতাৰ যুগত নিজক প্ৰতিষ্ঠা কৰাটো সহজ নহয়৷
সকলো প্ৰতিদ্বন্দ্বীক পিছ পেলাই এখোজ আগুৱাই যাবলৈ হ’লে দিন-ৰাতি একাকাৰ কৰি পৰিশ্ৰম
কৰিবলগীয়া হয়৷ তাৰ ফলত মানসিক চাপৰো সৃষ্টি হ’ব পাৰে৷ আজিকালি ছাত্ৰ-ছাত্ৰীসকলে পঢ়াৰ
লগতে খেলা-ধূলা, গান-নাচ-বাজনা ইত্যাদি কামবোৰো মনোযোগেৰে কৰিবলগীয়া হয়৷ ফলত দিনটোৰ
বহুতো সময় তেওঁলোকে ব্যস্ততাৰ মাজেৰে কটাবলগীয়া হয়৷ ব্যস্ততাৰ ফলত কিছুমান ভাল লগা কাম কৰাৰ
পৰাও নিজকে আতঁৰাই ৰাখিবলগীয়া হয়৷ অভিভাৱক হিচাপে কেতিয়াবা ভাব হয় – এই আলসুৱা
অপৰিপক্ক মনটো বান্ধি সিহঁত আগবাঢ়ি যাব পাৰিবনে?
 

সঁচা কথা ক’বলৈ গ’লে
পঢ়া-শুনা বা আন তেনে কামত একাণপটীয়াকৈ লাগি থকাটো বৰ কঠিন৷ বিশেষকৈ আজিৰ এই সমাজখনত,
য’ত হাত মেলিলেই ভোগৰ সামাগ্ৰীবোৰ পোৱা যায়৷ সেইবাবে মনৰ চঞ্চলতা জয় কৰি একান্ত মনোযোগৰে
নিজৰ কামত লাগিবলৈ প্ৰতিগৰাকী পিতৃ-মাতৃয়ে সন্তানক অনুপ্ৰাণিত কৰিব লাগে৷ 
সন্তানক অভিভাৱকেই ভাল-বেয়া,
উচিত-অনুচিত বিচাৰি চাই কামবোৰ কৰিবলৈ শিকাব লাগিব৷ ক্ষণস্থায়ী বৰ্তমানটো আনন্দময়
কৰি তুলিবলৈ গৈ ভবিষ্যতটো যাতে অন্ধকাৰ কৰি নোতোলে তাৰ শিক্ষাও দিব লাগিব৷ আমাৰ মাজত
এনে বহুতো মানুহ আছে যে খন্তেকীয়া সুখৰ বাবে ছাত্র অৱস্থাতে নানা ৰাগিয়াল দ্রব্য
সেৱন কৰে৷ পঢ়-শুনাৰ দৰে কঠোৰ কামবোৰৰ পৰা নিজকে আঁতৰাই ৰাখি বন্ধু-বান্ধৱীৰ লগত আড্ডা
মাৰি, নাটক-থিয়েটাৰ চাই সময় কটায়৷ ম
বাইলত খেল-খেলি, টিভিৰ অনুষ্ঠান চাই সময়বোৰ
অপচয় কৰে, ফলত সকলো কামতে পিছ পৰি ৰয়৷ পাছত লগৰজনক আগবাঢ়ি যোৱা দেখি হতাশাত ভুগি
নানা অপকৰ্মত লিপ্ত হয়৷ সঠিক পৰামৰ্শৰ অভাৱতে এনেদৰে নিজৰ প্ৰতিভাৰ অপচয় কৰে৷
 

যুৱশক্তিৰ অপচয়
আন এটা কাৰণ হ’ল এলাহ। বহুতো ল’ৰা-ছোৱালীয়ে এলাহৰ কবলত পৰি জীৱনৰ আপুৰুগীয়া সময়
অপচয় কৰা দেখা যায়৷ এই সকলোবোৰৰ মূল কাৰণ হৈছে দূৰ্বল ইচ্ছাশক্তি। দুৰ্বল ইচ্ছাশক্তিৰ
বাবে নিজৰ লগতো যুদ্ধ কৰি পৰাজয়ৰ মুখ দেখিবলগীয়া হয়৷ যিবোৰ ল’ৰা-ছোৱালীয়ে সৰুৰে
পৰা কঠোৰ পৰিস্থিতিৰ মাজত ডাঙৰ-দীঘল হয় তেওঁলোক শক্তিশালী ইচ্ছাশক্তিৰ গৰাকী হয়৷
সেইবাবে পিতৃ-মাতৃয়ে সন্তানক কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ প্ৰস্তুত কৰি তুলিব
লাগিব৷ চকুৰ আগত কোনোবাই আৰাম কৰি থকা দেখিলেও তাৰ সলনি কষ্ট কৰিবলৈ শিকাব লাগে৷ জীৱনত
যি প্ৰত্যাহ্বানেই নাহক কিয়, তাৰ মোকাবিলা কৰিবলৈ শিকাব লাগিব৷ তাৰ বাবে আমি সৰুকালৰে
পৰা সিহঁতক আত্মনিৰ্ভৰশীল হ’বলৈ শিকাব লাগিব, সমাজৰ নীতি-নিয়মবোৰ মানি চলিবলৈ শিকাব
লাগিব আৰু শুদ্ধ পাথত থাকি উচিত সিন্ধান্ত লৈ আগুৱাই যাবলৈ শিকাব লাগিব৷
 

পিছে আমি প্ৰায়ে
ইয়াৰ ওলোটাহে কৰোঁ৷ আজিকালি প্ৰতিগৰাকী পিতৃ-মাতৃয়ে সন্তানক আৰামত ৰাখিবলৈ বিচাৰে আৰু নিজে নোপোৱা সুখ, আৰামেৰে সন্তানৰ জীৱনটো ভৰাই পেলাবলৈ চেষ্টা কৰে৷ সকলো কামকে নিজে
কৰি দি এলেহুৱা কৰি তোলে৷ সন্তানে যি বিচাৰে তাকে দিক্ৰমে ক্ৰমে আত্মকেন্দ্ৰিক আৰু জেদী কৰিও তোলে৷ কঠিন পৰিস্থিতি আহিলেই
আগভেটি সমস্যা সমাধা কৰি দি দুৰ্বল কৰি তোলে৷ মুঠতে সন্তানৰ গাত বা লাগিবই নিদিয়ে৷
শিক্ষাবিদসকলৰ মতে সন্তানক বাল্যকালত কঠোৰ অনুশাসন মানি চলিবলৈ বাধ্য কৰাব লাগে৷ কোমল
কান্ধত গধুৰ দায়িত্ব অৰ্পণ কৰিবলৈও অকণো কুণ্ঠাবোধ কৰিব নালাগে৷ নিজৰ কামৰ লগতে ঘৰৰ
কামতো সহায় কৰিবলৈ দিব লাগে৷ এনে কামবোৰে শিশুৰ শাৰীৰিক বিকাশৰ লগতে শক্তিশালী মনৰ
গৰাকী হৈ উঠাতো তেওঁলোকক সহায় কৰিব৷ ব্যক্তিত্বৰ সম্পূৰ্ণ বিকাশৰ বাবেও শাৰীৰিক আৰু মানসিক
পৰিশ্ৰমৰ প্রয়োজন হয়৷ এই খিনিতে এটা কথা মনত ৰখা উচিত যে সন্তানক আৰাম দিয়া মানে
হৈছে পুষ্টিকৰ খাদ্যৰ যোগান ধৰা, সামৰ্থ্য অনুযায়ী ভাল পোচাক বা অন্যান্য সুবিধা প্ৰদান
কৰা৷ কিন্তু এইটোও ঠিক যে শুবলৈ আৰামদায়ক বিছনা এখন যোগান কৰি দিয়া মানে ভৰ দুপৰলৈকে
শুই থকাৰ অনুমতি দিয়া নহয়৷ ৰাতিপুৱাৰ লগে লগে এলাহ ত্যাগ কৰি সোনকালে উঠাৰ অভ্যাস
গঢ়ি তুলিব লাগিব৷ আৰামী জোতা বা পোচাক যোগাৰ কৰি দিয়াৰ লগে লগে গৰম-শীতক নেওচি কাম
কৰিবলৈ শিকাব লাগিব, বিলাসী জীৱন যাপনৰ লগতে প্ৰয়োজনকৈ অধিক কষ্ট কৰিবলৈ অনুপ্ৰাণিত
কৰিব লাগিব৷
 

মাক-দেউতাকে সন্তানক
দিবলগীয়া আন এটা শিক্ষা হ’ল ভাল-বেয়া, উচিত-অনুচিতৰ বিচাৰ৷ আমাৰ সমাজখন নানা উপভোগ্য
বস্তুৰে ভৰপূৰ৷ ক্ষন্তেকীয়া সুখ দিব পৰা বস্তু আমি আজিকালি হাত মেলিলেই পাওঁ৷ বিজ্ঞান
আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে এই বস্তুবোৰ আৰু অধিক সহজলভ্য কৰি তুলিছে। এই বস্তুবোৰে
আমাৰ জীৱনটো ক্ষন্তেকীয়া সুখেৰে ভৰাই তোলে যদিও ভৱিষ্যত জীৱনটো দুখময় কৰি তোলে৷ যিবোৰ
কামে আমাৰ জীৱনটো স্থায়ীভাৱে সুখময় কৰি তোলে তেনে কামবোৰ কৰাটো অতি কঠিন আৰু আমনিদায়ক৷
কঠিন কাম কৰিবলৈ সাহস আৰু ধৈৰ্যৰ প্ৰয়োজন হয়৷ জীৱনত কৃতকাৰ্য হ’বলৈ বা জীৱনটো
মংগলময় কৰি তুলিবলৈ এনে কামবোৰ অতিকে প্ৰয়োজনীয়৷ এই কামবোৰে অকল এজন ব্যক্তিৰে নহয়
সমাজৰো কল্যাণ সাধন কৰে৷ সেইবাবে সন্তানক এনে কামবোৰ ভাল পাবলৈ শিকাব লাগিব৷ এনে কামবোৰে
যদি মানসিক চাপ বৃদ্ধি কৰে, তেনেহ’লে তাক হাঁহিমুখে গ্ৰহণ কৰিবলৈ প্ৰশিক্ষণ দিব লাগে৷
আনহাতে যিবোৰ কামে ক্ষন্তেকীয়া সুখ প্ৰদান কৰে বা অকল বৰ্তমানটো আনন্দময় কৰি তোলে
তেনে কামৰ পৰা নিজক আঁতৰাই ৰাখিবলৈ শিকাব লাগিব৷ এই কথাটোও ঠিক যে এনে কামসমূহে আমাক
অতি সহজতে আকৰ্ষণ কৰে৷ সেইবাবে ছাত্ৰ-ছাত্ৰীৰ কুমলীয়া মনটো আমনিদায়ক কামৰ সলনি এনে
কামৰ প্ৰতি আকৰ্ষিত হোৱাটো স্বাভাৱিক। কিন্তু জীৱনটো সফল আৰু সুন্দৰ কৰি তুলিবলৈ হ’লে
এই কামবোৰৰ পৰা আঁতৰি থকি মনটো ডাঠ কৰি মনোযগেৰে পঢ়া-শুনা কৰিবই লাগিব৷ ঘৰতো এনেকুৱা
পৰিৱেশৰ সৃষ্টি কৰিব লাগে যাতে সিহঁতে প্ৰত্যাহ্বানসমূহ হাঁহি মুখে গ্ৰহণ কৰিব পাৰে৷
ভালপোৱা কাম এটাই নিশ্চয় মনত চাপৰ সৃষ্টি কৰিব নোৱাৰে৷ সেইবাবে এই আমনিদায়ক কঠোৰ
কামবোৰ ভাল পাবলৈ শিকোৱা উচিত, ক্ষন্তেকীয়া সুখৰ সলনি দীৰ্ঘস্থায়ী সুখত পিছত দৌৰিবলৈ
শিকোৱা উচিত, আৰামৰ সলনি কঠোৰ আৰু কষ্টকৰ জীৱন-যাপন কৰিবলৈ বাধ্য কৰোৱা উচিত৷ তেতিয়াহে
আমাৰ সন্তানক সমাজৰ যোগ্য ব্যক্তিৰূপে গঢ়ি তুলিব পাৰিম৷ অৱশ্যে এইখিনিতে প্ৰতিগৰাকী
পিতৃ-মাতৃয়ে ব্যক্তিৰ মাজত থকা পাৰ্থক্যসমূহ বুজি পোৱা উচিত৷ কোনো দুজন ব্যক্তি কেতিয়াও
একে হ’ব নোৱাৰে, সেইবাবে তেওঁলোকৰ পৰা একে ধৰণৰ ফলাফল আশা কৰাটোও ভুল৷ তদুপৰি সন্তনক
আগ বাঢ়ি যোৱাৰ পথহে দেখুৱাব লাগে৷ কেনেকৈ আগুৱাই যাব সেইটো নিৰ্ভৰ কৰিব তেওঁলোকৰ দক্ষতাৰ
ওপৰত৷ সন্তানক লৈ সপোন দেখা উচিত, কিন্তু সিহঁতক সপোন পূৰণ কৰাৰ আহিলা হিচাপে গ্ৰহণ কৰিব নালাগে৷
বহুতো পিতৃ-মাতৃয়ে নিজৰ আধৰুৱা সপোন পূৰণ কৰিবলৈ সন্তানক লালন-পালন কৰা দেখা যায়৷
তেনে কৰাৰ পৰিৱৰ্তে সিহঁতক নিজৰ লক্ষ্য নিজে নিৰ্ধাৰণ কৰি তাক পূৰণ কৰিবলৈহে প্ৰস্তুত
কৰি তুলিব পাৰে৷

 

ঠিকনা :

বেলতলা তিনিআলি

গুৱাহাটী-২৮

৯৮৬৪২৩৩৩৫০