দাদুল দেৱকৃষ্ণ বৰুৱা

(২৮)


বাৰাণ্ডাৰ চকীত বহি খবৰ কাগজত চকু ফুৰাইছে
ষ্টেপানে। খবৰৰ ভিৰতকৈ সম্পাদকীয় পৃষ্ঠাটোহে তেওঁৰ প্ৰিয়। খবৰ পঢ়িলে আজিকালি
উদ্বিগ্নতাহে বাঢ়ে।

এনেও মাৰ্চৰ এইকেইটা দিন উদ্বিগ্ন হৈ থাকে
ষ্টেপান। কাৰণ এইকেইটা নিৰ্দিষ্ট দিনৰ ভিতৰতে প্ৰতি বছৰে ক্লেপেটাঁ দক্ষিণ
আফ্ৰিকাৰ পৰা আহি মলেঁয়াৰ ওচৰ পায়হি। এইবাৰো আজি পাওঁ
, কালি পাওঁ হৈ আছে। এদিন ইফাল সিফাল হলেই ষ্টেপানৰ মনটো অস্থিৰ হৈ থাকে। তেওঁ
মলেঁয়াক নিৰীক্ষণ কৰে— মলেঁয়াৰ আচৰণতো অস্থিৰতা
, উদ্বিগ্নতা আৱিষ্কাৰ কৰে। প্ৰাকৃতিকভাৱেই হয়তো
মলেঁয়াই জানে— ক্লেপেটাঁ আহি আছে!

অস্থিৰতা আৰু উদ্বিগ্নতা থাকিলেও ষ্টেপান সাজু
হৈও থাকে। অতদূৰ ডেউকা কোবাই অহা ক্লেপেটাঁ যে নিশকতীয়া হৈ আহে সেই কথা তেওঁৰ
বাবে কেতিয়াবাই পুৰণি হ
ল। নিশকতীয়া হৈ
আহি পোৱা ক্লেপেটাঁৰ বাবে পুষ্টিকৰ আহাৰৰ বৰ প্ৰয়োজন হয়। ষ্টেপানেও যতনাই ৰাখে।
মলেঁয়াৰ বাবে লগাতকৈ অধিক মাছ আনি জীয়ন দি ৰাখে। ক্লেপেটাঁ নহয় যেন দূৰণিত থকা
তেওঁৰ কোনোবা এজন পুতেকহে আহে বছেৰেকৰ মূৰত!

খবৰ কাগজৰ সম্পাদকীয় পৃষ্ঠাত মগন ষ্টেপানে
হঠাৎ মলেঁয়াৰ চিঞৰ শুনিলে। তাইৰ এই চিঞৰটো তেওঁৰ চিনাকি। তাইৰ এই চিঞৰ আনন্দৰ
বহিৰ্প্ৰকাশ। তাইৰ ফূৰ্তি লাগিলেহে এনেদৰে চিঞৰে।

বাতৰি কাকতৰ পৰা মূৰ তুলি ষ্টেপানে চোতাললৈ
চালে। চোতালত মলেঁয়াৰ আনন্দময় গতিবিধি। ওপৰলৈ চাই চাই তাই চিঞৰিছে। চোতালৰ বহু ওপৰত
চক্ৰাকাৰে ঘূৰি আছে ক্লেপেটাঁ। ক্ৰমান্বয়ে নামি আহিছে তললৈ।

স্বকীয় ধৰণেৰে চোতালত অৱতৰণ কৰিলেহি ক্লেপেটাঁই।
সুদূৰ দক্ষিণ আফ্ৰিকাৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ অতিক্ৰমি উভতি আহিল সি
প্ৰেমাস্পদ মলেঁয়াৰ ওচৰলৈ। সি কিমান দায়ৱদ্ধ
, সি কিমান নিজৰ সংগীৰ প্ৰতি আকৰ্ষিত আৰু
বিশ্বস্ত সেয়া পুনৰবাৰ প্ৰমাণ কৰিলে।

মলেঁয়াৰ উলাহে নধৰা হিয়া। তাই ক্লেপেটাঁৰ
ঠোঁটত ঠোঁট লগাই মৰম প্ৰকাশ কৰিছে। দুয়োটাই ইটোৱে সিটোৰ পাখি খুচৰি দিছে। দীৰ্ঘ
বিৰতিৰ অন্তত এই পুনৰ্মিলনৰ দৃশ্য বেছ উপভোগ্য হৈ উঠিছে। ষ্টেপানৰ চকু-মুখত আনন্দৰ
পোহৰে পিয়াপি দিলে। তেওঁৰ হৃদয় জুৰ পৰিল।

: হোঁ, খাই ল।

ভিতৰৰ পৰা আগৰে পৰা যোগাৰ কৰি জীয়াই ৰখা
মাছকেইটান আনি সিহঁতৰ বাবে নিৰ্দিষ্ট কৰি থোৱা পাত্ৰটোত দিলেহি ষ্টেপানে।

: তই ঠিকে-ঠাকে পালিহি লৰা!

আগ্ৰহেৰে মাছ খাবলৈ আৰম্ভ কৰা ক্লেপেটাঁৰ পিঠিত
হাত বুলাই দি ষ্টেপানে কৈ উঠিল। তেওঁৰ স্পৰ্শত যে চেনেহৰ উম আছে
, নিৰাপত্তাৰ বাৰ্তা আছে সেই কথা ক্লেপেটাঁয়ো
হয়তো ভালকৈয়ে জানে।

নিজে খোৱাৰ লগতে মলেঁয়াৰ ঠোঁটতো মাছ এটা গুজি
দিলে ক্লেপেটাঁই। সুদীৰ্ঘ সময়ৰ পাছত প্ৰতিশ্ৰুতি পূৰাবলৈ আহি এনেকৈয়ে মৰম আৰু
আদৰ দেখুৱাইছে সি। এনে অনুপম দৃশ্যৰ সাক্ষী বহুবাৰ হৈছে ষ্টেপান। প্ৰতিবাৰেই তেওঁ
ভাবে— মানুহ আৰু চৰাইৰ মাজত মৰম প্ৰকাশৰ আছে জানো প্ৰভেদ!

: মোৰ বৰ চিন্তা লাগি আছে।— যোৱা দেওবাৰে
ষ্টেপানে মিষ্টাৰ ইগৰক কৈছিল।

: কিয়?— মিষ্টাৰ ইগৰে সুধিছিল।

: ক্লেপেটাঁৰ কাৰণে।

: সি সময়ত আহিব নহয়!

: তুমি বাতৰি কাকতত পঢ়া নাই?— ষ্টেপানৰ প্ৰশ্ন।

: কি?— মিষ্টাৰ ইগৰে আচৰিত হৈ সোধে।

: পৰ্যটক পখীবোৰৰ যে বাৰ্ড-ফ্লু হৈছে। বহু ঠাইত
মৰিছেও বোলে।— ষ্টেপানে কৈছিল।

: অঁ এইটো খবৰ! এইটো খবৰ পাইছোঁ। তুমি চিন্তা
নকৰিবা
, ক্লেপেটাঁ
সময় মতেই আহি পাব।— ষ্টেপানক আশ্বস্ত কৰিব বিচাৰিলে মিষ্টাৰ ইগৰে।

মিষ্টাৰ ইগৰৰ কথাত আশ্বস্ত হৈছিল যদিও ষ্টেপানৰ
মনত চিন্তাই দোলা দি আছিল যোৱা প্ৰায় এটা সপ্তাহ— ক্লেপেটাঁ ঠিকেই আহি আছেনে! সি
ৰবাত অসুস্থ হৈ পৰা
নাইতো! কোনো সময়ত তেওঁ নিজকে প্ৰবোধো দিয়ে— ক্লেপেটাঁ আহিব
, ঠিকেই আহিব। তাৰ সতে মলেঁয়াৰ মৰম আছে। তাৰ সতে
তেওঁৰ আশীৰ্ৱাদ আছে। মৰম আৰু আশীৰ্ৱাদৰ সমান মহৌষধ আন কি আছে!

বাহাল তবিয়তে ক্লেপেটাঁৰ আগমনে ষ্টেপানৰ মনৰ
উদ্বিগ্নতা আৰু অস্থিৰতা প্ৰশমিত কৰিলে। ক্লেপেটাঁৰ আগমন-বাৰ্তাটো মিষ্টাৰ ইগৰক
দিবলৈ বুলি ষ্টেপান ভিতৰৰ টেলিফোনটো ৰখা ঠাইলৈ গ
ল। মবাইল ফোনৰ ব্যৱহাৰত তেওঁ এতিয়াও অভ্যস্ত হোৱা নাই।

: আহিল বুজিছা।— ষ্টেপানে সানন্দে কলে।

: তোমাৰ চিন্তাৰ ওৰ পৰিল!— ফোনৰ ইটো পাৰত মিষ্টাৰ
ইগৰে হাঁহিলে।

: ঠিক কৈছা।— ষ্টেপানেও হাঁহিলে।

: মই গৈ আছোঁ ৰবা।— মিষ্টাৰ ইগৰে কলে।

: আহাঁ…। 

মিষ্টাৰ ইগৰৰ সতে কথা পাতি বাহিৰলৈ ওলাই অহাৰ
লগে লগে ষ্টেপানৰ চকুত পৰিল মাৰ্ক
আৰু ডেনিকা আহি
চোতালত চাইকেলৰ পৰা নামিছেহি। চাইকেলখন ৰখায়েই মাৰ্ক
মাছ খোৱাত মগন ক্লেপেটাঁৰ ওচৰ পাই কলে— তই আহি পালিহি!ডেনিকাও কাষ চাপি
আহিল। ককায়েক-ভনীয়েকে ক্লেপেটাঁক ওচৰৰ পৰা নিৰীক্ষণ কৰিলে।

: ইয়াক আগতকৈ খীণোৱা যেন দেখিছোঁ।— ক্লেপেটাঁলৈ
আঙুলিয়াই ডেনিকাই ক
লে।

: হাজাৰ হাজাৰ কিলোমিটাৰ উৰি উৰি আহিছে; গতিকে খীণাবই।— মাৰ্কই কলে।

: বয়সো হৈছেতো!— ডেনিকাই কলে।

: সকলোৰে বয়স বাঢ়ে।— মাৰ্কই কলে।

: মোৰ কিন্তু নাবাঢ়ে দেই! মই সদায় সৰু হৈ
থাকিম।— কথাষাৰ কৈ ককায়েকলৈ চাই ডেনিকাই হাঁহিলে।

বাৰাণ্ডাত বহি ষ্টেপানে ককায়েক-ভনীয়েকৰ
গতি-বিধি লক্ষ্য কৰি থাকিল। দুয়ো ক্লেপেটাঁ আৰু মলেঁয়াৰ কাষত কিছুপৰ কটাই বাৰাণ্ডাত
উঠিলহি।

: ডেনিকা, বহুদিনৰ মূৰত দেখিছোঁ তোমাক।— ষ্টেপানে কলে।

: ক্লেপেটাঁও বহুদিনৰ মূৰত আহিছে!— ডেনিকাই হাঁহি
হাঁহি ক
লে।

: তই কিবা অতিথি চৰাই নেকি?— মাৰ্কই ভনীয়েকক উভতি ধৰিলে।

: ডেনিকা পাখিবিহীন পখী!— কথাষাৰ কৈ ষ্টেপানে
হাঁহিলে।

: চৰাই হোৱাই ভাল ন!— ডেনিকাই ষ্টেপানৰ সমৰ্থন
বিচাৰিলে।

: কিয়?— মাৰ্কই সোধে।

: লৈ মন যায় তালৈকে উৰি যাব পাৰি।— ডেনিকাৰ সৰল উত্তৰ।

: চৰাইৰ জীৱনো কিন্তু কষ্টকৰ।— ষ্টেপানে কলে।

: ক্লেপেটাঁ কিমান দূৰ উৰি উৰি ইয়ালৈ অহা-যোৱা
কৰিব লাগে দেখা নাই!— মাৰ্ক
ই সংযোগ কৰিলে।

: ব বাৰু দে, তোৰ কথাই সঁচা।—
ডেনিকাই ককায়েকক ভেঙুচালি কৰি দেখুৱালে।

ককায়েক-ভনীয়েকৰ অমল ধেমালি দেখি ষ্টেপান সুখী
ল। অৱশ্যে ভিতৰি এক
দুখবোধেও চুই গ
ল। তেওঁৰ
নাতি-পুতিও যদি কাষত থাকিলহেঁতেন
, ঘৰখন আজি মুখৰ হৈ
থাকিলহেঁতেন। হাঁহিৰ ৰ
দ সিঁচৰতি হলহেঁতেন! পাছ মুহূৰ্ততে কিন্তু তেওঁ নিজকে
প্ৰবোধ দিলে— নাতি-পুতি কাষত নাই বাবেই তেওঁৰ ওচৰলৈ মলেঁয়া আৰু ক্লেপেটাঁ আহিল!

পদূলিত গাড়ী এখন ৰলহি। দুৱাৰ থেলি নামি আহিল মিষ্টাৰ ইগৰ। তেওঁক
নমাই থৈয়ে গাড়ীখন গ
লগৈ। হাতত
পলিথিনৰ থোঙা এটাত কিবা সামগ্ৰী ভৰাই আনিছে মিষ্টাৰ ইগৰে। কি আনিছে সেয়া
বাৰাণ্ডাৰ পৰা ষ্টেপানে ধৰিব পৰা নাই। … মিষ্টাৰ ইগৰ আহি চোতালত থিয় দি পাখি
কটালি থকা ক্লেপেটাঁ আৰু মলেঁয়ালৈ অলপপৰ চালে আৰু তাহাঁতলৈ চাই চায়েই বাৰাণ্ডাত
উঠিলহি।

: বাহ্, ককায়েক-ভনীয়েকচোন মোতকৈ আগতেই আহি হাজিৰ হলহি!— ডেনিকালৈ চাই হাঁহিলে মিষ্টাৰ ইগৰে।

: আমাক কিন্তু ক্লেপেটাঁ অহা বুলি কোনেও খবৰ
দিয়া নাই। নিজেহে আহিছোঁ দেই!— ডেনিকায়ো ৰগৰ কৰিলে।

: খবৰ দিছে বাবে মই মিঠাই লৈ আহিছোঁ!

মিষ্টাৰ ইগৰে হাতত লৈ অহা কলা পলিথিনৰ থোঙাটো ডেনিকাৰ হাতত দিলে। তাই বৰ
আগ্ৰহেৰে সেইটো ল
লে আৰু লগে লগে খুলি
চালে।

: ইহ্ এইবোৰচোন মিঠাই নহয়; পাচলিহে।— তাইৰ মাতটো অলপ ডাঙৰকৈয়ে ওলাল।

: কি পাচলি?— ষ্টেপানে হাঁহি হাঁহি সুধিলে।

: লেটুচ অলপ কৰিছিলোঁ। তাৰেই দুজোপা তোমালৈ বুলি
লৈ আহিছোঁ।— মিষ্টাৰ ইগৰে চকী এখনত বহি ক
লে।

: চৰায়ে যদি খেতি কৰিব পাৰিলেহেঁতেন!— ডেনিকাৰ
ভাৱনা।

: চৰায়ে খেতি কৰিলে সাধুকথাতহে কৰিব।— ষ্টেপানে
লে।

: আমি হোৱাইট ষ্টৰ্ক আৰু শিয়ালৰ সাধুটো পঢ়িছোঁ।
তাত অৱশ্যে খেতিৰ কথা নাই
; বন্ধু পতাৰ কথাহে
আছে।

: ষ্টৰ্কৰ কেৱল সাধুৱেই নাই; বাস্তৱতো ষ্টৰ্কৰ নামেৰে ঠাইৰ নাম আছে।—
ষ্টেপানে ক
লে।

: হয় নেকি?— মাৰ্কই সুধিলে।

: হয়।— মিষ্টাৰ ইগৰে মত দিলে।

: ইংলেণ্ডৰ ষ্টৰিংটন চহৰৰ নাম শুনিছা?— ষ্টেপানে সুধিলে।

: নাই শুনা।— ডেনিকাই মাত লগালে।

: দ্বাদশ শতিকাত নেপৰ পৰা মাত্ৰ সাত মাইল দূৰৈৰ
পশ্চিম ছাচেক্সৰ ষ্ট’ৰিংটন চহৰখনক পুৰণি ইংৰাজীত ‘ষ্টৰ্কটন’ বা ‘ষ্ট’ৰকেটান’ বুলি জনা
গৈছিল। ইয়াৰ অৰ্থ কি জানা
?— ষ্টেপানে সুধিলে।

: আপুনি কলেহে জানিম।— ডেনিকাই উভতি ধৰিলে।

: ইয়াৰ অৰ্থ হৈছে ‘ষ্টৰ্কৰ সৈতে ঘৰ’। এতিয়াও
চহৰখনৰ ফলকত এযোৰ ষ্টৰ্কৰ প্ৰতীক চিহ্নিত কৰা অৱস্থাত আছে। চাৰিওফালৰ গ্ৰাম্য
অঞ্চলৰ পৰম্পৰাগত চৰণীয়া পথাৰ আৰু জলাশয়ে ষ্ট’ৰিংটনত ষ্টৰ্কক উপযুক্ত খাদ্যৰ
পৰিৱেশ প্ৰদান কৰিছে। আজি ওচৰৰ পালব’ৰ’ ব্ৰুকছৰ আৰ এছ পি বি স্থানত জলাশয়ৰ চৰাইৰ
বাবে কিছুমান আচৰিত বাসস্থান সংৰক্ষণ কৰা হৈছে আৰু ইয়াত নেপৰ হোৱাইট ষ্টৰ্কক
প্ৰায়ে খাদ্য বিচাৰি থকা দেখা যায়।— ষ্টেপানে দীঘলীয়াকৈ ক
লে।

: ছাচেক্সৰ অন্যান্য স্থানৰ নামতো ষ্টৰ্কৰ নাম
সাঙোৰা হৈছে। যেনে— ‘ষ্টৰউড’
, এসময়ৰ হেনফিল্ডৰ
ওচৰৰ অৰেহাম কমনৰ পূব মূৰৰ সৈতে সংলগ্ন সৰু ফাৰ্ম আৰু পেভেনচি লেভেলছৰ প্ৰান্তৰ
ৱাৰ্টলিঙত ‘ষ্টৰগেলণ্ড’।— এইবাৰ মিষ্টাৰ ইগৰে সংযোগ কৰিলে।

আচলতে হোৱাইট ষ্টৰ্ক বহুতৰে বাবে এক প্ৰেৰণাদায়ক
চৰাই। ই বিশেষকৈ ইউৰোপ
, ৰাছিয়া, আফ্ৰিকা আৰু এছিয়াৰ মানুহক একত্ৰিত কৰা চৰাই।
হোৱাইট ষ্টৰ্ক হৈছে ইউক্ৰেইনৰ অঘোষিত জাতীয় চৰাই আৰু ই শান্তি আৰু মানৱীয়
প্ৰচেষ্টাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতীকস্বৰূপ। বিশেষকৈ গ্ৰাম্য অঞ্চল আৰু কৃষিভূমি
অঞ্চলত ৰাছিয়া আৰু ইউক্ৰেইনৰ মানুহক একত্ৰিত কৰা চৰাই হ’ল হোৱাইট ষ্টৰ্ক
, য’ত এই চৰাইবোৰ মানুহৰ লগত ঘনিষ্ঠভাৱে জড়িত হৈ
থাকে
, বিশেষকৈ গাঁৱত আৰু
খেতিপথাৰত।

পূব ইউৰোপ এই প্ৰজাতিটোৰ দুৰ্গ– পোলেণ্ড,
বেলাৰুছ, লিথুৱেনিয়া, লাটভিয়া, ৰোমানিয়া, হাংগেৰী আৰু বুলগেৰিয়া আটাইবোৰৰ ভিতৰতে যথেষ্ট
জনসংখ্যা আছে। ভাল খবৰটো হ
ল হলেণ্ড,
বেলজিয়াম, ছুইজাৰলেণ্ড, ছুইডেন আৰু এতিয়া ইংলেণ্ডত সংৰক্ষণ আৰু পুনৰ
প্ৰৱৰ্তন কাৰ্যসূচীৰ ফলত পূৰ্বতে প্ৰজনন কৰা অঞ্চলত বগা ষ্টৰ্কে পুনৰ প্ৰজনন আৰম্ভ
কৰিছে। চীনত প্ৰাচ্যৰ বগা ষ্টৰ্কৰ বাবে এশ পোন্ধৰটা কৃত্ৰিম বাহ নিৰ্মাণ কৰা হৈছে
,
যিটো অগ্ৰগতিৰ প্ৰকৃত
লক্ষণ।

: সকলো আড্ডাত মচগুল!

লুকা কভাকে কলে। লুকানো
কেতিয়া আহি বাৰাণ্ডা পালেহি কোনেও গমকে নাপালে। মাতটো শুনিহে সকলোৱে তেওঁৰ ফালে
চালে। লুকাৰ ওঁঠত হাঁহি আৰু হাতত এটা টোপোলা।

: এয়া মিঠাই আনিছোঁ। ক্লেপেটাঁৰ পুনৰ আগমনৰ
আনন্দত আজি মিঠাই খাম।— লুকাই পুনৰ ক
লে।

: বঢ়িয়া। এতিয়াহে মোৰ মনটো ভাল লাগিছে!—
ডেনিকাই ফূৰ্তিতে ক
লে।

: ক্লেপেটাঁ আহিল বুলি কেনেকৈ খবৰ পালা?— ষ্টেপান আচৰিত হল।

: ইগৰ আংকলে ফোনত কলে।— মিষ্টাৰ ইগৰলৈ চাই লুকাই কলে।

ষ্টেপানৰ বাৰাণ্ডাত ক্লেপেটাঁৰ পুনৰ আগমনৰ
আনন্দ। চোতালত দুটি পখীৰ পুনৰ মিলনৰ মধুৰ মুহূৰ্ত। সকলোৰে বাবে প্ৰতিটো দিনেই
এনেদৰে আনন্দমধুৰ হোৱাহ
লে!

(আগলৈ)