নাইন্‌টি ছিক্স

নৱজিৎ চেলেং

 

ষাঠিলৈ
মাজত তিনিটা বছৰ বাকী ফুলমাৰ। বাইছ
, তেইছ, চৌবিছ। হয়, পুৰাপুৰি তিনি বছৰ।
ফুলমাই হাতৰ আঙুলিত লিখি চালে- “দুহেজাৰ বাইছ
, দুহেজাৰ তেইছ,
দুহেজাৰ চৌবিছ।”

দুহেজাৰ
চৌবিছত ফুলমায়ে অ
সৰ পাব। চৰকাৰী অসৰ।
-“যোৱা ফেব্ৰুৱা
ৰিত জইন কৰিছিলোঁহে।
যাবৰে হ
ব দেখোন!” ফুলমায়ে ভাবি ভাবি বাগৰ সলালে। তাই শুই
থকা বিছনাখনৰ কেৰ্ মেৰ্ শব্দটোৱে ৰাতিটোক টোপনিৰ পৰা জগাব নোৱাৰিলে।- “এই
ৰাতিবোৰৰে ভাল। নিজে সাৰ নোপোৱালৈকে কোনেও জগাব নোৱাৰে। কোনো কথাই টোপনি কাঢ়ি নিব
নোৱাৰে।” ফুলমাই এবাৰ ভাবিলে। -“মোৰহে ভালকৈ শোৱা নহ

কাহানিও।” অত বছৰে সেই একেটা কথাকে ফুলমায়ে কিমানবাৰ ভাবিলে সেয়া তাইৰ উঁৱলি যোৱা
হিচাপৰ খাটাত ৰৈ নগ
ল। অথবা তাইই লিখিও নথলে। এনেকুৱা বহু কথাই ফুলমা শইকীয়াই হিচাপত নাৰাখিলে। লিখি নথলে যোৱা ত্ৰিছ বছৰত কিমানযোৰ হাৱাই ছেন্দেল ছিগিল ফুলমাৰ? অথবা কিমানবাৰ নিজৰ সমুখত নিজে কান্দিলে আৰু কান্দি কান্দি কিমানবাৰ
মানুহৰ আগত হাঁহি থাকিবলৈ চেষ্টা কৰিলে। নাই
, একোৱেই লিখি নথলে দেখোন ফুলমায়ে। ফেব্ৰুৱাৰি মাহত চৰকাৰী অৰ্ডাৰটো
ওলোৱাতহে ফুলমাই তলিফুটা পেৰাটোলৈ চালে-
তেনেই উদং। ধুলি
এটাও নাই!”


°°° 

নাইন্‌টি
ছিক্স”।

আচলতে নাইন্‌টি
ছিক্সৰ হিচাপটোৱে ফুলমাৰ জীৱনৰ পৰা আন বহু হিচাপ নোহোৱা কৰি দিলে। -“নাইন্‌টি
ছিক্স
,
নাইন্‌টি ছেভেন, নাইন্‌টি এইট… টু থাউজেণ্ড ওৱান, টু থাউজেণ্ড…”। হিচাপ কৰি কৰি সেইখিনিতে ফুলমা ক্ষন্তেক ৰয়। খোজকাঢ়ি গৈ থাকোঁতে ছিগোঁ ছিগোঁকৈ থকা ছেন্দেলৰ ফিটাডাল এনেয়ে এবাৰ চাবলৈ ৰোৱাৰ দৰে ৰৈ গল ফুলমা। – “টু থাউজেণ্ড টু-ৰ পৰা টু থাউজেণ্ড থ্ৰী-লৈ ওঠৰশকৈ ওঠৰ মাহত মুঠ বত্ৰিছ হাজাৰ চাৰিশ।”
এতিয়ালৈ পুৰাতন হোৱা হিচাপটো এনেকৈ
, মাজে মাজে কৰি চায়
তাই। তাৰ পাছত ফিটাডাল চাই “আৰু দুদিনমান যাব” বুলি ভবাৰ দৰে আকৌ আগবাঢ়ে। –
টু থাউজেণ্ড ফ, টু থাউজেণ্ড
ফাইব
…”

সুদীৰ্ঘ
সোতৰ বছৰ।

সোতৰ
বছৰৰ পাছত ফুলমা আকৌ ৰৈ গ
ল। এইবাৰ পিছে নতুনকৈ পিন্ধা ছেণ্ডেলৰ ফিটাই কটা ভৰিৰ চেকচেকনি যেন ভাব এটাইহে ৰখাই দিয়ে ফুলমাক- “টু থাউজেণ্ড
টুৱেণ্টি ৱান।”
 

অৱশেষত
ফুলমাৰ নোহোৱা চাকৰিটো হ
ল। চৰকাৰে ফুলমা শইকীয়াৰ নামটো প্ৰাইমেৰী
স্কুলৰ টিউটৰ হিচাপে ঘোষণাত ঠাই দিলে। তাইৰ মাকে হুমুনিয়াহ ছাৰিলে- “অতযুগে বাতি কৰা হ
লে সূতা গৈ শদিয়াৰ পৰা ধুবুৰী পালেগেহেঁতেন!” ভায়েকৰ
অলপ ফূৰ্তি লাগিল।

-“হওক
তেও, তোৰ কষ্টখিনি অথলে নগ
ল!” মনে মনে হয়তো ভাবিলে- মোৰো
সংসাৰখন এপদলে বাচিল।”  ফুলমাই পিছে একো
নক
লে। কেতিয়াবাই শেষ হৈ যোৱা ভাল লগা বেয়া লগাবোৰৰ আঁত বিচাৰি
নোপোৱা অসহায় মানুহৰ দৰে তাই উঠিলে
, বহিলে, শুলে আৰু ওলায়ো গল।

 -“
বুলিলেইনো ক
ৰ হৈ যায় কামবোৰ!” শাড়ীখনৰ ছিগি যোৱা ফলচ্-টো ছিলাই থাকোঁতে ফুলমাই ভাবিলে। 

হাতলৈ পইচা অহালৈকে আৰু বা কিমানখন শাড়ীৰ ফলচ্ ছিগে
কোনে জানে।” শাড়ীনো কেইখন ফুলমাৰ। এশটকীয়া
ছেলচ্’-ৰ পৰা কিনা কেইখনেৰেই চলি আছে। আগতে পিন্ধাৰ চখ
আছিল। পিন্ধিছিলেও এখন নে দুখন ভাল শাড়ী। পাছলৈ সেইকিখনো বাকচতহে সোমাল। বিয়া দিয়া
নীয়েককেইজনী আহিলে কেতিয়াবা উলিয়াই
পিন্ধে। আজিকালি গধুৰ কাপোৰ সামৰিবলৈ টান পায় ফুলমায়ে। তাতে বিয়াই-সবাহে ওলাবলৈ
এৰাৰ পৰা আৰু নলগা হ
ল সেইবোৰ। 

বিয়া
ঘৰলৈ যোৱা মানে দুখনকৈ টান প্ৰশ্নকাকতৰ উত্তৰ লিখাহে। এখন চাকৰিৰ। আনখন নিজৰ
বিয়াৰ। তাই কেতিয়াবাতে সেইবোৰলৈ পিঠি দিলে। এতিয়া আৰু মনেও নকয় দেহায়ো নেটানে।

এইকেইদিন ফুলমাৰ ফাপৰ ওলাই গৈছে। দৰমহাৰ কাৰণে ট্ৰেজাৰী অফিচলৈ তাঁত বাতি কৰি
কৰি। ব্লকলৈও কূটা উনিওৱাদি উনিয়াব লগা হৈছে। ইফালে হাতত পইচা এটা নাই। অ
ৰ যোৰা তত মাৰি, ৰ যোৰা তত মাৰি গৈছেহে গৈছে কাম পিছে একে ঠাইতে
ফচি আছে। নহয়হে নহয়। সঁচা কথা ক
বলৈ গলে
কোনোবা সময়ত তাইৰ এনে লাগিছে –
চাকৰিটো নোহোৱা হলেই ভাল আছিল। মাথা মাৰিবলেও নাই, দেহা পানী কৰিবলেও নাই।” ভায়েকটোৱেনো আৰু
কিমান যোগাৰ কৰি দিব। মিস্ত্ৰীৰ লগত যোগালি কৰি পোৱা টকাকিটাহে। ইফালে মহামাৰীৰ
নামত বজাৰত বস্তুৰ জুই-ছাই দাম। গাড়ীত উঠি পাঁচমাইল গ
লেও
এতিয়া পঞ্চাশ টকা। পৰাপক্ষত ফুলমাই খোজেই কাঢ়ে। পোতনি এবাটি খাই
, ছাতিটো আৰু পানীৰ বটলটো লৈ পুৱাই ওলাই যায়। সন্ধ্যা লাগি ভগাৰ পাছতহে ঘৰ
সোমায়হি। মাকে চে
নি অকণমান বেছিকে দি বনাই দিয়া ফিকা চাহৰ
গিলাচটো ওঁঠত লগাৰ আগতেই তাইক ভাগৰে শুহি থ
ব খোজে। দিনৰ
দিনটো বটলৰ পানী আৰু সেপ খোৱা পেটৰ পৰা ডিঙিলৈ উজাই আহে টেঙাপানীৰ গোন্ধ। ঘৰ
সোমোৱাৰ পাছত ফুলমাই প্ৰায়ে বমি কৰে। বমিৰ নামত সোঁতাই সোঁতাই পানী মাত্ৰ। এনেকুৱা
লাগে যেন ভিতৰত এগালমান গেলা-পঁচাহে জমা হৈ আছে। মাকে পাণ এটুকুৰাত নিমখ মেৰিয়াই “হোঁ
, এইকণ খাই দেচোন, ভাল পাবি” বুলি
কওঁতে তাইৰ অ
শ চকুহালে মাকলৈ তধা লাগি চায়। গধূলিৰ মায়াই বন্দী কৰা এহাল ঘোলা চকুৱে ফুলমাৰ গভীৰত খুটিয়াই ফুৰে

-“এনেকে আৰু কিমান দিন অমা ফুল?” মাকে লৰালৰিকৈ গৰম ভাত এটেপা বাঢ়ি ফুলমাক খাবলৈ দি কাষতে বহে।
ভল্টেজ নোহোৱা চৰকাৰী লাইটৰ পোহৰত কাঁহীৰ দাঁতিত থকা নিমখকণ বিচাৰোঁতে মাকৰ অকণমান
সময় লাগে। পুৰ
ণি ভিটামিনৰ বটলটোৰ মুখত বিশেষ কায়দাৰে আঙুলিটো
হেঁচি মিঠাতেলকণ বাকী থাকোঁতে হুমুনিয়াহ ছাৰে মাকে -“দাইলৰ পানী অকণ দিবলেও এইকিদিন
দাইলৰ মুখেই দেখা নাই!” তাই পাকঘৰৰ মজিয়াৰ পাতল ওখোৰা-মোখোৰাত বহি বাজি থকা
অসহায় মাত এটাৰ বাহিৰে আন একো নুশুনে। অলপ প্ৰাৰ্থনাৰ দৰে। অলপ অভিযোগৰ দৰে।
 

তাই
বিছনাত পৰি গুনা-গঁথা কৰে –
কাইলৈ কিমান টকা ভাঙিব লগা হয়বা।
পাঁচশ টকাৰ নোটখন লৈ গ
লেও কোনোবা দিনা ঘৰলৈ ঘূৰি আহোঁতে ধূপ
এপেকেট আনিবলৈও নাটেগৈ। অ
ত দিয়া ত
দিয়াতে শেষ হৈ যায়।” কেইবাদিনো ধৰি ধূপ নজ্বলোৱাকৈয়ে মাক থাপনাৰ সমুখত বহিছে। পুৱা
এবাৰ, গধূলি এবাৰ। ত্ৰিবস্ত্ৰ পিন্ধি প্ৰাৰ্থনা কৰিছে- “পৰভু মুখৰ মাতষাৰৰ বাহিৰে
তোমাক দিবলে একোৱেই নাই। ছোৱালীজনীলে চকু মেলি চাবা।”

ফুলমাই
প্ৰাৰ্থনা কৰিবলৈ কাহানিবাই বাদ দিলে -“কি নো পাব লগা আছে মোৰ। কি নো হেৰুৱাবলৈ
বাকী আছে আৰু।” আশা নাথাকিলে
, ভয় নাথাকিলে, প্ৰাৰ্থনাৰ
কি প্ৰয়োজন। তাই বুজে। ফুলমাক জীৱনে বহু শিকালে। জীৱনটো ইমানো সৰল নহয়। -“সৰল
লেনো শিকিবলৈ কি থাকিব?”। তাই
কেতিয়াবা নিজকে বুজোৱাৰ দৰে ভাবে। এই ভাবে ফুলমাক নিজৰ থেতেলা-বেঙেনা খুওৱা
জীৱনটোৰ ওচৰতো গদগদ কৰি পেলায়।

সিদিনাৰ
ঘটনাটোৱে ফুলমাক মাজে মাজে আমনি কৰি থাকে। বৰ লাজত পৰিল সেইদিনা তাই। –
নীজোঁৱাই হলেও আত্মসন্মান বুলি কথা এটা আছে দেচোন।”
ফুলমাৰ কথা শুনি ভ
নীয়েকে একো নকলে।
হয়তো ভ
নীয়েকে বুজে বায়েকৰ কথা। কেৱল স্বাভিমানটো হাতত লৈয়ে
বাচি থকা বায়েকে যে কাকো কিবা এটা লাগে বুলি নোকোৱাকৈয়ে জীৱনটো পাৰ কৰিলে সেই কথা
জানে ভ
নীয়েকে। আৰু এতিয়া এই বয়সত। জানে বাবেই আহিবৰ সময়ত ভনীয়েকে তাইৰ বেগত টকা তিনিশ ভৰাই দিছিল। সেই সময়তো “নেলাগে, মোৰ আছেই” বুলি কৈ থকা ফুলমাই জানিছিল সেই টকাকিটা নললে তাই ঘৰ গৈ পোৱাটোৱে মস্কিল হব। হাতত ফুটাকড়ি
এটাও নাছিল ফুলমাৰ। ইটো অফিচৰ পৰা সিটো অফিচলৈ ঘূৰোঁতেই শেষ। বাৰুকে কি হ
ব কি নহব ভাবি চকটোত গাড়ীলৈ
ৰৈ থাকোঁতে প্ৰহ্লাদে পালে। প্ৰহ্লাদে তাইক নিজৰ বায়েকৰ দৰেই সন্মান কৰে। মৰম
কৰে। তায়ো প্ৰহ্লাদক জোঁৱাই বুলি ভবাতকৈ ভাই বুলি ভাবিহে ভাল পায়। কিন্তু এনেকৈ
হাতত পইচা নাই বুলি খুজিবলৈ কাৰ নো ভাল লাগে। তাই কিবা সৰু ছোৱালী নে
! প্ৰহ্লাদে “বলক বলক” বুলি
ঘৰলৈ নিবলৈ জোৰ কৰাত ফুলমাই এক প্ৰকাৰ ভালেই পালে- “ৰাতিটো যাওকচোন। ৰাতিপুৱা কি হয়
দেখা যাব।”

তাৰ পাছত
ফুলমা আৰু বেছি সাৱধান হ
ব লগা হৈছিল। খোজকঢ়াৰ বাট বঢ়াইছিল ফুলমাই।
-“বাইদেউ যাব নেকি
?” বুলি সোধা ট্ৰেকাৰ-টেম্পোলৈ পিঠি দিবলৈ
লে ফুলমায়ে। দণ্ডী ভগা ছাতিৰে মুখ ঢাকি ধৰিলে। অফিচত ৰৈ ৰৈ
আমনি লগা কোনোবাই “কিবা এটা খাই লওঁ
, ল” বুলি কলে ফুলমাই পেটলৈ হাতখন নিবলৈ ধৰিলে।

 -“কালিৰে পৰা পেটটো ফুলি আছে।
গেছে পাইছে হ
বলা” বুলি ভাও ধৰিলে। বেগত নিয়া পানীৰ বটল সলাই
আধা লিটাৰৰ পৰা এক লিটাৰ কৰিলে। উভতি আহোঁতে বাটৰ কাষত লাইট জ্বলি থকা দোকানবোৰলৈ চাবলৈ এৰিলে। -”চালেই কিবা এটা লৈ যাওঁ নেকি যেন ভাব হয় দেখোন!” অভাৱে পুতি পেলোৱা ঘৰখন চৰকাৰী লাইটৰ পোহৰতো আন্ধাৰে কাবু
কৰি থোৱা যেন লাগে তাইৰ। ঘৰৰ ভিতৰত কেবাহালো চকুৱে যে তাইলৈকে বাট চাই থাকে – “আজি
পোহৰ আহিব। কাইলে পোহৰ আহিব
।”

আৰু
এদিন পোহৰ আহিল।

তাই আজৰি পালেই টিপি টিপি চাই থকা বাটেৰেই সোমাই আহিল পোহৰ। শব্দ হৈ। জনজননি হৈ।
ফুলমাৰ গবা নোপোৱা অভাৱৰ মেৰটোত সোমালহি পোহৰ চিকুট। মেৰটোৰ সৰু একোণ ভৰি উঠিল। “কটং-কটং”
শব্দ কৰি তাইৰ ম
বাইলটো তিনিবাৰ বাজিল। ফুলমায়ে চশমা পিন্ধি খপজপকৈ খুলি চালে
মে
ছেজকিটা। অৰ্জুনে দেখা মাছৰ চকুটোৰ দৰেই ফুলমাই কেৱল সংখ্যাকিটাহে দেখিলে। দহ
হাজাৰ আঠ শ। দহ হাজাৰ আঠ শ। দহ হাজাৰ আঠ শ।- “মুঠ
মুঠবত্ৰিছ হাজাৰ চাৰিশ।” ফুলমাই হাঁহিলে। সেমেকা হাঁহি এটা। ফুলমাৰ চকুলৈ
পানী দু
সোঁতাও আহিল। যেন দুটা ধল। ফুলমাই দীঘলীয়াকৈ ধৰি থকা
উশাহ এখিনি বায়ুমণ্ডলত মেলি দিলে। পুনৰ বায়ুতে ছিটিকি পৰিল নিশাহখিনি। যন্ত্ৰ
ণাৰ বতাহ হৈ। স্বস্তিৰ ভাপ হৈ।

গধুলিতে
সোমোৱা পোহৰকণ ফুলমাৰ চকুত ৰাতিৰ ৰাতিটো লাগি থাকিল। আন্ধাৰ শূন্যইদি গৈ থকা
জোনাকী পৰুৱাটোৰ দৰে। নাই বুলি ভাবি অঁটাওঁতেই আকৌ দেখা সুখ হৈ। আছে বুলি ভাবি
থাকোঁতেই নোহোৱা হোৱাৰ দুখ হৈ। অভাৱৰ চানেকিখন মেলি ফুলমাই ৰাতিৰ ৰাতিটো জুপি জুপি
জোৰা-তাপলিৰ খনীয়া কাপোৰ এখন ব
লে। হিচাপৰ গৰকাত ভৰি থলে- “লাগিব-নালাগে, নালাগে-লাগিব।” মাকো মাৰিলে- “এইমাহত এইটো, অহামাহত সেইটো।” আৰু দুকোহালি মান বৈ উঠিয়ে গম পালে- এইখন কাপোৰেৰে নিজক অকণো ঢাকিব নোৱাৰিম দেখোন!” যদি তাই বন্ধকত থোৱা মাটি কিবিঘা খোলে তেন্তে
ঘৰটো মেৰামতি কৰিবলৈ নাটিব। যদি ভাই বোৱাৰীয়েকে গোটৰ পৰা লৈ দিয়া ধাৰখিনি
মাৰিবলৈ দিয়ে তেন্তে মাকক ভালকৈ এবাৰ ডাক্টৰল ওচৰত দেখুৱাব নোৱাৰেগৈ। 

ৰাতিৰ পাটীত ফুলমা
যশোৱা হয়

-“এআঙুলে নাটে!” এক আঙুলেই নাটেগৈ ফুলমাৰ। –মিছা এই
পোহৰ।” ফুলমাৰ তেনে লাগে।-” এইবোৰ চব ছলনাৰ দৰে। চালনীৰ দৰে। দেখোঁতে দ
ম যেন লাগে। সৰকি ৰয়গৈ একাঁজলি!”

পুৱা
সোনকালেই বিছনাৰ পৰা নামিল ফুলমা। ৰাতিৰ গৰম আৰু চিন্তাই দহি থকা গাটো তেনেই
এলাই-জাবৰি যেন লাগিল তাইৰ। হিচাপত ফেন এখন যোগ কৰাৰ কথা বহুবাৰেই ভাবিলে
ফুলমাই। আৰু বাৰে বাৰে বাদ পেলাব লগা হ
ল। দমকলৰ চেঁচা পানী
ঢালিহে তাইৰ দেহাটো অলপ
শাঁত পৰিল। চাহ খাবলৈ মনেই নকৰিলে তাই। মাকক চিধাচিধি –আছে যদি পোতনি এবাটিকে দে” বুলি কলে। তিনি কিলোমিটাৰ বাট খোজ কাঢ়িব লাগিব। এ.টি.এম.-ত  শাৰী পাতিবগৈ লাগিব। 

এপইণ্টমেণ্টখন পোৱাৰ পাছতে
বেংকত একাউণ্ট খুলিব লগা হৈছিল। লগতে এ.টি.এম. কাৰ্ড এখনো
উলিয়াইছিল। খোলোতেই পাছবুকত টকা এহেজাৰ থৈছিল। থ
ব লাগে
কাৰণেহে থৈছিল। ভাই বোৱাৰীয়েকে গোটৰ পৰা ধাৰ লৈ দিয়া এহেজাৰ টকা। সেইবোৰ মিলাই এতিয়ালৈ
গোটৰ ধাৰেই হ
বগৈ ভালেমান টকা। তাৰ পাছত আৰু বেংকৰ ফালে মূৰেই
কৰা হোৱা নাই তাইৰ। কিনো কৰিবগৈ। উলিয়াবলৈ সুমুৱাবলৈ থাকিলহে আহ-যাহ কৰে। তাতে
তাই এ.টি.এম.- চে. টি. এমৰ একো ভূ-ভা নাজানে। সৰুমইনাক সুধিলত সি ক
লে-“তাতে পইচা উলিওৱা মানুহ পাব নহয় তাৰে কোনোবা এজনক কলে কৰি দিব।” এতিয়া সেই কোনোবাজনকে ভৰসাটো কৰি ফুলমা ওলাইছে। বাকচৰ পৰা
উলিয়াই লৈছে ডাকত অহা পিন নম্বৰৰ কাগজখন। লেফাফা খোলাই হোৱা নাই। তাত গৈ সেইবোৰ
কৰি থাকিবলৈ দিগদাৰ হ
ব বুলি ভায়েকৰ হতুৱাই লেফাফাটো খোলালে
তাই। ভিতৰৰ নম্বৰটো ভায়েকেও কঁপা কঁপা হাতেৰেহে কাগজখনৰ মূৰটো ফালি উলিওৱা
দেখিলে ফুলমাই। আন এখন উকা কাগজত নম্বৰটো সেই একে কঁপা কঁপা হাতেৰে লিখিও দিলে।
নিজে নম্বৰটোও নাচালে ফুলমাই।- “সি মতা ল
ৰাটোৰে সেইখন
খোলোতে এই অৱস্থা যদি মইনো কোন কুটা!” তাই মনতে ভাবিলে। ভায়েককে যেনিবা লগত লৈ যায়েই কিন্তু যায়নো
কিহেৰে দুটাকৈ মানুহ। গাড়ী-মটৰ সোপাই বন্ধ কৰি থৈছে চৰকাৰে। অকলে গ
লে তেও চিনাকী মটৰ চাইকেলৱালা এটা দেখিলে তাই হাতখনকে দাঙি চাব পাৰিব। নিয়কেই
বা নিনিয়ক। সেইবুলিহে তাই অকলে যোৱাটোকে সিদ্ধান্ত কৰিছে। –
যা, যি হব দেখা যাব” ভাবেৰে
ঘৰৰ পৰা ওলাই আহিল ফুলমা।

 চোকা ৰদ।
হাই-উৰুমিবিহীন দীঘলীয়া বাট
, হাতৰ ছাতি, ডিঙি-কঁকালত
বিৰিঙি উঠা ঘামেৰে একাকাৰ হৈ ফুলমাই “কাৰোবাক পাওঁ নেকি” বুলি পিছলৈ চাই চাই
আধাবাট পাৰ কৰিলে। -“ডাবোল হৈ যোৱাহে চব!” এইমাত্ৰ পাৰ হৈ যোৱাখনৰ পিছৰ পৰা
সৰুমায়ে মাত লগাই গ
ল। ইংগিতেৰে কৈ গ
তায়ো যে বেংকলৈকে আহিছে। –
সৰুমাইৰে ভাল। পতককে কোনোবা এটাক
পাই যায়। মোৰহে সেই একাঙুলেই নাটেগে সদায়!” তাইৰ ভিতৰৰ পৰা ওলোৱা গৰম হাৱাকণ
বাহিৰৰ ৰ
দে ফটকে্ শুহি থলে। -“সিমান
ঘপকে এই অভাৱ-অনাটনবোৰ কিহবাই সামৰি লোৱা হ
লে আকৌ!”
তাই ভাবিলে। ভবাৰ দৰে কথাবোৰ যে সহজ নহয় সেই কথা তাই জানে। হোৱাহ
লে তাই আজি ডাঙৰ ডাঙৰ লৰা-ছোৱালীৰ মাক হৈ
থাকিলেহেঁতেন। হোৱাহ
লে তাই আজি নৰেন হাবিলদাৰৰ ঘৈণী হৈ ঘৰ
চম্ভালি থাকিলেহেঁতেন। হোৱাহ
লে আজি এনেকৈ অকলে অকলে দিকচৌ
বাট খোজ কাঢ়ি ঘূৰি ফুৰিব লগা নহ
লহেঁতেন। ভবা কথাবোৰ সঁচা
হোৱাটো ইমান সহজ নহয়। সেই কথা ফুলমাই ভালকৈ জানে। -“নভবা কথাবোৰ কিন্তু বৰ সহজেই ঘটি যায়!” তাইনো কোনদিনা ভাবিছিল বাপেকৰ বয়সৰ মানুহটোৰ লগত মানুহে তেনেকৈ ৰটনা
ৰটিব বুলি। কাণিয়া মাষ্টৰে জানো ভাবিছিল। নাভাবিলেওটো ঘটিল। বদনামীটো হ
ল তাই।

পিছফালৰ
পৰা ঘনাই বজা গাড়ীৰ হৰ্নটোৱে তাইক ক
লে- ফুলমা উভতি আহ। কামত লাগ।” ফুলমাই গাড়ীখনক ছাইড দিলে। আহিবলৈ এখনো গাড়ী
নাপায় যদিও চেণ্টাৰত গাড়ীৰ ভিৰ কম নহয়। আগৰ সমানেই। নিজৰ নিজৰ গাড়ী-মটৰ লৈ অহা
আহিছে যোৱা গৈছে। “কাৰ নো কাম কম!” তাই ভাবে। ভাবি ভাবি তাই চেণ্টাৰটোৰ চুকলৈ
থকা এ.টি.এম.-টোৰ সমুখ পায়গৈ। এ.টি.এম.-ৰ মুখত মানুহৰ দীঘলীয়া শাৰী। কাষৰ-পাঁজৰৰ
দোকান-ঘূ
ম্‌টি পাৰ হৈ মূল ৰাস্তালৈকে মানুহ। শাৰীটোৰ একেবাৰে
শেষত ফুলমা থিয় হ
লগৈ। ইফালে সিফালে চালে। তাইতকৈ কেইজনমান
মানুহৰ আগত সৰুমাই থিয় দি আছে। বেছি নহয়। দহ-পোন্ধৰজনমানৰ আগত। ক্ষন্তেক পাছতে
তাইৰ পিছতো আৰু মানুহে শাৰী পাতিলে। আগত মানুহ। পিছতো মানুহ। চিনাকী মুখৰ মানুহ।
অচিনাকী মুখৰ মানুহ। মাস্ক পিন্ধি থকা মানুহ। মাস্ক নিপিন্ধাকৈ থকা মানুহ। আগৰজন
মানুহৰ ঠাইকণ পোৱালৈকে এপৰ সময় লাগে। ৰ
দ। গৰম। ঘাম। ফুলমাই
চাদৰৰ আঁচলটো ওৰণি কৰি ল
লে। এনেকৈ কেৱল ৰদক নুচুবি বুলি কবলৈহে ওৰণি লব লগা হ
ফুলমাই সদায়। ওৰে জীৱন ওৰণি বুলি দেখোন মূৰৰ ওপৰত আকাশখন লৈ থাকোঁতেই গ
ল। ব্যক্তিগত, গুলুম বন্ধা আকাশখন। বৰষুণ শিৰৰ উকা সেওঁতাৰে পাৰ হৈ যোৱা নিজানৰ জুৰিহে
যেন ফুলমাৰ বাবে।

 ফুলমাৰ
প্ৰাত্যহিকতালৈ কথাবোৰ এনেকৈয়ে আহি থাকে। লেটাইটোত পকাই থকা সূতাডালেৰে মাৰ
কাঢ়োঁতে ৰৈ যোৱা ভাতটো হঠাৎ হাতৰ আঙুলি দুটাৰ মাজলৈ অহাৰ দৰে আহি থাকে। বাকীখিনি
সময়ত তাই পৰিস্কাৰ হৈয়ে থাকে। অত অভাৱেও টলাব পৰা নাই ফুলমাক।
 

শাৰীৰ
আগত ৰৈ থকা মানুহৰ পিছে পিছে ফুলমা আগবাঢ়ে।
চাদৰৰ আচলেৰে ঘাম মচি মচি
তাই ডিঙি মেলি আগলৈ চায়। আগত আৰু নজন আছে। “ৰক্ষা তেও।” এনেয়ে এবাৰ পিছলৈও
চায়। পিছতো ছজন আছে। মানে নাইন আৰু ছিক্সৰ মাজত ফুলমা শাৰীত ৰৈ থাকে। বেলি এতিয়াও
টগবগীয়া হৈ আছে। গৰম এতিয়াও বেজবেজীয়া হৈয়ে আছে। পিয়াহে এতিয়াও ডিঙি শুকুৱাই
শুকুৱাই নিয়ে আছে। বটলৰ পানীও শেষ। হ
লেও উপায় নাই। ফুলমা ৰব লাগিব। ৰবই লাগিব ফুলমা। টকাকিটা উলিওৱাটো খুব জৰুৰী
তাইৰৰ বাবে। গোটৰ সুত বাঢ়ি গৈছে। ঘৰৰ ছাল-বেৰৰ আয়ুস কমি গৈছে। দোকানৰ বাকী বাঢ়ি
গৈছে। বন্ধকত থোৱা মাটিৰ ধান আনে খাই আছে। বেমাৰী মাকৰ খোৱা-শোৱা কমি গৈছে। বৰ
জৰুৰী এই টকাকিটা ফুলমাৰ বাবে। এই টকাকেইটা তাইৰ বাবে ভৰা নদীৰ মাজত সাঁ
তুৰি সাঁতুৰি পাৰ বিচাৰোঁতে দেখা
টুলুং- ভুটুং নাও এখনৰ দৰে। –
কেনেবাকৈ পাৰ পালেগৈয়ে হল!” ফুলমাই পাগুলি থাকে।

 আগত এজন
মানুহ আছেগৈ আৰু। পিছত সম্ভৱতঃ ছজনেই। কান্ধত লোৱা বেগটো খুচৰি ৰুমালখন উলিয়ালে
ফুলমাই। মেৰিয়াই থোৱা ৰুমালখনৰ ভাঁজবোৰ খোলোঁতে তাইৰ হাত দুখন কঁপিল। বেছিকৈয়ে
কঁপিল। ক
তনো এনেকৈ পইচা উলিয়াই পাইছে তাই। ইফালে এ.টি.এম.-ৰ কাৰবাৰবোৰ বুজিও নাপায় তাই। সৰুমইনাই কোৱা কথাটোতে
হয়ভৰ দি আহিল হয়
, এতিয়া পিছে আগে-পিছে এজনো চিনাকি মানুহ নাই। “অচিনাকি মানুহেনো কৰ এইবোৰ কৰি দিব!” এ.টি.এম. কাৰ্ডখন হাতলৈ লৈ তাইই এইবাৰ ৰুমালখনেৰে কপালৰ
ঘাম মচিলে। বেছিকৈ ঘামিছে ফুলমা। সমুখৰ দুৱাৰখন এ.টি.এম.-ৰ নহৈ যেন যমৰ ঘৰৰহে।

নিজৰ
বুকুৰ ঢপঢপনিটোত হাত এখন দি ফুলমাই তাইৰ আগত ৰৈ থকা ল
ৰাটোৰ
পিঠিত আনখন হাত থ
লে। লৰাটোৱে ফুলমালৈ
ঘূৰি চালে। ল
ৰাটোৰ কপাললৈ পৰি থকা দীঘল চুলিখিনি টিকটিকিয়া
ৰঙা। এখন কাণত বন্দুকৰ গুলীৰ নিচিনা কাণফুলি এপাটো পিন্ধিছে। জলৌ-লৌৱা চোলাটোৰে
ঢাক খাই নথকা গলধনটোত তিনিটা তৰাও অঁকা আছে। ফুলমাই ল
ৰাটোলৈ
কিছু সময় তেনেকৈয়ে চাই থাকিল। তাইৰ মুখৰ মাত হৰিল। ল
ৰাটোৱেও
আচৰিত হৈ চালে ফুলমালৈ। ইতিমধ্যেই এ.টি.এম.-ত সোমাই থকা মানুহজন ওলাইছে। আৰু তাইৰ
আগত ৰৈ থকা ল
ৰাটোৱে থেলি দিছে এ.টি.এম.-ৰ দুৱাৰ। চেঁচা বতাহ
অকণ ফুলমাৰ বুকুলৈ খেদা মাৰি আহিল। ফুলমাও ল
ৰাটোৰ লগে লগেই
এ.টি.এম.-ৰ ভিতৰলৈ সোমাই গ
ল। লৰাটোৱে
পিছলৈ এবাৰ উলটি চালে। আৰু সেই সুবিধাতে তাই সেমেনা-সেমেনিকৈ কৈ পেলালে- “অ

ভাইটি। মই এইবোৰ একো নাজানো। আজিয়ে প্ৰথম সোমাইছোঁ ইয়াত। মোকো কৰি
দিব পাৰিবা নেকি
?” ফুলমাই কথাকিটা কৈ জোৰকৈ উশাহটো ললে। লৰাটোৱে এ.টি.এম.-ৰ বুটাম টিপি টিপি তাইলৈ
নোচোৱাকৈয়ে ক
লে- “ৰব বাইদেউ। মোৰটো
উলিয়াই লৈ আপোনাক কৰি দিম বাৰু।” ল
ৰাটোৰ কথাষাৰ শুনি তাইৰ
নিজৰ কাণৰ ওপৰতে বিশ্বাস নহ
ল। –ৰাটোক দেখি কিবোৰ যে ভাবিছিলোঁ। এতিয়া দেখোন সি ভালকৈয়ে কৈছে কথাকিটা।”
তাইৰ ভিতৰৰ কঁপনিটো অলপ কমিল। মনৰ জোৰটোও অলপমান বাঢ়িল। ল
ৰাটোৱে
তাইৰ ফালে তাৰ হাতখন আগ বঢ়ালে। ফুলমাই নিজৰ হাতৰ মুঠিত থোৱা কাৰ্ডখন এনেয়ে এবাৰ
চাদৰৰ আঁচলেৰে মচিলে। বুকুখনত কিবা এটাই ঢিপিংকৈ মাৰিলে তাইৰ। আকৌ এবাৰ
কঁপা হাতেৰেই তাই নিজৰ হাতৰ কাৰ্ডখন ল
ৰাটোৰ হাতত দিলে।
শব্দ নোহোৱাকৈ মনৰ ভিতৰতে ফুলমাই মাতি থাকিল – “কৃষ্ণ প্ৰভু
, কৃষ্ণ কৃষ্ণ কৃষ্ণ।”

 তাৰ পাছত
ৰাটো অকণমান সময় ৰল। ফুলমাৰ ভয়টো আকৌ অকণমান বাঢ়িল।
-“কৃষ্ণ কৃষ্ণ কৃষ্ণ।” ল
ৰাটোৱে কাৰ্ডখন মেছিনটোত
সুমুৱালে। কাৰ্ডখন সুমুৱাই ল
ৰাটো আকৌ অকণমান সময় ৰল। ফুলমাই বাঢ়ি অহা ভয়টোক ঈশ্বৰৰ নামত সঁপি একেথৰে মেছিনটোলৈকে চাই থাকিল।
ৰাটোৱে প্ৰথমতে দুটা নম্বৰ টিপিলে- “নাইন আৰু ছিক্স।”
ফুলমায়ে ৰুমালেৰে কপালৰ ঘাম মচিলে। ল
ৰাটোৱে ফুলমালৈ
নোচোৱাকৈয়ে ক
লে- “বাইদেউ, সোনকালে পিন
নম্বৰটো কওক।” ফুলমাৰ কঁপি থকা হাতৰ পৰা এ.টি.এম.-ৰ পকা মজিয়াত ৰুমালখন সৰি
পৰিল। ফুলমাই বেগ খুচৰি খপজপকৈ কাগজ টুকুৰা উলিয়ালে। আৰু চশমা নথকা চকুৰে জুপি
জুপি চাই ক
লে- “নাইন ছিক্স নাইন ছিক্স।” তাই নিজৰ
এ.টি.এম.-ৰ পিন নম্বৰটোও এয়ে প্ৰথমবাৰলৈ দেখিলে। “নাইন ছিক্স নাইন ছিক্স।”
কিবাকিবি কেইটামান টিপাৰ পাছত ল
ৰাটো ৰৈ গল। লৰাটোৱে অলপমান চাপৰি মেছিনটোৰ ফালে চাই কিবা
এটা ভুনভুনাই পঢ়িলে- “
The ATM has failed to read your card.”  ফুলমাই খালী চকুৰে একো নেদেখিলে
স্ক্ৰীণৰ পোহৰটোৰ বাহিৰে। ল
ৰাটোৱে কিনো ভুনভুনাই পঢ়িলে
সেয়াও নুশুনিলে ফুলমায়ে। ভেবা লাগি ফুলমাই ল
ৰাটোলৈকে চাই
থাকিল মাত্ৰ। ল
ৰাটোৱে এইবাৰ কাৰ্ডখন ফুলমালৈ আগবঢ়াই দি কলে- “বাইদেউ, আপোনাৰ কাৰ্ডটোত কিবা গণ্ডগোল হৈ আছে।
আপুনি এবাৰ বেংকলৈ গৈ সুধি চাব।”

 ৰাটোৱে
ফুলমাৰ হাতত কাৰ্ডখন দি এ.টি.এম.-ৰ দুৱাৰ খুলি ওলাই গ
ল।
চেঁচা চেঁচা বতাহৰ মাজতো গৰম হৈ উঠা শৰীৰটো লৈ ফুলমা কিছু সময় তাতে তভক মাৰি ৰ
ল। ইতিমধ্যে ফুলমাৰ পিছৰ মানুহজনে এ.টি.এম.-ৰ দুৱাৰ থেলি সোমাই আহিল।
মানুহজনে ফুলমালৈ কেৰাহিকৈ চালেও এবাৰ। ফুলমাই বুজিলে। আৰু দুৱাৰখন টানি বাহিৰলৈ
ওলাই আহিল তাই।

ফুলমাৰ
কপালত এতিয়াও ঘাম বিৰিঙি আছে। আক্ষেপ নে অসন্তুষ্টিত
, একো ধৰিব নোৱাৰাকৈ তাইৰ চকু দুটাও গৰম হৈ আহিল। বাহিৰত ভিৰ। –এনেকৈ কান্দিব নোৱাৰি।” ভিতৰত এজন মানুহহে আছে। –তালৈও
সোমাই যাব নোৱাৰি
৷” নিজক ঢাকি ৰখাৰ বাদে তাইৰ আৰু একো উপায়
নাই। সমুখৰ সকলো বস্তু ধোঁৱা ধোঁৱা দেখিলে ফুলমায়ে। যাগ এটাৰ পৰা ভাঁহি অহা ধোঁৱাৰ
দৰে। কিবা এটা বিচাৰি খপজপকৈ ফুলমাই বেগটো খুঁচৰিবলৈ ধৰিলে। আৰু হঠাৎ কিবা এটা মনত
পৰাৰ দৰে পিছলৈ উভতি  চালে।

 এ.টি.এম.-ৰ
ভিতৰৰ মজিয়াত ফুলমাৰ ৰুমালখন পৰি আহিছিল। পাতল গুলপীয়া ৰঙৰ ৰুমালখন। ফুলমাৰ মৰমৰ।
ফুলমাই ঘাম মচা। ফুলমাই চকুপানী মচাও। সেইখনলৈকে উভতি চাইছিল ফুলমাই। বুটলি
আনোগৈ বুলি ভাবিছিল। পিছে সেইখননো আৰু কি বুলি আনেগৈ তাই। এ.টি.এম.-ত সোমাই থকা
মানুহজনে নেদেখাকৈয়ে সেইখন জোতাৰে মোহাৰি পেলাইছিল!