অলকেশ কলিতা

 

মাটি, আজিৰ পৰা মোক নাম কাঢ়ি
নামাতিবা।

এইমাত্ৰ
এজাক ধাৰাসাৰ বৰষুণত মোৰ নামটো ধোৱা গৈছে। তেনেকৈয়ে

মই
তোমাত মিহলি হৈ গৈছোঁ।

উঁয়ে
খোৱা এচটা কামি।

পুনৰ
পোহৰ হ
বৰ বাবে

ঢেৰ
বীজ সিঁচি দিয়া হ
ব জানানে!

এক
পলকতে মই পাহৰি গৈছোঁ
, সৱ নেকি,

কি
পাহৰিছোঁ দুনাই মনত নপৰে।

মাটি, সৌৱা এজন সাৰ পোৱা মানুহ, কেঁকুৰিবোৰত নিশ্চিত

চাবাচোন
মই কি ৰাস্তা লওঁ!

হেজাৰ
চেষ্টা কৰিও পাহাৰেতো তাৰ উচ্চতা…

আৰু
কি ক
ম!

শ্যামে
এবাৰ মোক চুই দিছিল।

সেয়েহে, মাটিলৈ উভতি অহাৰ বাটত

মই
কিছুমান কঠিন শব্দ নষ্ট কৰি থৈ আহিব পাৰিছোঁ।

এই
বলকি থকাৰ অভ্যাসটোৰ বাবে

কিমান
যে ভুল হৈছিল!

মাটি, অলপো আমনি নকৰাকৈ মই তোমাত
বাস কৰিম।