ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰ

 

লাহে লাহে বেলিটো পূব আকাশত দুবেগেতমান
উঠিল৷

তেমেকাহঁতৰ পথাৰত আজি নৰাছিঙা৷ নৰাছিঙা
অনুষ্ঠানটো কৰিবৰ বাবে তেমেকাহঁতে প্ৰায় আধাবিঘা শালিখেতি ৰাখি থৈছিল৷ নৰাছিঙা
অনুষ্ঠানতে এখন ঘৰে বছৰটোৰ ধান দোৱা কাম শেষ কৰে৷ আজি তেমেকাহঁতৰ ঘৰৰ ধান দোৱা কাম
শেষ হ’ব৷

নৰাছিঙা অনুষ্ঠান গাঁওখনৰ প্ৰতিঘৰ
মানুহে বেলেগ বেলেগ দিনত পাতে যাতে সকলোৰে নৰাছিঙা অনুষ্ঠানত সকলোৱে যোগদান কৰিব
পাৰে৷ ফুটুকীহঁতৰ নৰাছিঙা পতা দিনটোতে পথাৰত তেমেকাহঁতৰ নৰাছিঙাৰ আজিৰ দিনটো ঠিক
কৰা হৈছিল৷ সেইমতে পৰহিয়েই তেমেকাই ঘৰে ঘৰে গৈ খবৰ দি আহিছিল নৰাছিঙা কামলৈ
আহিবলৈ৷

তেমেকাই দুটা লাওপানীৰ কলহ সিকিয়াত
বান্ধিলে৷ মাকে মঠিয়াৰ পৰা লাওপানী উলিয়াই ডাৰাণত ছাকি ডাৰাণটো ভৰ্তি হোৱাৰ লগে
লগেই তেমেকাই কলহ দুটাত বাকি দিবলৈ ধৰিলে৷ লাহে লাহে কলহ দুটা ভৰ্তি হ’ল৷ তেমেকাই
কলহ দুটাৰ মুখকেইখন কলপাতৰে সোপা দি সিকিয়াৰ জৰীৰে ভালদৰে বান্ধিলে আৰু কলহ দুটা
বাহিৰলৈ উলিয়াই আনি চোতালত থ’লে৷

ঘৰৰ ভিতৰত দুপৰীয়া ৰাইজক মদৰ লগত
খুৱাবলৈ খাজি ৰন্ধাৰ কাম চলি আছে৷ ইয়াত গুৰি ধৰিছে মালতীয়ে৷ ওচৰৰ দুজনী তিৰোতাও
কামত সহায় কৰি দিবলৈ আহি ইটো-সিটো কামত লাগি আছেহি৷

কেৰ্পাইক পদূলিৰে সোমাই অহা দেখা গ’ল৷
পথাৰলৈ বস্তু-বাহানি নিবৰ বাবে তেমেকাই তাক মাতি পঠিয়াইছিল৷

‘‘, তই আহি পালি?’’– কাষ আহি পোৱাৰ লগে লগে তেমেকাই কেৰ্পাইক মাত দিলে৷

‘‘অঁ, কামবো’ হৈছেগৈ না?”

‘‘হৈছে আউ৷ খাজি অন্ধা কাম হেখ¸ হ’লেই যাবা পাঈম৷ তই লাওপানী কলহ দুটা
হিকিয়া মাঈত বান্ধিবি যা৷’’

কেৰ্পাই কলহ দুটা সিকিয়াৰ মাৰিত বন্ধাৰ
কামত লাগিল৷ তেমেকাই ঘৰৰ ভিতৰত সোমাই খাজিৰ খবৰ কৰিলে৷ মালতীয়ে ইতিমধ্যে খাজিৰ চৰু
চৌকাৰ পৰা নমাই থৈছে৷ তেমেকাই এটা চৰিয়াত খাজিখিনি ঢালি দি চৰিয়াৰ মুখখন কলপাতেৰে
বন্ধ কৰি বান্ধিলে৷

লাওপানীৰ কলহ দুটা সিকিয়া মাৰিত বান্ধি
কেৰ্পাই আন এযোৰ সিকিয়া লৈ তেমেকাৰ কাষ চাপিল৷ সি এটা সিকিয়াত খাজিৰ চৰিয়াটো
বান্ধিলে আৰু আনটো সিকিয়াত কলপাতৰ টোপোলাটো বান্ধি সিকিয়া মাৰিত লগালে৷ তেমেকাই
মাকক ক’লে– ‘‘তন্তে ভাত-তঅকাঈ অন্ধা কামত লাগি থাক৷ আমি পথাঅলৈ গৈ থাকং৷ ব’ল
কেপাই৷’’

কেৰ্পায়ে লাওপানীৰ ভাৰখন আৰু তেমেকাই
কলপাত আৰু খাজিৰ ভাৰখন লৈ পথাৰলৈ যাবলৈ ধৰিলে৷

আকাশত এতিয়া তিনি বেগেতমান ওপৰলৈ
বেলিটো উঠিছে৷ তথাপি পুহ মাহৰ কুঁৱলিয়ে বেলিটোক সম্পূৰ্ণকৈ ওলাবলৈ দিয়া নাই৷
বেলিটোক কুঁৱলিৰ এখন আৱৰণে দেখিবলৈ জোন হেন কৰি ৰাখিছে৷

তেমেকা আৰু কেৰ্পায়ে ধান দাই থকা
পথাৰখন পোৱাৰ লগে লগে কেইজনমান ডেকাই কিৰিলি পাৰি উঠিল৷ লাওপানী আহি পোৱা দেখি
সিহঁতৰ মনত হয়তো আনন্দ লাগিছে৷ ৰাতিপুৱা বেলিটো পূব আকাশত এবেগেতমান উঠোঁতেই পথাৰত
হাজিৰ হৈ ডেকা-গাভৰুবোৰে ধান দাবলৈ লৈছিল৷ ডেকাবোৰে এতিয়া ধান দাবলৈ এৰি ডাঙৰী
বন্ধাত লাগিছে৷ গাভৰুকেইজনীয়েহে ধান দাই আছে৷ তেমেকা আৰু কেৰ্পায়ে কান্ধৰ ভাৰকেইখন
থোৱাৰ পাছতে ডেকাকেইজন সিহঁতৰ কাষ চাপি আহিল৷ এজনে তেমেকাক ক’লে– ‘‘বঅ পিয়াহ
লাগিছে৷ দে অলপ অলপ লাওপানী খাং৷ আহ ঐ গাভউ
¸হঁত/ তন্তেও আহ৷ তন্ত পিয়াহ লাগা নাই নাকি?’’

ডেকাবোৰ পথাৰৰ আলিত শাৰী পাতি বহিল৷
গাভৰুবোৰো কাষ চাপি আহি আলিত বহি ল’লে৷ ৰাতিপুৱাই তেমেকাই কলগছৰ টুকুৰা এটা আৰু
কেৰ্পায়ে একলহ পানী আনি ডেকা-গাভৰুবোৰক দি থৈ গৈছিল৷ ডেকাবোৰে সেই কলগছৰ টুকুৰাটোৰ
পৰা দনা সাজি থৈছে৷ কেৰ্পায়ে ডেকাবোৰৰ সন্মুখত একোটাকৈ দনা দি গ’ল৷ গাভৰুবোৰে
কিন্তু নিজেই একোটাকৈ দনা লৈ কলহটোৰ পৰা পানী ল’লে৷ গাভৰুবোৰৰ মাজত ফুটুকীও আছে৷
তাই আগ বাঢ়ি আহি সকলোৰে সন্মুখত কলপাত পাৰি গ’ল৷ তৰাদৈ নামৰ গাভৰু এজনীয়ে তাইলৈ
চাই মাত দিলে– ‘‘নিজ’ ঘঅ’ কাম যেতিয়া কামত লাগি যা৷”

‘‘এহ্‌ এইজনী/ ত’ মুখখন বঅ বেয়া অ৷ মুখত
যি আহে তাকে নক’বিচোন৷’’

‘‘হ’ব দে, হ’ব দে৷ কামত ধ’৷ তেমেকা কাকাই কষ্ট পাব নহয়!’’

তৰাদৈৰ কথাত গাভৰুবোৰে গিৰ্জনি পাৰি
হাঁহিলে৷

কেৰ্পায়ে ডেকাবোৰৰ দনাত লাওপানী ঢালি
দি দি আগ বাঢ়ি গ’ল৷ ফুটুকীয়ে ইতিমধ্যে পাৰি যোৱা কলপাতত তেমেকাই খাজি দিবলৈ
ধৰিলে৷ 

ডেকা-গাভৰুবোৰে নৰা ভাঙি দনা আৰু খাজিৰ
পাতবোৰ ৰাখিছে৷ সকলোৰে পাতত খাজি পৰাৰ পাছতে তেমেকাই সিহঁতলৈ চাই ক’লে– ‘‘এতিয়া
হকলোৱে খাবাহে লাগে৷’’

ডেকাবোৰে দনাৰ লাওপানী আৰু কলপাতত থকা
খাজি খাবলৈ ধৰিলে৷ খাজি হ’ল মুৰ্গী মাংসৰ তৰকাৰি৷ তেমেকাই গাভৰুবোৰলৈ চাই সুধিলে–
‘‘কোনোবাই লাওপানী খাব নাকি
?’’

‘‘নাই নাই৷’’– তৰাদৈয়ে লগে লগে মাত দিলে৷
‘‘আমি নাখাং৷ এই ফুটুকীয়ে খাব৷ তাক দে৷’’

‘‘ঐ জহনীত যাইতী! কি কথা কৈ আছ?’’– ফুটুকী জেকজেকাই উঠিল৷ ‘‘মই হ’বলা
লাওপানী খাং
? ম’ক কেতিয়াবা খোৱা দেখিছ?’’

ফুটুকীৰ খং দেখি গাভৰুবোৰে পুনৰ
গিৰ্জনি মাৰি হাঁহিলে৷ ডেকাবোৰৰো হাঁহি উঠিল৷

ডেকাবোৰৰ দনাবোৰ খালি হোৱা দেখি
কেৰ্পায়ে সিহঁতৰ দনাত পুনৰ লাওপানী ঢালি দিলে৷ দেৱৰাম নামৰ এজন ডেকাই তেমেকাক
সুধিলে– ‘‘তন্তে নাখাৱ নাকি
? খা৷’’

‘‘খাম খাম, তন্তে খাই লচোন৷’’

দুদনাকৈ লাওপানী খোৱাৰ পাছত ডেকাবোৰ
উঠিল কামত লাগিবলৈ৷ খাজি খাই গাভৰুবোৰো ধান দাবলৈ ওলাল৷ তেমেকাই কেৰ্পাইক ক’লে–
‘‘দে আমিও অলপ অলপ খাং৷’’

দুয়ো দনাত লাওপানী আৰু কলপাতত খাজি লৈ
খাবলৈ বহিল৷ হঠাতে ভদ্ৰেশ্বৰে ডাঙৰী বান্ধি বান্ধি গীত জুৰিলে–

‘‘আই চঅচতী          মাগং পৱেৱতী

               তোমালৈ বান্ধিলং অ’ বেল

আই চঅচতী              হোঁঅৱাই দিবা অ’

               যেনে মাথাত লোৱা তেল৷…”

ভদ্ৰেশ্বৰৰ গীত শেষ হোৱাৰ লগে লগে
বাপুকণে গালে–

            ‘‘লালুং হ’বা জান তই

            মদো খাবা জান তই

            হাজিব নাজান থলা

            দজী বটিয়া মাঈবা জান তই

            নিচিন বেজিএ জলা৷…” 

দুদনাকৈ লাওপানী খাই লোৱাৰ পাছত
ডেকাবোৰৰ গাত ৰিমজিম নিচাই বাহ পাতিছে৷ সিহঁতে কাটি থোৱা মুঠিবোৰৰ ডাঙৰী বন্ধা কাম
প্ৰায় শেষেই কৰিছে৷ ডেকাবোৰে বাংকা লৈ ডাঙৰী নিবলৈ ওলোৱাত তেমেকাও এডাল বাংকা লৈ
সিহঁতৰ লগত ওলাল৷ সি বাংকাডালৰ দুইমূৰে দুটা পাঁচ জাপীয়া ডাঙৰী খুঁচি লৈ কান্ধত
ল’লে আৰু ডেকাবোৰৰ লগত যাবলৈ ধৰিলে৷ কেৰ্পায়ে সিকিয়া
, সিকিয়া মাৰি আৰু খালি হোৱা পানীৰ কলহটো
লৈ তেমেকাহঁতৰ পিছে পিছে আগ বাঢ়িল৷

ঘৰ পায়েই চোতালত তেমেকাই ডাঙৰী দুটা থৈ
ডেকাবোৰকো ডাঙৰীবোৰ চোতালতে থ’বলৈ দিলে৷ ধান আজিহে কটা
, কেঁচা হৈ আছে৷ ডাঙৰীবোৰক দুদিনমান
চোতালতে পাতলকৈ থৈ ৰ’দাব লাগিব৷ ডেকাবোৰে ডাঙৰী থৈ পথাৰলৈ খোজ ল’লে পুনৰ ডাঙৰী
আনিবলৈ৷ তেমেকাই ভাত-তৰকাৰিৰ খবৰ কৰিলে– ভাত হৈছে
, তৰকাৰি অলপ পাছতে হ’ব৷

তেমেকাহঁতৰ ঘৰত কাতিয়া, মহীধৰকে ধৰি কেইজনমান বয়সিয়াল মানুহ
গোট খাই বাৰাণ্ডাত বহি লাওপানী আৰু খাজি খাবলৈ লৈছে৷ মানুহকেইজনক সোধপোছ কৰাত
লাগিছে ৰূপেশ্বৰ৷ ফুটুকীৰ দেউতাক বিহুৰামো মানুহকেইজনৰ মাজত আছে৷ তেমেকাই কাষতে
খুঁটা এটাত আওজি তেওঁলোকলৈ চাই ৰ’ল৷ ৰাইজৰ মাজত খেতি-বাতিৰ আলোচনা চলিছে৷ মহীধৰে
হঠাতে বগা বঙাল চৰকাৰৰ কথা উলিয়ালে– ‘‘এইবা’ বগা বঙাল’ মানুহ আক’ আহিব যেন পাং৷’’

‘‘কিয়া? আহি গ’লেই দেখোন৷’’– বিহুৰামে মাত দিলে৷

‘‘এ হিন্তে এবাএই আহিব না? বাএ বাএ আহিব৷ হিবা’ আহি মানুহবোঅ’
ঘঅবো’ হিচাপ কঈ গ’ল৷ এনেই হিচাপ লৈ গ’ল না
? কাঅণ নি(য় আছে৷ হিন্তে জংঘল’ বস্তুবোঅ’ ওপঅত ক’ লগাইছে৷ আমি জংঘল’
বাঁহ-কাঠ আনি ঘ’ হাজিছং৷ গতিকে ঘঅ’ বাবদ ক’ দিবা লাগিব৷ হেই তেতিয়া আহংতে হিন্তে
কা’ ঘঅত কি গছ আছে তাও হিচাপ লৈ গৈছে হেনো৷ মানে ইয়াতো ক’ লগাব৷ আগতে ঘঅত ক’ লগোৱা
বুলি হুনা নাছিলং৷ কিন্তু এতিয়া লগাব যেন পাইছং৷ হয়না নহয় কচোন৷’’

‘‘হয় হয়৷”– কাতিয়া বুঢ়াই মাত দিলে৷
“কিয়ানো নহয়
! এনেই বস্তুবোঅ’ হিচাপ লয় না? মই আউ এটা কথা হুনিছং৷ অহা-বেবেজিয়া ফালে কেতিয়াবাই মাটিত ক’ লগালে৷
এইবা’ আমা’ ফালে আহি কোনে কোনখিনি মাটিত খেতি কঈছে তাকো হিচাপ কঈব’৷ আউ
¸ হেইমতে খাজানা দিবা লাগিব৷ বোপাইহঁত! আকাশত কলীয়া ডাৱৰ৷ কিন্তু জানিবি দুষ্টৰো একাল হন্তও একাল৷ দিন হকলোএ হমানে
নাযায়৷’’

হেইটোতো হয়৷ কিন্তু হুনিছং এইবা’
পাণ-তামোলতো ক’ লগাব৷ গতিকে কা’ ঘঅত কেইডাল তামোল আউ পাণগছ আছে হিচাপ কঈবা আহিব৷”

‘‘হয় দেই৷’’– এইবাৰ ৰূপেশ্বৰে মাত দিলে৷
‘‘বঅ বেয়া দিন আহিল৷ ক’ পআ যে এই বগা বঙালবো’ আহিল আমা’ কপাল খাবলৈ
! আমি ইমান দিনে
কাক’কে ক’-কাটল নিদিয়াকে খেতি কঈ খাইছিলং
, বিল’ মাছ মাঈ খাইছিলং, জংঘল’ পআ বাঁহ-কাঠ আনি ঘ’-দুৱা’ হাজিছিলং৷ এতিয়া এইবিলাক হকলোতে ক’
দিবা লাগিলে আমি পেটত গামোচা বান্ধিবা লাগিব৷ পাণ-তামোলত ক’ লগাব খোজাটো হ’লে
একেবাএ ব’ বেয়া কাম হৈছে৷ হয় না নহয়
?’’

‘‘হয় হয়৷ পেটত গামোচা বান্ধা বাহিএ উপায়
নাথাকিবগৈ৷’’–মনেশ্বৰে অসন্তুটিৰে মাত দিলে ৷ ‘‘মই হ’লে ভাবিছং মাটিত ক’ লগালে
জংঘল’ মাজতহে খেতি কঈমগৈ৷ এনেকুৱা ঠাইত খেতি কঈম যাতে হিন্তে বিচাঈ নাপায়৷ বিচাঈ
পালেও কা খেতি একো নকং৷ ধানখিনি কাটি নিবাতো নোৱাএ৷ নিলেও নিব৷’’

‘‘তই ঠিক কথা কৈছ৷’’– মনেশ্বৰৰ কথাত
মহীধৰে সমৰ্থন জনালে৷ ‘‘এনেকুৱা কআই ভাল৷ ময়ো জংঘল’ মাজতহে খেতি কঈমগৈ৷ নাঙল-কো’
চব জংঘলতে আখিম৷ আউ
¸ ইয়াত
মুকলিকৈ থকা পথাবোঅ’ কোনে কোনখিনিত খেতি কএ নোকোৱাই ভাল৷ তেতিয়া হিন্তে ধঈব নোৱাঈ
ক’ ল’বা নোৱাঈব৷’’

‘‘ত’ ব’ বুদ্ধি আছে অ মহীধ’৷ এইটোকে কঈবা
লাগিব৷’’

‘‘হয় হয়৷ এইটোকে কঈবা লাগিব৷’’– সকলোৱে
একেমুখে মহীধৰৰ কথাক সমৰ্থন কৰিলে৷

‘‘কিন্তু এইবা’তো ক’ উঠাবা আিহবই৷’’–
মনেশ্বৰে পুনৰ মাত দিলে৷ ‘‘মাটি হিচাপে নহ’লেও নাঙলে পতি
, কোএ পতি৷ আইজে কি কঈবি? গছ-গছনিবোঅত ক’ ল’ম বুলি কোৱা নাই৷
এইবাঅলৈ বাচি যাম যেন লাগে৷ কিন্তু নাঙল
, কো’ আউ ঘঅ’ বাবদতো ক’ দিবাই লাগিব৷ আমা’ লগত টকা-পইচা নাই৷’’

‘‘আমা লগত টকা-পইচা নাই৷ গতিকে টকা-পইচাএ
ক’ দিবা নোৱাঈম৷ কিন্তু হিন্তে তাঅ হলনি ধান-মাহ আদি বিচাঈব৷ মই ভাবি থৈছং এদাং
ধানতকৈ বেচি নেদং৷ হিন্তে পইচা হিচাপত বেচি ধান বিচাঈব৷ মই ধান এদাঙতকৈ বেচি নেদং
বুলিছং নেদং৷’’– মহীধৰে খাটাং কথা কৈ দিলে৷

‘‘তেন্তে, আমি গাঙ’ মানুহখিনিয়ে একে কথাকে ক’ম৷”– মনেশ্বৰে মহীধৰৰ কথাক সমৰ্থন
কৰিলে৷ “এইবা’ খআং হোৱা বাবে ধানখেতি হকলোএ বেয়া হৈছে৷ হিন্তক বেচি ধান দিলে আমি
বছ’টোলৈ কি খাম
?
গতিকে
মহীধএ যি কৈছে তাকে কঈম বুলি ভাবিছং৷’’

‘‘হ’ব আমি হকলোৱে এদাঙতকৈ বেচি ধান
নেদং৷’’– সকলোৱে মনেশ্বৰৰ কথাত উজান দিলে৷

ৰাইজৰ মাজত কথা-বতৰা চলি থাকিল৷

ভাত-তৰকাৰি হোৱাৰ খবৰ অহাত তেমেকাই
আওজি থকা খঁুটাডালৰ পৰা আঁতৰি ঘৰৰ ভিতৰত সোমাল৷ সি লগতে কেৰ্পাইকো মাতি লৈ গ’ল৷
দুয়ো ভাত-তৰকাৰিৰ ভাৰ বান্ধিলে আৰু কান্ধত তুলি পথাৰলৈ বুলি যাবলৈ ধৰিলে৷

এতিয়া পথাৰবোৰৰ চাৰিওফালে নৰা আৰু নৰা৷
নৰাবোৰ থিয় হৈ মুখ মেলি যেন আকাশৰ ফালেহে চাই আছে৷ নৰাছিঙিবৰ বাবে থৈ দিয়া অলপ অলপ
ধানৰ বাদে পথাৰবোৰত এতিয়া ধান নাই৷ দুদিনমানৰ পাছত সেইবোৰকো কাটি শেষ কৰা হ’ব৷

পথাৰত উপস্থিত হৈ তেমেকাই দেখিলে
গাভৰুবোৰে ধান কটা শেষ কৰি পথাৰৰ আলিত বহি মেল মাৰি আছে৷ বেলি মূৰৰ সিপাৰলৈ গুচি
গৈছে৷ ডেকা-গাভৰুবোৰৰ ভোক লাগিছে বুলি তেমেকাই অনুমান কৰি সি কান্ধৰ ভাৰখন মাটিত
থৈয়েই মাত দিলে– ‘‘আহ ভাত খাই ল’বি৷ বেলি লহিয়ালে৷ তন্ত’ ভোক লাগা নাই না
?’’

ডেকা-গাভৰুবোৰে তেমেকাৰ আহ৩ানলৈকে যেন
ৰৈ আছিল৷ সি মাত দিয়াৰ লগে লগে সিহঁত তাৰ ওচৰ চাপি আহি কাষৰে আলিত বহিল৷ তেমেকা
আৰু কেৰ্পায়ে নৰা কাটি ঠাই অলপ মুকলি কৰিবলৈ লাগি গ’ল৷ তাকে দেখি দুজনমান ডেকা
বহাৰ পৰা উঠি আহি কেৰ্পাইহঁতক সহায় কৰিলে৷ ক্ষন্তেকতে ডেকা-গাভৰুবোৰ বহিবলৈ বহল
মুকলি ঠাই এটুকুৰা ওলাল৷

নৰা পাৰি ডেকা-গাভৰুবোৰ মুকলি কৰা
ঠাইখিনিত বহাৰ লগে লগে কেৰ্পাই আৰু তেমেকাই সকলোৰে সন্মুখত একোটাকৈ দনা দি গ’ল৷
ফুটুকীয়ে ডাৰাণৰে দনাবোৰত লাওপানী দিবলৈ ধৰিলে৷ লগে লগে বতাহত লাওপানীৰ গোন্ধ
বিয়পি পৰিল৷ তেমেকাই সকলোৰে পাতত খাজি দিয়াৰ পাছতে লাওপানী খোৱাৰ পৰ্ব আৰম্ভ হৈ
গ’ল৷

ৰিবৰিবকৈ বতাহ এছাটি মাৰিছে৷ বতাহত নৰা
আৰু পকা ধানৰ গোন্ধ৷ মাজে মাজে লাওপানীৰ গোন্ধো তাত যোগ হৈছে৷ ডেকাবোৰে লাওপানী
খাই খাই কথা পাতিছে৷ গাভৰুবোৰৰ কেইজনীমানে লাওপানীৰ সোৱাদ অলপ অলপ লৈছে৷ দামোদৰে
গান গাই ভাল পায়৷ তাৰ মাতটো শুৱলাও৷ দুদনা লাওপানী খোৱাৰ পাছতে ৰিমজিম নিচাৰ জোৰত
সি গীত জুৰিলে–

                            ‘‘লাই এ হিলালী লাই

                            মদে
খালং বাটি চাঈ বাটি

                            গাত
নিচা’হে খা-খব’ নাই
,

                            লাই এ
হিলালী লাই

                            গঐমাঈ
বিলতে

                            ডোমে
লাঙি জাল বায়

                            লাঙি
জালত লাগিলে

                           
জলকুঁৱঈ এজনী

                            তাকে
ঘূআই-পকাই চায়…’’

দামোদৰৰ গীত শেষ হোৱাৰ লগে লগে বীৰেনে
তাৰ ঘেৰঘেৰীয়া মাতটোৰে গালে–

                          ‘‘বতাবাঈ বিলতে মাছে মাঈবা গলং

                          লগতে গৈছিলে ভলং

                          ভলং ভেলেঙাই পালে আঘবআলি

                          মই এতিয়া কিডাল কঅং….”

বীৰেনৰ গীত শুনি সকলোৱে ঢেকঢেকাই
হাঁহিবলৈ ধৰিলে৷ সি লগাই লগাই গীত গাই ভাল পায়৷ সি পুনৰ গালে–

                          বতাবাঈ বতেশ্বঈ

                          ত’ ফালে নাচাং আমি

                          তই যিটোহে ঢোল

                          আমি কেতিয়াও নাযাং ভোল…”

বীৰেনৰ গীতত পুনৰ ঢেকঢেকাই হাঁহিলে
ডেকা-গাভৰুবোৰে৷ কেৰ্পায়ে মাত দিলে– ‘‘ইয়া’ মুখত দেখোন অনবঅতে বতাবাঈ কথা৷ বতাবাঈ
কোনোবা গাভউক ই মন খাইছে যেন পাং৷’’

‘‘হ’ব পাএ দেই”’– তেমেকাই সঁহাৰি দিলে৷
‘‘বতাবাঈলৈ ই এনেই গৈ থাকে না
? গোন্ধ ওলাইছে৷ গোন্ধ’ আঁতিগুঈ বিচাঈ উলিয়ালেই চব কথা ফাআক হৈ যাব৷’’

‘‘নাই দেই৷’’– বীৰেনে উত্তৰ দিলে৷ ‘‘এই
অমুকাঅ মন ল’বা পাআ গাভউ এইখন দেখত এতিয়াও ওলোৱা নাই৷’’

‘‘ঐ গাভউ¸মখা,
ইয়া’
কথা হুনিছ না৷ তা’ মন পাবা পাআ গাভউ এইখন দেখতে নাই হেনো৷ মিনতি/ কথাটো মন কঈবি৷’’

‘‘থৈ দে তা’ কথা৷’’– মিনতি জেকজেকাই
উঠিল৷

ডেকা-গাভৰুবোৰৰ সকলোৱে জানে বীৰেনে
মিনতিক মন খায় বুলি৷ কথাটো সি তাইক ক’ব বিচাৰে
; কিন্তু মিনতিয়ে তাক চাট দিয়া নাই৷ তেমেকাই হঠাতে ক’লে– ‘‘আইজ, এতিয়া ভাত খাং নাকি? বেলি লহিয়ালে৷’’

‘‘অ অ, ভাত খাবা লাগে৷’’– গাভৰুবোৰে তেমেকাৰ কথাত উজান দিলে৷

তেমেকাই সকলোৰে সন্মুখত পাত দি যোৱাৰ
লগে লগে ফুটুকীয়ে ভাত দি গ’ল৷ তাকে দেখি তৰাদৈয়ে মাত দিলে– ‘‘ফুটুকী
, পিছপঈ নাথাকিবি৷ ঘঅ কাম কঈ যা৷’’

তৰাদৈৰ ইংগিতপূৰ্ণ কথা শুনি সকলোৱে
হাঁহিলে৷ ফুটুকীয়ে তৰাদৈক খং দেখুৱাই ক’লে– ‘‘তই কথা নক’বি৷ মনে মনে থাক৷’’

মিনতিয়ে তৰকাৰি আৰু কেৰ্পায়ে সকলোকে
একোটাকৈ বাঁহৰ চুঙা দিয়াৰ লগতে পানীও দিবলৈ ধৰিলে৷ সকলোৰে পাতত ভাত-তৰকাৰি পৰাৰ
পাছতে নিজলৈ লোৱা পাতত বহি তেমেকাই ৰাইজক ক’লে– ‘‘দে এতিয়া ভাত খাংহঁক৷’’

‘‘অ অ খোৱাহে কথা৷’’

সকলোৱে ভাত খাবলৈ ধৰিলে৷

ভাত খোৱাৰ লগতে ডেকা-গাভৰুবোৰৰ মাজত
কথা-বতৰাও চলি থাকিল৷

তেমেকাহঁতৰ ভাত খাই হোৱাৰ পাছতে
ৰূপেশ্বৰৰ লগত কেইবাজনো বয়সিয়াল মানুহ আহি তাত উপস্থিত হ’ল৷ ৰূপেশ্বৰৰ লগত অহা
মানুহকেইজন গাঁৱৰে৷ তেওঁলোকে তেমেকাহঁতৰ ঘৰত লাওপানী খাই আছিল৷ কাতিয়া নামৰ
বুঢ়াজন তেওঁলোকৰ লগত আহিছে৷ কাতিয়া পথাৰত থকা সকলোবোৰ ডেকা-ডেকেৰীৰে সম্পৰ্কত
ককা৷ বয়স হৈছে যদিও এতিয়াও মানুহজন তজবজীয়া হৈ আছে৷ তেওঁ ডেকা-গাভৰুবোৰক জোকাবৰ
উদ্দেশ্যে ক’লে– ‘‘আজিকালি ডেকা-গাভউবোঅ’ কাম নাই৷ আমি আগতে ইমানখিনি ধান বেলি
মূঅ’ ওপঅলৈ নাহংতেই হেখ কঈছিলং৷ তন্তেহে ইমান বেলি লগাইছ৷’’

‘‘হয় না আতা?’’– মিনতিয়ে মাত দিলে৷

‘‘নহয়নো কি? আমি আগতে বতাহ’ আগত গৈছিলং৷ ডাঙঈ
কান্ধত লৈ গ’লে আমা’ ভঈ মাটিতেই নপঈছিল৷’’

‘‘বাপ্‌এ, মাটিত ভঈ নেপেলোৱাকৈ বতাহ’ আগত গৈছিলি? আতা তই কম নহয় দেই/’’

‘‘, আমি এনেকৈয়ে কাম কঈছিলং৷ বাউ, হেইবো’ বাদ দে৷ এতিয়া লাওপানী এদনাকে দে৷’’

মিনতি আৰু ফুটুকী আগ বাঢ়ি আহি
কাতিয়াকে ধৰি বয়সিয়াল মানুহকেইজনক এদনাকৈ লাওপানী দিলে৷ তেমেকাহঁতৰ ঘৰত লাওপানী
খাই কাতিয়াৰ নিচা লাগিয়েই আছিল৷ ইয়াত এদনা লাওপানী খোৱাৰ পাছতে তেওঁৰ মুখেৰে গীত
ওলাই আহিল–    

        ‘লালী হিলালী

         লাইয়ে ম’ পিতাদেউ

         লালী হিলালী লাই

         হাতোখন পাহাঅত

         ঘূআই লৈ ফুআলে

         অজলা লালুঙক পাই…’

কাতিয়াই গীত গাই গাই নাচিবলৈকো ধৰিলে৷
তেওঁ পুনৰ গালে– 

          ‘লালুঙে গাইনো গ’ল

          লালি হিলালী

          দেহানে গায়ে গ’ল পদ

          পদএ মূঅতে কিঈলি মাঈলে

          ছাক ঐ লালুঙনী মদ…’

কাতিয়াৰ নাচ-গান দেখি গাভৰুবোৰে মুখ
টিপি হাঁহিবলৈ ধৰিলে৷ তেওঁ চিঞৰিলে– ‘‘ঐ জহনীত যাইতীহঁত
! হাঁহি আছ কেলেই? এই আনন্দ দিনত নাচ-গান নকঈ হাঁহিহে আছ? নাচ নাচ, নাচ-গান অলপ ক’, মঅতীহঁত৷’’

‘‘হ’ব আতা হ’ব৷’’– মিনতিয়ে উত্তৰ দিলে৷
‘‘ত’ নাচ-গানেই আঁতিছে৷ বেলি পঈ আহিল৷ ব’ল ঘঅলৈহে যাং৷’’

মিনতিৰ কথাতহে সকলোৱে বেলিটোলৈ চালে–
পাতল শুকুলা মেঘত মুখ লুকুৱাই থকা বেলিটো পশ্চিম আকাশত মাৰ যাবৰ হৈছেই৷ ডেকাবোৰে
আৰু এভাৰকৈ ডাঙৰী নিলেই পথাৰৰ ধান নি শেষ হ’ব৷ সকলোৱে ঘৰলৈ যাবলৈ সাজু হ’ল৷ তেমেকা
আৰু কেৰ্পায়ে ভাত অনা পাচিকেইটা আৰু তৰকাৰি অনা চৰিয়াকেইটা ল’লে৷ বাকী ডেকাবোৰে
ডাঙৰীৰ ভাৰ কান্ধত লোৱাৰ পাছতে সকলোৱে তেমেকাহঁতৰ ঘৰলৈ যাবলৈ ধৰিলে৷ ৰূপেশ্বৰহঁত
ডেকা-গাভৰুবোৰৰ পিছে পিছে আহি থাকিল৷ কাতিয়াৰ গীত পুনৰ শুনা গ’ল–

                            ‘‘লাই এ হিলালী লাই

                            মদে
খালং বাটি চাঈ বাটি

                            গাত
নিচা’হে খা-খব’ নাই
,

                            লাই এ
হিলালী লাই

                            গঐমাঈ
বিলতে

                            ডোমে
লাঙি জাল বায়

                            লাঙি
জালত লাগিলে

                           
জলকুঁৱঈ এজনী

                            তাকে
ঘূআই-পকাই চায়…’’

তেমেকাই ঘৰত উঠি দেখিলে গাঁৱৰ
তিৰোতাবোৰে কচুঠাৰি আৰু মুৰ্গী মাংসৰ খাজি ৰন্ধাত লাগিছে৷ এই খাজি হ’লেই সকলোৱে
লাওপানী অলপ অলপ খাই বিদায় মাগিব৷ ডেকাবোৰে কান্ধৰ ডাঙৰীবোৰ চোতালত থৈ বাৰাণ্ডাত
বহিল৷ ৰূপেশ্বৰে বয়সিয়াল মানুহবোৰক আন এখন বাৰাণ্ডাত বহুৱালে৷

বেলিটো পশ্চিম আকাশত মাৰ যোৱাৰ পাছতে
লাহে লাহে আন্ধাৰ হৈ আহিছে৷ তেমেকাই দুটা চাকি জ্বলাই বাৰাণ্ডা দুখনত দিয়াত
আন্ধাৰে আৱৰি ধৰা বাৰাণ্ডা দুখন পোহৰ হৈ পৰিল৷ মানুহবোৰে ভাগে ভাগে কথা পাতিছে বাবে ঘৰখনত এটা গুমগুমীয়া পৰিৱেশৰ সৃষ্টি
হৈছে৷ সকলোবোৰ মানুহ কথা আৰু কামত ব্যস্ত৷

তেমেকা বাৰাণ্ডাৰ চোতালত প্ৰৱেশ কৰিয়েই
দেখিলে ভোগেশ্বৰ আৰু পুণেশ্বৰক৷ দুয়ো চোতালত থিয় হৈ আছে৷ দুয়োজনেই ফুলগুৰিৰ৷
দুয়োৰে কঁকালত একোখনকৈ চুৰিয়া আৰু গাত একোখনকৈ এৰিয়া চাদৰ৷ সিহঁতক দেখি তেমেকা
সচকিত হৈ পৰিল– ‘‘আএ তন্তে দেখোন
? কেতিয়া আহি পালি?’’

‘‘এইমাত্ৰ আহি পাইছং৷’’– ভোগেশ্বৰে উত্তৰ
দিলে৷

‘‘আহ আহ, ঘঅ’ ভিতঅলৈকে আহ৷’’

তেমেকাই দুয়োকে নি নিজৰ কোঠাত বহুৱালে৷
দুয়ো তেমেকাৰ বাঁহৰ বিচনাখনতে বহিল৷ তেমেকাই সিহঁতক সুধিলে– ‘‘পানী-দুনী খাবি না
?’’

‘‘খাম, পিয়াহ লাগি আছে৷’’– পুণেশ্বৰে মাত দিলে৷

তেমেকা কোঠাটোৰ পৰা পাকঘৰলৈ গৈ দুচুঙা
পানী আনি ভোগেশ্বৰহঁতৰ ওচৰত হাজিৰ হ’ল৷ পানী দুচুঙা সিহঁতৰ হাতত দিয়েই সি ক’লে–
‘‘তন্তে এনেদৰে আহি ওলাবি বুলি মই ভাবাই নাছিলং৷ আহি ভালেই কঈলি দে৷ আজি আমা’ ঘঅত
নআছিঙা৷ ভাল দিনতে আহি ওলালি৷ তন্তলৈ লাওপানী আনিম না
?’’

‘‘অ অচোন৷’’– ভোগেশ্বৰে মাত দিলে৷ ‘‘অলপ
জিআই লং৷ পাছত ভাত-লাওপানী চব খাম৷ পিচে
, আমি কিয়া আহিছং নোহোধ হ’বলা?’’

‘‘এ মই আক কিবা কথা থাকিবা পাএ বুলি
ভাবাই নাছিলং৷ কচোন কি কথা আছে
?’’

‘‘বাজানাটো এতিয়াহে বাজিব যেন পাইছং৷ আমি
হেই তেতিয়া যা’ বাবে হাজু হৈছিলং এতিয়া হেইটো হাতে-কামে কঈবা লাগিব৷’’

‘‘মানে হেই তেতিয়া ঘটনাটো আক’ উক দিছে?’’

‘‘নিদিবনো কেলেই? আনে জোকাই থাকিলে আমিবোএ বহি থাকিম
কেলেই
? লক্ষণসিং মহাহয়ে আমাক মাতি পঠিয়াইছে৷
কিবা জউঈ কথা আলোচনা কঈব’ হেনো৷ ইয়া’ পআ তোক আউ
¸ কেপাইক মাতি পঠিয়াইছে৷”

‘‘তেন্তে ঘটনা ডাঙ’ হ’বলৈ গৈ আছে৷ ঠিকে
আছে
, কোনোবাই আমা’ ছাল টানি টানি খাব, আমিনো কেলেই চাই থাকং? আমি মঈ যোৱা নাই নহয়! ছাল টানি খোৱা
হগুণক এহিকনি দিবা লাগে৷ পিচে
, লক্ষণসিং হেনাপতিয়ে কেতিয়ালৈ যাবা কৈছে?’’

‘‘আজি পআ ছদিন পাছত৷ হকলোবো’ মানুহ’ খেতি
চপোৱা কাম এতিয়াও হেখ হোৱা নাই৷ মঅণা মাআ কামো হেখ হোৱা নাই৷ তথাপি আমি যিকেইজন
বাঈকা আছং হিন্ত’ লগত আগতীয়াকৈ হি কথা অলপ পাতিবা বিচাঈছে৷ গতিকে তন্তে আহা হংবাএ
ম’ ঘঅলৈ যাবি৷ পিছদিনা আমি গৈ লক্ষণ মহাহয়ক লগ কৰিম৷ লক্ষণ মহাহয়’ ঘঅ’ পআ ঘূঈ আহি
আক’ মঅণা মাআ কামত লাগিবি৷ হ’ব না
?’’

‘‘হ’ব হ’ব৷ নআছিঙা হৈ গ’ল৷ মঅণা মাঈবলৈ
বেছি ডাঙঈও নাই৷ এইকেইদিনতে মঅণা মাআ কাম হেখেই হ’ব কিজানি৷ বাউ
, তন্ত কাঅণে খাজি আউ¸ লাওপানী আনংগৈ৷’’

ঘৰৰ ভিতৰত আৰু বাৰাণ্ডাত বহি সকলোৱে
খাজি আৰু লাওপানী খাবলৈ লৈছে৷ তেমেকা ঘৰৰ ভিতৰত সোমাই মালতীক ক’লে– ‘‘ভোগেশ্ব’
কাকা আৰু পুণেশ্ব’ আহিছে৷ ম’ কোঠাতে বহুৱাই আখিছং৷ মই দনা আউ কলপাত লৈছং৷ তই খাজি
আউ
¸ লাওপানী লৈ আহ৷’’

দনা আৰু কলপাত লৈ নিজৰ কোঠাত উপস্থিত
হৈয়েই তেমেকাই এখন ঢাৰি মজিয়াত পাৰি ভোগেশ্বৰ আৰু পুণেশ্বৰক ক’লে– ‘‘আহ
, ঢাঈতে বহহি৷ ইয়াতে বহি খাবলৈ ভাল
হ’ব৷’’

ভোগেশ্বৰ আৰু পুণেশ্বৰ বিছনাৰ পৰা নমাৰ
লগে লগে তেমেকাই সিহঁতৰ সন্মুখত দনা আৰু কলপাত পাৰিলে৷ সি নিজলৈকো দনা আৰু কলপাত
লোৱাৰ পাছতে মালতীয়ে সিহঁতক লাওপানী আৰু খাজি দি গ’ল৷ ভোগেশ্বৰে দনাৰ পৰা এঢোক
লাওপানী খাই মাত দিলে– ‘‘হেই তেতিয়াই বগা বঙালক খেদিবলৈ ভাল আছিল৷ মণিআম দেৱানে
কোৱা মতেই আমি ঢাল-তউৱাল লৈ বগা বঙালক খেদিবলৈ হাজু হৈছিলঙেই৷ এই অখম দেখৰ বহু
মানুহ হাজু হৈছিল হিন্তক ইয়া’ পআ খেদিবলৈ৷ হিফালে চিপাহী বিদোহ হ’ব আউ
¸ আমি ইফালে বিদোহ কআ কথা আছিল৷ গ’তেই
দেখখনতে একেলগে হিন্তক আক’মণ কঈবা পাআহেঁতেন হিন্তে তেতিয়াই এই দেখ এঈ যাব লাগা
হ’লহেঁতেন৷ কথাতে আছে বঙহে বঙহক খায়৷ বঙহে বঙহক নাখালে আনে কি কঈবা পাএহে
! যত কুট’
ঘাই হ’ল এই হঅনাথ দাউগা৷ মণিআমে গোপনে পঠিওৱা চিঠিখননো হি বগা বঙালক দিবা লাগে না
? এইবো’ দেখদোহী মানুহ৷ বগা বঙাল’ ভঈ
চেলেকা মানুহ৷ হেই চিঠিখন পায়েইতো হিন্তে হাৱধান হ’বা পাঈলে৷’’

‘‘হয় দেই, হেইখন পায়েইতো মণিআম’ কথাবো’ গম পালে৷ আউ ধঈ আনি তাক ফাঁচি দিলে৷ আমি
ঢাল-তউৱাল লৈ হিন্ত বিউধে যুঁজিবা হাজু হৈয়ো থমকি অ’বা লাগা হ’ল৷ মণিআম নোহোৱাত
গ’টেইখন খেলিমেলি হৈ গ’ল৷ ছিঃ
! এই হঅনাথ বোলাটোক পোৱা হ’লে জীয়াই জীয়াই তা’ ছাল
চেলালংহেঁতেন৷’’

‘‘কিন্তু আমি এতিয়াও যঁুজিবা লাগিব৷ চবতে
ক’৷ বগা বঙালে আমাক একো কঈ খাবা নোৱাআ কঈলে৷ আমি চাই থাকিলে হিন্তে আমা’ ছাল চেলাই
চেলাই খাব৷ গতিকে জীয়াই আছং যেতিয়া যঁুজিবা লাগিব৷’’

‘‘হয় হয়, কেলেইনো নহয়আমি যদি যুঁজ নকঅং তেন্তে খাবা নাপাই মঈম৷’’

বাহিৰত ডেকা-গাভৰুবোৰ যাবলৈ সাজু হৈছে৷
তেমেকাই কথাটো গম পাই বাহিৰলৈ আহিল৷ ডেকা-গাভৰুবোৰে তাক মাত লগাই নিজৰ নিজৰ ঘৰলৈ
যাবলৈ ধৰিলে৷ ফুটুকী চোতালৰ এচুকত থিয় হৈ আছে৷ তেমেকা আগ বাঢ়ি গৈ তাইক ক’লে– ‘‘তই
আজি ইয়াতে থাক৷ ভনী’ লগতে হুই থাক৷ কালিলৈ যাবি৷’’

‘‘নাই নাই, আয়ে খং কঈব৷ তইহে কালিলৈ আবেলি ম’ তালৈ যাবি৷’’

‘‘হ’ব দে৷ কাইলৈ এপাক যাম৷’’

‘‘এতিয়া যাং দে৷’’

ফুটুকীয়ে নিজৰ ঘৰলৈ বুলি খোজ ল’লে৷

তেমেকাই নিজৰ কোঠালৈ সোমাই আহি ঢাৰিত
বহিল আৰু ভোগেশ্বৰহঁতৰ লগত পুনৰ কথা পাতিবলৈ ধৰিলে৷


(আগলৈ)

ফোন : ৯৬৭৮৩১৮৮৬০