বেংডোবাৰ ঘাট

 জয়ন্ত মাধৱ বৰা


 ৷৷
তিনি ৷৷

 

অলপ দিনৰ পিছতে
সিহঁতে অভাৱ কি বুজি পোৱা হ’ল৷ ভোক কি বুজি পোৱা হ’ল৷ উপাই নাপাই সি স্কুল এৰি
মণিৰ দোকানত লগুৱা হিচাপে সোমাল৷ ‘‘খাৱা-লোৱা নায়
, মাহৰ মূৰত
খানেকমান পুইচা দিম আৰো৷’’ মণিয়ে তেনেকৈ কোৱাৰ লগে লগে সি খাৰাংখাচ
সুধিলে–‘‘খানেকমান মানে কিমান
?’’

:  এ দিম দে আৰো¸ কিবা এটা৷
থাকিলে থাকিবো
, নাথাকিলি নায়৷ খাতিৰ-বিতিৰ নকৰং মুই?

উপায় নাই৷
দৰ্কাৰ তাৰহে৷ গতিকে মণিৰ কথামতেই সি দোকানত খাটিব লগা হ’ল৷ বাকী সময়খিনি ঠিকেই
থাকে
, কিন্তু  স্কুল ছুটীৰ পাছত তাৰ
লগৰ ল’ৰা-ছোৱালীবোৰ যেতিয়া দোকানৰ পৰা কিবা কিনিবলৈ আহে
, তেতিয়াই তাৰ
লাজত মৰি যোৱা যেন লাগে৷ কাৰো মুখলৈ চাব নোৱাৰে৷ বস্তুবোৰ দিওঁতে গণ্ডগোল কৰে৷
মনিয়ে গালি পাৰে তাক লগৰ ল’ৰা-ছোৱালীবোৰৰ সম্মুখতে৷ তাৰ দুখ লাগে৷ মাকৰ সপোনটোৰ
কথা মনত পৰে৷ বোমা ফুটাৰ প্ৰচণ্ড শব্দটো সি বুকুৰ ভিতৰত শুনিবলৈ পায়৷ টানি-টুনি
মনিৰ দোকানত এমাহ কটালে৷ এমাহৰ মূৰত মণিয়ে যেতিয়া তালৈ এশ টকীয়া নোট এখন আগবঢ়াই
দিলে
, তাৰ মূৰটো গৰম হৈ গ’ল৷ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কাম কৰি টকা এশ?
খং
কৰিব লাগে সি
, ওলোটাই খং কৰিলে মণিয়েহে–‘‘মোৰ দোকানখান কেমান
বা হে ডাঙাৰ
? গাহক বা আহে কেমান? দিনটা চাহ
বিস্কুট খাই চোন থম-থম মদন গোপাল হৈ বুহি থাকা৷ তাৰ পাছতো দিছুং যে এক চ টাকা৷’’
সেই দিনাই সি মণিৰ দোকান এৰিলে৷ হু! এইবোৰ একেবাৰে জোকৰ নিচিনা দেই৷ সুবিধা পালেই
তেজ শুহি খায়৷

মণিৰ দোকানৰ কাম
এৰাৰ পিছত টলৌ টলৌকৈ কেইদিনমান ঘূৰি ফুৰিলে সি৷ তেনেকুৱাতে এদিন গিৰিশ ঠিকাদাৰে তাক
মতাই নিয়ালে৷ সি গৈ পোৱাৰ লগে লগে গিৰিশ ঠিকাদাৰে তাক ধম্‌কি দিয়াৰ দৰে
দিলে–‘‘তুইও চোন বাপেৰ নিচিনা এ হুলি৷ আলচিয়াৰো আলচিয়া
, ধুম আলচিয়া৷ ঘৰত
খাবা আছে না নাই খবৰ কুৰ্‌চা
? বুইনীটা কিবা পিন্দিবা পাইছে না নাই
মনত আছে
?’’ বায়েকৰ কথা কোৱাৰ লগে লগে তাৰ বুকুখনত কিবা
এটাই  খুন্দা মাৰি থৈ যোৱা যেন লাগে৷ মাকৰ
কথালৈ মনত পৰে–‘‘দেখায় পোৱা
, বাইদু ইমান অকৰা৷ কায় নু বিয়া কৰাব তাক?
তুইয়ে
চাবা লাগ্‌বো
, আলায়-বিলায় হবা নিদিবি দে…৷’’ গিৰিশ ঠিকাদাৰক
তাৰ বৰ ভাল লাগিল৷ উস্‌ তাৰ ঘৰৰ কথা চিন্তা কৰিছে! তাৰ বায়েকজনীৰ কথা চিন্তা
কৰিছে! গিৰিশ ঠিকাদাৰৰ প্ৰতি মৰমত গদ্‌গদ্‌ হৈ থাকোতেই ঠিকাদাৰে ভাওনাত ৰজাই
সেনাপতিক আদেশ দিয়াৰ দৰে তাকো আদেশ দিলে–‘‘কাম কুৰ্‌বা চৰকাৰে মানু বিচিৰায় আছে
,
পুইচাৰ
খেলা-মেলা নায়৷ কাম কুৰ্‌বি
, মাহৰ লাষ্টত গুণি গুণি পুইচা লবি৷ চো,
অফিচাৰটাক
লগ কুৰি দিম চো৷’’ গিৰিশে জোৰ কৰিয়েই তাক ব্লক অফিচটোলৈ লৈ গ’ল৷ তাক দেখিয়েই
অফিচাৰজনৰ মুখখন বেঁকা হৈ গ’ল–‘‘এইটোক কামত লগালে টি ভিয়ে পেপাৰে ওলাই হুলস্থুল
লাগিব৷ মোৰ চাকৰিটো খাব খুজিছা
?’’

:  নোহায় চাৰ, ই দেখাতহে
গাঠিয়া হৈ
, ডাঙাৰ মানুটা৷ আৰো সি ক’ত কাম কুৰ্‌বো, চুহী
হে কুৰ্‌বো৷

গণেশে প্ৰথমতে
একো বুজাই নাছিল৷ কি কাম কৰাৰ কথা কৈছে ইহঁতে
? পিছতহে গম পালে,
গাঁৱৰ
মাজৰ গো-বাট এটা মাটি দি ডাঙৰ কৰিব লাগে৷ গাঁৱৰ কাম গাঁৱৰ মানুহেই কৰিব৷ ঠিকাদাৰী
প্ৰথা গ’ল আৰু৷ কাম কৰা মানুহখিনিক হাজিৰা চৰকাৰে পোনে পোনে  দিব৷ প্ৰথমতে সিও থেৰো-গেৰো কৰিছিল৷ হেই
,
নুনীয়াৰ
নিচিনাকৈ মূৰত মাটিৰ পাচী লৈ গাঁৱৰ মাজত কাম কৰিব নোৱাৰি দেই৷ পিছত গিৰিশে যেতিয়া
বুজাই দিলে বোলে কাম কৰিব নালাগে নহয়
, খালি চহীটো কৰিলেই হ’ল৷ সময়ত টকা পাই
যাবি৷ কিন্তু তাৰ কাৰণে মোকো ভাগ এটা দিব লাগিব আৰু অফিচাৰকো অলপমান দিব লাগিব৷
অলপমান মানে কিমান
? ঘপহকৈ তাৰ মণি দোকানীলৈ মনত পৰি গ’ল৷ কথাৰ
সুৰবোৰ দেখোন একেই! পাছত ভাবিলে
, এইবাৰ যিহেতু চহী কৰি ল’ব, গতিকে
ঠগিব নোৱাৰিব চাগে৷ গিৰিশৰ কথাত সি মান্তি হ’ল৷ ফাউতে যদি টকা কেইটামান পায়
,
কোনে
নল’বহে
? দুদিনমানৰ পাছত গিৰিশে তাক আকৌ মতাই নিয়ালে–‘‘অই তুই জাতুকুৰি আল্‌চিয়া
দে
, ভাল হব বুলি ভাবি কাম টা থিক কুৰি দিলুং, কিয় নিগিলি?’’

:  তুইয়ে চোন কুইছিলি, কাম কুৰ্‌বা
নিগিলিও চুহী টা কুৰি পুইচা আনিলি এ হ’ব৷

:  ধুৰৰ্‌ বৰ্‌বক, কাম নুকুৰিলিও
তুই যে কাম কুৰ্‌বা গিছা সিটা দুখাবা হাজিৰা বুহীত চুহী কুৰ্‌বা যাবা লাগ্‌বো না৷
এনে লবা গিলি বাকী গিলা বেয়া নাপাব না কি
?

গিৰিশ ঠিকাদাৰৰ
বুদ্ধি মতেই সি কাম কৰা ঠাই টুকুৰালৈ সদায় যায়
, চহীটো কৰি অলপ
সময় পুলুং-পালাং কৰি থাকে৷ তাৰ পাছত মনে মনে গুচি আহে৷  তাত গৈহে গম পালে এনেদৰে কাম নকৰাকে টকা
সৰকাবলৈ অহা অকল সিয়েই নহয়
, আৰু কেইবাটাও আছে৷ এনেদৰে তিনি মাহমান
গ’ল৷ পইচা দিয়াৰ নাম গোন্ধেই নোলায়৷ এদিন খবৰ আহিল বোলে পইচা আহিছে৷ ব্লক অফিচৰ
পৰা আনিবগৈ লাগিব৷ তাৰ নিচিনা কাম নকৰাকেইটাক পিছলৈ থৈ বাকীবোৰক দিলে৷ গণেশৰ
যেতিয়া পাল পৰিল
, বৰ আশাৰে দৌৰ মাৰিলে টকাকেইটা ল’বলৈ৷ পিছে টকা
কেইটা হাতত লৈহে তাৰ মুখখন কেঁহেৰাজ বৰণীয়া হ’ল৷ অ’ আধা টকা অফিচাৰে আগতেই লৈ
থ’লে৷ তাৰ ভাগৰ পৰাও আকৌ এটা অংশ গিৰিশ ঠিকাদাৰলৈ বুলি কাটি ৰাখিলে৷ বাকী যি কেইটা
টকা থাকিলগৈ সেইকেইটা মুখত লৈ তাতেই ভোৰভোৰালে–‘‘অ বুজি পালুং
, ইগিলা
তাৰমানে চব ঠিকাদাৰ আৰো অফিচাৰ গিলাৰ পোকেট ভুৰ্তি কৰাৰ বুদ্ধি৷  ধুনী মানুক আৰো ধুনী কুৰ্‌বা৷ নুকুৰলিতে কি হ’ব
তে৷ আজিৰ পাৰা নকৰং আৰো৷’’

সঁচাকৈয়ে
পিছদিনাখনৰ পৰা গণেশ কামলৈ নগ’ল৷ সি বুজি পালে সকলোতে সিহঁতৰ নিচিনা সাধাৰণ
মানুহবোৰেই  ঠগ খাই আছে৷ ওপৰ মহলত
মন্ত্ৰীয়েই হওক
, অফিচাৰেই হওক, সন্ত্ৰাসবাদীয়েই
হওক
, পুলিচেই হওক, ব্যৱসায় কৰা মানুহবোৰেই হওক, চব
মিলি থাকে৷ মৰে সিহঁতৰ নিচিনা সৰু সৰু মানুহবোৰ৷ ইলেক্‌চনৰ সময়তো ওপৰ খাপৰ নেতাবোৰৰ
মাজত ঠিকেই বুজা-বুজি থাকে
, আনকি পাৰ্টীৰ টিকট দিয়াক লৈও হেনো
বুজা-বুজি চলে
, খিয়লা-খিয়লি, হাই-কাজিয়া কৰি
মৰে তলৰ কৰ্মীবোৰ৷

এইবোৰৰ মাজতে তাৰ দেউতাকৰ অসুখ আৰম্ভ হ’ল৷ পেটৰ বিষ৷ একো খাব
নোৱাৰে৷ কিবা খালেই পিত্ত উজাৰ দিয়ে৷ হক্‌-হক্‌কৈ বমি কৰি দিয়ে৷ যন্ত্ৰণাত মুখখন
বেঁকা কৰি দিয়ে৷ সেই সময়ত সি দেউতাকৰ মুখখনলৈ চাব নোৱাৰা হয়৷ কাতিৰাম বেজৰ পৰা দৰব
কেইপালিমান আনি খুৱালে
, ভাল নহ’ল৷ মূৰে কপালে হাত বহি থকা পৰতে আকৌ আহি
ওলাল নহয় গিৰিশ ঠিকাদাৰ৷ আহিয়েই তৰ্জন-গৰ্জন
, বোলে মানুহ গৈ
চন্দ্ৰ পালেগৈ
, তই এতিয়াও বেজ কবিৰাজ লৈয়ে ব্যস্ত আছ? ডাক্তৰক
দেখুৱা সোনকালে৷

:  টাকা-পুইচা?

:  মাটি কেমান আছে? বেচাও৷ মৰাৰ
পাছত ক’ৰ মাটি ক’ত যাব ঠিত নায়৷ বেচাও৷

বেচিবলৈ মন
নাছিল
, উপায় নাপাই মূঢ়াতলি এডৰাকে গিৰিশ ঠিকাদাৰক সস্তাতে বেচি দিলে৷
ঠিকাদাৰে হেনো তাত ধান-কল বহুৱাব৷ ‘‘চিন্তা নুকুৰ্‌বি
, ধান ভানা মিচিন
টা আনিলি তোকে যোগালী ৰাখিম৷’’ গণেশৰ ভাল লাগিল– ই গিৰিশ ঠিকাদাৰে তাৰ কথা চিন্তা
কৰে দেই৷ মাটি বেচা টকাকেইটা হাতত পৰাৰ লগে লগেই দেউতাকক টাউনলৈ নি ডাক্তৰক
দেখুৱাই আনিলেগৈ৷ ডাক্তৰে কিবা ‘‘আলচাৰ’’ হৈছে বুলি ক’লে৷ সি বুজি নাপালে৷ ডাক্তৰে
কথা কোৱা ধৰণৰ পৰা এটা কথা কিন্তু সি বুজি পালে– দেউতাক আৰু বেছি দিন জীয়াই নাথাকে৷
তথাপি ডাক্তৰে কাগজখনত লিখি দিয়া দৰৱবোৰৰ পৰা জেপত থকা পইচাকেইটা হিচাপ কৰি
দৰৱকেইটামান কিনিলে৷ আঁকৰী বায়েকজনীয়ে সেই দৰৱকেইটা খালেই  দেউতাক ভাল হৈ যাব বুলি বেলিটো চাই সময় আন্দাজ
কৰি দৰৱকেইটা খুৱালে৷ লাভ কিন্তু নহ’ল৷ এটা সময়ত দেউতাকে একো খাব নোৱৰা হ’ল আৰু
নাখাই নাখায়েই মানুহটো মৰিল৷ দেউতাক মৰাৰ দিনা আঁকৰী বায়েকজনীয়ে খুব কান্দিছিল৷
সেইদিনা তাৰ গালেদিও চকুপানীৰ সোঁত এটা বৈ আহিছিল৷ দেউতাক মৰা কাৰণে নহয়
, আঁকৰী
বায়েকজনীয়ে হিয়া ঢাকুৰি কন্দা কাৰণেহে৷ মাকে কপালত হাত ফুৰাই তাক যে এদিন
কৈছিল– ‘‘তাক আলায়-বিলায় হবা নিদিবি দে৷’’ বায়েকে মাটিত বাগৰি বাগৰি কন্দা দেখি তাৰ
সেই কথাষাৰ মনত পৰিছিল আৰু গালেদি চকুপানী বাগৰি আহিছিল৷ বায়েকে বাৰু ভাবিছে নেকি
দেউতাকৰ মৃত্যুৰ পাছত তাই আলাই-আথানি হ’ব বুলি
?

হেন সময়তে আৰু
এটা ঘটনা ঘটিলে৷ কাগজে-পত্ৰই হুলস্থুল লগালে বোলে চৰকাৰে নদীখনত বান্ধ এটা দি তাৰ
পৰা হেনো ‘‘ইলেক্‌ট্ৰিক কাৰেণ্ট
’’ উলিয়াব৷ সি কথাবোৰ ভালদৰে বুজি নাপায়,
মানুহবোৰে
কথা পাতি থকা শুনিছে৷ সিহঁতৰ গাঁৱৰ ওচৰতে বিভিন্ন ঠাইৰ পৰা মানুহ আহি  মিটিঙো পাতিছে৷ দিল্লীৰ পৰাও নেতা আহি  হিন্দীতে চিঞৰি চিঞৰি প্ৰতিবাদ কৰিছে
, বান্ধ
হ’বলৈ নিদিয়ে৷ বোমা ফুটি মাক মৰাৰ পাছত টকা দিম বুলিও নিদিয়াত চৰকাৰৰ প্ৰতি গণেশৰ
খং এটা আছিলেই৷ এই সুবিধাটো পাই  চৰকাৰৰ
বিৰুদ্ধে প্ৰতিবাদ হ’লেই
, শোভাযাত্ৰা হ’লেই সি আগত যোৱা হ’ল৷
এনেকুৱা হ’ল
, সিহে যেন গোটেই আন্দোলনটোৰ নেতৃত্ব দিছে৷
খাৱন-শোৱন সকলো বাদ দিলে৷ এবাৰ পিকেটিং হৈ থাকোতেই গুলী চালনা হ’ল আৰু এটা গুলী
আহি তাৰ ভৰিত লাগিল৷ লাঠী চালনাত বহু সাধাৰণ লোক জখম হ’ল
, নেতা কেইজনৰ
কিন্তু গাৰ ছাল অকণো নিছিগিল৷

সেই যে ভৰিত
গুলী লাগিল
, সি বহুদিন হচ্‌পিটালত থাকিব লগা হ’ল৷ প্ৰথমতে
সকলোৱে খা-খবৰ লৈছিল
, দৰৱ-পাতি আনি দিছিল, যাওঁতে আপেল
আঙুৰ লৈ গৈছিল৷ লাহে লাহে সেইবোৰ কমি আহিল আৰু শেষৰ ফালে একেবাৰে নাইকিয়া হ’ল৷
আপেল আঙুৰটো বাদেই
, দৰৱকেইটা কিনি দিবলৈও কোনো নোযোৱা হ’ল৷ ইপিনে
তাৰ হাতত টকাৰ নামত ফুটাকড়ি এটাও নাই৷ হচ্‌পিটালত থাকোঁতেই আৰু এটা ঘটনা ঘটিল৷ ঘৰত
অকলে থকা আঁকৰী বায়েকজনীৰ দায়িত্ব আন্দোলনকাৰী গোট এটাই  ল’লে৷ পিছে সেইটোৱেই কাল হ’ল৷ সুবিধা পাই
আন্দোলন কৰিবলৈ অহা নৰাধম এটাই বায়েকৰ সৰ্বনাশ কৰিলে৷ কথাটো জনা-জনি হ’লে বদনাম
হোৱাৰ ভয়ত আন্দোলনৰ নেতাবোৰেই কথাটো গাপ দি থ’লে৷ 
কথাটো পিছে লুকাই নাথাকিল৷ ইকাণ সিকাণকৈ বাগৰি সকলোৱে জনা হ’ল৷ গাঁৱৰ
কিছুমান আহি কথাটো সঁচা নে মিছা আঁকৰী বায়েকজনীক সুধিলে৷ আঁকৰী বায়েকজনীয়েও কথাটো
হয় বুলি ক’লে৷ কিন্তু ল’ৰাটোক চিনাক্ত কৰিব নোৱাৰিলে৷ শেষত বায়েকজনীকহে সকলোৱে বদনাম দিলে– এইজনী
সৰুৰে পৰা বদমাছ৷ ডেকা ল’ৰা দেখিলেই গাত পিৰপিৰণি উঠে৷ ক’ত কি গণ্ডগোল কৰিছে ঠিকনা
নাই
, দোষটো দিলেগৈ আন্দোলন কৰা ল’ৰাবোৰক৷ এইক গাঁৱৰ পৰাই খেদি দিব
লাগে৷ সেইদিনাৰ পৰাই গাঁৱৰ মানুহৰ তাইৰ
ওপৰত মানসিক অত্যাচাৰ আৰম্ভ হ’ল৷ ৰাতি ৰাতি ঘৰটোলৈ শিলগুটি দলিয়ায়৷ অশ্লীল শব্দ
চিঞৰে৷ বায়েকজনী ঘৰত অকলে থাকিবলৈ ভয় কৰা হ’ল৷ কেতিয়াবা ভয়তে চিঞৰি চিঞৰি ঘৰৰ পৰা
ওলাই দৌৰ মাৰে৷ সেই সময়ত সি হচপিটালত৷ কথাবোৰ গম নাপায়৷ বায়েকজনীয়ে উপায়হীন হৈ
গিৰিশ ঠিকাদাৰক আশ্ৰয় বিচাৰিলে৷ গিৰিশ
ঠিকাদাৰে আশ্ৰয় দিলে ঠিকেই
, গোপনে কিন্তু তাইৰ অসহায় অৱস্থাৰ
সুযোগো ল’লে৷ শেষত উপায় নাপাই তাই বেংডোবাত জঁপিয়াই দিলে৷ বায়েক মৰাৰ খবৰটো সি
হচপিটালতে পাইছিল৷ তাৰ খং উঠিল
, দুঃখ লাগিল৷ হচ্‌পিটালৰ বিছনাতে সি
হুক্‌হুকাই কান্দিলে৷ তাৰ খুব মাকলৈ মনত পৰিছিল৷ মাকৰ কথাবোৰ মনত পৰিছিল– ‘‘লিখি
পুঢ়ি তুই ডাঙাৰ হোৱাটাকে ৰুখি আছুং বাবা৷ তুই ডাঙাৰ মানু হুলি মোৰ কষ্ট গিলা
কুমিব৷ দেখায় পোৱা
, বাইদু ইমান অঁকৰা৷ কায় নু বিয়া কৰাব তাক?
তুইয়ে
চাবা লাগ্‌বো
, আলায়-বিলায় হবা নিদিবি দে…৷’’ এইবোৰ
নৈপৰীয়াবোৰৰ খুব সৰু সৰু সপোন৷ তাকো পূৰণ নহ’ল৷ সিহঁতৰ সপোনবোৰক লৈয়ে এচামে খেলা
কৰে৷ সিহঁতৰ সপোনবোৰক লৈয়ে এচামে নিজৰ সপোনৰ বাট বান্ধে৷ সিহঁতৰ সপোনবোৰক গুৰিয়াই
লঠিয়ায়েই এচামে নিজৰ দালান সাঁজে৷

হচ্‌পিটালৰ পৰা
এদিন সি ওলাই আহিল
, পিছে আগৰ দৰে নহয়, লেঙেৰা হৈ৷
লেঙেৰিয়াই লেঙেৰিয়াই সি উদং ঘৰখনত সোমাল৷ উদং ঘৰখনত সোমাই সি হুকহুকাই কান্দিছিল৷
লগত অহাবোৰে দুঃখ লগাৰ ভাও ধৰিছিল৷ ইয়াৰ পাছতে মানুহটো সি সলনি হ’ল৷ কাকো দেখোন
বিশ্বাসত ল’বই নোৱাৰি৷ যাৰ ওচৰলৈকে যায় সিহঁতৰ সপোনবোৰকে ভাঙি চূৰ-মাৰ কৰি দিয়ে৷
সেই সময়তে নদীখনেও সিহঁতৰ সপোনবোৰ ভাঙিবলৈ আৰম্ভ কৰিলে৷ পাৰ খহাই খহাই এনেকুৱা
কৰিলে
, নৈৰ পাৰৰ গোটেই পথাৰখন নদীৰ বুকুত সোমাল৷ কিছুমানৰতো ভেটি মাটিখিনিও
নদীখনে চুই গ’ল৷ এতিয়া সেইবোৰ মানুহ মথাউৰিটোৰ ওপৰতে থাকে৷ মাটিখিনি নদীৰ বুকুত জাহ যোৱাৰ
পাছত গণেশে চকুৰে সৰিয়হ ফুল দেখিলে– এতিয়া খাম কেনেকৈ
? মূৰে কপালে হাত
দি এইবোৰকে ভাবি থাকোতেই আগতে একেলগে আন্দোলন কৰাকেইটামান আহি ক’লে–‘পুত্‌লা গানৰ
পাৰ্টী এটা খুলং দে৷ মেলা পইচা পাম’৷

পুতলা নাচৰ
পাৰ্টী
? সি পুতলা সাজিব জানে৷ নচুৱাবও জানে৷ সৰুতে সি দেউতাকৰ লগত ভাৰীগানৰ
আখৰালৈ  গৈছিল৷ দেউতাকে খেদায়– ‘ঘৰত যা
,
ঘৰত
যা৷’ সি নাযায়৷ চুচুক-চামাককৈ দেউতাকৰ পিছে পিছে গৈ আখৰাথলী ওলায়গৈ৷ দেউতাকে
দেখিলে গালি খোৱাৰ ভয়ত লুকাই লুকাই ভাৰীগানৰ ভাও লোৱাকেইটাক চাই থাকে৷ চাই
থাকোঁতে থাকোঁতে সেই ভাৱৰীয়াকেইটাকে তাৰ
সঁচা-সঁচি ৰামচন্দ্ৰ
, লক্ষ্মণৰ নিচিনা লাগে৷ বচনবোৰ মুখস্থ হৈ যায়৷
ঘৰলৈ গৈ ফটা কাপোৰেৰে ৰামচন্দ্ৰ
, লক্ষ্মণৰ পুতলা সাজে৷ সেই পুতলাৰে সি
লগৰবোৰক ভাৰীগানৰ পাল্লা দেখুৱায়৷ সকলো ভাৱৰীয়াৰ বচন অকলেই মাতে৷ লগৰবোৰে আচৰিত
হৈ চাই থাকে৷ ভাবে
, ডাঙৰ হ’লে ই ভাৰীগানৰ শিল্পী হ’ব৷ পিছে সময়
বাগৰি যোৱাৰ লগে লগে ভাৰীগানকে মানুহে বাদ দিয়া হ’ল– ‘হেই এইগিলা কায় চায়
? থিয়াটাৰ,
টি
ভি চাই কি ভাল লাগে৷ এতিয়া ভাৰীগানৰ পাৰ্টীবোৰ হামিয়াই হিকতিয়াই বহি থাকে৷ কোনোবাই
মাতিলে যায়
, টকা কেইটামান পায়৷ সি ভাবিলে ভাৰীগানৰ পাৰ্টীটোৱেই যেতিয়া টকা পায়,
পুতলা
নাচ দেখালে তাতকৈও বেছি টকা পাব৷ ধাৰ-ঋণ কৰি সিহঁতে পুতলা নাচৰ পাৰ্টী
খুলিলে৷ সিহঁতৰ পুতলা নাচৰ পাৰ্টীটোৰ কদৰ
আছিল৷ পুতলাবোৰৰ হতুৱাই সি অভিনয় কৰোৱাইছিল মহাভাৰতৰ একো একোটা কাহিনী৷ সেই যে
সকলোকে ৰজা হ’বলৈ লাগে
সেই কাহিনীবোৰ৷ ৰজা হ’বৰ বাবেই কিমানক হত্যা
কৰে
, কিমানক ছল-চাতুৰিৰে বশ কৰে সেই কাহিনীবোৰ৷ ৰজাই প্ৰজাৰ জীৱন-যন্ত্ৰণা,
প্ৰজাই
কটোৱা ভোকৰ উজাগৰী নিশাৰ কথা জানিব নোখোজে
, বুজিব নোখেজে৷
কেৱল তেওঁক ক্ষমতা লাগে৷ এই কাহিনীবোৰেই সি জীৱন্ত ৰূপত পুতলাবোৰৰ সহায়ত
দেখুৱাইছিল৷ তাৰ হাতৰ ইছাৰাত পুতলাবোৰে
লৰ-চৰ কৰিছিল
, নাচিছিল৷ নেপথ্যৰ পৰা ভাহি আছিল নাটকৰ সংলাপ
আৰু সেই সংলাপৰ লগত তাল মিলাই তাৰ হাতৰ ইছাৰাত পুতলাবোৰে মুখ লৰাইছিল
, হাত-ভৰি
লৰাইছিল৷ মানুহবোৰে হাতচাপৰি বজাইছিল ক্ষমতা হস্তগত কৰিবৰ বাবে পুতলাবোৰে কৰা
অভিনয় দেখি৷ তাৰ পুতলা থিয়েটাৰ চাই দৰ্শকে ভাল পাইছিল৷ দৰ্শকে বুজি পাইছিল তাৰ
নাটকৰ ভাষা৷ নাটক চাই থাকোঁতে হাতচাপৰি বজাইছিল৷ নাটক শেষ হোৱাৰ পাছত সকলো পাহৰিও
গৈছিল৷ আচলতে পুতলাবোৰে নিজে নিজে অভিনয় কৰা নাছিল৷ নেপথ্যৰ পৰা সিহঁতৰ দলটোৱে
সংলাপ নিক্ষেপ কৰিছিল
, পুতলাবোৰৰ হাত ভৰিত বান্ধি থোৱা ৰচীবোৰ পৰ্দাৰ
আঁৰৰ পৰা টানি টানি সি পুতলাবোৰক নিয়ন্ত্ৰণ কৰিছিল৷ তাকে দেখি দৰ্শকে হাতচাপৰি
বজাইছিল৷ নাটক শেষ হ’লেই তাৰ গুণমুগ্ধই তাক আগুৰি ধৰিছিল৷ সি অভিভূত হৈ পৰিছিল৷ আঃ
নাটকত দেখুওৱা ৰজাজন যেন সিয়েই৷ তাক বাঃ বাঃ দিলেই সি নিজকে ৰজা বুলি কল্পনা
কৰিবলৈ লয়৷ নিজকে সম্ৰাট বুলি কল্পনা কৰিছিল৷ সেই গুণমুগ্ধৰ মাজৰ পৰাই এদিন তাৰ
কাষত থিয় হৈছিলহি  হীৰামণি৷  অলপ চাপৰ
, তাম বৰণীয়া দেহা,
কিন্তু
গঢ়টো ধুনীয়া৷ তাৰ ভাল লাগি গৈছিল৷ বুকুৰ ভিতৰত পুতলাবোৰে নাচি উঠিছিল৷ পুতলাবোৰে
নাচি থকা কথাটো এদিন সি হীৰামণিক কৈছিল৷ হীৰামণিয়ে হাঁহি দিছিল৷ কৈছিল – মোৰো গান
গাবা মন যায়৷

সেই সময়তে
লগৰসোপাই আহি হেঁচা মাৰি ধৰিলে
, বোলে গণেশৰ ঘৰখন পাতি দিব লাগে৷ এনেকৈ
ঘৰখন কেনেকৈ চলিব
? সিনো কেনেকৈ থাকিব?

সিটা হয় ৰ,
আপি
টা নু
?

কিয়, আমাৰ
যে হীৰামণি৷ দেখা পোৱা নাই
, আমাৰ পাৰ্টীৰ কাম গিলা কেংকা কুৰি ইমান
মজালাগা কুৰি কৰে৷ আৰো ইমান কাৰেক্ট জোখাৰ আপি ক’ত পাবি
? ক তো ক৷

গণেশেও বহুত
ভাবিলে৷ সি অকলশৰীয়া
, তাতে লেঙেৰা৷ কাইলৈ কিবা বিপদ এটা হ’লে চাবলৈকে
কোনো নাই৷  সকলো ফালে চম্ভালিব পৰা ছোৱালী
এজনী বিয়া কৰাই আনিলে অন্ততঃ নিশ্চিন্ত মনে থাকিব পাৰিব৷ সি ‘‘হ’ব’’ বুলি ক’বলৈ
পালেহে
, গোটেইখনে ধৰি মেলি ছোৱালী আনি তাৰ ঘৰত সুমুৱাই দিলে৷ কোনে কি খৰচ
কৰিলে সি গমেই নাপালে৷ ফূৰ্তি কিন্তু সকলোৱে কিছু কৰিলে দেই৷ তাৰো ভাল লাগিল৷
সপোন এসোপা বুকুত বান্ধি হীৰামণিক লৈ আহিছিল তাৰ অকণমানি ঘৰটোলৈ৷ ঘৰটোত আপোন
বুলিবলৈ পুতলাসোপা আৰু হীৰামণি৷ দুদিনমান তাৰ অকণমানি ঘৰটো নানাৰঙী পোহৰৰ মাজত
সোমাই থকা যেন লাগিছিল৷ দুগুণ উৎসাহেৰে সি নতুন নতুন পুতলা তৈয়াৰ কৰিছিল নতুন নতুন
নাটকৰ বাবে৷ পুতলা নাচ দেখুৱাবলৈ য’লৈকে গৈছিল
, হীৰামণিক লগত লৈ
গৈছিল৷ তাইৰ যে গান গোৱাৰ হেঁপাহ৷ হাতলৈ টকা আহিছিল৷ সি ঘৰটো ভালকৈ সজাৰ কথা
কৈছিল৷ হীৰামণিৰ কথা আকৌ ওলোটা৷ ঘৰ সাজি কি হ’ব
? অলপতো উপভোগ কৰি
লওঁ জীৱনটো৷ গণেশে আপত্তি কৰা নাছিল৷ হীৰামণিৰ বাবেইতো সি কৰি আছে এইবোৰ৷ পিছে
পুতলাকেইটা নচুৱাই থকাদি তাকো যে হীৰামণিয়ে নচুৱাই আছিল
, সি গমেই পোৱা
নাছিল৷ হীৰামণিৰ বিলাসিতাৰ দৌৰত তাৰ সমস্ত উপাৰ্জন শেষ হৈছিল৷ বিয়াৰ সময়ৰ ভাল
লগাটো সেই জ্বৰ উঠিলে খাবলৈ দিয়া টেব্‌লেট্‌টোৰ নিচিনা হ’ল৷ ওপৰটো মিঠা
, লাহে
লাহে তিতা হৈ আহে৷ তিতা মানে অকটা একেবাৰে৷ নামটোহে হীৰামণি
,  বাকী স্বভাৱবোৰে হ’লে তাক জুৰুলা
কৰিলে৷ উস্‌ উস্‌ কেতিয়াবা এনেকুৱা ৰূপ ধাৰণ কৰে
, সি চকুৰে
ধোঁৱা-কোৱা দেখে৷ একেবাৰে ত্ৰিভুবন দেখি যায়৷ লাহে লাহে ৰাজনীতি কৰা পাৰ্টী এটাৰ
লগতো তাই জড়িত হ’ল৷ তাক বুজালে আজিকালি ৰাজনীতি কৰিলেহে সুবিধাবোৰ পায়৷ সি একো
নক’লে৷  কেতিয়াবা পাৰ্টীৰ কাম আছে বুলি কৈ
এসপ্তাহলৈ ঘৰমুৱা নহয়েই৷ ক’ত বনাই ফুৰে তাইহে জানে৷ কেতিয়াবা আক’ মতা দুটামানো
ক’ৰবাৰ পৰা লৈ আনে৷ সেইকেইটাই তাৰ ঘৰতে থাকি দগৰি-পিটি খায়৷ খঙত সি গুজৰি-গুমৰি
থাকে৷ তথাপি সি একো ক’ব নোৱাৰে৷ ক’লেই মহাভাৰত আৰম্ভ৷

লাহে লাহে গণেশে
অনুভৱ কৰিছিল তাৰ পুতলা নাচৰ প্ৰতি মানুহবোৰৰ আকৰ্ষণ কমি আহিছে৷ পুতলাবোৰ লৈ
গাঁৱলৈ গৈ সি মাইকত ঘোষণা কৰে – ‘আজিৰ নাটক – ‘দুঃশাসনৰ উৰুভংগ’
, চাবা
আহিবি ৰাইজ
, চাবা আহিবি৷’ সি চিঞৰেহে চিঞৰে, হিলদ’ল
ভাঙি আগৰ দৰে কোনো নাহে৷ কয়– ‘এইবোৰ এতিয়া আউটডেটেড৷ চেটেলাইট চেনেলবোৰত  কিমান ধুনীয়া ধুনীয়া প্ৰগেম দিয়ে৷ ম’বাইলটোতে
ইউ টিউব খুলিলেই হ’ল৷ এইবোৰ কোনে চায়
?’ কাম-বন নোহোৱা বুঢ়াকেইটামান আহে,
বিনা
পইচাতে চাবলৈ লাগে৷ দৰ্শকৰ অভাৱত সিহঁতৰ পুতলা থিয়েটাৰৰ ‘লালবাতি’ জ্বলিল৷ দৰমহা
দিব নোৱাৰা বাবে এজন এজনকৈ সহযোগীবোৰো আঁতৰিবলৈ ধৰিলে৷ এনেকুৱা হ’লগৈ যে চলি
থাকিবলৈকে ধাৰ কৰিবলগীয়া অৱস্থা আহি পৰিল৷ পেটৰ ভোক
, হীৰামণিৰ ফৰমাইচ
আৰু তাৰ মাজতে ধাৰলৈ দিয়া টকাখিনি ঘূৰাই বিচাৰি অহা মানুহৰ তাগিদা৷ সি উশাহ ঘূৰাব
নোৱাৰা মানুহৰ দৰে চটফটাবলৈ ধৰিলে আৰু এটা
সময়ত উপায়হীন হৈ সি থিয়েটাৰৰ সামগ্ৰীখিনিকে এপদ এপদকৈ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে৷ উপাৰ্জনৰ
পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত সি হীৰামণিৰ ফৰমাইচবোৰ পূৰণ কৰিব নোৱৰা হ’ল৷ হীৰামণিৰ
মুখখন অনবৰতে ফুলি থকা হ’ল৷ কথাই কথাই তাক উপহাস কৰা হ’ল৷ সি এটা ‘আউটডেটেড’ মানুহ
আৰু সি কৰি থকা কামটোও ‘আউটডেটেড’৷ এতিয়া আৰু পুতলা নাচ দেখুৱায় নেকি
? তাৰ
বুকুখনত হীৰামণিয়ে দা এখনৰ গাদীটোৰে জোৰেৰে আঘাত কৰা যেন লাগিছিল৷ সি দুখ পাইছিল৷
ভাৰীগান চাবলৈ এতিয়াও মানুহ আহে৷ তাৰ পুতলা নাচ চাবলৈ নাহে কিয়
? অৱশ্যে
ভাৰীগানো বিনা পইচাই চাবলৈ লাগে৷ সেই শিল্পীবোৰৰো অৱস্থা নাই৷ তাৰ এই লাওলোৱা
অৱস্থা
, হীৰামণিৰ  কিন্তু কোনো
প্ৰতিক্ৰিয়া নাছিল৷ হীৰামণিৰ আন্তৰিকতাহীনতাই তাক যন্ত্ৰণা দিছিল৷ পুতলা নাচৰ
থিয়েটাৰখন কেৱল তাৰ উপাৰ্জনৰ আহিলাই নাছিল
, এক প্ৰকাৰ নিচাৰ
দৰে আকৰ্ষণ কৰি নিছিল তাক থিয়েটাৰখনৰ প্ৰতিটো সামগ্ৰীয়ে৷ পুতলাবোৰ একো একোজন
আত্মীয়ৰ দৰে হৈ পৰিছিল৷ অথচ হীৰামণিয়ে ভাবে
, সি কিছুমান
অদৰ্কাৰি বস্তু কঢ়িয়াই লৈ ফুৰিছে৷ সকলোৰে অৱজ্ঞা আৰু ইতিকিং সহ্য কৰিও সি পুতলাৰ
বাকচটো কঢ়িয়াই লৈ ফুৰে৷ কিন্তু কোনেও আগৰ দৰে তাৰ পুতলা নাচ চাবলৈ আগ্ৰহ নকৰে৷
এটা সময়ত অনুভৱ কৰিলে
, সঁচাকৈয়ে সি অদৰ্কাৰি বস্তু কিছুমান কঢ়িয়াই
ফুৰিছে নেকি
? লাহে লাহে পুতলাবোৰকো তাৰ ভাল নলগা হ’ল৷ যিটো
কোঠাত বহি সি ইটোৰ পিছত সিটো চৰিত্ৰৰ বাবে পুতলাবোৰ সাজিছিল
, সেইটো
কোঠালৈ সোমাবলৈ মন নকৰা হ’ল৷ সাঁজিলেও আগৰ দৰে পুতলাবোৰে প্ৰাণ পায় নুঠে৷ চৰিত্ৰ
অনুযায়ী পুতলাবোৰে ৰূপ নেপায়৷  সকলোৰে
একেটা কথা– তোৰ এই পুতলাবোৰৰ শ্ব’ চাই থকাৰ দিন নাই৷ কিমান আকৰ্ষণীয় ৰ’ড শ্ব’ হৈ
আছে
, দেখা নাই? ৰাস্তাত কিমান কিচিমৰ নৃত্য চলি থাকে৷
মিনিষ্টাৰ
, এম এল এ গিলাই ৰাস্তাত নাচে৷  বিনা পইচাই 
চাব পাৰি৷ টিকট কাটি তোৰ এই পুৰণা পুতলাবোৰ চাবলৈ কোন আহিব
? গনেশ
আচৰিত হৈ যায়৷ ইমান গোপনে আৰু ইমান সোনকালে তাৰ ব্যৱসায়টো কোনে কাঢ়ি নিলে
?
কোনে
তাৰ পেটত গোৰটো মাৰিলে
?  ৰাস্তাত
কোনে নাচে এনেকৈ
? কোন এনেকুৱা মানুহ ওলাল যাৰ নাচ চাবলৈ সকলো দৌৰ
মাৰে
? আগতে পগলাবোৰেহে তেনেকৈ ৰাস্তাই-ঘাটে নাচি নাচি ঘূৰি ফুৰিছিল?
কিছুমান
উত্তৰ নোপোৱা প্ৰশ্নই তাক খুন্দিয়ালে৷ হীৰামণিক লৈ যিখন ঘৰৰ সি সপোন দেখিছিল
,
সেইখন
ঘৰেই এতিয়া তাই বিষাক্ত কৰি পেলাইছে৷ বাহিৰতো অশান্তি
, ভিতৰতো অশান্তি৷

দুদিনমানৰ পাছত সি দেখিলে ৰাস্তাত অগণন মানুহ৷ দীঘল শোভাযাত্ৰা৷ কোনোবা ৰাজনৈতিক নেতাই নিৰ্বাচনত
প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে মনোনয়ন দিবলৈ গৈছে৷ ঢোলে-ডগৰে তেওঁক আগবঢ়াই নিছে
সমৰ্থকসকলে৷ সমৰ্থকসকলে নাচিছে৷ মাজে মাজে নেতাজনেও নাচিছে৷ আগতেও নিৰ্বাচন হৈছে৷
নেতাই মনোনয়ন দিবলৈ গৈছে৷ কিন্তু এনেদৰে ৰাস্তাৰ যাতায়াত বন্ধ কৰি
, সাধাৰণ
মানুহক ব্যতিব্যস্ত কৰি মনোনয়ন দিবলৈ যোৱা নাছিল৷ ক’ৰপৰা আমদানি কৰা হ’ল এই নিয়মৰ
?

গণেশে দেখিলে
নেতাই নাচিছে
, সমৰ্থকসকলে নাচিছে৷ কিয় নাচিছে? কোনেও
ক’ব নোৱাৰে৷ যেনেকৈ তাৰ পুতলাবোৰেও নেজানে কিয় নাচিছে৷ মাথোঁ তাৰ হাতৰ ইছাৰাত নাচি
থাকে৷ তাৰ হাঁহি উঠি গ’ল৷ তাৰ সম্মুখত যেন এসোপা পুতলাইহে নাচি আছে৷ হঠাৎ তাৰ মনলৈ
আহিল
, সি পুতলাবোৰ নচুৱালে টকা-পইচা পায়, এই মানুহবোৰেযে
নাচিছে
, তাৰ কাৰণে কোনে টকা-পইচা পায়? টকাবোৰ দিয়ে
কোনে
? আকৌ কিছুমান উত্তৰ নোপোৱা প্ৰশ্ন৷ প্ৰশ্নবোৰৰ উত্তৰ নাপালেই সি
হাঁহাকাৰ কৰি উঠে৷ ভাৰাক্ৰান্ত মন লৈ সি ঘৰলৈ ঘূৰি আহিল৷ ঘৰত সোমায়েই বহুত দিন
বন্ধ হৈ থকা কোঠাটোৰ সম্মুখত সি  থিয় হ’ল৷
হঠাত তাৰ কোঠাটো এবাৰ চাবলৈ মন গ’ল৷ ৰাস্তাত দেখা পুতলাবোৰ আৰু সি নিজ হাতে তৈয়াৰ
কৰা পুতলাবোৰৰ মাজত পাৰ্থক্য বিচাৰি উলিয়াবলৈ মন গ’ল আৰু দুৱাৰখন ঠেলা মাৰি খুলি
দিয়াৰ লগে লগে তাৰ বিস্ময় বিস্ফোৰিত চকুৰ সম্মুখত ধৰা দিলে ধূলি আৰু মকৰাজালেৰে
ঢাক খাই থকা এটা বিধ্বস্ত কোঠা৷ সি কোঠাটোৰ চৌপাশ আকৌ এবাৰ চালে৷ কিছুমান একেবাৰে
অপ্ৰয়োজনীয় লাম-লাকটু
, যেনে দুটা খুটা ভগা, প্ৰায় উঁৱলি যোৱা
আৰু মকৰাই জাল বান্ধি অস্তিত্বই অস্পষ্ট কৰি পেলোৱা এখন চকী চুকটোত লাং খাই পৰি
আছে৷ কাষত ৰছীৰ এটা দ’ম
, তাতো
মকৰাই জাল বান্ধিছে৷ ৰছীও আকৌ দুই প্ৰকাৰৰ৷ এসোপা মোটা মৰাপাটৰ ৰছী আৰু এসোপা ‘টন’
সূতাৰ দৰে মিহি ৰছী৷ ধূলিৰ এটা ডাঠ প্ৰলেপে ৰছীবোৰক বিবৰ্ণপ্ৰায় কৰি পেলাইছে৷ অলপ
আঁতৰত থিয়েটাৰত পোহৰ নিক্ষেপ কৰা কিছুমান টিনপাতৰ সঁজুলি
, কেইটামান নাল
ভগা কাপ আৰু কেইখনমান এলুমিনিয়ামৰ থালি
, মামৰে ধৰা কেইটামান টেমা, নিগনিয়ে
কূটি জৰাজীৰ্ণ কৰি পেলোৱা কেইখনমান বিছনা চাদৰ আৰু এই সমস্ত বিধ্বস্ত সামগ্ৰীৰ মাজত
ধূলিৰ মাজত পোত গৈ  বিবৰ্ণ হৈ পৰা কেইটামান
পুতলা৷ পুতলাকেইটাতো নিগনিৰ আক্ৰমণৰ চিহ্ন বিদ্যমান৷ সকলো সামগ্ৰীতে মকৰাই জাল
বান্ধিছে৷ ক’বলৈ গ’লে গোটেই কোঠাটো মকৰাজালেৰে আবৃত আৰু মকৰাজালবোৰে গোটেই
কোঠাটোকে এলান্ধুময় কৰি তুলিছে৷ অনাদৰ
, অৱহেলাত সম্পূৰ্ণ বিধ্বস্ত এটা কোঠা৷

অথচ
কিছু বছৰৰ আগলৈকে এই কোঠাটো তাৰ সহযোগীসকলৰ উৎসাহভৰা কথোপকথনত প্ৰাণৱন্ত হৈ আছিল
আৰু এই কোঠাটোৰ ভিতৰতে সি এটা ডাঙৰ নাট্যদলৰ মালিক হোৱাৰ সপোন দেখিছিল৷ সেইবোৰ
এতিয়া এক অদৰ্কাৰি অতীত৷ অত্যন্ত
বিস্ময়কৰভাৱে মুহূৰ্ততে হেৰাই গ’ল সেই সপোনৰ মায়াজাল৷ ঠিক মায়াজাল বুলি ক’লে ভুল
কোৱা হ’ব৷ তাতকৈ হেঁপাহ আৰু আকাংক্ষাবোৰ বুলি ক’ব পাৰি৷ এটা অসহ্যকৰ  পঁচা পঁচা গোন্ধ এটা তাৰ নাকত লাগিল৷ কোঠাটোলৈ
সোমাই যোৱাৰ লগে লগে মকৰাজালৰ এঠা এঠা সূতাবোৰ মুখত লাগি ধৰিলে আৰু লগে লগে
মুখখন বিকটাই হাতৰ তলুৱাৰে সি নাক আৰু মুখখনত লাগি ধৰা মকৰাজালৰ এঠা এঠা
সূতাবোৰ এৰুৱাবলৈ আৰম্ভ কৰিলে৷ এক অজ্ঞাত অনীহাৰ বাবে দুৱাৰখন খোলাতো বাদেই
,
কোঠাটোৰ
ফালেই সি মুখ কৰা নাছিল বহুদিন৷ অথচ এটা সময় আছিল
, এই কোঠাটোতে পাৰ
হৈছিল তাৰ পুৱা-গধূলি৷ এই কোঠাটোৰ পৰাই আৰম্ভ হৈছিল তাৰ সপোনবোৰ৷ এই কোঠাটোৰ পৰাই
যাত্ৰা কৰিছিল পুতলাৰ বাকচবোৰ লৈ দূৰ-দূৰণিলৈ৷ চুকটোত খুটা ভাগি পৰি থকা চকীখনত
বহিয়েই সি বিভিন্ন চৰিত্ৰৰ বাবে পুতলাবোৰ তৈয়াৰ কৰিছিল৷ মকৰাজালৰ মাজত সোমাই থকা
ৰচীবোৰেৰে পুতলাবোৰ বান্ধিছিল৷ সেই মিহি ৰছীবোৰৰ সহায়তেই মঞ্চত সি পুতলাবোৰক
নিয়ন্ত্ৰণ কৰিছিল৷ ইচ্ছা অনুসৰি নচুৱাইছিল৷ ইচ্ছা অনুসৰি থিয় কৰাই থৈছিল৷ আৰু
লাইটৰ সৰঞ্জামবোৰ
? কিমান যে কষ্ট হৈছিল সেইবোৰ তৈয়াৰ কৰোঁতে৷
সেইবোৰৰ মাজেৰে ৰঙীণ পোহৰ নিক্ষেপ কৰিবলৈ কিমান যে কাৰুকাৰ্য কৰিবলগীয়া হৈছিল৷
কষ্ট হৈছিল
, কিন্তু আনন্দ আছিল৷ সুখ আছিল৷ তৃপ্তিৰ পূৰ্ণতা
আছিল৷ খুঁটা ভগা চকীখন দাঙি আনি পোনাবলৈ চেষ্টা কৰিলে সি৷ চকীখন বেৰখনত ভেঁজা দি থৈ
বহিব পাৰি নেকি চালে৷ বহুত চেষ্টা  কৰাৰ
পাছত সি নিশ্চিত হ’ল যে ইমান সময়ে সি এটা অলাগতিয়াল কামত লাগি আছিল৷ চকীখন এৰি এইবাৰ
সি পুতলাকেইটাৰ ওচৰলৈ আহিল৷ ধূলি আৰু মকৰাজালেৰে আবৃত পুংলিংগ
, স্ত্ৰীলিংগ ধৰিব নোৱৰা হৈ লাং খাই পৰি থকা
পুতলাকেইটা চুবলৈ এই মুহূৰ্তত সি ইতঃস্ততঃবোধ কৰিলে৷ তাৰ সৃষ্টিৰ আজি এই ৰূপ
?
যিবোৰ
ৰচীৰে পুতলাবোৰ নচুৱাইছিল
, সেইবোৰো পচি গৈছে৷ সামান্য টান এটা
মাৰিলেই হয়তো ছিগি যাব৷ সি অলপ অস্থিৰ হ’ল৷ এনেকুৱা লাগিল
, আৰু কিছুপৰ
কোঠাটোত সোমাই থাকিলে যেন তাৰ উশাহ বন্ধ হৈ যাব৷ এই পুতলাবোৰৰ দৰেই সিও লাং খাই
পৰি থাকিবলগীয়া অৱস্থা হ’ব৷ ভয়তে সি কোঠাটোৰ পৰা দৌৰ মাৰি ওলাই আহিল৷

উঁৱলি যাবলৈ ধৰা
তাৰ ঘৰটোতো এতিয়া ভয়লগা শূন্যতা৷ হীৰামণি 
ঘৰত নথকাৰ দৰেই৷ ক’লৈ যায়
, ক’ত কি কৰে, সি নেজানে৷
কেতিয়াবা ৰাতিপুৱাই ওলাই যায়
, কেতিয়াবা ৰাতিও নাহে৷ আহিলে অৱশ্যে
এসোপা খোৱাবস্তু লৈ আহে৷ সি উদৰ পূৰাই খায়৷ খাই থাকোঁতে তাৰ নিজৰ ভিতৰতে অলপ অস্বস্তি
জাগে৷ যিটো কাম সি কৰিব পৰা নাই
, সেইটো হীৰামণিয়ে কৰিছে৷ তেতিয়া হীৰামণিলৈ
তাৰ মৰম লাগে৷ অন্ততঃ তাৰ কথা তাই ভাবে৷ তাৰ পেটৰ ভোকৰ যন্ত্ৰণা তাই অনুভৱ
কৰে৷ এতিয়াও হীৰামণি নাই৷ ক’ৰবালৈ গ’ল
,
 ঘূৰি অহা নাই৷ তাৰ ঘৈণীয়েকজনীয়ে ক’ত কি কৰি আছে
সি নেজানে৷ অনুক্ত তিক্ততাত সি অলপ অস্থিৰ হ’ল৷ নিজৰ ওচৰতে সি অপমানিত বোধ কৰিলে৷
এই অস্বাভাৱিক জীৱনটোৰ সি সমাপ্তি বিচাৰে৷ এই অনিশ্চয়তাৰ সমাপ্তিৰ বাবে সি অধীৰ হৈ
পৰিল৷ গণেশে গাটোত এটা পোৰণি অনুভৱ কৰিলে৷ আগতে এই মানুহবোৰেই তাৰ পুতলা নাচ চাই
হাতচাপৰি বজাইছিল৷ লোকেল বিধ ধৰি আহিলে পুতলাৰ লগতে এপাক নাচিছিলেও৷ আজি সেইবোৰ
মানুহেই পুতলা নাচক ‘আউটডেটেড’ বুলি হঁহা হ’ল৷ ‘আউটডেটেড’ মানে কি
, সুধিলে হয়তো ক’ব নোৱাৰিব৷ কিন্তু টি ভি আৰু হাতৰ
ম’বাইলটোৱে তেওঁলোকক তেনেকুৱা এটা ধাৰণা লোৱাৰ বাবে বাধ্য কৰাইছে৷ 

হঠাৎ কোলাহল
ভাহি আহিল৷ উৎসুক হৈ সি ঘৰৰ পৰা ওলাই আহি ৰাস্তালৈ  ডিঙি মেলি চালে৷ কিছু সময়ৰ পাছতে দৃষ্টিগোচৰ
হ’ল এটা সমদল৷ এটা ৰাজনৈতিক দলৰ নেতা এজনৰ সমৰ্থনত মাইকত বাজি থকা এটা গীতৰ তালে
তালে সমৰ্থকসকলে নাচি নাচি আহি আছে৷ আজিকালি নিৰ্বাচনবোৰ থিয়েটাৰৰ নিচিনা হ’ল৷ কাহিনী-নৃত্য-গীত
সকলো লাগে৷ ভোটাৰক নচুৱাব নোৱাৰিলে ভোট নিদিয়ে
, এনেকুৱা এটা
ধাৰণা হৈছে৷ মানুহৰ ৰুচিবোধ বিকৃত হৈছে নে সমকালীন ৰাজনীতিয়ে  বিকৃত কৰাইছে
, গণেশে  ধৰিব নোৱাৰিলে৷ সি দেখিলে ডেকা বুঢ়া সকলো
সমদলটোত নেতাজনৰ সপক্ষে মাইকত বাজি থকা গীতটোৰ তালে তালে নাচি নাচি আহি আছে৷ এয়া
এক অননুভূতপূৰ্ব অভিজ্ঞতা৷ কিহৰ তাড়নাত মানুহবোৰে পুতলাৰ দৰে নাচিছে
?  গণেশে তাৰ নিগনিয়ে কূটি বিধ্বস্ত ৰূপ দিয়া
পুতলাকেইটালৈ মনত পেলালে৷ এই পুতলাকেইটাক সি যেনেকৈ নচুৱায়
, তাতকৈ সমদলৰ
নেতা আৰু তেওঁৰ সমৰ্থকসকলে বেছি ভালকৈ নাচিছে৷ ইমান হাই প্ৰফাইল নাচ চোৱাৰ পাছত তাৰ পুৰণা
লেতেৰা,
নিগনিয়ে
কূটা পুতলাবোৰৰ নাচ কোনোবাই চাবনে
? প্ৰথমবাৰৰ বাবে গণেশৰ ভয় লাগিল৷
সঁচাকৈয়ে সিহঁতৰ দৰে মানুহবোৰ অপ্ৰাসংগিক হৈ পৰিছে নেকি
? এইদৰে নাচি নাচি
মূল সমস্যাবোৰ পাহৰি থাকিব নেকি
? এইবোৰৰ পৰিবৰ্তন নহ’ব নেকি? সিহঁতৰ
দৰে মানুহবোৰ জীয়াই থাকিব নোৱাৰিব নেকি
?          

    (আগলৈ)