গোৱিন কুমাৰ খাউণ্ড


( পাঁচ)

পুৱাৰে পৰা জৰিগুৰিত উখল-মাখল পৰিৱেশ। কাৰণটো আন একো নহয়, এখন মদৰ দোকান।
কথাটো হিমানীয়ে পুৱাই কৈছিল যদিও মিলিটেৰীৰ সমুলি গাত লগা নাছিল।  মনে মনে ভাবিছিল কিছুমান কথাৰ পৰা আঁতৰি থকাই
ভাল। অনাহক কথাই মানুহৰ জীৱনটো অস্থিৰ কৰি তুলিব খোজে। পাছতহে বুজি পোৱা যায়
সেইখিনি কথাৰ কোনো প্ৰয়োজনেই নাছিল
;কিন্তু মনটোৱে সহা নাই। যি মদে একোখন ঘৰ, সমাজ, একোটা অমূল্য জীৱন ধ্বংস কৰে সেই মদৰ দোকান এখন ঘৰৰ সমুখতে হোৱা কথাটোয়ে
মিলিটেৰীক খাই মাৰিছে।  উঠি অহা ল
ৰাবোৰ নিগমে মৰিব বুলি ভাবিয়েই মিলিটেৰী
অস্থিৰ হৈ পৰিছে। পঢ়া-শুনা মানুহবোৰে কিয় মদৰ দোকানৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নাই
সেই কথাও বুজি পোৱা নাই। বিপৰীতে  চৰকাৰে
মদৰ দোকানবোৰক বিক্ৰীৰ পৰিমাণ বঢ়াবলৈ নিৰ্দেশ দিছে। সুৰা সেৱনৰ বাবে নতুন
প্ৰজন্মক উচাহিত কৰিছে। যিখন চৰকাৰে মদৰ দোকানীক অসম চলোৱাৰ দায়িত্ব দি মদাহী
সৃষ্টিত গুৰুত্ব দিছে
, ঘৰে ঘৰে
হিতাধীকাৰী সৃষ্টি কৰি অসমীয়াক খোজনীয়াত পৰিণত কৰিব খুজিছে সেইখন চৰকাৰেই আকৌ
ৰাজ্যখনক দেশৰ ভিতৰত পাঁচখন সমৃদ্ধিশালী ৰাজ্য কৰিব খোজে। ড্ৰাগছৰ মুকলি বেহা
,
বাৰীৰ পুখুৰীলৈ কৰ- কাটল,
মানুহে সঁচা কথা মুখ খুলি
ব নোৱাৰে, চৌপাশে অস্বস্তিকৰ পৰিবেশৰ ধ্বজাবাহক সকলে
ক্ষমতাৰ পোতা পুখুৰীত সাধাৰণ মানুহক ডুবাই মাৰিব খোজা স্বত্তেও পঢ়া-শুনা কৰা
মানুহবোৰে বুজি নোপোৱাত মিলিটেৰী ভিতৰি ভিতৰি দহি মৰিছে। বাৰে বাৰে শৰৎ শৰ্মাৰ
মুখখন মনলৈ আহিছে। কিহৰ বাবে শৰ্মা মদৰ দোকানী হ
বলৈ ওলাইছে ভাবি পোৱা নাই মিলিটেৰীয়ে।            এখোজ-দুখোজকৈ মিলিটেৰী গৈ পদূলি মুখ পালেগৈ।
নীলৰ পুতেকলৈ ফোন এটা কৰাৰ কথা ভাবি নম্বৰটো ডায়েল কৰিলে। আছুনেতা মৃগাংকই ক
লে, ”বৰদেউতা…!

 হেৰা তুমি এবাৰ
মোক লগ কৰাচোন জৰুৰীভাৱে মোৰ বৰ বিপদ হৈছে!

 কি বিপদ হৈছে
বৰদেউতা
‘? গা বেয়ানেকি?”

তুমি আহাচোন বাৰু!

আপুনিয়েই আহিবিনেকি? দেউতাই আপোনাক এদিন আমাৰ ঘৰলৈ মতাৰ কথা কৈয়ে
আছিল।

মৃগাংকৰ কথা শুনি মিলিটেৰী ক্ষণিকৰ বাবে নীৰৱে
থাকি ক
লে,””
ব দিয়া। ময়ে 
যাম।
”’

আহিব নহয় ।

যাম যাম। এই গৈছোঁৱেই বুলি ধৰা।

আপোনাক আনিবলৈ লৰা এটা পঠাই দিও মই।

নালাগে, নালাগে। মই নিজেই গৈছো ঁ। “

ঠিক আছে বৰদেউতা।

 মিলিটেৰীয়ে ফোনটো কাটি দি এবাৰ হিমানীক কথাটো
কওঁ বুলি ফোন লগালে যদিও পোনাই ধৰি ক
লে মাই বান্দৰ খেদি
ফুৰিছে। আজি বান্দৰে একেবাৰে তহিলং কৰি পেলালে।

কিমান খেদিবি আৰু?  মাৰক কবিচোন মই
নীলৰ ঘৰলৈ যাম।

কাজিয়া-পেচাল নকৰিব আকৌ। আজি মদৰ দোকানো আৰম্ভ
ব নহয়।

মিলিটেৰীয়ে ফোনটো কাটি দিলে। মদৰ দোকানৰ
বিষয়ে একো নক
ʼলে।  চাইকেলখন লৈ মিলিটেৰী ওলাই গল। বুকুখন পুৰিছে,দহিছে । বহু দিনৰ মূৰত নীলৰ ঘৰলৈ ওলোৱাৰ সময়ত
বাৰে বাৰে মনলৈ আহিছে সেই প্লেনঞ্জাৰ চিটৰ দীঘলীয়া অস্ত্ৰপাতৰ কথা। কেতিয়াবা
এনেকুৱা লাগে সেইখনেই যেন নীলক দুচেও কৰি কটা মূৰটো লৈ চিঞৰি উঠিব- আহ ঐ আহ
,
ওলাই আহ।

তিনিআলিৰ ওচৰ পায়ে দেখিলে উচ্চ স্তৰত মাইকত
বাজি আছে বেপেৰুৱা গান। চাইকেলৰ পেদেল সমূলি নুঘুৰা যেন লাগিছে মিলিটেৰীৰ। ৰাজপথত
এখন সুদৃশ্য তোৰণ। আদৰণী তোৰণখনত বৰ বৰ হৰফেৰে এফালে লিখা আছে – প্ৰগতিৰ বাটেৰে
আৰু এখোজ । আনফালে লিখা আছে -আদৰণি। ওপৰত লিখা আছে
সৰগী ৱাইন শ্বপলৈ
আদৰণী।

তোৰণখন বলিয়া হাতীৰৰূপ ধৰি ভাঙি-চিঙি পেলাবৰ
মন গৈছিল মিলিটেৰীৰ। অঞ্চলটোৰ ঘৰে ঘৰে যেন মদৰ দোকানখনক লৈ সৃষ্টি হৈছে এক অঘোষিত
আনন্দৰ। শৰ্মাহঁতৰ দলীয় নেতা-পালি নেতাৰ গাড়ীবোৰ ধূলি উৰুৱাই পাৰ হৈ যোৱাৰ
সময়তে মাইকত বাজি উঠিল
এঘাৰ বজাৰ লগে
লগেই সৰগী ৱাইন শ্বপ মুকলি হ
ব। গায়ন-বায়ন
আৰু বিহুৱা দলটোক সাজু হ
বৰ বাবে অনুৰোধ
জনালোঁ। ইতিমধ্যে আমাৰ সম্নানীয় অতিথি ডক্টৰ দধী লেখাৰু ছাৰ আহি উপস্থিত
হৈছে।  ছাৰে  সাম্প্ৰতিক সময়ত যুৱ প্ৰজন্মৰ কৰণীয়তাৰ
বিষয়ে এক আলোচনাৰ আগবঢ়াব। অঞ্চলৰ আইমাতৃসকলকো অনুষ্ঠানত অংশগ্ৰহণৰ বাবে বিনম্ৰ
অনুৰোধ জনালোঁ। বিধায়ক মহোদয় আহি পোৱাৰ লগে লগে আমি অনুষ্ঠান আৰম্ভ কৰিম।

মাইকত ভাহি অহা কথাবোৰে উশাহ-নিশাহ বন্ধ কৰি
দিয়াৰ দৰে লাগিল মিলিটেৰীৰ। যিমানেই আগুৱাব খুজিছে সিমানেই ধাৰে ধাৰে চকুলো
ওলাইছে। যিখন ঠাইত সৌ সিদিনালৈকে ঘৰুৱাভাবে মদ খোৱাটো সামাজিক অপৰাধ আছিল
, নামঘৰত মদপীক দণ্ড বিহা হৈছিল সেইখন ঠাইত অসম
আন্দোলনৰ নেতাই মদৰ দোকান আৰম্ভ কৰিছে
সৰগীবুলি। সমাজৰ কিযে
ভয় লগা ছবি।

হঠাৎ চাইকেলৰ চেইনডাল পৰাত  মিলিটেৰীৰ কি কৰিম কি নকৰিম লাগিছে।  চাইকেলখন পথৰ একাষলৈ নিয়াৰ সময়তে শৰ্মা
পৰিয়ালৰ গাড়ীখন পাৰ হৈ গ
ল। মিলিটেৰীয়ে
যেনে-তেনে চেইন ডাল তুলি এবাৰ গাড়ীখনৰ ফালে ঘুৰি চাই মনতে ক
লে, কুকুৰহঁত, মদৰ দোকান
খুলিবলৈকে ইমানবোৰ মানুহক ছহিদ সজালিহঁত।

চেইনডাল তুলি দোপ মাৰি চাইকেলখনত উঠাৰ সময়তে
বিপৰীত দিশৰ পৰা অহা ই- ৰিক্সাখনত বাজি অহা শুনিলে সৰগী উন্মোচনৰ বিজ্ঞাপন- আহক
,
আহক ৰাইজ সৰগীয়ে আমাৰ
বাবে লৈ আহিছে প্ৰগতিৰ বতৰা। আহক তৃপ্তিৰে সৰগীত জুতি ল
ব পাৰিব থলুৱা খাদ্যৰ।

সমুখৰ বতাহ ঠেলি আগবাঢ়িল মিলিটেৰী। ইতিমধ্যে
কেইবাখনো গাড়ী- মটৰ পাৰ হৈ গৈছে। মিলিটেৰীয়ে ভাবি পোৱা নাই মদৰ দোকান এখনক লৈ
অঞ্চলটোৰ শিক্ষিত চামৰ মাজত
, পুৰুষ- মহিলাৰ
মাজত কিয় এই উচাহ। যেন চৰকাৰী আঁচনিৰ হে মেলা বহিছে। গৈ গৈ নীলৰ পদূলি পোৱালৈ
হিমানীয়ে পাঁচবাৰ মান ফোন কৰিলে যদিও মিলিটেৰীয়ে খঙৰ ভমকত গমেই নাপালে।

চাইকেলখন চোতালতে থৈ অস্থিৰভাৱে মিলিটেৰী নীলৰ
ঘৰলৈ সোমাই গ
ল। বাৰন্দাৰ
পৰাই  নীল বুলি মাতিব খুজিছিল  যদিও মাতটো ওলাই নাহিল। সেই সময়তে মৃগাংক ওলাই
আহিল। পিন্ধনত এটা বগা  টি চাৰ্ট
,  লা পেন্ট।

বৰদেউতা পালেহি ?” মৃগাংকই হাঁহি হাঁহি সুধিলে।

কোনোমতে পালোহি। ৰাস্তাত বতাহ- ধুমুহা,ব্ৰজপাত। লেকিন পাৰ হৈ আহিলোঁ মই। পানী এগিলাচ
দিয়াচোন।

ইয়াতে বহক।চকীখনতে বহিবলৈ কৈ পানী গিলাচ আনিবলৈ সোমাই গল মৃগাংক। হুমুনিয়াহ এচাৰি খৰম যোৰ খুলি
পেলালে মিলিটেৰীয়ে । ঘৰখন একেবাৰে ৰিঙা হৈ আছে। মানুহজনী নহ
লে ঘৰখন উদং হৈ থাকে। মিলিটেৰীয়ে ভাবি থকা মতে
আছু লিডাৰৰ ঘৰখন পোহৰ হোৱা নাই। কোনোবা যুগতে চৰকাৰী ঘৰ এটা পাইছিল যদিও নীলৰ
ঘৰুৱা অৱস্থা ক
বলৈ গলে একেই আছে। হোলা-হাগুৰা নীল কংগ্ৰেছ নে
বিজেপি
,এজিপি একো ধৰিব
নোৱাৰাৰ সময়তে মৃগাংক পানী এইগিলাচ লৈ ওলাই আহিল।

লওক বৰদেউতা।

দিয়া, বৰ পিয়াহ লাগি
আহিছে। বহাচোন। নীল নাইনেকি
?”

 শুই আছে। জ্বৰ ।
কেইবাদিনো ধৰি বিছনা ৰ পৰা উঠাই নাই।

তোমাক কথা এটা সুধিবলৈ মাতিছিলোঁ। পিছে তুমি
মাতিলা ভালেই হ
ল। অহাৰ সুযোগ
এটা ওলাল।

আপুনি নাহেই আৰু। দেউতাই কৈ থাকে আপোনাৰ কথা।

 দেউতাৰাক
মাতাচোন।

টোপনি গৈ আছে।

 বাৰু, তোমাক কিয় মাতিছিলোঁ জানানে ?”

জানো বৰদেউতা?”

কেনেকৈ জানিলা তুমি। আছু কৰি তুমি দেখিছোঁ পাগত
উঠিলা। তুমি এতিয়া কি দায়িত্বত আছা
?”

আছুতে 
আছো আৰু…!
মৃগাংকই অনিচ্ছাৰ
লে।

তথাপি…?”  মিলিটেৰীয়ে জেৰা
কৰাৰ দৰে সুধিলে যদিও মৃগাংকই একো নক
ʼলে।

তুমি এটা সহায় কৰিব লাগে। সহায় মানে ধন- বিত,
কাম-কাজত সহায় কৰিব
নালাগে। লেকিন  তিনি আলিত মদৰ দোকানখন
খুলিছে সেইখন বন্ধ কৰিবৰ বাবে স্কুলৰ ল
ʼৰা-ছোৱালীবোৰ উলিয়াই আনিব লাগে। পাৰিবানে। এই মদাহী চৰকাৰখনে আমাক অক্টোপাছৰ
দৰে গিলি আনিছে।  তোমালোক কিয় মনে মনে আছা
,
কিয় শুই আছা ? মদে 
আমাৰ সমাজখন খাই পেলাইছে
, নিঃশেষ কৰি
আনিছে। তোমালোক ল
ৰাবোৰে কিবা এটা
কৰিব নোৱাৰানে
?

মিলিটেৰীৰ কণ্ঠত জ্বলি উঠিব খুজিছিল ক্ষোভৰ
অগনি। সেই অগনিয়ে ঘেৰি ধৰিছিল মৃগাংকৰ আছু সত্ত্বাটোক। চকুৰ আগতে দেখিছে বিদেশী
খেদাৰ বাবে
, অসম চুক্তি
ৰূপায়নৰ বাবে চিঞৰি চিঞৰি  নেতা হোৱা
বহুতেই আজি অসম চুক্তিৰ বিৰোধিতা কৰা দলৰ ৰথী-মহাৰথী। চৰকাৰে অসমীয়া জাতি নিঃশেষৰ
বাবে লোৱা সকলো সিদ্ধান্তই মানি লৈছে গাদ্দাৰবোৰে। এসময়ত আছুৰ সভাপতি
, সম্পাদক হৈ জাতিৰ নামত দপদপাই থকা দালালবোৰ
এতিয়া ৰাজনৈতিক ভৃত্য। সুবিধাৰ বাবেই ৰাজনৈতিক নেতাৰ ভৰি চেলেকি
, চেলেকি ওঠ ফাটি পুজ নিগৰাৰ পাছত কোনোবা জিলা
সভাপতি আনকোনোবা
, প্ৰভাৰী হৈ মূৰ
তললৈ কৰি নিলাজৰ দৰে জীয়াই আছে।

মৃগাংকই একো নমতা দেখি মিলিটেৰীয়ে আকৌ সুধিলে-পাৰিবানে?”

মৃগাংকৰ মুখৰ উত্তৰটো যেন বাষ্প পিণ্ড হৈ ভিতৰৰ
পৰা উফৰি আহিল
নোৱাৰেবুলি। সম্মুখত প্লেনঞ্জাৰ চিটৰ দীঘলীয়া
অস্ত্ৰপাত লৈ থৰক-বৰক খোজেৰে ওলাই অহা হতঙা নীলক প্ৰথমে চিনিবই নোৱাৰিলে
মিলিটেৰীয়ে। নীলই যেতিয়া ওচৰ পাই
সি নোৱাৰে সেইবোৰ কৰিববুলি মিলিটেৰীৰ
ফালে অস্ত্ৰপাত ডাঙি বিবৰ্ণ কায়াৰে চিঞৰি উঠিল তেতিয়াহে ধৰিব পাৰিলে।

নীল…বুলি মাতিম বুলি ভাবিও মাতিব নোৱাৰি ৰৈ আছে
মিলিটেৰী। অসম আন্দোলনৰ বিদ্ৰোহী সৈনিকৰ সেই বিধস্তৰূপ দেখি  সিঁয়ৰি উঠিল খগেন মিলিটেৰী। মেলা চকুৰে হৰহৰকৈ
চকুপানী বাগৰা সময়ত কঁপা কঁপা হাতেৰে দীঘলীয়া অস্ত্ৰপাত মিলিটেৰীক দি ক
লে,” এইখন লৈ যাবি। হিমানীক থৈ দিবলৈ কʼবি।

ঐ তোৰ হৈছে কি ?”

একো হোৱা নাই। নিজৰ ওপৰত ঘিন লাগিছে অʼ এইখন থাকিলে কেতিয়াবা নিজৰ বুকুতে বহুৱাই দিম
মই।
নীলই হুকহুকাই কান্দি
দিলে। মিলিটেৰীয়ে গবা মাৰি ধৰি চকুপানী মচি দিলে। ভিতৰত উচুপি উঠিল আছু নেতা
মৃগাংক।

 কি হল…?” নীলই সুধিলে।

তই কংগ্ৰেছী হোৱাত মই বৰ দুখ পাইছিলোঁ অʼ যিটো দলে শ-শ অসমীয়াক গুলীয়াই মাৰিলে সেই দলৰ
গোলাম তই কেনেকৈ হ
ব পাৰিলি?”

মোৰ উপাই নোহোৱা হৈছিল। ৰত্ন দাই মোক মানা
কৰিছিল কিন্তু এই ঘৰটোৰ আশাতে মই কংগ্ৰেছী হ
ʼলো।

নে মনে থাক নীল। তই কংগ্ৰেছী হলেও আজিও মই তোক
বিদেশী খেদি থকা দেখো। ভাইমন দাৰ সৈতে হাবিত শুই থকা দেখো।

ঐ মিলিটেৰী, তই ওলাই যা মোৰ ঘৰৰ পৰা। মই এতিয়া??”

 তই এতিয়া কি নীল
, কি তই?”

কা সমৰ্থনকাৰী মই। সকলোকে মদ খাবলৈ কওঁ,
চৰকাৰী আঁচনি লৈ ভিক্ষাৰী
বলৈ কওঁ, সৌ সিদিনালৈকে কংগ্ৰেছী হৈ থকা দগাবাজ
মুখ্যমন্ত্ৰীৰ অন্ধ
, গোলাম মই… ঐ
মিলেটেৰী এতিয়া মই শৰ্মাদাহঁতৰ দলৰ মানুহ। সেয়ে কৈছোঁ আমাৰ ই মদৰ দোকান বন্ধ
কৰিবলৈ ল
ৰা- ছোৱালীক
স্কুলৰ পৰা মাতি আনিব নোৱাৰে। ইহঁত নামতহে জাতীয় সংগঠন।  আছুৰ পৰা কিমান নেতা হ
? অসমীয়াই,জাতিয়ে কি পালে।
তই-মই কি পালোঁ। যিবোৰ দলক আমি গণ শত্ৰু বুলি চিঞৰিছিলো
, হুচিয়াৰ হুচিয়াৰ বুলি চিঞৰিছিলোঁ সেইবোৰ দলতে
আজিৰ আছু নেতাই জিন্দাবাদ জিন্দাবাদ কৰে। আছুত থাকোঁতে যিবোৰ কথা কৈ অসমীয়া
মানুহক আবেগিক কৰে
, ৰাজপথলৈ মাতে আছু
এৰি সেইবোৰ কথাকেই আজিৰ আছুয়ে
, জাতীয় দল-
সংগঠনৰ নেতাই এয়া আমাৰ অমূলক দাবী বুলি শিয়াল বাগী মাৰে।

প্লেঞ্জাৰ চিটৰ দীঘলীয়া অস্ত্ৰপাত ক্ৰমে অধিক
চেঁচা পৰি গৈছিল মিলিটেৰীৰ হাতত। বাৰে বাৰে চুই চাইছিল একালত চিকমিকাই থকা
অস্ত্ৰপাত।

নীলই আকৌ কলে, ”মোক চৰকাৰী সাহায্য এটা লাগে চিকিৎসাৰ বাবে । সেয়ে কৈছোঁ, শৰৎদাহঁতক মই অসন্তোষ নিদিওঁ। তেওঁলোকে
কোৱাবোৰেই সত্য
, সঁচা অʼ বৰ কষ্ট পাইছোঁ মই। তই যাগৈ খগেন। তই আমাৰ ঘৰলৈ
অহা বুলি শুনিলে শৰৎ দাই মই পাবলগীয়া সাহাৰ্য্যটো নিদিব।  তালিকাৰ পৰা নামটো কাটি দিব।

নীলই ৰুক্ষ দুহাতেৰে মিলিটেৰীক ঠেলি আনি চোতালৰ
মাজ  পোৱালেহি। মিলিটেৰীৰ হাতৰ পৰা প্লেঞ্জাৰ
চিটৰ অস্ত্ৰপাত মাটিত পৰি গ
ল। বাপেকৰ কাণ্ড
দেখি  হতবাক হৈ পৰিল মৃগাংক। সি মাথোঁন
শিলাস্তম্ভ হৈ ৰৈ থাকিল বহুপৰ।

             ………..

কাৰেন্ট যোৱাত মিলিটেৰী চকু মুদি বহি আছে
বাৰণ্ডাতে। ভাবি আছে কথাবোৰ। সময়ে
, অভাৱে মানুহক কেনেকৈ যে  সলনি কৰে।
হোলা-হাগুৰা নীলৰ মুখখন বাৰে বাৰে মনলৈ অহাৰ সময়ত ভাইমনদাৰ কথাও মনলৈ আহিছে।
ভাইমনদা ছহিদ নোহোৱা হ
লে আজি নীলৰ দৰেই
শৰ্য্যাশায়ী হৈ থাকিলহেঁতেন। অসম আন্দোলনৰ বেছিভাগ মানুহ নীলৰ দৰেই ৰুগীয়া হৈ
পৰিল। বুকুৰ সন্তাপত জহান্নামে গ
ল। অভাৱৰ শিতানত
মূৰ থৈ উচুপি উচুপি শুনি আছিল ইনক্লাৱ জিন্দাবাদ ধ্বনি।  কিছুদিনৰ আগলৈকে মানুহে ভাইমনদাৰ ঘৰখন ছহিদৰ ঘৰ
বুলি

কিঞ্চিৎ সম্ভমৰ চকুৰে চাইছিল যদিও আজিকালি
কোনেও ঘূৰি নাচায়। ঘৰৰ সন্মুখৰ ছহিদবেদীটো হাবিয়ে মেৰিয়াই ধৰিলে। বহুতেই ভাবে
অসম আন্দোলনে জাতিটোক যেনেদৰে অভিজ্ঞ কৰি তুলিব লাগিছিল তেনে নহ
ল। কথাবোৰ ভাবি ভাবি মিলিটেৰীৰ হৰহৰকৈ চকুলো
ওলোৱাৰ সময়তে হিমানীয়ে ফোন কৰিলে।

কোৱামিলিটেৰীয়ে শোক লুকুৱাই গহীনাই কলে।

আহিবা নেকি? পোনাৰো অহা পলম হব বোলে।হিমানীয়ে কলে।

 যাবৰ মনো গৈছে,
যোৱাও নাই।

চিধাকৈ কোৱা,যদি আহা ভাতৰ দিহা কৰিম মই। নাহিলে নকৰোঁ।

কৰিবা।

হুমুনিয়াহ এটা এৰি মিলিটেৰীয়ে টৰ্চ
লাইটতো  জ্বলাই ভিতৰ সোমাই গ
ল। টৰ্চৰ পোহৰতে কাপোৰ সলাই লʼলে। লাইটৰ চুইচবোৰ অফ কৰি দুৱাৰখন বন্ধ কৰি
চাইকেলখন লৈ ওলাই গ
ল । চাইকেলত
উঠিয়েই ভাবিলে
, কিয় আহিছে
হিমানীৰ ওচৰলৈ
? কিয় মন যায়
হিমানী আইতাক লগ পাবৰ
?  এয়া ভাল পোৱা, প্ৰেম নে বিষয় বাসনাৰ ইপাৰে- সিপাৰে থকা
মনোমুগ্ধকৰ সময়ৰ অনাদি পাতনৰ সাধু
? কি, কি এয়া?

বিপৰীত মুখী বতাহত সুৰাৰ গোন্ধ উপঙি পৰাৰ সময়ত
সৰগীৰ ওচৰ পাই শৰীৰৰ সমগ্ৰ তেজ গোট মৰা যেন লাগিল। উচ্চস্তৰত বাজি আছে হিন্দী গীত।
জিকমিক লাইটৰ পোহৰত দেখিলে অঞ্চলৰ বহু মানুহ গোট খাইছে সৰগীৰ চোতালত। স্বয়ং শৰৎ
শৰ্মা  বহি আছে এখন ঘূৰণীয়া টেবুলৰ কাষত।
সমুখত দধী লেখাৰু। ইজন- সিজনে সুৰাৰ বটল কিনি লক্ষ্য স্থানলৈ গতি কৰিছে। কিছুমান
সুযোগৰ অপেক্ষাত ৰৈ আছে।কোনোমতে তিনিআলিটো পাৰ হ
ল মিলিটেৰী। শৰীৰৰ সমস্ত শক্তিৰে পেডেল মাৰি
মাৰি হিমানীহঁতৰ পদূলি পালেগৈ।

চাইকেলখন চোতালতে থৈ বাৰন্দালৈ উঠিবলৈ লওঁতেই
দেখিলে আৰামী বেঞ্চখনত বহি আছে হিমানী। শে
তা পোহৰৰ অনুজ্বল ৰেখা হৈ
জিলিকি আছে হিমানী আইতা ।

কি হ?” মিলিটেৰীয়ে
গহীনাই সুধিলে।

নাই, এনেয়ে বহি আছোঁ।হিমানীয়ে উত্তৰ
দিলে।

নিশ্চয় কিবা এটা হৈছে?”

কিবা হলে তোমাক নকʼমনেকি ? আজিৰ কথাটোৰ বাবে মনটো একেবাৰে ভাল লগা নাই।
মদৰ দোকান এখনৰ বাবে যেন মানুহবোৰে বৰ আশাৰে বাট চাই আছিল।

তাকেহে। অঞ্চলটোৰ সকলো অভাৱ পুৰ হৈ গল আজি। শৰ্মা দা আৰু লেখাৰুক দেখি আহিছোঁ।

হিমানীয়ে একো নকʼলে। দুচকু মুদি বহি থাকিল মাথোঁ। মিলিটেৰীয়ে কলে,” শৰ্মাদাহঁতে হেনো কৈছে মদৰ দোকানখনে  আওপকীয়াকৈ চৰকাৰক সহায় কৰিব? ৰাজ্যৰ অৰ্থনীতিত প্ৰভাব পেলাব।”

  অসমীয়া
ডেকা-গাভৰুবোৰক পংগু কৰিব এইসোপাই। মানুহে এই শিয়ালমখাক যুগে যুগে মনত ৰাখিব
অসমীয়াক মদাহী হ
বলৈ উচাহিত কৰাৰ
বাবে।” হিমানীয়ে লাহেকৈ ক
লে।

মই কিন্তু বহি নাথাকো।” মিলিটেৰীয়ে খঙেৰে
লে।

কো কৰিব নোৱৰা। যত চৰকাৰেই অসমীয়া ধ্বংসত নামি পৰিছে, ঐতিহ্য- পৰম্পৰা বন্ধকত থৈ ভৰিৰ ৰচী ডিঙিলৈ
চপাই আনিছে তাত তুমি বহি থকাই ভাল।

 নীলৰ লৰাটোৰ ওচৰলৈ গৈছিলোঁ আজি।

কিয় ?” হিমানীয়ে খঙেৰে সুধিলে।

বোলো পাৰে যদি মদৰ দোকানখন বন্ধ কৰক। পিছে নীলই
মানা কৰিলে। তাৰ বোলে চিকিৎসাৰ  বাবে
এম.এল.এ টকাকেইটামান দিয়াৰ কথা আছে। সেইবোৰত লাগিলে নামটো কটা যাব !

মিলিটেৰীয়ে কথা কৈ থাকোঁতে হিমানীৰ কাণত বাজি
উঠিছিল নীলৰ সেই ব্ৰজকণ্ঠ। আহ ঐ আহ বুলি যেন নীলই প্লেনঞ্জাৰ চিটৰ অস্ত্ৰপাত লৈ
শৰৎ শৰ্মাক খেদি আহিছে। জৰিগুৰিৰ কণকলতা হৈ আকাশ ফাটি যোৱাকৈ হিমানীয়েও চিঞৰিছে –
আহ ঐ আহ
, ওলাই আহ।

 ভিতৰলৈ যাওঁ বʼলা। মহ পৰিছে। পোনাও অহা বেলি হব আজি। অকলে ঘৰখনত কিবা নিমাওমাও লগাতহে তোমাক
মাতিছিলোঁ কথা এটা ক
ʼম বুলি।

মিলিটেৰী বহাৰ পৰা উঠিব খোজাত হিমানীয়ে আকৌ কলে,” কথাটো কোৱাটো ভাল হʼবনে নহয় তাকে
ভাবিছোঁ।

কথাটো কি?”

মই বৰ অসহায় অনুভৱ কৰোঁ মাজে মাজে। পোনাই
বিয়াখন পতা হ
লেও ভাল আছিল।
দিনক দিনে গা- মন বেয়া হৈ আহিছে মোৰ। সেয়ে ভাবিছোঁ পোনাক তুমি এবাৰ সুধি চোৱাচোন
বিয়াৰ কথা।”

 সেইটোনো কি ডাঙৰ
কথা। আজিয়েই সুধিম ।” মিলিটেৰী আকৌ বহিল।

  তোমাকো মোৰ ডাঙৰ
কথা এটা ক
ব আছে!”
হিমানীয়ে চাদৰৰ আঁচলেৰে মুখখন মোহাৰি ক
লে।

বুজিছোঁ মই।”

বুজিছা যদি বুজামতে কামটো কৰিলে ভাল হব।” 
“হ
, তোমাৰ মতেই কৰিম। এতিয়া যাওঁগৈনে মই।”

ভাত খাই যাবা। তুমি ভালপোৱা কাৰণেই আঁৰি মাছ
আনি থৈছোঁ।”

নালাগে। মই কথাটো বুজিছোঁ যেতিয়া আঁৰি মাছ
নাখাওনেকি
?”

মিলিটেৰীয়ে কথাৰ মাজতে হিমানীৰ সোঁতোৰা পৰিব
খোজা হাতখনত খামোচ মাৰি ধৰিলে। ক
লে,”
হিমানী….!”

 ওম…!”

  মই বুজিছো কথাটো।
কিন্তু…!”

মানুহে বেয়াকৈ আলোচনা কৰিছে। তাতে মই অকলশৰে
থাকো। মই যি দেখিছোঁ মাইকীৰ মৰাশটো অকলে থকাও যুগুত নহয় বুলি ভাবে এইখন
সমাজে।”

মিলিটেৰীয়ে হাতখন এৰি দি ভিতৰ সোমাই যাবলৈ
লওঁতেই ভাইমন দাৰ মাকে কন্দা শুনিলে। মিলিটেৰী বিষন্ন মনেৰে  গৈ ভাইমনদাৰ মাকৰ ওচৰ পালেগৈ।

 

                       ০০০০

মাজনিশা । মৃগাংক তেতিয়াও ঘৰ  আহি পোৱা নাছিল। গুৱাহাটীৰ কিবা প্ৰগ্ৰেমৰ বাবে
চান্দা বিচাৰি ফুৰিছে আছুৰ ল
ৰাবোৰে।   অস্ত্ৰপাত লৈ শেতেলিতে

নীল বহি আছে। যোৱা কেইবাদিনো ধৰি নীল শুব পৰা
নাই। ভৰি- হাতবোৰ টনটনাই আছে। এবাৰ গুৱাহাটীৰ ফালে দেখুৱাই অনাৰ কথা ভাবি আছিল
যদিও বিধায়কৰ অৰ্থ সাহাৰ্য্যৰ তালিকাত নীলৰ নাম এইবাৰো নাহিল।( আগলৈ)