অপ্ট’মেট্রি (Optometry)

 ° বুলজিৎ
বুঢ়াগোহাঁই

 

অপ্টমেট্রি (Optometry)
পাঠ্যক্রমত মানৱ দেহৰ অন্যতম অংগ চকুৰ গঠন আৰু কাৰ্যপদ্ধতিৰ বিষয়ে
অধ্যয়ন কৰা হয়। অপ্ট
মেট্রি পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত
কেৰিয়াৰ গঢ়িব পাৰে। অপ্ট
মেট্রিষ্টসকলে চকুৰ বিভিন্ন ধৰণৰ
ৰোগ নিৰ্ধাৰণৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰে আৰু চকুৰ বাবে আৱশ্যক হোৱা চশমা
, লেঞ্চ আদি প্রদান কৰে। এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হব যে অপ্টমেট্রিষ্টসকলে চকুৰ অস্ত্রোপচাৰ নকৰে

অপ্টমেট্রিৰ
স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত
পৰীক্ষাত পদাৰ্থ বিজ্ঞান
, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞানসহ উত্তীৰ্ণ হব লাগে। অপ্টমেট্রিত চাৰ্টিফিকেট, ডিপ্ল
মা, স্নাতকোত্তৰ আৰু পি. এইচ. ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।

অপ্টমেট্রিষ্টসকলৰ
কিছুমান গুণ থকা দৰকাৰ
, যেনে সহনশীলতা,
আত্মবিশ্বাস, সুন্দৰ দৃষ্টিশক্তি, কৰ্ত্তব্যপৰায়ণতা, নিষ্ঠা, দায়িত্ববোধ,
বৈজ্ঞানিক মানসিকতা, কষ্টসহিষ্ণুতা, অনুসন্ধিৎসু মন আদি।

অপ্টমেট্রিত
শিক্ষা গ্রহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ
অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স,  নতুন দিল্লী (http://www.aiims.edu),
টাচ কলেজ অৱ অপ্টমেট্রি,
মুম্বাই (http://www.lcoo.edu.in), এচ. আৰ.
এম. য়ুনিভাৰ্চিটি
(https://www.srmist.edu.in), এচ এন ডি টি ৱিমেনজ্ য়ুনিভাৰ্চিটি(http://sndt.digitaluniversity.ac),
ভাৰতী বিদ্যাপীঠ (http://optometry.bharatividyapeeth.edu), গান্ধী চকু চিকিৎসালয়, আলিগড় (http://www.gandhieyehospitalaligarh.in),
সীতাপুৰ চকু চিকিৎসালয়, সীতাপুৰ (http://sitapureyehospital.org),এল ভি প্রসাদ আই ইনষ্টিটিউট, হায়দৰাবাদ (http://www.lvpei.org), বিৰলা
ইনষ্টিটিউট অৱ টেকন
লজী (http://www.bits-pilani.ac.in),মণিপাল বিশ্ববিদ্যালয় (http://manipal.edu) আদি।

      অসমৰ শ্রীমন্ত শংকৰদেৱ চিকিৎসা
বিশ্ববিদ্যালয় (
www.ssuhs.in) অধীনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়,
গুৱাহাটী (http://www.gmchassam.gov.in)
থকা  আঞ্চলিক চকু বিজ্ঞান প্ৰতিষ্ঠান (
Regional
Institute of Ophthalmology, RIO), শ্রী শংকৰদেৱ নেত্রালয় (http://www.ssnguwahati.org),  অসম ডাউন টাউন বিশ্ববিদ্যালয় (https://adtu.in) আৰু যোৰহাট জিলাতো অপ্টমেট্রিত শিক্ষা গ্রহণ কৰিব এখন শিক্ষানুষ্ঠান (Ridley College of
Optometry, http://ridleycollegeofoptometry.in )আছে।

এই
শিক্ষানুষ্ঠানবোৰৰত অপ্ট
মেট্রিৰ পাঠ্যক্রমত নামভৰ্তি কৰিব বাবে
প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে। লগতে
নামভৰ্তিৰ বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয়। ছাত্র-ছাত্রী তথা অভিভাৱকসকলে অসমত অপ্ট
মেট্রি
বিভিন্ন পাঠ্যক্রমৰ সবিশেষ জানিবলৈ অসমৰ
শ্রীমন্ত শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৱেবছাইট(
www.ssuhs.in) আৰু অসম চৰকাৰৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট (https://dme.assam.gov.in)- চাব পাৰে। লগতে অপ্টমেট্রিৰ বিভিন্ন পাঠ্যক্রমত শিক্ষা গ্রহণ কৰাসকলে অপ্টমেট্ৰি কাউঞ্চিল অৱ ইণ্ডিয়া (https://optometrycouncilofindia.org)’
ত নাম পঞ্জীয়ন কৰিব পাৰে।

অপ্টমেট্রিৰ  শিক্ষা গ্রহণ কৰি শিক্ষাৰ্থীসকলে চকু
চিকিৎসালয়ত নিযুক্তি লাভ কৰিব পাৰে। চশমা
, লেঞ্চ আদি নিৰ্মাণ
কৰা উদ্যোগ তথা চশমাৰ দোকানতো চাকৰি কৰিব পাৰে। ইয়াৰ উপৰি  অপ্ট
মেট্রিষ্টসকলে ক্লিনিক স্থাপন কৰি স্ব-নিয়োজনৰ ব্যৱস্থাও কৰিব পাৰে।
চিকিৎসা মহাবিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে।

ঠিকনা ঃ

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্কবিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল : buljit@gmail.com

www.buljit.com

 

বি.দ্র.: কেৰিয়াৰ
পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ছয় বজাৰ পৰা ন বজালৈ ফ
ন(৯৪৩৫১৮৮৬৩০)কৰিব
পাৰে।