নিস্তেজ এটা নীলা বিন্দু

  কুশল দত্ত



 

যেতিয়া কোনো এগৰাকী
লেখকক তেওঁৰ সাহিত্যকৰ্মৰ স্বীকৃতিস্বৰূপে সন্মানিত কৰা হয় পৰম্পৰা ৰক্ষা কৰি
তেতিয়া তেওঁ কিয় লিখে জাতীয় এটা কৈফিয়ৎ দিব লগা হয়৷ লেখকে কিয় লিখে
 এই প্ৰসংগত বিশ্বৰ
প্ৰায়সংখ্যক লেখকেই নিজা নিজা অভিমত প্ৰকাশ কৰি আহিছে৷ এই প্ৰসংগত এই অভাজনেও ইতিমধ্যে
অন্য স্থান আৰু কালত কিছু প্ৰাসংগিক বুলি ভবা কিছু কথা উনুকিয়াইছোঁ৷ কালৰ কথা
তাৎপৰ্য্যপূৰ্ণ বুলি ভাবোঁ এইকাৰণেই যে একেটা প্ৰশ্নৰ মই বা আন এগৰাকী লেখকে দিয়া
উত্তৰ তেওঁৰ লেখক জীৱনৰ প্ৰথম পাঁচ বছৰত যি হ
ব পৰৱৰ্তী পোন্ধৰ বা পঁচিছ বা
পঁইত্ৰিছ বছৰত হয়তো কিছু হ
লেও ভিন্ন হব৷ তেনেকৈ স্থানৰ কথাটোও আহিব৷
আমাৰ আঙুলিৰ চাপ যিদৰে অনন্য
, বিশ্বৰ প্ৰায় প্ৰতিগৰাকী লেখকৰ মানসিক পৰিমণ্ডল আৰু
আঞ্চলিক বাস্তৱতাও ভিন্ন৷ স্থান-কালৰ এই ভিন্ন প্ৰেক্ষাপটেৰে আমাৰ ক্ষেত্ৰতো আমি
কিয় লিখোঁ কথাটো যুকিয়াই চাই দেখিছোঁ
 আমি লেখকৰূপে অ, , , খ আৰম্ভ কৰাৰ যোৱা
প্ৰায় তিনিটা দশকৰ পাছত যি দুটা কথাই আমাক আটাইতকৈ বেছিকৈ আকৰ্ষণ কৰিছে তাৰে এটা হ
 এই মহাবিশাল
মহাবিশ্বৰ প্ৰেক্ষাপটত আমাৰ যি মহাক্ষুদ্ৰত্বৰ উপলব্ধি সেয়া
; আৰু আনটো হল এই ক্ষুদ্ৰত্বৰ
উপলব্ধিৰ পাছতো
, এই মহাশূন্যতাক ধাৰণ কৰি লোৱাৰ পাছতো প্ৰতিক্ষণে আৰু
প্ৰতিস্থানে জীৱনৰ অন্য কিছু অৰ্থ
, অন্য কিছু তাৎপৰ্য্য আৱিষ্কাৰৰ
চিৰায়ত বাসনা৷

মহাক্ষুদ্ৰত্বৰ কথা
আহিলেই মনলে
 আহে কাৰ্ল এডৱাৰ্ড ছাগান কথিত নিস্তেজ নীলা বিন্দু’ (Pale Blue Dot)টোৰ প্ৰসংগ (Pale Blue Dot: Vision of the Human Future in Space, 1994)৷ মনলে আহে ১৯৯০ চনৰ ১৪
ফেব্ৰুৱাৰীত মহাকাশযান ভয়েজাৰ ১-এ তোলা পৃথিৱী নামৰ গ্ৰহটোৰ ছবিখনৰ কথা৷ ছয় বিলিয়ন
কিলোমিটাৰ দূৰৈৰপৰা ভয়েজাৰ ১-এ তোলা প্ৰসংগ ছবিখন
, অৰ্থাৎ আমাৰ পৃথিৱী
নামৰ গোলকটো
, যাক দেখা গৈছিল সৰিয়হ গুটিটোতকৈও সৰু, নিস্তেজ এটা নীলা
বিন্দুৰ ৰূপত৷ মহাবিশ্বৰ প্ৰেক্ষাপটত সেই ধূসৰ নীলা বিন্দুটো আৰু সেই বিন্দুটোৰ
প্ৰেক্ষাপটত তাৰ অধিবাসী আমাৰ প্ৰতিজনৰে যি মহাক্ষুদ্ৰ স্থিতি আৰু অস্তিত্ব
 সেই এটা প্ৰসংগ৷
আনহাতে
, দশোদিশৰ এই মহাবিশাল মহাশূন্যৰ মাজত আমাৰ শূন্যসম অস্তিত্বৰ উপলব্ধিৰ পাছতো
আমি যে নিতে পূৰ্ণতাৰ সন্ধান কৰোঁ
, অহোৰাত্ৰ জীৱন আৰু জগতৰ ভিন্ন
অৰ্থ-তাৎপৰ্য্য আৱিষ্কাৰৰ হাবিয়াসেৰে কল্পসিন্ধুৰ সন্ধান কৰোঁ
 এই আন এটা প্ৰসংগ৷
আমাৰ শেহতীয়া ধাৰণাত এই দুই প্ৰসংগৰ উপলব্ধি আমি কিয় লিখোঁ জিজ্ঞাসাৰ হয়তো অন্যতম
প্ৰধান কাৰক৷

         প্ৰতিজন উদ্ভাৱনী
মনৰ মানুহৰে জীৱনৰ অৰ্থ আৰু তাৎপৰ্য্য আৱিষ্কাৰৰ মাধ্যম সুকীয়া সুকীয়া৷ মোৰ
ক্ষেত্ৰত এয়া আংশিকভাৱে সাহিত্য৷ সাহিত্যৰো আকৌ এটি বিধা (
genre) কবিতা৷ লেখকতকৈও
পঢ়ুৱৈ হিচাপে থাকিয়ে বা সাধাৰণজন হিচাপে থাকিয়ে ভাল পাওঁ যদিও মাজে মাজে আমাৰ
সামান্য শকতিৰে পাখি অনুসৰি উৰিবৰ যত্ন কৰি যোৱা প্ৰায় তিনিটা দশকত যি পাৰিছোঁ
শব্দৰূপ ধ্যান-প্ৰকাশৰ যৎসামান্য চেষ্টা কৰি আহিছোঁ৷ কিন্তু মই জানো
, সচেতন নিৰ্মিতিৰ
প্ৰয়াস চলিলেও আমাৰ এই প্ৰয়াস সামান্যৰো সামান্যহে৷ কোনোবা দিনা যদি এটা ভাল কবিতা
লিখিব পাৰিলোঁহেঁতেন
 এই চিৰ অতৃপ্তিৰে অপেক্ষাৰত হৈ থকাৰ দৰে৷ তাৰ পাছতো
আপোনালোকে আমাৰ নিচিনা এগৰাকী সামান্য লেখকৰ
 পকা ধানৰ কিৰীটি’ (২০১৯) লৈ কবি প্ৰদীপ কুমাৰ বৰুৱা বঁটা আগবঢ়োৱা বাবে আমি
পৰম কৃতাৰ্থ৷ মাননীয় নিৰ্বাচক মণ্ডলীক আমাৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ৷
লগতে অসম কবি সমাজৰ প্ৰাক্তন সহঃ সম্পাদক
, প্ৰয়াত প্ৰদীপ কুমাৰ বৰুৱালৈ
সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জনালোঁ৷ অসম কবি সমাজৰ লগতে সমৱেত আপোনালোক আটাইলৈকে বিনম্ৰ
শ্ৰদ্ধা জনাই মোৰ দুৱাষাৰ ইয়াতে সামৰণি মাৰিলোঁ৷
 

(অসম কবি সমাজৰ কবি প্ৰদীপ
কুমাৰ বৰুৱা বঁটা গ্ৰহণ কৰি আগ বঢ়োৱা ভাষণ।যুৱদ
, বৰ পুখুৰী পাৰ, শিৱসাগৰ। ৩০ অক্টোবৰ, ২০২২)