দিলীপ ফুকন

কুঁহিপাত যেন কোমল

স্নিগ্ধতামণ্ডিত এটা কবিতাৰ আয়োজন কৰোঁতেই

বাহিৰত বৰষুণ পৰিল। উৰুলিৰ বৰষুণ।

বাহিৰলৈ চালোঁ

নাই, গছে কুঁহিপাত মেলা নাই

অৰ্কিডে আয়োজন কৰা নাই প্ৰস্ফুটনৰ

কেতেকী চৰায়ে কটা নাই সৰুসূতা,

অথচ

মানুহবোৰৰ মুখত দেখা পালোঁ 

সূৰ্যোদয়ৰ শোভা।

যাৰ বাবে অধীৰ অপেক্ষাত আছিল সমৱেতসকল

অৱশেষত তেওঁৰ প্ৰৱেশ ঘটিল।

অদ্ভুত বেশভূষা।

বিশ্বাস কৰক, মোৰ ভয় লাগিছিল,

কাৰণ অভ্যাগতৰ মূৰৰ এশিঙত লাগি আহিছিল

ঘাঁহ-বন গজা এচপৰা মাটি

ইটো শিঙত তেজৰ চেঁকুৰা।

তথাপি মানুহবোৰে ভাবিলে – সুদিন সমাগত!

বিশ্বাস কৰক সুধীজন

মই কাকো একো বুজাব নোৱাৰিলোঁ

মানুহবোৰ ক্ৰমাগত ঢলি পৰিল

মোৰ কবিতাৰ পাণ্ডুলিপি ৰাঙলী হৈ পৰিল

তেওঁ গৈ থাকিল শিং জোকাৰি

মানুহবোৰৰ গাৰ ওপৰেদি…