চয়নিকা ভূঞা

         

বেলি লহিয়াবৰ হ’ল 

কথাষাৰৰ সত্যতা 

তেতিয়াও বিচাৰ নহ’ল 

অস্তিত্বহীন কথা-বতৰাতে সকলো ব্যস্ত

নঘটিবলগীয়া ঘটনা

এটাক লৈ ইমান হামৰাও

ইমান অতপালি 

কথাবোৰক হানি-খুঁচি নতুন ৰূপ

তায়ো মানি লয় 

মানিবলৈ বাধ্য হয় 

কাৰণ এটাই 

সেয়া জ্যোতিষী ভৱিষ্যদ্বাণী 

কথাবোৰ তেনে হোৱা কথা নাছিল 

কিন্তু হৈ গ’ল

বন্ধকত দিয়া মাটিবিঘাতেই 

সংসাৰৰ জীয়ন  

সময় নিৰুপায় 

উপায়হীন পৰিস্থিতিত

খেৰ কূটাডালো ঈশ্বৰ 

বহুতে বহুতৰ অতীত খোঁচৰে 

বহুতে আকৌ ভৱিতব্যৰ বাণীত সন্তুষ্টি লয়

কথাবোৰে পাক সলায়

আচলতে বাণীবোৰ ওফৰা জেং 

কেতিয়াবা সন্তুষ্ট কৰে 

আৰু কেতিয়াবা অসন্তুষ্ট 

তথাপি

বেংক বেলেঞ্চত মোটা ধনৰ পৰিমাণ 

কাৰণ সেয়া জ্যোতিষীৰ বাণী  ৷৷