ঘিণ ঘিণ দাও ঘিণ

 ধন দাস

কবিতা লিখা নাই 

কথাবোৰ হুবহুকৈ 

যেনেকৈ দেখিছোঁ ঠিক তেনেকৈ

কামটো নোহোৱালৈকে 

ভৰি চেলেকিছোঁ 

তেল পিছলা কথাৰে গছত উঠাইছোঁ

পোকৰত লাগি ফুৰিছোঁ 

কাম শেষ 

সকলো শেষ তাৰ পeছত 

ধিন্‌-চেক ধিন্‌-চেক 

হেণ্ড-শ্বেক 

চৰিত্ৰত চেক 

পাছৰ কথাখিনি 

অহে’ সামাজিক লোক, দেখহ শুনহ

সূত্ৰ =  বচন শুনহ ফে’চবুকত 

           বচন শুনহ ফে’চবুকত 

কাম নোহোৱালৈকে 

ভাতৰ কাঁহীৰ এফালে তেওঁ আনফালে 

কোনটো ফ্লেভাৰ

মজা ক’ত 

প্ৰসাৰ প্ৰচাৰ 

সকলো কৈ শেষ 

সকলো দি শেষ 

বাকী কি থাকিল

কাম শেষ 

এতিয়া লংকাপতি 

সকলো জানো তাৰ কথা 

সি বোলে কবি 

তাক লগ পালে ক’বি 

কবিৰ পাত তৰপে তৰপে খুলিম 

পাছৰখিনি 

সকলোৱে জানে 

অ’হে’ সামাজিক লোক, দেখহ শুনহ 

এহি বুলি হামাৰ এখন কিতাপৰ প্ৰৱেশ দেখহ

গ্ৰন্থমেলাই গ্ৰন্থমেলাই 

ঘিণ  ঘিণ দাও ঘিণ …