বাৰটা পংক্তি

নৃপেন গোস্বামী

জানুৱাৰি

ন বেলিৰ আকাশ

সন্মুখত বৰ্ষৰ খতিয়ান

চাকনৈয়াত বছৰৰ প্ৰতিটো দিনাংক।

ফ্ৰেব্ৰুৱাৰি

সৰুঙাৰে সৰকা কথাটি

শেহৰ পলতহে অনুমেয়

আচলতে আঠাইছটা দিন বৰ কম নহয়।

মাৰ্চ

জীৱন যুঁজৰ নেওতাখন ইয়াতেই আৰম্ভ

কেতিয়াবা সফল

কেতিয়াবা নিস্ফলকৈ উদ্‌যাপন

এপ্ৰিল

পকা ফলৰ  উকা পৃথিৱী

ৰং  বিয়পা মনত কুলিৰ ধ্বনি

খেতিখোলালৈ বুলি যুগল হৈ ধাপলি

বসন্তবাৰ্তা।

মে’

যুগৰ পিছত যুগ

শ্ৰমিকৰ তেজৰ কিৰিলি

এতিয়াও 

তেতিয়াও।

জুন

পুৰি নিয়া দেহাই

গছৰ ছাঁক সোধে

বেলি বহিবলৈ কিমান পৰ।

জুলাই

বাৰীৰ ঢাপ ওখ হ’লেও

ফলৰ গোন্ধে  গৰম বন্ধক স্মৰণ কৰে

দেওবাৰে ফল খোৱা কথা কাৰো মনত নৰয়।

আগষ্ট

দেশ মানেই বন্দিত্বৰ জুমুঠি

স্বাধীনতাৰ স্বপ্ন নেদেখাসকলে

প্ৰায়ে আওৰায় বিভাজন কুটিল চক্ৰান্তৰ ফচল।

ছেপ্তম্বৰ

শীত অহালৈ খৰখেদা

নিয়ৰত তিতা দূবৰিয়ে প্ৰায়েই ফৰকাল আকাশৰ সতে উদ্‌যাপন কৰে ফুলশয্যা।

অক্টোবৰ

নিশিগন্ধাৰ কোমল কবিতাত

গা-ভাৰী ধানে ৰ’দ বিচাৰে

শেৱালিৰ মিঠা তিতাত আহিনৰ চোতাল পূবালী পূবালী।

নবেম্বৰ

শ্যামৰায় আহিব বুলি

যমুনা ওফন্দি উঠিছে

বাঁহীৰ ৰূপ তত্ত্বত

গোসাঁই দিশে দিশে প্ৰৱাহিত।

ডিচেম্বৰ

শেষ ইতিহাসৰে এপৃষ্ঠা

নিহালি এৰি

ৰঙা বেলিত নাম লিখিব নোৱৰাজনৰ আকৌ পণ লোৱাৰ পাল।