যশোৱন্ত
নিপুণ




এৰি অহা
ঠাইবোৰ আকৌ বিচাৰি

ছাঁবোৰো
দীঘল হৈ গুচি গৈছে ।

ইমান খালি
হৈ যাম বুলি জনাহ’লে

বজাৰলৈ
হয়তো কেতিয়াও নগ’লোহেঁতেন ।





সকলো খৰচ
হৈ যোৱাৰ পাছত
 

মোনাখন
খেপিয়াই খেপিয়াই চাওঁ,

হাতত উঠি
আহে এমুঠি শূন্যতা

কেইখিলামান
জৰাজীৰ্ণ পাত

কোনেও
নপঢ়া এখন উঁৱলি যোৱা চিঠি

আৰু তাত
মোৰ বাবে একোৱেই
  নাথাকে ।





এতিয়া
সকলোৱেই বিষাদৰ বাটেৰেই আহে,

আনকি
প্ৰিয় গানৰ কলিটোও কেতিয়াবা

সেই
বাটেৰেই
  দুখৰ ভৰত কুঁজা হৈ আহি ওলায়,

এখন্তেক
জিৰায় আৰু আকৌ উভটি যায় ।

যদি আগতেই
জানিলোহেঁতেন

গান
বোধহয়
  মই কেতিয়াও নুশুনিলোহেঁতেন ।