ৰৌচন আলি

চিঞৰবোৰ গুচি যায়

উভতি নাহে

বিচাৰি ফুৰোঁ

কালি মৰা চিঞৰটো

আদবাটত আজি 

আয়ে তাহানিতে ‘পোনাকণ’ বুলি

মৰা চিঞৰটো বিচাৰিয়েই 

নৈৰ ঘাট পাওঁগৈ

ইপাৰৰ গঁৰাত ঘঁহনি খাই

উভতি আহিছিল যি চিঞৰ

সেই চিঞৰেই তেতিয়া

চিঞৰ হৈ চিঞৰিছিল আমাক !

আদবাটত আঁত হেৰুৱাই 

চিঞৰবোৰ চিঞৰ হৈ গ’ল বাৰু ক’লৈ ?

 চিঞৰবোৰ বিচাৰি থাকোঁতেই

নগৰৰ কোনোবা গলিৰ পৰা

ওলাই আহিল কিছুমান বিকট চিঞৰ  

 শাওনৰ টিকা-ফটা ৰ’দত

পথাৰৰ পৰা মৰা পিতাইৰ চিঞৰটো

আইৰ আঁচলৰ আগেদি 

তাহানিতেই যি গ’ল 

আৰু উভতি নাহিল

উদঙীয়া গৰুৰ নেজত ধৰি কিৰিলিয়াই অহা

ল’ৰাহঁতে মৰা 

চিঞৰ এটাই খেদিছিল 

আবেলিৰ বেলি  

ইপাৰৰ পৰা সিপাৰলৈ মৰা

চিঞৰবোৰ

কোন নাৱৰীয়াৰ নাৱৰ টিঙত

খুন্দা খাই

নৈখন গাভৰু হৈছিল বাৰু?

চিঞৰবোৰ আমাৰ বৰ প্ৰয়োজন আছিল

চিঞৰিব পৰাকৈ 

এতিয়া কোনেও নিচিঞৰেচোন

এনেকৈয়ে গুচি যোৱা চিঞৰবোৰ 

বিচাৰোঁ ফুৰোঁ কেতিয়াবা 

কাৰণ 

আমি চিঞৰ এটা হ’ব পৰাকৈ

চিঞৰিব নোৱাৰিলোঁ

সেয়ে অনাহক চিঞৰি থকাতকৈ

চিঞৰ এটালৈ ৰৈ থকাই ভাল।

ঠিকনা :

সৰুপালেঙী গাঁও

ডাক- দিচাংঘাট (ৰজাবাৰী)

পিন- ৭৮৫৬৭২

শিৱসাগৰ (অসম)

দূৰভাষ- ৯১০১২১১২৩২

মেইল ঠিকনা- rowsonali465@gmail.com