লক্ষী প্ৰসাদ ৰেগন



শব্দ আৰু
চিকমিক বিজুলীৰ ভয়ত
মই গোটেই ৰাতি ডুলি এটাৰ ভিতৰত সোমাই থাকিলো
বাহিৰত কি শব্দ কি পোহৰ
বাপৰে বাপ

নঙলা-মুখৰ বোৱালজোপাত এঘুমটি মাৰিবলৈ অহা
চৰাইজাকো
আধা টোপনি এৰি
আন্ধাৰে মুন্ধাৰে যেনি-তেনি পলাই গ’ল
নিঃশব্দ নিশা সাৰে থাকিল

ঘুনুক-ঘানাককৈ পুৱা শুনিলোঁ
কালি ৰাতি তামোল আৰু নাৰিকল গছৰ পাতবোৰো
হেনো কঁপি আছিল