হৰেকৃষ্ণ ডেকা

 

মোৰ সময় কেতিয়া আৰম্ভ হৈছিল

সেই কথা মই নিশ্চয়তাৰে ক’ব নোৱাৰোঁ।

মই গৰ্ভত স্থান লোৱাৰ মুহূৰ্ততেই

নে সেই মুহূৰ্তত যেতিয়া প্ৰথম চকু মেলি

মই পৃথিৱী দেখিলোঁ!

নাইবা সেই মুহূৰ্তত নেকি

যি মুহূৰ্তত মই সময় শব্দটো শিকিলোঁ?

কিন্তু এটা কথাত মোৰ সন্দেহ নাই,

মোৰ জীৱনৰ এটা সময়-কাল আছে

যি সময়-কাল জীৱন  আৰু মৃত্যুৰ সীমাৰে
নিৰ্ধাৰিত-

কিন্তু এই সময়-কাল জোখাৰ জোখমাৰি

৮২ বছৰ বয়সতো মই বিচাৰি পোৱা

নাই।

মোৰ হিচাপ ভুল হৈ যাব  পাৰে।

***

সময়-কাল= duration