মৃদুল শৰ্মা

মোক চাৰিওফালৰপৰা ঘেৰি ধৰি

ঘৃণাৰে চাই থাকাঁ

যাতে মই মূৰ তুলি চাব নোৱাৰোঁ

কোনো ফালে

পশুৰ সৈতে মোৰ তুলনাৰে

পশুক অপমান নকৰিবা

মানুহ মই কেৱল সিহঁতৰ সৰলতাৰে

পাহৰি গৈছিলোঁ যে সিহঁততকৈ বহু

তলখাপৰ জীৱ মই দুঠেঙীয়া মনিচ

মই ইমানেই মানুহ যে বাৰম্বাৰ অপমান কৰি গ’লোঁ

পৃথিৱীক

আহ্নিক সৰলতাক পাহৰি 

মই উটি গ’লোঁ বিচিত্ৰ ৰঙৰ সোঁতত

প্ৰেমৰ পৱিত্ৰতাক পাহৰি মই সেই প্ৰেমৰে নামত

আৱাহন কৰিলোঁ নিৰন্ধ্ৰ আন্ধাৰক

আৰু এতিয়া মই নিঃসঙ্গ

প্ৰেম হেৰুৱালোঁ পৃথিৱী হেৰুৱালোঁ

মই ইমানেই মানুহ যে বাৰম্বাৰ অপমান কৰি গ’লোঁ

পৃথিৱীক

এতিয়া মই থিয় হ’ম কিহত