অযোধ্যাকথন

স্বপ্নালী কলিতা

“এতিয়া ৰামো নাই, সেই অযোধ্যাও নাই”

ৰাম নথকাৰ বাবে অযোধ্যা নাইকিয়া

হোৱাৰ কথাটো কিবা

গোলমলীয়া

ৰামে অযোধ্যাত যুৱৰাজৰ ভাও কৰা

সময়খিনিত 

তাই হিচাপ কৰি আছিল

নঙলাৰ পৰা কেইভৰি ৰন্ধনশালালৈ

ভিতৰখন, মনৰ গাঁঠিবোৰ কোনোদিন

খোল নাখাবলৈ আঁটি আঁটি বান্ধিছিল

মাঘবিহুৰ পুৱাটো

জুইশালত বহি আলুৰ বাকলি গুছাই

ভাগ লগাইছিল হিচাপে হিচাপে

(সেইখিনিতে কিতাপখনৰ পৃষ্ঠাটো ভাঁজ কৰি থৈছিল)

ৰামৰ বনবাস হ’ল

সেই সময়তে আচৰিত ধৰণে

গাঁঠিবোৰ ঢিলা হ’ল

নঙলাৰ পৰা চোতাললৈ দীঘল পদূলিটো

অপতৃণই ভৰি পৰিল

(অথচ চিকুণ কৰাত কৃপণালি কৰা নাছিল তাই)

পিৰালিৰ পৰা ৰান্ধনিশাললৈ

চকৰি ঘূৰাদি ঘূৰিছিল ৰাৱন

কুম্ভকৰ্ণৰ আহাৰৰ ভাগৰ তেতিয়ালৈ মৰা

নাছিল 

(নহ’লে ভাতৃভক্তিৰ নমুনা দেখুৱাবলৈ

কিমানপৰ!) 

ৰাজমাতাৰ স্থানত স-সম্ভ্ৰমেৰে বহি সুখী

আছিলনে মন্দোদৰী!

(পৃষ্ঠাত আকৌ এটা ভাঁজ)

দেখিছিল বিভীষণ ভয়তে পেঁপুৱা

হৈ দুৱাৰৰ চুক এটাত সোমাই

থক্‌থক্‌কৈ কঁপি আছিল

তথাপি তাই তিনিভাগৰ দুই অংশ উশাহ

গাঁঠিকেইটাত দিছিল

বাকী থকা এক অংশৰে চলিবলৈ

কষ্ট হৈছিল

কিন্তু ‘আনৰ বাবে জীৱলৈ ভাল’ বুলি

সামৰি ৰাখিছিল 

সেইখিনিতে ৰাৱনক বধ কৰিছিল ৰামে

ওভতনি যাত্ৰাত সীতাই দিছিল অগ্নিপৰীক্ষা

সীতাই কথাবোৰ ধৰি থকা নাছিল

(তাইও ধৰি থকা নাছিল সেয়ে)

চলি আছিল অযোধ্যা

চলি আছিল প্ৰজা

চলি আছিল প্ৰজাৰ 

সীতামাতাক লৈ

গুণাগঁথা, সাপখেলৰ উঠানমা

অঞ্চলত গুজৱ উঠিছে

দমননীতিৰ বেৰা ভাঙি তাই

আদিশক্তি হৈছে

নাকি লগাবলৈ চলিছে মেল

তাই পুনৰ মেলি লৈছে এটা পৃষ্ঠা…

সীতাই বসুমতীক কাকুতি কৰিছে –

“ফাটমেলা বসুমতী পাতালে লুকাওঁ

এই ৰামচন্দ্ৰৰ মুখকে নাচাওঁ”

অযোধ্যা আগৰদৰেই চলি আছে

সীতাৰ বাবে প্ৰজাই গোৱা নাই পঁয়াৰ

তাই এইখিনিতে নিজক জোকাৰি চালে

সীতাৰ চৰিত্ৰটো কিতাপসহিতে

সেইখিনিতে সামৰি থ’লে

বসুমতীৰ বুকুৰ বহল ফাঁটবোৰ

এখন কোৰেৰে সমান কৰি নাইকিয়া

কৰিলে তাই

গুজৱ কৰা মানুহবোৰ তাইলৈ চাই 

সেই ফাঁটৰ বুকুৱেদি পাৰ হৈ গৈছে 

ভয়ে ভয়ে

তাই চূড়ান্ত ৰায় দিলে–

অযোধ্যা নোহোৱা হোৱাটো

বিশেষ কথা নহয়

যিহেতু

সীতা তাৰ বহু আগতে 

নোহোৱা হৈছিল

অযোধ্যাৰ পৰা

                          *********

ঠিকনা :

ডাক আৰু গাঁও – বৰটিং নাওশলীয়া

জিলা- গোলাঘাট

পিন-৭৮৫৬২৬

ফোন নং – ৯১০১৮৪০৭৫৭