কিশোৰ বড়ো
(অঁ- অ)
পিৰালিত বহি নখৰ চেপাত ওকণিক
বিদায় জনায়
উৰ্ণা নোলোৱাকৈ গা লৰাই
গাভৰু এজনী পাৰ হৈ যায়
‘অঁ’ হয়নে, আমুক তামুক, ভচুক তচুক’
… জিভাত ফুটে তেতিয়া আৰু এতিয়াৰ পাৰ্থক্যৰ আখৈ
(অঁ- আ)
পিৰালিৰ পৰাই চিঞৰি সোধে— বোলোঁ ভালনে? ক’লৈ
ঢপলিয়াইছে?
মুখামুখি হ’লে
সৌহাৰ্দ্যপূৰ্ণ ভাব বিনিময়
পিঠি দেখুৱাই আঁৰ হ’লেই
জাগ্ৰত মুখে পিৰপিৰায়
‘‘অঁ’ শুনাচোন শুনা, হেন তেন তেন তেন’’
… ই এনে সি তেনে
(অঁ- ই)
পদূলি শুঙা বিনা পইচাৰ বাতৰি
বিলাওঁতাৰ কাণ আৰু বোধৰ দুৱাৰ খোল খায়
বেৰতকৈ যাৰ শ্ৰৱণশক্তি তীব্ৰ৷
শহাকণীয়া৷
পাঁচটা বছৰে দুইৰ পৰা তিনি
নোহোৱা দম্পতিৰ বিছনাৰ বাতৰি বিলায়
‘‘অঁ’ হয়নে, ফুচফুচনি গুণগুণনি’’
… ফালনাৰ হেন ফালনাৰ তেন৷
(অঁ- ঈ)
বিয়লি বেলা বিয়নি মেল৷ দিনে-ৰাতিয়ে
কত কি খেল! শেল মৰা খেল৷
চ’কৰ
চাৰিআলিত হুমুনিয়াহৰ হা-হুতাহ৷ শুকান বালিৰ নদী কথা৷
বানে মহতিয়াই নিয়া খেতিয়কৰ
ব্যথা৷ এইবোৰ বাদ দি—
‘‘অঁ’ শুনা শুনা সৰ্বজন, পেনপেননি থেনথেননি’’
… এই হেন সেই তেন৷ কাকো নক’বা কিন্তু…
বিশ্বস্ত সূত্ৰ৷ নিৰ্ভৰযোগ্য
সূত্ৰ৷ নাম প্ৰকাশত অনিচ্ছুক সূত্ৰ৷
… তথাপি কথাটো ৰাষ্ট্ৰ৷
(অঁ- উ)
কপালত ৰঙা বেলি আঁকি ল’ব
নোৱৰা মহিলাগৰাকীয়ে ই–ৰিক্সা চলায়
দুচকুত অমাৱস্যাৰ ৰাতি এটা
সাৰে থাকে। কপালত মেপে আঁচ টানে
চকা ঘূৰিলেহে চৰু জুহালত
উঠে। ভোকে পেটত কাচিৎ শোৱে
টাৱাৰে ম’বাইলৰ
মুখলৈকে একো আনিব পৰা নাই। লাংফাং কিছু কথাৰ বাহিৰে।
কল্পনা চাওলাৰ বিষয়টোৱে ইয়ালৈকে ঢুকি নাপায়
‘‘অঁ’ শুনাচোন, ছিঃ ছিঃ, ইচ্ আচ্। চিন্তাৰ ফাঁচ’’
(অঁ- ঊ)
খোৱা আৰু কোৱাৰ বাহিৰে
মুখখনৰনো কি আছে কাম
কৰাকে কৰি থকাৰ বাহিৰে
জীৱনটোৰ আছে কি সকাম
(অঁ- ঋ)
গোপাল নোহোৱা কপাল৷ কাৰোবাৰ
কপাল নহয়, চোতাল।
বৈৰাগী বুকুত বেদনাৰ খুঁটিতাল।
বাজে দবা বাজে ভোৰতাল
নক’লেও
বেথা। ক’লেই বাঢ়ে লেঠা
কোনেো নহয় এলাপেচা। পেচাতহে
এলাহ
(অঁ- এ)
ভৰি থ’বলৈ
মাটি নোহোৱা মানুহৰ আকাশ-পাতাল কথা
মাত বেঁকা মুখত কেৱল
নিজৰটোহে চিধা
(অঁ- ঐ)
অঁ’ অ মানে অনিয়ম, অনীহা, অনীতি, অমিল, অসীম
অঁ’ অ মানে অসম কৰিবলৈ বাটতো
কেনি!
অঁ’ সেই বাটটোৰ আছে মাটিৰ তলৰ
এলান্ধু সাধনা
যি সাধনাই তৰপে তৰপে সানি
লৈছে প্রসাধন মুখা।
(অঁ- অ)
পিৰালিত বহি নখৰ চেপাত ওকণিক
বিদায় জনায়
উৰ্ণা নোলোৱাকৈ গা লৰাই
গাভৰু এজনী পাৰ হৈ যায়
‘অঁ’ হয়নে, আমুক তামুক, ভচুক তচুক’
… জিভাত ফুটে তেতিয়া আৰু এতিয়াৰ পাৰ্থক্যৰ আখৈ
(অঁ- আ)
পিৰালিৰ পৰাই চিঞৰি সোধে— বোলোঁ ভালনে? ক’লৈ
ঢপলিয়াইছে?
মুখামুখি হ’লে
সৌহাৰ্দ্যপূৰ্ণ ভাব বিনিময়
পিঠি দেখুৱাই আঁৰ হ’লেই
জাগ্ৰত মুখে পিৰপিৰায়
‘‘অঁ’ শুনাচোন শুনা, হেন তেন তেন তেন’’
… ই এনে সি তেনে
(অঁ- ই)
পদূলি শুঙা বিনা পইচাৰ বাতৰি
বিলাওঁতাৰ কাণ আৰু বোধৰ দুৱাৰ খোল খায়
বেৰতকৈ যাৰ শ্ৰৱণশক্তি তীব্ৰ৷
শহাকণীয়া৷
পাঁচটা বছৰে দুইৰ পৰা তিনি
নোহোৱা দম্পতিৰ বিছনাৰ বাতৰি বিলায়
‘‘অঁ’ হয়নে, ফুচফুচনি গুণগুণনি’’
… ফালনাৰ হেন ফালনাৰ তেন৷
(অঁ- ঈ)
বিয়লি বেলা বিয়নি মেল৷ দিনে-ৰাতিয়ে
কত কি খেল! শেল মৰা খেল৷
চ’কৰ
চাৰিআলিত হুমুনিয়াহৰ হা-হুতাহ৷ শুকান বালিৰ নদী কথা৷
বানে মহতিয়াই নিয়া খেতিয়কৰ
ব্যথা৷ এইবোৰ বাদ দি—
‘‘অঁ’ শুনা শুনা সৰ্বজন, পেনপেননি থেনথেননি’’
… এই হেন সেই তেন৷ কাকো নক’বা কিন্তু…
বিশ্বস্ত সূত্ৰ৷ নিৰ্ভৰযোগ্য
সূত্ৰ৷ নাম প্ৰকাশত অনিচ্ছুক সূত্ৰ৷
… তথাপি কথাটো ৰাষ্ট্ৰ৷
(অঁ- উ)
কপালত ৰঙা বেলি আঁকি ল’ব
নোৱৰা মহিলাগৰাকীয়ে ই–ৰিক্সা চলায়
দুচকুত অমাৱস্যাৰ ৰাতি এটা
সাৰে থাকে। কপালত মেপে আঁচ টানে
চকা ঘূৰিলেহে চৰু জুহালত
উঠে। ভোকে পেটত কাচিৎ শোৱে
টাৱাৰে ম’বাইলৰ
মুখলৈকে একো আনিব পৰা নাই। লাংফাং কিছু কথাৰ বাহিৰে।
কল্পনা চাওলাৰ বিষয়টোৱে ইয়ালৈকে ঢুকি নাপায়
‘‘অঁ’ শুনাচোন, ছিঃ ছিঃ, ইচ্ আচ্। চিন্তাৰ ফাঁচ’’
(অঁ- ঊ)
খোৱা আৰু কোৱাৰ বাহিৰে
মুখখনৰনো কি আছে কাম
কৰাকে কৰি থকাৰ বাহিৰে
জীৱনটোৰ আছে কি সকাম
(অঁ- ঋ)
গোপাল নোহোৱা কপাল৷ কাৰোবাৰ
কপাল নহয়, চোতাল।
বৈৰাগী বুকুত বেদনাৰ খুঁটিতাল।
বাজে দবা বাজে ভোৰতাল
নক’লেও
বেথা। ক’লেই বাঢ়ে লেঠা
কোনেো নহয় এলাপেচা। পেচাতহে
এলাহ
(অঁ- এ)
ভৰি থ’বলৈ
মাটি নোহোৱা মানুহৰ আকাশ-পাতাল কথা
মাত বেঁকা মুখত কেৱল
নিজৰটোহে চিধা
(অঁ- ঐ)
অঁ’ অ মানে অনিয়ম, অনীহা, অনীতি, অমিল, অসীম
অঁ’ অ মানে অসম কৰিবলৈ বাটতো
কেনি!
অঁ’ সেই বাটটোৰ আছে মাটিৰ তলৰ
এলান্ধু সাধনা
যি সাধনাই তৰপে তৰপে সানি
লৈছে প্রসাধন মুখা।
শ্ৰব্য ৰূপ