মুনমুন সৰকাৰ শইকীয়া

বোন্দাপৰ দিয়া ৰাতিটো 

হাঁহি-কান্দি কান্দি-হাঁহি সি
কৈ আছে আৰু কৈ গৈছে
তাৰ কলা
বৰণৰ
আঁৰৰ কাহিনী।

 

তাৰ কাহিনীত বুৰ গৈ
ময়ো ৰাতিৰ বৰণ লৈছোঁ;
মোৰ দাঁত আৰু
হাতৰ
ভৰিৰ
নখকেইটাৰ বাহিৰে
মোৰ সৰ্বত্ৰ এতিয়া ৰাতিৰ ৰঙৰ
আধিপত্য।

 

মোৰো কবলগীয়া
আছিল

এন্ধাৰৰ আঁৰৰ কাহিনী।

নোৱাৰিলোঁ
,
মই এটা ৰাতি হ
নোৱাৰিলোঁ।

 

মাগুৰ বৰণীয়া জঁকাটো লৈ
মই বাৰু
কি ক  

 

কোনে শুনিব
শুনিব  কোনে

ঠিকনা
:

মিছামৰা, গোলাঘাট৷