ভালপোৱা অথবা সমুদ্ৰ কথা

 ৰুদ্ৰ সিংহ মটক

একো নাজানো যদিও ক’বলৈ ক’লে মই
ভালপোৱাৰ কথাই কম এবেলামান


যদিও ভালপোৱাৰ বিষয়ে বিশেষ একোৱেই নাজানো, মাথো জানো
ভালপোৱা খাদ্যবোৰ চাকি চাবলৈকে ভগৱন্তই জিভাখন
দিছে
ৰসাল মাঘী কুঁহিয়াৰ চোবাবলৈকে বত্ৰিশটাকৈ দাঁত

অ ক’বলৈকে পাহৰিছিলো, ভালপোৱাৰ দৰে ভাল আন একো নাই এই ধূলিমাটিৰ
পৃথিৱীত
ভালপোৱা কাব্যময় জ্যোৎস্নাছায়াৰ দৰেই অদ্ভূত সুন্দৰ
ভালপোৱাৰ গুণ-গান কৰিবলৈকে আমাক মুখ দিছে ভগৱন্তই

আৰু কি জানা, পিতাই হেনো মোৰ মাক ভালপোৱাৰ পিছতহে পৃথিৱী আৰু আকাশখন ধুনীয়া দেখিছিল
ভালপোৱাৰ পোহৰত ধুনীয়া হৈ পৰা মা-পিতাক চাবলে আবেগ বিহ্বল জোনটো হেনো এন্ধাৰৰ আঁৰ
লৈ চতিয়না পাতৰ ৰূপৰ নাওখনলে নামি আহিছিল ততাতৈয়াকৈ

আৰু গাঁৱৰ কাষৰ যে নাৰিকলপতীয়া নৈখন, আনন্দতে নাচি নাচি
মা-দেউতাৰ বুকুৰেই হেনো দূৰৈৰ সাগৰ ধিয়াই আপোন মনে বৈ গৈছিল অবিৰাম

কেতিয়াবা ভাবোঁ বগা ঢকঢকা বালিচাপৰি দেখি থমকি ৰোৱা তৰাং নৈ নহয়,
সুগভীৰ ভালপোৱাৰ সাগৰতীৰত বান্ধিব পৰা হ’লে ভৰযৌৱনৰ লঙ্গৰহীন মোৰ এই জীৱন
জাহাজ….


পিছে কিয় নাজানো, মায়ে নুশুনাকৈ দেউতাই মোক নাৰী আৰু সমুদ্ৰৰ
প্ৰেমত নপৰিবলৈ কৈছিল দঢ়াই দঢ়াই

নাৰী আৰু সমুদ্ৰক ভাল পাবলৈ হ’লে মানুহৰ হৃদয় হেনো দহ-দিগন্তৰ দৰেই বিশাল
ব লাগিব; সাগৰ তলিৰ দৰেই শান্ত হ’ব লাগিব পুৰুষৰ বুকুৰ প্ৰেমৰ উৰ্মি

কোনে জানে হয়তো এয়ে সত্য জীৱনৰ-
দহো আঙুলিৰে দশোদিশে ভালপোৱাৰ ৰ’দ আৰু বসন্তৰ সুঘ্ৰাণ
বিলাই দিবলৈকে জন্ম প্ৰতিজন প্ৰবুদ্ধ পুৰুষ আৰু অন্তৰতমা পৃথিৱীৰ
আজন্ম প্ৰেমিক

স্ফিংক্সৰূপী সূৰ্যৰ

                  
০০০

 

 

ঠিকনা

অম্বিকাগিৰি নগৰ, ত্ৰিবেণী পথ,গুৱাহাটী
পিন৭৮১০২৪ ,
ফোন
৭০০২৩০৩৮৮২