দাদুল দেৱকৃষ্ণ

(যোৱা সংখ্যাৰ পিছৰ অংশ) 


পুৱাৰ চাহৰ পিয়লাটো আৰু
বাতৰি কাকতখন নহ
লে দিনটোৰ আৰম্ভণি
উকা উকা লাগে। চাহৰ পিয়লাটো হাতত লৈ বনানিৰ দেউতাকে বাতৰি কাকতখনৰ শিৰোনামবোৰত
চকু ফুৰায়। দুই
এটা
গুৰুত্বপূৰ্ণ বাতৰি পঢ়ি বাকীখিনি
পাছত পঢ়িবলৈ বুলি এৰে। আজি পুৱাও তেওঁ বাতৰি কাকতখনত চকু
ফুৰাইছে। তেনেতে চাহৰ পিয়লা লৈ বনানি হাজিৰ। দেউতাকলৈ বুলি পিয়লাটো আগুৱাই দি
তাই ক
লে— “আজি কিন্তু মোক কালি ৰৈ যোৱা
প্ৰকৃতি বিষয়ক কথাখিনি ক
ব লাগিব
বনানিৰ দেউতাকে হাঁহিলে আৰু কলে— “ম ৰবা। আগেয়ে চাহখিনি শেষ কৰি
লওঁ
ফিকাচাহখিনি শেষ কৰিলে বনানিৰ
দেউতাকে। বনানিয়ে পৰম আগ্ৰহেৰে চাই আছে তেওঁৰ মুখলৈ। সেয়ে পলম কৰিব নিবিচাৰিলে
তেওঁ।
— ‘‘কালি আমি কি কথা পাতিছিলোঁ?’’
— ‘‘প্ৰকৃতি কি, প্ৰকৃতি কাক বোলে আদি
পাতিছিলোঁ।
’’
— ‘‘আজি কি পাতিম?’’
— ‘‘আপুনিহে জানিব।’’
‘‘আজি আমি প্ৰকৃতি কি, সেই কথা অনুভৱ কৰিবলৈ শিকোৱা
পৃথিৱীৰ বিষয়ে পাতিম। হ
বনে?’’— বনানিক সুধিলে দেউতাকে।
‘‘কওক আকৌ সোনকালে। মোৰ জানিবলৈ
মন গৈছে।
’’বনানিয়ে কয়।
— ‘‘তুমি প্ৰথমেই কোৱাচোন, পৃথিৱী মানে কি?’’
— ‘‘পৃথিৱী এটা গ্ৰহ।’’
— ‘‘পৃথিৱী কত আছে?’’
— ‘‘সৌৰজগতত আছে। এইটোনো
সুধিবলগীয়া প্ৰশ্ননে!
’’
বনানিৰ
হাঁহি উঠে।
‘‘কেই নম্বৰ গ্ৰহ?’’— দেউতাকে পুনৰ সোধে।
‘‘তিনি নম্বৰ গ্ৰহ।’’বনানিৰ উত্তৰ।
‘‘বৰ ভাল। এতিয়া তোমাক মই
পৃথিৱীৰ বিষয়ে ক
ম। কাৰণ একমাত্ৰ
পৃথিৱীতহে জীৱন আছে বুলি কোৱা হয়। একমাত্ৰ পৃথিৱীতহে প্ৰকৃতি আছে বুলি কোৱা হয়।
তুমি শুনি যোৱা দেই।
’’
বনানিৰ
দেউতাকে পৃথিৱীৰ কথা ক
বলৈ আৰম্ভ কৰে।
বৰ্তমানলৈকে যিমানবোৰ
বৈজ্ঞানিক অনুসন্ধান চলোৱা হৈছে
,
এই সকলো
অনুসন্ধানৰ অন্তত জনা গৈছে যে
,
পৃথিৱীয়েই
হৈছে জীৱন সম্ভৱ হোৱা একমাত্ৰ গ্ৰহ। এয়া অৱশ্যে বৰ্তমানলৈকে চলা অনুসন্ধানৰ কথাহে
দেই। ভৱিষ্যতে কি তথ্য পোৱা যাব
,
সেই কথা
আমি নাজানো। পৃথিৱীৰ প্ৰাকৃতিক বৈশিষ্ট্যৰ বিষয়ে এতিয়াও বহু গুৰুত্বপূৰ্ণ বিষয়ৰ
অনুসন্ধান বাকী। সৌৰজগতৰ তৃতীয়টো গ্ৰহ হিচাপে নিজৰ অস্তিত্ব বৰ্তাই ৰখা পৃথিৱী
হৈছে আটাইতকৈ ডাঙৰ ভূত্বকীয় গ্ৰহ (
terrestrial planet)তদুপৰি ই হৈছে অধিক ঘনত্বযুক্ত গ্রহ। সৌৰজগতৰ চাৰিটা কঠিন
গ্রহৰ অন্যতম হৈছে পৃথিৱী। পৃথিবীক
বিশ্ববা নীলাগ্রহবুলিও কোৱা হয়। ইংৰাজী ভাষাত
Earth নামেৰে পৰিচিত। গ্রীক
ভাষাত কোৱা হয়
গাইয়া লেটিন ভাষাত পৃথিৱীৰ নাম টেৰা’ (Terra)
‘‘বাহ্ বঢ়িয়া নাম। গাইয়া আৰু
টেৰা।
’’বনানিয়ে কৈ উঠে।
‘‘গাইয়া মানে কি
জানিবলৈ মন গৈছেনে তোমাৰ
?’’—
দেউতাকে
সোধে।
— ‘‘গৈছেতো। কোৱাচোন।’’
— ‘‘শুনা তেন্তে।’’
গাইয়া হৈছে গ্রীক পুৰাণত
বর্ণিত পৃথি
ৱী দেৱী। পৃথিৱী আৰু বিশ্বব্রহ্মাণ্ডৰ জন্মদাত্রী তথা সৃষ্টিকাৰিণী। গাইয়াৰ লগত আকাশ দেৱতা
য়ুৰেনাছৰ
বিবাহ
সম্পন্ন হয়। তেওঁলোকৰ সন্তান হৈছে
টাইটান, শতভুজ দৈত্য আৰু
কাইক্ল
প্স।
‘‘য়ুৰেনাক আমি গ্ৰহ বুলিহে জানো।’’বনানি আচৰিত হৈ দেউতাকৰ ফালে
চায়।
— ‘‘হয়, য়ুৰেনা সৌৰজগতৰ গ্ৰহ। কিন্তু গ্ৰীক পুৰাণৰ মতে য়ুৰেনা আকাশ দেৱতা। য়ুৰেনাৰ গ্ৰীক অর্থ হৈছে আকাশবা স্বর্গ অৰ্থাৎ য়ুৰেনা আছিল আকাশ আৰু
স্বর্গৰ আদি গ্রীক দেৱতা। ৰোমান পুৰাণ অনুসৰি
য়ুৰেনাৰ সমকক্ষ দেৱতা হৈছে ছালুচ।
প্রাচীন গ্রীক সাহিত্য অনুসৰি
য়ুৰেনা বা আকাশপিতা ধৰিত্ৰী দেৱী গাইয়াৰ পতি। অৱশ্যে কোনো কোনো
ঠাইত গাইয়াক
য়ুৰেনা
মাতৃ আছিল বুলিও কোৱা হয়। কোনো কোনো উৎস অনুসৰি
য়ুৰেনাৰ পিতাক হিচাপে আইথাৰৰ
নাম
উল্লেখ কৰা দেখা যায়। পোন্তুচ আৰু উৰেয়া য়ুৰেনাৰ সহোদৰ। টাইটান বা টিটান, কাইক্লপ্স, মালিয়ে, ইৰিনেইচ, গিগান্তেচ, শতভুজ দৈত্য আৰু এফ্রদাইটি য়ুৰেনাৰ সন্তান।
দার্শনিক কিকেৰোৰ মতানুযায়ী য়ুৰেনা আইথাৰ আৰু হেমেৰাৰ
সন্তান। অর্ফিউছৰ শ্লোকত
য়ুৰেনাক ৰাতিৰ দেৱী নিক্সৰ পুত্র হিচাপে উল্লেখ কৰা হৈছে। পৰৱর্তী
সময়ত গাইয়াৰ চক্রান্তত পুত্র ক্র
নুচৰ দ্বাৰা সিংহাসনচ্যুত হয়। য়ুৰেনা আৰু গাইয়াৰ সন্তান হৈছে
তিনিজন শতভুজ দৈত্য
, তিনিজন কাইক্লপ্স আৰু বাৰজন টাইটান
বা টিটান।
’’
‘‘, দেউতা;
আপুনি
প্ৰকৃতিৰ পৰা গৈ গ্ৰীকৰ পুৰাকথা পালেগৈচোন।
’’বনানিয়ে দেউতাকক উভতি ধৰে।
— ‘‘তোমাক সকলো জনাওঁ বুলিয়েই কৈ
আছোঁ। প্ৰকৃতিৰ লগত এইবোৰ কথা আৰু কাহিনীৰো সম্পৰ্ক আছে। তোমাক সকলো কৈ যাম এফালৰ পৰা।
’’
— ‘‘শুনি ভাল লাগিছে মোৰ।’’
‘‘ভাল লাগিবই। বৰ ধুনীয়া
কাহিনী আছে। কিন্তু আজিলৈ ইমানতে সামৰোঁ। মোৰ কাম আছে। তোমাক আকৌ ক
ম প্ৰকৃতিৰ কথা। হবনে?’’— বনানিৰ দেউতাকে কয়।
— ‘‘ব বাৰু দিয়ক। মই তেন্তে এতিয়া বাতৰি কাকতখনকে চাওঁ।’’
বনানিয়ে বাতৰি কাকতত চকু
ফুৰাবলৈ ল
লে। দেউতাক বাৰীৰফালে
ল। বাৰীত কাম আছে তেওঁৰ।
(অহা সংখ্যালৈ বাট চোৱা)