ৰিপুঞ্জয় বৰদলৈ
— “ছাৰ, আপুনি যে ক’লে বিশ্বব্ৰহ্মাণ্ডখনত অনন্ত কোটি তাৰকাৰাজ্য আছে… আৰু নিতৌ তাৰকাৰাজ্যৰ গঠন আৰু
মৃত্যু ঘটি আছে বুলি?”
মৃত্যু ঘটি আছে বুলি?”
— “হয়,
তুমি ঠিক
কৈছা অসীম। আজিৰ তাৰিখত বিশ্বব্ৰহ্মাণ্ডত কিমানখন সৌৰজগত আছে, তাক কোৱাও অসম্ভৱ যেন
কথা। কাৰণ আমাৰ বিশ্বব্ৰহ্মাণ্ডখন বেলুনৰ দৰে প্ৰসাৰিত হৈ গৈ আছে।”

— “ছাৰ, বেলুন ফুটাৰ দৰে এটা সময়ত বিশ্বব্ৰহ্মাণ্ডখনো ফুটি যাব নেকি?”
— “ধেৎ নীলোৎপলে যে কি কথা কয়! বিশ্বব্ৰহ্মাণ্ডখন কেতিয়াবা ফুটিব
পাৰে নেকি?”
পাৰে নেকি?”
— “নহয় অ’
অসীম। নীলোৎপলে
ধেমালিতে ক’লেও
সঁচা কথাই কৈছে। বিন্দুৰ পৰা আৰম্ভ হোৱা বিশ্বব্ৰহ্মাণ্ড এটা সময়ত প্ৰসাৰণৰ অন্তিম
স্তৰ লাভ কৰি বিস্ফোৰিত হৈ পুনৰ বিন্দুলৈ পৰিৱৰ্তন হ’ব। ইয়াকে মহানাদ বিস্ফোৰণ বা ছুপাৰন’ভা বোলা হয়।”

— “ছাৰ,
সীমাহীন
যেন লগা এই বিশ্বব্ৰহ্মাণ্ডত জীৱ থকা পৃথিৱীয়েই একমাত্ৰ গ্ৰহ নেকি?”

— “নীলোৎপল,
আমাৰ সৌৰজগতখনকে
আমি ভালদৰে চিনি পোৱা নাই তেনে স্থলত তুমি কেনেকৈ ধৰিবা যে পৃথিৱীতে অকল জীৱ আছে?”

— “ঠিক… ঠিক, অসীম। তুমি কৰা চিন্তাটো যুক্তিসংগত।”
— “তেনেহ’লে ছাৰ, মাজে–সময়ে জ্যোতিৰ্বিজ্ঞানীসকলে
আৱিষ্কাৰ কৰি থকা পৃথিৱীৰ সহোদৰ
যেন লগা গ্ৰহবোৰত জীৱ আছে নেকি?”
আৱিষ্কাৰ কৰি থকা পৃথিৱীৰ সহোদৰ
যেন লগা গ্ৰহবোৰত জীৱ আছে নেকি?”
বিদ্যালয়ৰ জিৰণি সময়ত কেণ্টিনত চাহৰ সোৱাদ লৈ থাকোঁতে অষ্টম মানৰ সীমান্ত আৰু
নীলোৎপলে মোৰ লগত পতা উক্ত কথাখিনিৰ শেষৰ প্ৰশ্নটোৱে মোক এটা প্ৰবন্ধ লিখিবলৈ বাধ্য
কৰালে। পৃথিৱীৰ দৰে অন্য গ্ৰহ নাইনে, য’ত জীৱৰ বসবাস আছে? শিশু দুজনৰ মনত খেলোৱাৰ দৰে জ্যোৰ্তিবিজ্ঞানীসকলে
এই প্ৰশ্নৰ উত্তৰ বিচাৰি ২০০৯ চনত মহাকাশলৈ কেপ্লাৰ মহাকাশ দূৰবীন উৎক্ষেপণ কৰিছিল। কেপ্লাৰ দূৰবীনৰ লক্ষ্য আছিল হাতীপটি তাৰকাৰাজ্যত পৃথিৱীৰ দৰে
কিমানটা গ্ৰহ আছে। সম্পূৰ্ণ ন বছৰ ধৰি অধ্যয়ন কৰাৰ পাছত কেপ্লাৰ মহাকাশ দূৰবীনক ২০১৮
চনৰ অক্টোবৰ মাহত অৱসৰ প্ৰদান কৰা হয়। এই সময়ছোৱাত কেপ্লাৰে ২,৬৬২ টা পৃথিৱীৰ দৰে গ্ৰহ
আৰু ইয়াৰ সৌৰজগতৰ বিষয়ে তথ্য প্ৰদান কৰিছিল। এই প্ৰকল্প লোৱাৰ আগতেও জ্যোৰ্তিবিজ্ঞানীসকলে
হাব্ল মহাকাশ দূৰবীন বা অন্য
দূৰবীনৰ সহায়ত ১৯৯৫ চনলৈকে ৩,৬৯৪ টা গ্ৰহ আৰু এই গ্ৰহবোৰ ঘূৰি থকা ২,০০০ টা নক্ষত্ৰ আৱিষ্কাৰ
কৰি থৈছিল। সূৰ্যক প্ৰদক্ষিণ কৰি ঘূৰি থকা গ্ৰহবোৰৰ দৰে অন্য নক্ষত্ৰক কেন্দ্ৰ কৰি ঘূৰি থকা গ্ৰহবোৰক এক্স’প্লেনেট বা অন্য সৌৰজগতৰ গ্ৰহ
বুলি অভিহিত কৰা হয়। তাৰে মাজৰ কিছুমান গ্ৰহ আকৌ কোনো সৌৰজগতৰ অন্তৰ্গত নহয়, তেনেবোৰ গ্ৰহক ৰ’গু এক্স’প্লেনেট বুলি কোৱা হয়। ইমানবোৰ
এক্স’প্লেনেটৰ ভিতৰত পৃথিৱীৰ
দৰে নক্ষত্ৰৰ পৰা সমদূৰত্বত থকা জীৱৰ বাসোপযোগী হ’ব পৰা গ্ৰহো বিচাৰি থকা হৈছে। ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী মিচেল
কুনিম’ট’ৱেএতিয়ালৈকে ১৭ টা নতুন গ্ৰহ আৱিষ্কাৰ
কৰিছে। কুনিম’ট’ৱেতেওঁৰ ১৭টা গ্ৰহৰ ভিতৰত পৃথিৱীৰ
সহোদৰ বুলিব পৰা এটা গ্ৰহ বিচাৰি পাইছে। পৃথিৱীতকৈ ডেৰ গুণ ডাঙৰ অন্য সৌৰজগতৰ বাসোপযোগী
স্থানত থকা এই গ্ৰহটোৰ নাম দিছে KIC-7340288b। KIC-7340288b নামৰ এই পৃথিৱীৰ সহোদৰটো আমাৰ পৰা ১,০০০ আলোকবৰ্ষ দূৰত আছে।
অৰ্থাৎ পোহৰৰ বেগেৰে আমি ১,০০০
বছৰ গতি কৰিলেহে ইয়াক পামগৈ। বৰ্তমানলৈকে পোহৰৰ বেগত যাব পৰা মহাকাশযান আমি প্ৰস্তুত
কৰিব পৰা নাই, গতিকে সেই গ্ৰহলৈ যোৱাটোও
এতিয়াৰ বাবে অসম্ভৱ। কিন্তু আমি গ্ৰহটোৰ বিভিন্ন দিশ পৃথিৱীত থাকিয়েই উন্নত প্ৰযুক্তিৰ
সহায়ত অধ্যয়ন কৰিব পাৰোঁ। যেনে এই গ্ৰহৰ বাৰ্ষিককাল হ’ল ১৪২ দিন। অৰ্থাৎ ১৪২ দিনত ই তাৰ নক্ষত্ৰটোক কেন্দ্ৰ কৰি এপাক
সম্পূৰ্ণ কৰে। KIC-7340288b
নামৰ গ্ৰহটোৱে
০.৪৪৪ AU দূৰত্বত থাকি নিজা নক্ষত্ৰটোক
প্ৰদক্ষিণ কৰি আছে।

কেপ্লাৰ দূৰবীনে হাতীপটি তাৰকাৰাজ্যত থকা নক্ষত্ৰসমূহৰ
অতিক্ৰমণসমূহ অধ্যয়ন কৰি ইয়াক প্ৰদক্ষিণ কৰি থকা গ্ৰহসমূহৰ তথ্য সংগ্ৰহ কৰে। ‘অতিক্ৰমণ’ শব্দটো পঢ়ুৱৈ-সমাজৰ বাবে নতুন নহয়।
কাৰণ সৌ সিদিনা শুক্ৰৰ অতিক্ৰমণ উপভোগ কৰাৰ সৌভাগ্য আমাৰ সকলোৰে হৈছে। ৰঙা বেলিৰ কপালত
ক’লা ফোঁট অঁকাৰ দৰে আছিল
শুক্ৰৰ অতিক্ৰমণৰ দৃশ্য। এনেবোৰ দৃশ্য দূৰবীনৰ সহায়ত অধ্যয়ন কৰিয়েই জ্যোৰ্তিবিজ্ঞানীসকলে
এক্স’প্লেনেটবোৰ আৱিষ্কাৰ কৰি আছে। কেপ্লাৰ দূৰবীনে ক্ৰমান্বয়ে
১,৫০,০০০ টা নক্ষত্ৰৰ ওপৰত অধ্যয়ন আৰম্ভ কৰিছিল। এক্স’প্লেনেটৰ আৱিষ্কাৰ হোৱাৰ লগে লগে
গ্ৰহটোৰ কক্ষপথৰ আকাৰ, উষ্ণতা আৰু পিতৃ নক্ষত্ৰৰ
উষ্ণতা অধ্যয়ন কৰি জীৱৰ বাসোপযোগী হ’বনে নে নহয় তাক বিজ্ঞানীসকলে নিৰ্ণয় কৰে।

কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি এটা এক্স’প্লেনেটক জীৱৰ বাসোপযোগী গ্ৰহ বুলি চিনাক্ত কৰে?
ক৷ এক্স’প্লেনেটত শক্তি, কাৰ্বন আৰু তৰল পানীৰ অৱস্থিতিৰ উমান ইয়াৰ অৱস্থানৰ পৰা লাভ কৰিলে তাত জীৱৰ বাসোপযোগী
গ্ৰহ বুলি অভিহিত কৰা হয়।
গ্ৰহ বুলি অভিহিত কৰা হয়।
খ। পিতৃ নক্ষত্ৰৰ পৰা এক্স’প্লেনেটৰ দূৰত্বৰ ওপৰত জীৱৰ বাসোপযোগিতা বহু নিৰ্ভৰ কৰে। কাৰণ
পিতৃ নক্ষত্ৰৰ পৰা লাভ কৰা উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰিয়েই পানী থাকিব নে নাই তাৰ সিদ্ধান্ত ল’ব পাৰি।

গ। পিতৃ নক্ষত্ৰটোৰ পোহৰৰ বিকিৰণ
সুস্থিৰ হ’ব লাগিব। হঠাতে বেছি বা
কম তাপৰ বিকিৰণে এক্স’প্লেনেটৰ ক্ষতি সাধন কৰে।

ঘ। এক্স’প্লেনেটবোৰ গেছৰ সলনি শিলৰে গঠিত
হ’লেহে তাত জীৱৰ বাসোপযোগী বুলি
ক’ব পৰা যায়।
হ’লেহে তাত জীৱৰ বাসোপযোগী বুলি
ক’ব পৰা যায়।
ঙ। এক্স’প্লেনেটবোৰ কম ভৰৰ হ’ব নালাগে,
কম ভৰৰ গ্ৰহৰ
মধ্যাকৰ্ষণ শক্তি কম হয়, যাৰ বাবে এই গ্ৰহে বায়ুমণ্ডল
ধৰি ৰাখিব নোৱাৰে।

চ। এক্স’প্লেনেটৰ নিজা শক্তিশালী এখন চুম্বক
ক্ষেত্ৰ থাকিব লাগিব। এই চুম্বক ক্ষেত্ৰই পিতৃ নক্ষত্ৰৰ লগতে অন্য কাষৰীয়া নক্ষত্ৰৰ
পৰা অহা জীৱ ধ্বংসকাৰী বিকিৰণক প্ৰতিহিত কৰিব পাৰিব লাগিব।

আমাৰ হাতীপটি তাৰকাৰাজ্যৰ দৰে অগণন
তাৰকাৰাজ্য বিশ্বব্ৰহ্মাণ্ডত আছে। হাতীপটি তাৰকাৰাজ্যত থকা পৃথিৱীৰ সহোদৰবোৰত জীৱ আছে নে নাই আমি অধ্যয়ন
কৰিবলৈ সক্ষম হোৱা নাই। তেনে স্থলত আন তাৰকাৰাজ্যসমূহত কিমান এনে গ্ৰহ আছে, তাৰ লেখ নাই। গতিকে আজিৰ তাৰিখত বিশ্বব্ৰহ্মাণ্ডত আমিয়েই অকল
জীৱ নহ’বও
পাৰোঁ। ২০১০ চনত ডিছ্ক’ভাৰিচেনেলে ষ্টিফেন হৱ্কিঙৰ সাক্ষাৎকাৰ লওঁতেতেওঁ কৈছিল—“যদি কেতিয়াবা এলিয়েনে আমাক বিচাৰি
পায়, মই ভাবোঁ ক্ৰিষ্ট’ফাৰ কলম্বাছে যেতিয়া আমেৰিকাত
প্ৰথম পদাৰ্পণ কৰিছিল ঠিক সেই পৰিৱেশৰ সৃষ্টি হ’ব। সেই পৰিৱেশটো আমেৰিকাৰ খিলঞ্জীয়া বাসিন্দাসকলৰ দৰে আমাৰো
ভয়াৱহ দুৰৱস্থা হ’ব পাৰে।”

এলিয়েনৰ সন্দৰ্ভত ষ্টিফেন হৱ্কিঙে প্ৰকাশ কৰা শংকা
অমূলক নহয়। কাৰণ আমি নাজানো বহিৰ্জগতৰ জীৱৰ গঠন প্ৰক্ৰিয়া, জীৱনশৈলী আৰু তেওঁলোকৰ প্ৰযুক্তিবিদ্যা। প্ৰকৃততে আমি অন্য গ্ৰহৰ
জীৱৰ সন্ধানতকৈ বিচাৰি আছোঁ,
আন এক সুৰক্ষিত
বাসস্থান য’ত মানৱ জাতিয়ে জীৱন নিৰ্বাহ
কৰিব পাৰিব। কাৰণ মানুহৰ কৃতকৰ্মৰ পৰিণতিত পৃথিৱীত মানুহ জীয়াই থকা অসম্ভৱ যেন হৈ পৰিছে।
মাজতে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণত সমগ্ৰ বিশ্বৰ
মানৱ জাতি কম্পিত হৈ পৰিছিল। স্তব্ধ হৈ পৰিছিল মানৱ উন্নয়ন, দ্ৰুত গতিত চলা অৰ্থনীতি ধূলিসাৎ কৰি পেলাইছিল সামান্য এটা ভাইৰাছে।
গতিকে আমি সাৱধান হ’বলৈ এতিয়া আৰু সময় নাই, নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ, প্ৰকৃতিৰ লগত নিজকে বৰ্তাই ৰখাকৈ প্ৰস্তুত কৰাহে সময়।

–
চেঙামাৰী উচ্চ মাধ্যমিক
বিদ্যালয়
বিদ্যালয়
ভ্ৰাম্যভাষ: ৯৮৬৪৩৬৬১৬১