ৰ’দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী 

            


(৩য় অধ্যায়)

 

(১)

 

মোৰ
ওপজা গাঁওখন  দ বেছেৰীয়া যদিও
,
গাঁও নামেহে  মানুহৰ মাজত বেচিকৈ পৰিচিত
আছিল৷ আমাৰ চৌপাশৰ বৃহৎ অঞ্চল বেছেৰীয়াক ’পুখুৰীয়া’ আৰু বামবেছেৰীয়াক  ’বামগাঁও’ বুলিহে জানিছিলো৷ বেছেৰীয়া নাম ক’ৰ
পৰা কেনেকৈ আহিল আজিও নেজানিলো৷ এবাৰ হাইস্কুলত পঢ়ি থাকোতে সহকাৰী প্ৰধান শিক্ষক
কামেশ্বৰ নাথ ছাৰেও সুধিছিল এই প্ৰশ্নটো৷ কাৰোবাৰ মুখত শুনিবলৈ পোৱা উত্তৰ এটা
তপৰাই দিছিলো-’
তাহানি বৃটিচসকলে Best Area বুলি
বোলে কৈছিল অঞ্চলটো দেখি৷ সেই
Best Areaৰ পৰাই বেছেৰীয়া হোৱা বুলি হয়তো ক’ব
পাৰি৷’ কামেশ্বৰ ছাৰে মোৰ উত্তৰটো শুনি হাঁহিলে যদিও একো নক’লে সিদিনা৷

মোৰ
ওপজা গাঁওখন অৰ্থাৎ দ গাঁও(দ বেছেৰীয়া)তেতিয়া মোৰ বাবে বহু কেইটা কৰণত সাংঘাতিক
ধৰণে আকৰ্ষণীয় আছিল৷ গাঁওখনৰ পশ্চিম দিশে নিচেই সমীপেৰে বৈ গৈছে ডিপোতা নৈখন৷
অৰুণাচলৰ পৰা নামি অহা ঢলটোৱে  আমাৰ
অঞ্চলটোৰ পথাৰ-সমাৰৰ ঢৌৱাই  যোৱাৰ লগতে
পলসুৱা কৰি গৈছে  বিশাল খেতি-পথাৰ৷ ডিপোতা
নৈখনৰ লগতে গাঁৱৰ উত্তৰ সীমাই  বৈ গৈছে
খনাজানটো৷  সেয়ে আমাৰ চুবুৰীটো খনাজানৰ পাৰ
বুলিও জনা যায়৷ দ গাঁৱৰ প্ৰায় উত্তৰদিশে একেবাৰে প্ৰান্তীয় আমি বসবাস কৰা  চুবুৰীটোৱেই খনাজানৰ পাৰ৷ বামগাঁও আৰু দগাঁৱৰ
মাজত থকা দলনি পথাৰৰ পানী বাৰিষা ওলোৱা সোমোৱাৰ সুবিধাৰ  কাৰণে এই জানটো ৰাইজে খান্দিছিল বাবেই জানটো
খনাজান  নামে পৰিচিত হৈ ৰ’ল৷ আমাৰ ঘৰৰ
পিছফালে এখন ডাঙৰ পথাৰ আছে৷ এই পথাৰখনত খেতি-বাতি কৰাৰ সুবিধাৰ্থে পথাৰখনৰ
দক্ষিণফালে মোৰ লোৱা ডিপোতা নদী আৰু উত্তৰদিশৰ খনাজানৰ মাজত অইন এটা জান ৰাইজে
খান্দিছিল
, যিটো জান ঘাঁইজান নামে জনা যায়৷ এয়া কোনো
চৰকাৰী আচনিৰ  দ্বাৰা হোৱা নাছিল
, ৰাইজৰ
স্বতস্ফুৰ্ত উদ্যোগতে  হৈছিল বুলি জানিছিলো৷
মুঠতে নৈ
, জান-জুৰিৰে আমাৰ গাঁওখন পৰিৱেষ্টিত আছিল ৷ এই নৈ, বিল,
জান-জুৰিবিলাকে
দ গাঁৱকে ধৰি চুবুৰীয়া অন্যন্য গাঁওসমুহৰ নৈসৰ্গিক শোভা বৰ্দ্ধন কৰাৰ লগতে
,
খেতি-বাতি,
মাছ-পুঠি
আদি সকলো ফালৰ পৰা গাঁওখনক স্বাৱলম্বী কৰি তুলিছিল৷
এই
নৈ-বিল
,জান-জুৰিৰ পাৰত আশৈশৱ খেলি-ধূলি, সাঁতুৰি নাদুৰি
জীৱনৰ এছোৱা সময় পাৰ কৰাৰ সুযোগকণ পোৱাৰ কাৰণেই গাঁও তথা গ্ৰাম্য সমাজ-সংস্কৃতি
,
পৰম্পৰাৰ
সৈতে এক আত্মিক সম্পৰ্ক গঢ়ি তোলাত সুবিধা হৈছিল মোৰ৷ প্ৰাইমাৰী স্কুলত পঢ়ি থাকোতেই
গাঁৱৰ লগৰীয়া
,সমনীয়াৰ সৈতে ডিপোতা নৈ বা খনাজানত গা ধুবলৈ গৈ
সাঁতুৰিবলৈ শিকিছিলোঁ৷ প্ৰথমে সমনীয়াৰ বুদ্ধি শুনি গৰুৰ নেজত ধৰি ডিপোতা নৈ পাৰ
হৈছিলোঁ৷ কাপোৰ-কানি পাৰত খুলি থৈ উলঙ্গ হৈয়ে 
নৈৰ থিয় গড়াৰ পৰা পানীত জাঁপ দিছিলোঁ৷ তেতিয়ালৈকে ডিপোতা নৈ বা খনাজানৰ
ওপৰত আমাৰ ওচৰে-পাজৰে কোনো দলং নিৰ্মাণ হোৱা নাছিল৷ ইপাৰ-সিপাৰ হোৱাৰ সাঁকোৱেই
একমাত্ৰ ভৰসা আছিল৷ সাঁকোও আকৌ গাঁৱৰ ৰাইজে নিজেই লগে-ভাগে মিলি নৈ বা জানৰ ওপৰত
দি লব লগীয়া হৈছিল৷ খৰালি পানী শুকালে 
সাঁকোত নবগোৱাকৈয়ে নৈ পাৰ হব পাৰি৷ কিন্তু ভৰবাৰিষা কালত একেবাৰে সম্ভৱ
নাছিল৷ সেয়ে ডেকা-গাভৰু সমন্বিতে পুৰুষ-মহিলা আটায়ে খেতি-পথাৰত কাম কৰিবৰ কাৰণে
সাঁকো বগাই যাব লগীয়া হৈছিল৷ গৰু-ম’হ নৈৰে পাৰ কৰাই ভাৰ-ভেটি
,  নাঙল-যুৱলি কান্ধত লৈ মানুহবিলাক  পাৰ হোৱাত ভালেই অভ্যস্ত হৈ পৰিছিল৷ আমি স্কুলত
থাকোতেই সাঁতুৰিবলৈ শিকিছিলো আৰু সাঁকোও পাৰ হব পাৰিছিলোঁ৷ (এই আত্মকথা লেখি থকাৰ
সময়ত ভিয়েতনামলৈ ফুৰিবলৈ যাওঁতে মেকংডেল্টাৰ ইউনিকৰ্ণ দ্বীপত এটা জুৰিৰ ওপৰত থকা
সৰু সাঁকোডালত উঠি জীয়ৰী আৰু পত্নীক মোৰ শৈশৱৰ সেই বিশেষ কৃতিত্বৰ প্ৰমাণ দিছিলো)৷

অলপ
ডাঙৰ হোৱাৰ পাছত সাঁকোৰ ওপৰৰ পৰা ভৰবাৰিষাৰ নৈত জাঁপ দিব পৰা হৈছিলোঁ৷ এবাৰ তেনেকৈ
কাপোৰ-কানি নৈৰ পাৰত থৈ সাঁকোৰ পৰা চবেই একেলগে জাঁপ মাৰিবলৈ যাওঁতে আমাৰ আটাইৰে
কাপোৰ বিলাক কোনোবা অঘাইটং ল’ৰাই সামৰি-সুতৰি তাৰ পৰা লৈ গুচি যোৱাত আমাৰ যি পানীত
হাহ হচৰা বিলৈ  হৈছিল
, সেইটো
ভাবিলে আজিও হাঁহো নে কান্দো তেনে এটা অৱস্থা হয় এতিয়াও
, বৰ বিবুধিত  পৰিছিলো সিদিনা৷ দিনটো নৈৰ পাৰতে নল-খগৰিৰ মাজত
লুকাই থাকি এন্ধাৰ হওঁতে পথাৰে পথাৰে কোনেও নেদেখাকৈ বাৰীৰ পিছ ফালেদি আহি  ঘৰ সোমাইছিলো৷ এই লৈ ঘৰত দিনটো  কি যে হাঁহাকাৰৰ সৃষ্টি হৈছিল
, সেয়া
মনত পৰিলে আজিও গাৰ নোম শিয়ৰি উঠে৷

তেতিয়া
ডিপোতা নৈৰ সিপাৰে লুইতৰ পাৰৰ জাৰণি চাপৰি অথবা লোহিয়া চাপৰিত মনুহে অস্থায়ী চাপৰি
পাতি
, গৰু-মহৰ খুটি পাতি বিভিন্ন ৰকমৰ খেতি-বাতি কৰিছিল৷ খেতি-বাতি বৰ ভাল
হৈছিল আৰু গাঁৱৰ মানুহৰ আৰ্থিক অৱস্থাও যথেষ্ট সচ্চল দেখিছিলো৷ ম’হগুৱাল সকলে
প্ৰতি বছৰে মিলি-জুলি গাঁৱৰ বৰনামঘৰত ভাওনা পতাৰ কথা আজিও মনত আছে৷ গাঁওখনৰ ইও এক
ডাঙৰ উৎসৱ আছিল তেতিয়া আমি জনাত৷

 

(২)

 

এটা
সময়ত ডিপোতা নৈ আৰু খনাজানৰ ওপৰত দলং হ’ল ৷ সেয়াও এক ইতিহাস ৷ দলং হোৱাৰ লগে লগে
নৈখন বা খনাজানৰ ইপাৰ সিপাৰ হোৱাৰ সমস্যা দূৰ হ’ল ৷ নৈখনৰ দুয়োপাৰে মথাউৰি
বান্ধিলে ৷ মথাউৰিৰ ওপৰেদি সৰু-সুৰা গাড়ী-মটৰ চলিব পৰা হ’ল ৷ খনাজানৰ মুখত
,
অৰ্থাৎ
যি খিনি ঠাইত জানটো গৈ ডিপোতা নৈত পৰেগৈ
,সেই ঠাইতে ’শ্লুইচ গেট’ বহুওৱা হ’ল ৷
জীৱনত প্ৰথম এই ’শ্লুইচ গেট’কি জিনিচ দেখিলো
, বুজিলো ৷ এইখন
’শ্লুইচ গেট’ৰ জৰীয়তে খনাজানৰ পানী ওলোৱা-সোমোৱাটো  নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷ গাঁৱত তেতিয়া
মাছ-পুঠিৰ অলপো অভাৱ নাছিল ৷ গাৱৰ মানুহে মাছ কিনি খোৱাৰ কথা ভাবিবই নোৱাৰি তেতিয়া৷
ডিপতা নৈ
, খনাজান, ঘাঁইজান সকলোতে বাৰিষা হ’লে মাছৰ উজান উঠে৷
মানুহ বিলাকৰ ঘৰে ঘৰে খেয়ালি জাল
, পলঙি জাল, কাৱৈলাঙি জাল,জকাই-খালৈ,জুলুকি-পল,
ডিঙৰা,
খোকা
আদি মাছ ধৰা সঁজুলি মজুত থাকে৷ বৰশীৰতো কথাই নাই
, মই বৰশী বোৱাতো
ওস্তাদ আছিলো এটা সময়ত৷ স্কুলৰ পৰা আহিয়েই নাকে মুখে এমুঠি খাই পকেটত বৰশীৰ টোপ
হাতত লৈ খনাজানৰ পাৰলৈ দৌৰ ধৰোঁ বৰশী বাবলৈ৷ বৰশীৰ টোপ হিচাবে কেতিয়াবা কেচু নাইবা
কেতিয়াবা বাঁহগাজৰ মাজত থকা এবিধ বগা পোক উলিয়াই বটলত ভৰাই লৈ ফুৰোঁ৷

মাঘ
বিহু নাইবা উৎসৱে-পাৰ্বণেও গাঁৱৰ মানুহে মাছ কিনাৰ কথা ভাবিব নেলাগে ৷ নৈৰ কেঁকুৰি
বা গভীৰ পানী জমা হোৱা জেগাত গাঁৱৰ মানুহে গোট-পিত খাই  বাৰিষাৰ সময়তে জেং-জাবৰ
, ডাঙৰ ডাঙৰ
জোপোহা গছৰ গুৰি আদি আগতীয়াকে পেলাই থয়
, যাতে তাৰ মাজত মাছবিলাক আহি আশ্ৰয় লব
পাৰে ৷ খৰালি মাহত
, মাঘৰবিহুৰ সংক্ৰান্তিৰ আগদিনাই  ৰাইজ দলে-বলে ওলাই আহি সেই জেং-জাবৰ গুচাই তাত
ভিন ভিন সঁজুলিৰে মোনে মোনে মাছ ধৰে ৷  সেই
মাছ কেতিয়াব গাঁৱৰ মানুহে সমানে ভাগ কৰি কেতিয়াবা ঘৰলৈ খাবলৈ নিয়ে
, কেতিয়াবা
লগে-ভাগে মিলি ভোজ-ভাত খায় ৷

ওপজা
গাঁওখনৰ মানুহ বিলাকে কৰা ব্যক্তিগত কিম্বা সকলোবোৰ কামেই মোৰ চকুৰ আগত যিহেতু
হৈছিল
,গতিকে সিবিলাকৰ নানা তিতা-মিঠা অভিজ্ঞতাও মই লাভ কৰিবলৈ সুবিধা
পাইছিলো৷ দ গাঁওখনত নাথ
, কলিতা, বৰা ,চুতীয়া
আদি ভিন ভিন সম্প্ৰদায়ৰ মানুহ আছিল যদিও গোসাঁই মানুহ বা ব্ৰাহ্মণ সম্প্ৰদায়ৰ
মানুহ কেৱল এঘৰেই আছিল আৰু সেইখনেই আছিল একমাত্ৰ আমাৰ ঘৰখন৷ গাঁৱত জাত-পাত
, উচ্চ-নীচ,
ভেদাভেদৰ
কথাবিলাক সৰুৰে পৰাই শুনি শুনি এক প্ৰকাৰ অভ্যস্ত হৈ পৰিছিলো ৷ সেই বিষয়বিলাক লৈ
এতিয়াৰ দৰে সামাজিক পৰিৱেশ কাহানিও বিনষ্ট হোৱা দেখা নাছিলো অৱশ্যে ৷ আচলতে
এনেবিলাক কথা গাঁওখনত এক স্বাভাৱিক পৰম্পৰাত পৰিণত হৈছিল ৷ কিন্তু  তাৰ মাজতে জাত-পাত
, উচ্চ-নীচৰ চাপ
সমাজৰ স্তৰে স্তৰে  প্ৰতক্ষ নকৰাকৈ থকা
নাছিলো ৷ গাঁৱৰ মাজভাগত সমুহীয়া বৰ-নামঘৰটো থকাৰ পিছতো কলিতা সম্প্ৰদায়ৰ
মানুহখিনিয়ে নিজাববীয়াকৈ গাঁৱৰ সিটো মূৰে নামঘৰ এটা স্থাপন কৰিছিল
, য’ত
পোন-প্ৰথমবাৰৰ বাবে মই  ’ধ্ৰুৱ চৰিত্ৰ’ত
ধ্ৰুৱৰ ভাও লৈ ভাওনাত  অভিনয়  কৰাৰ সুযোগ লভিছিলো ৷

 

(৩)

এটা
কথা পোনতে কৈ আহিছো যে মোৰ জন্ম হৈছিল সত্ৰৰ এক স্বকীয় পৰিৱেশৰ মাজত ৷ সত্ৰখনৰ নাম
আছিল মূৰাৰী সত্ৰ ৷ অসমৰ কেইবাঠাইতো সত্ৰৰ শাখা আছে বুলি জানো যদিও নিজে দেখা নাই
আজিলৈকে ৷ দেউতাহঁতৰ তিনিজন ভাই-ককাই আছিল ৷ দেউতা ডাঙৰ আছিল ৷ দেউতাৰ ওপৰত সত্ৰৰ
দায়িত্বভাৰ অৰ্পণ কৰি ভায়েকহঁতে তেজপুৰ টাউনত ঘৰ-দুৱাৰ কৰি নিগাজিকৈ বহিল ৷  সত্ৰৰ দায়িত্ব গ্ৰহণ কৰাৰ আগেয়ে দেউতাই  কোনোবা এখন বৃটিচকোম্পানীৰ চাহবাগিচাত কেৰেণীৰ
চাকৰি কৰিছিল ৷ পিছত ঘৰ
, সত্ৰ, খেতি-পথাৰ
চম্ভালিব লগীয়া হোৱা হেতুকে বাগিচাৰ চাকৰি এৰি গাঁৱলৈ আহি দ গাঁৱতে ৰাইজৰ সৈতে
মিলি প্ৰথমবাৰৰ বাবে প্ৰাথমিক বিদ্যালয় এখন স্থাপন কৰি তাৰ প্ৰধান শিক্ষকৰ গুৰু
দায়িত্বও  পালন কৰিব লগীয়া হৈছিল ৷  পৰৱৰ্তী সময়ত 
এই স্কুলৰ চাকৰিটোও  এৰি  সত্ৰ চলোৱাৰ ভাৰ  ল’ব লগীয়াত পৰিছিল ৷ গাঁৱৰ সেই স্কুলখনৰ
শতবাৰ্ষিকী উদযাপনৰ সময়ত যাওঁতে পুৰণি পঞ্জীয়নবহীত দেউতাৰ হাতৰ মুকুতা-সদৃশ আখৰ
দেখি বিস্মিত হৈছিলো ৷

 

(৪)

আমাৰ
পৰিয়ালটো অন্য পৰিয়ালতকৈ ব্যতিক্ৰম আছিল ৷ দেউতাই প্ৰথমগৰাকী পত্নীৰ মৃতুৰ পাছত
দ্বিতীয় বিবাহ কৰাইছিল৷ প্ৰথম গৰাকী পত্নীৰ ফালৰ পৰা দুজন  পুত্ৰ আৰু তিনিগৰাকী কন্যা সন্তান আছিল ৷ মই
অৱশ্যে দুজন পুত্ৰ ত্ৰৈলোক্য দাদা (কাবুল)আৰু জগতদাদাৰ লগতে এগৰাকী কন্যা মাইকণ
বাইদেউকহে পাইছিলো
, তাকো তেওঁলোকৰ 
ভাটি বয়সত ৷ প্ৰথমগৰাকী পত্নীৰ মৃত্যুৰ পিছত দেউতাই আমাৰ মাক  বিবাহ কৰায় ৷ আমাৰ আঠোটি সন্তান
, পাচোটা
ল’ৰা আৰু তিনিগৰাকী কন্যা ৷ মুঠতে দেউতাৰ ফালৰ পৰা কবলৈ গ’লে আমাৰ পৰিয়ালটোৰ মুঠ
সন্তান তেৰটি আছিল ৷  মই জন্ম হোৱাৰ সময়ত
এঘাৰটা আছিল ৷ আগৰ পত্নীৰ তিনিওজনী জীয়ৰীক বিয়া দিয়াৰ লগতে দুজন ল’ৰাৰো বিয়া-বাৰু
পাতি দেউতাই ভালেই নিজৰ দা-দায়িত্ব নিয়াৰিকৈ সম্পাদন কৰিছিল ৷ পিছৰ গৰাকী পত্নী
অৰ্থাৎ আমাৰ মাক বিয়া কৰোৱাৰ পিছত জন্মপোৱা প্ৰথমজনী ছোৱালীক বিয়া দি উলিয়াই
দিওঁতে মোৰ জন্মই হোৱা নাছিল ৷ মোৰ পিছৰ বাকী দুটাৰ কথা নকলোৱেই বা ৷ আগৰ গৰাকী
মাৰ দুজন ল’ৰাৰ  প্ৰত্যেকৰে সাত-আঠটাকৈ
সন্তান জন্ম হোৱাৰ কোনো ভূকে পোৱা নাছিলো মই ৷ পিছত মানুহে এনেকুৱা কৈ কোৱাও
শুনিছিলো যে দেউতাক
, পুতেক, জীয়েকৰ মাজত যেন অঘোষিত প্ৰতিযোগিতাহে
চলিছিল  কোনে কিমান সন্তান জন্ম দিব পাৰে ৷
মোৰ জন্মৰ আগতেই দেউতাই কেইবাটিও পো-নাতি
, জী-নাতিৰ মুখ দেখিবলৈ পাইছিল ৷

তেৰটা
সন্তান জন্ম দি
, ডাঙৰ-দীঘল কৰি, এটা পৰ্যায়লৈ
বিয়া-বাৰু পাতি দেউতাই প্ৰথম অৱস্থাত ভালেই ঘৰ-সংসাৰ চলাই আছিল৷ কিন্তু পিছলৈ
দিনকাল একেদৰে নগৈছিল৷ পূৰ্ৱৰ মাৰ দুয়োজন ল’ৰা গাঁৱৰ পৰা টাউনলৈ উঠি আহিছিল৷
তেওঁলোকে উচ্চশিক্ষা লবলৈকো সুযোগ-সুবিধা নেপালে যদিও নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ
যত্নৰ ক্ৰুটি  নকৰিলে৷ ডাঙৰজন কাবুলদা
(ত্ৰৈলোক্য গোস্বামী)ই খুব কম সময়তে তেজপুৰত এজন সফল ব্যৱসায়ী হিচাবে প্ৰতিষ্ঠা
লাভ কৰিবলৈ সক্ষম হৈছিল৷ সেইজন দাদাই তেজপুৰ টাউনত চিটি বাচৰ লগতে লাইন-বাচৰ
চিণ্ডিকেট খুলি বাছৰ  ব্যৱসায় চলাইছিল
সফলতাৰে৷ মোৰ দাদাহঁতৰ দুখন বাচ দেখা মনত আছে৷ সেই সময়ত দেউতাই অৱশ্যে খোজ কাঢ়ি
টাউনলৈ অহা-যোৱা কৰা দেখিছিলোঁ
, কেতিয়াবা দেউতাৰ লগত ময়ো খোজেৰে টাইনলৈ
যোৱা মনত আছে৷ সিফালে  ডাঙৰজন দাদায়ো নিজৰ
আঠোটি সন্তানক উপযুক্তভাৱেই গঢ় দিয়াৰ ক্ষেত্ৰত যত্নৰ ক্ৰুটি কৰা নাছিল৷

সৰুজন
দাদা জগত গোস্বামী(মানুহে বাপু বুলি মাতিছিল)য়ে নিজৰ ছাত্ৰ জীৱনৰ অপূৰণীয়
আশা-আকাঙ্খ্যা বিয়াৰ বহু বছৰৰ পিছতহে পূৰণ কৰিবলৈ সক্ষম হৈছিল৷ নিজৰ বৰপুত্ৰ জীৱন
গোস্বামী(এই আত্মকথা লেখাৰ সময়ত ঢুকায়) সৈতে একেখন টেবুলতে
, একেখিনি গ্ৰন্থ
অধ্যয়ন কৰি দাদাই বি কম পাচ কৰি এক নজিৰ-বিহীন চানেকি ৰাখিবলৈ সক্ষম হৈছিল৷ কেৱল
সেয়ে নহয়
,বি কম পাচ কৰাৰ পিছতে এল এল বি ডিগ্ৰীও আৰ্জন কৰি তেজপুৰ ল কলেজত
অধ্যাপনাও কৰাৰ যোগ্যতা লাভ কৰিছিল দাদাই৷ এই বিলাকৰ উপৰিও দাদা জগত গোস্বামী
তেজপুৰ ঐতিহাসিক বাণ থিয়েটাৰৰো এজন খ্যাতিমান বাদ্যযন্ত্ৰী আছিল৷ জগতদাদাই ভাল
অৰ্গেন আৰু ভায়লিন বজোৱাৰ লগতে বানথিয়েটাৰত বহু নাটকত অৰ্গেন
, ভায়লিন
আদি সংগত কৰাৰ দৃশ্য আজিও চকুৰ আগত ভাহি থাকে৷ নিজৰ সাতোটি সন্তানক দাদাই উপযুক্ত
ভাবেই গঢ় দিবলৈ সক্ষম হৈছিল৷

দুয়োজনে
তেজপুৰ টাউনত ঘৰ-দুৱাৰ নিৰ্মাণ কৰি ভালেই প্ৰতিষ্ঠা লাভ কৰিছিল৷ চান্দমাৰীৰ ৰে’ল
গেট( বৰ্তমান ৰে’ল লাইনটো উঠাই দিয়া হ’ল)ৰ পৰা পৰ্বতীয়া(বৰ্তমান পাৰ্ৱতী নগৰ)লৈ
যোৱা এই পথছোৱা তেতিয়া আজিৰ দৰে জনাকীৰ্ণ নাছিল
, প্ৰায় জনশূন্য
আছিল৷ ৰাস্তাটোৰ সোঁফালে বিস্তৃত অঞ্চল ধাননি পথাৰে ভৰা৷ এই দীঘল ৰাস্তাছোৱাৰে
প্ৰায় আধা মাইলৰ ব্যৱধানত মাথোঁ তেতিয়া দুটাই ঘৰ আছিল
, প্ৰথমটো
কাবুলদাহঁতৰ পকাঘৰ আৰু দ্বিতীয়টো জগতদাহঁতৰ কেঁচাঘৰ৷ তেতিয়া মানুহৰ মুখ মুখে সেই
ঘৰ দুটা কাবুল গোসাঁই আৰু জগত গোসাঁইৰ ঘৰ বুলি জনাজাত আছিল৷ 

    (আগলৈ)