দাদুল দেৱকৃষ্ণ বৰুৱা

(১৭)

মলেঁয়াৰ
জীৱনলৈ যে সংগীৰ আগমন ঘটিছে
, সেই কথা খুব কম দিনতে চৌপাশে বিয়পি
পৰিল। খবৰ পোৱাৰ লগে লগে ইজন সিজনকৈ দৈনিক ভালে সংখ্যক লোক আহিবলৈ ধৰিলে ষ্টেপানৰ
ঘৰলৈ। ষ্টেপানৰ চোতালত ৰৈ ঘৰৰ মূধচত বাহটোৰ কাষত বা বাহটোত থকা মলেঁয়া আৰু
ক্লেপেটাঁক চায়। সকলোৰে মুখত আনন্দৰ হাঁহি। মলেঁয়াৰ জীৱনলৈ সংগী অহা বাবে সকলো
সুখী।

ক্লেপেটাঁ
আৰু মলেঁয়াৰ প্ৰেম নিৱেদনৰ দৃশ্য চাই অভিভূত হৈ পৰে সকলো। দুয়োটাই নিজ নিজ
ঠোঁটেৰ টেক্-টেক্-টেক্-টেক্-টেক্ শব্দ কৰে। ক্লেপেটাঁই কোনোবা একোবত ডিঙিটো
পিঠিৰ ফাললৈ ঘূৰাই লৈ যায়। মলেঁয়াৰ চাৰিওফালে ঘূৰিবলৈ আৰম্ভ কৰে। মাজে মাজে ডেউকা
দুখন মেলি ধৰে। মলেঁয়ায়ো তাইৰ ভাল ডেউকাখন মেলে। বহু দূৰৰ পৰা শুনিবলৈ পোৱা যায়
সিহঁতহালৰ প্ৰণয় সংগীত। সুনীল আকাশৰ তলত এই প্ৰেমিক যুগলৰ প্ৰেম নিৱেদনৰ
নয়নাভিৰাম দৃশ্য দেখি মন ভৰে ষ্টেপানৰ চোতালত গোট খোৱা প্ৰতিজনৰে। আপাত দৃষ্টিৰে
চালে এই দৃশ্য ক্ৰ
ৱেছিয়াবাসীৰ বাবে গতানুগতিক যদিও মলেঁয়া আৰু
ক্লেপেটাঁৰ এই মিলন এক বিৰল ঘটনাৰ দৰে। সেয়ে ষ্টেপানৰ প্ৰতিজন চুবুৰীয়া
মলেঁয়া আৰু ক্লেপেটাঁৰ মিলন সংগীত শুনিবলৈ
, মিলনৰ দৃশ্য
প্ৰত্যক্ষ কৰিবলৈ খুবেই আগ্ৰহী।

এখন
সুনীল আকাশ।

এহাল
প্ৰেমিক পক্ষী।

মধুৰ
প্ৰেমগীতি।

প্ৰণয়-পখীহালক আৰু সিহঁতৰ প্ৰেম
নিৱেদনৰ অভিনৱ দৃশ্য প্ৰত্যক্ষ কৰিবৰ বাবে আগ্ৰহী হৈ থকা এখিনি মানুহ।

আজিকালি
ৰাতিপুৱাই কথা-বতৰা আৰম্ভ কৰি দিয়ে মলেঁয়া আৰু ক্লেপেটাঁই। সিহঁতহালৰ মাততে সাৰ
পায় ষ্টেপান। তেওঁৰ নিৰ্জন ঘৰখন এনেদৰে মলেঁয়া আৰু ক্লেপেটাঁৰ কথোপকথনে সজীৱ কৰি
তোলাত বেছ সুখ অনুভৱ কৰিছে ষ্টেপানে। তেওঁ ভিতৰি ভিতৰি এক সুখানুভূতি কঢ়িয়াই
ফুৰিবলৈ আৰম্ভ কৰিছে।

দুপৰীয়া
পৰত ক্লেপেটাঁ কেনিবা যায়গৈ। মলেঁয়াই বাহটোৰ কাষত থিয় দি উদ্বিগ্নতাৰে ইফালে
সিফালে চাই থাকে। তাইৰ মনত হয়তো শংকা— ক্লেপেটাঁ যদি উভতি নাহে! প্ৰথম তিনিদিনমান
ষ্টেপানৰ মনতো তেনে এক শংকাই বাহ বান্ধিছিল। সেই শংকা যে অমূলক আছিল
, সেয়া
বৰ ধুনীয়াকৈ প্ৰমাণ কৰি আহিছে ক্লেপেটাঁই। আচলতে দুপৰীয়া পৰত সি খাদ্যৰ সন্ধানত
কেনিবা যায়গৈ। আজিকালি উভতি আহোঁতে পোৱালিৰ বাবে টোপ কঢ়িয়াই অনাৰ দৰে মলেঁয়াৰ
বাবেও মাছ একোটা ঠোঁটৰ মাজত লৈ আহে সি। যদিও ষ্টেপানে মলেঁয়াৰ বাবে নিতৌ খাদ্য যোগান ধৰি
আহিছে
, তথাপি ক্লেপেটাঁই কঢ়িয়াই অনা মাছটোত যেন লাগি আহে অধিক মৰম!

এনেদৰেই
পাৰ হৈ যায় দিন।

পাৰ
হৈ যায় ৰাতি।

বাঢ়ি
আহে মলেঁয়া আৰু ক্লেপেটাঁৰ মাজৰ প্ৰীতি। এদিন বাহত বহিল মলেঁয়া। কাষতে ৰৈ থাকিল
ক্লেপেটাঁ। সিহঁতহালৰ এনে আচৰণ দেখি ষ্টেপানে বুজিলে— মলেঁয়াৰ কণী পৰাৰ সময়
হৈছে। কথাটো তেওঁ কিন্তু মিষ্টাৰ ইগৰ অথবা মাৰ্ক
এজনকো নকলে।
দুয়োকে ছাৰপ্ৰাইজ দিয়াৰ ইচ্ছা ষ্টেপানৰ।

মলেঁয়া
বাহত বহা চাৰিদিন পাৰ হ
ল। মিষ্টাৰ ইগৰলৈ টেলিফোন কৰিলে ষ্টেপানে—

:
আজি আবেলি আহিবাচোন।

:
কিবা অসুবিধা পাইছা নেকি
?— মিষ্টাৰ ইগৰ উদ্বিগ্ন হয়।

:
নাই পোৱা। এনেয়ে মাতিছোঁ। যোৱা পূৰাপূৰি এক সপ্তাহ তুমি অহা নাই বাবে মাতিছোঁ।—
ষ্টেপানে ক
লে।

:
মলেঁয়াহঁত ঠিকেই আছে!

:
আছে। মাৰ্ক
ৰহে গা বেয়া। যোৱা পাঁচদিন সি অহাই নাই আমাৰ
ঘৰলৈ। আজি পুৱা খবৰ পোৱামতে আগতকৈ যথেষ্ট ভাল পাইছে। সকলো ঠিক থাকিলে সিও কাইলৈ
আহিব কিজানি।

:
ঠিক আছে। মই যাম।— মিষ্টাৰ ইগৰে ক
লে।

পাছদিনা
দেওবাৰ। স্কুল বন্ধ। অফিচ-কাছাৰী সকলো বন্ধ। দেওবাৰৰ দিনটোত মলেঁয়া আৰু
ক্লেপেটাঁৰ খবৰ ল
বলৈ ষ্টেপানৰ প্ৰায় সকলো প্ৰতিৱেশী আহে।
ষ্টেপানেও ভাল পায়। যি যেনেকৈ পাৰে তেনেকৈয়ে ষ্টেপানৰ চোতালত বহে। কোনো কোনোৱে
লগত খোৱাবস্তু লৈ আহে। ইজনে সিজনৰ লগত কথা পাতে। সৰস বিষয় একোটা লৈ আড্ডা জমায়।
মুখৰিত হৈ উঠে ষ্টেপানৰ চোতাল। ব্যস্ততাৰ বোজা আঁতৰাই সকলোৱে দেওবাৰৰ অৱসৰ কটায়।
ষ্টেপানৰ চোতালৰ এই ভাললগা সময়খিনিৰ হকদাৰ আচলতে মলেঁয়া আৰু ক্লেপেটাঁৰ প্ৰেম।

আঠমান
বজাত চাইকেল লৈ মাৰ্ক
ওলালহি। সি আগতকৈ অলপ খীণালে। তিনি-চাৰিদিন ধৰি জ্বৰে চেপাৰ ফলতে সি এনেদৰে খীণাইছে আৰু আগতকৈ অলপ দুৰ্বল হৈছে। চোতাল পায়েই সি
একাষে চাইকেলখন ৰখালে। ষ্টেপান তেতিয়া চোতালত বিদ্যমান। চকীত বহি তেওঁ চাই আছে
ঘৰৰ মূধচৰ বাহটোত বহি থকা মলেঁয়া আৰু ওচৰতে থিয় দি থকা ক্লেপেটাঁক।

ঘৰৰ ভিতৰৰপৰা টুল
এখন আনি মাৰ্ক
ষ্টেপানৰ কাষতে বহিলহি আৰু ঘৰৰ মূধচলৈ চালে।
ষ্টেপানে সুধিলে—

:
এতিয়া গা কেনে পাইছা
?

:
আগতকৈ বহুত ভাল। খাবও পাৰিছোঁ ভালদৰে।— মাৰ্ক
ই উত্তৰ দিলে।

:
খালেই ভাল হ
ব। বল পাবা। চপনীয়া মাংস চাপি আহিব।

:
কাইলৈৰ পৰা স্কুললৈও যাম বুলি ঠিৰাং কৰিছোঁ। ভালে কেইদিন খতি হ

নহয়।— পুনৰ ক
লে মাৰ্কই।

:
তুমি অলপ বহাঁ। মই ভিতৰৰ পৰা আহোঁ।

মাৰ্ক
বহিবলৈ কৈ ষ্টেপান ঘৰৰ ভিতৰলৈ সোমাই গ
ল। ভিতৰ সোমাই তেওঁ পোনে পোনে
ৰান্ধনিশাল পালেগৈ। আগতেই চচপেন এটাত তৈয়াৰ কৰি থোৱা চুপখিনি 
তপতাবৰ বাবে গেছ-ষ্টভটো
জ্বলাই পুনৰ তুলি দিলে। তেওঁ পুৱা ক
ফি তৈয়াৰ কৰাৰ সময়তেই মাৰ্ক
বাবে চুপখিনি প্ৰস্তুত কৰিছিল। জ্বৰীয়া মাৰ্ক
ই ভাল পাব বুলি
জানিয়েই তেওঁ চুপখিনি তৈয়াৰ কৰিছিল। তেওঁৰ ল
ৰাহঁতৰ সৰুকালত
যেতিয়া জ্বৰ হৈছিল তেতিয়া তেওঁ নিজেই এনেদৰে চুপ কৰি দিছিল। সিহঁতে বৰ
ভাল পাইছিল তপত চুপ খাবলৈ পাই। জ্বৰো সোনকালে ভাল হৈছিল।

চুপখিনি
পুনৰ উতলিবলৈ আৰম্ভ কৰিছিল। উতল অহা চুপখিনিলৈ চাই চাই তেওঁ ভাবিলে— তেওঁ ল
ৰাহঁতক
চুপ তৈয়াৰ কৰি দিয়াৰ দৰে এতিয়া বাৰু সিহঁতে নিজৰ সন্তানক এনেদৰে চুপ তৈয়াৰ কৰি
দিয়েনে
? সিহঁতেও বাৰু দেউতাকহঁতে সৰুকালত চুপ ভালপোৱাৰ দৰে ভাল পায়নে?
পায়
চাগে! কথাখিনি পাগুলি থাকিয়েই তেওঁ চীনামাটিৰ বাটি এটাত তপত চুপখিনি বাকি দিলে
আৰু বাটিটো সৰু ট্ৰে
 এখনত তুলি কাষতে কুহুমীয়া গৰম পানী এগিলাছ লৈ চোতাললৈ আহিল।

:
লোৱাঁ।— চুপৰ বাটিটোৰ সতে ট্ৰে
খন মাৰ্কৰ হাতত তুলি দিলে ষ্টেপানে।

:
চুপ!— মাৰ্ক
ৰ চকুহাল উজ্জ্বল হৈ উঠিল।

:
খোৱাঁ। তোমাৰ বাবেই তৈয়াৰ কৰিছোঁ। এইখিনি খালে গাটো আৰু অলপ ভাল পাবা।— ষ্টেপানে
লে।

:
জালুকৰ গোন্ধটোৱে মোক খা মোক খা কৰি আছে।— মাৰ্ক
ই হাঁহিলে।

:
আগেয়ে খাই লোৱাঁ। তোমাক বস্তু এটা দেখুৱাবলৈ আছে।

:
বস্তু! কি বস্তু
?

:
আছে আৰু কিবা এটা দেখুৱাবলৈ। কিন্তু আগতে চুপখিনি শেষ কৰি লোৱা।— ষ্টেপানে মুখ
টিপি হাঁহি হাঁহি ক
লে।

ষ্টেপানৰ
কথা মানি মাৰ্ক
ই চুপত মনোনিৱেশ কৰিলে।

গেটৰ
কাষতে গাড়ী এখন ৰ
ল। দুৱাৰ খুলি নামি আহিল মিষ্টাৰ ইগৰ। গাড়ীৰ
শব্দ শুনিয়েই ষ্টেপানে গম পাইছিল— সেয়া মিষ্টাৰ ইগৰ আহিছে। চোতালত বহি থকা
ষ্টেপান আৰু মাৰ্ক
ক দেখি মিষ্টাৰ ইগৰে পদূলি পাৰ হৈয়ে মাত
লগালে—

:
কিহে ডেকাল
ৰা; গা বেয়া বুলি খবৰ পাইছিলোঁ।

:
এতিয়া যথেষ্ট সুস্থ।— চুপৰ বাটিটোৰ পৰা এচামুছ মুখত দি মাৰ্ক
ই কলে।

:
বহাঁ।— আগৰে পৰাই আনি থোৱা চকীখনত মিষ্টাৰ ইগৰক বহিবলৈ ক
লে ষ্টেপানে।

:
মোকনো আৰু বহিবলৈ ক
ব লাগেনে! পিছে মোৰ চুপৰ বাটি ক?—
মিষ্টাৰ
ইগৰ চকীখনত বহি লৈ হাঁহি হাঁহি ক
লে।

:
আগেয়ে তোমাৰ জ্বৰ-কাহ হৈ লওকচোন। তাৰ পিছত চাবা চুপৰ যোগাৰ কৰোনে নকৰোঁ।—
ষ্টেপানেও হাঁহিলে।
 

মাৰ্ক
চুপৰ বাটিটো উদং কৰিলে। কুহুমীয়া পানীগিলাছো শেষ কৰিলে। তাৰ ফালে চাই মিষ্টাৰ ইগৰে
লে—

:
এতিয়া একদম তজবজীয়া হৈ গ
লা, ডেকালৰা!

:
চুপখিনি সঁচাকৈয়ে বেছ উপাদেয় আছিল।— মাৰ্ক
ই মাত লগালে।

:
চুপ খাই চুপ্ হৈ থাকিলে নহ
ব কিন্তু।— হাঁহিলে মিষ্টাৰ ইগৰে।

:
নাই নাই
, চুপ্ হৈ থকাৰ কথাই নাই। মোক দেখুৱাবলৈ কিবা বস্তু এটা আছে বোলে।
এতিয়া সেইটো চাম।— মাৰ্ক
ই কলে।

:
অকল মাৰ্ক
ৰ বাবেই নহয়; তোমাৰ বাবেও আছে সেই বস্তুটো।—
ষ্টেপানে মিষ্টাৰ ইগৰক উদ্দেশ্যি ক
লে।

:
কি বস্তু
?

:
চাবা ৰ
বা। অলপ ধৈৰ্য ধৰাঁ।

:
বৰ ছাচপেঞ্চ ৰাখি কথা কৈছাহে আজি।— মিষ্টাৰ ইগৰৰ কথাৰ সুৰত ভিতৰি থকা উৎকণ্ঠাৰ
বহিৰ্প্ৰকাশ ঘটা দেখা গ
ল।

ষ্টেপান,
মিষ্টাৰ
ইগৰ আৰু মাৰ্ক
ৰ কথা-বতৰা চলি থকাৰ সময়তে কেইবাজনো প্ৰতিৱেশী
আহি তেওঁলোকৰ ওচৰ পালেহি। আটাই কেইজনে মলেঁয়া আৰু ক্লেপেটাঁৰ খা-খবৰ ল
লে
ষ্টেপানৰ পৰা। নিজে নিজে বাৰাণ্ডাৰ পৰা চকী আনি চোতালত বহি ল
লেহি তেওঁলোকে।
ষ্টেপানে মাৰ্ক
ক উদ্দেশ্যে কৰি কলে—

:
মলেঁয়াৰ ওচৰলৈ যাব পাৰিবানে
? তাইক খাদ্য দিবৰ সময় হল।

:
পাৰিমতো। জ্বৰহে হৈছিল
; ইমানো দুৰ্বল হোৱা নাই মই।

:
ঠিক আছে তেন্তে। মাছ জীয়াই ৰখা পাত্ৰটোৰ পৰা মাছ দুটামান লৈ মলেঁয়াক দি আহাঁগৈ।

ষ্টেপানৰ
কথা শুনি মাৰ্ক
মাছ জীয়াই ৰখা পাত্ৰটোৰ ওচৰ পালেগৈ। পাত্ৰটোৰ
পৰা মাছ তিনিটা মোনা এখনত ভৰাই লৈ নিৰ্দিষ্ট জখলাডালেৰে ঘৰৰ মূধচলৈ বুলি উঠি গ
ল।
মাৰ্ক
গৈ মূধচ পোৱাৰ লগে লগে ক্লেপেটাঁ মূধচৰ আনটো মূৰ পালেগৈ। মাৰ্ক
মাছ তিনিটা মূধচত আগৰেপৰাই ঠিক কৰি ৰখা ঘোটোং পাত্ৰটোত থ
লে। পাত্ৰটোত
মাছ থোৱা দেখিও মলেঁয়া বাহৰ পৰা নামি নাহিল।

:
মলেঁয়া আজি বাহৰ পৰা নামি অহা নাই যে!— মাৰ্ক
ই চোতালত থকা
সকলোকে উদ্দেশ্যি ক
লে।

:
এটা কাম কৰাঁচোন তুমি।— তলৰ পৰা ষ্টেপানে চিঞৰিলে।

:
কি কাম
?— মাৰ্কই সুধিলে।

:
তাইৰ ওচৰলৈ যোৱাঁচোন।

ষ্টেপানৰ
কথা শুনি মাৰ্ক
বাহটোৰ ওচৰ পালেগৈ। আনদিনা হোৱা হলে
মলেঁয়াই ডিঙিটো বেঁকা কৰি মাৰ্ক
ক তাইৰ পিঠিত হাত ফুৰাবলৈ দিলেহেঁতেন।
কিন্তু আজি তাই মাৰ্ক
ওচৰ চাপি যোৱাৰ লগে লগে ঠোঁটখনেৰে তাক ভয়
দেখুওৱাৰ দৰেহে কৰিলে।

:
এই খুটিবহে বিচাৰিছে যে!— সামান্য ভয় খালে মাৰ্ক
ই।

:
ভয় কৰিবলগীয়া একো নাই
; তাই ভয় দেখুৱাইছেহে। ওচৰলৈ গৈ তাইৰ
মূৰত হাত বুলাই দিয়াঁ।— ষ্টেপানে তলৰ পৰা চিঞৰি ক
লে। 

মাৰ্ক
মলেঁয়াৰ মূৰত হাত বুলাবলৈ আৰম্ভ কৰিলে। তাইৰ আক্ৰমণাত্মক আচৰণ নোহোৱা হৈ পৰিল।
এজনী কণমানিৰ দৰে তাই মাৰ্ক
ৰ হাতৰ পৰশ অনুভৱ কৰিছে চাগে! তাই
শান্ত হোৱা দেখি চোতালৰ পৰা ষ্টেপানে চিঞৰিলে—

:
তাইক মাছকেইটা এটা এটাকৈ খুৱাই দিয়াঁ।

:
পাৰিম জানো!— মাৰ্ক
ৰ মনত সংশয়।

:
পাৰিবা।— সাহস দিলে ষ্টেপানে।

মাৰ্ক
মাছ তিনিটা এটা এটাকৈ মলেঁয়াক খুৱাই দিলে। সি বৰ ৰং পালে মলেঁয়াই তাৰ হাতৰ পৰা
মাছ লৈ খোৱা কাৰবাৰটোত। চোতালত থিয় দি থকা ষ্টেপানে এইবাৰ চিঞৰি ক
লে—

:
এই সুযোগতে বাহটোলৈ চোৱাঁচোন ভালদৰে।

:
তাই খোটে যদি!— মাৰ্ক
ৰ মনত ভিতৰি ভয়।

:
একো নকৰে।
 

মাৰ্ক
আগবঢ়াই দিয়া শেষৰটো মাছ মলেঁয়াই গিলিবলৈ বুলি ডিঙিটো কচালি দিয়াৰ সময়তে
বাহটোলৈ ভালদৰে লক্ষ্য কৰিলে। সেই সময়তে ঘৰৰ মূধচৰ আনটো মূৰত থিয় দি থকা
ক্লেপেটাঁই চিঞৰি উঠিল। লগে লগে চিঞৰি উঠিল মাৰ্ক
ও—

:
কণী…!

:
ভালকৈ চোৱাঁ
, কেইটা আছে…।— তলৰ পৰা মাৰ্ক
সমানেই উৎসাহী চিঞৰ ষ্টেপানৰ।

:
চাইছোঁ চাইছোঁ…।

মলেঁয়াৰ
মূৰত মৰমেৰে হাত বুলাই দি
, তাইক অলপমান ইফাল সিফাল কৰি বাহটো পুনৰ
ভালদৰে চালে মাৰ্ক
ই। বাহটোত জিলিকি থকা কণীকেইটা দেখি তাৰ চকুহাল
উজ্বলি উঠিল। মলেঁয়াক আৰামেৰে বাহত বহিবলৈ দি বাহটোৰ পৰা অকণমান আঁতৰি আহি মাৰ্ক

এইবাৰ সোঁহাতৰ আঙুলি তিনিটা ওপৰলৈ তুলি দেখুৱাই বৰ উৎসাহেৰে চিঞৰিলে—

:
তিনিটা…!

:
তোমাক দেখুৱাম বুলি কোৱা বস্তু সেয়াই আছিল।— ষ্টেপানে হাঁহিলে।

ওপৰৰ
পৰা মাৰ্ক
ই দিয়া বতৰাটোৱে চোতালত সমৱেত সকলোকে আনন্দিত কৰিলে। মিষ্টাৰ ইগৰে
হাঁহি হাঁহি ক
লে—

:
মোৰ বাবে থকা বস্তু এইটোৱেই আছিল নেকি ষ্টেপান!

উত্তৰত
ষ্টেপান মুখ টিপি হাঁহিলে।

:
অভিনন্দন ষ্টেপান! তুমি ককাদেউতা হ
বলৈ ওলাইছা।— মিষ্টাৰ ইগৰে পুনৰ কলে।

চোতালত
থকা সকলোৱে ষ্টেপানক অভিনন্দন জনালে। ভিতৰি ভিতৰি ষ্টেপানে এক মধুৰ উত্তেজনা অনুভৱ
কৰিলে। এই উত্তেজনা ককাদেউতাক হোৱাৰ আনন্দই আনি দিয়া উত্তেজনা।

এৰা,
ষ্টেপান
ককাদেউতাক হ
ব। দুই পুত্ৰই বিদেশত থিতাপি লোৱা, তাতে
বিয়া কৰোৱা আৰু তাতে সন্তান জন্ম দিয়াৰ ফলত ষ্টেপানে এতিয়ালৈকে এবাৰলৈও চুই
চাবলৈ পোৱা নাই নাতিহঁতক এবাৰো। শুনিবলৈ পোৱা নাই সিহঁতৰ কান্দোন অথবা হাঁহিৰ খিল্
খিল্ টুকুৰাবোৰ। কিন্তু এইবাৰ তেওঁ সঁচাকৈয়ে সৌভাগ্যশালী হৈ উঠিছে। সকলো ঠিকেই
থাকিলে তেওঁ চুই চাব পাৰিব আৰু এমাহ পাৰ হৈ যোৱাৰ পাছতে নিজৰ নাতিহঁতক। এৰা
,
নিজৰ
নাতি। মলেঁয়া তেওঁৰ জীয়ৰী। মলেঁয়াৰ কণী ফুটি ওলোৱা পোৱালিকেইটি হ

তেওঁৰেই নাতি-পুতি। পো-নাতিহঁতক এবাৰো চুবলৈ নোপোৱাৰ দুখখিনি মলেঁয়াৰ সন্তান
চুয়েই পাতলাব তেওঁ। সমগোত্ৰীয় নহ
লেও নিজৰ জী বুলি ভাবি মৰম দিয়া,
প্ৰতিপালন
কৰা মলেঁয়াৰ সন্তান হ
ব তেওঁৰেই আপোন নাতি-পুতি!

ঘৰৰ
মূধচৰ পৰা নামি আহি চোতাল পালেহি মাৰ্ক
। তাৰ দুচকুত তেতিয়াও লাগি আছে আনন্দ-,
উত্তেজনাৰ
অৱশেষ। সি ষ্টেপানৰ সমুখলৈ আহি ক
লে—

:
ডাঙৰ ডাঙৰ তিনিটা কণী।

:
কিমান ডাঙৰ
?— মিষ্টাৰ ইগৰে প্ৰশ্ন কৰিলে।

:
ইমান…!— মাৰ্ক
ই সোঁহাতখনৰ আঙুলিকেইটাৰে কণীৰ আকৃতি দেখুৱাবলৈ
চেষ্টা কৰিলে।

:
তাতকৈ অলপ সৰু হ
ব নেকি মাৰ্ক‘!— ষ্টেপানে হাঁহি
হাঁহি ক
লে।

:
কিমান সৰু
?— মিষ্টাৰ ইগৰে সুধিলে।

:
হোৱাইট ষ্টৰ্কবোৰৰ কণীৰ জোখ সাধাৰণতে ৭৩ মিলিমিটাৰ
× ৫২ মিলিমিটাৰ
(২.৯ ইঞ্চি
× ২.০ ইঞ্চি) হয়।— ষ্টেপানে কলে।

:
আৰু ওজন
?

:
ওজন ৯৬ৰ পৰা ১২৯ গ্ৰাম। ইয়াৰে প্ৰায় ১১ গ্ৰাম খোলাটোৰ ওজন।

:
কণীকেইটাৰ বৰণ কেনেকুৱা দেখিলা ডেকাল
ৰা?— মিষ্টাৰ ইগৰে
মাৰ্ক
লৈ চালে।

:
বগা।— মাৰ্ক
ৰ উত্তৰ।

:
প্ৰথম অৱস্থাত বগাই হয়
; কিন্তু উমনিত থকা বাবে লাহে লাহে
লেতেৰা হ
বলৈ আৰম্ভ কৰে আৰু শেষলৈ পাতল হালধীয়া বৰণ ধৰেগৈ।— ষ্টেপানে কলে।

:
হোৱাইট ষ্টৰ্কবোৰে এবাৰত তিনিটা কণীয়েই পাৰে নেকি
?— এইবাৰ মাৰ্ক
সুধিলে।

:
নহয়। মলেঁয়াই প্ৰথমবাৰৰ বাবে কণী দিয়া বাবে হয়তো তিনিটা দিছে। ইহঁতবোৰে
সাধাৰণতে চাৰিটা কণী পাৰে। অৱশ্যে এটাৰ পৰা সাতটা কণী দিয়াৰ কথা তথ্য গ্ৰন্থত
লিপিৱদ্ধ কৰা হৈছে।— ষ্টেপানে উত্তৰ দিলে।
 

চোতালত
গোট খোৱাসকলৰ মাজত মলেঁয়াই কণী পাৰি উমনিত বহা কথাটোৱে আনন্দ বিলালে। সেই সময়তে
খৰখেদাকৈ আহি ওলালহি লুকা। লুকাৰ সম্পূৰ্ণ নাম লুকা কভাক। লুকা
Novi List-অৰ সংবাদকৰ্মী; বেছ সপ্ৰতিভ ডেকা। ভাল ফটো তোলে বুলিও লুকাৰ
নাম আছে। লুকাই প্ৰথমবাৰলৈ মলেঁয়া আৰু ষ্টেপানৰ বিষয়ে
Novi List-অত লিখিছিল। তাৰ পাছতে ইজন সিজনকৈ সংবাদদাতা আহি ষ্টেপানৰ ঘৰ পাইছিলহি আৰু মলেঁয়াৰ
বিষয়ে সংবাদ মাধ্যমত সবিশেষ প্ৰকাশ কৰিছিল। আজি হঠাৎ অহা লুকাক দেখি ষ্টেপানে বৰ
ভাল পালে আৰু মলেঁয়াই তিনিটা কণী পৰাৰ খবৰটো দিলে। খবৰটোৱে লুকাকো আনন্দ দিয়া দেখা
ল। লুকাই কলে—

:
মলেঁয়াৰ তিনিওটা কণীয়েই ফুটি যেন তিনিটা সুস্থ-সবল পোৱালি ওলায়।

:
কণীৰ পৰা পোৱালি ওলোৱা গোটেই প্ৰক্ৰিয়াটো কিন্তু বেছ ৰহস্যময়।— লুকাৰ কাষতে থকা
কোনোবা এজনে ক
লে।

:
কণী আগত নে কুকুৰা আগত সেইটোকে লৈ পুৰণি কালৰ পৰাই যুক্তি-তৰ্কও চলি আহিছে।— লুকাই সহযোগ
কৰিলে।

ষ্টেপানে
জানে যে কণীৰ ইতিহাস বেছ বিচিত্র! স্তন্যপায়ী প্রাণীৰ জৰায়ুত শিশু জন্মৰ আগেয়ে
বংশ বিস্তাৰৰ মাধ্যম আছিল কণী। ডাইন
ছৰৰ দৰে বিৰাটকায় প্রাণীয়েও কণী
পাৰিছিল। ধাৰণা কৰা হয়— অন্য প্রাণীৰ খাদ্য হিচাপে কণীৰ কদৰ সকলো সময়তেই আছিল।
অৱশ্যে মানুহৰ দৰে চিকাৰী প্রাণীয়ে কণীক কেতিয়াৰ পৰা খাদ্য হিচাপে গ্রহণ কৰিবলৈ আৰম্ভ কৰিলে
সেইটোহে জনা নাযায়। প্রত্নতাত্ত্বিক আৰু নৃতাত্ত্বিকসকলে ধাৰণা কৰে
, মানৱ
সমাজত চৰাইৰ কণী প্রাগৈতিহাসিক কালৰ পৰাই মূল্যবান খাদ্য হিচাপে সমাদৃত। মানুহৰ
গুহাবাসী চিকাৰী সমাজ আৰু আধুনিক সংস্কৃতিত চৰাই গৃহপালিত প্রাণীৰ ভিতৰত অন্যতম।
ফলত ধাৰণা কৰা যায়
, মানুহে চৰাইৰ কণী পচন্দ কৰিছিল অতি প্রাচীন
কালৰপৰাই। ষ্টেপানে কোনোবা এঠাইত পঢ়িছিল যে ঐতিহাসিকসকলৰ মতে
, ৭ হাজাৰ ৫০০
খ্ৰীষ্টপূৰ্বৰ আগেয়েও কুকুৰা সম্ভৱতঃ ঘৰত পালন কৰা হৈছিল মূলতঃ কণীৰ বাবে। এই
প্ৰক্ৰিয়া প্রথম আৰম্ভ হৈছিল গ্রীষ্মমণ্ডলীয় আৰু উপক্রান্তীয় দক্ষিণ-পূব এছিয়া
আৰু ভাৰতীয় উপমহাদেশত। অৰণ্যৰ চৰাই শান্ত সৌম্য কুকুৰাই তেতিয়াই মানুহৰ বসতিত
স্থান পাইছিল। ১ হাজাৰ ৫০০ খ্রীষ্টপূৰ্বৰ ভিতৰত গৃহপালিত চৰাই হিচাপেক কুকুৰা
সুমেৰু আৰু ইজিপ্তলৈ অনা হৈছিল। ৮০০ খ্রীষ্টপূর্বলৈ এই চৰাই প্ৰজাতিটো গ্রীচ পায়গৈ।
গ্রীচত তেতিয়া কণীৰ প্রধান উৎস আছিল বতা চৰাই। মিছৰৰ থিবেচত আনুমানিক ১ হাজাৰ ৪২০
খ্রীষ্টপূর্বৰ সময়ৰ হাৰেমহাৰৰ সমাধিত এক দেৱাল চিত্রত এজন ব্যক্তিয়ে উটপখীৰ কণী
আৰু সম্ভৱতঃ পেলিকান চৰাইৰ কণী নৈবেদ্য হিচাপে এখন থালত লৈ যোৱা অৱস্থাত দেখা
যায়। এই কথাখিনিকে চোতালত থকা সকলোৱে শুনাকৈ ষ্টেপানে ক
লে।

:
কণীৰ বিষয়ে ঢেৰ কথা আছে।— লুকাই ষ্টেপানৰ কথাৰ পাছতে ক
লে।

:
তুমি চাগে এই বিষয়ে বহু কথাই জানা!— মিষ্টাৰ ইগৰে ক
লে।

:
নাই নাই
, বিশেষ নাজানো। অলজি (Oology) বিষয়ক বিশেষ জ্ঞান মোৰ নাই।— লুকাই
নিজৰ সীমাবদ্ধতাৰ বিষয়ে ক
বলৈ চেষ্টা কৰিলে।

: Oology
মানে
কিনো
?— মাৰ্ককৌতূহলী হৈ উঠিল।

: Oology
হৈছে
Ornithology বা পক্ষী-বিজ্ঞানৰ এটা শাখা। এই শাখাত চৰাইৰ
কণী
, বাহ আৰু বংশবৃদ্ধি সম্পৰ্কে অধ্যয়ন কৰা হয়। গ্ৰীক শব্দ oion-ৰ
পৰা
Oology শব্দটোৰ উৎপত্তি হৈছে; যাৰ অৰ্থ কণী।
অৱশ্যে বনৰীয়া চৰাইৰ কণী সংগ্ৰহৰ অভিৰুচিকো
Oology শব্দই সামৰি
লয়। কিন্তু এনেদৰে কণী সংগ্ৰহ কৰাটো বৰ্তমান আইনবিৰোধী কাৰ্য।— লুকাই কথাখিনি
সকলোৱে বুজিব পৰাকৈ ক
লে।

প্ৰাচীন
জগতত কণীৰ গুৰুত্ব সম্পৰ্কে ষ্টেপানে লেখা এটা পঢ়িছিল। লেখাটোৰ মতে পৌৰাণিক
প্ৰতীক হিচাপে কণীৰ এটা আদিম উদাহৰণ চাবলৈ হ
লে প্ৰাচীন
গ্ৰীচলৈ উভতিব লাগিব
, য’ত অৰ্ফিজম সেই সময়ৰ জনপ্ৰিয় ধৰ্ম আছিল।
অৰ্ফিজমে কণীক এক বিশেষ তাৎপৰ্য দিছিল। সেই ধৰ্মত কণী এটাৰ চাৰিওফালে এটা সাপ
কুণ্ডলীবদ্ধ ৰূপত চিত্ৰিত কৰা হয়। অৰ্ফিক কণীৰ পৰা আদিম দেৱতা ফেনেছৰ উৎপত্তি
হোৱা বুলি বিশ্বাস কৰা হৈছিল। ফেনেছেই পাছলৈ আন সকলো দেৱতাক সৃষ্টি কৰিছিল। হিন্দু
ধৰ্মই কণী আৰু মহাবিশ্বৰ মাজত সংযোগ স্থাপনৰ ক্ষেত্ৰতো একে ধৰণৰ পন্থা গ্ৰহণ কৰে।
চণ্ডোগ্য
উপনিষদ
ত কণীক সৃষ্টিৰ সৈতে জড়িত কৰা হয়। এই উপনিষদৰ মতে কণীৰ খোলাটো আকাশ
আৰু কুহুমটো পৃথিৱী। চীনা পৌৰাণিক কাহিনীত মহাজাগতিক কণী বা
Cosmic egg-অৰ অসংখ্য কিংবদন্তিত পোৱা যায়। দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ভিতৰত ছ’চাইটি
দ্বীপপুঞ্জত একে ধৰণৰ কণীভিত্তিক পৌৰাণিক কাহিনী প্ৰচলিত হৈ আহিছে
;
পৃথিৱীৰ সৃষ্টিকৰ্তা টা’আৰ’য়াও এটা কণীৰ পৰা ওলাই আহিছিল
, যিটো কণী তাৰ
পাছতে দুটা ভাগত ভাগি যায় আৰু এই দুটা ভাগৰ পৰাই আকাশ তথা পৃথিৱী গঠন হয়।
অষ্ট্ৰেলিয়াত এব
ৰিজিনেল ড্ৰিমটাইমে কণীক সূৰ্যৰ প্ৰতীক হিচাপে ধৰিছিল। এই মিথৰ
আৰম্ভণি হয় ডিনেৱান ইমু আৰু ব্ৰলগা নৃত্য চৰাইৰ পৰা। দুয়োৰে মাজত হোৱা কাজিয়াৰ
সময়ত ব্ৰলগাই ডিনেৱানৰ বাহৰ পৰা এটা কণী লৈ আকাশৰ ফালে দলিয়াই দিলে। বাটত কণীৰ
কুহুমটো কাঠত খুন্দা খাই জুইত জাহ গ’ল আৰু ৰ’দলৈ ৰূপান্তৰিত হ’ল। …মানুহ আৰু
প্ৰকৃতিৰ উৰ্বৰতাক উৎসাহিত কৰাৰ উপায় হিচাপে প্ৰায়ে আচাৰ-অনুষ্ঠানত কণী ব্যৱহাৰ
কৰা হৈছিল। এই প্ৰথাবোৰ এতিয়াও টিকি আছে। এতিয়াও ১৭ শতিকাৰ ফ্ৰাঞ্চৰ উদাহৰণ
বিচাৰিলে পোৱা যায়
, য’ত কইনাসকলে গৰ্ভাৱস্থা নিশ্চিত কৰিবলৈ কণী
ভাঙিছিল। লগতে জাৰ্মানীত কৃষকসকলে বসন্ত কালত নাঙলত কণী লেপিছিল। ই হৈছে বীজ
সিঁচাৰ বতৰত এক উৰ্বৰতাৰ বিশ্বাসজড়িত আচাৰ। ইৰাণীসকলে বসন্তকালীন বিষুৱ ৰেখাৰ লগত মিল থকা
ইৰাণৰ নৱবৰ্ষ নৌৰুজৰ অংশ হিচাপে কণী সজায়।

:
কণী কেৱল চৰাইৰ বংশবিস্তাৰৰ মাধ্যম নহয়
; কণী একোখন দেশ বা সমাজৰ সংস্কৃতি
বিশেষ।

লুকাই
কণীৰ বিষয়ে পুনৰ আৰম্ভ কৰিলে। বিশ্বৰ বিভিন্ন সংস্কৃতিয়ে যে শ শ বছৰ ধৰি কণীৰ
বিষয়ে কাহিনী আৰু মিথ বিকশিত আৰু ভাগ-বতোৱাৰা কৰি আহিছে সেই কথাবোৰ এফালৰ পৰা কৈ গ
ল।

:
মহাজাগতিক কণী বুলি যে কৈছিলা
, সেইটোনো কেনে ধৰণৰ কণী!— বয়সীয়াল লোক
এজনে লুকাক প্ৰশ্ন কৰিলে।

:
সেইটো বৰ ডাঙৰ কণী হ
ব চাগে! আপুনি বা মই অকলে দাঙিব নোৱাৰিম
বুইছে!— প্ৰশ্নকৰ্তাৰ সমনীয়া এজনে ৰগৰ কৰিলে। তেওঁৰ কথা শুনি সকলোৱে হাঁহিলে।

:
মহাজাগতিক কণী বা লৌকিক কণী বহু সংস্কৃতিত পোৱা এটা পৌৰাণিক ম
টিফ যিটো প্ৰট‘-ইন্দো-ইউৰোপীয়
সংস্কৃতি আৰু অন্যান্য সংস্কৃতি তথা সভ্যতাত বিদ্যমান। বিশ্বৰ উৎপত্তি এই
মহাজাগতিক কণীৰ পৰাই হোৱা বুলি বহু সভ্যতা-সংস্কৃতিত বিশ্বাস কৰি অহা হৈছে।
ব্ৰহ্মাণ্ডিক কণীৰ আদিম ধাৰণাটো কিছু সংস্কৃত শাস্ত্ৰৰ পৰা আহিছে। সংস্কৃত শব্দ
ব্ৰহ্মাণ্ড— যিটো দুটা শব্দৰ পৰা উদ্ভৱ হৈছে
, ‘ব্ৰহ্ম’ হিন্দু
ধৰ্মত ‘সৃষ্টিকৰ্তা দেৱতা’ আৰু ‘অণ্ড’ অৰ্থাৎ ‘কণী’।
ব্ৰহ্মাণ্ড
পুৰাণ
ৰ দৰে কিছুমান পুৰাণত এই বিষয়ে বিতংভাৱে কোৱা হৈছে। ইফালে ঋগৱেদ
বিশ্বব্ৰহ্মাণ্ডৰ উৎসৰ বাবে একে ধৰণৰ নাম ব্যৱহাৰ কৰা হৈছে— হিৰণ্যগৰ্ভ (যাৰ
আক্ষৰিক অৰ্থ হৈছে
সোণৰ ভ্ৰুণবা সোণৰ
গৰ্ভ
‘) আৰু ই বিশ্বব্ৰহ্মাণ্ডৰ উৎস ব্ৰহ্মৰ সৈতে জড়িত য
সমগ্ৰ অস্তিত্বৰ বিশ্বাস কৰা হয় আৰু সমৰ্থন কৰা হ
। উপনিষদত
বিশদভাৱে উল্লেখ কৰা হৈছে যে হিৰণ্যগৰ্ভ কিছু সময়ৰ বাবে শূন্যত ওপঙি ঘূৰি ফুৰিছিল
আৰু তাৰ পাছত দুটা অৰ্ধত ভাঙি গৈছিল যিয়ে আকাশ আৰু পৃথিৱী গঠন কৰিছিল।— লুকাই
দীঘলীয়াকৈ ক
লে।

লুকাৰ
কথা অবাক হৈ শুনিলে তাত থকা সকলোৱে। ষ্টেপানে ভাবিলে— লুকাৰ দৰে ডেকা ল
ৰা
এটাই বাৰু ইমানবোৰ পূৰঠ কথা কিদৰে জানে! ল
ৰাই বহুত পঢ়া-শুনা কৰে নিশ্চয়! ভাবি থকা
কথাখিনি ক
বলৈ বুলি ষ্টেপানে মুখ মেলোঁতেই আন এজনে কৈয়েই পেলালে—

:
দেখাতহে ডেকাল
ৰা, ভিতৰি পূৰঠ হৈ আছে আমাৰ সংবাদদাতা।
কিমান পঢ়া-শুনা কৰিলে এনেবোৰ কথা ক
ব পাৰি বুজি পাইছোঁ আমি।

:
কণীৰ অসংখ্য কাহিনী আছে। কৈ থাকিলে সন্ধিয়া হৈও ৰাতি পুৱাবগৈ
; তথাপি
শেষ নহ
ব।— লুকাই হাঁহিলে।

:
তেন্তে আজি ক
ব নালাগে। আমি পাছত আকৌ শুনিম। আজি মলেঁয়াই কণী
পৰাৰ আনন্দৰ বতৰাকে উদযাপন কৰা হওক।— লুকাৰ কথাবোৰ মনোযোগেৰে শুনি থকা ইব্ৰাহিঅ

নামৰ
লোকজনে মাত দিলে।

:
উদযাপন! কেনেকৈ কৰা হ
ব মলেঁয়াই কণী পৰাৰ উদযাপন?— লুকাই
প্ৰশ্ন কৰিলে।

:
মলেঁয়াই যিহেতু কণী পাৰিছে
, গতিকে আজি আমি ষ্টেপানৰ চোতালত সিজোৱা
কণী খাই আনন্দ উদযাপন কৰিম। পইচা মই দিম। কোনোবা এজন গৈ কণী কিনি আনক।— ইব্ৰাহিঅ
ই কলে।

ইব্ৰাহিঅ
পৰা পইচা লৈ মাৰ্ক
আৰু ডেকা এজন কণী কিনিবলৈ গল।
মানুহখিনিৰ উৎসাহ দেখি ষ্টেপানৰ বুকু আনন্দত ওপচি পৰিল। তেনে সময়তে লুকা কভাক
ষ্টেপানৰ ওচৰ চাপি আহিল আৰু সুধিলে—

:
জখলাডালেৰে মই ঘৰৰ মূধচলৈ উঠিব পাৰিমনে
?

:
কিয় নোৱাৰিবাহে! যোৱাঁ
, উঠাঁগৈ।— ষ্টেপানে উৎসাহেৰে কলে।

:
মলেঁয়া আৰু ক্লেপেটাঁৰ দুখনমান ফ
টো তুলিম।— লুকাই কলে।

: বলা
লা…। 

লুকাক
জখলাডালৰ ওচৰলৈ লৈ গ
ল ষ্টেপানে। জখলাডাল কিমান মজবুত সেয়া
পৰীক্ষা কৰি লুকা ওপৰলৈ উঠিল। মূধচ পাই কেইবাটাও কোণৰ পৰা মলেঁয়া আৰু ক্লেপেটাঁৰ
ফটো তুলি নামি আহিল তেওঁ আৰু আহিয়েই কেমেৰাৰ ডিচপ্লে
ত ফটোবোৰ ষ্টেপানক দেখুৱালে।

:
বৰ সুন্দৰ ফ
টো ললা তুমি।— ফটোকেইখন চাই কৈ উঠিল ষ্টেপানে।
কণ্ঠত আনন্দৰ সুৰ স্পষ্ট।

:
চৰাইৰ ফ
টো তুলি মই বৰ ভাল পাওঁ। পিছে আপোনাৰ বাবে এক বিশেষ উপহাৰ আছে।— লুকাই কলে।

:
উপহাৰ! মোৰ বাবে উপহাৰ! কি আনিছা তুমি
?— উৎকণ্ঠিত হল ষ্টেপান।

:
মই লৈহে আহিছোঁ। আপোনালৈ বুলি বেলেগেহে পঠাইছে।

:
বেলেগে! কোনে
?

: ইভানে পঠাইছে।— লুকাই কলে। ইভান ষ্টেপানৰ বৰপুত্ৰৰ নাম।

:
কেনেকৈ! সি মোলৈচোন পোনপটীয়াকৈয়ে পঠিয়াব পাৰে
; তেনেস্থলত তোমাৰ
যোগেদি পঠাইছে যে!— আচৰিত হ
ল ষ্টেপান।

:
পোনপটীয়াকৈ পঠালে আপোনাৰ ওচৰ পাবলৈ হ
লে সময়ো অধিক লাগিব আৰু খৰচাও বেছি
পৰিব। সেয়ে মোৰ যোগেদি পঠাইছে।

:
মই একো বুজা নাই।— ষ্টেপান আচৰিত হ
ল।

:
অষ্ট্ৰেলিয়াৰ পৰা ডাকত আহি পোৱালৈ ভালেদিন লাগিব। ডাক খৰচো ঢেৰ ভৰিবলগীয়া হ
ব।
সেয়ে মোলৈ পঠাইছে।— লুকাই ক
লে।

:
তোমালৈ কেনেকৈ পঠালে কম খৰচতে
?

:
অৰকূট (
Orkut)-ৰ বিষয়ে জানে আপুনি?

:
নাজানো। কিনো সেইবিধ
?

:
অৰকূট হৈছে এটা ছচিয়েল নেটৱৰ্কিং ছাইট। আপোনাৰ পুত্ৰ ইভান আৰু মোৰ অৰকূটত
একাউণ্ট আছে। এই ছাইটত গৈ আমি দুয়ো কথা পাতোঁ প্ৰায়েই। পৰহি তেওঁ মোৰ মেইল আই ডি
বিচাৰিছিল আৰু কালিয়েই মোৰ য়াহু মেইলত আপোনালৈ বুলি উপহাৰ পঠাই দিছে।
 

কথাখিনি
কৈ লুকাই কান্ধত ওলোমাই ৰখা বেগটোৰ পৰা মুগা বৰণীয়া ডাঠ কাগজৰ অলপ ডাঙৰ লেফাফা
এটা উলিয়ালে। লেফাফাটোত আঠা লগোৱা হোৱা নাছিল। সেইটো এবাৰ খুলি চালে লুকাই— ঠিকেই
আছেনে নাই পৰীক্ষা কৰিলে আৰু মুখত হাঁহি এমোকোৰা লৈ ষ্টেপানলৈ আগবঢ়াই দি ক
লে—

:
লওক আপোনাৰ বাবে পঠোৱা উপহাৰ।

ষ্টেপানে
বৰ আগ্ৰহেৰে হাত পাতি ল
লে। লৰালৰিকৈ তেওঁ লেফাফাটোত কি আছে জুমি চালে আৰু
এখন্তেকো পলম নকৰি উলিয়াই আনিলে জাপি ৰখা কেইবাখনো ফ
টো। ইখনৰ পাছত সিখনকৈ চাই গল তেওঁ ফটোকেইখন। লেফাফাটোত মুঠ সাতখন পষ্টকাৰ্ড আকাৰৰ ফটো আছিল। ফটোবোৰ আছিল ইভান, ইভানৰ পত্নী, দুই পুত্ৰ, থকা ঘৰটো আৰু
কোঠাৰ ভিতৰত সজাই থোৱা অৱস্থাত তোলা ইভানৰ মাক তথা ষ্টেপানৰ সুকীয়া সুকীয়া ফ
টো।
টোবোৰ চাই থকা অৱস্থাত ষ্টেপানৰ চকুহাল আৰু মুখমণ্ডল এক বুজাব নোৱৰা পোহৰেৰে
উজ্জ্বল হৈ উঠা দেখিলে লুকা কভাকে।

টোকেইখন
কেইবাবাৰো লুটিয়াই বগৰাই চাই ষ্টেপানে পুনৰ লেফাফাটোত ভৰালে আৰু লুকাৰ ফালে চালে।
লুকাৰ ওঁঠত ওলমি আছে হাঁহি এটা। আৰু ষ্টেপানৰ চকুত
? ষ্টেপানৰ চকু
আনন্দাশ্ৰুৰে জলমল। কিছুপৰ নিৰৱতাই বান্ধি ৰাখিলে দুয়োকে। সেই নিৰৱতা ভংগ কৰি লুকাই ক
লে—

:
আজি তোলা ফ
টো দুখনমান মই ইভানলৈ মেইল কৰিম। ভাল পাব তেওঁ।

ষ্টেপানে
একো নক
লে। মাথোঁ দুবাহু প্ৰসাৰিত কৰি লুকা কভাকক এক মুহূৰ্তৰ বাবে আলিংগন
কৰাৰ অন্তত সেমেকা চকুহাল মচি ল
লে। তেনে সময়তে শুনা গ
মাৰ্ক
ৰ মাত—

:
কণী আহি গ
ল দুই প্লেট।

: বলা।
কণীখিনি সিজোৱাৰ ব্যৱস্থা কৰোঁগৈ।— মাৰ্ক
ৰ মাত শুনি
ষ্টেপানে লুকালৈ চাই ক
লে।

দুয়ো
জখলাডালৰ ওচৰৰ পৰা চোতালৰ মাজত থকা আনন্দমুখৰ মানুহখিনিৰ ফালে আগবাঢ়িল। আনন্দিত
হৈ থকা মানুহখিনিৰ তুলনাত অধিক আনন্দিত ষ্টেপান। হ
বৰ কথাই। এফালে
মলেঁয়াৰ জীৱনলৈ ক্লেপেটাঁৰ আগমন আৰু মলেঁয়াই কণী পৰাৰ সুখপ্ৰদ বতৰা
, আনফালে
সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা বৰপুত্ৰ ইভানে পঠোৱা উপহাৰ। এই আনন্দ আৰু উপহাৰৰ
মূলতে যে মলেঁয়া সেই কথা ষ্টেপানে মৰ্মে মৰ্মে উপলব্ধি কৰিলে। মলেঁয়া অবিহনে এই
আনন্দমুখৰ পৰিৱেশ হয়তো কেতিয়াও তেওঁৰ চোতালত সৃষ্টি নহ
লহেঁতেন।
মলেঁয়া নথকাহ
লে তেওঁৰ ওচৰলৈ লুকা কভাক হয়তো কেতিয়াও
নাহিলহেঁতেন। লুকা নহা হ
লে তেওঁলৈ হয়তো নাহিলহেঁতেন বৰপুত্ৰ ইভানৰ পৰা আদৰৰ উপহাৰ।

চোতালৰ
মানুহখিনিৰ কাষত ৰৈ ষ্টেপানে ঘৰৰ মূধচলৈ চালে। মলেঁয়া বহি আছে উমনিত। এক সুন্দৰ
সম্ভাৱনাৰ প্ৰত্যাশাৰে পৰিপূৰ্ণ হ
ব তাইৰ ভৱিষ্যত জীৱন। আৰু ষ্টেপানৰ!
তেওঁৰ বাবেও আহিবনে শুভদিন! আজি লুকাই দিয়া লেফাফাভৰ্তি উপহাৰে তাৰেই যেন ইংগিত
দিছে! ষ্টেপানে মনে মনে মলেঁয়া
, ক্লেপেটাঁ আৰু লুকাক ধন্যবাদ দিলে।

(আগলৈ)