দাদুল দেৱকৃষ্ণ বৰুৱা

(১)

নিজৰ গাঁওখন ভাল পায়
ষ্টেপানে।

ভাল পায়
শান্ত সমাহিত পৰিৱেশ। প্ৰাচীনত্বৰ পোছাক পিন্ধা গাঁওখনত জনম ল
বলৈ
পাই সুখী তেওঁ।
 

তেওঁলোকৰ
গাঁওখন এদিনতে গঢ় লৈ উঠা উঠা নাই। এদিনতে জীপাল হৈ উঠা নাই তেওঁৰ চেনেহী গাঁওখন।
ককাদেউতাকৰ মুখত ষ্টেপানে গাঁওখনৰ ইতিহাস শুনিছিল। এতিয়া সেই ইতিহাস কাগজৰ বুকুতো
লিপিৱদ্ধ হৈছে। মুখ বাগৰি অহা কথাবোৰ শুধবগা কাগজৰ বুকুত ক
লা
ৰঙেৰে জিলিকি আছে এতিয়া। এৰা
আমি আজি
বুলি কোৱা সময় এছোৱা এসময়ত ইতিহাস হৈ পৰে!

ককাকে কোৱা
প্ৰতিটো কথাই মনত আছে ষ্টেপানৰ। মনত আছে শৈশৱৰপৰা দেখি অহা গাঁওখনৰ পৰিৱৰ্তনখিনিও।
ককাকে এদিন কৈছিল
১৮০০ চনতে প্ৰতিষ্ঠা হৈছিল ষ্টেপানহঁতৰ গাঁওখন।
জাৰ্মান প্ৰটেষ্টাণ্টসকলে প্ৰতিষ্ঠা কৰা গাঁওখন প্ৰথমে তেনেই সৰু আছিল। সৰু সৰু
ঘৰবোৰেৰে সৈতে মৰমলগা আছিল। মানুহবোৰো মৰমিয়াল আছিল। এতিয়াও মৰমিয়াল হৈয়েই
আছে।

সৰু গাঁও।

সৰু মানুহ।

সৰু মন।

অশেষ মৰম।

মৰম সদায়
বাঢ়ি যোৱা উচিত
ষ্টেপানে এনেদৰেই ভাবে। ভবাৰ দৰে কামো কৰে তোওঁ।
সুহুৰি এটা ওঁঠত লৈ তেওঁ জীপাল কৰি তোলে ঘৰৰ চৌহদ।

ধূলি-ধেমালি
সামৰাৰ বয়সতে ষ্টেপানৰ হাতত ফলি-পুথি তুলি দিছিল মাক-দেউতাকে। কঁপা কঁপা হাতেৰে
ফলিত লিখিবলৈ শিকিছিল বৰ্ণমালা। এটা এটা আখৰ লিখিবলৈ সময় লৈছিল। এটা এটা শব্দ
জোঁটাবলৈ যথেষ্ট সময় লাগিছিল। আৰু এনেদৰেই এদিন ষ্টেপানে লিখিবলৈ শিকিছিল নিজৰ
ঠিকনা

ব্ৰডস্কি
ভাৰোঁ

ব্ৰড-পচভিনা
কাউণ্টি

স্লাভনস্কি
ব্ৰড মিউনিচিপালিটি

ক্ৰৱেছিয়া।

পুৰণি কথাবোৰ
পাগুলি পাগুলি আহি আছে ষ্টেপান। তেওঁ এতিয়া শিশু হৈ থকা নাই। তেওঁ এতিয়া যৌৱনময়
হৈ থকা নাই। অৱশ্যে সকলোৰে ভিতৰত শিশু এটি সদায়ে থাকে। সকলোৰে মনৰ একোণত যৌৱনৰ ৰেশ
আনে নেদেখাকৈ হ
লেও জিলিকি থাকে।

শিশুৰপৰা
যৌৱনপ্ৰাপ্ত আৰু যুৱকালৰপৰা প্ৰৌঢ়ত্বলৈকে ষ্টেপানে পাৰ কৰি আহিছে এছোৱা সোণালী
সময়। পাৰ কৰি আহিছে দুখৰ বৰষুণৰ ৰাতি আৰু সুখৰ সুকোমল পুৱা। সৰু চাকৰিটোৱে তেওঁক
কেতিয়াও অসুখী হ
বলৈ শিকোৱা নাই। আচলতে সুখৰ ৰ
একাঁজলি মনৰ চোতালত অতি যতনেৰে সাঁচি ৰাখিছে ষ্টেপানে। সেয়ে তেওঁক আমনি দিব
নোৱাৰে দুখৰ দোভাগ নিশাই।

আজি ষ্টেপানৰ
মনটো কিবা এটা বিশেষ ভাল লগা ভাবে ভৰি আছে। কিয় এনে হৈছে সেয়া তেওঁ নিজেও
নাজানে। সুখদায়ক বতৰটোৰ বাবেও হ
ব পাৰে বা আন কিবা কাৰণেও সংগোপনে ক্ৰিয়া
কৰিব পাৰে। যি কাৰণেই নহওক কিয়
, স্কুললৈ অহা বাটটো আজি বৰ
বেছি আপোন আপোন লাগিছে ষ্টেপানৰ। দুকাষৰ ঘাঁহবোৰ যেন আগতকৈ বেছি সেউজীয়া হৈ
উঠিছে! দুই-এপাহ বনফুলেও যেন লাজ লাজকৈ ভুমুকি মাৰিছে!

এটোপ দুটোপকৈ
ডাৱৰৰ ডাল এৰি সৰি পৰিছে কপাহগুটীয়া বৰষুণ এজাক। তথাপি হাতত লৈ অহা ছাতিটো মেলা
নাই ষ্টেপানে। ভাল লাগিছে পাতলীয়া বৰষুণৰ মৃদুল শীতল পৰশ। ভাল লাগিছে ষ্টেপানৰ।
ব্ৰডস্কি ভাৰোঁ যেন নতুন হৈ পৰিছে আজি! অৱশ্যে ষ্টেপানৰ বাবে ব্ৰডস্কি ভাৰোঁ
চিৰনতুন
,
চিৰতৰুণ, চিৰআপোন। অৱশ্যে ইয়াতকৈও ভাল লগা আন
কিবা এটাই যে তেওঁলৈ অপেক্ষা কৰি আছিল সেয়া ষ্টেপানৰ বাবে ভাবনাৰ বহু আলোকবৰ্ষ
নিলগৰ কথা।

হাতৰ
ঘড়ীটোলৈ চালে ষ্টেপানে।

ন বাজিবলৈ
এতিয়াও বাকী।

ঘড়ীটোৰ
ডায়েলত জিলিকি আছে তাৰিখটো
১৮ ছেপ্তেম্বৰ। জিলিকি আছে চনটো১৯৯৩। ঘড়ীটোত জিলিকি থকা তাৰিখ আৰু চনটোৰ দৰেই সেই দিনটোত ষ্টেপানৰ বাবে
কিছু নিলগত জিলিকি আছিল কোনেও কোনো মূল্যৰ বিনিময়ত লাভ কৰিব নোৱৰা আন এটি সম্পদ।
ষ্টেপানে নিজেও ভাবিব পৰা নাছিল যে তেওঁৰ সমুখত
  ৰৈ
আছে কোনো দূৰ সুদূৰৰ আলোকসন্ধানী এটি প্ৰাণ।

এটি জীৱন।

এহালিচা মৰম।
নিয়ৰে নোৱাই থোৱা দূবৰিৰ দৰে পবিত্ৰ শীতল এধানিমান হিয়া এখন।

* * *

 

প্ৰফুল্লিত
মন এটা লৈ স্কুলৰপৰা উভতি আহিল ষ্টেপান। আবেলিৰ আহাৰ কৰিলে তেওঁ। এঘণ্টা জিৰণি ল
লে।
তাৰ পাছতে তেওঁ প্ৰিয় কামটো কৰিবলৈ ওলাল

বৰশী এটা লৈ
বহি থাকিবলৈ খুব ভাল পায় ষ্টেপানে।

প্ৰিয় নৈখনৰ
পাৰত বহি বৰশীটো পানীত পেলাই দিয়ে তেওঁ। মাছ পাবই লাগিব বুলি কথা নাই
; মুঠতে
সময়কণ উপভোগ্য হৈ উঠিব লাগে।

টোপটো
নিগিলাকৈ খুটিয়াই থকা মাছবোৰৰ কথা ভাবে ষ্টেপানে
জীৱনটো যেন অকণ অকণকৈ
চুপি চুপি খাই চায় সিহঁতে। অথচ সিহঁতে নাজানে যে
, সেই সৰস
আৰু সুস্বাদু খাদ্য সিহঁতৰ বাবে প্ৰকৃততে মৃত্যুৰ হাতোৰাহে! বৰশীৰ টোপ খুটিয়াই
থকা মাছবোৰৰ দৰেই মানুহবোৰো! মাছে মানুহে দিয়া টোপ গিলে
, আনহাতে
মানুহে লোভ আৰু লালসাৰ টোপ গিলি নিজৰ জীৱন সংকটৰ মাজলৈ ঠেলি দিয়ে।



চাভা।

নৈখনৰ নাম
চাভা।

ষ্টেপানৰ
প্ৰিয় নৈ চাভা।

মধ্য আৰু
দক্ষিণ-পূব ইউৰোপৰ এই তটিনী। ডানবে নৈৰ মূল জল যোগানকাৰী এই নৈ। স্লভেনিয়া
, ক্ৰৱেছিয়াৰ মাজেৰে বৈ যোৱা এই তৰংগিনীয়ে বছনিয়া আৰু
হাৰ্জেগ
ভিনাৰ সীমান্তৰে গৈ ছাৰ্বিয়াক জীপাল কৰি তুলিছে।
তৰংগিনী চাভাই। চাবাই চুই গৈছে ৰাজধানী বেলগ্ৰেডকো। বিয়
গ্ৰাডকো।

ষ্টেপানে
জানে চাভাৰ বিষয়ে বহু কথা।

শুনিছে তেওঁ
চাভা নামটো হেনো প্ৰট
’-ইন্দো-ইউৰোপীয়ান শব্দৰপৰা উৎপত্তি হৈছে। এই নৈৰ যে
আছে
  কত কথা! আছে কত বেথা! জানে ষ্টেপানেৰৈ যাব নোৱৰাটো নৈৰ দুখ লগা দুখ।

সমুখত বৈ আছে
চাভা।

আন দিনাৰ দৰে
ষ্টেপানে চাভাৰ বুকুত বৰশীটো পেলাবলৈ লৈ ৰৈ গ
ল। শব্দ এটা শুনিলে তেওঁ। কিহৰ
শব্দ তেওঁ ধৰিব পৰা নাই। কিন্তু শব্দৰ উৎসৰ দিশ ঠিকেই ধৰিছে তেওঁ।

পেলাবলৈ লোৱা
বৰশীটো পাৰতে এৰিলে ষ্টেপানে। যিটো শব্দই তেওঁৰ কৰ্ণকুহৰত আঘাত কৰিছিল সেই উৎসৰ
দিশে স্বয়ংচালিতৰ দৰে অগ্ৰসৰ হ
ল তেওঁ। ভৰিৰ তলত চাভাৰ বালুকাৰাশি। আবেলিৰ
বেলিয়ে সোণালী বৰণ সিঁচি দিয়া চাভাৰ ৰূপোৱালী বালি।

কেই মিটাৰমান
নিলগৰ গঁৰাৰ কাষত সৰু জাবৰৰ স্তুপ এটা। চাভাৰ সোঁতে কঢ়িয়াই অনা ঘাঁহ-বন-পাত আৰু
জাবৰৰ এই স্তুপ। তাৰপৰাই বতাহৰ বোকোচাত উঠি আহিছে ষ্টেপানে শুনা শব্দটো। সেই শব্দত
যেন সনা আছে বেদনা বিঢৌত কিবা অজ্ঞাত শোকগাথা!

ঘাঁহ-বনৰ
স্তুপটো খুব ভালকৈ নিৰীক্ষণ কৰিবলৈ ধৰিলে ষ্টেপানে। দেখা পালে তেওঁ কোনো লুব্ধকৰ
আঘাতে মৰণৰ সীমনালৈ ঠেলি দিয়া এটি ক্ষুদ্ৰ প্ৰাণ। সৰু
, শুকুলা
গাৰু এটাৰ দৰে পৰি থকা সেই মৃত্যুমুখী প্ৰাণীটিৰ দেহৰপৰা বৈ আহিছিল ৰক্তস্ৰোত।
ৰঙাই বোলাই দিছিল শুকুলা।

সেমেকা
গঁৰাটোত বুকুখন পেলাই হাত মেলিলে ষ্টেপানে। যিমান পাৰি সিমান বেঙা মেলি বন-পাতৰ স্তুপটোত
পৰি থকা সেই অবোধ প্ৰাণীটি তুলি আনিবলৈ চেষ্টা কৰিলে তেওঁ। এবাৰ দুবাৰকৈ বহুবাৰ
কৰা চেষ্টাৰ অন্তত কাষলৈ আনিলে তেওঁ জাবৰৰ স্তুপটো। হাত মেলি চুই চালে সেই আলসুৱা
অথচ ৰক্তৰঞ্জিত শুকুলা পাখিৰ প্ৰাণীটি।


এটি চৰাই
পোৱালি।

কোনো চিকাৰীৰ
নিৰ্দয় আঘাতত সোঁফালৰ ডেউকাখন সম্পূৰ্ণৰূপে ভাগি পৰিছিল। তেজ বৈ আহিছিল। বিষত
কাতৰ হৈ চিঞৰিছিল সেই এধানিমান পখীটিয়ে।

ষ্টেপানে
তুলি ধৰিলে পোৱালিটো।

বুকুৰ মাজত
সুমুৱাই ল
লে। ভঙা ডেউকাৰে বৈ অহা তেজৰ সোঁতে সেমেকাই দিলে ষ্টেপানৰ চোলাটো। এৰা,
তেজৰ বৰণ একেইমানুহৰ, চৰাইৰ,
মাছৰ…।

বুকুত
আঘাতপ্ৰাপ্ত চৰাই পোৱালিটিক লৈ ষ্টেপানে ভাবিলে
এতিয়া কি কৰা যায়!

বুকুৰ উম্
দিব ধৰিলে ষ্টেপানে। অসহায় অথচ আন্তৰিক বুকুৰ উম!

সেই আন্তৰিক
উমেই যেন উপশম ঘটাব চৰাই পোৱালিটোৰ আঘাতৰ তীব্ৰতা! নোহোৱা কৰি দিব ভগা ডেউকাৰ
সমস্ত বিষ-বেদনা!

চৰাই
পোৱালিটোৰ বাৰু বয়স কিমান হ
ব পাৰে! ষ্টেপানে নাজানে। চৰাই পোৱালিটোৰ
বাদে
, চৰাই পোৱালিটোৰ মাক-দেউতাকৰ বাদে কোনেও নাজানে
পোৱালিটোৰ বয়স কিমান হ
ব পাৰে। মুঠতে এটাই জানিলে ষ্টেপানে
চৰাই পোৱালিটো বৰ কোমল বয়সৰ। উৰিবলৈ শিকিছিলহে মাথোঁ। হয়তো চমু
দূৰত্বৰ উৰণ কোনোমতে সম্পাদন কৰিবলৈ সক্ষম হৈছিল পোৱালিটো।

কোন সেই
নিঠুৰ লুব্ধক
? 

পোৱালিটো
বুকুৰ মাজৰ উমেৰে সাবটি লৈ ভাবিলে ষ্টেপানে। কিমান নৃশংস হ

পাৰে সেই শীতলৰক্তী চিকাৰী!

সোঁফালৰ
ডেউকাখন ওলমি পৰিছিল পোৱালিটোৰ। বিষত মৰোঁ মৰোঁ অৱস্থা। চাভা নৈৰ জাবৰৰ দ

এটাত পৰি মৃত্যুৰ ক্ষণ গণিছিল পোৱালিটোৱে। ষ্টেপানে যদি নাপালেহেঁতেন পোৱালিটো
?

সমস্ত মমতাৰে, বুকুৰ
উমেৰে সাবটি ধৰা পোৱালিটোৰ নাম এটাওটো দিব লাগে! পিছে কি নাম দিয়া যায় এতিয়া! কি
নাম
? ভেৰনিকা! আৰাঞ্জা! ওহোঁ। নহব। ভাল নাম এটা লাগে। মৰম লগা নাম এটা।

মলেঁয়া!

হয়, হয়।  এই
নামটোৱেই ভাল হ
ব।

শুকুলা
পাখিৰে এধানিমান পোৱালিটোৰ বাবে মলেঁয়া নামটোৱে একেবাৰে খাপ্ খাই পৰিছে। হয়
, মলেঁয়া
নামটোৱেই চূড়ান্ত। মলেঁয়া
অৰ্থাৎ কণমানি। অকমাণি।
এখুদমান।

* * *

ঘৰ পালেহি
ষ্টেপান।

পানী তপতালে
জুহালত।

বিষত কোঙা হৈ
পৰা মলেঁয়াৰ আঘাতপ্ৰাপ্ত ডেউকাখনৰ ক্ষতস্থান ধুই দিলে তেওঁ। অনভিজ্ঞ হাতেৰে
কিন্তু অন্তৰতম হেঁপাহেৰে। কপাহ আৰু কাপোৰেৰে মচি দিলে বিৰিঙি অহা তেজৰ কণিকা।
টাৱেল এখনেৰে মেৰিয়াই দিলে মলেঁয়াৰ কণমানি কোমল শৰীৰটো। উম পাওক মলেঁয়াই।
স্বৰ্গৰ দূতীয়ে।

মলেঁয়াক
পৰিচৰ্যা কৰি থাকোঁতেই মনে মনে ভাবি থাকিল ষ্টেপানে
মলেঁয়াৰ মাক-দেউতাক
বাৰু কোন
? ত বা আছে সেই দুৰ্ভগীয়া
পিতৃ-মাতৃ
? মলেঁয়ালৈ মনত পেলাই বাৰু আছেনে চকুলো টুকি
তেওঁলোকে
? আছেনে বাৰু তেওঁলোকে হিয়া ঢাকুৰি?

হয়তো হয়।

অথবা নহয়।

তেওঁতো আজি
অকলে আছে। জীৱনৰ বাবে সঙ্গী হ
ম বুলি প্ৰতিশ্ৰুতি দিয়াগৰাকী উভতি নহাৰ
বাটেৰে গুচি যোৱাৰ পাছৰ সময়খিনি তেওঁ অকলেই পাৰ কৰিছে। ল
ৰা
দুটা বিদেশত গৈ চাকৰি কৰাৰেপৰা তেওঁ অকলশৰেই আছে। একাকী জীৱন তেওঁৰ।

অকলশৰীয়া
জীৱনটোত ষ্টেপানৰ দিনটোৰ সৰহখিনি সময় পঢ়াশালিতে যায়। আবেলিবোৰ যায় চাভা নৈৰ
পাৰত। বৰশীৰ পুঙাটোৰ দৰেই হৈ পৰিছে তেওঁৰ জীৱন। কেতিয়াবা মাছে বৰশী টানিলে পানীৰ
তললৈ যায়
;
কেতিয়াবা উপঙি ৰয়। তেওঁ মাছ পাবলৈ বৰশী নাবায়; তেওঁ বৰশী বায় সময় পাৰ কৰিবলৈ। তেওঁ বৰশী বায় একাকিত্বক তচনচ কৰি
সগৌৰৱে মূৰ তুলি জী থাকিবলৈ।

আৰু এতিয়া ?

আচম্বিতে
দেৱদূত হৈ আহিল আকাশৰপৰা কোনেও নেদেখাকৈ খহি পৰা দেৱদূতী মলেঁয়া।

অকলশৰীয়া
জীৱনৰ এটি তৰা মলেঁয়া।

অকলশৰীয়া
জীৱনৰ এটি আশা মলেঁয়া।

অকলশৰীয়া
জীৱনৰ উমাল সান্নিধ্য মলেঁয়া।

মলেঁয়াৰ
জীৱন সলনি হ
বনে নহয় নাজানে ষ্টেপানে; তেওঁৰ
জীৱন কিন্তু সলনি হ
ব মলেঁয়াৰ মৰমেৰে।

 

মলেঁয়া।

ষ্টেপানৰ
বাবে এতিয়া এটা সঁচা সপোনৰ নাম। সঁচা হেঁপাহৰ নাম। মলেঁয়া
মৰম
লগা। মলেঁয়া
মৰম আকলুৱা।

 

(ক্ৰমশঃ)