অত্ৰেয়ী
গোস্বামী
 

দুয়োজন লগ হওঁতে তেওঁলোকৰ ভৰ যৌৱন৷ অৱশ্যে তাহানিৰ দিনবোৰত যৌৱনৰ
উন্মাদনা ৰাইজৰ বৰ কম আছিল৷ আচলতে কম আছিল নে প্ৰকাশ
 নহৈছিল
সেয়া জনাৰ কোনো উপায়
 নাছিল৷ মানুহজনী আছিল গম্ভীৰ৷ এমুখ দাঢ়ি আৰু এটা প্ৰকাণ্ড পেটেৰে ছয়
ফুট ওখ ডেৰকুৰি বছৰীয়া মদগজ মানুহটোক সকলোৱে সমীহ কৰিছিল৷ মাষ্টৰ মানুহ, কৰিবই৷
গাম্ভীৰ্যৰ অলংকাৰে দগমগাই থকা মানুহজনীও মাষ্টৰণী৷ যোৰাটো পাভযোৰা হোৱাদি হ’ল৷
গাঁৱত সকলোৰে মুখে মুখে৷ বোলে অমুকে একেবাৰে লায়েকৰ গৃহিণী পালে৷

নতুনে নতুনে কথাবোৰ বৰ আচহুৱা আছিল৷ খোবাখুবুনীৰ পাছদিনা চাহ বাকিবলৈ
লৈ জুইকুৰা ধৰোঁতে নন্দেকে আগবঢ়াই দিয়া মেটুৰামেটুৰি চচপেনটো দেখি তেওঁ থৰ
লাগিছিল৷ ৰাতিলৈ তেওঁক ঘৰখনৰ সকলোৰে আভাস এটা দিছিল মানুহজনে৷

 আইৰ খংটো অলপ বেছি৷ পিতা ঢুকাওঁতে ত্ৰিছ  বছৰ
হোৱাই নাছিল কিজানি৷ তেতিয়াৰে পৰা খিংখিঙীয়া স্বভাৱটো থাকি গ’ল৷ কিবা ক’লে মুখেৰে
নামাতিবা৷

 হ’ব
বাৰু৷

  বাকী ঘৰখন তুমি থানথিত লগাই ল’ব লাগিব৷

মুখৰ ভিতৰতে সঁহাৰি জনাই মানুহজনীয়ে ঈষৎ হাঁহি এটি বিৰিঙালে৷

সময় গৈ থাকিল৷ মানুহটোৰ দায়িত্ববোৰ মানুহজনীয়ে কান্ধ পাতি ল’লে৷
ভায়েকহঁতৰ বিয়াৰ পৰা ভনীয়েকহঁতক একোঘৰলৈ উলিয়াই দিয়ালৈকে৷ ঘৰখনৰ কিছুমান কথাৰ উহ
মানুহটোৱে নাপায়৷ মানুহজনীয়েই আঁত মাৰি থাকে৷ দুয়ো চৰায়ে কুটা কঢ়িওৱাদি এপদ এপদকৈ
কঢ়িয়াই ঘৰখন বান্ধে৷

শাহুৱেকৰ বৰবোৱাৰীক লৈ অকণো আক্ষেপ নাথাকে৷ নীতি-নিয়মৰ পৰা চাফ-চিকুণলৈকে
সকলোতে সাক্ষাৎ লক্ষ্মী গোসাঁনী৷ পিছে সেয়া দেখুৱাই নিদিয়ে৷ দুয়োৰে মাজৰ
আলাপ-আলোচনাবোৰৰ উমান কাষৰ বেৰখনেও নাপায়৷

 বুইছা, ই তেনেই মাটিহেন ল’ৰা৷ মৰা সাপ এডালো দেই নাযায়৷ বাপেকটো কাল
হওঁতে মেট্ৰিক দিছিলহে৷ তেতিয়াৰে পৰা এই নটা মানুহৰ ভাৰ বওঁতে বওঁতে আইধা পৰিছে৷
ইহঁতৰ যেনিবা বৰ আব্দাৰ নাই বুলিহে৷ দুজনীক উলিয়াই দিওঁতেই দেউলীয়া হ’ল৷ দুজনী আছেই৷

বোৱাৰীয়েকে শুনি থাকে৷ একো নকয়৷

 সকলো
কথা তাক নক’বা৷ পেটত কথা নাথাকে৷ বৰ হোলোংগোজ সি৷ কেতিয়া ক’ত কি ক’ব ঠিক নাই৷

  হ’ব মা৷

তেওঁৰ হাঁহি উঠে৷ তেওঁৰ প্ৰকাণ্ড মানুহটোৰ মাজৰ শিশুটো যেন হঠাতে
ওলাই পৰে৷
 

— হেৰি নহয়, পাৰিলে শাৰী নিপিন্ধিবা৷ সত্ৰৰ ডাঙৰ বোৱাৰী৷ নিজৰ মান
নিজেহে ৰাখিব পাৰিবা৷

তাৰ পাছত তেওঁ আৰু কোনোদিনে শাৰী গাত দিয়েই নাপালে৷

দায়িত্ববোৰ কোনেও কাকো নোকোৱাকৈ ভাগ-বতোৱাৰা হৈ যায়৷ সম্পৰ্কবোৰে
মানুহজনীৰ আঁচলত জিৰায়৷ নবৌৱেকজনীক কোনেও টোপ পৰিবলৈকে নিদিয়ে৷ পেটমচাটোৱে ভাত খাই
মুখখন নবৌৱেকৰ চাদৰতহে মচা হ’ল৷ তেৱোঁ তাক হেতাখন লৈ খেদি যাব পৰা হ’ল৷ মানুহেৰে
গিজগিজাই থকা ঘৰখন লাহে লাহে সেৰেঙা হৈ আহিল৷ এটা এটাকৈ দেওৰেকহঁতে নিজৰ জহতে
চাকৰি একোটা পালে৷ সৰুটো তেতিয়ালৈ কলেজত৷ তথাপি তেওঁ টোকৰ এটা মাৰি চাইছিল৷

  ঘৰৰ ওচৰতে একো নাপাবানে? ইমান দূৰৈত গৈ চাকৰি কৰিবাগৈ৷ আমাৰ চিন্তা
এসোপা অনৱৰতে লাগি থাকিব৷

মানুহটো গৰগৰাই উঠে৷

— তুমি ইহঁতক লাই দি নাথাকিবা৷ চাকৰি এটা পাইছে৷ কৰক৷

দুয়োটা দেওৰেক দুখন দূৰণিৰ জিলালৈ ওলাই যায়৷ মানুহজনীয়ে
কোমল চাউলৰ পৰা আৰম্ভ কৰি লস্কৰালৈকে টোপোলা বান্ধে৷
 চকু
পানী
 টুকি টুকি পিঠা ভাজে৷ অন্ততঃ প্ৰথম দৰমহাটো
নোপোৱালৈকে যাতে খোৱা-বোৱাত অসুবিধা নাপায়৷ সিহঁত যোৱাৰ পাছত
  শাহুৱেকে
বুজায়৷

— মৰমবোৰ এফালে৷ দায়িত্বও এফালে৷ তোমালোক দুটাই অকলে আৰু কিমান টানিবা? যাওক দিয়া৷ চিঠি-পত্ৰ
দি থাকিব৷ খবৰ পাই থাকিম৷ বেছিকৈ নাভাবিবা৷ এই সময়ত শোক কৰা বেয়া৷

এৰা! সেয়া মানুহজনীৰ জীৱনৰ সেইখিনি সময় আছিল৷ শাহুৱেকে বৰ আলাসত
ৰাখিব খুজিছিল৷ পিছে তেওঁ স্কুললৈ যায় খোজকাঢ়ি, আহেও খোজকাঢ়ি৷ দুই-আঢ়ৈ কিল’মিটাৰ
বাট৷ কেতিয়াবা ৰহমান কাইটিৰ ৰিক্সাখনতে উঠাৰ কথা ভাবে৷ পিছে যি ৰাস্তা, ঠেকেচনি
খাই আৰাম লোৱাতকৈ খোজ কঢ়াই ভাল৷ হেনজানি তেওঁ এখুজি দুখুজিকৈ আগবাঢ়ে৷ যাওঁতেও
ৰ’দটো মুখতে পৰে, আহোঁতেও বেলিটো মূৰত লৈয়ে ঘৰমুৱা হয়৷ ঘৰ পাবলৈ এক ফাৰ্লংমান
থাকোঁতে বৰগছ এজোপা পায়৷ তেওঁ ঘূৰি আহি গছজোপাৰ তলতে ক্ষন্তেক জিৰায়৷ এইজোপা পুৰণি
গছ৷ দহ কিল’মিটাৰ আঁতৰৰ তেওঁৰ মাকৰ ঘৰৰ ওচৰৰ বৰপুখুৰীৰ পাৰৰ শিপাবোৰ এইজোপা বৰগছৰে
বুলি শুনিছিল, সেই তাহানিতে৷ অৱশ্যে এইজোপাই সেইজোপা বুলি শাহুৱেকেহে কৈছিল৷ হাতত
থকা ক’লা ছাটিটো সামান্য বেঁকা কৰি তেওঁ অকণমান বা লয়৷ ঠিক তেতিয়াই গছজোপাৰ পাতবোৰে
জৰজৰকৈ শব্দ এটা কৰি লৰিবলৈ লয়৷ তেওঁৰ গাটো শাঁত পৰে৷ তেওঁ মনে মনে সেৱা এটি কৰে৷
কিবা এটা যেন বুজাবুজি হৈ গৈছে গছজোপাৰ সৈতে৷ গছজোপাৰ বুঢ়া ডালৰ ফেৰেঙনিত কপৌ
এহালি থাকে৷ দুয়োটাৰে কাৰুকাৰ্যবোৰ চাই থাকোঁতেই সময়বোৰ মনে মনে গুচি যায়৷ তেওঁ ৰৈ
থকা সময়ছোৱাত কেইবাটাও
 স্কুলীয়া ল’ৰা-ছোৱালী পাৰ হৈ যায়৷ সিহঁতৰ মাজত এক অঘোষিত প্ৰতিযোগিতা চলে৷
কোনে সাউতকৈ চাইকেলৰ পৰা নামি ‘‘বাইদেউ ৰৈছে’’ বুলি মাতষাৰ লগাব পাৰিব৷ কোনোবাটো
গাঁৱৰে ল’ৰাই হাতৰ টোপোলাটো লৈ যায়৷ মানুহজনীতকৈ ঘৰৰ প্ৰয়োজনীয় বস্তুখিনি আগতে ঘৰ
পায়গৈ৷ নন্দেক এজনী দৌৰি পদূলিমুখ পায়হি৷

— মা, নবৌ পালেহি৷

মাক-জীয়েকৰ মুখলৈ পানী আহে৷

বেচনৰ বৰ দিয়া শাকৰ আঞ্জাখন শাহুৱেকে যতনাই দিয়ে৷ মানুহজনীয়ে
আতৌ-পিতৌকৈ ভাতকেইটা খায়৷

 অতখন বাট আহি গছজোপাৰ তলত নৰ’লে তোৰ নহয়নে আই?

 দুয়ো
দুয়োৰে মুখলৈ চায়৷ কোনেও বুজাই ক’ব নোৱাৰে কথাবোৰ৷ দিনবোৰ গৈ থাকে৷ গছজোপাক
মানুহজনীয়ে বহু কথা কয়৷ গছজোপায়ো কয়৷ অমাত কথা৷ দুয়ো দুয়োৰে কথাবোৰ শুহি লয়৷ গিলি
থয়৷ সকলো ফালৰ পৰা সম্পূৰ্ণ মানুহজনীক গছজোপাই যেন অধিক পৰিপূৰ্ণ কৰি ৰাখে৷ সেইবোৰ
কথা কোৱা নহয়৷

 আঠমহীয়া
মানুহজনীক শাহুৱেকে এনেকৈ চাই থাকিব নোৱৰা হয়৷ অৱশেষত এদিন তেওঁ পুতেকৰ লগত কথা
পাতিলে৷

— এটা কাম কৰ, তই ককায়েকক মাতি আন৷ ইয়াত থাকিলে তাই ছুটী নল’ব৷ তাতে
থাককগৈ৷ নবৌৱেকহঁতো আছে৷ দুদিনমান আৰামত থাককগৈ দে৷

কথামতেই কাম হ’ল৷ মানুহজনক এৰি এইখিনি সময়ত মাকৰ ঘৰলৈ যাব লাগিব বুলি
তেওঁ ভবা নাছিল৷ পিছে গ’ল৷ চ’তৰ বিহুলৈ চাৰিদিন থাকোঁতে ছোৱালী এজনী হ’ল৷ তিনিমাহৰ
পাছত আকৌ সকলো আগৰ দৰে চলি থাকিল৷ বিস্কুট, চাৰ্ফৰ হিচাপ কৰি নোপোৱা মানুহটোৱে
পাকঘৰত পাচলি থোৱা প্ৰকাণ্ড পাচিটো কেতিয়াও উদং হ’বলৈ নিদিয়ে৷ বাকী নন্দেকৰ শাৰীৰ
ফল্‌ছৰ পৰা আয়েকৰ ব্লাউজটোলৈকে মানুহজনীৰ নখদৰ্পণত৷
 কেঁচুৱাকণক পেহীয়েক
খুড়াক-আইতাকে দিনটো ওমলাই থাকে৷ ঘৰখনত পোহৰেই পোহৰ হ’ল৷

আহাৰ মাহ সোমালেই মানুহজনীৰ উথপ্‌থপ লাগে৷ এপিনে ছমহীয়া পৰীক্ষাৰ
সময়৷ এপিনে ষাঁঠ৷ পথাৰত হালোৱা৷ সেই চাৰিদিনত যেনিবা পথাৰৰ কামবোৰ নাথাকে৷ আকৌ
উপবাসৰ চাৰিদিনত শাহুৱেকে কি খাব, কি পিন্ধিব সকলো আগতীয়াকৈ গোটাই ভাগে ভাগে থয়
তেওঁ৷ প্ৰয়োজন নোহোৱা কাপোৰ-কানিবোৰ আগতীয়াকৈ বাকচত ভৰাই থয়৷ আনকি ষাঁঠ লগাৰ আগতে
প্ৰকাণ্ড পিতলৰ কলহটোত পানী একলহ ভৰাই পীৰা এখনৰ ওপৰত তুলি থ’বলৈও নাপাহৰে৷ বাৰীৰ
পানিখলা, তামোলটো, নেমু দুটামান, আদা অকণ, পাচলি কেইটামান ষাঁঠ লগাৰ আগতেই তেওঁ
গোটাই লয়৷ সেই কেইদিনত মাটিত আঁক এটাও নামাৰে৷ ধৰিত্ৰী আই ৰজস্বলা হয়৷ ব্ৰাহ্মণ
বিধবা, সাধু-সন্তসকলে ষাঁঠৰকেইদিন অন্ন নাখায়৷ যি খায় সেয়া আগতীয়াকৈ মাটিত নলগাকৈ
ওপৰত তুলি থয়৷ সেইখিনি সময়ত প্ৰকৃতিয়ে জিৰণি লয় বুলি বিশ্বাস কৰা হয়৷
 আকৌ কাক
ক’ত মাত লগাব লাগিব, সেয়াও হিচাপ কৰি বজাৰ-সমাৰ কৰি মাটিত নলগাকৈ তুলি থয়৷
দুকোঠলীয়া পাকঘৰটোৰ ভিতৰফালে ইটা দুচপৰা দুফালে দি তক্তা এখন পাৰে৷ তাৰ ওপৰতে
শাহুৱেকৰ দৰকাৰী সকলো বস্তু থয়৷ কটাৰীখনো৷
 

সেইকেইদিন ঘৰখন মুখৰ হৈ থাকে৷ আটাইকেইটা ল’ৰা-ছোৱালী মাকৰ কাষত থাকে৷ পো-বোৱাৰী,
জী-জোঁৱাইৰে ঘৰ ভৰি থাকে৷ ষাঁঠ নহয় যেনিবা উৎসৱহে৷ অনৱৰতে তামোল এখন পকতিয়াই থকা
আয়েকৰ হবিচীয়া মুখখন বৰ শুকান শুকান লাগে তেওঁৰ৷ ঘৰত থকা সময়খিনিত ঘনাই কিবা এটা
খাবলৈ দি থাকে৷ তেৱোঁ আক’ নাতি-পুতিক বিলাইহে খাবলৈ লয়৷ স্কুললৈ যাওঁতে জাকহঁতক
সকলো দিহা দি থৈ যায়৷ মনটো কেনেবা লাগি থাকে৷ কিজানি ক’ৰবাত কিবা বেমেজালি লাগে৷
আকৌ শুদ্ধিৰ দিনা সকলো ধুই-তিয়াই ৰ’দত দি শাহুৱেকলৈ খোৱা-বোৱা যতনাইহে তেওঁ স্কুল
পায়গৈ৷

তাৰ পাছতে আহে গৰমৰ বন্ধ৷ ভাগিন-ভতিজাকেইটা আহিব৷ গতিকে স্কুলৰ ওচৰৰ
মাছবেপাৰীজনক বন্ধ দিবৰ দিনাই কৈ থৈ যায়, ‘‘মাগুৰ মাছ দুই কিলো ঘৰতে দি থৈ
আহিবাচোন৷’’ তেওঁৰ কথানো কোনোবাই পেলাব পাৰেনে? পেহীয়েকৰ ছোৱালীহঁতক পালে তেওঁ ৰজনীয়েও
ভাত দুগৰাহ বেছিকৈ খায়৷

আকৌ এসপ্তাহৰ আগৰ চিঠিখনত দেওৰেকে এই সপ্তাহতে পোৱাহি কথা লিখিছিল৷
আক-তাক খোজ-খবৰ কৰি ছাগলী মাংস অকণ গোটোৱাৰো ব্যৱস্থা কৰে৷ সি ভাল পায়৷ মানুহজনে
মাংস নিকিনেও, নাখায়ো৷ শিচৰ মানুহৰ পৰা কিনেনো কেনেকৈ? মানুহজনী একেবাৰে
নিৰামিষাহাৰী৷ পিছে ৰান্ধি-বাঢ়ি এনে জুতি লগাকৈ আগবঢ়াই দিয়ে আমিষবোৰেও পাত্তা নাপায়৷

মুঠতে মানুজনীয়ে ঘৰখনক ঘৰ এখন কৰিলে৷ আটাইকেউটা পৰিয়াল
বান্ধ খাই থাকিল৷ জা-জোৱালিহঁতকো বুকুত সুমুৱাই ল’লে৷ এদিন শাহুৱেক গ’লগৈ৷ সকলোৱে
নবৌৱেকৰ মুখলৈ চালে৷ তেৱোঁ সকলোকে সামৰি-সুতৰি দুখবোৰ নিলগাই থ’লে৷ সন্ধিয়া গোসাঁই
চাকিগছি জ্বলাই মানুহজনৰ সৈতে চাহকণ লৈয়েই কথা পাতে৷ সকলোৰে কথা৷ সিহঁতৰ
অসুবিধাবোৰৰ কথা৷ সেইবোৰ সমাধানৰ কথা৷ জীৱনৰ বিয়লি বেলা ছোৱালীজনীয়ে কওঁতেহে
ভাবিলে, ‘‘হয়তোন আক’’৷ তেওঁলোকে দেখোন কেতিয়াও নিজৰ কথা নাপাতিলেই৷ তেওঁলোকৰো
সমস্যা আছিল৷ কত খলাবমা বাট পাৰ কৰি আহিল৷ একো দেখোন পতাই নহ’ল৷ অৱশ্যে দুয়োৰে
দুখন হাত সদায় বান্ধ খাই আছিল৷ গতিকে সমাধানৰ বাট একোটা নিজে নিজে ওলাই আহিছিল৷

সেইহেনজনী ঘৰজেউতি মানুহ এদিনীয়া জ্বৰতে নোহোৱা হ’ল৷ নাই বুলিলেই
নাই৷ মানুহটোৰ চাৰিওফালে হাহাকাৰ লাগিল৷ সকলো শূন্য হৈ গ’ল৷ গাৰ ছাঁটোৱেও এনেকৈ লগ
এৰা দিয়েনে? তেওঁ বৰ অসহায় অনুভৱ কৰিলে৷ মানুহজনীৰ চাকৰিও আছিল আৰু দহ বছৰমান৷
ভায়েক-ভনীয়েকহঁতে দুখ কৰি কৰি ভাগৰি পৰিল৷ ককায়েকৰ ওচৰত চকুপানী লুকুৱাওঁতে
লুকুৱাওঁতে সিহঁতৰো চকুপানী চকুতে শুকাল৷ কোনেও কাকো এৰিব নোৱাৰে৷ অথচ ধৰি থাকিবও
নোৱাৰে৷ সকলোৰে চাকৰি ঠায়ে ঠায়ে৷ সকলোৰে নিজা নিজা সংসাৰ আছে৷ তথাপি মানুহটোক
কোনেও এৰিব নোখোজে৷

— তহঁত যাগৈ যা৷ তায়ে ময়ে থাকিম আৰু৷ এতিয়া এনেকৈ তহঁতে কিমান দিনলৈ
আমাক ৰখি থাকিবি? নিজৰ নিজৰ কামত লাগগৈ যা৷

এদিন-দুদিনৰ অগাপিছাকৈ সকলো চকুপানী টুকি টুকি ঠায়ে ঠায়ে গ’লগৈ৷
মানুহজনে মাত্ৰ এটা কথাই ক’লে, ‘‘আহি থাকিবি সময় পালে’’৷

মানুহজন আকৌ সমাজলৈ উভতি গ’ল৷ মানুহজনী থাকোতে ঘৰলৈ পিঠি দি সমাজকে
অধিক সময় দিয়া মানুহজনে এতিয়া ঘৰ-ছোৱালী সকলোৰে সমানে খবৰ ৰখা হ’ল৷ তেওঁ বুজিছিল
সমাজখনক মানুহজনৰ প্ৰয়োজন৷ গতিকে ঘৰুৱা লেঠাবোৰ পৰা সদায় আঁতৰাই ৰাখিছিল৷ এতিয়া
কথাবোৰ বেলেগ হ’ল৷ ভায়েক-ভনীয়েকহঁতে পাল পাতি আহি থাকিল৷

গৰমৰ বন্ধ৷ তিনিওটা ভায়েকৰ পৰিয়াল আছেহি৷ ঘৰ ভৰি আছে৷ মানুহজনৰহে
কিবা বুকুখন উৰুঙা পৰি থাকে৷ পাকঘৰত ভাইবোৱাৰীহঁতক দেখিলে ভাল লাগে৷ তথাপি মিহি
সোণৰ খাৰুপাতত ওলমি থকা চেফটি পিনটোৰে সৈতে বিশেষ হাতখন নেদেখি তেওঁ নিৰাশ হয়৷
মনটোত কিবা এটাই খোঁচা-বিন্ধা কৰে৷ তেওঁ আগফালে ওলাই যায়৷ হাতত বিচনী এখন৷
বাটচ’ৰাতে চকী এখন পাৰি বহে৷ ওপৰলৈ চাই থাকে বহু সময়৷ আকাশখন সেমেকা৷ ডাৱৰে ভৰি
আছে৷ তেওঁ কথাবোৰ এফালৰ পৰা ভাবি থাকে৷

 দাদা, ভাত দিলোঁ৷

তেওঁৰ ভাবনাত যতি পৰে৷

— মই  নাখাওঁ নহয় আজি৷

— কিন্তু কিয়?

তেওঁ বিৰক্ত হয়৷ খং উঠে৷

— আজি তেওঁৰ সলনি মই মৰা হ’লে তোমালোকে ষাঁঠৰ সম্পূৰ্ণ তৈয়াৰী
নকৰিলাহেঁতেন নে?
 গোসাঁইৰ ঘৰৰ বিধৱাৰ কোনটো নিয়ম বাদ পৰিলহেঁতেন? এই চাৰিদিন মই অন্ন
গ্ৰহণ নকৰোঁ৷

বোৱাৰীয়েকে দুখ পায়৷ আঁচলেৰে সেমেকা চকু দুটা মোহাৰি ভিতৰলৈ সোমাই
যায়৷ কথাবোৰ সকলোৱে আলোচনা কৰে৷ সকলোৰে মনবোৰ বিষাদে আগুৰি ধৰে৷ আটোমটোকাৰীকৈ
ৰন্ধা মানুহজনৰ প্ৰিয় ৰহৰ দাইলৰ আঞ্জাখনৰ প্ৰতি কাৰোৰে আগ্ৰহ নোহোৱা হয়৷ সৰুটো
ভায়েক তেওঁৰ কোঠালৈ সোমাই যায়৷ মানুহজনে ভূমিস্পৰ্শ নকৰাকৈ ৰখা ফলাহাৰ কৰি আছিল৷
মানুহজনীৰ ফটোখনৰ শুকান বকুল কেইপাহ আমোলমোলাই আছিল৷

— দাদা

— মাক দেখিছিলোঁ অ’৷

তেওঁৰ মাতটো সেমেকা৷

তেতিয়া কিছু দূৰৈত বৰগছজোপাৰ শুকান পাত কেইখিলামানত খৰমৰণি উঠিছিল৷