আকাশ দীপ্ত ঠাকুৰ

 

       জুইকুৰা
হোলাটোৰ সিপাৰে বেছিকৈ জ্বলিছিল৷ এইপাৰে উমি উমি জ্বলিবলৈ আৰম্ভ কৰা জুইকুৰা হোলাটোৰ
সিপাৰলৈ বিয়পি পৰোঁতে বৰ কম সময় লৈছিল৷ দুয়োপাৰৰ দুখন গাঁও ধোঁৱাময় হৈ পৰিছিল৷

       জুই
জ্বলিলেতো ধোঁৱা ওলাবই– সেয়া সাধাৰণ কথা৷ ক’ৰবাত ধোঁৱা ওলাইছে, ধোঁৱাবোৰ যেনি-তেনি বিয়পি
পৰিছে– অৰ্থাৎ ক’ৰবাত জুই একুৰা জ্বলিছে; কোনোবাই জ্বলাইছে৷ মুকলি পথাৰখনৰ সীমালৈ দূৰৈৰ
সৌ বাঁহনিখনৰ কাষে কাষে ডাৱৰৰ নিচিনাকৈ উপঙি
ফুৰা সেই ধোঁৱাবোৰ দেখিলেই পথৰুৱা বাটেদি অহা বাটৰুৱাই ধাৰণা কৰিব পাৰিছিল– বাঁহনিৰ
সিফালে গাঁওখনত কাৰোবাৰ ঘৰত হয়তো গৰু-দানা সিজাইছে৷ চোতালখন চাৰিদিনৰ মূৰত ভালদৰে অঁতাই
লোৱাৰ পাছত একোণত গোটাই থোৱা জাবৰবোৰ পুৱা-গধূলি জ্বলাই দিয়াটোও এটা সাধাৰণ ঘটনা৷ তিনি-চাৰিজনী
খীৰতি গাই, হালৰ বলদহাললৈ দানা সিজাবলৈ গোহালিৰপৰা নিলগত বাঁহৰ মুঢ়াৰ জুইকুৰা জ্বলাবই
লাগিব৷ উখোৱা চাউলকেইটাৰ সোৱাদকণৰ বাবে বৰ কেৰাহীখনত ধানখিনি বঢ়াবলৈ ভঁৰালৰপৰা নিলগত
চোতালৰ এমূৰে জুইকুৰা লাগিবই৷ বাকী থাকিল দৈনন্দিন পুৱা-গধূলিৰ সেই জুহালৰ জুইকুৰা;
জাৰটো বেছিকৈ পৰিলে গা ধোৱা পানীকণ তপতাই ল’বলৈ পিছ চোতালৰ জুইকুৰা, পুহৰ সংক্ৰান্তিৰ
দিনা ধলপুৱাতে দপদপাই জ্বলাই দিয়া মেজিৰ জুইকুৰা, নিহালি লোৱা দিনবোৰত চোতালে চোতালে
আড্ডা দিবলৈ খৰি-খেৰ আঁজুৰি জ্বলাই লোৱা জুইকুৰা, নৈৰ পাৰৰ মৰিশালিখনত সময়ে সময়ে জ্বলি
উঠা জুইকুৰা…৷ সেইবোৰ বাদ দিলেও আৰু কত জুই সময়ে সময়ে গাঁৱৰ ঘৰ-পদূলিত, পথৰুৱা বাটত,
নৈৰ ঘাটত, বাঁহতলত জ্বলে৷ চকুৰে মণিব নোৱৰা সেইবোৰ জুই…কেতিয়াবা গোটেই গাঁওখনলৈ ধোঁৱাবোৰ
বিয়পে৷ গোপনে বুকুৰ ভিতৰত উমি উমি জ্বলি থকা তুঁহ জুইকুৰাও কেতিয়াবা ফুৱাই দিলে ভমককৈ
জ্বলিব খোজে৷ মনৰ মাজতে কথাবোৰ পাগুলি যোগেন মাষ্টৰে হোলাটোৰ সিপাৰলৈ দৃষ্টি প্ৰসাৰিত
কৰিলে৷ এৰা ! কেনে একুৰা জুই মাষ্টৰৰ বুকত আজি দুকুৰি চাৰি বছৰ ধৰি জ্বলি আছে৷ নুমুৱাৰ
নামেই নলয়, যেন চিতাৰ জুইৰ সৈতে এদিন একাকাৰ নোহোৱালৈকে জ্বলিয়ে থাকিব৷

       – “সেইবোৰ
সচৰাচৰ জ্বলি থকা, জ্বলিব খোজা জুইৰ কথা ক’বলৈ বিচৰা নাই অ’৷ কেতিয়াবা অকাৰণত একুৰা
জুই জ্বলে বুজিছ! গোটেই গাঁওখন চাৰখাৰ কৰি পেলায়৷” যোগেন মাষ্টৰে অলপ সময় ভাবুক হৈ বহি
থকাৰ পাছত অকলে মুখৰ ভিতৰতে কথাকেইটা বিৰবিৰাইছিল৷ শুনিবলৈ কাষত কোনো নাই৷ বয়সে চাৰিকুৰিৰ
দেওনা পাৰ কৰা মানুহটোৰ মতিভ্ৰম হোৱাৰ দৰে হ’লগৈ৷

       হোলাটোৰ
পৰা সন্তৰ্পণে আলিটোলৈ উঠি আহিব খুজিও এটা নিৰ্দিষ্ট দূৰত্বত ৰৈ যোৱা ছায়ামূৰ্তিটোৱে
এবাৰ যোগেন মাষ্টৰৰ মুখলৈ চালে৷ এখন্তেক ৰৈ সি পুনৰ ভাবিলে– এইখন সমাজ সেই তাহানিৰ সমাজখনতো
নহয়৷ এইখন গাঁৱো চাগৈ এতিয়া বহুত সলনি হৈ গ’ল৷ এইখন গাঁৱত কোনোবাই তাক চিনি পাবনে?– এই
প্ৰশ্নটো সি পাৰ হৈ যোৱা মাহটোত নিজকে বহুবাৰ কৰিছে৷ সি এখন ভিন্ন পৃথিৱীত বাস কৰে৷
সেইখন পৃথিৱীৰ বিষয়ে এইখন গাঁৱৰ নাই কোনো চিনা-পৰিচয়, নাই কোনো সম্পৰ্ক৷ যোগেন মাষ্টৰক
এনেকৈ, এই সময়ত আজি মুকলিকৈ লগ পাম বুলিয়ে সি গুচি আহিল৷ কথাটো নিতান্তই সাধাৰণ কথা এটা
হৈ থাকিলনে? অগতানুগতিক কিবা এটা নহ’লনে? যোগেন মাষ্টৰে কথাটো কেনেদৰে ল’ব বাৰু! হোলাটোৰ
দুয়োপাৰৰ গাঁও দুখনৰ মানুহবোৰৰ বাবে এয়া কেৱল অগতানুগতিকেই নহয়, নিতান্তই অনাকাংক্ষিত,
আচহুৱা ঘটনা৷ গতিকে গাঁও দুখনে গম পাব নোৱৰাকৈ মাষ্টৰক লগ ধৰিব পৰাৰ এয়াই সবাতোকৈ প্ৰশস্ত
সময় হ’ব পাৰে বুলি সি নিশ্চিত হ’ল৷ কাণি-মুনি সন্ধ্যা; মানুহবোৰ ঘৰে ঘৰে ব্যস্ত হোৱাৰ
সময় এয়া৷ যোগেন মাষ্টৰে আজি ঘটনাটো কেনেদৰে ল’ব পাৰে সি নাজানে৷ মানুহটোক হোলাটোৰ পাৰৰ
এই নতুনকৈ পকী হোৱা পুলটোতে লগ পাব বুলি সি জানিছিল– কেনেকৈ? সেইবোৰ এটা দীঘলীয়া পৰিকল্পনাৰ
কথা৷ প্ৰকৃততে এয়া মনৰ মাজতে পুহি ৰখা বহুদিনীয়া এটা হেঁপাহ৷ হেঁপাহ বুলিও ক’ব পাৰি,
তাড়না বুলিও ক’ব পাৰি; আৰু দায়িত্ববোধ? সি জানে– এই দুখন গাঁৱত প্ৰচলিত কোনো ধাৰণাকে
সি আৰু সলনি কৰিব নোৱাৰে; কাকো কাহানিও সি দোষমুক্ত কৰিবও নোৱাৰে; কিন্তু নিজৰ বিৱেকটোক,
শৰীৰৰ ভিতৰৰ অশান্ত মনটোক অন্ততঃ সকাহ দিব সি পাৰিব৷ দীঘলকৈ এটা উশাহ লৈ সি অদূৰৈত
বহি থকা যোগেন মাষ্টৰলৈ পুনৰ এবাৰ লক্ষ্য কৰিলে৷ লাহে লাহে সি এৰি দিলে তপত নিশ্বাস৷
তাহানিৰ সেই জুইকুৰাৰ অপৰিচিত এটি উত্তাপ যেন তাৰ শৰীৰৰ মাজেদি প্ৰৱাহিত হৈ গ’ল৷ নিজকে
সি সাজু কৰি ল’লে যোগেন মাষ্টৰৰ কাষলৈ আহিবলৈ৷

       যোগেন
মাষ্টৰে মুখৰ ভিতৰতে পুনৰ কিবা এটা বিৰবিৰালে৷ কাক ক’ব তেওঁ কথাবোৰ? আজি ইমান বছৰে
বুকুৰ তলিত গোট খাই থকা কিমান কথা…৷ কি অবাঞ্ছিত ঘটনা ঘটিছিল সেইদিনা? সকলোৱে জানে– গাঁওবোৰত
এনে অলেখ ঘটনা নিতৌ ঘটিয়ে থাকে, হৈ থাকে৷ কোনোবাটো কেতিয়াবা তল পৰি যায়; কোনোবাটোৰ
মীমাংসা হয়৷ কোনোবাই কাহানিবা দোষৰ ভাগি শিৰত লৈ সেইদৰেই জীয়াতু ভুগিবলগীয়া হয়৷ কোনোবা
আঁতৰি গুচি যায়… দূৰলৈ… বহুত দূৰলৈ, হাত মেলিও ঢুকি পাব নোৱৰা দূৰত্বলৈ৷ এই সকলোৰে
আঁৰত থাকে একো একোকুৰা জুই৷ জুইতো জুয়ে; সকলোৰে একে উত্তাপ৷ কেঁচা মজিয়াখন মচি লৈ গোঁসাইঘৰত
জ্বলোৱা চাকিগছিৰো একেই উত্তাপ; কিন্তু জেউতি ভিন্ন৷ জ্বলি থকা মমবাতিয়েও পোহৰ বিলায়,
তাৰ মধুৰ উত্তাপত কেতিয়াবা দুখন হূদয়ৰ বেথাবোৰ উমি উমি জ্বলি থাকে৷ অসাৱধান হৈ বাগৰি
পৰা মমবাতিৰ শিখায়ো জ্বলাই নিব পাৰে এখন ঘৰ, এটা চুবুৰি, এখন গাঁও, এখন সমাজ…৷

       যোগেন
মাষ্টৰে শীৰ্ণকায় শৰীৰটো অকণমান পোনালে৷ কাষতে থকা লাখুটিডাল এবাৰ খেপিয়ালে৷ হয়তোবা
আৰু কেইটামান মুহূৰ্ত… হোলাটোৰ ফালে পুনৰ এবাৰ চাই যোগেন মাষ্টৰ লাহে লাহে উঠিব৷ কাহানিও
পাহৰিব নোৱৰা সেই কাহিনীটো পুনৰ হোলাটোৱেদি জীৱন্ত হৈ পৰিব৷ চৰিত্ৰবোৰ জীৱন্ত হৈ পৰিব৷
হোলাটোৱেদি হো-হোৱাই আলিটোলৈ উঠি অহা সেই ছাগলীৰ জাকটোৰ দৰেই…৷

       …ছাগলীৰ
জাকটো বাৰীখনত সোমাইছিল৷ কোনটো সুৰুঙাইদি কেনি সোমাইছিল, সেইটো পাছৰ কথা; কিন্তু চাৰিজনী
সানমিহলি বয়সৰ ছাগলী, পঠা আৰু চেউৰী লগ লাগি তিনিটা পোৱালি, মুঠতে সাতোটা ছাগলী পিছফালৰ
বাৰীয়েদি সোমাই আহিছিল৷ লহপহকৈ বাঢ়ি গৈ এছোৱা ঠাই ছাটি ধৰা ৰঙা আলুজোপা ছাগলী কেইজনীয়ে
কম সময়তে তেনেই টকলা কৰি পেলালে৷ বিয়লি গাটো এবাৰ তিওৱাৰ আগতে ডকৰা পৰা কাপোৰকেইটা
সামৰি আনো বুলি সাবিত্ৰী পাটীৰপৰা উঠি আহিছিল৷ লিচপিচীয়া শৰীৰটোত মিহিকৈ বাহ লোৱা কঁকালৰ
বিষটোৰ বাবে মানুহজনী গিৰিসাই উঠি লৰ মাৰিব নোৱাৰে৷ বাৰীখনত খচমচনিৰ শব্দ শুনি মানুহজনীয়ে
কাণ উণালে– হয়, কাৰোবাৰ ঘৰৰ মৰতী ছাগলী এজাক সোমালহি বাৰীখনত৷ মানুহজনীয়ে ‘হেই হেই’কৈ
খেদা মাৰি আহি পিছফালৰ বাৰীখন পালেহি৷ 

        –“হঞে কোন ক’ত আছ বাৰু…? ঐ কণল’ৰা, মাজু… চাহিচোন;
হেৰৌ হাইজাজাতী মৰতী ছাগলীকেইজনীয়ে গোটেইখন সৰ্বনাশ কৰিলে…৷”

       মানুহৰ
চিঞৰ-বাখৰখন শুনি ছাগলীকেইজনীয়ে ইফালৰপৰা সিফালে ঢপলিয়াবলৈ লাগিল৷ কণল’ৰা ঘৰতে আছিল
বাবে সি হেই-হুইকৈ কেইজনীমান খেদিলে৷ সাবিত্ৰীয়ে চেউৰী ছাগলী এজনী জপতিয়াই ধৰি ল’লে৷
বান্ধি থ’ব তাইক৷ এই কথাই কথা নহ’ব৷ গৃহস্থ আহিব লাগিব৷ গোটেই ৰঙা আলুজোপা টকালি পেলালে৷
বিচাৰ হ’ব লাগিব৷

       সাবিত্ৰীৰ
একা-চেকা মুখ৷ থাওকতে হোলাটোৰ এইপাৰৰ মানুহ আটাই কেইঘৰলৈ ধোঁৱা বিয়পি পৰিল৷ জুই জ্বলিল
যেতিয়া ৰক্ষা নাই৷ পিছে সেই কেইজনী ছাগলী এইপাৰৰ কাৰো ঘৰৰ নাছিল৷ তেন্তে? হোলাটোৰ সিপাৰৰ
সিখন গাঁৱৰ কাৰোবাৰ ঘৰৰ হ’ব লাগিব৷– কাৰোবাৰ ঘৰৰ বুলিলে নহ’ব নহয়, কাৰ ঘৰৰ? কেনেকৈ এইপাৰে
আহিল? চিঞৰ-বাখৰবোৰ উৰি উৰি গৈ হোলাটোৰ মাজ পাইছিলগৈ৷ হোলাটোৰ ভিতৰৰ এটা নিভৃত কোণত,
জোপোহানিৰ আঁৰত দুখন বুকুৰ ভিতৰৰ তুঁহজুই উমি উমি জ্বলিছিল এথোন৷ হঠাৎ হোৱা হাই-উৰুমিটোত
দুয়ো সচকিত হৈ পৰিছিল৷ তাইৰ ছাগলীৰ জাকটোক লৈয়ে এটা হুলস্থূল হ’ব পাৰে বুলি তাইৰ অনুমান
হৈছিল৷ নিজকে সংযত কৰি ল’লে তাই৷ কিছু সময়ৰ আগতে কাষতে চৰি থকা ছাগলীৰ জাকটো তাইৰ চকুৰ
আগতে নোহোৱা হৈ পৰিছিল৷ কিমান সময়ৰ আগত…? সেইবোৰ ভাবিবলৈ আৰু সময় নাই৷ চিঞৰ-বাখৰবোৰ
চলি থাকোঁতেই ছাগলীৰ জাকটো তাইৰ আগেদি হোলাটোৱেদি গুচি গ’ল৷ তাই গম পালে– এজনী ছাগলী
নাই৷ খৰখেদাকৈ জোপোহানি ফালি তাই হোলাটোৰ এইপাৰে উঠিলহি৷ হেৰাইছে বুলি ধাৰণা হোৱা ছাগলীজনীৰ
বেবনিটোৰ উহ খেদি তাই যোগেন মাষ্টৰৰ চোতাল পালেহি৷

       বাঁওফালে
কঁকালৰ খোঁচনিলৈ মেখেলাখন এবেগেতমান ভৰাই কলাফুল উলিয়াই ছাগলীৰ গিৰীহঁতক চৈধ্য পুৰুষ
উজাৰি গালি পাৰি থকা সাবিত্ৰীয়ে তাইক দেখিলে আৰু পোনছাটেই চোঁচা মাৰি আহিল৷

       “ঐ
ছোৱালী, তই কাৰ ঘৰৰ? ছাগলী পুহিবলৈ আহিছ? লোকৰ বাৰী টহিলং কৰি ফুৰিবলৈ ছাগলী পুহিছ?
ডিঙিত ডাকু লগাব নোৱাৰ চাল্লা মৰতী৷ নহয় নহয়, এই কথাই কথা নহয়৷ তই কাৰ ঘৰৰ ছোৱালী ক’ব
লাগিব৷ দৰকাৰ হ’লে মেল চপাম…৷”

       তাই
চুচুক-চামাককৈ সোমাই আহি চোতালৰ এমূৰে থিয় হ’লহি৷ সাবিত্ৰীয়ে হাত-ভৰি জোকাৰি তাইক গালি
বৰষিছে, তাই সমূলি গণ্য কৰা নাই৷ তলমূৰকৈ কেৱল থিয় হৈ আছে৷ ওচৰ-পাজৰৰ আৰু দুঘৰমানৰ
পৰা কোনোবা কোনোবা আহি যোগেন মাষ্টৰৰ পদূলিত ভুমুকিয়াইছেহি৷ কণল’ৰাই মাকক মনে মনে থাকিবলৈ
ক’ব খুজিছিল– ভেকাহি খাই তাপ মাৰিলে৷ যোগেন মাষ্টৰ ভিতৰৰপৰা ওলাই আহিল৷ চুৰিয়াৰ আগটোৰে
বিতচকুযোৰ মোহাৰি ল’লে৷ এখোজ-দুখোজকৈ তেখেত তাইৰ সন্মুখলৈ আহিল৷ ঘন ঘনকৈ চকুহাল দুবাৰমান
পিৰিকিয়াই তাইলৈ চালে– দেহি ঐ! এনে সুন্দৰ ছোৱালীজনী৷ গাখীৰত সেন্দূৰ মিহলোৱা মুখৰ বৰণ,
কিচকিচীয়া ক’লা চুলিকোছা দুডলীয়াকৈ বেণী গুঁঠিছে৷ সাবিত্ৰীৰ গালি খাই তাইৰ গাল-মুখ
আৰু ৰঙা পৰিছে৷ তাইৰ গাতনো কি দোষ? যোগেন মাষ্টৰলৈ চাই তাই ক’ব নোৱৰাকৈয়ে হাতযোৰ কৰাৰ
ভংগিমা লৈছে৷

       “আইজনী,
তই কাৰ ঘৰৰ ছোৱালী? এই পাৰৰতো নহয় চাগৈ৷ সিপাৰৰ হয়নে?” যোগেন মাষ্টৰৰ মাতত অপত্য স্নেহ৷
ছোৱালী এজনীলৈ মানুহটোৰ বৰ হেঁপাহ আছিল; পিছে গজ গজকৈ তিনিটা ল’ৰাহে পৰিয়ালটোলৈ আহিল৷
সিহঁত ডাঙৰ হৈ আহিল৷ এতিয়া আনৰ ঘৰৰ ছোৱালী দেখিলেই যোগেন মাষ্টৰৰ ঘৰলৈ বোৱাৰী কৰাৰ
হেঁপাহ জাগে৷

       “কি
ভালৰি বোলাবলৈ আহিছে? ই…স্‌! গাভৰু ছোৱালী দেখি মিহি মাত মাতিলে নহ’ব নহয়…৷” সাবিত্ৰী
জাঙুৰ খাই উঠিল৷

       “এহ্‌
ৰ’বাচোনহে৷ তাই ছাগলীকেইজনী ঘৰৰপৰা আনি বাৰীত মেলি দিয়াহি নাই নহয়৷ তাইনো কাৰ ঘৰৰ ছোৱালী– সেই
কথাটো…৷”

       যোগেন
মাষ্টৰে যিমান পাৰি সহজভাৱে কথাটো বুজাবলৈ চেষ্টা এটা কৰিছিল; পিছে সাবিত্ৰীয়ে আৰু
ৰুদ্ৰ মূৰ্তিহে ধৰিলে৷ গাঁওখনৰ এইটো চুবুৰিৰ মানুহো ভালেখিনি গোট খালেহি৷ সকলোৰে আঁৰ
লৈ তাইৰ কাষেদিয়ে যোগেন মাষ্টৰৰ ল’ৰা মাজু সাউৎকৈ ভিতৰমুৱা হ’ল৷ হেমপ্ৰভা, সোণমাইহঁত…দুজনীমান
আহি সাবিত্ৰীক অলপ সুস্থিৰ কৰিবলৈ চেষ্টা কৰিলেহি৷

       “বাৰু
আইজনী, তইনো সিটো চুবুৰিৰ কাৰ ছোৱালী, সেই কথাটোকে ক; আৰু তোৰ ছাগলীজনী লৈ যা৷” দুৰ্গেশ্বৰে
যোগেনৰ কাষতে আহি ঘটনাটোৰ লেখ-জোখ চাই থকাৰপৰা মাতষাৰ লগালে৷

       সাবিত্ৰীয়ে
আঁচলটো টানি গোজোৰা মাৰিলে– “সেইদৰে ছাগলী লৈ গ’লেই কথাৰ ফয়চলা নহ’ব নহয়৷ ৰঙা আলুজোপাৰ
ঠাইতে সঁচ মাৰিলে৷ বিহুৰ সময়লৈ সেয়া অতখিনি আলু খান্দিব পৰা গ’লহেঁতেন৷ আৰু এইজনী কালৰী
নে বোবা? অ
ই ছোৱালী, কি নাম তোৰ? তই কাৰ ঘৰৰ নকৱ কেলেই?”

       তাই
এইবাৰ মূৰ তুলি যোগেন মাষ্টৰলৈ চালে– “ছাৰ…মোৰ নাম ৰেণু৷ মই হোলাৰ সিপাৰৰ…৷”

       তাইৰ
মুখৰ মাত ওলাল কি নোলাল সাবিত্ৰী খেদা মাৰি ওচৰ পালেহি– “অ’ নিমাতী কইনাৰ এতিয়াহে মাত
ওলাল৷ পিছে বাপেৰৰ নাম ক৷ তই কাৰ জীয়েক?

       ৰেণুৱে
এবাৰ যোগেন মাষ্টৰলৈ চাই পুনৰ তলমূৰ কৰিলে৷ যোগেনৰ মনটো সেমেকি আহিল– “আইজনী, তইনো কাৰ
ছোৱালী কৈ থৈ যা৷ যি হ’লেও তোৰ ছাগলীয়ে বাৰীখন টহিলং কৰিলে যেতিয়া ঘৰ দুখনৰ মাজত কথা
হ’ব লাগিব৷ গতিকে…৷ আৰু অযথা সময়বোৰ গৈ আছে৷ তোৰ ঘৰতো চিন্তা কৰিব নহয়৷”

       ৰেণুৱে
বৰকৈ উচপিচখন লগালে৷ তাই যেন ধৰ্ম-সংকটত পৰিল৷ কেনেকৈ কয় তাইৰ দেউতাকৰ নামটো৷ তাই এবাৰ
মূৰ তুলি মানুহখিনিলৈ চালে৷ কওঁ নকওঁকৈ লাহেকৈ যোগেন মাষ্টৰক ক’লে– “মই আপোনাৰে ছোৱালী৷”

       সৰুকৈ
অথচ স্পষ্ট ভাষাৰে কোৱা ৰেণুৰ কথাষাৰে দুটামান মুহূৰ্তৰ বাবে কাঁহ পৰি জীন যোৱাৰ পৰিৱেশৰ
সৃষ্টি কৰিলে৷ অলপ পাছতে গোটেইখন তেনেই সলনি হৈ পৰিল৷ সাবিত্ৰীয়ে চোঁচা ল’লে ৰেণুলৈ৷
ইতিপূৰ্বে হোলাৰ সিপাৰৰ মানুহ আহি এইপাৰে গোট খালেহি৷ একুৰা জুই ভালদৰে জ্বলি উঠিল৷
যোগেন মাষ্টৰ জৰ-মাৰ হোৱা মানুহৰ দৰে ঠাইতে জঠৰ লাগিল৷ ওৰেটো জীৱন মানুহটোৱে প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি কণ কণ
ল’ছালিহঁতক জীৱন গঢ়াৰ পাঠ পঢ়ুৱালে; দুদিন আগতে অৱসৰ লৈছে এথোন৷ কাহানিও তেওঁৰ চৰিত্ৰক
লৈ কোনেও আঙুলি টোঁৱাবলৈ সুবিধা নাৰাখিলে; সেইটো মানুহৰ চোতালতে এজনী গাভৰু ছোৱালীয়ে
সকলোৰে সন্মুখত কৈ দিলে– তাই তেওঁৰ ছোৱালী৷

       পাছদিনা
আবেলি নামঘৰত মেল বহিল৷ সেই সময়লৈকে যোগেন মাষ্টৰৰ ঘৰখনত যোগেন আৰু সাবিত্ৰীয়ে পানী
এটোপাও ভালদৰে মুখত নিদিলে বুলিব পাৰি৷ নামঘৰত ৰেণুৱে সৈ কাঢ়িলে তাই কেনে ধৰ্ম-সংকটত
পৰিছিল৷ যোগেন মাষ্টৰে তাইক সৰুতে স্কুলত পঢ়ুৱাইছিল, গতিকে তাইৰ জিভা কাটি দিলেও শিক্ষকৰ
নাম নলয়; অন্যহাতে তাইৰ দেউতাকৰ নামো যোগেন; যোগেন বড়া৷ গতিকে তাই কেনেকৈ ‘যোগেন’
নামটো মুখত লয়! সেয়েহে সকলোৰে হেঁচাত পৰি তাই সেইদৰে কৈ দিছিল৷

       জুইকুৰা
বৰ বেয়াকৈ জ্বলিল৷ ছেগ বুজি ঘিঁউ ঢলা মানুহ ওলাল, লাগনি খৰি দুডালমান সৰহকৈ ভৰাই দি
বাঁহৰ চুঙাৰে ফুৱাই দিয়া মানুহৰনো কি অভাৱ৷ দুখন গাঁও, উমৈহতীয়া নামঘৰটোৰ সৈতে সমাজখন
দুটা পৃথক খেলত বিভক্ত হৈ পৰিল৷ যোগেন মাষ্টৰে কাতৰ চেষ্টা কৰিছিল– জুইকুৰা নুমাওক;
পিছে তেখেতৰ সকলো প্ৰয়াস অথলে গ’ল৷ সহজ-সৰল ৰেণুজনী হৈ পৰিল গাঁও দুখনৰ মাজত জ্বলি
উঠা জুইকুৰাৰ মূল হোতা৷

       দিনকদিনে
ছেগ চাই ফুৰা মানুহবোৰেও উৎসৱ-পাৰ্বণবোৰত ইটো খেল, সিটো খেল বুলি জেদ ভাব বঢ়াবলৈ লাগি
গ’ল৷ ভাওনা-সবাহ সকলোতে খেল-বিবাদ চলি থাকিল৷ অথচ সেই কেঁওটৰ গাঁও, কলিতাৰ গাঁও কৰি
থকা মানুহবোৰে উমান নাপালে প্ৰকৃত জুইকুৰা ক’ত, কেনেকৈ গোপনে জ্বলি আছিল৷ এইকুৰা জুই
প্ৰকৃততে জুই নাছিলেই৷ আচল জুইকুৰা তেতিয়ালৈকে কোনেও দেখাই নাছিল৷ গাঁও দুখন শান্ত
হ’ব পাৰে; কিন্তু কাৰোবাৰ মনত উমি উমি জ্বলি থকা তুঁহ জুইকুৰাতো তেনেকৈ নুমুৱাব নোৱাৰি৷
হাহাকাৰ কৰি উঠিছিল ৰেণুৱে৷ কি কৰে তাই এতিয়া? ইমান এটা আচহুৱা, অবাঞ্ছিত পৰিৱেশ হ’ব
পাৰে বুলি তাইতো সপোনতো ভবা নাছিল৷ তাইৰ সপোনৰ ৰংবোৰচোন বেলেগ আছিল৷ পখিলাৰ পাখিহেন
ৰঙীণ, আলফুলীয়া সপোন, পাটগাভৰু বয়সৰ উন্মাদনা, আকলুৱা মন; শৰীৰৰ অদমনীয় বাসনাই তাইক
অশান্ত কৰি পেলাইছিল৷ এদিন এইকুৰা জুই নুমাব– সেই দিনটোলৈ তাই কেনেকৈ ৰয়? কেনেকৈ?

       ৰাসৰ
আখৰা চাবলৈ আহি হোলাটোৰ সিপাৰে নিশা তাই ৰৈ গ’ল৷ মাজুৱে তাইক আশ্বাস দিলে– “যি হয় হ’ব৷
দোষ কৰিছোঁ যদি তাক আমি মানিও ল’ব লাগিব৷ ব’ল, তই মোৰ ঘৰলৈ ব’ল৷ পাছত যি হয় দেখা যাব৷”

       হোলাৰ
এইপাৰে যোগেন মাষ্টৰে ৰাসৰ আখৰা সামৰি বাট বুলিছিল ঘৰলৈ৷ ঠিক হোলাটোৰ কাষ পাওঁতেই মাজু
আহি সন্মুখত থিয় হ’লহি৷ বাঁক নে ভূত বুলি মাষ্টৰ উচপ খাই উঠিছিল৷ হঠাৎ তেওঁ মন কৰিলে– তেখেতৰ
ভৰিতে কোনোবা পৰি দিছে৷ – কোন? মাষ্টৰে যেন উশাহ ল’বলৈ পাহৰি গ’ল৷ ৰেণুৱে উচুপি উচুপি
কান্দিছিল৷ তাইৰ চকুপানীয়ে যোগেন মাষ্টৰৰ ভৰি তিয়াই পেলাইছিল৷

       যোগেনে
দুয়োটাকে চোঁচৰাই নিয়াদি নি হোলাটোৰ মাজ পোৱাইছিলগৈ৷ জোপোহাটোৰ কাষতে মাষ্টৰ মূৰে-কপালে
হাত দি বহি পৰিল–“কি কামটো কৰিলি তহঁতি? মই মৰি নগ’লোঁ কিয়?”

       মাজু
কন্দনামুৱা হৈ পৰিছিল– “পিতাই, কিবা এটা কৰক৷ আমি ভুল কৰিলোঁ; কিন্তু ভুলৰ শাস্তি এতিয়া
ইমান হ’ব বুলিতো আমি জনা নাছিলোঁ পিতাই৷ তাই… তাই মৰি যাবলৈ ওলাইছে পিতাই…৷”

       বহুত
সময়লৈ তভক মাৰি ৰৈ গৈছিল যোগেন মাষ্টৰ৷ এনে লাগিছিল যেন হোলাটোত কোনোবাই মাটি-তেল এসোপা
দীঘলীয়াকৈ বাকি দিছে৷ তাতে কোনোবাই দিয়াচলাই কাঠিৰে জুই লগাই দিছে৷ হো-হোৱাই হাবি-বননি
ঢাহি-মুহি জুইকুৰাই খেদি আহিছে তিনিওকে৷ যোগেন অলপ শান্ত হৈছিল৷ – “তহঁতি যি কৰিলি কৰিলি৷
এতিয়াৰপৰা মই যি কওঁ সেইদৰে কামবোৰ কৰিব লাগিব৷ আৰু কোনো কথা নক’বি৷ ৰেণু, তই ঘৰলৈ
ব’ল৷ মই লৈ যাম৷ মাজু তই চিধাই ঘৰলৈ বাট ল৷ মই তাইক হোলাটো পাৰ কৰি থৈ আহোঁ৷”

       পিছে
ঘটনাবোৰ যোগেন মাষ্টৰে ভবাৰ দৰে নহ’ল৷ আৰু ভয়াৱহ হৈ পৰিল৷ ৰেণু ঘৰলৈ আহোঁতে পলম হোৱা
বাবে তাইৰ ঘৰৰ মানুহ আহি হোলাটোৰ পাৰ পাইছিলহি৷ গাঁওখনৰ মানুহৰ এফাল লগতে আহি হোলাটোৰ
কাষত ৰৈছিলহি৷ হোলাৰ সিপাৰে নিশা এপৰত যোগেন মাষ্টৰৰ সৈতে ৰেণু ধৰা পৰি গ’ল৷ পুনৰ
আন একুৰা জুই৷ এইকুৰা জুয়ে এফালৰপৰা সকলো চাৰখাৰ কৰি পেলালে৷ তিনি দিনমানৰ পাছতে এদিন
নিশা মাজু গাঁৱৰপৰা নোহোৱা হ’ল৷ দিনৰ পোহৰত এদিন
 নামঘৰত পুনৰ মেল বহিল৷ নিশা যোগেন মাষ্টৰৰ সৈতে ৰেণুক সকলোৱে দেখিলে৷ সেইজনী
ৰেণুৰ গাত চাৰিমহীয়া লেঠা৷ দুইখন গাঁৱৰ মানুহে ঘটনাটো লেই লেই চেই চেই কৰিলে৷ যোগেন
মাষ্টৰে কেৱল মণিকূটলৈ চাই দীঘল দি পৰি থাকিল৷ সিদ্ধান্ত হ’ল– যোগেন মাষ্টৰেই ৰেণুৰ
দায়িত্ব ল’ব লাগিব৷ পলাই যোৱা পুতেকক দোষমুক্ত কৰিবলৈকে বুলি যোগেন মাষ্টৰে মুখ নুখুলিলে৷
কেনেকৈ মুখ খোলে তেওঁ– প্ৰমাণ বুলিবলৈ একো নাই লগত৷ মাষ্টৰৰ মৌনতাই অবাক কৰিলে ৰেণুক৷

       …আৰু
সেইদিনাই নিশা কেওঁটৰ চুকৰ হলিৰামৰ এৰাবাৰীখনত জুই লাগিল৷ বনজুয়ে এফালৰপৰা গ্ৰাস কৰি
পেলালে সকলো৷ সেইকুৰা সঁচা জুই আছিল৷ সেই জুইত ৰেণু আপোনঘাতী হ’ল৷ জাহ গ’ল তাইৰ পাৰ্থিৱ
শৰীৰ৷ তাই এডোখৰ কাগজত সকলো কথা লিখি থৈ গৈছিল৷ 
তাই আৰু যাতনাবোৰ সহি থাকিব নোৱাৰিলে৷ দুয়োখন গাঁও দুটা খেলত ভাগ হৈছিল তাইৰ
বাবেই৷ যদি তাইৰ মৃত্যুৱে গাঁও দুখন একগোট কৰে…; যোগেন মাষ্টৰক যদি মানুহে দোষমুক্ত
বুলি ধৰি লয়– তাইৰ আত্মাই শান্তি পাব৷ দুৰ্ভগীয়া ৰেণুৰ মৃত্যুৰ পাছতো কিন্তু গাঁও দুখন
অশান্ত হৈয়ে ৰৈ গ’ল৷ পাকে-প্ৰকাৰে সকলোৱে যোগেন মাষ্টৰৰ পৰিয়ালটোক দোষ দিলে৷ নিজৰ পৰিয়ালটোৰ
মানুহখিনিয়ে যোগেন মাষ্টৰক ক্ষমা কৰিব নোৱাৰিলে৷ ঘৰখনত যেনি-তেনি জুই জ্বলিল৷ দুটা
উধানত দুকুৰা জুই…চুকে-কোণে সকলোতে যেন একুৰা একুৰা জুই৷

       সময়
বাগৰি গ’ল৷ পুতেকহঁতৰ পৰিয়ালৰ সৈতে মূল ঘৰখনৰপৰা আঁতৰি যোৱা সাবিত্ৰীয়ে শেষ উশাহলৈকে
নিজৰ নিমাখিত মানুহটোৰ মুখ নাচালে৷ চোতালত পৰি থকা মানুহজনীৰ শিৰত সেন্দূৰকণ দিয়াৰ
অধিকাৰো মানুহটোৰপৰা কাঢ়ি লৈ যোৱা হ’ল৷ লাহে লাহে মানুহটোৱে কথা ক’বলৈ পাহৰি যোৱাৰ
দৰে হ’ল৷ কেৱল ৰৈ গ’ল বছৰ বছৰ ধৰি এক নীৰৱ প্ৰতীক্ষা– এদিন মাজু উভতি আহিব৷ এদিন সি
গাঁওখনৰ মাজেৰে তাৰ দেউতাকক লগ পাবলৈ আহিব৷ পুৱা-গধূলি বাটলৈ চাই চাই মানুহটোৱে দিনবোৰ
পাৰ কৰিবলৈ ধৰিলে৷

       আৰু
আজিও…যোগেন মাষ্টৰে একেথৰে চাই আছিল আলিবাটলৈ৷ সদায় আবেলি এখোজ-দুখোজকৈ আগ বাঢ়ি
তেওঁ হোলাটোৰ কাষ পায়গৈ৷ সেইখিনিতে নকৈ পকী হোৱা পুলটোত লাখুটিডাল ভেজা দি সদায় বহি
পৰাৰ দৰেই বুঢ়া বহি পৰিছিল৷ লাহে লাহে সাঁজ লাগি ভাগিল৷

       হোলাটোৰ
পৰা আগ বাঢ়ি আহি আহিল সি৷ তজবজীয়া খোজেৰে হোলাটোৰপৰা উঠি অহা যুৱকজনলৈ যোগেন মাষ্টৰে
চকু মেলি চালে৷ চকু পিৰিকিয়াবলৈ পাহৰি গ’ল বুঢ়াই৷ কি দেখিছে তেওঁ? সঁচাকৈ সি আহিছে?
এয়া সি তেওঁৰ কাষত বহিব খুজিছে নেকি? নহয়… সি মাটিলৈ চাপৰি বুঢ়াৰ চৰণ স্পৰ্শ কৰিছে৷
যোগেন মাষ্টৰে ভয় খাই ভৰিখন আঁতৰাই দিব খুজিছে৷ সি মাটিলৈ বহি পৰিছে৷ সি… সিচোন বুঢ়াৰ
ভৰি দুখন সাবটি ধৰিছে৷

       যোগেন
মাষ্টৰে আলফুলকৈ তাৰ মুখখন দুহাতেৰে তুলি ধৰিছে৷ ঘন ঘনকৈ চকুহাল পিৰিকিয়াইছে৷ মণিব
নোৱৰা চাৱনিটো পৰিষ্কাৰ কৰিবলৈ চুৰিয়াৰ আগটোৰে সেমেকি অহা চকুহাল মোহাৰিছে৷

       “তই
আহিলি মাজু? অৱশেষত তই মোৰ কাষলৈ আহিলি৷ মই তোলৈকে ৰৈ আছিলোঁ মোৰ সোণ৷ ইমান দিনে তই
ক’ত আছিলি?” বুঢ়াই হুকহুকাই কান্দি পেলালে৷

        সি
বহি থকাৰপৰা লাহে ধীৰে উঠিল৷ যোগেন মাষ্টৰৰ কাষতে বহি পৰিল– “মই আপোনাক লৈ যাবলৈ আহিলোঁ৷
আজিৰপৰা আপুনি আমাৰ লগত থাকিব৷ এইখন গাঁৱত আপোনাৰ সকলো যাতনা শেষ হ’ল৷ আপোনাক আৰু
মই ইয়াত জীয়াতু ভুগিবলৈ এৰি থৈ নাযাওঁ৷ ব’লক, ঘৰলৈ ব’লক৷” কাষতে বহি লৈ সি যোগেন মাষ্টৰৰ
দুৰ্বল শৰীৰটো সাবটি ধৰিলে৷ যোগেন মাষ্টৰ কান্দি কান্দি তাৰ বুকুতে অচেতন হৈ পৰিল৷

       …কাষতে
হোৱা এটা আচহুৱা শব্দত যোগেন মাষ্টৰ সাৰ পাই গ’ল৷ তেওঁৰ অনুভৱ হ’ল–কোনোবাই তেওঁৰ ভৰি
পিটিকি আছে৷ দুৰ্বল শৰীৰটোৰে বুঢ়াই অনুমান কৰিলে– এয়া সপোন নহয়, দিঠক৷ তেওঁ এয়া ক’লৈ
আহিল? কোনে আনিলে? যোগেন মাষ্টৰে খেপিয়াই চালে–এইখন বিছনা তেওঁৰ সেই বিছনাখন নহয়৷ আৰু
এইটো… এইটো কাৰ কোঠালি? ক’ত আছেহি তেওঁ?

       যোগেন
মাষ্টৰে লাহেকৈ বিছনাখনলৈ আঁউজি বহিবলৈ চেষ্টা কৰিলে৷ পথানত বহি লৈ তেওঁৰ ভৰি পিটিকি
থকা মানুহগৰাকী লগে লগে সচেতন হৈ পৰিল৷ ওৰণিখন টানি লৈ তেওঁ তলমূৰ কৰিলে৷ যোগেন মাষ্টৰে
তীক্ষ্ণ দৃষ্টিৰে তেওঁলৈ চাব খুজিলে যদিও দৃষ্টিশক্তি দুৰ্বল বাবে ধৰিব নোৱাৰিলে৷

       “দেউতা,
আপুনি সাৰ পালে? উঠিব নালাগে; মই আপোনাৰ কাষলৈ গৈছোঁ ৰ’ব৷” মানুহগৰাকীৰ মাতটোওচোন বৰ
চিনাকি– যোগেন মাষ্টৰে মনতে ভাবিলে৷

       তেওঁ
যোগেন মাষ্টৰৰ কাষলৈ আহিল৷ বিছনাৰ কাষৰ মুঢ়াটোতে বহি মুখখন অকণমান তেখেতৰ কাষলৈ লৈ
গ’ল৷ যোগেন মাষ্টৰে ভালদৰে এইবাৰহে তেওঁৰ মুখখনলৈ চালে৷ লগে লগে যেন সোলা মুখখনত এটা
হাঁহি বিয়পি পৰিল৷ তৃপ্তিৰ হাঁহি৷ অজানিতেই মুখেদি ওলাই গ’ল– “ৰেণু! আইজনী মোৰ৷ ভালে
আছ তই? তোৰ মুখৰ মাতষাৰ শুনি মোৰ বুকুখন জুৰ পৰি গ’ল অ’ আই৷ তই আকৌ এবাৰ মোক দেউতা বুলি
মাত আই৷”

          যোগেন
মাষ্টৰৰ মনত পৰিল– তেওঁ মাজুৰ বুকুতে অচেতন হৈ পৰিছিল৷

       ৰেণুৱে
তেখেতক ধৰি অলপ আঁওজাই দিলে– “আপুনি আৰামেৰে বহকচোন দেউতা৷ এইখন আমাৰ ঘৰ৷ এতিয়াৰপৰা
আপুনি ইয়াতে থাকিব৷”

       যোগেন
মাষ্টৰে ইফালে-সিফালে চালে৷ লাহে লাহে সেই দিনবোৰ পুনৰ তেখেতৰ মনলৈ ভাহি আহিল৷ সেইদিনাৰ
সকলো পৰিকল্পনা মাজুৰ আছিল৷ সি নিশাই ৰেণুক পলুৱাই লৈ আহোঁতে হলিৰামৰ এৰাবাৰীটোত জুই
লগাই দিছিল৷ বদনামী ছোৱালী, তাতে জ্বলি জ্বলি শেষ হৈ গৈছিল বুলি দুয়োখন গাঁৱে মানি
লৈছিল– কাৰণ তাই আপোনঘাতী হোৱাৰ কথাটো চিঠিখনত লিখা আছিল৷ সিহঁতৰ সকলো পৰিকল্পনা কেৱল
যোগেন মাষ্টৰে জানিছিল৷

       বাৰে
বাৰে যোগেন মাষ্টৰৰ দৃষ্টিয়ে মাজুক বিচাৰিলে– “সি…মানে মাজু কেনি গ’ল? সিয়ে মোক ইয়ালৈ
লৈ আনিলে; নহয় জানো আই?”

       ৰেণুৱে
তলমূৰ কৰিলে– “দেউতা, আপুনি অলপ জিৰণি লওকচোন৷”

       যোগেন
মাষ্টৰ অতিষ্ঠ হৈ পৰিল– “নহয় নহয়, তাক এবাৰ মাতচোন৷ মাজু… অ’ মাজু৷” তেখেতে ইফালে-সিফালে
চালে– “সেইটো… আহ আহ৷ তই ক’ত আছিলি ইমান বছৰ?”

       ৰেণুৱে
আটাহ পাৰি উঠিল– “ই তেখেত নহয় দেউতা৷ ই আমাৰ ল’ৰা– জোন৷ আপুনি তাক তেখেত বুলি ভাবিছিল৷
তেখেত নাই দেউতা৷ কাহানিবাই…৷” ৰেণুৱে আঁচলেৰে মুখ ঢাকি উচুপি উঠিল৷ যোগেন মাষ্টৰে
তেতিয়াহে মন কৰিলে–ৰেণুৰ কপালখন, তাইৰ উকা শিৰ৷

       জোন
যোগেন মাষ্টৰৰ কাষতে বহিল৷ মাজুৱে তেওঁক আশ্বাস দিছিল– দুবছৰমানৰ পাছতে সি ৰেণুক লৈ
গাঁৱলৈ আহিব৷ যোগেন মাষ্টৰক সি গাঁৱত জীয়াতু ভুগিবলৈ নিদিয়ে৷ পিছে জোন জন্ম হোৱাৰ পাছৰ
বছৰতে মাজু সিফলীয়া হ’ল৷ তেতিয়াৰপৰা আৰম্ভ হৈছিল ৰেণুৰ নতুন সংগ্ৰাম– জোনক মানুহ কৰাৰ
সংগ্ৰাম৷ দেউতাকৰ অসমাপ্ত কাম সিয়ে সম্পূৰ্ণ কৰিব লাগিব৷ সেইখন গাঁৱৰপৰা তাৰ নিষ্পাপ
ককাকক সি লগত লৈ আনিব লাগিব৷

       যোগেন
মাষ্টৰে লাহে-ধীৰে জোনৰ গালে-মুখে হাত ফুৰাই দিলে৷– “তই মোক কেনেকৈ চিনি পালি মোৰ সোণ?”

       জোনে
মিচিকিয়াই হাঁহিলে৷ ককাকক এহাতেৰে সাবটি ধৰি সি লাহেকৈ ক’লে– “মই যোৱা মাহত সেইখন গাঁৱলৈ
কেইবাবাৰো গৈছোঁ৷ আপোনাক আলেঙে আলেঙে বহুবাৰ মন কৰিছোঁ৷ নিতৌ গধূলি আপুনি হোলাটোৰ পাৰত
বহি কাৰোবালৈ অপেক্ষা কৰে৷ সেই দিনবোৰ আৰু শেষ হ’ল ককা৷”

       পাছদিনা
গাঁওখনত বেলেগ একুৰা জুই জ্বলিল– যোগেন মাষ্টৰ ঘৰখনত নাই৷ কেনি গ’ল? বাৰী-ঘৰ সকলোতে
মানুহবোৰে বিচাৰি তহিলং কৰিলে৷ নাই… ক’তো নাই৷ কোনোবাই কাৰোবাক ক’লে– “কিবা লিখি থৈ
গৈছে নেকি চাহঁক৷ বুঢা ক’ৰবাত আপোনঘাতী হ’বওতো পাৰে৷”

       জুইকুৰা
জ্বলিয়ে থাকিল৷ চৌপাশে বিয়পি পৰা ধোঁৱাবোৰে কণল’ৰাহঁতৰ ঘৰবোৰো চুলেগৈ৷

***.

 

ঠিকনা :

সহকাৰী অধ্যাপক

পদাৰ্থ বিজ্ঞান বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট – ১

ভ্ৰাম্যভাষ – ৮৬৩৮১৬৭৬৩০