অংগনা ভট্টাচাৰ্য্য
স্কুলখনৰ মূল বিল্ডিংটোৰ
কাষতেই এজোপা কৃষ্ণচূড়া৷ স্কুলৰ জিৰণি বেলা কৃষ্ণচূড়াৰ তলসৰা ফুলবোৰ বুটলিবলৈ ছোৱালীবোৰৰ
উথপথপ লাগে৷ তেজ ৰঙা ফুলবোৰ বুটলি গণনা কৰে সিহঁতে— কোনে কিমানটাকৈ বুটলিলে, কাৰ আজি
ভাল দিন, কাৰ কোঁচলৈ আজি বেছিকৈ ফুল আহিল৷ কৃষ্ণচূড়াৰ ৰঙা পাহবোৰে ছোৱালীবোৰৰ
মুখকেইখন পকা বিলাহী একোটাৰ দৰে ৰঙচুৱা কৰি তোলে৷ কৃষ্ণচূড়াজোপা সিহঁতৰ বুকুৰ আপোন৷
প্ৰচণ্ড গৰমত কৃষ্ণচূড়াজোপাৰ তলতেই সিহতে জিৰণি লয়হি৷ স্কুলখনৰ তলৰ ক্লাছৰ ছোৱালীবোৰে
তাতেই লুকা-ভাকু খেলে, ৰজা-ৰাণী খেলে, আৰু কিবাকিবি ৰং-ধেমালি কৰে৷ সিহঁততকৈ অলপ ডাঙৰ
ছোৱালীবোৰে কৃষ্ণচূড়াজোপাৰ তলতেই বহি অলীক সপোন দেখে৷ কোনজনী বাইদেৱে আজি ভালকৈ এসাজ
পিন্ধি আহিছে তাৰেই কথা পাতে৷ অনিন্দিতা বাইদেৱে পিন্ধি অহাৰ দৰে ধুনীয়া চাদৰ-মেখেলা
এসাজ আৰু অলপ ডাঙৰ হৈ সিহঁতেও পিন্ধাৰ হেঁপাহ ৰাখে৷
স্কুলৰ আটাইতকৈ ডাঙৰ
ছোৱালীবোৰেও কৃষ্ণচূড়াজোপাৰ মোহ অথবা শীতল ছায়া এৰিব নোখোজে৷ কৃষ্ণচূড়াৰ তলসৰা পাত
পিটিকি পিটিকি সিঁহতো মগ্ন হয় সিহঁতৰ হৃদয়ৰ গৰাকীৰ আলোচনাত৷ কৃষ্ণচূড়াৰ গাৰ ডাঠ ছালত
আঁকে সিহঁতে এন প্লাছ এছ বা বি প্লাছ এইচ্ আৰু হয়তো বহুতো প্লাছৰ ছবি৷ মাইনাছৰ খেল
সিহঁতৰ দুচকুৱে দেখা নাই৷ দেখিবৰ বয়স হোৱাগৈ নাই৷ দেখিব দেখিব৷ সিহঁতেও দেখিব পৃথিৱীখনত
প্লাছ-মাইনাছৰ অঁৰিয়াঅঁৰি, মাইনাছে দি যোৱা জীৱনৰ গভীৰ শিকনি৷ অৱশ্যে এতিয়া সিঁহতে
ধুনীয়া চোৱাৰ বয়স৷ ধুনীয়া হোৱাৰ সময়৷ কৃষ্ণচূড়াই হাঁহে৷ জানে জীৱনৰ খেল৷ আৰু প্ৰশান্তিৰ
ছাঁয়াই আৱৰি ৰাখে সিহঁতক৷ পানীখোৱা ছুটী শেষ হোৱা বুলি দিয়া স্কুলৰ ঘণ্টাটোৱে সিহঁতৰ
বুকুতো যেন কোবায়হি৷ সপোন দেখি থকা আমেজ মোহাৰি সিহঁতে লৰ দিয়ে অংক নাইবা ইক’ন’মিক্সৰ
ক্লাছলৈ৷
কৃষ্ণচূড়াজোপাৰ অলপ
নিলগৰ পৰা আৰম্ভ হয় স্কুলৰ মূল শ্ৰেণীকোঠাবোৰ৷ স্কুলখনৰ চৌদিশে সেউজীয়াৰ সমাহাৰ৷ তাতে
সুন্দৰকৈ সজোৱা ফুলনি৷ ঠায়ে ঠায়ে ৰোৱা মূল্যবান গছবোৰ৷ কিছুমান গছ তেনেই পুৰণি৷ যেন
কেইবাটাও যুগক প্ৰতিনিধিত্ব কৰিছে৷ সিঁহতে জানে স্কুলখনৰ আদি বৃত্তান্ত অথবা তাৰো
আগৰ কাহিনী৷
আৰিফকায়ে গছবোৰৰ
তদাৰক কৰে৷ পুলিবোৰত পানী দিয়ে৷ ডাঙৰ গছৰ তলবোৰ সাৰি চিকুণাই ৰাখে৷ নতুনকৈ ৰোৱা মাধৱীলতাডালত
পানী দিবলৈ যাওঁতে আৰিফকায়ে দেখিলে, পুলিটোৰ পাতবোৰ লেৰেলি গৈছেগৈ৷ বেছিকৈ ৰ’দ পাইছে
চাগৈ! তেওঁৰ মনটো সেমেকি গ’ল৷ তথাপি ৰ’দ কমকৈ পৰাৰ ব্যৱস্থা কৰি দিলে তেওঁ৷ বাচক পুলিটো৷
সিওতো এটা প্ৰাণেই৷
ঠিক সেইখিনি সময়তে
জেবাৰ মুখখনে আৰিফকাইক আমনি কৰিলে৷ আজি তেওঁ স্কুললৈ আহিবৰ সময়ত তাই কৈছিল,
আহিবা৷ আজি দেখোন মোৰ গাটো বেছিকৈ বেয়া লাগি আছে৷ তোমাক নেদেখাকৈ যাবলৈ মন নাই অ’ আব্বা৷”
বেলেগকৈ পানী দিবলগীয়া নহ’লগৈ৷ আৰিফকাইৰ বুকুৱে ধুই নিয়া লোতকৰ বৰষুণে শিপালৈকে তিয়াই
পেলালে পুলিটোক৷ প্ৰাণ পাই উঠিব সি৷ এৰা, সি প্ৰাণ পাই উঠিব৷
“মোৰ বুকুৰ পুলিটো ! মোৰ দেহলাওটো ! মোৰ জেবা…”
আৰিফকায়ে বিৰবিৰালে৷
হুমুনিয়াহ এৰিলে
আৰিফকায়ে৷ সামৰ্থ্যৰ বাহিৰত গৈও যথাসম্ভৱ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে জেবাৰ৷ চেন্নাইলৈ
নি তিনিবাৰকৈ চিকিৎসা কৰোৱাই আনিছে৷ লক্ষ-লক্ষ
টকা খৰচ কৰাৰ পাছতো কিয় জানো চিকিৎসকে আশাৰ বতৰা নিদিয়ে! জেবায়ো দেখোন ভাল হোৱাৰ নামেই
নলয়!
চায়েমাইও কেৱল জেবাৰ
চোৱা-চিতা কৰিয়ে দিন পাৰ কৰিছে৷ পুৱা উঠিয়ে কুঁৱাৰ পৰা পানী উঠায়৷ ঘৰটো চাফ-চিকুণ
কৰি নিজে গা-পা ধুই পুৱাৰ জলপান সাজু কৰে ৷ আৰিফকাইক খুৱাই পঠিয়াই জেবাক বাথৰূমলৈ
লৈ যায়৷ আৰু এনেদৰেই পাৰ হয় তেওঁৰ দিনটোৰ বাকীখিনি সময়৷
আত্মীয় আৰু চুবুৰীয়াই
হায়ৈ-বিয়ৈ কৰে৷ আৰিফকাই আৰু চায়েমাক আৰু বাট নাচাই নতুনকৈ এটা গছ পুলি ৰুবলৈ দিহা
দিয়ে৷ চায়েমাই মূৰ জোকাৰে৷ আৰিফকায়ে চায়েমাৰ লগত বেলেগকৈ শোৱা কৰে৷ চায়েমাৰ মমতাক
এজোপা বৃহৎ আঁহতৰ দৰে পোহ-পাল দিব খোজে তেওঁ৷
মাধৱীলতাডালক জীয়াই
তুলিবলৈ আৰিফকায়ে এইবাৰ ডিঙিৰ গামোচাখনেৰে দুচকু মচে৷
জেবাই প্ৰতিদিনে
আব্বাক স্কুললৈ ওলোৱাৰ সময়ত কন্দা-কটা কৰা হ’ল৷ আব্বাকক আৰু আবেলিলৈ দেখা নাপাব বুলি
তাইৰ ভয়টোৱে একেবাৰে ভিতৰলৈকে শিপালেগৈ৷ আৰিফকাইৰো উপায় নাই৷ কি বুলিনো ছুটী লয় তেওঁ! জেবাক লৈ ইঠাই-সিঠাইলৈ যাওঁতে ইতিমধ্যে বহু ছুটী লৈ থোৱা আছে৷
আজিকালি আৰিফকায়ে
লুকাই-মেলি কেনেবাকৈ স্কুললৈ আহে৷ স্কুললৈ আহি অন্য কাম কৰাতকৈ বেছিভাগ সময় গছ আৰু
পুলিবোৰক আপডাল কৰাত লাগি থাকে তেওঁ৷ যিদৰে চায়েমাই আপডাল কৰে জেবাক৷
যেন গছবোৰে বুজে
আৰিফকাইৰ শোকৰ ভাৰ! এজাক কোমল ৰ’দত অগৰুৰ দুটা পুলি ৰুবলৈ মাটি খুচৰি থকা আৰিফকাইৰ
চকুলো মচিবলৈ গছবোৰে পাতবোৰ লৰাই দিয়ে৷ বা বলে৷ আৰিফকাইক চুই যোৱাকৈ মিহিকৈ এছাটি
বা বলে৷
তিনিদিন পাছত মাধৱীলতাডাল
জী উঠে৷ আৰিফ কাইৰ যত্নত ঠন ধৰি উঠে মাধৱীলতাৰ লেউ-সেউ হৈ যোৱা কুমলীয়া পাতবোৰ –
“আব্বা, মোৰ কলিজাটোত
যে ইমান ডাঙৰ ফুটা আছে, তোমাৰো নাই আৰু আম্মাৰো নাই ন? মোক ইমান কষ্ট পাবলৈকে আল্লাই কিয় জীয়াই ৰাখিব লাগেনো?”
দহ বছৰীয়া জেবাৰ কথাত
চায়েমাই উচুপে৷ বুকুত জোৰকৈ সুমুৱাই লয় সোলোক-ঢোলোক ছোৱালীজনীক৷
আৰিফকায়ে নাকান্দে৷
লৰ দিয়ে আলি-কেঁকুৰিৰ বট গছজোপাৰ তললৈ৷ দৰিদ্ৰতাত তিতি-বুৰি অনাহাৰে-অৰ্ধাহাৰে থকা দিন-ৰাতিবোৰো
এই বটজোপাৰ তলতেই পাৰ কৰিছিল তেওঁ৷ গছজোপা বৰ পুৰণি৷ তাৰ ডাল- শিপা বহু দূৰলৈকে শিপোৱা৷
গছজোপাৰ তলছোৱা দেখিবলৈ এনে লাগে যেন বহিবলৈ দুজনীয়া চকীহে বনোৱা হৈছেগৈ৷ আৰিফকায়ে
তেনে এখন চকীতেই বহে৷ দীঘলকৈ উশাহ লয়৷ ইমান বিশাল এই পৃথিৱীখন! জোখ-মাখ নোহোৱাকৈ অজস্ৰ
বায়ু-পানীৰে ভৰা৷ পঁইতাচোৰা, মাখি-মহৰ দৰে প্ৰাণীকো সামৰিছে এই পৃথিৱীয়ে।
“মোৰ জেবাৰ কাৰণে
কণমান উশাহো নাই নে?”
শান্ত-সমাহিত আৰিফকায়ে
আৰ্তনাদ কৰিব নাজানে৷ এনেকৈয়ে প্ৰশ্ন কৰে তেওঁ নেদেখাজনক৷
সেই ৰাতি আকাশেও
কান্দে৷ আৰিফকায়ে প্ৰাণ দিয়া প্ৰতিজোপা গছ, প্ৰতিটো পুলিয়েও কান্দে৷
চকুপানীৰ ঢল বুকুতে
সামৰি আৰিফকায়ে আকাশৰ অশ্ৰুক সৃষ্টিৰ সৌন্দৰ্য বুলি উপভোগ কৰিব খোজে৷ মাজনিশা ঘৰ
সোমাই দেখে জেবা মাকৰ বুকুৰ মাজত শুই আছে৷ চায়েমাই আৰিফকাইলৈ কেৰাহিকৈ চাই বাঢ়ি থোৱা
ভাতৰ কাঁহীখন দেখুৱাই দিয়ে৷ এৰা, তেওঁৰচোন ভোক লাগিছে৷ পুৱা স্কুললৈ যাওঁতেই যি খাই
যোৱা! ভাত খাবলৈ আহি মাটিৰ মজিয়াত থৈ দিয়া
ভাতৰ কাঁহী উদঙাই দেখেহি তিনিখনকৈ বাঢ়ি থোৱা ভাতৰ কাঁহী৷
উফ্! ছোৱালীবোৰ এনেই
দেউতাকৰ হিয়াৰ আমঠু হয়নে?
ঘুমটিত লাল-কাল দিয়া
জীয়েকক কোঁচত তুলি ল’লে আৰিফকায়ে৷ সাৰ পাই তাই টোপনিৰ আলি-জালিতে কুচি-মুচি আব্বাকৰ
বুকুৰ মাজলৈ সোমাই যায়৷ তেওঁ দুগৰাহ ভাত খুৱাই দিলে তাইক৷
“তুমি খালানে আব্বা
?”
টোপনিৰ আলিজালিতে
তাই সুধিলে৷
“আমি দুয়ো এতিয়া
খাম৷ তুমি এয়া দৰৱ খোৱাঁ আৰু শুই যোৱা জু৷ আমি লৰালৰিকৈ ভাতকেইটা গিলি আহোঁ৷ এয়া চোৱাঁ পেটত নিগনি-এন্দুৰ চব দৌৰিছে৷
এইবুলি আৰিফকায়ে
নিজৰ পেটটোত হাতখন ঘুৰাই থাকিল৷ জেবাই কথাটোত বৰ আমোদ পালে৷ খিলখিলাই হাঁহি উঠিল তাই৷
“উফ্ আব্বা-”
পাছ মুহূৰ্ততে ভাগৰতে
বিৰবিৰালে তাই৷ আৰিফকায়ে তাইৰ মূৰটো তেওঁৰ বুকুত সুমুৱাই ল’লে৷
“আজিৰ পৰা তুমি বেয়া
পোৱা কথা নকওঁ আব্বা৷ মোৰ কথাত দুখ কৰি তুমি ৰাতিলৈকে ঘৰলৈ নহাকৈ নাথাকিবা৷”
“হেই কি যে কোৱা
জু৷ বৰষুণত তিতিবলৈহে মই ওলাই গৈছিলোঁ৷ বৰষুণ আহিলে চালিৰে পানী পৰা ঘৰত ডাঙৰ হৈছোঁ৷
এতিয়াও কিয় জানো বৰষুণ দিলে নিতিতাকৈ ভাল নালাগে! তুমি যে নুবুজিবা জু!”
জেবাই হাঁহে৷ অথচ
তাই নুবুজাকৈ নাথাকে৷
চকু দুটা আধা মেলা-জপাকৈ
তাই মাক-দেউতাকে ভাত খোৱালৈ চাই থাকে৷
আহাৰমহীয়া গৰমৰ দিন
এটা৷ চায়েমাই ঘৰৰ বাৰীৰ পৰাই দুটামান কোমল জিকা আৰু তিঁয়হ ছিঙি আনিলে৷ পিঁয়াজ সৰহকৈ
দি আলুৰে সৈতে ৰন্ধা জিকাৰ জোলখন পালে আৰিফকাইক আৰু একো নহ’লেও হয়৷ তেওঁ জিকাদুটা
কুটিবলৈ লওঁতেই আৰিফকায়ে বাহিৰৰ পৰা মাতিলে –
: মই স্কুলৰ পৰা
আহোঁ ৰ’বা৷ প্ৰিন্সিপাল চাৰে দেখোন ফোন কৰি মাতিলে৷ সোনকালে গৈ বোলে অফিচ ৰূমটো খুলি
দিবগৈ লাগে৷
: গৈয়েই আহিবানে?
: গৈ নো আৰু ক’ত
অহা হ’ব? যি হৈছে তাকেই খাবলৈ দিয়াঁ আৰু৷
: ভাতকেইটা বহাই
দিছোঁহে মাত্ৰ!
: যি হৈছে তাকেই
খাবলৈ দিয়াঁ৷ মই গাটো তিয়াই আহো৷
লৰালৰিকৈ স্কুললৈ
আহি যাৱতীয় কামখিনি কৰি আহাৰমহীয়া ৰ’দে পোৰা পুলিকেইটাত পানী দিবলৈ লৈছিলহে আৰিফকায়ে,
জেপত থকা ফোনটো বাজি উঠিল৷ স্ক্ৰিনত জিলিকি উঠা নামটো দেখিয়েই ঘৰলৈ দৌৰ মাৰিলে তেওঁ৷
হস্পিতালৰ দুৱাৰমুখত
ৰৈ থকা হানিফে আৰিফকাইক নিৰ্দিষ্ট ৰূমটোলৈকে লৈ গ’ল৷
এৰা, ছোৱালীজনী ৰৈ
আছিল৷ আব্বাক অহালৈকে ৰৈ আছিল তাই…
আবেলিলৈ বতাহত উৰি
অহা ধূপৰ মিহি সুবাস এটাই আৰিফকাইক চোওঁ-নোচোওঁকৈ নোচোৱাকৈৱে আঁতৰি গ’ল৷
ডাক্তৰৰ শ্লিপিং
ইঞ্জেকশ্যনে শুৱাই ৰাখিছে চায়েমাক৷
হেঙুলীয়া বেলি আৰু
ঘৰুৱা কণীৰ কুহুমৰ যি ৰং, তাৰ মাজত কি তফাৎ বাৰু? আৰিফকায়ে বুজিবৰ চেষ্টা কৰে কথাটো৷
অথচ এটা বিন্দুলৈকে আহি তেওঁ থমকি ৰয়৷
থমকি ৰয় চায়েমা৷
আকাশ, বতাহ, নৈ অথবা
কবৰৰ ভেঁটি!
ক’তো থমকি নৰয় সময়৷
সময়ৰ আপোন বুলিবলৈ
কোনো নাই!
বতাহত খোজ দি আগুৱাই
যায় সময়৷ নৈৰ পানীয়ে উটুৱাই নিব নোৱাৰা এবুকু স্মৃতি সাবটি বহি ৰয় আৰিফকাই৷ আঁহতজোপাৰ
তলত৷ কেতিয়াবা পুৰণি বটজোপাৰ তলতো বহিব খোজে তেওঁ৷ পদূলিৰ গুটিমালিজোপাৰ সুগন্ধিয়ে
হাতবাউল দি মাতে তেওঁক৷ তেতিয়াই ইছাৎ-বিছাৎ লাগে তেওঁৰ৷ হেৰাই যাব খোজে ক’ৰবাত৷ পাহাৰৰ
ওখ বুকুত নাইবা বসুন্ধৰাৰ বিশাল কোলাত৷
চায়েমা!
চায়েমা!
এটা মাত্ৰ নামে আৰিফকাইক জীৱনৰ পৰা পলাবলৈ নিদিয়ে৷
স্মৃতি হেনো জীৱনৰ
মহা মূল্যবান সম্পদ৷ স্মৃতি অবিহনে জীৱন নিৰৰ্থক৷ সেই স্মৃতিৰ কিবা প্ৰয়োজন আছে জানো আৰিফকাইৰ?
আস্! স্মৃতিৰ গভীৰ
চাদৰখন খুলি থ’ব পৰাহ’লে!
বিস্মৃতিক আঁকোৱালি ল’ব পৰাহ’লে!
চায়েমাৰ বাবে স্তব্ধ
হৈ পৰা সময়ক আৰিফকায়ে বহুত যত্ন কৰিও স্বাভাৱিক কৰি তুলিব নোৱৰা হ’ল৷ শাৰীৰিক-মানসিকভাৱে
বিধ্বস্ত চায়েমাৰ অৱস্থা আৰু সহ্য কৰিব নোৱাৰা হৈ আহে তেওঁ৷ ডাক্তৰে স্পষ্ট কৰি দিয়ে- “এই অসুখৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই৷ মানসিক আঘাতত ভাগি পৰিছে মানুহজনী৷ সেই
আঘাতৰ তীব্ৰ প্ৰভাৱ তেওঁৰ শৰীৰতো পৰিছে৷ মানুহজনীৰ স্বাস্থ্য ঘূৰাই অনাৰ এটাই উপায়,
তেওঁক যথাসাধ্য সংগ দিয়ক৷ মৰম, যত্ন আৰু অনাবিল
স্নেহেৰে ভৰাই তোলক তেওঁৰ চৌপাশ৷ সন্তানৰ দৰে প্ৰতিপাল কৰক তেওঁক৷ ঋণাত্মক ভাবনাৰ পৰা
মুক্ত কৰি শান্ত-সৌম্য বাতাৱৰণ গঢ়ি তোলক৷ লাহে-লাহে তেওঁ সুস্থ হ’ব৷ সুস্থিৰ হ’ব৷ মাত্ৰ
লৰালৰি নকৰিব৷ তেওঁৰ মগজু অত্যন্ত বিপদজনক অৱস্থাত আছে৷”
আৰিফকায়ে যত্নৰ
কোনো ত্ৰুটি নকৰে৷ চুবুৰীয়ায়ো আৰিফকাইক সহযোগ কৰে৷ সহযোগ নকৰে মাত্ৰ চায়েমাই৷ এৰা,
চায়েমাই সহযোগ কৰাৰ নামেই নলয়৷ জীৱনৰ সেই ভয়ংকৰ পংকিল বিন্দুত ৰৈ যায় জীবন৷ চায়েমা
ভোকাতুৰ৷ মমতাৰ ভোকাতুৰ চায়েমা৷ তেওঁৰ অন্তৰে ‘জু’ক বিচাৰে৷ বুকুত গাৰুটো সাবটি “জু”
“জু”কৈ অনৰ্গল বিৰবিৰাই থাকে৷ এক জটিল মানসিক অৱস্থাত আক্ৰান্ত হৈ পৰিল আৰিফকাইৰ
জীয়াই থকাৰ একমাত্ৰ সমল চায়েমা৷
স্কুলত থকা সময়খিনিও
আৰিফকাইৰ সুস্থিৰতাৰে পাৰ নহয়৷ ঘৰত এৰি থৈ অহা চায়েমাৰ চিন্তাই তেওঁক প্ৰতিটো মুহূৰ্ত
বিতত কৰি ৰাখে৷ চায়েমাক হেৰুৱাব নোৱাৰে তেওঁ৷ কোনোপধ্যে নোৱাৰে৷ একমাত্ৰ চায়েমাৰ বাবেইতো
তেওঁ জীয়াই আছে!
পুনৰ ডাক্তৰৰ দুৱাৰ
খটখটায় তেওঁ৷ সেই একেই দৰৱ, একেই সাৱধান বাণী৷
আত্মীয় আৰু চুবুৰীয়াই
বিয়াল্লিছ বছৰীয়া আৰিফকাইক নতুনকৈ ঘৰ এখন সজাবলৈ পৰামৰ্শ দিবলৈ বিচাৰে৷ দহোটা বছৰে
অসুখীয়া ছোৱালীজনীক লৈয়ে হস্পিতাল-ঘৰ, ঘৰ-হস্পিতালকৈ পাৰ কৰিলে মানুহটোৱে৷ টকা-সিকি
একোটা জমাবলৈ নহ’ল৷ এতিয়াও বহুখিনি ধাৰত বুৰ গৈ আছে তেওঁ৷ তাতে এই বেমাৰী ঘৈণীয়েকগৰাকীক
লৈ আৰুনো কিমান যাতনা ভুগিব? সময় থাকোতেই এজনী চপাই লৈ নতুনকৈ কথাবোৰ ভাবিলে ভাল হয়৷
কিন্তু আৰিফকাইক
কথাষাৰ ক’বলৈ কোনেও সাহ কৰিব নোৱাৰে৷ মুখে-মুখে কথাষাৰ বাগৰি এদিন আৰিফকাইৰ কাণত পৰিল৷
বেৰত আঁৰি থোৱা জেবাৰ হাঁহিমুখীয়া ফটোখনলৈ চালে তেওঁ৷ ছোৱালীজনী বেছি দিন জীয়াই নাথাকিব
বুলি জানিও চায়েমাই দ্বিতীয় কথা এটা নাভাবিলে৷ আৰিফকায়ে কোনো এক মুহূৰ্ত মন মেলিলেও
চায়েমাই তেওঁক কাষ চাপিবলৈকে নিদিলে৷ অসুখী ছোৱালীজনীৰ নামতেই উদাত্ত যৌৱন উজাৰি
দিলে চায়েমাই৷ সেই ছোৱালীজনী নোহোৱা হোৱাৰ পাছত চায়েমাৰ এই অৱস্থা নোহোৱাটোহে অস্বাভাৱিক৷
সেই বুলিয়ে চায়েমাক এৰি দিবনে তেওঁ? মানুহৰ কথা শুনি বাৰ বছৰৰ জীৱন-যৌৱনৰ সংগী চায়েমাক
একাষৰীয়াকৈ থ’ব? নাঃ! জেবাক হেৰুওৱাৰ দৰে জীৱনৰ
আদ্ বাটতে চায়েমাক হেৰুৱাব নোৱাৰে তেওঁ৷ কোনোপধ্যেই নোৱাৰে৷
ফাগুনমহীয়া উতনুৱা
বতাহে স্কুলৰ ফিল্ডখন লেতেৰা কৰে৷ গছৰ শুকান পাতেৰে ভৰি পৰে স্কুলৰ চোতাল৷ আৰিফকায়ে
এফালৰ পৰা শুকান পাতবোৰ ডাঙৰ পলিথিন এটাত ভৰাই পিছফালৰ মুকলি ঠাই এটুকুৰাত পেলাই থয়৷
সকলো গোট খুৱাই এটা সময়ত সেইবোৰ জ্বলাই দিয়ে৷ আগৰ দৰেই সকলো কাম কৰে তেওঁ৷ পিছে নতুন
পুলি ৰুব নোৱাৰে৷ মাটি খুচৰিব নোৱাৰে তেওঁ৷ হাত কঁপে৷ বুকুও কঁপে৷ কবৰখানাৰ মাটিৰ
কেঁচা গোন্ধটোৱে অৰ্হনিশ খেদি ফুৰে তেওঁক৷ গছ আৰু পুলিবোৰৰ সৈতে লাহে-লাহে তেওঁৰ আত্মীয়তা
কমি আহে৷
গছবোৰে কষ্ট পায়৷
ফুলবোৰ গোন্ধহীন
হয়৷
নামহীন বিষণ্ণতাত
বুৰ যায়
স্কুলখনৰ সেউজীয়াবোৰ৷
জীয়াই থাকিব লাগে
বাবেই মাত্ৰ জীয়াই থাকিব লগা হোৱাটো আৰিফকাইৰ বাবে কষ্টকৰ হৈ পৰে৷ ইফালে চায়েমাৰ সহ্যাতীত
নিৰ্লিপ্ততা৷ আঃ ! এই দুঃসময়ক জয় কৰাৰ কিবা জানো সম্ভাৱনা আছে ?
শিলৰ বুকুৱেদি বাগৰি
যোৱা নৈৰ বাধাহীন পানীৰ সোঁতৰ দৰে ধৈৰ্যশীল সকলো হ’ব নোৱাৰে৷ ওখোৰা-মোখোৰা অলেখ
শিলৰ নিষ্প্ৰাণ আচোৰত ক্ষত-বিক্ষত হৈও নৈয়ে অন্তৰৰ ক্ষোভ উজাৰি হাহাকাৰ কৰা কোনেওতো
শুনা নাই৷ শুনা যায় মাথোঁ নৈৰ কুলু কুলু সুৰৰ ঝংকাৰ৷ অথবা ধুমুহা-বতাহৰ কোবাল
গতিকো প্ৰত্যাহ্বান জনাই নিজ ঠাইতেই স্থিতপ্ৰজ্ঞৰ দৰে নিজ শিপা খামুচি থিয় হৈ থকা পুৰণি
বটজোপাৰ দৰেও সকলো স্থিৰ হ’ব নোৱাৰে৷
আচলতে অসম্ভৱ বুলিনো আছে কি এই দুনীয়াত? শোক-সন্তাপে জৰ্জৰিত কৰা অন্তৰ
এখনো সুমধুৰ সংগীতৰ ফোৱাৰাত উটি-ভাঁহি যাব পাৰে৷ সময়ৰ দৰে শক্তিশালী দৰৱ আৰু কিবা
আছে জানো?
সন্ধিয়া লগাৰ আগতেই
তেওঁ ঘৰ সোমাল৷ চায়েমা শুই আছিল৷ টি. ভি .-টো লগাই দিলে তেওঁ৷ দুকাপ চাহ নিজেই কৰি
আনি বাদাম ভজাৰ লগত দুয়ো একেলগে খাবলৈ বহিল৷ হঠাৎ চায়েমাই আৰিফকাইৰ কান্ধত মূৰটো পেলাই
দিলে৷ আৰিফকায়ে এখন হাতেৰে চায়েমাক সাবটি ধৰিলে৷
: এনেকৈ কিমান সময়
পাৰ হৈ গ’ল জানানে চায়েমা?
: হু? আজি দুপৰীয়া
ভেন্দি ভাজিছিলোঁ জানা! আধা ভজা হওঁতেই মনত
পৰিল জুৱে ভেন্দি ভাজি খাই কিমান ভাল পাইছিল! গোটেইগাল ভেন্দি পেলাই দিলোঁ৷ তুমি ভেন্দি আৰু ঘৰলৈ নানিবা৷ জু থাকিলে সৰহকৈ লৈ খালেহেঁতেন!
কথাখিনি কৈয়েই চায়েমাই
কান্দিবলৈ ধৰিলে৷
দুবাহুৰ মাজত চায়েমাক
সাবটি হুমুনিয়াহ এৰিলে তেওঁ৷ জেবাৰ কথা চায়েমাৰ মনৰ পৰা উলিয়াব নোৱাৰিলে চায়েমা সুস্থ
হোৱা অসম্ভৱ৷ প্ৰতি নিয়ত, প্ৰতি মুহূৰ্ত জেবাক লৈ জীয়াই আছে চায়েমা৷ জেবাক বাদ দি এটা
শব্দৰো বিনিময় নকৰে চায়েমাই৷ অথচ এইদৰে সুস্থভাৱে জীয়াই থকাটো অসম্ভৱ৷ আনকি আৰিফকাইৰ
বাবেও অসম্ভৱ৷
জেবাক চায়েমাৰ মনৰ
পৰা উলিয়াব নোৱাৰিলে চায়েমাৰ মানসিক অৱস্থা আগলৈ অধিক জটিল হৈ পৰিব৷ কিন্তু তেওঁ জানে,
জেবাক চায়েমাৰ মনৰ পৰা উলিয়াই অনাটো মাত্ৰ জটিলেই নহয়, সেয়া অসম্ভৱো ৷
মৰম-স্নেহেই চাগৈ
চায়েমাৰ চিকিৎসাৰ শেষ স্তৰ, এই কথাটো তেওঁ ভালকৈয়ে বুজিলে৷
আৰিফকায়ে পাতি লোৱা
অংকটোৰ সমাধানৰ বাবে এটা সূত্ৰৰ সন্ধান উলিয়ালে৷
ডাক্তৰে কোৱাৰ দৰে
ইমান দিনে চায়েমাক সন্তানৰ দৰে প্ৰতিপাল কৰিও আৰিফকায়ে কোনো আশাৰ ৰেঙনি দেখা পোৱা
নাই৷ কিন্তু আৰিফকাইৰ সংগপ্ৰেম আৰু আৱেগিক নিৰাপত্তাৰ সুনিশ্চিত অনুভূতিয়ে চায়েমাৰ মনলৈ যেন এক চেতনা আনিলে৷ বাস্তৱক মানি
নল’লেও বাস্তৱৰ লগত মুখামুখি হ’বলৈ সাজু হৈছে যেন চায়েমা৷
টুকুৰা-টুকুৰ মেঘে
আকাশখনক আৱৰি ধৰিছে৷ চপৰা-চপৰকৈ এই যেন খহি পৰিব সমগ্ৰ আকাশৰ বৈভৱ৷ এনেতে গছবোৰে খিলখিলাই হাঁহি উঠে৷ সেই
হাঁহিত পাতবোৰে নাচে৷ গা-মন জুৰোৱাকৈ এছাটি ৰিব ৰিব বা বলে৷
গছবোৰৰ, ৰুবলৈ আনি
থোৱা পুলিবোৰৰ, মাটি-পানী সকলোৰে পৰা দূৰত্বত অৱস্থান কৰি আৰিফকাইৰ মনটোৱেও অতদিনে
উচপিচ লগাই আছিল৷ বুকুত সোমাই থকা জেবাৰ কোমল হাঁহিয়ে, তাইৰ আসৈলগা মাতষাৰে তেওঁক
ইমানেই মোহাচ্ছন্ন কৰি ৰাখিছে যে, চকুৰ আগত উৰি-ঘূৰি থকা সকলো অদৃশ্য যেন বোধ হৈছে৷
কিন্তু চায়েমাক সুস্থ কৰি তুলিবলৈকে যেন তেওঁ দুচকু মেলিবলৈ খুজিলে৷ বিপৰ্যস্ত সময়ক
আৰু সংগোপনে ৰাখিব পৰা নাযায়৷ প্ৰত্যাহ্বান জনাব লাগিব বিষাদগ্ৰস্ততাক৷ দিশহাৰা দুটা
জীৱনক৷
বতৰ ভাল নাছিল৷ সোনকালে
খাই-বৈ অঁটাই ৰেডিঅ’টো লগাই চ’ৰাঘৰতে বহিলহি
দুয়ো৷ কথা পাতিবলৈ বিশেষ নাছিল৷
নিজৰ লগত কিছু পৰ
যুঁজ-বাগৰ কৰি আৰিফকায়ে “এইটোৱেই শুদ্ধ আৰু সঠিক হ’ব” বুলি নিজকে প্ৰবোধ দিলে৷
চায়েমালৈ চালে তেওঁ৷ নিৰ্বিকাৰ চিত্তে অলসভাৱে কিবা যেন ভাবি আছে৷ আৰু পলম কৰাটো উচিত
নহ’ব৷
কওঁ-নকওঁকৈ তেওঁ
আৰম্ভ কৰিলে—
“কিয় জানো জুলৈ আজি
বৰকৈ মনত পৰিছে চায়েমা!”
তধা লাগি চায়েমাই
আৰিফকাইলৈকে চাই থাকিল৷ নিষ্ঠুৰ মুহূৰ্ত কিছুমান পাৰ হৈ গ’ল৷
চকুপানী সামৰি চায়েমাই
ক’লে —
: জুৰ কথা বেছিকৈ
কৈ নাথাকিবলৈ তুমিয়েই নকৈছিলানে?
: এৰা৷ ভাবিছিলোঁ
মই, জুক যিমানেই বাস্তৱলৈ আনিম, সিমানেই কষ্ট পাম৷ জীয়াই থকাটো অসম্ভৱ হৈ পৰিব৷ তোমাৰ
দৰে উদাসীন হৈ জীয়াই থকাটোক জীয়াই থকা বুলি কোৱা হয় জানো? কিন্তু জুক বাদ দিও জীয়াই
থকাটো অসম্ভৱ ৷
গুনাহ কৰিছিলো ? জু … জু কিয় আহিছিল আমাৰ জীৱনলৈ?
এহাতেৰে মচি আৰিফ কায়ে ক’লে—
মাজলৈ ঘূৰি অহাটো নিবিচৰানে চায়েমা? “
আৰিফকায়ে কি ক’লে টলকিবই নোৱাৰিলে চায়েমাই৷ যেতিয়া বুজিব পাৰিলে তেতিয়া আৰিফকাইলৈ
ট-টকৈ চাই থাকিল৷ বুজিছিল আৰিফকায়ে সেই দৃষ্টিত আশ্চৰ্য নাছিল, অপাৰ বিস্ময় নাছিল,আনকি
নিঃকিন এটা প্ৰশ্নও নাছিল৷ আছিল যদি সেয়া মাথোঁ অযুত আশাৰ পাৰাপাৰহীন এখনি আলফুল মমতাৰ
চিলা৷
যেন হঠাতে ঘৰ এটা সজালে৷ আতোলতোলকৈ গঢ় লৈ উঠিল যেন এটা কাণিমুনি সপোন ৷
এখনি আঁকুহি- বাকুহি চেতনালৈ আহিল চায়েমা৷
চায়েমাই৷ কথা এটাৰ গভীৰতালৈ গৈ চিন্তা কৰাৰ মানসিক স্থিতি বৰ্তমান তেওঁৰ নাই৷ তেওঁ
আকুল চাৱনিৰে আৰিফকাইলৈ চালে৷ তেওঁৰ দুচকুত অসম্ভৱকো সম্ভৱ কৰাৰ উদগ্ৰ হেঁপাহ৷
থোৱা চায়েমা৷ আহাঁ৷ মোৰ কাষলৈ আহাঁ৷ আমাৰ সপোনটোক লহপহীয়া কৰোঁ আহাঁ …”
প্ৰাণোচ্ছল ফুল হৈ আৰিফকাইৰ ওচৰত ব্যাকুলতাৰে আত্মনিৱেদন কৰিলেহি চায়েমাই৷
এজাক বৰষুণ আহিল৷ বৰষুণৰ অজস্ৰ টোপালে উৰ্বৰ কৰি তুলিলেহি বসুন্ধৰাৰ তন্দ্ৰালস কোলা৷ তিতি-বুৰি গছ-বিৰিখবোৰে
হালি-জালি নাচিলে৷ গান গালে৷
বেছি দিন নাই৷ গছবোৰে কুঁহিপাত মেলাৰ প্ৰস্তুতি চলাইছে৷ পৃথিৱীখনক সেউজীয়াৰে বুৰাই পেলাবলৈ আতুৰ হৈ পৰিছে৷
পোহৰ বেৰত আঁৰি থোৱা জেবাৰ ফটোখনতো পৰিল৷ আকৌ এবাৰ ঘৰলৈ আহিবলৈ পোৱাৰ হেঁপাহত এমুখ
হাঁহিৰে জেবাও যেন উজলি উঠিল৷
কেঁচুৱাটোৰ কাষ চাপি দেখেগৈ “এয়াচোন জেবা।” তেওঁ মনত পেলালে- হয় হয়৷ এয়া জেবাই৷ এয়া বাৰ বছৰ আগৰ গুলপীয়া ৰঙৰ টুকটুক কণমানি
জেবা৷ তেওঁ ওচৰলৈ যোৱা দেখিয়েই কেঁচুৱাটোৰ কান্দোন বন্ধ হ’ল৷ হাত মেলি একোলা ল’ব খোজোতেই
হাঁহি হাঁহি কেঁচুৱাটো নোহোৱা হৈ গ’ল …
আৰিফকায়ে৷ খেপিয়াই দেখে যে চায়েমা বিছনাত
নাই৷ বিছনাৰ পৰাই তেওঁ চায়েমাক মাতিলে৷
আৰিফকায়ে চায়েমাক বিচাৰি উঠি আহিল৷ পাকঘৰতো চায়েমাক নাপাই এইবাৰ আৰিফ কাই আগফালে ওলাই
আহিল৷ আগনিশাৰ বৰষুণে জীপাল কৰি থোৱা পৰিৱেশ দেখি তেওঁৰ মনটোও সজীৱ হৈ উঠিল৷ তেওঁ দেখিলে-
বৰষুণে ছেদেলি-ভেদেলি কৰি থোৱা সৰু ফুলনিখন চায়েমাই এফালৰ পৰা চাফা কৰি গৈছে৷ তলসৰা
ফুলবোৰ পেলাই নিদি চাদৰৰ আঁচলত ভৰাই লৈছে৷ আঁচলটো নাকৰ ওচৰলৈ তুলি লৈ তলসৰা ফুলৰ
সুৱাস নাকেৰে উজাই লৈ কলিজাত ভৰাই লৈছে৷ এৰা, তলসৰা ফুলৰো এক নিজস্ব সুগন্ধি থাকে৷
ওচৰলৈ আহিল ৷
ভাহি আহিল৷
***