ভালপোৱাৰ নৈ

 পল্লৱী মহন্ত

 


ইমানৰ পাছতো কি  ভালপোৱা  থাকি যায়! আপোন
বুলি বুকুত ৰৈ যায়!

যন্ত্ৰণাৰ নৈখন বৈ
থাকে ৷ 

অহৰহ…

শেষ ক’ত? শেষ?

 

বৰষুণৰ গল্প…

 

ৰাতিপুৱাৰে পৰা নেৰানেপেৰাকৈ
দি থকা বৰষুণজাকে গছবোৰ ধুই নিছে৷ বৰষুণত সমস্ত যন্ত্ৰণা ধুই নোহোৱা কৰিব পৰা হ’লে!
নিৰিয়ে ভাৱে৷ সেইদিনাও বৰষুণ আহিছিল৷ তপোৱে জালুক পাতত দিয়াৰ কথা কৈছিল৷ ধোঁৱাই থকা
ৰঙা চাউলৰ ভাতৰ লগত পিঠাগুৰি দি নহৰুৰে পাতত দিয়া জালুক অকণ সানি খাবলৈ পালে তপোক
আৰু লাগে কি! সি মুকুলক ৰঙা চাউল দহ কেজিমান দি যাবলৈ কৈছিল৷ মুকুলে দহ কেজিৰ ঠাইত
বাৰ কেজি দিছিল ৷ বিনিময়ত
 গুজি দিয়া পাঁচশৰ নোটখন ডাইনিং টেবুলতে
থৈ মুকুলে অস্বস্তিৰে কৈছিল, “তোৰ দৰে চহকী নাই হোৱা, কিন্তু সিমানখিনি দুখীয়াও
হোৱা নাই যে তহঁতৰ পৰা চাউল কেইটাৰ বাবদ পইচা ল’ম !” তাৰ কথাষাৰে নিৰিৰ বুকুত বিন্ধিছিল৷
তপোৱে কথাষাৰ শুনিলে জানো! শুনিলে যদিও সি একো নক’লে৷ তাৰ কথা পতাৰ অভ্যাস থাকিলেহে!
খোৱাৰ জুতিৰ বাদে তপোৰ আন চখ আছে বুলি সি নিজেও নাভাবে৷

বৰষুণতে যাবলৈ ওলোৱা
মুকুলৰ হাতত নিৰিয়ে ছাতি এটা তুলি দিছিল৷ বিনা প্ৰতিবাদে মুকুলে ছাতিটো হাত পাতি লৈছিল৷
  

গেটৰ বাহিৰ ওলাই
মুকুলে পেণ্টটো কোঁচাই কোবাকুবিকৈ খোজ ল’লে৷ আবেলিৰ আগতে গৈ পাব লাগিব৷
  মানুহজনীয়েনো  কোন ফালে চাব! গৰু-গাই, হাঁহ-ছাগলী,
কুকুৰা এপাল৷ তাতে তিনিবছৰ ধৰি মাকজনী বিছনাতে৷ মুকুলৰ মানুহজনীয়ে এলাহ চিনি নাপায়৷
কেতিয়াবা দুদিনলৈ ফণি নেদেখা এমূৰ চুলি লৈও কপালৰ গাঁথি থূপ নোখোৱাকৈ কাম কৰি থাকিব
পাৰে৷ মানুহজনীৰ প্ৰতি সীমাহীন কৃতজ্ঞতাত মুকুলৰ মূৰটো দোঁ খাই পৰে৷ এই মানুহজনীৰ ঠাইত
তাই হোৱা হ’লে পাৰিলেহেঁতেন নে ? পাৰিলেহেঁতেন জানো! মুকুলৰ আৰু ভাবিবলৈ মন নাযায়৷
 

কিয় নোৱাৰিলেহেঁতেন!
একেটাই চুবুৰী আছিল দুয়োৰে; একেটাইচোন শ্ৰেণীকোঠা আছিল সিহঁতৰ৷ একেখন পথাৰতে সিহঁতে দৌৰিছিল৷ একেটা পুখুৰীতে সিহঁতে সাঁতুৰিছিল৷ যিটো ৰাস্তাৰে গৈ সিহঁত হাইস্কুল পাইছিল,
সেইটো ৰাস্তাৰেই
 খোজ কাঢ়ি গৈ কলেজলৈ
বুলি গাড়ীত উঠিছিল৷ আবতৰীয়া বৰষুণ এজাকত তাইৰ সৈতে একেটা ছাতিৰ তলতে দুয়ো কলেজৰ পৰা
উভতিছিল৷ বৰষুণ বাঢ়ি অহাত আধাবাটতে বাখৰে সন্ধিয়া বেলা পাচলি বেচা চালিখনৰ তলতে সিহঁত
ৰৈছিল৷ বৰষুণত তিতি তাইৰ জাৰ লাগিছিল কিজানি! তাই কঁপিছিল৷ মুকুলে তাইৰ হাতখন নিজৰ
হাতৰ মুঠিত সামৰিছিল৷
  “সোণজনী মোৰ” –
সি বিৰবিৰাইছিল৷
  সি দেখিছিল, কাহানিও
নেদেখা আৱেশত জিলিক মাৰি উঠিছিল তাইৰ চকু ৷ মুহূৰ্ততে তাই কৈ পেলাইছিল বুঢ়া বয়সত
তাৰ হাতখন চুই চুই টোপনি যোৱাৰ হেঁপাহটোৰ কথা৷ কৈ থাকোঁতে তাইৰ গালদুখন ৰঙা পৰিছিল৷
তাতকৈ বেছি কিবা আছিল নেকি! নাই, সিমানখিনিয়েই আছিল৷ বৰষুণ কমিছিল৷ তাৰ মনটো কেনেবা
লাগিছিল৷ সেইৰাতি তাৰ টোপনি নাছিল৷ তাই শুইছিল জানো!

কোনেও কাকো ভালপোৱাৰ
প্ৰস্তাৱ দিয়া নাছিল; কোনেও কাকো ভাল পাওঁ বুলি কোৱা নাছিল৷ অথচ ভালপোৱাবোৰ নীৰৱে বৈ
আছিল দুয়োৰে মনত দুয়োৰে বাবে৷ ৰাতিটোৰ ভিতৰতে বাপেকটো নোহোৱা হৈ পৰাত মুকুলৰ আৰু
কলেজলৈ যোৱা নহ’ল৷ মাকৰ সৈতে পথাৰৰ দায়িত্ব লোৱা মুকুলে তাই খাই ভালপোৱা ৰঙা চাউলৰ
খেতি কৰি কলেজ শেষ নকৰাৰ দুখ পাহৰিলে৷ একেটাই চুবুৰী ; ওলাওঁতে-সোমাওঁতে দেখিয়েই থাকে৷
দেখিলেই তাইৰ জিলিক মাৰি উঠা চকুদুটাই তাক ভৰাই ৰাখে৷

“সোণজনী মোৰ”- নিজৰ
মাজতে সি ভাবনাবোৰ সামৰি ৰাখে৷ জিলিক মাৰি উঠা চকুদুটা সেমেকি উঠে৷ কিনো কৰিব সি! দুজনীকৈ ভনীয়েকৰ দায়িত্ব, ডাঙৰজনী উলিয়াই দিয়াৰ, সৰুজনীক পঢ়ুওৱাৰ৷ মাকজনীও বেমাৰী৷ বুকুত
শিল এছটা বহুৱাই থোৱাৰ বাদে সি আৰু আন উপায় বিচাৰি নাপালে৷ শিলৰ বুকুখনেৰে সি চুবুৰীয়া
হৈ বিয়াৰ ৰভা দিলে, দৰাৰ ভায়েক হৈ সমাজত আঁঠু লৈ কইনাক হোমলৈ মাতিলে৷ শিলৰ বুকুৰেই
যৌতুকীয়া বাকচ- বিছনাৰে সৈতে
  সোণজনীক চহৰত থকা তাৰ ডাঙৰ পেহীয়েকৰ ঘৰৰ একমাত্ৰ বোৱাৰী কৰি
থৈ আহিল৷ আহিবৰ পৰত সি চেগ বুজি তাইৰ চকুলৈ চাইছিল৷ উখহি ৰঙা পৰা এহাল চকু৷ তাৰ চিনাকি
চকু নহয় এইহাল…

“সোণজনী মোৰ”…

“সোণজনী মোৰ”…

সি বিৰবিৰাইছিল৷
তাই শুনিছিল নে? শুনিছিল জানো! শুনা নাছিল চাগে৷

 

উভতি আহোঁতে বৰষুণ
দিছিল৷ তাইৰ মাহীয়েক, ভায়েক আৰু সি লাইন বাছেৰে ঘৰলৈ ঘুৰিছিল৷ গোটেই বাটটো সি তাইকেই
মাতি আহিছিল৷ অথচ তাৰ মাতটো বাহিৰ হোৱা নাছিল৷ বুকুৰ শিলছটা গধুৰ হৈ গৈ আছিল৷

মুকুল ঘৰ পোৱালৈ
সন্ধ্যা লাগিছিল৷ তেতিয়ালৈ বৰষুণ জাক কমিল৷ চাহকাপ দিওঁতে মানুহজনীয়ে নিৰি আৰু তপোৰ
খবৰ লৈছিল৷ মুকুলে মাকৰ কথা জানিবলৈ বিচাৰিছিল৷
  মাকে দিনত মুকুলক বিচাৰি হাহাকাৰ কৰা কথাটো
কৈ কৈ মানুহজনী পাকঘৰত সোমাল৷
 

 

শিলৰ পাহাৰৰ কাহিনী :

 

কাহনিও নোযোৱাৰ কথা
ভাবি তাইক পেহীয়েকৰ ঘৰত থৈ উভতি অহাৰ দিনা বাখৰৰ চালিখনৰ তলত সি ভালেপৰ ৰৈ আছিল৷ বুকুৰ
  শিলছটা খহাই উশাহত টানি লৈছিল তাইৰ
গোন্ধ৷ সৌ সিদিনাহে যেন নিজৰ হাতৰ মুঠিত সামৰি লৈছিল তাইৰ হাত এখন৷ শূন্যতে সি খেপিয়াই
চাইছিল তাইৰ হাতখন৷ মনত পেলাই উচুপিছিল বুঢ়াকালত তাৰ হাতখন চুই চুই টোপনি যোৱা তাইৰ হেঁপাহটোৰ
কথা৷ দিনটোত এশবাৰ মুখামুখি হ’লেও জিলিক মাৰি উঠা চকুহালৰ কথা ভবাৰ লগে লগে তাৰ বুকুখন
হুৰহুৰাই খহি পৰিছিল৷ “সোণজনী মোৰ”- প্ৰথমবাৰৰ বাবে সি স্পষ্টকৈ তাইক মাতিলে৷ তাই শুনা হ’লে…

ক’তনো আৰু শুনিব
তাই! আহিবৰ পৰত পেহীয়েকে তাক কৈছিল – “বৌৱেৰক মাত দিলি জানো!” সি মূৰ দুপিয়াই আঁতৰি
আহিছিল৷ সম্ভৱ নেকি! তাইক বৌ বুলি মাতিব পাৰে নেকি সি! নাই সি আৰু কাহানিও তাইৰ মুখামুখি
নহয়৷ সেয়া জানো সম্ভৱ! অসম্ভৱ, একেবাৰেই অসম্ভৱ৷ বুকুৰ পৰা খহাই থোৱা শিলছটা আকৌ
সি বুকুতে
 পুতিলে৷ শিলাময়
বুকু এখনেৰে সি ঘৰ পালেগৈ আৰু মাকে বাঢ়ি দিয়া ভাতকাঁহী খাই চকুৱে চকুৱে নলগা ৰাতি
এটাৰ শেষত পুৱা হোৱালৈ বাট চালে৷

পেহীয়েকৰ পুতেকৰ
ঘৈণীয়েক হৈ তাই আঠমঙলা খাবলৈ আহিল৷ ডাক্তৰৰ ঘৈণীয়েক হৈ তাই ৰূপত ৰূপে চ’ৰা হৈ চুবুৰীটোত
সোমালেহি৷ নাচাওঁ বুলিও সি তাইলৈ চালে৷ যোৱাৰ আগে আগে তাই গিৰীয়েকৰ লগত সিহঁতৰ ঘৰৰ
জপনাখন খুলিলে৷ একমাত্ৰ মামীয়েক হিচাপে তাৰ মাকক পাটৰ মেখেলা আৰু ভয়লৰ চাদৰেৰে সেৱা
কৰিলে৷ পেহীয়েকে কৈ পঠাইছে হেনো৷ এপাকত তাইৰ চকুৱে চকুৱে পৰিছিল৷ সেমেকি থকা এহাল চকু৷
এই
  কান্দো, এই  কান্দো চকু ৷ মুকুলে বুকুত  আকৌ এটা শিল জাপিলে৷ 

ছমাহে, বছৰেকে তাই  মাকৰ ঘৰলৈ আহে৷ তাই অহাই প্ৰতি মুকুলৰ
বুকুত শিলবোৰ বাঢ়ি গৈ থাকে৷ শিলবোৰ গোট খাই খাই এদিন তাৰ বুকুৰ শিলৰ পাহাৰ এটা হয়গৈ৷
ডাঙৰ ভনীয়েকে চোৱা ছোৱালীজনীক এদিন মাক আৰু পেহীয়েকহঁতে গৈ জোৰোণ পিন্ধালে৷ কইনাই
নিজে বোৱা কপৌফুলৰ নক্সা দিয়া জোৰোণীয়া গামোচাৰে শিলৰ পাহাৰে আৱৰা বুকুখন ঢাকি সি
দৰা সাজিলে৷ শিলৰ বুকুখনেৰেই নতুন মানুহ এজনীক তাৰ জীৱনলৈ আদৰিলে৷ নতুন
 মানুহজনীৰ বাবে সি বুকুত ঠাই বিচাৰি
নাপালে৷ শিলবোৰৰ তলত তাৰ সোণজনী শুয়েই আছে দেখোন! বুকুত ঠাই নোপোৱা মানুহজনী তাৰ কাষে
কাষেই থাকিল৷ সুখত লগ দিলে, দুখত ছাঁ দিলে৷ মাক হৈ তাৰ সন্তান তুলিলে, গৃহিণী হৈ ঘৰ
সামৰিলে৷ তাৰ বুকুৰ পাহাৰটোৰ উমানহে নাপালে এথোন৷

বছৰৰ পাছত বছৰ সি
শিলৰ পাহাৰটোৰ তলত শুই থকা সোণজনীৰ বাবে ৰঙা চাউলৰ খেতি কৰিলে আৰু চহৰত থকা পেহীয়েকৰ
ঘৰত দিলেগৈ৷
 বৰষুণৰ বতৰত পিঠাগুৰিৰে নহৰু দি পাতত দিয়া
জালুকৰ সৈতে ধোঁৱাই থকা ৰঙা চাউলৰ ভাতৰ কাঁহীখন গিৰীয়েকক দি নিৰিয়েও একাঁহী ভাত লৈ
বহিল৷ 

তপোৱে আচলতে নিৰিৰ পৰাই এই সোৱাদ ল’বলৈ শিকিছিল৷

 

উভতি আহিবৰ পৰত মুকুলৰ
হাতত ছাতিটো গুজি দিওঁতে সি দেখিছিল পলকৰ বাবে তাইৰ চকুদুটা জিলিক মাৰি উঠিছিল৷

নিৰি সোণজনী হৈছিল৷

সোণজনী নিৰি হৈছিল৷

 

ইমানৰ পাছতো সোণজনী
তাৰ বুকুত ভালপোৱা হৈ জী থাকে৷ আপোন হৈ
  সোণজনী তাৰ বুকুত ৰৈ যায়!

যন্ত্ৰণাবোৰ ভালপোৱাৰ
নৈ হৈ বৈ থাকে ৷

অহৰহ…

শেষ নাই!  শেষ নাই!