ববিতা কলিতা
“হেৰেমলৈ আজি বাদশ্বাহ আহিব”
বতাহৰ গতিত
বিয়পি পৰিল খবৰটো৷ কিন্নৰ শ্বাহ বানুৱে
লচপচকৈ ইমূৰ-সিমূৰ বগাই হেৰেমৰ ৰমণীসকলক সজাগ কৰি দিলে৷ লগে লগে হেৰেমৰ বতাহভাগ
চঞ্চল হৈ পৰিল৷ বাদশ্বাহ আহিলেই ৰমণীসকল ব্যস্ত হৈ পৰে নজাকত আৰু তেহজীৱৰ আখৰাত৷
বাদছাহৰ সংগসুখৰ বাবেই বজাৰত মেলি দিয়া পণ্যৰ দৰে আকৰ্ষণীয় ৰূপত নিজক সজাই তোলে
হেৰেমৰ ৰমণীসকলে৷
সুউচ্চ দেৱালৰ
ৰত্নখচিত আইনাখনত নিজৰ ৰং-সনা মুখখনি এপাক চাই লয় মেহেৰে৷ নীলপদ্মৰ কলি যেন তাইৰ চকুদুটি, তিলফুলীয়া নাকটি, গোলাপৰ পাহি যেন ওঁঠযুৰি এটি এটিকৈ
খুটি খুটি পৰীক্ষা কৰে তাই৷ নিজৰেই নজৰ লাগি জিকাৰ খাই উঠে তাইৰ যৌৱনে চুই যোৱা
দেহাটি৷ কিন্তু তাইৰ চন্দ্ৰালি দেহ ভেদি বিয়পি থাকে এক অতনু অতৃপ্তি৷ কেতবোৰ
অনুভূতি দেহজ হৈও হৈ পৰে দেহাতীত৷
দাসীসকলে পিছে অইন দিনৰ
দৰে আজিও নিজলৈ চাবৰ আহৰি পোৱা নাই৷ তাহাঁত ব্যস্ত হৈ পৰিছে বেগমবোৰৰ পৰিচৰ্যাত৷ পুষ্পসজ্জিত
হৰেমত আজি তাহাঁতে বেগমবোৰক নোৱাইছে, চন্দনৰ তেলেৰে বেগমহঁতৰ
দুগ্ধফেননিভ শৰীৰত মালিচ কৰিছে, কেশবিন্যসৰ তলত আঁতৰৰ সুগন্ধি ছটিয়াইছে, বেগমবোৰক শ্বাহী গহনা-কাপোৰ পিন্ধাইছে৷
অহংকাৰৰ তাজবোৰ
পিছে বেগমহঁতে নিজেই নিজৰ শিৰত পিন্ধি লৈছে৷ তাজ নহয়, ই যেন তেওঁলোকৰ বাদছাহৰ ওপৰত থকা অধিকাৰৰ প্ৰতীক৷ যি অধিকাৰ দাসীৰ নাথাকে,
বন্দীনীৰ নাথাকে, নাথাকে কোনো ৰক্ষিতাৰ৷
ৰূপহী
ৰক্ষিতাবোৰে নিজক সজোৱাৰ দায়িত্ব নিজেই লৈছিল৷ সিহঁতৰ সাজ-সজ্জা চকুত লগাকৈ আছিল
অতিকে উগ্ৰ৷ বাঞ্ছিতজনৰ দৃষ্টিত পৰাকৈ শৰীৰৰ ভাঁজবোৰ প্ৰকট হৈ পৰা পোছাকেৰে তাহাঁত হৈ উঠিছিল
আৱেদনময়ী৷ তাহাঁতৰ চকুৱে-মুখে ফুলি আছিল কামনাৰ ৰক্তজবা একোপাহি৷ চগাক পুৰিবলৈ যেন
সিহঁত নিজেই জুই হৈ জ্বলিছিল৷
হেৰেমৰ প্ৰতিটো
চুকত একেভাৱে পোহৰ নপৰাৰ দৰেই একাংশ ৰমণীৰ মনতো বাদশ্বাহৰ আগমনক লৈ কোনো উৎসাহ নাছিল৷ বাদশ্বাহে যুদ্ধত জয় কৰি অনা বন্দী ৰাণীসকলৰ চকুত সিদিনা কাজলৰ বোল নাছিল৷ আছিল ভীতি আৰু শংকাৰ একোচপৰা কলীয়া মেঘ৷ সেই মেঘ
ফালি দেখিছিল জানো কোনোবা ৰাণীয়ে হেৰেমৰ পৰা মুক্ত হোৱাৰ সপোন?
মুক্তিৰ সপোনৰ কিবা অৰ্থ জানো আছিল? হেৰেমৰ ওখ প্ৰাচীৰৰ মাজতেই আৱদ্ধ হৈ
পৰিছিল সহস্ৰ নাৰীৰ জীৱন-যৌৱন৷ কেৱল বন্দী নাৰীৰেই আছিল জানো এই ব্যথা? বাদশ্বাহৰ
নিকটাত্মীয় ৰমণীসকলো আছিল হেৰেমৰ বাসিন্দা৷ নাৰী আছিল মাথোন ভোগৰ সামগ্ৰী৷ ভোগ্য
সামগ্ৰীক যতনাই ৰখাদি আবুৰত ৰাখিছিল নাৰী নামৰ লোভনীয় শৰীৰবোৰ৷ কংক্ৰিটৰ প্ৰাসাদত
পিষ্ট হৈ ক’ৰবাত পৰি ৰৈছিল স্বাধীনতাৰ সপোনবোৰ৷ সেইসকল নাৰীৰ বাবে হয়তো মুক্তি এটি
আচহুৱা শব্দ হৈ পৰিছিল৷
প্ৰথমাৱস্থাত
মেহেৰেও দেখিছিল মুক্তিৰ সপোন৷ হেৰেমৰ দেৱাল লংঘি সীমাৰ সিপাৰে থকা মাক-দেউতাকৰ
বুকুৰ মাজত সুখৰ এঘুমটি মৰাৰ কণমানি সপোন সাবটি
শুই পৰিছিল তাই৷ তাইৰ চৌপাশে হেজাৰ ৰমণী অদৃশ্য
শিকলিৰে বান্ধ খাই থকা হেজাৰ নাৰীৰ অজস্ৰ
কাহিনী৷ শ্ৰোতাবিহীন৷ মেহেৰৰ মুক্তিৰ সপোনটোও এটি বিলাস মাত্ৰ হৈ থাকি গৈছিল বুকুৰ
এচুকত৷ মিলি গৈছিল তাইৰ আশাবোৰ হেৰেমৰ নৈমিত্তিকতাত৷
কিন্তু বাদশ্বাহ অহাৰ খবৰ পাই মেহেৰৰ সপোনবোৰে সিদিনা আকৌ এবাৰ গা টঙাই উঠিছিল৷ মুখত ৰং এজেবা সানি
লৈ ৰৈ আছিল তাই বাদছাহৰ এপলক সুদৃষ্টি লাভৰ বাবে মুক্তিৰ ফৰিয়াদ চকুত আঁকি চাই ৰৈছিল
তাই বাদশ্বাহ অহা বাটলৈ৷ বাদশ্বাহৰ প্ৰেমিক হৃদয়ে জানো নুশুনিব তাইৰ মুক্তিৰ আৰ্জি?
ৰাজ্য শাসনত
ব্যস্ত বাদশ্বাহ কাহানিবাহে আহে হেৰেমলৈ৷ হেৰেমত থকা তিনি সহস্ৰাধিক ৰমণীৰ মাজত সিদিনা
চলে সৌন্দৰ্যৰ অঘোষিত প্ৰতিযোগিতা৷ কোনে কৰিব বাদশ্বাহক সন্তুষ্ট? কোনে লাভ কৰিব বাদশ্বাহৰ সান্নিধ্য? কোন হ’ব বাদশ্বাহৰ অংকশায়িনী? বাদশ্বাহক এবাৰ ওচৰৰ পৰা চাবলৈ,
এবাৰ তেওঁক স্পৰ্শ কৰিবলৈ, এবাৰ তেওঁৰ
শয্যাশায়িনী হ’বলৈ ব্যাকুল হৈ থাকে হেৰেমৰ ৰমণীসকল৷ থাকিবৰেই
কথা৷
ৰাজকীয় সমস্ত
সুখ-সুবিধাৰে পৰিপূৰ্ণ আছিল হেৰেমৰ বিশাল চৌহদ৷ কিন্তু শৰীৰী ক্ষুধা নিবাৰণৰ বাবে
সহস্ৰ নাৰীৰ সম্মুখত একমাত্ৰ পুৰুষ আছিল বাদশ্বাহ৷ সেই পুৰুষৰ আগমনলৈ আকৌ ৰমণীসকলে দিন, মাহ, বছৰ জুৰি অপেক্ষা কৰি থাকিবলগীয়া হৈছিল৷ ভাগ্যৰ চকৰিখেলত
পাশা পেলাই ৰৈ থাকিছিল সুন্দৰী নাৰীসকল৷ পিছে কাছিৎহে ফুলিছিল সিহঁতৰ আকাংক্ষাৰ ফুলবোৰ৷ বাদশ্বাহৰ প্ৰিয় নাৰী হোৱা ইমান সহজ নাছিল৷
মেহেৰেও বাদশ্বাহক
কাহানিও কাষৰ পৰা পোৱা নাই৷ বাদশ্বাহৰ লস্কৰে উঠাই আনিছিল তাইক বাদশ্বাহৰ পৰগনাৰ
সীমামূৰীয়া গাঁও এখনৰ পৰা৷ ভেড়া চৰাবলৈ আহিছিল মেহেৰ গাঁৱৰ ইটো মূৰত৷ আগে-পাছেও
আহিছিল তাই সেউজীয়াৰ নৈ বৈ থকা ঠাইডোখৰলৈ৷ কিন্তু সিদিনা তাইক যেন দুৰ্ভাগ্যই
হাতবাউলি মাতিছিল৷ ঘাঁহনিৰ ওপৰৰ বিস্তৃত আকাশখন সিদিনা ক’লা
মেঘে ছানি ধৰি সংকুচিত কৰি পেলাইছিল৷
“মেহেৰ
আকাশলৈ চাচোন৷ কিবা যেন কেহেৰ অহাৰ বাতৰি আনিছে৷”
ককাকৰ চিঞৰ শুনি
লৰ মাৰি ওলাই গৈছিল মেহেৰ৷
নোম কটাৰ সময়ত
ভেড়াকেইটা পানীত তিতি গ’লে ককাকে গালি পাৰে বুলিয়েই তৰা-নৰা ছিঙি লৰ মাৰিছিল তাই
ভেড়া চৰোৱা ঘাঁহনিডৰালৈ৷ হাতত এছাৰিডাল লৈ ভেড়াকেইটাৰ বাট পোনাই থাকোঁতেই যুদ্ধৰ
সাজ পিন্ধা লস্কৰ এজনে তাইৰ হাতখনতে খামোচ মাৰি ধৰিছিলহি৷ সৰি পৰিছিল তাইৰ হাতৰ
এছাৰিডাল৷ তাইৰ গগন ফলা চিঞৰত ভেড়াকেইটাই যেনি-তেনি দৌৰি পলাইছিল৷ মেহেৰে তাইৰ
সৰ্বশক্তিৰে যুঁজিও লস্কৰজনৰ হাতৰ পৰা নিজৰ হাতখন মুক্ত কৰিব পৰা নাছিল৷ মেহেৰৰ
চকু মুখ ঢাকি ঘোঁৰাত তুলি লৈ অহা হৈছিল ৰাজদৰবাৰলৈ৷
দৰবাৰত পেচ কৰাৰ
পাছতহে জানিব পাৰিছিল তাই বাদশ্বাহৰ সাম্ৰাজ্যৰ ভিতৰত সোমাই পৰিছিল হেনো সিহঁতৰ
গাঁৱৰ এডোখৰ মাটি৷ ভুলবশতঃ সেইডোখৰ মাটিতেই তাই ভেড়া চৰাবলৈ আহিছিল৷ সুন্দৰী নাৰী
বাদশ্বাহৰ উপভোগৰ সামগ্ৰী৷ গতিকেই সেনাই মেহেৰক বাদশ্বাহলৈ উপহাৰ হিচাপে তুলি লৈ আহিছিল৷ বনৰীয়া ফুল এথোপাৰ দৰেই মেহেৰক আগুৱাই
দিয়া হৈছিল বাদশ্বাহৰ সৌজন্যত৷
বাদশ্বাহে মূৰ
দুপিয়াই উপহাৰ কবুল কৰিছিল৷ হাজাৰ উপহাৰৰ মাজৰ এক উপহাৰৰ দৰেই একাটি কৰি থৈছিল
বাদশ্বাহে মেহেৰক ৷ বাদশ্বাহৰ এটি ইংগিতত গঁতিয়াই দিয়া হৈছিল তাইক হেৰেমৰ পদূলিত৷ কান্দি
কান্দি ৰঙা পৰা মেহেৰৰ চকুদুটা পিছে হেৰেমৰ দৃশ্য দেখি মেল খাই ৰৈছিল বহুপৰলৈ ৷
বন্দীশালৰো কি
এক চমৎকাৰী আয়োজন! শিশুৰ বাবে পঢ়াশালিৰ পৰা ৰাজকীয় খাদ্যসম্ভাৰলৈ, আৰাম আৰু স্বাচ্ছন্দ্যৰ বিলাসী সাধনৰ পৰা সৌন্দৰ্য চৰ্চাৰ সামগ্ৰীলৈকে
সকলোখিনিৰেই বন্দোৱস্ত কৰা আছিল হেৰেমৰ সুবিশাল চৌহদটোত৷
বাদশ্বাহৰ বেগম, আত্মীয়, দাসী, ৰক্ষিতা,
গোলাম সকলো হেৰেমৰ একেখন মূধচৰ তলত আৱদ্ধ হৈ পৰিছিল৷ চাৰিবেৰৰ মাজত
আৱদ্ধ হৈ পৰিছিল অনেক নাৰীসত্তা৷ দেশ, ভাষা, শ্ৰেণী, সংস্কৃতিৰ বিবিধতাবোৰ নোহোৱা হৈ সকলো হৈ
পৰিছিল কেৱল নাৰী৷ কেৱল বাদশ্বাহৰ অমানত৷
অন্য পুৰুষৰ পৰা
গা বচাই ৰাখিবলৈ নাৰীক কৰি ৰখা হৈছিল ছিদ্ৰহীন আবুৰৰ মাজত৷ নাৰী নাৰী হৈ থাকিব লাগিব, হৈ থাকিব লাগিব কেৱল
বাদশ্বাহৰ উপভোগ্যা৷ নহ’লে হেৰেমৰ পৰা বিতাৰিত নাৰী নিশাটোতে হৈ
পৰে পথৰ ভিখাৰীনী৷ নতুবা এন্ধাৰ গলিৰ সস্তীয়া গণিকা৷
মেহেৰ বন্দী হ’বৰ
পৰা এই প্ৰথমবাৰ শুনিছে বাদশ্বাহৰ আগমনী বাৰ্তা৷ প্ৰথম বাৰলৈ স্বচক্ষে প্ৰত্যক্ষ
কৰিছে নিজক পণ্য কৰাৰ প্ৰতিযোগিতাখন৷ যৌৱনে ন কৈ পাহি মেলা তাইৰ দেহাটো তাই নিজেই
লিৰিকি বিদাৰি চাইছে৷ পৰিব নেকি আজি তাইৰ পাল? পাৰিব জানো
তাই বাদশ্বাহক তৃপ্ত কৰিব? পাৰিব জানো তৃপ্ত কৰিব নিজৰ অবদমিত
আকাঙ্ক্ষাবোৰক?
“বামুইলাইজা
হুছিয়াৰ!”
হেৰেমলৈ বাদশ্বাহ
আহিছে৷
দ্বাৰৰক্ষীৰ
ঘোষণা শুনি ওৰণি, হিজাবৰ আঁৰত মুখ লুকুৱাই সকলো সস্তম হৈ ৰৈ
আছিল৷ অপেক্ষাৰ বহুত দিনৰ মূৰত আজি হেৰেমত পুৰুষৰ পদধূলা পৰিছে৷ নাৰী মনৰ অবদমিত আকাঙ্ক্ষাবোৰ
মুহূৰ্তে মুহূৰ্তে ছাঁ-পোহৰ হৈ লুকা-ভাকু খেলিছে৷ হেৰেমৰ খেলৰ পাকৈত খেলুৱৈসকলে
তৎপৰতাৰে আগুৱাই গৈ ৰজাক আৱৰি ধৰিছে৷
“জহাপনাহ…জহাপনাহ ৷
কনিজলৈ এক নজৰ প্ৰেমৰ চাৱনিৰে চাওক৷ কৃতাৰ্থ কৰক জহাপনাহ৷ কৃতাৰ্থ কৰক৷”
আস…নাৰী নহৈ
যেন সিহঁত একো একোটি তৃষ্ণাৰ্ত চাতক চৰাই৷ হেৰেমত শুকাই যোৱা যৌৱনৰ আঁহ-পাহবোৰে
যেন হাহাকাৰ কৰিছিল প্ৰেমৰ এটোপাল নিৰ্যাসৰ বাবে৷ মৰুভূৰ হাহাকাৰবোৰে বেদুইন বুকুত
ঘৰ সাজিছিল৷ আচৰিতভাৱে বহুগামী বাদশ্বাহৰ প্ৰতি কাৰো আখেজ নাছিল৷ নাছিল বিতৰাগ৷ আত্মসমৰ্পনৰো
কি এক নগ্ন ৰূপ?
মেহেৰে এন্ধাৰ
চুক এটাৰ আঁৰ লৈ চাই ৰয়। হঠাৎ সলনি হৈ পৰা হেৰেমৰ ৰংবোৰ৷
যৌৱনৰ সম্ভাৰ লৈ
বাদশ্বাহৰ প্ৰণয় ভিক্ষা কৰি ৰৈ আছিল জাক জাক গাভৰু৷ কোনোবাজনীয়ে যদি বাদশ্বাহক নৃত্যৰে
মুহিবৰ চেষ্টা কৰিছে, কোনোবাজনীয়ে আকৌ বাদশ্বাহৰ হাত-মূৰ পিটিকি
অৱসাদ ভাঙিবৰ প্ৰয়াস কৰিছে৷ কোনোবাজনীয়ে যদি বাদশ্বাহৰ সৈতে জলকেলীত মিলিত হৈছে,
কোনোবাই আকৌ বাদশ্বাহক সুদৃশ্য পাত্ৰত বাকি দিছে এচলু গোলাপী নিচা৷ শৰীৰৰ
সন্মুখত যেন তুচ্ছ হৈ পৰিছে মন, আত্মা, বিৱেক, নৈতিকতা কিম্বা
ঔচিত্য-অনৌচিত্যৰ প্ৰশ্নবোৰ৷
হঠাৎ পট সলনি হয়৷
উত্তেজনাৰ শিখৰত থকা বাদশ্বাহে ৰমণীৰ জাকটোৰ মাজৰ পৰা কোনোবা এজনীক থপিয়াই লৈ যায়
নিজৰ শয়নকক্ষলৈ৷ অতৃপ্ত বাসনাবোৰ বুকুত সাবটি দুৱাৰৰ ইটো পাৰে ৰৈ যায় হেজাৰ আহত
চকু৷
মেহেৰে চকু মুদি
দিয়ে৷
টোপ টোপকৈ সৰি
পৰা চকুলোৰে তাইৰ ৰং বুলোৱা মুখখনি বিবৰ্ণ হৈ পৰে৷
তৃপ্ত বাদশ্বাহে
জানো বুজে অতৃপ্ত শৰীৰৰ যন্ত্ৰণা!
নুবুজে দেখিয়েই
হেৰেমত আৱদ্ধ নাৰীৰ মুক্তিৰ দুৱাৰ খোল নাখায় কাহানিও৷ বাগী নাৰীক নিয়ন্ত্ৰণ কৰিবলৈ
বাদশ্বাহে হেৰেমত তেহনাত কৰিছে কিন্নৰৰ দল৷ কিন্নৰৰ বাহুত বল আছে৷ কিন্তু সিহঁতৰ
মাজত নাৰীদেহক উত্তেজিত কৰিব পৰাকৈ পৌৰুষ নাই৷ বাসনাহীন নাছিল কিন্নৰসকল৷ অথচ সেই
বাসনা নাৰীমুখী নোহোৱা কথাটোৱে অস্বস্ত কৰিছিল বাদছাহক৷ পুৰুষৰ বহুগামিতা সকলো
প্ৰশ্নৰ উৰ্দ্ধত৷ কিন্তু হেৰেমৰ নাৰীৰ ওপৰত পৰ পুৰুষৰ দৃষ্টি পৰাটো ‘নাপাক’৷ ‘হৰাম’!
“নাৰীদেহৰ
অৱদমিত আকাঙ্ক্ষাবোৰক উপেক্ষা কৰাটো পাক নে নাপাক মেহেৰ?
নুৰজাহান বিবিয়ে
এন্ধাৰত বহি থকা মেহেৰৰ কাণৰ কাষত গৈ ফুচফুচকৈ সোধে৷
চক খাই উঠে
মেহেৰ৷ এনেয়েও বৃদ্ধা নুৰজাহানৰ চেহেৰাটো দিনকদিনে ভয়লগা হৈ উঠিছে৷ কেঁচা-পকা
এজপৰা অযত্নপালিত শুকান চুলিৰে, শোঁটোৰা পৰা গাৰ ছালেৰে, কোটৰত সোমোৱা চকুহালেৰে যখিনীৰ ৰূপ ধৰা নুৰজাহানলৈ বেছিপৰ চাই থাকিব
নোৱাৰে মেহেৰে৷
“জৱাব
নাই! সেইবুলি তেজৰ গৰমো নাইনে? নম্বৰ আহোঁতে আহোঁতে তেজ
চেঁচা পৰি যাব মেহেৰৰ৷ পেটৰ ভোকৰ বাবে নহয়, ইয়াত দেহৰ ভোকৰ
বাবেহে সংগ্ৰাম কৰিব লাগে৷ জিকিলেতো জিকি গ’লি৷ বেগমহঁতৰ দৰেই
সাম্ৰাজ্যৰ ওৱাৰিছ পাই যাবি৷ মূৰৰ ওপৰত তাজো পাই যাবি৷ কিন্তু হাৰিলে নুৰজাহান
বিবি হৈ ৰ’বি৷ “
নাটকীয় ভংগীত
নুৰজাহানে কোৱা কথাবোৰে বুকুত বিন্ধি ধৰে মেহেৰৰ৷
“তুমি
ভবাৰ নিচিনা একোৱেই নহয়৷ মই পলাই যাম নুৰ বিবি৷ সীমান্তত আম্মি-আব্বুৱে মোলৈ বাট চাই ৰৈ আছে৷” মেহেৰে বিশ্বাসেৰে কয়৷
মেহেৰৰ কথাত ‘খুক’কৈ হাঁহি উঠে নুৰজাহান৷
“কাৰো
আম্মি-আব্বুৱে হেৰেমৰ বাহিৰত বাট চাই নাথাকে, বুৰ্বক ছোৱালী৷ হেৰেমৰ বাহিৰত হয়
ভিক্ষাৰ পাত্ৰই, নহয় এন্ধাৰ গলিৰ সস্তীয়া গণিকালয়ে বাট চাই
থাকে। বৰ বেছি বগাৱত কৰা তিৰোতাসকলৰ বাবে অন্দৰ মহলত ফাঁচীকাঠেও বাট চাই থাকে৷ হিঃ
হিঃ হিঃ৷ কবৰো নছিব নহ’ব বুৰ্বক ছোৱালী৷”
“তাৰ মানে
আমাৰ জীৱন-যৌৱন, চিন্তা-সপোন সকলো ইয়াতেই শেষ হ’ব? হেৰাই যাম আমি মহলৰ ওখ দেৱালৰ আঁৰত? বেগমহঁতৰ দৰে আমাক স্মৰণ কৰিবলৈ নাথাকিব আমাৰ কোনো উত্তৰসুৰী৷ আমাৰ মন আৰু
শৰীৰ হৈ থাকিব অসূৰ্যস্পৰ্শা?” নুৰজাহানক উদ্দেশ্যি কোৱা
কথাবোৰৰ অনুৰণন মেহেৰৰ নিজৰ কাণতো বাজি থাকে৷
আকৌ এবাৰ ভয়লগা
চাৱনিৰে চাই খুককৈ হাঁহে নুৰজাহানে৷
মেহেৰে নুবুজে
সেই হাঁহিৰ অৰ্থ।
“বুৰ্বক
ছোৱালী, অকলশৰীয়া হৈ থাকিব নালাগে তই ৷ অলপ চতুৰ হ৷ বন্ধ ঘৰৰ
ভিতৰতে বিচাৰি পাবি তই তোৰ মুক্তিৰ ৰাস্তা৷ বিচাৰি নাপালে নিজে কাটি ল’বি নিজৰ বাট ৷ সময়ত বাট কাটিব নজনাসকলে ইয়াতেই ঘুৰ্মুটিয়াই মৰি থাকে৷”
মেহেৰৰ আমনি
লাগিছিল একে ঠাইতে বহি থাকি৷ সকলোৱে পাগলী বুলি এৰাই চলা নুৰজাহানৰ সৈতে বেছিপৰ
একেলগে কটাবলৈও টান পাইছিল মেহেৰে৷ কিন্তু নুৰজাহানৰ কথাৰ সত্যতাকো অস্বীকাৰ কৰিব
পৰা নাছিল তাই৷ বাদশ্বাহৰ কৃপাধন্য হ’ব নোৱাৰিলে নুৰজাহানৰ দৰে
একালৰ ৰূপহী এজনীও এনেদৰে পৰি ৰয় অৱহেলাৰ জাবৰত৷ নাৰীৰ সহজাত দৈহিক তাড়নাবোৰো জাহ
যায় অৱৰ্জনাৰ পুতি দুৰ্গন্ধত৷ ভৱিষ্যৎবোৰ হেৰাই যায় এন্ধাৰ কুঠৰীত৷
অনিন্দ্ৰা আৰু
মনৰ অসুখত মেহেৰৰ খোজবোৰ থৰক-বৰক হৈ পৰে৷ নুৰজাহানে মেহেৰলৈ কেৰাহিকৈ চাই আৰু এবাৰ
পৈশাচিক হাঁহিটো মাৰে৷ এইবাৰ মেহেৰে বুজি উঠে সেই হাঁহিৰ অৰ্থ৷
শয়নকক্ষত ক্ষণিকৰ
বিশ্ৰামৰ বাবে সোমাই পৰা মেহেৰ আৰু ওলাই নাহে৷ শোৱাপাটীত লাগি ধৰে মেহেৰ৷ মনৰ
অসুখে কাবু কৰে তাইৰ ষোড়শী দেহ৷
নুৰজাহানে তাইৰ
কোটৰত সোমোৱা চকুহাল টানি মেলি ধৰে মেহেৰৰ সম্মুখত৷ নুৰজাহানে মেহেৰৰ শীৰ্ণ হাত
এখন নিজৰ হাতত তুলি ধৰি তাইৰ নাড়ী পৰীক্ষা কৰে৷
“এই
শ্বাহ বানো,হাকিম মাতিব লাগিব, হাকিম৷”
পুৰুষোচিত শৰীৰত
নাৰীৰ লাস্যময়িতাৰ অতিৰঞ্জন-অসহ্যকৰ৷ শ্বাহ বানুক দেখি মুখ ঘূৰায় মেহেৰে৷
নুৰজাহানে পিছে
বানুক কাউবাউকৈ ধৰে৷
“সোনকালে
হাকিম মিঞাক আনিব লাগে৷ নহ’লে মৰি থাকিব এইজনী৷”
শ্বাহ বানুৱে
শুই থকা মেহেৰলৈ চাই মুখখন ইকাটি-বিকাটি কৰি আঁতৰি যায়৷
বাদশ্বাহৰ আদেশ নহ’লে
হেৰেমলৈ হাকিম নাহে৷ হেৰেমৰ ৰমণী বাদশ্বাহৰ গোলাম৷ হেৰেমত প্ৰৱেশৰ বেলিকা
হাকিম-বৈদ্যৰ ওপৰত হেজাৰ বাধা-নিষেধ আৰোপ কৰা হয়৷ ঢাকি পেলোৱা হয় হাকিমৰ মুখমণ্ডল৷
ৰোগী হ’লেও যে সেয়া নাৰীৰ শৰীৰ৷ হাকিমে খোজে প্ৰতি সাৱধান হ’বলগীয়া হয়৷
বানুৱে জোৰ দি
ধৰে বুলিহে হাকিম আহে হেৰেমলৈ৷
“বেমাৰ
কাৰ?” হাকিম চাহাবে সোধে বানুক৷
পৰ্দাৰ আঁৰত থকা
মেহেৰলৈ থুঁতৰিৰে দেখুৱাই দি আঁতৰত ৰৈ থাকে বানু৷ হাকিম আহিলে পহৰাদাৰী কৰাটো
সম্ৰাটৰ হুকুম৷
হাকিম চাহাবে
সোধে মেহেৰক,
“তোমাৰ
অসুখ ক’ত?”
মেহেৰ উচুপি উঠে৷
নাৰীয়ে দেহৰ ভোকৰ কথা কোৱাটো সমাজৰ দৃষ্টিত অপৰাধ! মেহেৰে নিজক সম্বৰণ কৰে৷
নুৰজাহানে
মেহেৰৰ ওপৰত জঁপিয়াই পৰাদি পৰে৷
“নকৱ
কিয় মৰতী? তোৰ সৰু কলিজাটোত ৰৈ ৰৈ বাজি উঠা ধপধপনিবোৰৰ কথা, পেটত পিৰপিৰাই ফুৰা সুৰসুৰণিবোৰৰ কথা৷ নিদ্ৰাহীন ৰাতিবোৰৰ কথা৷ তুঁহ জুই হৈ জ্বলি থকা যৌৱনৰ জুইকুৰাৰ কথা৷”
মেহেৰে ইস-আস
কৰে৷
“মতা
মানুহজনৰ সম্মুখত কিনো বলকে পাগলীজনীয়ে?”
হাকিমে বুজি পায়
মেহেৰৰ উচপিচনিবোৰৰ কথা ৷ বুজে তেওঁ নুৰজাহানৰ বলিয়ালিবোৰৰ কথা ৷ হেৰেমৰ বন্ধ বতাহত
ঘূৰি ফুৰে অতৃপ্ত বুকুৰ চেঁচা হুমুনিয়াহ কিছুমান৷
মেহেৰৰ হাত এখন
নিজৰ হাতৰ মুঠিত সুমুৱাই লৈ হাকিমে ওঁঠৰ কাষলৈ হাতখন উজাই আনি বিৰবিৰকৈ কিবা
নুবুজা মন্ত্ৰ মাতে ৷ তাৰ পাছত কেইটামান দীঘলীয়া ফু-ফুৱনি৷
মেহেৰে লাহে
লাহে চকু মেলে৷ তাইৰ শুকান ওঁঠযুৰিলৈ জীৱন নামি আহে৷
নুৰজাহানে তাইৰ
ঘোলা চকুদুটা মেলি ধৰি মিচিককৈ হাঁহে৷
মেহেৰক আজিকালি
মাহে-পষেকে নৰিয়াত পৰা বানুৱে খবৰ দিয়ে৷ হাকিম চাহাব হেৰেমলৈ লৰালৰিকৈ আহে৷ পৰ্দাৰ
আঁৰত বিৰবিৰ শব্দেৰে গভীৰ ৰাতিলৈ কোনেও নুবুজা মন্ত্ৰ চলে; মেহেৰৰ ওঁঠৰ ফাঁকেৰে গৰম নিশ্বাস সৰে৷
পৰ্দাৰ বাহিৰত
শ্বাহ বানুৱে সন্তোষৰ হাঁহি মাৰে৷
নুৰজাহানৰ
শোঁটোৰা পৰা মুখখনত যুদ্ধজয়ৰ আনন্দ ফুটি উঠে৷
সময়ৰ চকৰি ঘূৰে৷ আঙুলিৰ
মূৰত দিন গণে বন্দী ৰমণীসকলে৷
হেৰেমলৈ বাদশ্বাহ বহুদিন অহা নাই৷
দেখা নাই৷ মেহেৰে নিজেও৷
