চম্পাৱতীৰ নিশাবোৰ

 মুনমী দত্ত হাজৰিকা

 

মেট্ৰিক পৰীক্ষা দি উঠি
প্ৰথমবাৰৰ বাবে
চাহেবপুৰাৰ বৰষুণপঢ়িছিলোঁ তেতিয়া বৰ্ষাতকৈ বন্যাৰ সিদ্ধান্তটোহে মোৰ শুদ্ধ
আৰু সঠিক যেন লাগিছিল৷       

হেই, বৰ্ষা
আৱেগিক৷ উচ্চশিক্ষিত ভাবীস্বামী প্ৰান্তিকক এৰি চাহেবপুৰাত ট্ৰেইনৰ পৰা নামি
তৎক্ষণাত এন. জি. অ.-ত সোমাই পৰাটো অপৰিপক্ব সিদ্ধান্ত৷

পিছে বহু বছৰৰ মূৰত
দ্বিতীয়বাৰ পঢ়োঁতে দেখোন বৰ্ষাহে মোৰ প্ৰিয় হৈ পৰিল৷ বৰ্ষা পৰিপক্ব
, বৰ্ষা
দৃঢ়
, বৰ্ষা শুদ্ধ৷

পঢ়ি শেষ কৰা কিতাপখন শ্বেল্‌ফত থৈ খিৰিকিমুখত ৰৈ ভাবি থাকিলোঁ৷

তেতিয়া বৰ্ষা নহয় তইহে অপৈণত পাঠক আছিলি৷

মোৰ মনটোৱে মোক কৈ
থাকিল৷ হয়তো কথাটো সঁচাই আছিল৷ সময়েহে মানুহক পৈণত কৰি তোলে৷ ঠিক যেন মাটিত
, পানীত,
বালিত আৰু বতাহত বাগৰি বাগৰি তৰপ সলোৱা ৰূপান্তৰিত শিলৰ দৰে৷ সময়ে
সকলো সলনি কৰিব পাৰে৷ মানুহক বুজন কৰে৷ বেলিমুখীয়া দিনবোৰকো মহামাৰীৰ ভয় দেখুৱাই কাৰাৰুদ্ধ কৰিব পাৰে আৰু ৰাতিবোৰকো বহুমাত্ৰিক কৰি তুলিব পাৰে৷

ৰাতিবোৰ বহুমাত্ৰিক? হয়৷
ই কেতিয়াবা নিঃস্বাৰ্থ নিদ্ৰাৰ আৱেশ
, কেতিয়াবা স্পৰ্শাকুল
অপেক্ষা কিন্তু কেতিয়াবা ৰাতিবোৰ যে এটা সাপ হৈ পৰে৷ এটা অতি বিষাক্ত অজগৰ৷ অন্ততঃ মোৰ বাবে৷ ড°
 চম্পাৱতী
হাটীমতাৰ বাবে৷

একালত  কৃষিকন্যা আছিলো মই, চম্পাৱতী৷
খেতিয়কৰ ল
ৰাৰ হাত পোন হোৱাৰ দৰে ছোৱালী হৈও মোৰ আছিল
পিতাইৰ পথাৰত সোণগু
টি চপোৱাৰ সপোন আৰু লগতে আছিল তালগছৰ দৰে
পোন এক জীৱনাদৰ্শ৷ দুই হাতে কৰা শ্ৰম মোৰ বিকল্পহীন পছ
ন্দ
আছিল৷ সেয়ে মই পিতাইৰ গৌৰৱ আছিলোঁ৷ কিন্তু সতীয়া জী বাবেই আইৰ বাবে আছিলোঁ চকুৰ কুটা
দাতঁৰ হুল৷

তেতিয়া আছিল মচুৰী
কঠিয়া ৰোৱা শাওণীয়া বতৰ৷ দিনটো পথাৰত
পিতাইৰ সৈতে বোকা ফেনেকি আহি সন্ধ্যা ঘৰ সোমাইছি
লোঁহি৷ গা ধুই
প্ৰথমবৰ্ষৰ তৰ্কশাস্ত্ৰখনৰ
 ট্ৰুথ টেবুল
মেলি লৈছিলোঁ৷

ট্ৰুথ+ট্ৰুথ=ট্ৰুথ,

ট্ৰুথ+ফল্‌চ=ফল্‌চ,

ল্‌চ+ফল্‌চ=ফল্‌চ

পঢ়িলোঁহে৷
কিন্তু সত্য আৰু অসত্যৰ আহ্নিক গতিক উপলব্ধি কৰাৰ আগেয়ে আয়ে মোৰ বাবে
যোগাৰ কৰি থোৱা, মই কাহানিও দেখি-শুনি নোপোৱা অজগৰটোৰ
বাকদত্তা হৈ পৰিলোঁ৷ সেই সন্ধ্যাতে৷ অকস্মাতে৷ দেউতাৰ সন্মুখতে৷

চম্পা, তই
অলপো চিন্তা নকৰিবি৷ বৰ ভাল চহকী মানুহ৷ তোক
পঢ়ুৱাই-শুনাই বৰমানুহ কৰিব৷ ভনীয়েৰো ডাঙৰ হৈ আহিছে৷ পিতাৰে খেতিৰ জোৰতে দুজনীৰ খৰছ
কেনেকৈ
ব’ব৷

মই দেউতালৈ চালোঁ৷

আইজনী, পঢ়ুৱাম বুলিছে যেতিয়া মই চিন্তা কৰা নাই৷ তোৰ সুখ হব৷ যা৷

দেউতাৰ আশ্বাসত নিশ্চিন্ত হলোঁ৷ ভনীলৈ ঘৰখন এৰি আহি
অচিন মানুহটোৰ মাজত প্ৰেমৰ সন্ধানত নামিলোঁ৷

তেতিয়াই তই ভুল কৰি
পেলালি৷— মনটোৱে মোক ক
লে৷

কি কৰিম৷ বৰ্ষাৰ
সলনি বন্যাক শুদ্ধ দেখাৰ সময় আছিল সেয়া৷ প্ৰেমৰ সহজ  বাটেৰে গৈ জীৱনৰ নতুন মাদকতা বিচৰাৰ সময় আছিল
সেয়া৷ এবাৰলৈও ভবা নহ
ল যে অসত্যৰ লগত যুক্ত হলে সত্যও নিভাঁজ হৈ নাথাকে৷ ট্ৰুথ + ফল্‌চ = ফল্‌চ৷ সোনকালেই পিতায়ে দি পঠোৱা আশ্বাস আইৰ প্ৰৱঞ্চনাত হেৰাই গল৷ পিতাইৰ ঘৰৰ পৰা সহস্ৰ মাইল দূৰৈৰ মহানগৰীৰ নিষিদ্ধ গলিত এটা দুটা নহয়
অলেখ অজগৰৰ নিশাৰ আহাৰ হ
লোঁহি৷ ছিঃ কিমান কম বয়সতে যে প্ৰেম
মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ব্যংগ হৈ পৰিল৷

চকুলো টুকিলোঁ
আৰু মচিলোঁ৷ কিন্তু জীৱনত হেৰাই যাবলৈকে মোৰ জন্ম হোৱা নাছিল৷ অজগৰে মোট সলাই আহি পিন্ধোৱা নেপূৰলৈ মোৰ মোহ নাইকিয়া হ
ল৷ কিন্তু নতুনকৈ এটা মোহ বৰকৈ জাগিল৷ জীৱনৰ লক্ষ্যৰ দৰে হৈ পৰিল৷ সেই
মোহে মোক খাব
লৈ শুবলৈ নিদিয়া হল৷ বহুদিনীয়া চেষ্টাৰ মূৰত এদিন পোহৰৰ পৃথিৱীলৈ ঘূৰি আহিব পাৰিলোঁ

পিতাইৰ মুখখন এবাৰ
চাবলৈ বৰকৈ মন গৈছিল কিন্তু পিতাইৰ অজলা মুখখনে মোৰ নতুন লক্ষ্যটোক
দুৰ্বল
কৰি তোলাৰ ভয়তে তালৈ এবাৰো নগ
’লোঁ৷ জীৱন জুইত জঁপিয়াই নিজকে সোণ
কৰি গঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰি
লোঁ৷ সৰুতেই বুকুত থূপ খোৱা
দৃঢ়তাই মোৰ সন্মুখৰ ডাঙৰ-সৰু হেঙাৰবোৰ হেলাৰঙে পাৰ কৰি যোৱাৰ শকতি দিলে৷

নিশাবোৰ পু
নিঃস্বাৰ্থ নিদ্ৰাৰ আৱেশ হৈ আহিল৷ দীৰ্ঘদিনীয়া কঠোৰ শ্ৰমৰ অন্তত মই নিজকে প্ৰতিষ্ঠা
কৰিলোঁ ড
° চম্পাৱতী
হাতীমতাৰূপে৷ ভনীলৈ মনত পৰিল৷ কেনে আছে তাই
? মই জানো তাইৰ
ক্ষেত্ৰত ট্ৰুথ + ট্ৰুথ = ট্ৰুথ হ
ব৷ তথাপি ভয় লাগে জীৱনলৈ৷ সময়লৈ৷
চিন্তা জাগে অলেখ ভনীলৈ৷ নিশাবোৰ সকলোৰে বাবে নিঃস্বাৰ্থ নিদ্ৰাৰ আৱেশ হয় নে
? হয় নে চাগে প্ৰেমৰ স্পৰ্শাকুল
অপেক্ষা
?

মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ
লোৱাৰ পিছতে প্ৰথমখন কেবিনেটতে মোৰ জীৱনৰ লক্ষ্যস্বৰূপ অতদিনীয়া হেঁপাহৰ বিধেয়কখন
আনিলোঁ৷ ৰাজ্যৰ বিৱাহযোগ্য প্ৰতিগৰাকী যুৱতীৰ বিৱাহ আইনী প্ৰক্ৰিয়াৰে হোৱাটো
বাধ্যতামূলক কৰিলোঁ৷ তেতিয়া ছোৱালীহঁতক অজগৰে গিলিবলৈ সুবিধা নাপাব৷ সুবিধা নাপাব, মোট সলাবলৈও৷ বৰ্ষাৰ সলনি বন্যাক শুদ্ধ দেখা আৱেগিক সময়তো সিহঁত নিশ্চিন্ত থাকিব
পাৰিব কাৰণ তেতিয়া ট্ৰুথ সদায় ট্ৰুথ আৰু
স্বচ্ছ হৈয়ে থাকিব৷

*  *  *