অংকিতা বৰুৱা

 

টিকটিকীয়া ৰঙা বাছখন আহি নিৰ্দিষ্ট বাছষ্টপটোত ৰৈ গ’ল৷ বাছখনৰ
দুৱাৰদলিত ভৰি থৈ দুবাৰমান ইফালে সিফালে চাই অম্লান বাছখনৰ ভিতৰলৈ সোমাই গ
ল৷ প্ৰথম
আসনতে বহি থকা ছাৰ থমাছ ম’ৰৰ মৃতদেহটোৰ উন্মুক্ত হৈ থকা প্ৰোজ্জ্বল দুচকুৱে তাক
অভিবাদন জনালে৷ তেওঁৰ হাতত তেতিয়াও জিলিকি আছে তেওঁৰেই বিখ্যাত গ্ৰন্থ ‘ইউটপিয়া’৷
অম্লানে বাছখনৰ বাকী আসনবোৰত চকু ফুৰালে৷ আসনে প্ৰতি নিশ্চল অথচ আটোমটোকাৰিকৈ বহাই
থোৱা মৃতদেহকেইটা দেখি কিছুপৰলৈ তাৰ চেতনাশূন্য যেন বোধ হ
ল৷ সি জানি- শুনিয়েই
বাছখনত উঠিছিল যদিও জনা আৰু পৰিস্থিতিটোত নিজে সোমাই পৰাৰ মাজত থকা বৃহৎ
পাৰ্থক্যটো তাৰ তেতিয়াহে বেছিকৈ অনুভূত হ
ল৷ বগা কাপোৰেৰে
আপাদমস্তক ঢাক খাই থকা মৃতদেহবোৰৰ চকুবোৰ মুকলি কৰি ৰখা হৈছে৷ কোনে আৰু কিয়
 সেই কথা সি নাজানে৷ মূল কথাটো হৈছে মৃতদেহকেইটাৰ মুকলি হৈ
থকা চকুবোৰৰ ভাষা নিশ্চল নহয়৷ নিৰৱ নহয়৷ সিহঁতৰ চকুবোৰত এতিয়াও ভাষা আছে৷
কাৰোবাৰ পঢ়াৰ আগ্ৰহ?  কোনে জানে মৃতদেহৰ চকুৰ ভাষা পঢ়িব?

…অম্লানৰ তীক্ষ্ণ দুচকুৱে সদায়েই খেদি ফুৰে বাছখনৰ প্ৰতিটো
নিৰ্লিপ্ত গতিক৷ তাৰ দৃষ্টিৰ পৰিসৰৰপৰা কোনোদিন সেই গতিময়তাক বাহিৰ হ
বলৈ দিয়া
নাই সি৷ অম্লানক কিবা এক হতাশাই আৱৰি ধৰে৷ সি বিশ্বাস কৰে জীৱনক অলপ হ
লেও আৱেগৰ
প্ৰয়োজন৷ অন্ততঃ জীয়াই থাকিবলৈকে!

প্ৰতিদিনে কিমান মানুহৰ মৃত্যু হয়! সেই মৃত্যুৰ লগতে সপোনবোৰো মৃত
হৈ পৰেনে? জীৱনৰ সৈতে কঢ়িয়াই ফুৰা তেওঁৰ আশাবোৰ? তেওঁৰ জীৱন দৰ্শন? কি এক নিৰ্মম
সত্যই আঁজুৰি খহাই পেলায়হি জীৱন নামৰ এছোৱা সময়ক! কেনে লাগে সেই সময়ত আসন্ন
মৃত্যুক দেখি! ক
বলৈ থাকি যায়নে কিবা কথা? নে ইতিমধ্যেই কোৱা হৈ যায় সকলো? পূৰ্ণ হয় নে তেওঁৰ জীৱনৰ সকলো আকাংক্ষা? পায়নে তেওঁ জীৱনৰ সকলো অধিকাৰ? বিক্ষিপ্ত
প্ৰশ্নবোৰে অম্লানক থকা-সৰক কৰেহি৷

কিবা এক উৰুঙা বতাহত যেন ওপঙিহে ফুৰিছে বাছখন! জীৱনক মৃত্যুৰ হাতত
তুলি দিয়াৰ পাছতো ৰৈ যায়নে তেওঁলোকৰ নোকোৱা কথাবোৰ বতাহত? কোনে হাত পাতি ধৰিব
চাগে তেওঁলোকৰ কথাবোৰ? কোনে শুনিব? আছে নে কোনোবা? – সি নিজকে প্ৰশ্ন কৰে৷

…বাছখন নিৰ্দিষ্ট সময়ৰ ব্যৱধানত শব্দহীনভাৱে ৰাজপথেৰে চলি গৈ থাকে৷
ব্যস্ত ৰাজপথটোত বাছখনৰ বাবে কাৰো একো হানি-বিঘিনি নঘটে৷ তাৰ জানিবলৈ মন
যায় সদায় চালকৰ আসনত কোন থাকিব পাৰে? কোনে পাৰে এনেদৰে মৃতদেহেৰে ভৰ্তি বাছ এখন
চলাই নিব? সি বিৰবিৰায় – ‘আৰে ভাই কলিজা লাগিব, কলিজা! সেই কলিজা আপোনাৰ-মোৰ নাই
বাবেই আমি সাধাৰণতকৈও সাধাৰণ নৰমনিচ!’

বাছখনৰ উদ্যেশ্যক লৈ কাকো আজিলৈকে ব্যস্ত হোৱা সি দেখা নাই৷
অম্লানে ভাবিলে এবাৰ যদি সি উঠি দিয়ে বাছখনত! কেনে লাগিব? ভবাৰ লগে লগে তাৰ গাটো
জিকাৰ খাই উঠিল। মূৰৰপৰা ভৰিলৈকে সিৰসিৰাই গল৷ কিছু বেলি তেনেদৰেই জঠৰ হৈ থকাৰ পাছত
সি নিজকে প্ৰবোধ দিলে – 
যা উঠ! কি হবনো!

আগত সৌৱা লিখা আছে – ‘ষ্টপেজ ফৰ ৰে’ড বাছ’। বাছখন ৰৈ গল৷ অম্লানে
মৰসাহ কৰি উঠি গ
ল বাছখনৰ ভিতৰলৈ৷ বাহিৰত শেষ দুপৰীয়াৰ স্পষ্ট পোহৰ যদিও বাছখনৰ
ভিতৰছোৱা অনুজ্জ্বল, সি চকুৰে সকলো মনিব পাৰিছে যদিও তাৰ মাজতো কিবা এক অস্বচ্ছতা!
শেঁতা৷ ৰংহীন৷ অথচ ক’লা-বগাও নহয়৷ সি মৃতদেহকেইটাৰ পৰা চকু আঁতৰাই আনি চালকৰ আসনত
থকাজনলৈ চালে৷ সি চিনি পালে তেওঁক৷ চহৰখনৰ সিমূৰে থকা শ্মশানখনৰ চণ্ডালজন৷ মূৰত
ৰঙা কাপোৰ মেৰিয়াই জ্বলন্ত দুচকুৰে চণ্ডালজনে এবাৰ অম্লানলৈ ঘূৰি চালে৷ হয়তো তেওঁ ভাবিছিল ভুলবশতঃ সি বাছখনত উঠিছে আৰু জীৱ বাজ হোৱা চিঞৰ এটা মাৰি নামি যাব৷ পিছে
নাই৷ তেনে একো নহ
ল …

– নামিব? -চালক চণ্ডালজনে সুধিলে

– নানামোঁ৷ –
অম্লানে প্ৰত্যয়েৰে উত্তৰ দিলে৷

– কলৈ যাব? – কিছু
আচৰিত হৈ পুনৰ প্ৰশ্ন চণ্ডালৰ৷

– বাছখন যলৈকে যাব!
– অম্লানৰ নিৰ্লিপ্ত উত্তৰ৷

চণ্ডালজনে কথা
নবঢ়াই সন্মুখলৈ চালে৷ আৰু অলপ গৈয়েই শ্মশানখন৷ তেতিয়ালৈ ই বেটাই হাৰ্ট ফেইল
নকৰেতো! চণ্ডালজনে ভাবিলে আৰু কিছু বেগত বাছখন চলাই দিলে৷

… অম্লান সন্মোহিত হৈ থমাছ ম’ৰৰ কাষৰ খালী ছীটটোত বহি পৰিলে৷
উৎসুকতাৰে সি তাৰ চকুযুৰি থমাছ ম’ৰৰ দুচকুত থাপিলে৷ এই সমস্ত মৃতদেহৰ বাটকটীয়া
তেওঁ৷ এই মৃতদেহ কেইটাৰপৰা নতুনৰ সৃষ্টিৰে নতুন দেশ এখনৰ কল্পনাত নিমগ্ন তেওঁৰ
দুচকু৷ এই শতিকাত তেওঁৰ এয়া পঞ্চম জনম৷ প্ৰতিবাৰ জন্মতে তেওঁ নতুন পুৰুষৰ সৃষ্টিৰ
বাঞ্ছা কৰে – ৱীথ ছাম ম’ৰ পাৰফেকচন এভ্ৰিটাইম৷

সি অত দিনে যেন এনে কিবা এটাকে বিচাৰি ফুৰিছিলে৷ সমাজখনৰ হকে
প্ৰত্যেক ব্যক্তিবিশেষে নিজৰ যোগাত্মক পৰিকল্পনাবোৰ বিশ্বাসযোগ্যতাৰে প্ৰতিপন্ন
কৰক, সি বিচাৰে তেনে এখন সমাজ৷  ক্ৰমাৎ স্বকীয়তা হেৰুৱাবলৈ ধৰা পৃথিৱীখনৰ
বাবে এই দুচকুৰ ভাষাক সি যেন কোনো পধ্যেই অথলে যাবলৈ দিব নোৱাৰে! সি পুনঃ পুনঃ
তেওঁৰ দুচকুলৈ চাই ৰ’ল৷ অজস্ৰ কথা …সহস্ৰ কথাৰে থমাছ ম’ৰৰ দুচকুৱে অম্লানৰ সৈতে
কথা পাতিবলৈ ধৰিলে …

পুঁজিবাদত ভুক্তভোগী সমাজ এখনৰ বিধ্বস্ত ৰূপটোৱে ব্যথিত কৰে
তেওঁক৷ প্ৰজাহিতৈষীৰ মুখাখনেৰে ৰামঠগন শোধোৱা কোনো ৰাজনৈতিক আমোলাৰপৰা মুক্ত
পৃথিৱীৰ, মুক্ত উশাহৰ বাবে হামৰাও কঢ়া তাৰ দৰে বহুতেই যে থমাছ ম’ৰৰ দুচকুক 
খেদি ফুৰিছে! থমাছ ম’ৰৰ দৰে অম্লান কোনো বিখ্যাত জীৱনৰ অধিকাৰী নহয়৷ কিন্তু থমাছ ম’ৰৰ
আদৰ্শৰ জিলিঙনি তাৰ সপোনতো আছে৷ শোষিত আৰু নিষ্পেষিত হোৱাৰ হাহাকাৰক বুজি পায়
সি।

সি ভিতৰি উত্তেজিত হৈ উঠিল৷ এনে লাগিল যেন বাছৰ খিৰিকিৰে মুখখন
উলিয়াই সি চিঞৰি চিঞৰি সুধিব সকলোকে – হাঁহি উঠিছে নেকি আপোনালোকৰ? কিয়?
সপোনবোৰে জানো এটা জীৱনৰপৰা আন এটা জীৱনলৈ গতি কৰিব নোৱাৰে? নাজানে! কিছুমান সপোনৰ
গতি থাকে! থাকে লয়৷ চলমান সপোন৷ সপোনৰ বীজটোৱে পূৰ্ণৰূপ নোপোৱালৈকে তাৰ গতিক
কোনেও ৰুধিব নোৱাৰে৷ কোনোবাটো প্ৰজন্মৰ কোনো এজন দিগগজে দেখা সপোন এটাৰ বীজটোক
প্ৰতিটো প্ৰজন্মতে কোনো ব্যক্তিবিশেষে তেজত কঢ়িয়াই ফুৰে৷ চেতনাত ধাৰণ কৰি লয়৷ সপোনবোৰ তেনেদৰেই বাহক হৈ পৰে তেওঁৰপৰা আমালৈ৷ আমাৰপৰা আমাৰ অনুজলৈ৷ ক’ৰবাত
কোনোবাইতো সেই চলন্ত সপোনক সাকাৰ কৰিব পাৰিব লাগিব৷ তেনেহলে সেই চেষ্টা সিয়েই বা
নকৰিব কিয়!

বাছখনৰ বাকী আসনবোৰত চকু ফুৰালে সি৷

চকুবোৰত তেতিয়াও জীৱনৰপৰা ধাৰ কৰা শেষাৰ্থৰ নিস্তেজ জলমল৷ শেষ
হোৱাৰ আগতে ধিমিক ধামাককৈ জ্বলি ৰোৱা চাকিগছৰ দৰে শেষৰ জিলিঙনিয়ে তেতিয়াও কিছু
কথা কৈছে৷

নাই নাই!

অম্লান তৎপৰ হৈ
উঠিল৷ এই ভাষাবোৰক সি হেৰাই যাবলৈ দিব নোৱাৰে৷ 
আনটো প্ৰজন্মলৈ এইটো প্ৰজন্মৰ কবলগীয়াখিনিৰ একমাত্ৰ বাহক এই মুহূৰ্তত যেন সি! কত কথা, কত আৰ্তিৰে এটা জীৱনে গতি লয়৷ সেয়া কি
শেষ উশাহৰ গেঙনিৰ সৈতে শেষ হ
বলৈ এৰি দিব পাৰি!

– আপোনালোকৰ কবলগীয়াবোৰ কবলৈ কিয় ভয় কৰিলে আপোনালোকে? – সি
প্ৰশ্ন কৰিলে মৃতদেহকেইটালৈ চাই৷

সি দেখিলে জলমল চকুবোৰৰপৰা তাক হতবাক কৰি পানীৰ একো একোটা ধাৰ বৈছে৷ এই
পানী বৰণহীন নহয়৷ আশা ভংগৰ ৰঙেৰে, অধিকাৰ হেৰুওৱাৰ ৰঙেৰে বহুৰঙী চকুলোৰ ধাৰবোৰে তাক কষ্ট দিলে৷ সি এখোজ আগুৱাই আহিল৷ এযোৰ চকুৱে তাক চুম্বকৰ দৰে
আকৰ্ষণ কৰিলে। হাজাৰ কাহিনীৰে ভৰপূৰ এযোৰ চকু৷ ইমান জীৱন্ত! ইমান প্ৰাণৱন্ত!
অথচ…অথচ এটা নিষ্প্ৰাণ শৰীৰত আৱদ্ধ হৈ ৰৈ গ
ল৷ এই ভৰ দুচকুক সি কিয় আগতে লগ
নাপালে! কিয়? তাৰ যে বহু দেৰি হৈ গ
ল!  এতিয়ালৈ তেওঁলোকৰ সেই সময় উকলি গৈছে৷
স্বগতোক্তি কৰিলে সি৷

সি এযোৰৰ পাছত আন এযোৰ চকুক পঢ়িবলৈ তৎপৰ হৈ উঠিল৷ তাৰ চিঞৰি দিবলৈ
মন গ
ল- অধিকাৰবোৰ নিজে বিচাৰি লব কিয় নাজানিলে আপোনালোকে? কোনোটো বস্তুৱেই হাতৰ
মুঠিতে পোৱা নাযায়৷ অধিকাৰৰ বাবে চিঞৰৰ প্ৰয়োজন৷ চিঞৰৰ …

অথচ সি ভালদৰেই জানে, সেই উত্তৰ দিব পৰাকৈ সিহঁতৰ জীৱনত এতিয়া
উশাহ নাই৷ মৃত্যুৱে আহি আৱেগ আৰু বিৱেকক জোকাৰি পেলোৱাৰ সময়তে সিহঁতৰ
চিঞৰবোৰো শুকাই কৰ্কৰীয়া হৈ দুচকুত ৰৈ গৈছে৷

সিহঁতৰ চকুবোৰে অট্টহাস্য কৰিছে৷ সমস্বৰে যেন চিঞৰি উঠিছে সিহঁতে৷
অজস্ৰ কথাৰ বাণেৰে ধৰাশায়ী কৰিছে তাক৷ জীৱন নামৰ অধ্যায়টোত আৱদ্ধ কৰি থোৱা
কথাবোৰ ভেঁটা ভাঙি বৈ গৈছে, এয়াই শেষ সুযোগ৷ সময়ৰ অপব্যয় কৰিব নোৱাৰি আৰু!
সিহঁতে ক
বই লাগিব … – ‘আমাৰ মুখবোৰক চিলাই কৰোঁতে তুমি ক’ত হেৰাই গৈছিলা বন্ধু? এজন
নিঃস্বাৰ্থ অগ্ৰগামী বিচাৰিছিলোঁ আমি৷ তেতিয়া তুমি নাছিলা আমাৰ বাবে৷ এতিয়া আমাৰ
হাতত মাথোঁ এই চুটি বাটটোৰ জোখাৰে সময়৷ ইয়াৰ পাছত আমি হেৰাই যাম একুৰা দপদপীয়া
ৰঙা জুইৰ মাজত৷ আমাৰ সপোনবোৰো তগবগ জুইত জাহ যাব৷ যদি পাৰাঁ পঢ়ি চোৱাঁ আমাৰ দুচকুক৷
এতিয়াও কথা ক
ব পৰাকৈ কিছু জিলিঙনি বাকী আছে৷ পিছে সেই ভাষা বুজিব পৰাকৈ তুমি
কিমান সক্ষম সেয়া তোমাৰ কথা৷ নে আন বহুতৰ দৰে তুমিও নিজা স্বাৰ্থৰ খাতিৰত দৌৰি
আহিছা? তোমাৰ লাভালাভ কি হ
ব সেয়া জনাৰ ইচ্ছা আমাৰ সমূলি নাই৷  কিন্তু এই
সময়ত আমিও কিছু স্বাৰ্থপৰ হ
বলৈ বিচাৰিছোঁ৷ আমাৰ ৰুদ্ধ হৈ থকা কথাবোৰক মুকলি কৰি
দিয়াঁ৷ সজোৰে চিঞৰি উঠাঁ তুমি আমাৰ হৈ৷ আমাৰ অধিকাৰখিনি অন্তত আমাৰ পাছৰ প্ৰজন্মলৈ
কঢ়িয়াই নিয়া৷ আমাৰ জীৱনক মূল্য দিব নজনা সমাজখনক বুজাই দিয়াঁ- কথা কোৱাৰ
অধিকাৰ খৰ্ব কৰিলে কি এক যাতনাত বিদ্ধ হয় জীৱন! বিচৰাৰ অধিকাৰ খৰ্ব কৰিলে প্ৰতিটো
প্ৰজন্মই কিদৰে কেৱল হেৰুৱাই যাব৷ সপোনবোৰ পুৰি চাৰখাৰ হ
ব৷ আমাকো মাত মতাৰ অধিকাৰ
লাগে৷ মুখত অদৃশ্য চিলাই একোটা লৈ আমি নিৰ্বাচনী প্ৰচাৰত পুতলাৰ বেশ ল
ব নোৱাৰোঁ
আৰু! মুখত অদৃশ্য চিলাই লৈ আমি কোনো ৰাজনৈতিক নেতাৰ ‘হাঁ’ত ‘হাঁ’ মিলাবলৈ কেৱল
মূৰটো দুপিয়াই সঁহাৰি জনাব নোৱাৰোঁ আৰু! এখন সুখৰ পৃথিৱী লাগে আমাক। কোৱাঁ! পাৰিবা
দিব?

অম্লান উত্তেজিত হৈ উঠিল৷ তেওঁলোকে কোৱাৰ দৰে সেই অগ্ৰগামীজন সি হব
নোৱাৰিলেহেঁতেন নে! তাৰো জীৱনৰ এছোৱা দেখোন এনে ধৰণৰ কথাৰে ঠাঁহ খাই আছে! মাক-দেউতাকৰ শীৰ্ণ মুখ দুখনে আমনি কৰিলেহি তাক৷ চৰকাৰী মাটিত অবৈধভাৱে ঘৰ সাজি থকাৰ ৰোষত
চকুৰ নিমিষতে বুলড’জাৰে চূৰ্ণ কৰি পেলোৱা সিহঁতৰ ঘৰবোৰলৈ মনত পৰিল৷ বুকু চপৰিয়াই
মাটিত বাগৰি বাগৰি কন্দাৰ বাহিৰে তেতিয়া সিহঁতৰ হাতত আৰু কোনো উপায় নাছিল। কিমান
হেৰুৱাইছে সিহঁতে! ৰাখিছেনে কোনোবাই তাৰ কিবা হিচাপ নিকাচ?

…‘আমাকো দিয়াঁ এখন আমাৰ পৃথিৱী৷ নতুন পুৰুষৰ নতুন সমাজ এখন
আমাকো দিয়াঁ য’ত কোনো বৈষম্য নাথাকিব৷ নোৱাৰিনে তেনে এখন সমাজ প্ৰতিষ্ঠা কৰিব!
কাৰ কি ক্ষতি হ
ব? যিসকলে আনৰ মুখলৈ চাই দুমুঠি চাউলৰ যোগাৰ কৰিব লাগে তেওঁলোকেও
যদি সমানে ভোগ কৰিবলৈ পায় আপোনালোকৰ আপত্তি কত? আপোনালোক কোনো দাতাকৰ্ণ হ

নালাগে৷ কেৱল আপোনালোকে পোৱাৰ দৰে আনেও পোৱাৰ বাটটো সুগম কৰিবলৈ আপোনালোকৰ সহযোগ
লাগে৷ দিব পাৰিব?’ – সিঁহতৰ দুচকুৱে পুনৰ সুধিলে৷

কঁপি উঠিল অম্লান৷ তাৰ মূৰটো ঘূৰোৱাৰ দৰে লাগিল৷ সি উভতি থমাছ ম’ৰৰ
কাষৰ ছীটটোত বহি পৰিল৷

অৱশ হৈ পৰিছে সি৷

– হোৱাট হেপ্পেনড্ য়াং বয়? মাই ড্ৰিমছ লাইজ ৱীদিন ইউ মাই চাইল্ড৷
মে’ আই আস্ক ইউ টু মেক ইট ৰিয়েলিটি ফৰ আৱাৰ নেক্সট জেনেৰেচন? – থমাছ ম’ৰৰ দুচকুৱে
তাক প্ৰশ্ন কৰিলে৷

তাৰ দুচকুৱে বিশ্বাস-অবিশ্বাসৰ দোমোজাত থমাছ ম’ৰলৈ চালে৷ এয়া যে
তাৰ বাবে গধুৰ দায়িত্ব৷ পাৰিবনে সি? পাৰিবনে তাৰ লগতে আন দহজনৰ সপোনবোৰক ন্যায়
দিব? এখন সুখী, সমতাৰ পৃথিৱী, যিখন পৃথিৱীৰ সপোনে তাক বুজা হোৱাৰপৰা খেদি ফুৰিছে!
ভগনীয়া হৈ বাটৰ কাষত জুপুৰী সাজি থকা মাক-দেউতাকলৈ পুনৰ মনত পৰিল তাৰ৷
তেওঁলোকৰ সপোনবোৰ, থমাছ ম’ৰৰ সপোনবোৰ আৰু বাছখনৰ মৃতদেহবোৰৰ সপোনবোৰ! সকলোৰে
সপোনবোৰ যেন একেডাল জৰীৰে বান্ধ খাই তাক মেৰিয়াই ধৰিলেহি! সি যেন প্ৰতিনিধি সেই
সপোনবোৰৰ!

সম্ভৱপৰ হয়নে? নে ভ্ৰমজাল এখনৰ দৰেই এই কথাবোৰ! পাৰিবনে সি! তাৰ
প্ৰতি থকা এই আস্থাক ন্যায় দিব পাৰিবনে সি? অজস্ৰ বিক্ষিপ্ত প্ৰশ্নই আহি তাক
কোঁকোৰাৰ দৰে চেপি ধৰিলেহি৷ তাৰ দুচকুৰে সৰসৰাই পানী বাগৰিছে৷ অথচ সি নিশ্চিত, সি
কন্দা নাই৷

দুচকুৰ অস্পষ্টতাক মোহাৰি লৈ সি দেখিলে এখন সুদৃশ্য লোহাৰ গেটৰ
ভিতৰেদি বাছখন সোমাই গৈছে৷ যিমানে আগবাঢ়িছে সিমানে জুইৰ লেলিহান শিখাবোৰ
বেছিকৈ উজ্জ্বল হৈ তাৰ চকুত ধৰা দিছে৷ জুইৰ আগবোৰ ফিৰিঙতি হৈ উৰিছে আৰু বতাহত হালি
জালি নাচিছে৷ বাছখনৰ গতিবেগ ক্ৰমান্বয়ে মন্থৰ হৈছে৷ হয়তো এয়াই শেষ আৰু নিগাজী
ঠিকনা৷ এটা অদ্ভূত বিষাদ আৰু ক্ষোভমিশ্ৰিত গোন্ধ তাৰ নাকত লাগিলহি৷ পুৰি গৈছে তাৰ
নসিকানলী৷ সি নাকটো চেপা মাৰি ধৰিলে৷ নোৱাৰি …নোৱাৰি! এই উশাহ সহজ নহয়৷

লাহে লাহে তাৰ
দুচকু জাপ খাই আহিল … কেতিয়াও নোহোৱা এক অৱসাদে তাক নিশ্চল কৰি পেলাব যেন!
অম্লানৰ দেহটো যেন ক্ৰমাৎ সংকুচিত হৈ পৰিছে! থমাছ ম’ৰৰ মৃতদেহটোৰ কান্ধত মূৰটো
পেলাই দিলে সি৷ অৱশ, অস্পষ্ট দৃষ্টিৰে সি কেৱল দেখিলে চৌপাশৰ বতাহত ওপঙি আছে …

সপোন পোৰাৰ গোন্ধ

অধিকাৰ পোৰাৰ গোন্ধ

মৃতদেহ পোৰাৰ গোন্ধ

 

ঠিকনা :

গুৱাহাটী

ভ্ৰাম্যভাষ
 ৯৮৫৪০৮৫৭২০