হেৰোৱা বহাগৰ বা

পদ্মজা বৰুৱা মহন



বগৰীটিং আৰু চটৌখোৱা –
দুয়োখন গাঁৱৰ মাজৰ আকাশখিনিত বুৰ যাব খোজা হেঙুলীয়া বেলি
, মাজে
মাজে জুৰকৈ বলা শীতল এছাটি বতাহ
, বতাহত তগৰ ফুলৰ মৃদু
সুৱাস
, ওচৰৰ কাৰোবাৰ ঘৰৰ পৰা ভাহি অহা ঢোল-তালৰ অমিল ছন্দ (সম্ভৱতঃ
কোনো সৰু ল’ৰাই বজাইছে) সকলো সামৰি বহাগৰ আবেলিটোত আমি বহি আছোঁ বিনোৱাজান নামৰ
সৰু জানটোৰ পাৰত৷ আমি মানে ভাইটোৰ (যি কৰ্মসূত্ৰে বৰ্তমান গুৱাহাটীৰ বাসিন্দা) সৰু
ছোৱালী জাচিংফা আৰু মই৷ বিহুৰ ছুটীত গাঁৱৰ ঘৰলৈ অহা জাচিংফাৰ আগ্ৰহ আমাৰ গাঁওখন
এপাক ফুৰে
, চায়৷ তাইৰ লগতে খোজ কাঢ়ি ঘৰৰ পৰা অনতিদূ্ৰৰ বিনোৱাজান
পালোঁহি৷ জানটোৰ আগৰ চেহেৰা নাই৷ একেৰাঙীকৈ বৈ থকা নিৰিবিলি জানটোৰ বুকুত এতিয়া
সৰু বৰ অলেখ পুখুৰী খান্দিছে মানুহে৷ পানীও শুকাই তলি ওলাই পৰিছে৷
 

   তাৰ
পিছত কোৱানা আপাদেউ… তাৰ পিছত কি হ’ল কোৱাঁ আকৌ… কণমানি জাচিংফাই গাত ধৰি
জোকাৰি দিয়াত মোৰ সম্বিত ঘূৰি আহিল৷
 

এখন হাতেৰে জাচিংফাক
ওচৰ চপাই মই আৰম্ভ কৰিলোঁ কিছুদেৰিৰ আগতে আৰম্ভ কৰা কাহিনীটোৰ পিছৰছোৱা….

 তাৰ
পাছত…

ধক্‌ ধক্

দুৱাৰত  ধক্‌ ধক্‌কৈ ঢকিওৱা শব্দ শুনি বিনু নামৰ গাভৰুগৰাকীয়ে
দুৱাৰখন খুলি দেখে সমুখত এজন প্ৰকাণ্ড হৃষ্ট-পুষ্ট ওখ-পাখ পাহোৱাল মানুহ৷ গলগলীয়া
মাতেৰে তেওঁ ক’লে
, মই তুংখুঙীয়া ফৈদৰ কোঁৱৰ লাঙি গদাপাণি৷ লালুকসোলাৰ চিপাহীৰ
ভয়ত পলাই ফুৰিছোঁ৷ ভোক আৰু ভাগৰে বৰকৈ জুৰুলা কৰিছে৷ পানী এবাটি পামনে…

বিনুৱে দুৱাৰ খুলি
তেওঁক সোমাবলৈ দিলে
, যথাযোগ্য সন্মানেৰে হাত-মুখ ধুবলৈ পানী, বহিবলৈ
তামূলী পীৰা যতনাই দিলে৷

বিনুৰ ঘৰৰ কাষেৰে বৈ
যোৱা জানটোৰ শীতল পানী পি দেহা শীতলোৱাৰ উপৰিও বিনুৰ ঘৰত সেইদিনা লাঙি গদাপাণিয়ে
এটৌ এটৌ কৈ ছয়টৌ চাউলৰ ভাত খালে৷
 

  ছয়
টৌ …! জাচি‌ফাৰ চকুত অপাৰ বিস্ময়৷

 ছয় টৌ৷

খাই বৈ অঁটাই কিছুপৰ
জিৰাই-শঁতাই যাবৰ সময়ত তেওঁ বিনু আৰু পিতাকক ওচৰলৈ মাতি ক’লে
, তোমালোকৰ
আদৰ-সাদৰ আৰু সেৱা-শুশ্ৰূষাত মই অতিকৈ মুগ্ধ হৈছোঁ৷ কিন্তু তাৰ বিনিময়ত মই এতিয়া
একোকে দি যাব নোৱাৰিম৷ কিয়নো বৰ্তমান মই নিজে চাউদাঙৰ ভয়ত পলাই ফুৰা এজন পলৰীয়া
মানুহ৷ গতিকে এটা পৰামৰ্শকে দি যাওঁ৷ তোমালোকৰ ঘৰৰ কাষৰ এই মিঠা পানীৰ জানটোৰ নাম
এই গাভৰুৰ নামেৰে বিনুজান হওক আৰু গাঁওখনৰ নাম হওক চটৌখোৱা৷
 

  সেই
তেতিয়াৰ পৰাই জানটোৰ নাম হ’ল …

   বিনুজান’ ন আপা…

মোৰ মুখৰ কথা কাঢ়ি কৈ
উঠিল তাই৷

   বিনুজান৷
পিছলৈ মানুহৰ মুখত পৰি বিনোৱাজান৷’

   ইমান ধুনীয়া কাহিনী..
সঁচা কাহিনী…
?’

   অঁ সঁচাতো, সঁচা
চাগৈ…৷ আৰু কত কাহিনী আছে…।’

এনেকুৱা আৰু কাহিনী
আছে… !’ কৌতূহলত তিৰবিৰাই উঠিল জাচিংফাৰ দুচকু৷

– ‘আৰু কাহিনী জানা তুমি, জানা
নে! মোক ক’বা…! ক’বই লাগিব…’

আবদাৰ ধৰিলে তাই৷ এই
এধানমান ছোৱালীজনী বৰ কৌতূহলী৷ যিকোনো কথা এটা জানিব খুজিলে জানিবলৈ পাবই লাগিব৷
শুনেও বৰ আগ্ৰহেৰে৷

  ঠিক
আছে ক’ম৷গধূলিকে ক’ম৷’ – মই ক’লোঁ৷

  ক’ব লাগিব কিন্তু৷ মই
তেনেহ’লে এতিয়া জানটো অলপ আগৰ পৰা চাই আহোঁগৈ …।’

   ঠিক আছে যোৱাঁ…।’

মই সন্মতি দিয়াৰ লগে
লগে বনফৰিঙৰ দৰে তাই জঁপিয়াই জঁপিয়াই আগ বাঢ়ি গ’ল জানটোৰ কাষে কাষে৷

আৰু মই জুকিয়াবলৈ
আৰম্ভ কৰিলোঁ দ্বিতীয়টো কাহিনী…
 

 

কেতিয়াৰ কাহিনী
এয়া…!

বাইছ নে পঁচিছ? নহয়
প্ৰায় ডেৰকুৰি বছৰ আগৰ…।

 

টক্ টক্

গভীৰ নিশা দুৱাৰ
ঢকিওৱা শুনি উচপ খাই উঠি বিছনাতে বহিল অনুৰ লগতে মাক৷ ইমান নিশা কোন আহিব পাৰে৷
ঘৰত বাপেকো নাই
, মুগা চোমনিত আছেগৈ৷ অকণমান ভায়েকটো টোপনিত৷

টক্ টক্

আকৌ দুৱাৰত ঢকিওৱাৰ
শব্দ৷ এইবাৰ অনুৰ লগতে মাকো বিছনাতে উঠি বহিল৷ এন্ধাৰতে ইজনীয়ে সিজনীৰ মুখলৈ চালে৷

কোন হ’ব পাৰে এই
মাজনিশা…!

মইহে, অৰুণ৷ দুৱাৰখন
খোলচোন খুৰীদেউ৷’
 

অৰুণ সিটো চুবুৰীৰ, সিহঁতৰ
পৰিয়ালৰে ল’ৰা৷ তাৰ মাতষাৰ শুনিহে দুইজনীয়ে সকাহ পালে৷ লৰালৰিকৈ গাৰুৰ তলৰ পৰা
জুইশলাটো উলিয়াই শিতানৰ মূৰত থকা টিপচাকিটো জ্বলাই মাকে অনুলৈ চালে৷ অনুৰো
চকুৱে-মুখে চিন্তাৰ ৰেখ৷ এই অৰুণটো যোৱা দুবছৰ মানৰপৰা ঘৰত নাথাকে বুলি শুনিছে৷
কোনোবা সংগঠনত সোমাল বোলে৷ কিবা হেনো যুদ্ধ কৰে৷ এই ৰাতিখন অনুহঁতৰ ঘৰলৈ কিয়বা
আহিছে…।
 

খুৰীদেউ, খোল
আকৌ দুৱাৰখন৷ আমি বেছি দেৰি কৰিব নোৱাৰিম৷’

অধৈৰ্য হৈ কোৱা অৰুণৰ
কথাত অনুহঁত ভয়তে টেপেচা খাই ৰ’ল৷ কি কৰে এতিয়া…!

দুৱাৰখন খুলিলে বা কি
কৰে…!

আৰু নুখুলিলে বা কি
কৰে…!

খুৰীদেউ… ক্ৰমান্বয়ে
কঠোৰ হৈ পৰা অৰুণৰ চেপা মাত আৰু দুৱাৰত পৰা অধৈৰ্য হাতৰ ঢকাত যি হয় হওক বুলি অনুৱে
বিছনাৰ পৰা নামি গৈ দুৱাৰখন খুলিয়েই চঁক খাই উঠিল৷ টিপচাকিৰ পোহৰত তাই দেখিলে
অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ অহা অৰুণ
, কাষত আৰু এজন পাহোৱাল
ডেকা৷

 ভয়-শংকা, বিস্ময় মিহলি অনুৰ চকু মুখ দেখি
চেপা মাতেৰে ক’লে অৰুণে-

ভয় কৰিব নেলাগে৷ ই
লাচিত৷ আমাৰ সংগঠনৰ সদস্য৷ আমি এফালে যোৱাৰ কথা আছিল৷ কিন্তু ইয়াৰ ভৰিখনৰ আঘাতটোৰ
বাবে আমাৰ লগত যাব নোৱাৰিব৷’

 

অৰুণৰ কথাত যুৱকৰ
ভৰিলৈ চাই উচপ খাই উঠিল অনু৷ তেওঁৰ সোঁভৰিত এটা ডাঙৰ বেণ্ডেজ৷ বেণ্ডেজৰ ওপৰেদি তেজ
বিৰিঙি আছে৷

গুলী লাগিছিল ভৰিত৷
গুলীটো উলিয়াইছে যদিও ঘাডোখৰ ভালদৰে শুকোৱা নাই৷ আজি খোজ কাঢ়ি দিয়াত বিষ বেছি
হৈছে৷ সেয়ে দুদিনমান ইয়াতে থাকক৷ অনু
, দুদিন ইয়াক চোৱাচিতা
কৰিব পাৰিবিনে৷ আৰ্মী পুলিচৰ তালাচী অলপ কমিলেই ইয়াক লৈ যাম…।’
 

অৰুণৰ কথাত মাকৰ লগতে
অনুৰো মুখ শুকাই টেমি যেন হ’ল৷ হাঁ না একো ক’ব নোৱাৰি দুইজনীয়ে ভয়তে থৰথৰকে
কঁপিবলৈ ধৰিলে৷
 

ইয়াতেহে পালিগৈনে
বাবা… বেলেগ ক’ৰবাত… অনুৰ মাকে কোনোমতে ক’ব খুজিছিলহে কথাষাৰ
, কান্ধৰ
পৰা টেবুলত থোৱা দীঘল বন্দুকটো দেখি মুখৰ কথা মুখতে হেৰাল৷
 

অনুৱেও প্ৰতিবাদ কৰি
কিবা এষাৰ ক’বলৈ লৈছিল কিন্তু অৰুণৰ অনুৰোধৰ লগতে আদেশ মিহলি কথা আৰু আঘাতপ্ৰাপ্ত
যুৱকৰ চকুহাললৈ লক্ষ্য কৰি মূৰ দুপিয়াই সন্মতি দিবলৈ বাধ্য হ’ল৷
 

অনুৰ সন্মতি পোৱাৰ লগে
লগে অৰুণ উঠিল
, লাচিতৰ কান্ধত হাত থপৰিয়াই বিদায় ল’লে আৰু দুই তিনিদিনৰ
ভিতৰতে তাক লৈ যোৱাৰ প্ৰতিশ্ৰুতি দি বাহিৰৰ এন্ধাৰৰ সৈতে মিলি গ’ল৷
 

মাক-জীয়েকে মিলি
সিহঁতৰ চ’ৰাঘৰ আৰু বৰঘৰৰ মাজৰ চালিখনত থকা আচুতীয়া বিছনাখনকে ডেকাজনৰ বাবে ঠিক কৰি
দিলে৷ ভৰি ধুবলৈ বুলি যতনাই দিলে গৰম পানী৷
 

তাৰ পাছত… দুদিনৰ
আশ্ৰয় বিচাৰি অহা সেই ডেকাজন সম্পূৰ্ণ এসপ্তাহ থাকিল অনুহঁতৰ ঘৰত৷ বাহিৰৰ কোনো
দেও-মনিচেও গম নোপোৱাকৈ আলপৈচান ধৰি তাহাঁতে সুস্থ কৰি তুলিলে তেওঁক৷ ভৰিৰ ঘাডোখৰ
নিতৌ গৰম পানীত নিমখ দি ধুওৱা
, বিনোৱাজানত জাকৈ মাৰি
ধৰি অনা শিঙি মাছৰ লগত ভেদাইলতা
, মচন্দৰী আদি দি জোল
ৰান্ধি খুওৱা আদি কৰি একান্তই আপোন মানুহক কৰাদি শুশ্ৰূষা কৰিলে তেওঁক৷
 

বৰ তেলাল মাছ৷ সদায়
মাছৰ আঞ্জা খুৱাবলৈ ক’ত পোৱাঁ মাছবোৰ…
 ?’-পাঁচ নম্বৰ দিনা
দুপৰীয়া ভাতৰ পাতত বহি মাছৰ আঞ্জাখনলৈ চাই সুধিলে যুৱকে৷
 

জানৰ মাছ৷ বিনোৱাজানৰ৷
সৌখিনিতে আছে৷’- পানীৰ ঘটিটো ওচৰলৈ দি ক’লে অনুৱে৷

হয় নেকি৷মই আকৌ বিলৰ মাছ
বুলি ভাবিছিলোঁ৷’

বিলো আছে৷ বৰচলং৷ তাতো
ঢেৰ মাছ পোৱা যায়৷ পিছে তালৈ বৰকৈ যোৱা নহয় মাছ মাৰিবলৈ৷’

কিয়৷ বিনোৱাজানৰ মাছ
খাবলৈ বেছি ভাল নেকি…
? কোৱাঁচোন জানটোৰ কথা…।

তেতিয়ালৈ গভীৰ চকুৰ
গৰাকী যুৱকৰ লগত সহজ হৈ পৰিছে অনু৷ সৰু ভায়েকটোৰ লগতো তেওঁ বন্ধুত্ব গঢ়ি তুলিছে
ইতিমধ্যে৷

তাই যুৱকৰ আগত কৈ গ’ল
বিনুজানৰ কাহিনী৷

তেওঁ একান্তমনে শুনি
গ’ল৷

কাহিনী কোৱা শেষ কৰি
হঠাৎ চোন তেওঁৰ চকুত চকু পৰি কোঁচমোচ খাই পৰিল অনু৷ একেথৰে তাইলৈ চাই ৰোৱা এইযোৰ
চকু দেখোন সেই প্ৰথম দেখা গহীন-গম্ভীৰ চকুযোৰ নহয়৷ তাৰ ঠাইত এইযোৰ চকুত যেন মিহলি
হৈ আছে অদ্ভুত এক মৰম কোমল ভাব৷ যুৱকৰ মৰম-মধুৰ চাৱনিত তাইৰ গাভৰু মনটো লাজে হেঁচা
মাৰি ধৰিলে৷

ভাত চেঁচা হ’ব খাওক।’
বুলি লৰালৰিকৈ ভিতৰলৈ সোমাই গ’ল অনু৷
 

অনুৰ যত্ন আৰু
পৰিচৰ্যাত খুউব সোনকালেই যুৱকৰ ঘাডোখৰ শুকাই আহিল৷ তেওঁৰ অনুৰ ঘৰৰ পৰা বিদায় লোৱাৰ
সময় সমাগত হৈ আহিল৷

জানানে অনু, মন
গৈছে তুমি ৰন্ধা ভাত-আঞ্জা খাই
, তোমাৰ আদৰ-আপডালত
তোমাৰ লগতে চিৰদিনৰ বাবে থাকি যাওঁ৷’

থাকি যাওক আক’৷
ঘৰ-দুৱাৰ এৰি হাবিয়ে হাবিয়ে কষ্ট খাই ঘূৰি ফুৰাতকৈ…।’

সঁচাই অনু৷ এইকেইদিন
তুমি মোক যিধৰণে পৰিচৰ্যা কৰিলা
, মোক সুস্থ কৰি তুলিলা, তাৰ
ধাৰ হয়তো মই কেতিয়াও সুজিব নোৱাৰিম৷ আগৰ কালৰ ঋষি-মুনিৰ দৰে হোৱা হ’লে হয়তো তোমাক
কি বৰ লাগে কোৱাঁ বুলি ক’লোহেতেন৷ কিন্তু মই হ’লো সাধাৰণ মনুষ্য৷ সেনাৰ ভয়ত
হাবিয়ে-হুচঙে ঘূৰি ফুৰা নিষিদ্ধ দলৰ সদস্য৷’

বাৰু বৰ দিব নেলাগে৷
কিন্তু কথা এটা দিব পাৰিলেহেঁতেন…।’

কথা…? কি
কথা কোৱাঁচোন অনু….!

অস্ত্ৰ-শস্ত্ৰ লৈ
হিংসাৰ পথেৰে কেতিয়াও শান্তি-স্বাধীনতা ঘূৰাই আনিব নোৱাৰি৷ হিংসাৰ বাহিৰেও অন্য
বহু পথ নাইনে শান্তি-স্বাধীনতাৰ বাবে…! পাৰে যদি হাতৰ অস্ত্ৰ দলিয়াই দিয়ক আৰু
মূলসুঁতিলৈ ঘূৰি আহক৷ মুকলি আকাশৰ তলত স্বচ্ছন্দভাৱে জীয়াই থাকি দেশৰ বাবে কাম
কৰিবলৈ জানো আপোনালোকৰ মন নাযায়….!’

তেনেই কম কথা কোৱা
অনুৱে চকুত চকু থৈ সলসলীয়াকৈ কোৱা কথাকেইষাৰত বাকৰুদ্ধ হৈ পৰিল যুৱক৷ নিশ্চুপভাৱে
অনুৰ চকুত চকু থৈ বহুপৰ চাই ৰ’ল তেওঁ৷ তেওঁৰ মৌনতাত অতিশয় ভয় খাই উঠা অনুৱে
নক’বলগীয়া কিবা কোৱা বুলি ভাবি লৰালৰিকৈ উঠি শোৱাঘৰত সোমালগৈ৷

সেইদিনা, আৰু
তাৰ পাছদিনাও দিনটো নিৰৱে থাকিল যুৱক৷

ৰাতিলৈ অৰুণ ওলালহি৷

আৰ্মী-পুলিচৰ তালাচী
অলপ কমিছে৷ এই চেগতে আমি যাওঁ ব’ল৷’

সিদিনাৰ দৰেই খৰধৰকৈ
ক’লেহি সি৷

যুৱকৰ যি দুই এপদ
সামগ্ৰী আছিল লৰালৰিকৈ সামৰি-সুতৰি সিহঁত যাবলৈ ওলাল৷ অনুৱে তেওঁৰ হাতত তুলি দিলে
নিজহাতে বোৱা এখন ফুলাম গামোচা৷

অনুৰ কান্ধত হাত থ’লে
অৰুণে৷

অনু, তোক
কি বুলি ধন্যবাদ জনাওঁ৷ দুদিনৰ বাবে অহা আলহীক এসপ্তাহ দিন ৰাখি সেৱা শুশ্ৰূষা কৰি
যি মানৱীয়তাৰ পৰিচয় দিলি সেয়া সদায় মনত থাকিব আমাৰ৷ কুশলে থাকিবিহঁক৷ যাওঁ৷’

ওলাই গ’ল সি৷ পিছে
পিছে যুৱক৷
 

কিন্তু দুখোজমান গৈয়েই
পুনৰ ঘূৰি আহিল তেওঁ৷ অনুৰ কাষত থিয় হৈ লাহেকৈ ক’লে-

  বিদায়
পৰত তোমাক দি যাবলৈ মোৰ একোৱেই নাই অনু৷ কিন্তু তুমি কোৱা কথাবোৰ মনত ৰাখিছোঁ আৰু
মোৰ অন্তৰৰ পৰা প্ৰতিশ্ৰুতি দিছোঁ তোমাক
, ইয়াৰ পৰা গৈয়েই হাই
কমাণ্ডৰ আগত মূলসুঁতিলৈ ঘূৰি অহাৰ কথা ক’ম আৰু সম্ভৱ হ’লে অহা বহাগতে ঘূৰি আহিম৷
তুমি মোলৈ ৰ’বানে অনু…!’

কি কয় এতিয়া অনুৱে…

কি কয় তাই..! 

লাচিত, দেৰি
নকৰ৷ আহ…।’ নঙলা মুখৰ পৰা অৰুণৰ মাত৷

অনু…!’-যুৱকৰ মাত
গধুৰ
, প্ৰশ্নবোধক৷

অনুৱে একো নামাতিলে৷
মাথোঁ এন্ধাৰতে মূৰ দুপিয়ালে৷

মোলৈ ৰৈ থাকিবা অনু৷
তোমাৰ শপত
, অহা বহাগতে মই ঘূৰি আহিম মুকলি আকাশৰ তললৈ…আৰু তোমাৰ লগত
আৰম্ভ কৰিম এক নতুন যাত্ৰা৷’

কথাষাৰ শেষ হোৱাৰ
পিছতেই যুৱক মিলি গ’ল এন্ধাৰৰ বুকুত৷

অনু ৰৈ থাকিল৷

 

ৰৈ থাকিলা যে… ? আহাঁ আক’…!’

হুম্… জাচিংফাৰ
চিঞৰত মই থতমত খাই আকৌ আগ বাঢ়িলোঁ৷

তাইৰ ফুৰি হৈ গ’ল৷
এতিয়া ঘৰলৈ যায়৷ ইটো কাহিনী গধূলি শুনিব৷

কথাবোৰ ভাবি ভাবি মোৰ
খোজবোৰ ৰৈ গৈছিল৷ সেয়ে চিঞৰিছে তাই৷

 

 অনুও ৰৈ আছিল৷ সেই যুৱকলৈ৷ বহাগতে ঘূৰি আহিম বুলি কথা দি
যোৱা যুৱকলৈ৷

বহুদিনৰ অপেক্ষাৰ অন্ত
পেলাই যুৱক ঘূৰি আহিছিল৷

যুৱক ঘূৰি আহিছিল এটা
খবৰ হৈ৷

খবৰটো এনেকুৱা…

ভূটান সীমান্তৰ পৰা
ঘূৰি অহাৰ পথত কোনোবা মানুহৰ এঘৰত আশ্ৰয় লৈ থকা অৱস্থাত সেনাৰ সৈতে হোৱা সংঘৰ্ষত
লাচিত অসম নামৰ আলফা কেডাৰজনৰ মৃত্যু হৈছে৷’

গুলীৰে থকাসৰকা কৰি
পেলোৱা হৈছিল তেওঁৰ দেহটো৷

আত্মসমৰ্পণৰ বাবে
বহুবাৰ চিঞৰাৰ সত্ত্বেও তেওঁক সুবিধা দিয়া হোৱা নাছিল৷ গুলীৰে ছিৰাছিৰ কৰি পেলোৱা
হৈছিল৷

মোৰ চকুৰ পৰা দুটোপাল
চকুলো ওলাই মাটিত পৰিল৷ জানৰ কাষৰ শুকান মাটিয়ে চকুপানী টোপাল শুহি ল’লে৷
 

জাচিংফাক ক’বলৈ এইটো
বৰ ধুনীয়া কাহিনী হ’লহেঁতেন৷ কিন্তু মই ঠিক কৰিলোঁ এইটো কাহিনী মই তাইক নুশুনাওঁ৷

এইটো কাহিনীৰ নায়িকা
অনুৱেই যে আজি কাহিনী শুনাই থকা তাইৰ দেউতাকৰ বায়েক এপায়েকজনী কেনেকৈ ক’ম….!

সাতদিনৰ আলহী হোৱা সেই
যুৱকৰ প্ৰেমত বন্দী তাইৰ এপায়েকে যে বহুত ভাল ভাল দৰা পায়ো বিয়া-বাৰু নোহোৱাকৈ
সাধাৰণ নাৰ্ছৰ চাকৰিটোকে জীৱিকাৰ অৱলম্বন হিচাপে লৈ আবিয়ৈ হৈ থাকি গ’ল সেয়াও
কেনেকৈ ক’ম…!
  

থাকক৷

কত কাহিনী এনেকৈ ঘটি
থাকে
, পৰি থাকে, শেষত কালৰ বুকুত জহি
পমি নাইকিয়া হৈ থাকে৷ এইটো কাহিনীও থাকক…

দূৰৰ পথাৰৰ ফালৰ পৰা
ভাহি আহিল কোনোবাই সাঁজপানীৰ ৰাগীত চিঞৰি গোৱা বিহুনামৰ কলি
 

কিনো খাই পাহৰিম তোকে
ঐ লাহৰী

কিনো খাই পাহৰিম তোক

মিচিমি আহিব বৰেবিহ
আনিব

তাকে খাই পাহৰিম
তোক…।’

এৰা…!

কিছুমান কথা বৰবিহ
খায়ো পাহৰিব নোৱাৰি৷

 

পখিলাৰ চঞ্চলতাৰে
জাচিংফা আগবাঢ়ি গৈ থাকিল৷

এই পৃথিৱীত কোননো কালৈ
ৰৈ থাকে…! কোনো ৰৈ নাথাকে
, সকলো গৈ থাকে সকলো গৈ
থাকে…।

সময়ো গৈ থাকে, কাহিনীবোৰ
পুৰণি হৈ গৈ থাকে৷
 

ময়ো লাহে লাহে
আগবাঢ়িলোঁ…

 

~●●~

 

ঠিকনা :

পদ্মজা বৰুৱা মহন

লাইছেং গাঁও, দিচাংপানী

চৰাইদেউ, অসম-৭৮৫৬৮৯

ভ্ৰাম্যভাষ – ৮৬৩৮৩৮৩৯২৫