চৰাইজনী উৰি যোৱাৰ পাছত

 নিংকু নিশা নেওগ

 

শেষ বসন্তৰ সময়৷
বতৰটো গোমা৷ এজাক মুষলধাৰ বৰষুণ এই আহোঁ এই আহোঁ৷ আকাশত কফিৰ কাপৰ ওপৰত উঠা ফেনখিনিৰ
দৰে ওফন্দি উঠা ডাৱৰ৷ কিন্তু কজলা৷ মই পল্টন বজাৰ বাছষ্টেণ্ডত অকলে ৰৈ আছোঁ৷ মোৰ ওচৰে-পাজৰে
বিভিন্ন ঠাইলৈ যাবলৈ ওলাই অহা যাত্ৰীৰ উথপথপ৷ কোনোবাই ট্ৰলি চোচোঁৰাইছে, কোনোবাই খৰ
গতিৰে মোৰ কাষেৰেই পাৰ হৈ গৈছে, কোনোবাটো কান্দি থকা কেঁচুৱাক মাকে চিপচ্ এপেকেট দি
হ’লেও চুপ কৰোৱাৰ চেষ্টা কৰিছে, দুজনমানে ৰাস্তাৰ কাষৰ দোকানৰ পৰা গৰম গৰম গাখীৰ চাহত
কমদামী ড্ৰাইকে
ক এটুকুৰা তিয়াই তিয়াই চাহৰ জুতি লৈছে৷ এই সময়ত একাপ গাখীৰ চাহৰ প্ৰয়োজন
ময়ো অনুভৱ নকৰা নহয়৷ কিন্তু বাছলৈ অপেক্ষা, বেয়া বতৰ আৰু মোৰ স্থান-কালৰ বিচাৰ নোহোৱাকৈ
উঠা অহেতুক খংটোৰ কাৰণে মোৰ অলপো লৰচৰ কৰিবলৈ মন যোৱা নাই৷ মই ওন্দোলাই অহা ডাৱৰৰ দৰেই
খঙত মুখ ফুলাই থিয় দি আছোঁ৷

“মঙলদৈ” “তেজপুৰ”
“বাইহাটা” বুলি অনৰ্গল চিঞৰি চিঞৰি যাত্ৰী উঠাই থকা হেণ্ডিমেনকেইটালৈ চালোঁ৷ সিহঁতে
বাছৰ গোটেইবোৰ ছিট ভৰ্তি কৰি যাত্ৰী উঠাই লৈছে৷ তাৰ পাছতো সিহঁতে গোটেইখন গাড়ী খালী
হৈ থকাই দেখিছে৷ দুই এজন যাত্ৰীয়ে হেণ্ডিমেনৰ কথা মতে বাছত উঠি ছিট নাপাই গালি পাৰি
পাৰি অসন্তোষ মনেৰে নামিও আহিছে৷ কোনোবাজনে উপায়হীন হৈ কষ্টে-মস্তে তেনেকৈয়ে উঠি লৈছে৷
সোনকালে ঘৰ পাবগৈ লাগে৷ সকলোৰে একেই লক্ষ্য৷ নিৰ্দিষ্ট সময়ত ঘৰ পাবগৈ লাগে সকলোকে৷
ময়োতো ঘৰ পাবগৈ লাগে৷ একেবাৰে নিজা নহ’লেও অন্ততঃ নিজৰ বুলি ক’ব পৰা হ’লেও ঘৰ এখন পাবগৈ
লাগে৷

  “বাইদেউ, ক’লৈ যাব
আপুনি? অথনিৰ পৰা ৰৈ আছে৷ কোনোবা আহিব নেকি? এইখনেই তেজপুৰলৈ শেষ বাছ৷”

মোক বাৰে বাৰে ঘড়ীটোলৈ
চাই চাই ৰৈ থকা দেখিয়েই কম বয়সীয়া হেণ্ডিমেন ল’ৰাটোৱে সুধিলেহি৷ সি এতিয়ালৈকে মই ক’লৈ
যাম বুলি চাৰিবাৰ সুধিলে৷ মই প্ৰতিবাৰেই তাক “এফালে যাম ৰ’বা” বুলি বিমুখ কৰি আতঁৰাই
পঠাইছিলোঁ৷ কিন্তু এইবাৰ তাক উত্তৰ দিবলৈ মই বাধ্য হ’লোঁ৷ কাৰণ মেঘৰ কণাবোৰে ডাঙৰ ডাঙৰ
পানীৰ টোপাল হৈ হুৰহুৰাই নামি আহিবলৈ ধৰিছে৷ ল’ৰাটোৱে দেখুৱাই দিয়ামতেই মই লৰ মাৰি যোৱাদি
গৈ তেজপুৰ অভিমুখী শেষ বাছখনত উঠিলোঁহি৷ বাছত ছিট নায়েই৷ একেবাৰে শেষৰ ফালে এটা ছিট
আছে৷ তাত তিনি বছৰীয়া কণমানি এটাক মাকে বহুৱাই থৈছে৷ হয়তো মাকে ভাবিছে কোনো বহিবলৈ
নাহিলে তাক কোলাত বহুৱাই নিয়াতকৈ ছিটটোতে বহুৱাই নিব পাৰিব৷ কিন্তু হেণ্ডিমেন ল’ৰাটোৱে
কণমানিটোৰ মাকক এক্সট্ৰা ছিট ল’লে বেলেগে ভাড়া দিব লাগিব বুলি কোৱাত মাকে তাক কোলাত
বহুৱাই ল’লে৷

  “বাইদেউ বহক৷ অথনিতে
তেজপুৰ যাব বুলি মোক কৈ থোৱাহ
লে মই আপোনালৈ ছিট ৰাখি থ’লোঁহেতেন৷

 হেণ্ডিমেন ল’ৰাটোৱে যেন মোক বুজাই থৈহে গ’ল
কিবা কাম কৰিবলৈ মানুহৰ যে স্থিৰতা থাকিব লাগে৷ লক্ষ্যহীন অস্থিৰ জীৱন অসাৰ৷

   “একো নহয় ভাইটি৷ এনেকৈয়ে
ঠিক আছে৷ মই তেজপুৰলৈ নহয়, ওৰাঙলৈ যাম৷”

মই তাক লাহেকৈ কৈ
আতঁৰাই পঠালোঁ৷ লাহে লাহে বৰষুণৰ তীব্ৰতা বাঢ়ি আহিল৷ বাছখন পল্টন বজাৰ বাছষ্টেণ্ডৰ
পৰা ওলাবলৈ লওঁতেই হুৰমূৰকৈ এজাক আধাতিতা মানুহ দৌৰা-দৌৰিকৈ আহি বাছখন ভৰ্তি কৰি পেলালেহি৷
ঘাম আৰু আধাতিতা কাপোৰৰ পৰা ওলোৱা এটা বিকৃত গোন্ধে বাছখন যেন গিলি পেলালে৷ বাছৰ খিৰিকিবোৰো
খুলিব নোৱাৰি৷ বৰষুণে আহি তিয়াই পেলাইহি৷ মোৰ উশাহ ল’বলৈকে কষ্ট লাগিল৷ এনেও মোৰ বন্ধ
ঠাই আৰু মানুহৰ ভিৰত ছফ’কেচনৰ প্ৰব্লেম আছে৷ বন্ধ খিৰিকিত ওলমি থকা বৰষুণৰ কণা আৰু
বৰষুণে ধুঁৱলি-কুঁৱলি কৰি তোলা বাছৰ বাহিৰলৈ মই উৎকণ্ঠাৰে চাই থাকিলোঁ৷

অঞ্জন নাহিল৷ মই
জানোৱেই সি নাহে৷ কিন্তু মইনো ক’লৈ আহিছোঁ সেয়াওতো তাক কৈ অহা নাই৷ তথাপি মোৰ অন্তৰখনকহে
মই বুজাব পৰা নাই৷ বাছখন শৰাইঘাট ব্ৰীজ পোৱালৈকে মই বাহিৰলৈকে জুমি জুমি বৰষুণৰ মাজেৰেই
চাই আহিলোঁ জানোচা ক’ৰবাত অঞ্জন ৰৈ থাকেহিয়েই৷ নতুবা ক’ৰবাত কিজানি সি গাড়ীখন পাৰ্ক কৰি বৰষুণৰ
মাজতেই মোক যেনি তেনি বিচাৰি ফুৰিছে৷ পিছে সি ক’তো ৰৈ থকা নাছিল৷ ব্ৰীজ পোৱালৈকে বাছৰ
ভিতৰত গোট খোৱা ঘাম আৰু গুটখাৰ মিশ্ৰিত গোন্ধ আৰু প্ৰচণ্ড হতাশাই সম্ভৱতঃ মোৰ মুখখন লাহে লাহে
শেঁতা কৰি তুলিছিল৷

মোৰ কাষৰ ছিটত বহা
কণমানিটোৱে হঠাতে বিকট চিঞৰ মাৰি কান্দিবলৈ ধৰিলে৷ খিৰিকি খুলি তাক বাহিৰলৈ চাবলৈ লাগে৷
ইমান বৰষুণ আৰু হো হো বতাহত মাকজনীয়ে খিৰিকি খুলিবলৈ সাহস কৰা নাই৷ মাকে সেয়ে তাক
বুজাবলৈ ধৰিলে, “এই আণ্টিজনী দেখিছা, আণ্টিৰ বহুত খং আছে৷ দুষ্ট ল’ৰাক বেগত ভৰাই লৈ
যায়৷ একদম চুপ থাকাঁ দেই বাবু৷ নহ’লে তোমাক আণ্টিক দি দিম৷”

মই অচিনাকী মানুহজনীৰ
মুখলৈ তধা লাগি চালোঁ৷ তেওঁনো কেনেকৈ গম পালে মোৰ বহুত খং আছে বুলি! অঞ্জনেও কয় “তোমাৰ
নিচিনা এৰ’গেণ্ট তিৰোতাৰ লগত সংসাৰ কৰিব নোৱাৰি৷ ইমান খং তোমাৰ! তোমাৰ অন্তৰত মৰমৰ
সামান্যও অনুভৱ নাই৷” অঞ্জনৰ লগত এই অচিনাকী মানুহজনীৰ কথাবোৰ ইমান কেনেকৈ বাৰু মিলি
গ’ল? নে মোক দেখিলেই গম পায় মই অত্যধিক খঙাল, বদমেজাজী নাৰী৷

  “বেয়া নাপাব৷ ইয়াক
বুজাবলৈকে এনেকৈ ক’লোঁ৷ ভয় নুখুৱালে ইয়াক শান্ত কৰিবকে নোৱাৰি৷ আপুনি বেয়া নাপায় যদি
খিৰিকিৰ ফালে বহিব নেকি?”

তেওঁ বিচৰামতেই আমি
ছিটটো সলাই ল’লোঁ৷

তেওঁ মোক দেখুৱাই
মানে মোৰ ভয় দেখুৱাই কণমানিটোক শান্ত কৰিলে৷ সিও মাকৰ উমাল কোলাত টোপনি গৈছে৷ নিৰ্ভয়ে৷
অঞ্জনেও বাৰু মোক লৈ ভয় খোৱা হৈছিলে নেকি? মানে এই যে মই হঠাতে কিছুমান আচৰণ কৰোঁ৷ সেইবোৰে
কিজানি তাক সুখী কৰিবই পৰা নাছিল৷ বিয়াৰ পাছত সি গা ধুই আহিলেই তাৰ চাবোন চাবোন গোন্ধোৱা
আধা তিতা গাটো মই সদায়েই এবাৰ সাবটি ধৰিছিলোঁ৷ কিন্তু কেই বছৰমানৰ পাছত মই এনেকৈ সাবটিবলৈ
বিচাৰিলেই তাৰ সময়ৰ নাটনি, অফিচলৈ লৰালৰি, প্ৰাপ্তিয়ে দেখিলে কি ভাবিব বুলি বাধা দি
উঠে৷ সন্ধিয়া তাৰ লগত বহি একেলগে চাহ একাপ খাম বুলিয়েই পকৰি, চপ নতুবা ভুজিয়াৰ প্লেট
লৈ মই বেলকনিলৈ তাক মাতোঁ৷ সি লেপটপটোৰ ওচৰতে এটাও শব্দৰ বিনিময় নকৰাকৈ চাহকাপ খাই
কাপটো মোৰ ফালে আগবঢ়াই দিয়ে৷ মই যে তাৰ বান্দী নহয়, সেই কথা সোঁৱৰাই দি মই জকজকাই উঠোঁ৷
দেওবাৰে দুপৰীয়াৰ আলহী সোধ-পোছ কৰি  এবাৰ ফুৰি
আহোঁগৈ ব’লা বুলি ক’লেও  সি ব্যস্ততাৰ কথা কয়৷
উইকেণ্ডবোৰত তাক জিৰণি লাগে৷ মোক লাগে অকণমান মুকলি বতাহ৷ টুৱেণ্টি ফ’ৰ আৱাৰৰ গৃহিনী
মানুহজনীয়ে সপ্তাহৰ কেইটামান ঘণ্টা অকণমান মুকলি বতাহলৈ ওলাবলৈ উচপিচাই থাকোঁ৷ মুকলি
আকাশখন চাবলৈ, ফুটপাথেৰে এনেয়ে খোজ কাঢ়িবলৈ নতুবা শেহতীয়া চিনেমা এখন চাবলৈ ওলাই যাবলৈ
মন যায়৷

অঞ্জনে কয় “নেটফ্লিক্স
আছে, প্ৰাইম আছে মই চবৰে ছাবস্ক্ৰিপচন লৈ দিছোঁ, যি মন যায় নিজৰ মতে চাই থাকাঁ৷ আমনি
নকৰিবা৷”

“আজিকালি বজাৰ কৰিবলৈ
কাৰ নো দোকান-ম’ল ঘূৰিবলৈ সময় থাকে৷ তোমাক যি যি লাগে ফ্লিপকাৰ্ট, মিণ্ট্ৰাত অৰ্ডাৰ
কৰাঁ৷ ক্ৰেডিট কাৰ্ডখনতো তোমাৰ হাততেই দিয়া আছে৷ আজিকালি দেখোন গ্ৰ’ছাৰী আইটেমো অনলাইন
ডেলিভেৰী হয়৷”

মই প্ৰতিবাদ কৰোঁ৷
কাজিয়া কৰোঁ৷ খং কৰোঁ৷ কান্দোঁ৷ মোৰ খং কান্দোনত আকাশৰ মেঘবোৰ চপৰা চপৰ হৈ খহি নপৰে৷
খহি পৰে অঞ্জন৷ মোক সি কাউন্সেলিং কৰিবলৈ পঠোৱাৰ কথা কয়৷ তাৰ মূল্যবান সময়ৰ নাটনি আৰু
উপাৰ্জনৰ উদাহৰণ দি টকাৰ মূল্যৰ বক্তৃতা দিয়ে৷ মই এইবোৰক সান্ত্বনা বুলিয়েই ভাবি লওঁ৷
মোৰ মানসিক চিকিৎসাৰ প্ৰয়োজন বুলি ডিঙিৰ সিৰ ফুলাই মোক গালি পাৰে৷ আচৰিত লাগে যে সি
মোৰ খং, গালিবোৰহে দেখে৷ তাৰ বাবেই যে দিনৰ দিনতো সকলো কৰোঁ, পাকঘৰৰ পৰা লণ্ড্ৰীলৈকে
চোৱা-চিতা কৰোঁ, প্ৰাপ্তিৰ স্কুলৰ হ’মৱৰ্কৰ পৰা ডাঞ্চ ক্লাছলৈকে দায়িত্ব পালন কৰোঁ,
ঘৰুৱা বজাৰ, আলহী শুশ্ৰূষা, হস্পিটেললৈ অহা কোনোবা আত্মীয়ৰ খবৰ লোৱালৈকে মই অকলে চম্ভালি
লওঁ সেইবোৰ তাৰ বাবে নগণ্য৷ পাৰিতোষিক নোপোৱা কামবোৰ মূল্যহীন চাগৈ৷ অঞ্জনৰ দৰে কামৰ
বাবে মোটা টকাৰ বিনিময় নথকা মোৰ কামবোৰ চবেই কৰিব পৰা সৰু কাম৷ তুচ্ছ কাম৷

দিনটোৰ শেষত চৰাই-চিৰিকতিয়েও
বাহলৈ ওভতে৷ কিন্তু অঞ্জন নাহে৷ সি ৰৈ যায় অফিচত এক্সট্ৰা টাইম কৰিবলৈ৷ এক্সট্ৰা টাইমত
এক্সট্ৰা টকা থাকে৷ মই বুজি নাপাওঁ৷ মই বিছনাত বাগৰি এবাৰ তাক সাবটি ল’ব খোজোঁ৷ এবাৰ
তাৰ চুটি চুটি আউল বাউল চুলিবোৰৰ মাজেৰে আঙুলি বোলাই দি মৰম কৰিব খোজোঁ৷ তাৰ বহল বুকুত
মুখ গুজি অভিমানবোৰ উটাই দি এবাৰ যেন হেঁপাহ পলুৱাই উচুপি উঠিম৷ তাৰ অকণমান সান্নিধ্য
বিচাৰি মই কুৰুকি কুৰুকি তাৰ বুকুলৈ সোমাই যাওঁ৷ আশা কৰোঁ সিও মোক সাবটি লওক, কপালত
এটা চুমা খাওক, দুহাতেৰে মোৰ কঁকালটো মেৰিয়াই ধৰি মোক তাৰ গালৈ টানি নিয়ক৷ কিন্তু
বাচনকেইটা চিংকটোত এৰি গালত নাইট ক্ৰীমকণ ঘঁহিবলৈ নৌপাওঁতেই সি নাক বজাই টোপনি যায়৷
এসোপা তিক্ততা, বিৰক্তি আৰু খঙত ৰাতি প্ৰয়োজন হ’ব বুলি অনা পানীৰ বটলটো মোৰ হাতৰ পৰা
বাগৰি পৰে৷ অঞ্জনৰ মতে বটলটো ময়েই চাগৈ খঙত দলিয়াই দিওঁ৷ অঞ্জনৰ টোপনি ভাগি যায়৷ সি
বিছনাৰ পৰাই মই দিনৰ দিনটো অকৰ্মণ্য হৈ ঘৰতে সোমাই থাকি ৰাতিও তাক শান্তি নিদিওঁ বুলি
গালি পাৰে৷ মই কেতিয়াবা মনে মনে বেলকনিলৈ ওলাই গৈ উচুপি থাকোঁ৷ কেতিয়াবা মুখে মুখে
উত্তৰ দিওঁ৷ আৰু তেতিয়াই অঞ্জনে মোক থেৰাপিৰ প্ৰয়োজন বুলি গালি পাৰে৷ খং আৰু বিৰক্তিত
মই বেলকনিতে বহি থাকোঁ৷ মোৰ দুখত বেলকনিৰ মানিপ্লেণ্টজোপা জঁই পৰি যায়৷ মই টেপৰ পৰা
পানী এমগ আনি টাবটোত ঢালি দি গছজোপাক নিচুকাই থাকোঁ৷ আচলতে মই নিজকেই বুজাওঁ, সান্ত্বনা
দিওঁ, মই যে কিমান অকৰ্মণ্য, কিমান অলাগতিয়াল, কিমান মূৰ্খ নিজকে কওঁ৷ মোৰ কথাত টাবৰ
গছকেইজোপা সহানুভূতিত হালি পৰে৷ মোক যেন সিহঁতে সাবটি ল’ব৷ মোৰ প্ৰতি সমমৰ্মিতাত সিহঁত
ম্ৰিয়মাণ হয়৷ মাণিপ্লেণ্টজোপাৰ পাতবোৰত মই হাত ফুৰাই ফুৰাই বেলকনিতে শুই পৰোঁ৷ অঞ্জনে
মই পাগল হোৱা বুলি নিশ্চিত হৈ যায়৷

বাইহাটা পাওঁহি মানে
বৰষুণ কমিবলৈ ধৰিলে৷ মই বাছৰ খিৰিকিখন অকণমান খুলি দিলোঁ৷ চেঁচা চেঁচা বৰষুণৰ দুটামান
টোপালে আহি মোৰ গালে-মুখে স্পৰ্শ কৰিলেহি৷ মই যিমান পাৰোঁ সিমান মুখখন খিৰিকিৰ কাষ
চপাই দিলোঁ৷ মইতো গোটেই খিৰিকিখনেই খুলি দি বৰষুণবোৰ গালে-মুখে সানি ল’ব খুজিছিলোঁ,
কিন্তু পিছৰ ছিটৰ যাত্ৰীৰ আপত্তিত মোৰ সেই আশা পূৰণ নহ’ল৷ বৰষুণত তিতি-বুৰিও অহংকাৰী
হৈ থিয় দি থকা গছবোৰ মোৰ বৰ ভাল লাগে৷ গছবোৰত বসন্তৰ চিন এতিয়াও ৰৈ গৈছে৷ এজাৰ ফুলিছে,
কৃষ্ণচুড়া ফুলিছে, সোণাৰু ফুলিছে৷ গোটেইখন বেঙুনীয়া, ৰঙা, হালধীয়া হৈ আলকাতৰা দিয়া
পকী ৰাস্তাটোক মেৰিয়াই আছে৷ প্ৰাপ্তিয়েও এনেকৈ ছবি আঁকে৷ প্ৰাপ্তিয়ে ছবিবোৰত আজিকালি
ৱাটাৰ কালাৰ কৰিবলৈও শিকিছে৷ তাই স্কুললৈ যোৱাৰ পাছত তাইৰ ড্ৰয়িঙৰ বহীখন সামৰোঁতে সিদিনা
দেখিলোঁ তাই এখন নীলা আকাশলৈ উৰি যোৱা এজাক চৰাইৰ ছবি আঁকিছে৷ প্ৰাপ্তিয়েনো ইমান ধুনীয়াকৈ
কেতিয়া ছবি আঁকিব পৰা হ’ল ভাবি মই আচৰিতেই হ’লোঁ৷ মই চৰাইকেইটাকে সুধিলোঁ প্ৰাপ্তিৰ কথা৷
সিহঁতেহে মোক ক’লে আজিকালি আমাৰ প্ৰাপ্তি বোলে ডাঙৰ হৈছে৷ গছ, চৰাই, নীলা আকাশ, সেউজীয়া
ওখ ওখ পাহাৰ, ডাঙৰ ঘৰ সকলোবোৰ প্ৰাপ্তিয়ে আঁকিব জনা হ’ল৷ চৰাইকেইটাকেই সুধিলোঁ, “আকাশত
উৰি কেনেকুৱা লাগে?”

 “মুক্ত মুক্ত লাগে
জানা প্ৰাপ্তিৰ মাক৷ মানে ধৰা ডাঙৰ ডাঙৰ লোহাৰ শিকলিবোৰ ভৰিৰ পৰা ছিঙি পৰিলে যেনেকুৱা
লাগে ঠিক তেনেকুৱাই লাগে৷”

আচৰিত। চৰাইকেইটাই ইমান কথা জানে৷

  “আকাশখন কিমান বহল
সৰু চৰাইহঁত?”

সিহঁতে এইবাৰ আচৰিত
হৈ মোলৈ চালে৷ মই বিমোৰত পৰিলোঁ। কিজানি কিবা যেন নুসুধিবলগীয়া কথাহে সুধিলোঁ৷

  “প্ৰাপ্তিৰ মাক, বেলকনিলৈ
গৈ আকাশখন চোৱাঁগৈ যোৱাঁ৷ হাতখন বহলাই মেলি দি যদি আকাশখনক নিজৰ দুবাহুৰ মাজত সামৰি ল’ব
নোৱাৰাঁ তেনেহ’লে বুজি ল’বা, আকাশ বৰ বিশাল৷”

   “তোমালোকৰ দৰে মোৰো
আকাশত উৰিবলৈ মন যায় অ’ চৰাই৷”

    “মন যায় যদি আহাঁ আক’৷
আমি একেলগে আকাশলৈ উৰি যাওঁ৷”

চৰাইকেইটাৰ লগত কথা
পাতি থাকোঁতেই অঞ্জন কোঠাটোলৈ সোমাই আহিল৷ মোৰ কথাবোৰ আধৰুৱা হৈ থাকি গ’ল৷ সি মোক হাইস্কুলত
শৰ্মাছাৰে চকু পকাই ব্যাকৰণ সোধাৰ দৰে কাৰ লগত ইমান সময়ে কথা পাতি আছিলোঁ জানিবলৈ বিচাৰিলে৷
মই চৰাইকেইটাৰ কথা ক’লোঁ৷ সি প্ৰাপ্তিৰ টেবুল, বেলকনি, ফুলৰ টাববোৰ সকলোতে চৰাইকেইটাক
বিচাৰি চালে কিন্তু চৰাইকেইটাই তাক নামাতিলেই৷ সিহঁতে টেবুলৰ পে
নষ্টেণ্ডটোৰ পিছফালে
লুকাই মোলৈ চাই ঠোঁটত ডেউকা লগাই মোক মনে মনে থাকিবলৈ ইংগিত দিলে৷ ময়ো সিহঁতে কোৱাৰ
দৰে ওঁঠত আঙুলিটো লগাই মনে মনে থাকিলোঁ৷

মোৰ নিশ্চুপতা অঞ্জনৰ
পচন্দ নহ’ল৷ অথচ আমি দেখোন আজিকালি কথাই নাপাতোঁ৷ পাতিলেও কেবল বজাৰৰ লিষ্ট, প্ৰাপ্তি বিষয়ক, মাহৰ হিচাপ এনেকুৱা কথাবোৰহে পাতোঁ৷ আগৰ দৰে জোনাক ৰাতি বেলকনিত পাটি পাৰি আমি
অৰ্ধনগ্ন হৈ ইটোৱে সিটোক সাবটি মৰমৰ সান্নিধ্যত কটাই নিদিওঁ৷ সেইযে পাটিটোত বাগৰি আকাশলৈ
চাই চাই আমি তৰাবোৰৰ কথা পাতিছিলোঁ, হৃত্বিক ৰোচনৰ নতুন চিনেমাখনৰ ডাঞ্চটোৰ কথা পাতি
ৰসিকতা কৰিছিলোঁ, নহ’লে কাষৰ ফ্লেটৰ বাব্লী আণ্টিৰ ল’ৰাটোৰ বিয়াত ৰন্ধা চিকেন বিৰিয়ানিৰ
সোৱাদহীন ডিশ্বটোৰ কথা পাতি অনৰ্থকভাৱে হাঁহি হাঁহি আমি বাগৰি পৰিছিলোঁ৷ কেতিয়াবা যে
সি মোৰ চুলিবোৰ খুলি লৈ তাৰ মাজেৰে জোনটো চাই চাই মকৰা জালত ওলমি থকা জোনাকী পৰুৱাটোৰ
দৰে লাগে বুলি কৈছিল৷ আজিকালি সি এনেকুৱা একোৱেই কথা নকয়৷

প্ৰাইভেট কোম্পানীৰ
চাকৰিত এক্সট্ৰা টাইম কৰিলে এক্সট্ৰা ইনকাম৷ অঞ্জনে নিজৰ সকলো সময় সেয়ে কোম্পানীক দি
দিছে৷ মোলৈ, প্ৰাপ্তিলৈ সি দুহাত মেলি কেৱল আৰ্জিছে৷ দিনত বছৰ কথামতে উঠা-বহা কৰিছে,
মাজনিশালৈ লেপটপৰ নীলা স্ক্ৰীণত সোমাই আধৰুৱা কাম কৰিছে৷ প্ৰাপ্তিৰ লগতো সি কমকৈ কথা
পতা হৈছে৷ মাজৰাতি মোক টোপনিৰ পৰা জগাই লৈ লুটিয়াই বগৰাই নিজৰ যৌনাকাংক্ষা পুৰাইছে৷
পুৱা পুনৰ আগৰ দৰে অফিচলৈ দৌৰিছে৷ কিন্তু মোৰ বুকুৱে বিচৰা সান্নিধ্যকণ দিবলৈ তাৰ সময়,
তাড়না, ইচ্ছা এটাও নোহোৱা হৈছে৷ ইচ্ছাহীন অজুহাতৰে মোৰ বুকুৰ এফাল আজিকালি সেয়ে অনবৰতে
ওজন হৈ থকা হৈছে৷

প্ৰাপ্তিয়ে আঁকি
দিয়া চৰাইকেইটাক সি বৰ জোৰকৈ সজাত ভৰাই বন্দী কৰি পেলালে৷ চৰাই ধৰিবলৈ চিটিকা পাতিলে
সি হাতীগাঁৱত৷ হাতীগাঁৱৰ ডা বিধান চৌধুৰীয়ে লিখি দিয়া ডেৰ পে
জ দীঘল প্ৰেছক্ৰিপশ্বন
আৰু শনিবাৰে শনিবাৰে কৰা কাউন্সেলিঙে চৰাইকেইটাক একেবাৰে হত্যাই কৰি পেলালে৷ ঔষধৰ নিচা
আৰু আদৰুৱা মৰম অকণৰ খাটিৰত মই আগতকৈ বেছি অন্যমনস্ক হোৱাৰ দৰে হ’লোঁ৷ ঔষধৰ নিচা লাগি
বিছনাত বাগৰি দিলেই টাবৰ ফুলবোৰে মোক হাত বাউলি দি মাতি থাকে৷ সিহঁতে মাতিলেই মই বিছনাত
পৰি থাকিব নোৱৰা হৈ যাওঁ৷ সিহঁতক ইনাই বিনাই কন্দা দেখিলে মই দৌৰি গৈ সাবটি লওঁগৈ৷
এইটোনো কি ডাঙৰ কথা, নহয় জানো? কিন্তু অঞ্জনে মোৰ এনেকুৱা আচৰণবোৰ বেয়া পায়৷ মই তাকো
বুজাব নোৱাৰোঁ দুখ-বেজাৰে হিয়া দহি নিলে মৰমৰ আলিংগনে কিমান জুৰণি দিয়ে৷ সি কেৱল মই
গেছত বহাই থৈ পাহৰি যোৱা কুকাৰটোৱ ঘনে ঘনে মাৰি থকা হুইছেলবোৰ গণি থাকে, নহ’লে কাপোৰ
এসোপা দি অন কৰি থৈ অহা ৱাশ্বিং মেচিনৰ হৰহৰণিবোৰ শুনি থাকে৷ বিদ্যা, এনে আনৰোমাণ্টিক
মানুহ এটালৈ মোক যে মাহঁতে কিয় বিয়া দিলে ভাবিলে মোৰ সাংঘাতিক খং উঠি যায়৷ খঙত মই কান্দি
পেলাওঁ৷ মই কান্দিলে আক’ বেলকনিৰ গছবোৰেও মোৰ লগতেই ৰাউচি জুৰি কান্দিবলৈ ধৰে৷ সিহঁতৰ
উৎপাতত মই আজিকালি বিছনাৰ তলত সোমাই মনে মনে কান্দোঁ৷ কান্দি কান্দি কেতিয়াবা তাতেই
টোপনি যাওঁ৷ অঞ্জনে বিছনাৰ তলৰ পৰা উলিয়াই আনি মোক তাৰ বুকুৰ মাজত সাবটি ধৰি থাকে৷
সি বা কিয় এনেকুৱা কৰে মই বুজি নাপাওঁ৷ তাৰ বুকুৰ ধপধপনি বাঢ়ি অহাৰ শব্দ শুনি মই তাক
আৰু জোৰেৰে সাবটি ধৰোঁ৷ এইকণ সান্নিধ্যতে মই দুদিনমান ঔষধ নোখোৱাকৈও প্ৰাপ্তি আৰু অঞ্জনৰ
সমস্ত লেঠা মাৰি ঘৰ-দুৱাৰ চাফা কৰি চিজিল লগাই ৰাখিব পৰা হৈ যাওঁ৷

এতিয়া বৰষুণ নাই৷
বাছৰ ভিতৰখন গেলেপা লগা গোন্ধ এটাই হেঁচা মাৰি ধৰাদি ধৰিছে৷ মই খিৰিকিখন এইবাৰ সম্পূৰ্ণকৈ
খুলি দিলোঁ৷ বাহিৰত ঘোপমৰা অন্ধকাৰত পৃথিৱীখন যেন ডুবি ডুবি গৈ আছে৷ মাজে মাজে জ্বলি
থকা লাইটবোৰ বাছৰ লগে লগে কিছুদূৰ আহি উভতি গৈছে৷ সেউজীয়া পথাৰ, সেউজীয়া গছ-বিৰিখ সকলোকে
আন্ধাৰে এঙেৰুৱা চাদৰ এখনেৰে মেৰিয়াই মেৰিয়াই আঁটি আঁটি বান্ধি পেলাইছে যেন৷ হঠাতে
নাকত তগৰ ফুলৰ গোন্ধ এটা লাগিলহি৷ শেষ বসন্তত ফুলা শেহতীয়া তগৰ৷ মহানগৰীৰ ফ্লেটত এই
প্ৰাচীন গন্ধ কেতিয়াবাই মই হেৰুৱাই পেলাইছোঁ৷ নিশাৰ ঘোপমৰা অন্ধকাৰত জোনাকী পৰুৱা আৰু
তগৰৰ সুগন্ধিয়ে মোৰ সম্বিত ঘূৰাই আনিলে৷ এইবাৰ মই বাছৰ পৰা লাইটৰ পোহৰত জিলিকি উঠা
দোকানবোৰৰ ছাইনব
ৰ্ড পঢ়াত লাগিলোঁ৷ কোনখিনিবা পালোঁহি৷ ওৰাং পাৰেই হৈ আহিলোঁ নেকি?
কিন্তু কণ্ডাক্টৰৰ চিঞৰত নিশ্চিত হ’লোঁ যে মঙলদৈয়েই পোৱাহি নাই৷

কণ্ডাক্টৰে বাছৰ
ভাড়া তুলি আছে৷ মই বেগটো খুচৰি চালোঁ৷ নাই বেগত এশ টকীয়া চাৰিখনৰ বাহিৰে এপইচাও নাই৷
হওক তেও, ভাড়াটো যে আছে৷ ঘৰ পালেগৈ পইচাৰ চিন্তা নকৰিলেও হ’ব৷ পিছে মইতো ঘৰলৈ অহাৰ
কথা কাকো কোৱাই নহ’ল৷ এই আন্ধাৰ নিশা ওৰাঙত বাছৰ পৰা নামিলেও সৰু গলিটোৰে গৈ মই অকলে
ঘৰ কেনেকৈ ওলাম৷ মই এইবোৰ চিন্তা বাদ দিলোঁ৷ এই মুহূৰ্তত মই মুক্ত৷ মোৰ কাৰণে ইমানখিনিয়েই
যথেষ্ট৷ মুক্ত চৰায়ে সোণৰ সজালৈ ওভতাৰ বাসনা নাৰাখে৷ বাহত জিৰাবলৈহে আহে৷

হঠাৎ ! হঠাৎ ! বাছৰ
গতি ধীৰ হয়৷ হয়তো কোনোবা যাত্ৰী নামিব৷

বাছৰ খোলা খিৰিকিৰে
সোমাই আহে ফুটপাথৰ দোকানত ভাজি থকা পকৰিৰ ফুৰফুৰীয়া গোন্ধ৷ গৰম গৰম পকৰি দুটামানেৰে
একাপ চাহ খাবলৈ মোৰো মন গ’ল৷ এনেও চাহ মোৰ বৰ প্ৰিয়৷ যেতিয়াই তেতিয়াই একোকাপ চাহ খাই
দিব পাৰোঁ মই৷ মোকতো অঞ্জনেও চাহৰ কানীয়া বুলি কয়৷ পিছে চলন্ত বাছতনো সেইয়া কেনেকৈ
সম্ভৱ৷ পকৰিৰ গোন্ধ পাওঁতেহে মোৰ মনলৈ আহিল ঘৰৰ পৰা ওলাই অহাৰ আগতে মই কে
ক এটা অ’ভেনত
বে’ক হ
বলৈ ভৰাই থৈ আহিছিলোঁ৷ দুদিনমানৰ পৰা প্ৰাপ্তিয়ে কেক বনাবলৈ মোক কৈ আছিল৷ তাইৰ
বোলে মই বনোৱা কে
ক খাবলৈ বৰ মন গৈ আছে৷ সেয়ে তাইক স্কুললৈ পঠায়েই মই কেক বনোৱাৰ সামগ্ৰীবোৰ
উলিয়াই লৈছিলোঁ৷ আজিকালি প্ৰাপ্তিক অঞ্জনে নিজেই অনা-নিয়া কৰে৷ আগৰ দৰে মোক তাইৰ লগত
অকলে ওলাই যাবলৈ নিদিয়ে৷ এই কথাটোও মোৰ অকণো ভাল নালাগে৷ মইনো বাৰু মোৰ নিজৰ ছোৱালীজনীক
লৈ অসাৱধান হ’ব পাৰোঁনে৷ অঞ্জনৰো যে মনটো ইমান ঠেক৷

প্ৰাপ্তি! মোৰ কণমানি
জিঞাজনী৷ তাইলৈ মনত পৰোঁতেই মোৰ চকুপানী ওলাল৷ এতিয়াই যেন বাছৰ পৰা নামি মই তাইৰ ওচৰলৈ
দৌৰ মাৰিম৷ আজিবা তাই স্কুলৰ পৰা আহি পালেনে নাই? অঞ্জনে বা সময়মতে তাইৰ ছুটীৰ সময়ত
স্কুল পালেগৈনে নাই? স্কুলৰ পৰা অহাৰ পাছত তাই ভাত খালেনে নাই, অকণমান জিৰণি লৈছেনে
নাই, এতিয়ালৈকে বাৰু শুয়েই আছে নেকি? ধেৎ তেৰি মই দেখোন তাইলৈ আজি ভাতেই বাঢ়িবলৈ পাহৰিলোঁ৷
আৰু আৰু… অ’ভেনটো বাৰু অঞ্জনে চালেহিনে? কে
কটো চাগৈ তেনেই জ্বলি গ’ল৷ কেনেবাকৈ প্ৰাপ্তিয়ে
বাৰু অ’ভেনটো খুলি কে
কটো উলিয়াইছে নেকি? তাইৰ কোমল কোমল হাত দুখন … নাই আৰু ভাবিব
নোৱাৰি৷

বাছৰ তীব্ৰ গতিৰ
মাজেৰে মানুহৰ ভিৰ ঠেলি মই বাছৰ দৰ্জাৰ পিনে সোঁ-সোঁৱাই আগবাঢ়িলোঁ৷ প্ৰাপ্তিৰ জ্বলি
যোৱা অকণমানি হাত দুখনতকৈ মোৰ অভিমান ডাঙৰ নহয়৷ অঞ্জনে গালি পাৰিলেও, খং কৰিলেও মই
এতিয়াই ঘৰলৈ ঘূৰি যাম৷ যাম মানে মই যাবই লাগিব৷

 “হেৰা ভাইটি, বাছ ৰখোৱাঁ বাছ ৰখোৱাঁ৷ প্লিজ কোনোবাই বাছখন ৰখাবলৈ কওক৷”

মই প্ৰায় চিঞৰি চিঞৰি
বাছ ৰখাবলৈ ক’লোঁ৷ মোৰ দুচকুত কেবল পানী৷ এয়া বৃষ্টিকণা নহয়৷ লুণীয়া পানী৷

  “বাইদেউ, ওৰাং পাবলৈ
বহুত দূৰ আছে৷ আপুনি ক’ত নামিবনো?”

হেণ্ডিমেনৰ কথা মোৰ
কাণত সোমোৱা নাই৷ বাছখন ভালকৈ ৰখোৱাৰ আগতেই মই প্ৰায় জাঁপ মাৰি বাছৰ পৰা নামি দিলোঁ৷
কোনোমতেহে মই হামখুৰি খাই নপৰিলোঁ৷

প্ৰাপ্তিৰ ওচৰলৈ
যাবলৈ মই হাহাকাৰ কৰিছোঁ৷ আকাশৰ ঘন ডাৱৰে ঢকা জোন৷ অ’ত ত’ত জোনাকী পৰুৱাবোৰ বগুৱা বাই
বাই আকাশমুখী যাত্ৰাত ব্যৰ্থ হৈ উলটি আহিছে৷ পোহৰৰ এই আকাশ অভিমুখী যাত্ৰা যে কিমান
অমূলক৷ পোহৰ আচলতে বেলিৰ দেহৰ পৰা ছিটিকি তললৈ নামে৷ মই কিয় যে পাহৰি যাওঁ, মই কিয়
যে নিজৰ মাজতে পোহৰ এচমকা আছে বুলি ভুল কৰি পেলাওঁ৷

 মই য’ত নামিলোঁ আন্ধাৰত আচলতে একোৱেই ধৰিব নোৱাৰিলোঁ
ঠাইখননো কি৷ চাৰিওফালে কেৱল আন্ধাৰ৷ আন্ধাৰে গিলি গিলি গহ্বৰলৈ ক্ৰমশঃ লৈ যোৱা এটা
বৰ্ষণমুখৰ সন্ধিয়া৷ বৰষুণ এৰাৰ পাছতো ৰাস্তাত জনপ্ৰাণী এটাও নাই৷ ব্যক্তিগত বাহনবোৰ
ফুল স্পীডত পাৰ হৈ গৈছে৷ মই নাজানো মই ক’ত ৰৈ আছোঁ৷ মই নাজানো মই ক’লৈ গৈ আছোঁ৷ মই
নাজানো ইয়াৰ পৰা উভতনিৰ পথ কেনি৷

অঞ্জনে মোক বিচাৰি
ফুৰিছে চাগৈ৷ আৰু প্ৰাপ্তিয়েতো মোক নেদেখি ইমান সময়ে কান্দি কান্দি অস্থিৰ হৈ পৰিছে
চাগৈ৷ ময়োতো কাকো কৈ থৈ নাহিলোঁ মই ক’লৈ আহিলোঁ৷ এটা নৰমনিচ দেখিবলৈ নোপোৱা জয়াল ঠাইত
বাছৰ পৰা নামি মই সাংঘাতিক ভুল কৰিলোঁ যে এতিয়াহে অনুভৱ কৰিছোঁ৷ বুকুখন শোকে হেচা মাৰি
ধৰিছে, চকুৰে সৰসৰকৈ চকুপানী বাগৰিছে৷ অথচ ৰাস্তাৰ সিপাৰে জ্বলি থকা পাণ-দোকানখনলৈ
যাবলৈও মই ৰাস্তাটো পাৰ হ’ব পৰা নাই৷

  “মোক কাউন্সেলিঙৰ প্ৰয়োজন৷”

  “মোক থেৰাপিৰ প্ৰয়োজন৷”

  “ক’ত এৰি আহিলোঁ মই মেডিচিনৰ ষ্ট্ৰিপবোৰ!”

মোৰ মোবাইলটোও মই
লগত নানিলোঁ৷ বুকুত কেৱল অভিমান, প্ৰেমহীনতা আৰু নিজৰ হেৰুৱাই পেলোৱাৰ আবেগৰ বাহিৰে
মই একোৱেই লগত লৈ নাহিলোঁ৷ আনকি ঘৰৰ ঠিকনাটোও মোৰ মনলৈ নহা হ’ল৷ অঞ্জনৰ ফোন নম্বৰ মই
আগতেও মনত ৰখা নাছিলোঁ৷ মানে প্ৰয়োজনেই হোৱা নাছিল৷

ঠিকনাহীন হৈ মই ৰাস্তাৰে
কাষে কাষে গৈ থাকিলোঁ৷ গৈয়েই থাকিলোঁ৷

গুৱাহাটী আৰু ওৰাঙৰ
দুফালে দুখন ঘৰৰ মাজত মই দোলা দি দি আকাশলৈ উৰি যোৱা চৰাই এজনী হৈ মই যেন উৰি উৰি গৈয়েই
থাকিলোঁ৷ আকাশৰ কাজলবৰণীয়া মেঘবোৰ, জোনাকী পৰুবাবোৰ, আন্ধাৰত ডুব যোৱা অচিনাকি ঠাইখন,
সৰ্পিল ৰাস্তাটো, তীব্ৰবেগেৰে যোৱা গাড়ীবোৰ সকলোবোৰে লাহে লাহে মোক অনুসৰণ কৰিবলৈ ধৰিলে৷
আমি কেবল আগবাঢ়ি গৈ থাকিলোঁ৷ গৈয়েই থাকিলোঁ৷

 

ঠিকনা :

তেজপুৰ, অসম

ভ্ৰাম্যভাষ – ৬০০২৯৪৮৯২৫