ভালপোৱাৰ এসাঁজ ভাত

 প্ৰতীক্ষা বৰা

 

ভালপোৱাৰ এসাঁজ ভাতেই যথেষ্ট 

আৰুনো কি লাগে?
এমুঠি দাইল, চাউলৰ বাবেইতো যতমানে হাহাকাৰ, মৰাকটা, অন্যায়অবিচাৰ, অঁৰিয়াঅঁৰি
তাতেই যদি কপালত মিলি যায় সুস্বাদু বিবিধ
ব্যঞ্জনেৰে সজাই যতনাই দিয়া এখন ভাতৰ কাঁহী
,
আমাৰ দৰে মানুহে সুখ বিচাৰি পাওঁ তাতেই
 

 পূৰ্বজন্মৰ
কিবা সু
কৰ্মৰ বলত খাদ্যৰসিকতা কৰিব পৰাকৈ দিনকেইটা নিৰ্বাহ কৰিব
পাৰিছোঁ
নামীদামী ৰেস্তোৰাঁত নহলেও ঘৰৰ চাৰিবেৰৰ ভিতৰতে,
উভতি যাবলৈ বুলি বুকুৰ আপোন গাঁওখনি থকালৈকে আমি বাৰীৰে ইবিধ-সিবিধ বুটলি,
পুখুৰীতে জালখন পেলাই, বাঢ়নী পানীত খোকা-চেঁপা পাতি নতুবা
গঁড়ালৰে হাঁহ
পাৰটো মুচৰি খাদ্যৰসিকতা কৰি থাকিব পাৰোঁ,
সেই লৈ গল্প, কবিতা, প্ৰবন্ধ-পাতিও
লিখিব পাৰোঁ
(যদিহে মন যায় আৰু যথেষ্ট পৰিমাণে সমল থাকে)
 

গাঁওখন বুলি কলেই আমাৰ প্ৰয়াত আইতালৈ মনত পৰে যাদুকৰী আছিল
সেই দুহাত
বাৰীৰ ঢাপত গজা কপাহ গছৰ পৰা কপাহ ছিঙি, নিজ হাতে সুতা কাটি প্ৰত্যেক বছৰে শালত চাদৰ,
গামোচা, ৰুমাল লগাইছিল
গোঁসাই ঘৰৰ মজিয়া মচা পানীটুপিৰ পৰা এচলু এচলুকৈ আমাৰ হাতত তুলি
দি কৈছিল
– “খা৷”
সেয়া আছিল আমাৰ বাবে অমৃত, কাৰণ পানীটোপা কি প্ৰকাৰে
ইমান মিঠা
, অমৃতসম হৈ যায় খেলটো আমি ধৰিবই নোৱাৰিলোঁ
মানি লওঁ যে গোঁসাইৰে কিবা আশীৰ্ৱাদ, সেইদেখিহে তিলমানো কষ্ট নোপোৱাকৈ, নিদিয়াকৈ  পলকতে
লগৈ
চিতাৰ জুইকুৰাও হেনো চিধা ওপৰলৈ গৈছিল, বতাহকো নেওচা দিএনে আত্মাই
তো নোৰোৱাকৈ গোঁসাইৰ চৰণত থিতাপি লয়গৈ বুলি বিজ্ঞলোকে আমাক জনাইছিল
নীৰৱে আঁচলত বেথা মচি আমি সকাহ লভিছিলোঁ

এইজনী আইতাৰে আখলতো অমৃতসম খাদ্যৰ পাগ উঠিছিল আইতাই দাইলত ফোৰণ মাৰিছিল
মাত্ৰ দুফোটা নহৰুৰে
দাইল সিজাওঁতে ব্যৱহাৰ কৰা হেঁতাখনৰ পিঠিৰে
হেঁচা মাৰি থেতেলিয়াই লোৱা নহৰু দুফোটা এফোটমান গৰম তেলত পৰি চেৰেক কৰাৰ লগে লগেই
চৌপাশ পেট কলমলাই যোৱা এক অপূৰ্ব ঘ্ৰাণেৰে ভৰি উঠিছিল

(দাইল সিজোৱা কেঁৰাহিখনতে তেল মাৰিলেহে এই বিশেষ গোন্ধটো ওলায়,
নহলে নোলায়
)
আইতাৰ হাতৰ মাছৰ জোলখনৰো 
সোৱাদ আছিল অপূৰ্ব, খোৱাত
ভাল আমি নাতি
পুতিকেইটাই খুজিখুজি খাইছিলোঁ,
তলি উদং কৰি খাইছিলোঁ। আগদিনাৰ ৰাহি হোৱা ভজা মাছৰ
টুকুৰাকেইটা পাছদিনা দিনৰ জিকা
বিলাহী নহলেবা বেঙেনা-আলুৰ ভাজিখনত পৰিছিল, আৰু সেয়া পালে দাইলতৰকাৰীচাটনিৰ
কথা মনলৈ নাহিছিল
, শুদা ভাতকেইটাৰ লগত ভজা মাছৰ মঙহৰ ভিতৰত সোমাই
পৰা পাচলিখিনিৰ সোৱাদ মিশ্ৰিত সেই ভাজি
… আহাহা! গোহালিৰ গৰুলৈ দানা সিজাওঁতে মস্ত চৌকাটোৰ তলত থকা ফুটছাইৰ দমৰ মাজলৈ দলিয়াই দিয়া মজলীয়া আকাৰৰ সাতোটামান আলুগুটি পোৰাৰে পুৱাবেলাৰ তিয়াই থোৱা কোমল চাউলৰ জলপান,
কাষতে অকণমান কণী ভজা, এডোখৰ পিঁয়াজ, নিমখ, কেঁচা জলকীয়া
আকৌ বিহুৱেসংক্ৰান্তিয়ে আতোলতোলকৈ বনোৱা পিঠাপনাবোৰ থাকেই। বিহুৰ এমাহ আগৰেপৰা পিঠা-পনাৰ আয়োজন চলে, পিঠাও জেঠলৈকে খাই শেষ কৰিব নোৱাৰি,
ইঘৰ সিঘৰলৈ মৰম আৰু শুভেচ্ছাৰ চিনস্বৰূপে যোৱা টোপোলাবোৰ থাকেই,
ওলোটাই সিকেইখন ঘৰৰপৰাও একোটা টোপোলা আহিছিল
ঘৰৰ গৰুৱে
দিয়া গাখীৰ পগাই জুহালৰ ওপৰত আঁৰি থোৱাৰ পাছত ওপৰত ধোঁৱাৰ তৰপ বন্ধা ডাঠ সৰৰ চামনি
খাওঁতে আমাৰ পেটবোৰ গধুৰ হৈছিল
, তথাপি খাবলৈ এৰা নাছিলোঁ কাৰণ তেনেকুৱা সুমিষ্ট,
ডাঠ সৰ আইতাই পগালেহে উঠিছিল, বেলেগৰ হাতত নুঠে
বাৰীখনো আছিল আমাৰ কচু,
ঢেঁকীয়া, খুতৰা, লাই,
লফা, পালেং, ভেদাইলতা,
মছন্দৰী, মাটিকাদুঁৰী, বৰ মানিমুনি,
সৰু মানিমুনি, বনজালুক, পদিনা,
দোৰোণ বন, চেংমৰা, নেফাফু
আদি নাম লৈ থাকিলে ওৰ নপৰা শাকেৰে উভৈনদী
জৈৱিকভাৱে
বিভিন্ন পাচলিও
  কৰা হৈছিল ঘৰতে আইতাই সেইবোৰ বুটলি আনি কিমান যে যত্ন কৰি নাৰান্ধিছিল! পাৰমুটেশ্যন, কম্বিনেশ্যন কৰি কৰি ব্যঞ্জন ৰান্ধোতেও প্ৰত্যেকবাৰেই
সোৱাদৰ মাত্ৰা আছিল অপূৰ্ব
এগৰাহমান ভাত খাই সামৰা মানুহেও আমাৰ
ঘৰলৈ আহিলে খুজি আৰু দুগৰাহমান লৈহে খোৱা সামৰিছিল
 

কৈ থাকিলে ওৰ নপৰে আইতাৰ আখলৰ কথা যিমান কৈ
গৈ থাকিবা
, সিমানে কথা
ওলাই গৈ থাকিব
পঢ়ুৱৈয়ে কুকবুকনে স্মৃতিচাৰণলিখিছোঁ বুলি গালি পৰাৰ আগেয়ে মই কথাটি
সলাওঁ
 

ঋতুৰ মনটো পোৱাৰো এটা বাট তাৰ পেটটো হৈয়েই পোনাইছিল ডী বিল্ডিঙত অভ্যস্ত তাৰ পেশীবহুল শৰীৰৰ বাবে আমি সচৰাচৰ গ্ৰহণ
কৰা ভাত
, দাইল আদিতকৈও উপযুক্ত
আছিল মাছ
, মাংস, কণী, সিজোৱা পাচলি, বুট, মগু ইত্যাদি
মাংস কিনি আনি সি ইলেক্ট্ৰিক কেটলিত সিজাই খোৱা দেখি মোৰ চকু কপালত
উঠিছিল আৰু চিধা প্ৰস্তাৱ আগ বঢ়াইছিলোঁ

তোমালৈ মাছমাংস ৰন্ধাৰ দায়িত্ব মোৰ, অন্ততঃ মই ইয়াত থকালৈকে
তেইছ বছৰীয়া আমাৰ ডেকা মনবোৰক জোৰা লগাবলৈ
খাদ্য যেন এখন দলং আছিল
, এইপাৰে মই, ইটোপাৰে সি! 

খাদ্যয়ো পূৰ কৰিব নোৱৰা সেই ব্যৱধানখিনি মোৰ অসহ্য লাগিছিল, ঠিক যেন অচিনাকি মানুহ এটাৰ বাবে বজাৰ কৰিছোঁ,
হোষ্টেলৰ পাকঘৰত আন নাথাকোঁতে সোমাই মামছলা খুন্দিছোঁ, আদানহৰুপিঁয়াজৰ ফোৰণ মাৰিছোঁ, কপালৰ ঘাম আস্তিনেৰে মচি মাংসমাছ ভাজিছোঁ, মাত্ৰ এষাৰি বঢ়িয়া
বনাইছা মুনু
!”-ৰ বিনিময়ত
ঋতু অসৎ নাছিল, ইণ্টেগ্ৰিটী সহ ভাল লৰা
এজনেই আছিল কিন্তু মাহৰ কেইটামান দিন সি অদ্ভূৎ আচৰণ কৰিছিল
যেন কাকো চিনি নাপায়, বাহ্যিক পৃথিৱীখনৰ কোনো অস্তিত্বই
নাই
, মাতি থাকিলেও মাত নলগায়, খোৱাবোৱালৈ অনিয়ম আহে, ৰূমটোৰ পৰা ওলাই নাহে, দিনৰ দিনটো ৰূমত অকলে,
বাইল ফোন চুইচ্ছ অফ কৰি কি কৰি
থাকে সি হে জানে
! সেই বিশেষ দিনকেইটা পাৰ হলেই কোনো আগতীয়া জাননী নিদিয়াকৈ দেখিবা সি নিজেই লগাইছে ফ
– “মই জীমত ইয়াৰ পাছত তোমাক লগ কৰি আছোঁ৷”
তাতকৈ প্ৰাণচঞ্চল, সপ্ৰতিভ, খাদ্যৰসিক, স্বাস্থ্যসচেতন লৰা যেন এই মুলুকত দ্বিতীয় এজন নাই, আজৰি পৰতো সি একে ঠাইতে
ৰৈ নাথাকে
, চাইকেলখন পকাই ইফাল সিফাল কটকটাই ফুৰে!
 

দুটা, তিনিটা পাৰ্ছনেলিটী লৈ ফুৰা মানুহৰ লগত কিদৰে সম্পৰ্ক ৰাখিব লাগে শিকাৰ আগেয়ে
আমাৰ মাজৰ ব্যৱধানখিনি বাঢ়ি আহিছিল
, আৰু এনেকৈয়ে এদিন আমি ইপাৰ,
সিপাৰ নেদেখা হলোঁ
মোৰো ৰন্ধাবঢ়াবোৰ কমি আহিল, দলংখন সোলোক ঢোলোক হ মৰমেৰে ৰান্ধি দিয়া এসাঁজেই কিজানি যথেষ্ট নহয়, ইয়াৰ বাহিৰেও
মানুহৰ কাষ চাপিবলৈ আৰু কিবাকিবি বস্তুৰ প্ৰয়োজন হয়
যেনে
বুজা-পৰা
, ধৈৰ্য, সাহচৰ্য আনকি প্ৰয়োজনৰ
সময়ত ব্যৱধানো
! আমি ভাতসাঁজৰ মৰমত ডাঙৰ হোৱা গাঁৱলীয়া মানুহে
ত বুজিম এইবোৰ কথা?
 

সদায় একেৰাহে ৰান্ধি থাকিবলৈ পালে খাদ্য সোৱাদবিহীন হৈ পৰে আমাৰ ঘৰবোৰত মাজেঠাই, বৰমামাহীহঁতে দিনৰ দিনটো
পাকঘৰত ৰৈ হেঁতাকে ঘূৰালে
, নিজৰ জিভাৰ জুতিক আওকাণ কৰি আনৰ ফৰমাইচ
পূৰ কৰোঁতে কৰোঁতে হাতবোৰত থকা পূৰ্বৰ যাদুটো কমি আহিল
ৰান্ধনিকো
মাজে সময়ে একোটা
ব্ৰেলাগে আনে ৰান্ধি দিয়া সোৱাদপূৰ্ণ
এসাঁজ খাবলৈ পাব লাগে
, লাগিলে সেয়া স্পেছিয়েল একাপ চাহ আৰু পকৰিয়েই নহওক কিয়! এখন ভাল কিতাপ
বা চিনেমাৰ ৰূপত মস্তিষ্কৰ খোৰাক লাগে
, মাজে সময়ে ওলাই মেলি
ৰবালৈ যাবলৈ পালে ৰন্ধনশৈলীৰ সৃষ্টিশীলতা অটুট থাকে
মন পৰি আহিলে সোৱাদো পৰি আহিব এই খেলটোও অলপ
law of attraction-অ
ৰ সৈতে মিলে, যিজন মানুহৰ
প্ৰতি তোমাৰ সদ্ভাৱ নাই
, তেনে মানুহলৈ হাজাৰ সুমিষ্ট ব্যঞ্জন
ৰান্ধিলেও সোৱাদটো কিবা নজমে
!

লাহে লাহে সময় সলনি হৈছিল, জী টিভি ত চেফ সঞ্জীৱ কাপুৰৰ খানা খাজানাসম্প্ৰচাৰ হৈছিলনাকৰ তলত মোচ ৰখা মধ্যবয়সীয় ভাৰতীয় পুৰুষ এজনে পাকঘৰত দেশীবিদেশী খাদ্য ৰন্ধা-বঢ়া কৰিছে, চালে চকুত লগাকৈ প্লেটখন
সজাইছে
, তাদুপৰি পাকঘৰটোও যিহে আটোমটোকাৰীকৈ সজোৱা, চাফা! অন্যফালে সম্প্ৰচাৰ হোৱা ঘৰবোৰত বেছিভাগ গৃহিণীৰে
অৱস্থা ন যযৌ ন তস্থৌ-
 চাহকাপত
চেনী কম বা বেছি পালেও জগৰ
, ওজৰআপত্তিৰ
তত নাই
, টাকুৰীটো হৈ ঘূৰোঁতে কঁকালগোৰোহাৰ
বিষ

 সেই সঞ্জীৱ কাপুৰৰ ‘খানা খাজানা’ সম্প্ৰচাৰ হোৱাৰ দিনৰপৰা নয়নমণি
শইকীয়াই মাষ্টাৰচেফৰ খিতাপ অৰ্জন কৰালৈকে এই মাজৰ সময়খিনিত পাকঘৰৰ কাহিনীয়ে অনেক
মোৰ সলালে
জেণ্ডাৰ ছেঞ্চিটিভিটীৰএই
জামানাত
জেণ্ডাৰ স্বেপিং’-অৰ আলোচনা চলিল
বোলে জামানাই এনেকুৱা যে লৰা জিকিছে
পাকঘৰত
, ছোৱালী জিকিছে বক্সিঙত! (একে সময়তে
লাভলীনা বৰগোঁহায়ে বক্সিঙত স্বৰ্ণ পদক পাইছে
) জেণ্ডাৰ সৰ্বস্ব ষ্টেৰিঅটাইপবোৰ ভাগি গৈছে, মূৰৰ
ওপৰত থকা
গ্লাছ চিলিংখন মানুহে একেটা
গোৰতে ভাঙি ওলাই গৈছে
আমাৰ নিচিনা মেংগপিপল আল্ট্ৰাৰ এই কথাবোৰ শুনি থাকিলে মূৰৰ বহুত ওপৰত বলি থকা গৰম হাৱাজাকৰ কথা মনলৈ আহে
(ভূগোলৰ ভাষাত জেট ষ্ট্ৰীম বুলি যিবিধক কয়)
মাটিত বা তাৰ ওচৰে পাজৰে থকাখিনিৰ লগত এই ধৰণৰ কথাৰ বৰ বিশেষ কে
নাই
, আঁতৰত বলি আছে বুলি শুনিবলৈ
হে পোৱা যায়

 ইনষ্টাগ্ৰামৰ ৰীল বনাবলৈকে মোৰো ইবিধ সিবিধ ৰান্ধি থকা হয় গৰৈ মাছপুঠিখলিহনা বিচাৰি গাঁৱৰ ঘৰতো গৈ পাইছোঁ, যাতে পোৰা মাছৰ পিটিকাখন আটোমটোকাৰীকৈ বনাই দেখুৱাব পাৰোঁ, বেলকনিৰ কিটছেন গাৰ্ডেনত শাকপাচলিৰ খেতি কৰিছোঁ,
গোল গোল ৰুটী বেলিবলৈ আৰু অলপো নভগাকৈ পিঠা ভাজিবলৈ শিকিছোঁ; গ্ৰীল, অভে, ষ্টাৰ, টাইমাৰ, ইণ্ডাক্সন ষ্টভ সকলো ঘৰতে গোটাই লৈছোঁ, পিছফালে মাটিৰে লেপি জুহাল এখনো কৰি লৈছোঁ
তদুপৰি ভিডিঅবনাবলৈ ইনষ্টলমেণ্টত কিনা
আইফ
ন টো আছেই, সেইটো ধৰি থাকিবলৈ লগতে
কিনা এডাল হ
ল্ডিং ষ্টেণ্ড!

এবছৰমান সফলতাৰে ৰীলবনোৱাৰ পাছত এদিন সমালোচনা উফৰি আহিল  দেশৰ  মানুহ দুৰ্ভিক্ষত
মৰিছে
, ঘৰমাটি উচ্ছেদ হৈছে, চৰকাৰী অনুগ্ৰহত কোনোমতে দুবেলা দুমুঠি খাই জীয়াই আছেএইমখা নিলাজ মধ্যবিত্তৰ আকভাতকেইটা
সিজালেও ফটো তুলি আনক দেখুৱাবৰ হয়
ইডিঅ!” 

ময়ো ভাবোঁ, কিছুমান ক্ষেত্ৰত আইতাহঁতৰ জামানাটোৱেই আটাইতকৈ ভাল আৰু শান্তিপূৰ্ণ আছিল শৰীৰমন সবল আছিল, বহুত দিনলৈকে কাৰ্যক্ষম হৈ থাকিব পাৰিছিল ইণ্টাৰনেটবিহীন জীৱন কম সুখময়!
অদৰকাৰী ছাপ নাই, তিনিচাৰিমুখীয়া
ব্যক্তিত্ব নাই
, নিঃসংগতা নাই, প্ৰতিযোগিতা
কম
, আপোন ভালেই জগত ভাল মনোভাবেৰে ইঘৰ সিঘৰ কৰি জীৱনটো আৰামত
পাৰ হৈ গৈছিল
সুখ যদি আছিল, দুখো তাতেই আছিল কিন্তু
সুখ কিম্বা দুখৰ এক্সপ্ল
ইটেশ্যন হোৱা নাছিল
এস্থেটিকফটো বিচাৰি গাঁওভূঁই
ঘূৰি ফুৰাৰ অন্তৰালত যেন গ্ৰাম্য সভ্যতাৰ এক্সপ্ল
ইটেশ্যন
কিন্তু  সাঁচি ৰখাৰ এক আহিলা
(আৰ্কাইভ) বুলিয়েই আমি এই নব্য প্ৰযুক্তিক গ্ৰহণ
কৰিছোঁ
উপৰিপুৰুষৰ পৰা আমি কেৱল ভালখিনিয়েই গ্ৰহণ কৰোঁনে? বেয়াখিনিও সমানে কৰোঁ, বিকাৰ, ব্যাধি, ব্যক্তিত্ব,
চৰিত্ৰ, ট্ৰমা আদি বহুত কিবাকিবি কৰোঁ
জনসংখ্যা বাঢ়ি গৈ আছে,
আগন্তুক দিনত এশজন লৰাছোৱালীৰ
মাজত মাত্ৰ দহজনেহে মানসিক ৰোগৰ চিকাৰ নহ
, তদুপৰি নিবনুৱা সমস্যা দূৰ কৰিবলৈ আছেই, জলবায়ু সংকট,
কৃত্ৰিম বুদ্ধিমত্তাই অনা আগন্তুক ভয়াৱহ পৃথিৱীখনৰ কথা নকলোঁৱেইবা!
এনে স্থলত আজিৰ দিনত লৰাছোৱালী জন্ম দিয়াটো সাংঘাটিক ৰিস্কী কাৰবাৰ এটা
নিজা নিজা ট্ৰমা project  কৰি কেনে এখন
সমাজ গঢ় দিয়াত অৱদান যোগাম ভাবিয়েই পাৰ নাপাওঁ
 

অংকুশিতাই মোক কয় তই কথাবোৰ বেছি ভাবি পেলাৱ অলপ
chilled বিচোন
এইবোৰ ভাবি
ভাবিয়েই যতমানৰ এনজাইটী গোটাই লৈছ
!”

চিন্তাভাবনা এইবোৰ আহেই
আৰু মনলৈ
মই অসহায়৷” 

আহিলে জোৰ কৰি ঠেলি পঠিয়াবি তই নিজেই প্ৰশ্ৰয় দিয়৷” 

এদিনতো ইয়াকে লৈ আমাৰ দূৰ্বাদল কাজিয়া কাজিয়াৰ
পৰ্যায় তুংগত
, চুলিয়াচুলি
বলৈহে বাকী! মই উপায় নাপায় তাইৰ সোঁহাতৰ
মণিবন্ধত সজোৰে মুঠি মাৰি ধৰি চিঞৰিছোঁ,
 “অলপ তো বুজিবলৈ চেষ্টা
কৰ মোক
চেষ্টাও নকৰ যে তই!” 

তায়ো অসহায় ময়ো অসহায় খংবোৰ চকুপানীলৈ
ৰূপান্তৰ ঘটাৰ ঠিক এক
দুই ছেকেণ্ডৰ আগে আগে তাই কোঠাৰ বাহিৰলৈ ওলাই গ এনে পৰিস্থিতিত কথা আগ বঢ়োৱাটোৱেই বৃথাচিঞৰ  বাখৰ কৰি আনৰ লগতে নিজৰো হাৰাশাস্তি কৰি লাভ একোডাল
নহয়
 

সেইদিনা ৰাতিলৈ অংকুশিতাই মোৰ বাবে গাহৰি লৈ আনিলে পৰ্কখিনি তাই অকণমানো বাহিৰা তেল নিদিয়াকৈ বাঁহ গাজ দি নগা ষ্টাইলত
মোৰ বাবে ৰান্ধিলে
লগত কৰিলে পোৰা বিলাহীৰ ছাটনী,
সিজোৱা পাচলি, দাল ফ্ৰাই আৰু ৱাইন! আধা ঘণ্টামান পাকঘৰত টুংটাং কৰি থকাৰ শব্দ শুনি ময়ো
ক্ষোভ
, অভিমান এৰি সোমাই গ
লোঁ, কুকাৰত ৰঙচুৱাকৈ
উতলি থকা পৰ্ক
, বাঁহ গাজ, জলকীয়াৰ মিশ্ৰিত
গোন্ধত পেট কলমলাই গ
আনফালে বকবকাই উতলি থকা দাইলখনত কাঠৰ
ঘোটনিডাল মাৰি মাৰি মই অংকুশিতাৰ কাষতে ৰৈ থাকিলোঁ
তাই মুখেৰে
একো নক
লে 

জীৱনৰ পৰা বহুত বেছি আশা কৰাটো মিছা কিন্তু ভালপোৱাৰ
এসাঁজ ভাত
, নিশ্চিতভাৱে
আশা কৰিব পাৰি
অংকুশিতাই ৰন্ধা ভাঁতসাজতো মই আশাও কৰা
নাছিলোঁ
, ভাবিছিলো ইমান ইলাহী
কাৰবাৰ কৰাৰ ধৈৰ্য সেইদিনা কাৰো নাই
অৱশ্যে তাই
কৰিছিল
, আমাৰ মাজৰ বাঢ়ি অহা ব্যৱধানৰ মাজত
দলং এখন সাজিব খুজিছিল
আমি সকলোৱেই নিজ নিজ সামৰ্থ অনুসৰি এখন
দলং সাজিবলৈ চাই থাকোঁ
, কেতিয়াবা মনেৰে, কেতিয়াবা হেঁপাহৰ এসাঁজ ভাতেৰে!

 

 

মেইল আই. ডি : pratikshyaborah93@gmail.com