পল্লৱী কৌশিক শৰ্মা
পৰ্ব ১ – সুখৰ প্ৰচ্ছায়াত
গুঞ্জৰিত বিষাদ ৰাগিনী
হাই হিলৰ খট্খট্
শব্দ তুলি ক্লেৰিছ গ’ল্ডস্মিথ পাঁচজনীয়া দলটোৰ সৈতে চহৰৰ কেন্দ্ৰস্থলত আভিজাত্যৰ দম্ভৰে
মূৰ দাঙি থকা বিলাসবহুল হোটেল ‘দ্য ওৱেছিছ’ৰ টেণ্টথ্ ফ্ল’ৰৰ দুশ বাৰ নম্বৰ কোঠাৰ
পৰা এয়া, এইমাত্ৰ ওলাই গৈছে আৰু মোৰ হাতত দি থৈ গৈছে এ’গ্ৰিমেণ্টৰ লাষ্ট কপিটো৷ হাঁহিৰ
ৰেশ এটি মোৰ ওঁঠযুৰিত বিয়পি পৰাৰ বিপৰীতে আবাধ্য চকুলো এখিনিয়ে ধূসৰ কৰি তুলিছে কাগজখনত
ক’লা চিঞাহীৰে লিখি ৰখা আখৰবোৰ৷ তৰ্জনী আৰু বুঢ়া আঙুলিৰ টিপেৰে চকুৰ কোণ দুটা হেঁচি
ধৰিছোঁ মই৷ মোৰ অন্তঃস্থলত উথলি উঠা এই অনুভূতিখিনি সম্প্ৰতি বৰ্ণনাতীত৷ আচলতে চকুপানীৰ
চাৰিত্ৰিক বৈশিষ্ট্য বিশ্লেষণ কৰা হয় যদি মই বিনা দ্বিধাৰে ক’বলৈ ভাল পাম যে- ইহঁত আচলতে বিৰাট ডিপ্ল’মেটিক৷ দুখত যদি বাৰিষাৰ প্লাৱন নমা দি নামে, সুখতো নিগৰে৷
মোৰ সুহৃদ পাঠকসকল,
কাহিনীটোৰ আৰম্ভণি কিদৰে কৰা যায় বিমোৰত পৰাৰ বাবেই মই একেবাৰে পোনপটীয়াকৈ আপোনালোকক
কথাবোৰ জনাবলৈ ওলাইছোঁ৷
দিন-ৰাতি একাকাৰ
কৰি কেইবামহীয়া নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত আমি, মানে- মই পংকজ কন্দলি, ভাৰতীয় মূলৰ
ইংৰাজ মহিলা ক্লেৰিছ গ’ল্ডস্মিথ, মোৰ বন্ধু তথা হায়দৰাবাদী চফল যুৱ ইঞ্জিনীয়াৰ চন্দ্ৰভান
আৰু কেইবাজনো অচিনাকি দেশী-বিদেশী লোক এটা ছিক্ৰেট মিশ্যনৰ অন্তিম পর্যায়ত আহি উপনীত হৈছোঁহি৷ এক গুৰুত্বপূৰ্ণ ভূমিকাত চুক্তিৱদ্ধ হোৱা মই, হৃদয়ৰ সমস্ততাৰে নিজকে সঁপি
অর্জন কৰা প্ৰজেক্টটোৰ এই সফলতাত নিশ্চয়কৈ সুখী হ’ব লাগিছিল৷ তথাপি শূন্যতাৰ প্ৰকাণ্ড
শিল এছটাই মোৰ বুকুখন যেন হেঁচা মৰি ধৰি আছে!
উখোৱা চাউলমুঠি সিজাই
কোনটো জুতিৰে দুপৰীয়াৰ ভাতসাঁজ খুৱাব ভাবি-চিন্তি শাকনিত খৰাহি এটা লৈ শাক-পাত বুটলি
থকা মাৰ মুখখন চকুৰ আগলৈ ভাহি আহিল৷ পেটৰ ভোকত অনিচ্ছা সত্ত্বেও শাকৰ ভাজিকণ মুখলৈ নি
প্ৰায়েই ভোৰভোৰাই উঠিছিলোঁ মই- ‘সদায় সদায় শাকসোপাই!’ মোৰ অভিযোগত মৌন বিষাদে ওঁঠত
কঁপনি তোলা মাৰ চাদৰৰ আচলখন চকুপানীৰ ভৰে গধুৰ কৰি তুলিছিল৷ কাৰণ মাছে-মঙহে মাহেকৰ মূৰত
এসাঁজ উদৰ পুৰাই খোৱাও আমাৰ বাবে আছিল বিলাস৷ অথচ আজিৰ তাৰিখত অজস্ৰ খোৱাবস্তুৰে অত্যাধুনিক
কীচ্ছেনটো ভৰি থাকিলেও, ধোঁৱা বলি থকা সেই ভাতসাঁজৰ সোৱাদ বিচাৰিহে বলিয়া হওঁ দেখোন
মই!
নিৰলে বহি কেতিয়াবা
শুকান পাতৰ দৰে সৰি পৰা স্মৃতিৰ পঁয়ালগা ছবিখনত পানী এডোঙাত জীয়া শিলৰ দৰে ওপঙি ককবকাই
থকা মাক দেখি শিয়ঁৰি উঠোঁ৷ দুচকু উদাস এন্ধাৰে ছানি ধৰিলেও ঘৰে-ঘৰে গৈ কাম কৰি গোটোৱা
এমুঠি টকাৰে মোক লৈ কত যে সপোন ৰচিছিল মানুহজনীয়ে! জীৱনৰ কতটা বসন্ত মোক বৰ মানুহ কৰাৰ
হেঁপাহেৰে অকথ্য শাৰীৰিক কষ্ট আৰু মানসিক সংগ্ৰামেৰে পাৰ কৰি দিছিল! কোনটো সমীকৰণেৰে
জীৱন জীয়াৰ উত্তৰবিহীন অংকবোৰৰ সমাধান বিচাৰি মানুহে আচলতে এনে কিছু প্ৰাত্যহিক কামত
নিজকে নিয়োজিত কৰে বাৰু!
উঃ… বিষাক্ত পোকৰ
দৰে মন-মগজুত কিলবিলাই থকা স্মৃতিৰ পেটুৱা পেটটো ফালি চিৰদিনলৈ যদি মুক্ত হ’ব পাৰিলোহেঁতেন!
সোঁৱৰণীৰ খলাবমা
বাট এছোৱা গৰকি আটকধুনীয়া কোঠাটোৰ বেলকনি এৰিয়ালৈ ওলাই আহিলোঁ৷ চকু চাৎ মাৰি ধৰা
ৰূপোৱালী ৰ’দৰ প্ৰকোপত তলৰ জনশূন্য ৰাস্তাটো পাক খাই পৰি থকা ৰূপালী সূতা এডালৰ দৰে
দেখা গ’ল৷ উৎকট গৰম আৰু সম্প্ৰতিক ভয়াৱহ পৰিস্থিতিৰ ওচৰত নতজানু হৈ মানুহবোৰ চাগৈ সঁজা
বন্দী চৰাইৰ দৰে ধপধপাই আছে! আগে-পিছে কেইবাবাৰো এইখন হোটেললৈ মোৰ আগমন ঘটিছে যদিও,
আজিৰ এই নিৰ্যাসহীন শূন্যতাখিনিয়ে এডাল বিয়াগোম অজগৰৰ দৰে মোক যেন গিলিবলৈ উদ্যত
হৈছে! সেই শূন্যতাৰ মাজতো মোৰ অৱচেতন মনটোৱে অজানা কিবা এটা বিচাৰি হাহাকাৰ কৰিছে৷
প্ৰায় প্ৰতিটো মিনিটৰ অন্তত হাতঘড়ীটোৰ ডায়েলত চকু ফুৰাইছোঁ মই৷ টিকটিক শব্দৰে ঘড়ীটোৰ
কাঁটা তিনিডালে নিজৰ নিজৰ কাম বিৰামহীনভাৱে কৰি থকা সত্ত্বেও এনে অনুভৱ হৈছে – সময়
যেন আজি ক্ষয় নাযাবলৈকে দৃঢ়প্ৰতিজ্ঞ৷
জিন্সৰ পকেটত ভাইব্ৰেচন
তুলি হঠাতে মোৰ ম’বাইল ফোনটো বাজি উঠিল৷ স্ক্ৰীনত ক্লেৰিছ গ’ল্ডস্মিথ৷ উৎসুকতাৰে
কলটো ৰিচিভ কৰিলোঁ মই৷ বোঁৱতী নদীয়ে সুঁতি সলোৱাৰ দৰে উক্ত ফোনকলটোৱে মোৰ অসমাপ্ত কাহিনীটোক
যেন মুহূৰ্ততে অন্য এক গতি দিলে! অপ্ৰত্যাশিত, অকল্পনীয় সেই গতিয়ে মোৰ সপোনৰ পৰিসৰো
এটা নিৰ্দিষ্ট বিন্দুলৈকেহে ঠিৰাং কৰি থৈ গ’ল৷
উশাহৰ উঠা-নমাত পলকতে
চলায়মান ৰে’লখনৰ দৰেই জাক জাক স্মৃতি উকি মাৰি আঁতৰি গ’ল আৰু মই দুহাতেৰে খামুচি ধৰিলোঁ
পৃথিৱীৰ সমস্ত শূন্যতা৷ চন্দ্ৰভানে কেণ্টিনৰ আড্ডাত এজন বিজ্ঞ দাৰ্শনিকৰ দৰে প্ৰায়ে
বুজাইছিল মোক- ‘মাইণ্ডটো সদায় প’জিটিভ ৰাখিবা বন্ধু৷ দেখিবা- ধনাত্মক আৰু সুস্থিৰ
চিন্তাৰ ফচলো এদিন লহপহকৈ বাঢ়ি আহিব আৰু তোমাৰ চৌপাশ ধনাত্মক উৰ্জাৰে পোহৰাই তুলিব৷’
কথাখিনিয়ে এইবাৰ মোৰ মগজুত টোকৰ দিলে৷ পিছে আমাৰ চেতনত আমাৰ অজানিতেই আমাৰ চিন্তাবোৰো
এক দোদুল্যমান অৱস্থাত দুলি থাকে৷ সেইখিনিক এটা সুস্থিৰ গতি প্ৰদান কৰিবলৈ কি কৰা উচিত?
তাৰ উত্তৰ কোনোকালেই মোৰ ওচৰত নাছিল৷ থাকিবই বা কেনেকৈ! পৰিস্থিতিৰ কঁৰাল গ্ৰাসত হাবুডুবু
খাই শৈশৱৰ পৰাই জীয়াই থকাৰ যুঁজখনত যিটো ঋণাত্মক দৃষ্টিভঙ্গী মগজুত ধাৰণ কৰিবলৈ বাধ্য
হ’লোঁ- মোৰ নেতিবাচক চিন্তাৰ বাস্তৱসন্মত কাৰক সেইটোৱেই নহয় নে!
কোঠাৰ ভিতৰলৈ সোমাই
আহি বিয়েৰৰ কেন এটা ঘোটঘোটকৈ, পি ল’লোঁ৷ এইবাৰ চুকৰ সৰু টেবুলখনত পে’পাৰ ৱেইটটোৱে ধৰি
ৰখা এ’গ্ৰিমেণ্টৰ কপিটোলৈ চকু গ’ল৷ সামান্য ঘৰঘৰনি শব্দৰে এক নিৰ্দিষ্ট গতিত ঘূৰি থকা
চিলিং ফেনৰ হাৱাত পে’পাৰ ৱেইটৰ আয়তাকাৰ পৃষ্ঠভাগে কোনোমতে হেঁচি ৰাখিব নোৱাৰা চাৰিকোণীয়া
কাগজখনৰ উন্মুক্ত কোণকেইটাই মুক্ত হোৱাৰ প্ৰাণপণ হেঁপাহত ছটফটাই উঠিছে৷ এৰাতিৰ বাবে
মোৰ নামত কোঠাটো বুক কৰা হৈছিল যদিও, আগ-পিছ নাভাবি অলপো পলম নকৰাকৈ এ’গ্ৰিমেণ্ট কপিটো
হাতত লৈ হোটেল ৰূমৰ পৰা ওলাই আহিলোঁ মই৷ ভৰি দুখনে আপোন ঘৰখনলৈ বাট পোনালে৷ মনটোয়ে
পিছে পানী এডোঙাত পৰি ককবকাই থকা মাক পাৰলৈ তুলি নিচুকাবলৈ বুলিহে তীব্ৰ বেগে উৰা মাৰিলে৷
আঃ.. সময়ৰ কি তীব্ৰ
পৰিহাস!
পাখি গজিবলৈ ধৰা
ফুলকোমল সপোনটোক আকাশৰ বুকুলৈ উৰুৱাবলৈ সময়ৰ নাটনি নহয়তো!
পৰ্ব ২ – ৰূপান্তৰৰ
কাহিনী
কিছুদিনৰ পৰা সোঁ
হাতখনত ৰিবৰিবকৈ বিষ এটাই উকাই থাকিবলৈ লৈছে৷ পিছে গাঁওখনত খৰতকীয়াকৈ হৈ উঠা উন্নয়নমূলক
কাম-কাজবোৰে ব্যস্ততাৰ বাট এটা কাটি, সেই বিষকো উপেক্ষা কৰিব পৰাকৈ দৃঢ়মনা কৰি তুলিছে
মোক৷ গাঁৱৰ মানুহ কেইজনমানে তেওঁলোকৰ খেতিৰ মাটিৰ কিছু অংশ হাইস্কুলখন আৰু সৰুকৈ লাইব্ৰেৰী
এটা নিৰ্মাণৰ বাবে দান দিছে৷ টিপ চাকি আৰু মেন্থল লাইটৰ সলনি বিজুলী বাতিৰ পোহৰত পোতাবৰি
গাঁওখন ন-কইনাৰ দৰে সাজি-কাচি উঠিছে৷ বকুলী আইতাক আকৌ নামঘৰ এডোখৰো লাগে৷ তাকে আলচ
কৰিবলৈ কেইদিন যে মানুহগৰাকী মোৰ ওচৰলৈ আহিছে! গাঁৱৰ একমাত্ৰ প্ৰাথমিক স্কুলখনৰ প্ৰতিস্থাপক
তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৰেশ্বৰ বৰদেউতাই থৰক-বৰক খোজেৰে আহি চপচপীয়া চকুৰে
মাক কৈছে- ‘তোৰ ল’ৰা ঈশ্বৰৰ দূত হৈ আহিছে ৰূপা৷ বিপিন সিপুৰীলৈ যোৱাৰে পৰা নেদেখাজনে
তোৰ বহুত পৰীক্ষা ল’লে৷ তই পিছে সাহস নেহেৰুৱালি৷ অভিযোগ নৰখাকৈ নিজৰ কৰ্ম যথোচিত কৰি
গ’লি৷ এতিয়া তোৰ ল’ৰাই তোৰ লগতে গাঁওখনৰো দুখ-দুৰ্গতি আঁতৰোৱাৰ দায়িত্ব মূৰ পাতি লৈছে৷
কম গৌৰৱৰ কথা নে এয়া৷’
মই দেখিছিলোঁ- মা
পানীডোঙাটোৰ পৰা লাহে-লাহে উঠি আহিছে আৰু তৰাফুলৰ দৰে তিৰবিৰাই উঠা তেওঁৰ দুচকুৰে সুখৰ
নিজৰা এটি সৰসৰাই বৈ আহিছে! আঙুলিৰ মূৰত হিচাপ কৰি চালোঁ- কিমান যুগৰ অন্তত এয়া মানুহগৰাকীয়ে
সুখী হোৱাৰ আয়োজনেৰে নিজকে নির্ভাৰ কৰিছে বাৰু! সঁচায়ে ঈশ্বৰ প্ৰেৰিত দূত নেকি মই!
নহ’লে কোনেনো ভাবিছিল- গাঁৱৰ একমাত্ৰ পঢ়াশালিখনতে প্ৰাথমিক শিক্ষা লাভ কৰি, পৰৱৰ্তী
সময়ত দৈনিক পোন্ধৰ কিলোমিটাৰ দূৰ বাটকুৰি বাই চহৰৰ কলেজত পঢ়িবলৈ যোৱা এই পংকজ কন্দলি
এইদৰে এদিন এখন গাঁৱৰ ভৰসা হৈ পৰিব! যেন মৰুভূত মৰিচিকা খেদি ফুৰাৰ দৰে কথা এয়া! পিছে
অন্তৰৰ শুদ্ধতাৰে কৰা কামবোৰৰ ক্ষেত্ৰত ঈশ্বৰেও বোলে প্ৰাপ্তিৰ পথছোৱা কণ্টকমুক্ত কৰে৷
ময়ো হয়তো কেনেবাকৈ ঈশ্বৰৰ সৈতে মনঃসংযোগ স্থাপন কৰাত সফল হ’লোঁ!
আপোনালোকে হয়তো ভাবিছে- এনে কি আল্লাউদ্দিনৰ চাকিটো হঠাতে আহি মোৰ হাতত লাগিলহি অথবা এনে কি চমৎকাৰ হ’ল যে
প্ৰায় সকলো দিশতে পিছ পৰি ৰোৱা পোতাবৰি গাঁৱৰ মানুহখিনিৰ ময়েই সকাহ হৈ পৰিলোঁ! আচলতে,
প্ৰজেক্টটোৰ বিনিময়ত মই যথেষ্ট পৰিমাণৰ ধন লাভ কৰিছিলোঁ আৰু চৰকাৰী আঁচনিয়ে আজি
পৰ্যন্ত চুব নোৱৰা আপোন গাঁওখন আৰু গাঁৱৰ হোজা মানুহখিনিৰ বাবে কিবা এটা কৰাৰ অদম্য
হেঁপাহক পাখি গজাই উৰুৱাবলৈ সপোনৰ আকাশ এখন বিচাৰি পাইছিলোঁ৷ ফলত পোতাবৰি গাঁৱলৈ চকু-কাণ
দিবলৈও সময় নোহোৱা মন্ত্ৰী-বিধায়ক দুজনমানৰ এইবাৰ গাঁৱৰ মানুহখিনিলৈ দয়া উপজিল আৰু
চৰকাৰী আঁচনি অনুযায়ী, প্ৰয়োজনীয় সা-সুবিধাসমূহ উপলব্ধ হোৱাকৈ তেওঁলোকে উন্নয়ণৰ কামখিনিৰ
তদাৰক কৰিলে৷
হাঃ হাঃ হাঃ … ‘জোৰ
যাৰ মুলুক তাৰ’ বুজিছে৷ মোৰ পেণ্টৰ পকেট উদং হৈ যেতিয়াই তেওঁলোকৰ পকেটবোৰ গৰম হ’ল তেতিয়াই
পোতাবৰি গাঁৱৰ অভাৱ-অনাটনবোৰো দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰিলে৷ কিমান মজাৰ কথা নহয়? মুঠৰ
ওপৰত সকলো চৰ্তৰ খেলা৷ দিয়া-লোৱাৰ ৰাজনীতি৷
বাৰু, ইতিমধ্যেই
ৰুদ্ধশ্বাস জীৱনবোধেৰে পাৰ হোৱা মোৰ ল’ৰালিৰ দিনবোৰৰ বিষয়ে আপোনালোকে অনুমান কৰিছেই৷
পিছে অত্যন্ত মানসিক কষ্টকো অৱজ্ঞা কৰি, ভাগি-ছিগি চুৰ্চুমৈ হোৱা মোৰ অন্তৰ্নিহিত সত্তাটোক
সেই তেতিয়াই মই ধৈৰ্যৰ শিকলিডালেৰে নিকপকপীয়াকৈ বান্ধি পেলাইছিলোঁ৷ অহৰহ মাৰ বাবে,
গাঁওখনৰ বাবে বিশেষকৈ উঠি অহা প্ৰজন্মটোৰ হকে
কিবা এটা কৰাৰ লক্ষ্য আগত লৈয়েই পঢ়া-শুনাত মনোনিৱেশ কৰিছিলোঁ আৰু ইংৰাজী বিষয়ত সুখ্যাতিৰে
স্নাতক ডিগ্ৰী লাভ কৰি মাৰ হাজাৰ অনুনয়কো নেওচি কামৰ সন্ধানত মুম্বাই চহৰলৈ ওলাই আহিছিলোঁ৷
শুনিছিলোঁ- মায়ানগৰীৰ মায়াই বোলে কাকো হতাশ নকৰে৷ মোৰ পেণ্টৰ পকেটত তেতিয়া কেৱল ৰে’লৰ
ভাড়াটো৷ নিজকে বুজাইছিলোঁ- ‘উত্তৰণৰ পথছোৱা কঠিন, কিন্তু অভেদ্য নহয়৷ আগুৱাই যাবলৈ
হ’লে পদে-পদে নিজকে পৰীক্ষাগাৰত চেকি-চালি চাবই লাগিব৷ ঘঁহি থাকিলে এদিন শিলো জানো
ক্ষয় নাযায়!’ এই দুঃসাহসৰ পৰিণতি কি হ’ব পাৰে, তাৰ তিলমানো ধাৰণা নাছিল মোৰ৷ পিছে এই
যে অচিনাকি চহৰখনৰ বুকুত এদিন ভৰি থ’লোঁহি, পৰৱৰ্তী সময়ত সেয়া মোৰ জীৱনৰ আটাইতকৈ নিৰ্ভুল
আৰু উচিত সিদ্ধান্ত বুলি বিবেচিত হ’ল৷
পেটৰ ভোক, অৱসন্ন
মনেৰে কেইবাটাও উজাগৰী নিশা মায়ানগৰীৰ পদপথতে কটালোঁ৷ চহৰীয়া জীৱনশৈলীত অভ্যস্ত হ’বলৈ
নিজৰ লগতে কিমান যে যুজঁ-বাগৰ নকৰিলোঁ! এনে এটি সংগ্ৰামৰ দিনতে ঘটনাক্ৰমে অটোম’বাইল
ইঞ্জিনীয়াৰ চন্দ্ৰভান মোৰ জীৱনলৈ ঈশ্বৰ ৰূপে আহি দেখা দিলেহি আৰু মোৰ বিষয়ে আঁতি-গুৰি
লৈ তেওঁ কৰ্মৰত অফিচটোতে সৰু পোষ্ট এটাত মোক নিযুক্তি দিলে৷ ৰ’দে পোৰা পাতৰ দৰে কজলা-সেউজ
বৰণে ছানি ধৰা জীৱনলৈ সেয়া যেন আছিল এক অল্পকালস্থায়ী সকাহ৷
পিছে তাৰ পাছত… ?
কেনেকৈ হ’ব স্বপ্ন
পূৰণ? কি কৰিম মই? অজস্ৰ প্ৰশ্নৰ ভৰে মোক উশাহ ল’ব নোৱাৰাকৈ হেঁচা মাৰি ধৰিলে! সমান্তৰালকৈ
লক্ষ্য পূৰণৰ যাত্ৰাত প্ৰতিনিয়ত মগজুত ধাৰণ কৰি ৰখা মাৰ উদাসী চকুযুৰিৰ অনুজ্জ্বল
হাঁহিটোৱে বহু স্বপ্নদুৱাৰৰ সন্ধান দিবলৈ যেন উঠি- পৰি লাগিল! নিত্য নতুন মানুহৰ সংস্পৰ্শলৈ
আহি নতুন নতুন অভিজ্ঞতাৰে পুষ্ট হ’লোঁ মই৷ এটা সৰু বৃত্তই সামৰি ৰখা মোৰ পৃথিৱীখন লাহে-লাহে
বহল হ’ল৷ একাকিত্বক আওকাণ কৰিব পৰা হ’লোঁ৷ আৰু এদিন চন্দ্ৰভানৰ জৰিয়তেই আমেৰিকান বায়’লজিষ্ট
ক্লেৰিছ গ’ল্ডস্মিথৰ সান্নিধ্য প্ৰাপ্তিৰ সুযোগ লাভ কৰিলোঁ৷ চন্দ্ৰভান মোৰ প্ৰতি এইদৰে সদয় হোৱাৰ নেপথ্যত আছিল
মোৰ সততা আৰু কৰ্মস্পৃহা৷
ক্লেৰিছ মেমক
প্ৰথম লগ পোৱাৰ দিনাই অনুমান কৰিছিলোঁ- ভাৰতীয় দৰ্শন আৰু অধ্যাত্মিকতাৰ প্ৰতি মানুহগৰাকী
প্ৰবলভাৱে আকৰ্ষিত৷ সেই সূত্ৰেই চন্দ্ৰভানৰ লগত তেওঁৰ বহুদিনীয়া চিনাকি৷ স্ফটিকৰ দৰে
স্বচ্ছ আৰু স্পষ্ট তেখেতৰ জীৱন দর্শনে পলকতে মন্ত্ৰমুগ্ধ কৰি তুলিছিল মোক৷ তাতোকৈ আচৰিত
হৈছিলোঁ- পৰীক্ষাগাৰত বিভিন্ন কেমিকেলৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাই, নিত্য নতুন উদ্ভাৱনেৰে
মানৱ সেৱাত ব্ৰতী বিজ্ঞানীগৰাকীয়ে যেতিয়া শিৱপুৰাণৰ কথা কৈছিল আৰু এটাৰ পাছত এটাকৈ শ্ৰীমদ্ভগৱদগীতাৰ শ্লোকবোৰ সলসলীয়াকৈ গাই শুনাইছিল৷ তেওঁৰ প্ৰোজ্জ্বল চকুযুৰিৰ গভীৰতাত
এখন প্ৰশান্তিৰ সাগৰ দেখা পাইছিলোঁ মই! এনে লাগিছিল- অনুভৱৰ সৰাফুল বুটলি আটোলটোল
সপোন এটা তেওঁৰ চকুযুৰিয়ে যেন সামৰি ৰাখিছে! সাধনাৰ উৰ্ধতম স্তৰত বিচৰণ কৰিহে মানুহ
চাগৈ এনে ব্যক্তিত্বৰ অধিকাৰী হয়৷ বিনয়েৰে সুধিছিলোঁ তেখেতক- ‘আপোনালোকৰ প্ৰজেক্টটোৰ
অংশীদাৰ হোৱাৰ যোগ্যতা আছে জানো মোৰ ? মোক নিৰ্বাচন কৰাৰ কাৰণ ?’
উত্তৰত জীৱন সম্পৰ্কীয়
জ্ঞানৰ জ্যোতিৰ্ময় দীক্ষাৰে দীক্ষিত মহীয়সী নাৰীগৰাকীয়ে স্মিত হাঁহিৰে কৈছিল- ‘এই
যে মানুহৰ বাবে কিবা এটা কৰাৰ সংকল্পৰে তুমি অচিন চহৰ এখনলৈ ঢাপলি মেলি আহিলা, মোৰ
বাবে সেয়াই তোমাৰ যোগ্যতা৷ সমৰ্পিত মনোভাৱেৰে তুমি কেৱল কৰিবলগাবোৰ কৰি যোৱাঁ৷ কৰ্মফল
আমাৰ হাতত নাথাকে৷ আমি সফল হ’ম নে নহ’ম সেয়াও ঈশ্বৰে ইতিমধ্যেই ঠিৰাং কৰি ৰাখিছে৷ জাষ্ট
বি প’জিটিভ৷’
আচলতে চন্দ্ৰভানে
কথাবোৰ জনাওঁতেই মই কোনটো পৰ্যায়লৈকে প্ৰজেক্টটোৰ বাবে নিজকে সমৰ্পণ কৰিবলৈ সাজু
আছোঁ স্পষ্টকৈয়ে জনাই দিছিলোঁ৷ মানুহৰ বাবে কিবা এটা কৰাৰ অদম্য স্পৃহাই হয়তো মোক তেনে
কৰিবলৈ প্ৰৰোচিত কৰিছিল আৰু প্ৰজেক্টটোৰ লগত মই প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছিলোঁ৷
পোতাবৰি গাঁও, মায়ানগৰী
মুম্বাই আৰু এতিয়া আমেৰিকান বায়’কেমিকেল ৰিচাৰ্ছ চেণ্টাৰ৷ আঃ… কেনেকৈ যে ভিন্নতা আহে
জীৱনৰ একো একোটা অধ্যায়লৈ! কেনেকৈ যে স্তৰে স্তৰে ৰূপান্তৰ ঘটে একোটা কাহিনীৰ৷ বিশ্বব্ৰহ্মাণ্ডৰ
কোনো বস্তু, কোনো অনুভতিয়েই আচলতে ধ্ৰুৱক নহয়৷
পৰ্ব ৩ – পৰ্বান্তৰৰ
গদ্য
চাৰিটা মাহ চকুৰ
পচাৰতে পাৰ হৈ গ’ল৷
ঘৰৰ বাৰাণ্ডাৰ আৰামী
চকীখনত বহি ভাবনাৰ শিলালিপি খুঁচৰি থাকোঁতেই নিৰৱতাত যতি পেলাই মায়ে আহি মাত দিলেহি৷
মোৰ দৃষ্টি পিছে আজি মাৰ চকুত স্থিৰ হৈ ৰোৱা নাই৷ দীঘলকৈ হুমুনিয়াহ এটা এৰি আকাশলৈ
চালোঁ৷ নিৰ্মেঘ, নীলা আকাশ৷ এৰা এইখন… এইখনেই মোৰ মাৰ আকাশ৷ মই সাজি দিয়া সপোনৰ চিলাখন
এইখন অকাশতে উৰুৱাব লাগিব মায়ে৷ ভিতৰৰ কোঠাত বহু সময় ধৰি বাজি থকা ম’বাইল ফোনটো মোৰ
হাতত তুলি দি মা আঁতৰি গ’ল৷ দুদিন পাছতে চন্দ্ৰভান ক্লেৰিছ গল্ডস্মিথক লগত লৈ মোক এবাৰ
লগ পোৱাৰ উদ্দেশ্যে পোতাবৰি গাঁৱলৈ আহিব বুলি জনালে৷ লগতে আমাৰ ছিক্ৰেট মিশ্যনটোৰ
বৃহৎ সফলতাৰ বিষয়েও সদৰি কৰিলে৷ হঠাতে আহি মানৱ জীৱনত সন্ত্ৰাস সৃষ্টিকাৰী অচিন ভাইৰাছবিধৰ
বিপক্ষে যুঁজিবলৈ আমাৰ প্ৰজেক্টটোৰ দ্বাৰা যিবিধ প্ৰতিজৈৱিক আৱিষ্কাৰ কৰা হ’ল, সেই প্ৰতিজৈৱিকবিধ
ইতিমধ্যে মানৱ শৰীৰত সফলতাৰে প্রয়োগ কৰা হৈছে৷ ভাল লগা অনুভৱ এখিনিয়ে মনটো সজীৱ কৰি
তুলিলে মোৰ৷
প্রিয় পাঠকসকল, এইখিনিতে
উল্লেখ কৰোঁ- ‘মানৱ সেৱাই পৰম ধৰ্ম’ বুলি
অন্তঃকৰণেৰে বিশ্বাস কৰা ক্লেৰিছ গ’ল্ডস্মিথে কেইজনমান বিশ্বস্ত ব্যক্তিৰ সহযোগত ক্ৰমান্বয়ে
মহামাৰীৰ ৰূপ ধাৰণ কৰা অচিন ভাইৰাছজনিত বেমাৰবিধৰ চিকিৎসাৰ বাবে এবিধ প্ৰতিজৈৱিক গোপনে
প্ৰস্তুত কৰি উলিয়াইছিল৷ প্ৰথমে তেওঁ পৰীক্ষামূলকভাৱে এটা এন্দুৰৰ দেহত ঔষধবিধ প্ৰয়োগ
কৰিছিল আৰু সুদীৰ্ঘ পাঁচোটা মাহ পৰ্যবেক্ষণত
ৰাখি এন্দুৰটোৰ দেহত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া দেখা নাপাই পৰৱৰ্তী পৰ্যায়ত মানৱ শৰীৰত প্ৰতিজৈৱিকবিধ প্ৰয়োগ কৰাৰ পৰিকল্পনা
কৰিছিল৷ দুৰ্ভাগ্যক্ৰমে মুম্বাইত কৰ্মৰত অৱস্থাতে এদিন আন বহুতৰ দৰে মোৰ দেহটো উক্ত
ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰে৷ গতিকে সেই মানৱ শৰীৰটো স্ব-ইচ্ছাৰে ময়েই হৈ পৰোঁ৷ কেইবালাখ
টকাৰ চুক্তিৰে, বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত, কেইবাজনো ডাক্তৰৰ উপস্থিতিত ‘দ্য
ওৱেছিছ’ হোটেলৰ টেণ্টথ্ ফ্ল’ৰৰ দুশ বাৰ নম্বৰ কোঠাত অৱশেষত চিৰিঞ্জৰ সহায়েৰে প্ৰতিজৈৱিকবিধ
মোৰ দেহত প্ৰয়োগ কৰা হয়৷ পিছে প্ৰৱাহিত ৰক্তৰে মিলিত হৈ প্ৰতিজৈৱিকবিধ মোৰ শৰীৰত বিয়পাই দিলে কি নিদিলে, বিক্ৰিয়া ঘটি ইতিমধ্যে পর্যবেক্ষণৰ বাবে ৰখা এন্দুৰটো মৰিল বুলি ক্লেৰিছ
মেমৰ কলটো আহিল৷
অনিশ্চিত ভৱিষ্যতৰ
অন্ধকুপ খাদ এটালৈ মোক ঠেলি দি, সময়ে যেন অট্টাহাস্য কৰি উঠে!
***
যথাসম্ভৱ লুকুৱাই
ৰাখিবলৈ যত্ন কৰা, সোঁহাতৰ বাউসীত ক্ৰমান্বয়ে বাঢ়ি অহা পানী বেলুন সদৃশ লুপথুপিয়া
ঘাচোখৰ লাহে-লাহে দুই-একৰ চকুত পৰিবলৈ ধৰিছে৷ বাঢ়ি অহাৰ লগে-লগে ঘাখিনি মোৰ হাতৰ বিষৰো
অনুঘটক হৈ পৰিছে! উঃ… ইমান যন্ত্ৰণা! পিছে পাৰিছোঁ, পাৰিছোঁ৷ সেই যন্ত্ৰণা সহিব পাৰিছোঁ
মই আৰু সহিছোঁ বাবেই বাঢ়ি অহা ঘাখিনিৰ দৰে পোতাবৰি গাঁৱলৈ সুখৰ নৈ এখনো লয়লাসে বৈ আহিছে৷
পৰিকল্পনামতেই ক্লেৰিছ
গ’ল্ডস্মিথ আৰু চন্দ্ৰভানৰ দ্বাৰাই হাইস্কুলখন আৰু লেইব্ৰেৰীটোৰ শুভ উদ্বোধন কৰোৱা
হ’ল৷ বিদেশী মহিলা এগৰাকীক স্বচক্ষে গাঁওখনত দেখা পাই মানুহবোৰৰ যেন উলাহৰ অন্ত নাই!
ক্লেৰিছ মেমে প্ৰজেক্টটোত মোৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি জনাই স-সন্মানে ‘আমেৰিকান
বায়’কেমিকেল ৰিচাৰ্ছ চেণ্টাৰ’ৰ তৰফৰ পৰা এখন চাৰ্টিফিকেট মোৰ হাতত তুলি দিলে৷ কথাবোৰৰ
আটকাল পাই গাঁৱৰ মানুহখিনিৰ মোৰ প্ৰতি কৃতজ্ঞতাৰে ভৰুণ চকুবোৰ সেমেকি উঠিল৷ মুক হৈ
ৰ’লোঁ মই৷ কেতিয়াবা হৃদয়ৰ অতলত তোলপাৰ লগোৱা অনুভৱবোৰ প্ৰকাশ কৰিবলৈ মৌনতাও আচলতে
শব্দ হৈ পৰে! অচিন ভাইৰাছবিধৰ বিষয়ে একোৱেই ভু নোপোৱা পোতাবৰি গাঁৱৰ মানুহখিনি এতিয়াও
যে বেমাৰটোৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰি আছে তাৰবাবে ঈশ্বৰকে ধন্যবাদ জনালোঁ মই৷
***
এটা বছৰত গাঁওখনলৈ
বহুতো পৰিৱৰ্তন আহিল৷ আজিকালি হুইল-চেয়াৰখনত বহি ৰাস্তাৰে পাৰ হৈ যোৱা সুখী মুখবোৰ
দেখি আত্মসন্তুষ্টিৰে কৈ উঠোঁ মই – ‘ইয়েছ , য়ু হেভ ডান পংকজ৷’ কিন্তু কিদৰে নিচুকাওঁ মই মোৰ মাক! দংদংকৈ ডেকা ল’ৰা এটাক
এজনী মাকে এই অৱস্থাত চকুৰ আগত লৈ চাই থকা সম্ভৱ নে! কেতিয়াবা মাৰ বুকুলৈ কুৰুকি-কুৰুকি
সোমাই গৈ পাহাৰসদৃশ বেদনাবোৰ আকুহি উলিয়াই অনাৰ ব্যৰ্থ চেষ্টাত পুনু ভাগি-ছিগি চূৰমাৰ
হওঁ মই৷ বহ্নিমান অতীতে যেন বাৰে-বাৰে প্ৰশ্ন কৰে মোক- কি দিলে জীৱনে তোক ? কি কৰিলি
এয়া ? মাক মাথোঁ কওঁ- ‘মই এতিয়াও জীয়াই আছোঁ মা৷ তোমাৰ কাষতে আছোঁ৷’
ত্যাগে কেৱল ৰিক্ত হোৱাকে নুবুজায়! ত্যাগে ৰিক্ততাৰ পৰিভাষাক
নস্যাৎ কৰি পূৰ্ণতাৰ অনুভৱেৰেও আমাক ন’কৈ উদ্ভাসিত কৰি থৈ যাব পাৰে৷
উপসংহাৰ
এন্দুৰটোৰ মৃত্যুৰ
পাছতে পুনঃ পৰীক্ষণত প্ৰতিজৈৱিকবিধত ব্যৱহৃত কেমিকেলসমূহৰ পৰিমাণত সামান্য তাৰতম্য
ঘটোৱাৰ প্ৰয়োজনীয়তা আহিপৰে আৰু যথেষ্ট পৰীক্ষা-নিৰীক্ষাৰ লগতে প্ৰচুৰ মানসিক
শ্ৰমৰ অন্তত ক্লেৰিছ মেমৰ টিমটোৱে সফলতাৰ দুৱাৰদলিত আহি ভৰি দিয়েহি৷ সুখৰ বতৰা-
প্ৰতিজৈৱিকবিধে চৰকাৰী স্বীকৃতি লাভ কৰিবলৈও সক্ষম হয়৷
আসন্ন মৃত্যুৰ
বাবে মই এতিয়া অলপো বিচলিত নহওঁ৷ এই যে ইচ্ছাশক্তিক বিকশিত কৰি এক সাৰ্থক জীৱন গঢ়ি
মই আন দহজনৰ জীৱনবোধৰ ধাৰণাটোক সৰ্বাত্মকভাৱে প্ৰভাৱিত কৰিলোঁ, সেয়াই মোৰ প্ৰাপ্তি৷
যাৰ নিশ্চিতভাৱেই এদিন সামৰণি পৰিব, তাক কলাত্মক
ৰূপে গঢ় দিয়াই জীৱনৰ প্ৰকৃত অৰ্থ হোৱা উচিত নহয় নে ?
প্ৰতিজৈৱিকৰ বিক্ৰিয়া
ঘটি ক্ৰমান্বয়ে সংকুচিত হৈ অহা মোৰ শৰীৰটো আৰু ধূসৰ চাৱনিৰে বেৰত ওলমাই ৰখা চাৰ্টিফিকেটখনলৈ
দৃষ্টি নিক্ষেপ কৰিলোঁ৷ ক্লেৰিছ মেমে মোক এটি নতুন নামেৰে নামাকৰণ কৰিছে – ‘নীলকণ্ঠ’৷
যন্ত্ৰণাৰ গৰল পান কৰি মোৰ সন্মুখত এয়া মোৰেই এক অন্য সত্তা – ‘নীলকণ্ঠ’ মই৷
***
(সমাপ্ত)
ঠিকনা :
ডিমৰুগুৰি, সেউজ
পথ
পো: অ: – ডিমৰুগুৰি
জিলা – নগাঁও – ৭৮১০০৩
ভ্ৰাম্যভাষ – ৯১০১২০৩৫৫৪