যশোৱন্ত নিপুন



নৈশ বাছখনত উঠি ওপৰত বেগটো ৰাখি নিজৰ ছীটটোত বহাৰ
আগতে বাছখনৰ আগে-পিছে চালোঁ ৷ কেনে ধৰণৰ সহযাত্ৰীৰ লগত জীৱনৰ কেইটামান ঘণ্টা পাৰ
কৰিব লাগিব সেইটো জানিবলৈ মোৰ সদায় মন যায় ৷ আধামান ছীট তেতিয়াও খালি ৷

   অলপ পাছত পঁচিছ-ত্ৰিছ বছৰীয়া ডেকা এজন
আহি মোৰ কাষৰ খিৰিকিত লগা ছীটটোত বহিল আৰু বহিল মানে শীঘ্ৰে চকু মুদি টোপনিয়াবলৈ
ধৰিলেই ৷
 

  কাষৰ সোঁফালৰ ছীটত এহাল দম্পতী বহিলেহি ৷
মানুহজনৰ বয়স পঁচপন্ন-ষাঠিৰ ওচৰা-ওচৰি আৰু ঘৈণীয়েকৰো বয়স মোটামুটি সিমানেই হ’ব যেন
অনুমান কৰিলোঁ ৷ মানুহজন ওখ-পাখ, স্বাস্থ্যৱান আৰু সুদৰ্শন ৷ ঘৈণীয়েকো দেখাই-দৰ্পণে
মিলা ৷
   

  বাছখনৰ প্ৰায়বোৰ ছীটেই লাহে লাহে দখল
হ’বলৈ ধৰিলে ৷

  এজন ক্ষীণ, নিয়মীয়া ওখ ডেকা খুব ব্যস্তভাৱে সোমাই আহিল আৰু ব্ৰেক মৰাৰ দৰে মোৰ ছীটটোৰ কাষতে ৰৈ গ’ল ৷ সোঁফালৰ ছীটৰ
মানুহজনলৈ চাই সি উল্লাসত চিঞৰি উঠিল, “খুৰা দেখোন ৷ ক’লৈ যাবি ? অ’ ! কি কথা
! খুৰীও দেখোন ৷ খুৰী মোক চিনি পাইছেনে ?”

  তিনিওজনৰ মাজত চাৰি-পাঁচ মিনিটমান বহু
দিনৰ পাছত লগালগি হোৱা পুৰণি চিনাকি মানুহৰ দৰে কথা-বতৰা চলিল ৷ বুজিলোঁ – তেওঁলোক
তিনিওজন একেখন গাঁৱৰে ৷ ডেকাজনৰ নাম প্ৰভাত ৷ সি গাঁও এৰি দূৰৰ নগৰলৈ জীৱিকাৰ
সন্ধানত গুচি অহাৰ বহু বছৰ হ’ল ৷ মানুহজনৰ ঘৈণীয়েকক সি গাঁৱলৈ যাওঁতে
দুই-তিনিবাৰমানহে লগ পাইছে ৷ এতিয়া প্ৰভাতে গাঁৱলৈ খুব কমেইহে যায় ৷ তাৰ কোম্পানীৰ
মালিকৰ দুঠাইত ডাঙৰ ব্যৱসায় আছে ৷ সেই দুয়ো ঠাইতেই সি সলনা-সলনিকৈ থাকিব লগা হয় ৷

  প্ৰভাতে ফিলফিলিয়া চোলা এটাৰ ওপৰত পুৰণি
হাফ চুৱেটাৰ পিন্ধিছিল ৷ তাৰ পেণ্টটোও বৰ পুৰণি ৷ ভৰিত পুৰণি, পাতল হাৱাই চেণ্ডেল
৷ সেইখিনি মাত্ৰ কাপোৰেৰে তাৰ জাৰ লগা নাই নে ? মই দুটা চুৱেটাৰ আৰু জেকেট পিন্ধি,
মূৰত মাফলাৰ মেৰিয়াই লৈও ঠাণ্ডাটো কাবু কৰিব পৰা নাই দেখোন ৷

  ড্ৰাইভাৰে বাছখন ষ্টাৰ্ট কৰিছিল ৷
প্ৰভাতে গৈ একেবাৰে পিছৰ ফালৰ ছীট এটাত বহিছিলগৈ ৷ এনেয়ে পিছৰ ফালে চাই দেখিলোঁ
বুকুত হাত সাবটি, ছীটত আঁউজি মূৰটো পেলাই সি চকু দুটা মুদিছেই ৷

  বাছখন তীব্ৰ বেগত ৰাষ্ট্ৰীয় পথ এটাৰে
আগুৱাইছিল ৷ কোনোবা কোনোবা যাত্ৰীৰ কথাৰ দুই-এটা টুকুৰা ভাহি আহিছিল ৷ মই এনেয়ে
চকু দুটা মুদি দিলোঁ ৷ অৱশ্যে বাছত মোৰ সোনকালে টোপনি কেতিয়াও নাহে ৷

  “ইমান জাৰ পৰিছে আজি ৷ সি যে সেইখিনি
মাত্ৰ কাপোৰ পিন্ধি আহিছে ঠাণ্ডা লগা নাই নে তাৰ ?” কাষৰ মানুহজনীয়ে কোৱা শুনিলোঁ

  “কাৰ কথা কৈছা ? প্ৰভাতৰ ?” মানুহজনে
সুধিলে ৷

  “অঁ ৷”

  “সি জাৰ সহ্য কৰিব পাৰে ৷” মানুহজনে
গহীনাই ক’লে ৷

  “সি কিবা বেলেগ ধৰণৰ মানুহ নেকি ?”
মানুহজনীয়ে সুধিলে ৷

  “বহু বছৰ আগৰ কথা ৷ আমাৰ বিয়াৰো আগৰ ঘটনা
এইটো ৷ সেইটোৰ পৰাই মই গম পাইছিলোঁ যে সি জাৰ সহ্য কৰিব পাৰে ৷”

  “মই নাজানো ৷ কি ঘটনা ?” মানুহজনীয়ে
সুধিছিল ৷

  ভগৱানে মোৰ কাণ দুখনক অলপ বেছিকৈয়ে দয়া
কৰা বুলি মই বিশ্বাস কৰোঁ ৷  দুয়োজনে সৰু সৰুকৈ কথা পাতিছিল যদিও কথাবোৰ মই
প্ৰায় ভালকৈয়ে শুনিব পাৰিছিলোঁ ৷ তাতে মোৰো ঘটনাটো জানিবৰ মন গৈছিল ৷ 

  মানুহজনে কৈ গৈছিল বহু বছৰৰ আগৰ তেওঁলোকৰ
গাঁৱত ঘটা ঘটনা এটাৰ কথা ৷ ময়ো শহাকণীয়া হৈ টোপনিৰ ভাও জুৰি শুনি গ’লোঁ
৷  

  প্ৰভাত তেতিয়া বাৰ-তেৰ বছৰীয়া ল’ৰা ৷
মানুহজনে তেওঁৰ মানুহজনীক নিজৰ কৰি লোৱাৰো আগৰ সময়ৰ  গাঁৱৰে সম্বন্ধীয় খুৰাকৰ
ডাঙৰ পুতেকৰ বিয়া এখনৰ কথা ৷ সেইদিনা খুব জাৰ পৰিছিল ৷ দিনত কুঁৱলি আৰু মেঘৰ
প্ৰকোপত ৰ’দ ওলাবই নোৱাৰিলে আৰু আবেলিলৈ কিনকিনকৈ বৰষুণ পৰিছিল ৷ প্ৰভাতে সেই
জাৰতো পুৰণি লংপেণ্ট আৰু পাতল চোলা এটা পিন্ধি বিয়াঘৰত পিটপিটাই ফুৰি আছিল ৷ তাক
দেখিলেই আনৰো জাৰত কঁপনি উঠিব খুজিছিল ৷ দুই-এজনে তাক দবিয়াই ঘৰলৈ গৈ চুৱেটাৰ
পিন্ধি বা গৰম কাপোৰ লৈ আহিবলৈ কৈছিল ৷ কিন্তু সি দাবি খায়ো মনে মনে থাকিছিল যদিও
আচলতে কাৰো কথাই শুনা নাছিল ৷

  “কিয় শুনা নাছিল ? ভাল কথাইতো কৈছিল
মানুহবোৰে ?” মানুহজনীয়ে মাজতে সুধিলে ৷

  “কথাটো সহজ ৷ বিয়াঘৰত পিন্ধিব পৰা ধৰণৰ
গৰম কাপোৰ তাৰ নাছিলেই ৷ সিহঁত আছিল গাঁৱৰ আটাইতকৈ দুখীয়া মানুহঘৰ ৷” মানুহজনে
উত্তৰ দিলে ৷

  “কিন্তু ঘৰত গৈ থাকিব পাৰিলেহেঁতেন সি ৷
কিয় বিয়াঘৰত ঠাণ্ডাত কঁপি কঁপি মৰিব লাগে ?” 

  “ঠাণ্ডাত কঁপা নাছিল সি ৷ তাৰ বোলে জাৰ
লগাই নাছিল, সি নিজেই কাৰোবাক কাৰোবাক ওফাইডাং মাৰি কৈছিল ৷ আৰু সৰু ল’ৰা এটাৰ
বিয়াঘৰৰ উদুলি-মুদুলিবোৰৰ মাজত থকাৰ মন থাকেই ৷ তাতে সি পেট ভৰাই খাবলৈও পাইছিল ৷”

  “খাই-বৈ সি গৈ ঘৰত থাকিবও পাৰিলেহেঁতেন
৷” মানুহজনীয়ে ক’লে ৷ একেই প্ৰশ্নটো মোৰ মনলৈও আহিছিল ৷

  “সি মাজতে অলপ সময় বিয়াঘৰৰ পৰা নোহোৱা
হৈছিল ৷ কিন্তু বাকীখিনি সময় তাতেই আছিল ৷ বৰযাত্ৰীৰ লগত যোৱাৰ মতলব আছিল তাৰ ৷”

  “গ’ল নে পিছে সি তেনেকৈয়ে ?” মানুহজনীয়ে
সুধিলে ৷

  “বৰযাত্ৰীৰ বাছ এখনত সিও উঠিছিল ৷ কিন্তু
তাক দুজনমানে টানি নমাই দিছিল ৷”

  “কিয়নো তেনে কৰিব লাগে ? বেচেৰাটোৱে
কিজানি বৰকৈ আশা পালি আছিল ৷” মানুহজনীৰ কণ্ঠত নাৰীসুলভ কোমলতা আৰু সহানুভূতি উথলি
উঠিছিল ৷

  “হয় ৷ কিন্তু তেনেকুৱা সাজ-পাৰেৰে
কোনোবা  এজন লগত গ’লে বৰযাত্ৰীৰ সন্মানত নালাগিব জানো ৷ কইনা ঘৰৰ মানুহেই বা
কি ভাবি লয় ? সেইবোৰ চিন্তা কৰিয়েই তাক যাবলৈ নিদিলে ৷”

  “তেনেতে এটা ঘটনা হ’ল ৷ দৰাৰ সৰু
মোমায়েকৰ বৰযাত্ৰীৰ লগত যাবলৈ ওলোৱা চৈধ্য-পোন্ধৰ বছৰীয়া ল’ৰাটোৰ নতুন ৰঙা
চুৱেটাৰটো হেৰাল ৷ মানে সেইটো সি ক’তো বিচাৰি পোৱা নাছিল ৷ সৰুসুৰা হুৱাদুৱা এখন
লাগি গ
ল ৷ সেই মোমায়েকজন বৰ শকত-আবত, একাচেকা
ধৰণৰ মানুহ ৷ তেওঁ ঘৰে-বাহিৰে সকলোতে চুৱেটাৰটো বিচৰালে ৷ কিন্তু নাই ৷ সেইটো ক’তো
পোৱা নগ’ল ৷ গতিকে মোমায়েকজনে ক’লে আৰু বাকী সকলোৱে তেওঁৰ কথাত হয়ভৰ দিলে যে
চুৱেটাৰটো কোনোবাই চুৰি কৰিলে ৷”

  “হ’বও পাৰে ৷ চোৰৰ উপদ্ৰৱ জানো আগতেও কম
আছিল ৷” মানুহজনীয়েও সমৰ্থন কৰিলে ৷

  “চুৱেটাৰ চোৰ কোন হ’ব পাৰে মানুহবোৰে
ভাবিবলৈ ধৰিলে আৰু সোনকালে চোৰটোক ধৰিও পেলালে ৷”

  “ধৰি পেলালে ? কোন আছিল সেইটো ?”
মানুহজনীৰ কোতূহল জাগিছিল আৰু মোৰো চোৰটো কোন জানিবলৈ মন গৈছিল ৷

  “ধৰি পেলোৱা মানে ধৰি লৈছিল ৷ প্ৰভাতেই
হ’ব চোৰ ৷ প্ৰথম কাৰণ- তাৰ চুৱেটাৰ এটা নাছিল ৷ দ্বিতীয় কাৰণ- তাৰ ভঙুৱা বাপেকটোও
এটা সময়ত চোৰেই আছিল ৷ চোৰৰ পুতেক চোৰ নহৈ কি হ’ব পাৰে ?”  মানুহজনে কৈছিল ৷

  মই ভাবিলোঁ- সি বাৰু চুৱেটাৰটো চুৰি
কৰিলেই, কিন্তু পিন্ধিব ক’ত গৈ ? গাঁৱৰ মানুহেতো সেইটো পিন্ধিলে গম পাবই ৷ ইমানো
মূৰ্খ হ’ব নে সি ?

  মানুহজনে সৰু সৰুকৈ কৈ গ’ল ৷ চকু মুদি
টোপনিৰ ভাও জুৰি ময়ো শুনি গ’লোঁ ৷

  দৰাৰ সৰু মোমায়েকে প্ৰভাতক চুলিত ধৰি
এফালে টানি লৈ গৈ প্ৰকাণ্ড চৰ্বীময় হাতেৰে জোৰে জোৰে দুচৰমান মাৰি চুৱেটাৰটো সি
কিয় চুৰ কৰিলে সুধিছিল ৷ ইমান পৰে জাৰত নকঁপা ল’ৰাটো ভয়তে কঁপিবলৈ ধৰিছিল ৷ কিন্তু
সি বাৰে বাৰে কৈছিল যে সি একো চুৰি কৰা নাই ৷

   “বৰযাত্ৰী যোৱাৰ পাছত
বস্তু-বাহনিবোৰ ৰখি থাকিবলৈ সৰু মোমায়েকজন আৰু দুজনমানৰ লগতে ময়ো বিয়া ঘৰতে ৰৌ
গ’লোঁ ৷ জুই একুৰা জ্বলাই লৈ আমি কেউজন বহিলোঁ ৷ প্ৰভাত ঘৰলৈ যাব খুজিছিল যদিও তাক
চিধা কৰি দিবলৈ মন কৰি মানুহজনে যাবলৈ নিদিলে ৷ বিয়াঘৰ নিজম পৰাৰ পাছত তেওঁ ভিতৰৰ
পৰা ডাঙৰ দামী মদৰ বটল এটা লৈ আহিল আৰু কেউজনে মাংসৰে সৈতে অলপ অলপকৈ ৰঙীন পানীয়
গিলিবলৈ ধৰিলে ৷”

  “আপুনিও নিগিলাকৈ আছিল নে ?” মানুহজনীয়ে
সুধিলে ৷

  “ৰ’বাচোন, মোক ক’বলৈ দিয়াঁ …।”

  মানুহজনে কৈ গ’ল ৷ মদৰ অলপ অলপ নিচা
হোৱাৰ লগে প্ৰভাতৰ ওপৰত চৰ-ভুকু-গোৰো অধিক সঘনাই পৰিবলৈ ধৰিলে ৷ মোমায়েকজনেই নহয়,
বাকীকেইজনেও হাত উজান দিলে ৷ 

  “এটা চুৱেটাৰৰ কাৰণেই এনেকৈ মাৰেনে
কোনোবাই সৰু ল’ৰাটোক ? আপুনিও মাৰিছিল নেকি তাক ?” মানুহজনীয়ে মাজতে সুধিছিল ৷

  মানুহজনে অৱশ্যে নিজে প্ৰভাতক মাৰ-পিট
কৰা নাছিল ৷ কিন্তু আনবোৰক হকা-বধাও কৰা নাছিল ৷ বেলেগৰ কথাত কিয়নো মূৰ সুমুৱাবলৈ
যাব তেওঁ ? প্ৰভাতৰ পাতল চোলাটো ফাটি গৈছিল আৰু তেতিয়া দেখা গৈছিল যে সি গেঞ্জীও
পিন্ধা নাছিল ৷ তাৰ ওঁঠ ফাটি তেজ ওলাইছিল ৷ সি তেনেকৈয়ে জুইৰ কাষত চকী এখনত বহি
আছিল ৷ তেতিয়া দৰাৰ মোমায়েকৰ মনত পৰিল যে চোৰ এটাক চকীত বহুৱাই ৰখাটো বৰ বেয়া কথা
৷ গতিকে তাক চকীৰ পৰা উঠাই চোতালৰ এমূৰৰ আম এজোপাত ৰচী এডালেৰে বান্ধি থোৱা হ’ল ৷
আচৰিত কথা যে সিমান জাৰতো আধা খোলা ফাটি যোৱা চোলাটো মাত্ৰ পিন্ধি থকা ল’ৰাটোৰ গাত
অকণো কঁপনি উঠা নাছিল ৷ কোনোবা তাৰ ওচৰত থিয় হ’লেহে মাৰ খাব বুলি ভয়তে সি কঁপি
উঠিছিল ৷

  “বেচেৰাটো ! মানুহে হ’ল বুলিনো গাঁৱৰে
ল’ৰাটোক তেনে কৰিব লাগেনে ?” মানুহজনীৰ দুখ লাগিছিল
৷       

  নিশা দুইমান বজাত দৰাৰ মোমায়েকৰ নিচা অলপ
বেছি হৈছিল আৰু খংটোও বাঢ়ি গৈছিল ৷ তেওঁ মদৰ খালী বটল এটাৰে প্ৰভাতৰ মূৰত কোবাবলৈ
ওলাল ৷ তেতিয়াহে সি ভয়তে স্বীকাৰ কৰিলে যে চুৱেটাৰটো সিয়েই চুৰ কৰি ঘৰত থৈ আহিছে ৷

  “বেচেৰাটোৱে একো নাজানে ৷ কিয় আগতে কৈ
নিদিলে সি ? তাৰ পাছত কি হ’ল ?” মানুহজনীয়ে সুধিলে ৷

  “পিছদিনা পুৱা দৰা আহি ঘৰ পোৱাৰ আগতেই  দৰাৰ সৰু মোমায়েক
আৰু আমি দুজনমানে প্ৰভাতক লৈ তাৰ ঘৰলৈ গ’লোঁ ৷ কিন্তু চুৱেটাৰটো তাতো নাছিল ৷
ভঙুৱা বাপেকটোৱে মোৰ ল’ৰাই একো চুৰি কৰা নাই বুলি হাতযোৰ কৰি কিবা ক’ব খুজিছিল ৷
এজনে তাকো দুটামান চৰ আৰু ঘোচা বহুৱাই দিলে ৷ বোলে- চাল্লা চোৰ, অকৰ্মণ্য ৷ নিজেতো
চোৰ আছিলিয়েই আৰু এতিয়া পুতেৰকো চুৰি কৰিবলৈ শিকাইছ ৷”

  “ইচ্ ইচ্ ! মাকজনী আছিল নে নাই ?”

  “আছিল ৷ তাই কান্দি কান্দি আমাৰ ভৰিতেই
পৰিব খুজিছিল ৷ বোলে মোৰ চলিটোৱে চুৰি কৰিব জনাই হোৱা নাই৷ যেতিয়া মানুহজনে
প্ৰভাতক চুলিত ধৰি টানি লৈ ওলাই আহিছিল, তেতিয়া তায়ো আমাৰ পিছে পিছে ৰাউচি জুৰি
কান্দি কান্দি ওলাই আহিছিল ৷ কোনোবাই দবিয়াওঁতেহে তাই ৰৈছিল ৷”

  “তাৰ পাছত কি হ’ল ?”

  “তাক বিয়াঘৰৰ বাৰীৰ পিছৰ পথাৰলৈ মাজলৈ লৈ
গৈছিলোঁ আমি ৷ পুৰঠ মকাল বাঁহৰ চাৰিটামান পাবৰ দীঘল টুকুৰা এটা কোনোবাই ফালি
আনিছিল ৷”

  “হে হৰি ! সৰু ল’ৰাটোক ফলা বাঁহেৰে কোবাব
? আপোনালোক ইমান নিষ্ঠুৰ আছিল নে ?”

  “মই আৰু কি কৰিলোঁ ? চব বেলেগেহে কৰি আছিল ৷
ফলা বাঁহৰ টুকুৰা দুটাৰ মাজত তাৰ ভৰি দুখন সুমুৱাই দিয়া হৈছিল ৷ ভৰিৰ গাঁঠি বাঁহৰ
টুকুৰাৰ মাজত ৷ আৰু দুজনে বাঁহৰ দুইফালে উঠি তললৈ বল দিছিল ৷ সি দেদাউৰিয়াই তত্
পোৱা নাছিল ৷ হে ভগৱান ! এনেদৰে কাকো চিঞৰা মই আগতে শুনাই নাছিলোঁ  আৰু পাছতো
শুনা নাই ৷ মই ভাবিছিলোঁ যে সি মৰি যাব ৷”

  মানুহজনে অলপ সময় কথা বন্ধ কৰিছিল ৷

  “আপোনালোকে হাক দিয়া নাছিল কিয় ? কি
নিষ্ঠুৰ মানুহ ! এখন গাঁৱৰে চিনাকি মানুহে গাঁৱৰে সৰু ল’ৰা এটাক তেনে কৰে !”
মানুহজনীয়ে বৰ দুখত কৈছিল ৷

  “বাঁহ-চেপা কি বস্তু মই সেইদিনাহে
দেখিছিলোঁ ৷ তথাপি সি কোৱা নাছিল চুৱেটাৰটো ক’ত লুকুৱাই থৈছিল ৷ এজনে তেতিয়া
বাঁহেৰে তাৰ হাতৰ আঙুলিবোৰো চেপিবলৈ ওলাইছিল ৷ মই বোলোঁ আঙুলি ছিগি যাব তাৰ ৷
তেতিয়াহে যেনিবা সিহঁত ৰৈছিল ৷”

  মানুহজনে আকৌ কথা বন্ধ কৰিলে ৷ ঘৈণীয়েকে
তেওঁক একো সোধা নাছিল বহু সময় ৷ তেওঁৰ বৰ দুখ লাগিছিল কিজানি ৷

  মানুহজনে নিজেই আৰম্ভ কৰিলে ৷ 

  “চুৱেটাৰটো কিন্তু আবেলি পাইছিল ৷”

  “ক’ত পালে ? ক’ত লুকুৱাই থৈছিল সি ?”

  “আচলতে দৰাৰ সৰু মোমায়েকৰ সৰু ল’ৰাটোৱে
সেইটো পিন্ধি বিয়াৰ দিনা আবেলিয়েই ওচৰৰ মাহীয়েকৰ ঘৰলৈ গৈছিল ৷ তাতে সি ৰাতিটোও
আছিল ৷ ককায়েকক চুৱেটাৰটো লৈ যোৱা বুলি কৈ যাব পাহৰিলে ৷ সি বিয়াৰ পাছদিনা আবেলি
ৰঙা চুৱেটাৰটো পিন্ধিয়েই আহি ওলাইছিলহি ৷”

  “হে ভগৱান ! বিনা দোষত ল’ৰাটোক ইমান
মাৰিলে মানুহবোৰে ৷ পাপ লাগিব সিহঁতৰ কিন্তু ৷ কি হ’ল পিছে মানুহবোৰৰ, দৰাৰ
মোমায়েকটোৰ ?”

  “এঃ, কিনো হ’ব আৰু, একো নহ’ল ৷ আমি
দুজনমানে প্ৰভাতহঁতৰ ঘৰলৈ সন্ধিয়া গ’লোঁ ৷ সৰু জুপুৰিটোৰ বাঁহৰ বিছনা এখনত সি
কেঁকাই কেঁকাই শুই আছিল ৷ মাকজনীয়ে কিহবাৰে তাৰ ভৰিৰ গাঁঠি মালিচ কৰি আছিল ৷ আমাক
দেখি তাই ভয় খাই পুতেকক সাবটি ধৰি আকৌ ৰাউচি জুৰিছিল – অ’ মোৰ চলিটোৱে একো কৰা নাই
এ ৷ অ’ তাক লৈ নাযাবি এ ৷ …”

  “অ’ আই ! মাকজনীয়েনো কেনেকৈ সহ্য কৰিছিল
অ’ ৷” মানুহজনীয়ে পাৰিলে কান্দিবই যেন লাগিল ৷

  “আমি তাইৰ হাতত এটা মলম আৰু অলপ টকা দি
আহিছিলোঁ ৷”

  “তাই সেইবোৰ আপোনালোকৰ মুখতে মাৰি দিব
লাগিছিল ৷”

  “মোৰ একো দোষ নাই ৷ কিন্তু সিদিনাই মই গম
পাইছিলোঁ – সি জাৰ সহ্য কৰিব পাৰে ৷”

  মোৰো অলপ দুখ লাগিল ৷ পিছে পৃথিৱীত সৰু
মানুহৰ ওপৰত, দুৰ্বলৰ ওপৰত বল থকাবিলাকে অত্যাচাৰ কৰেই৷ যুগে যুগে সেইটোৱে নিয়ম ৷
দুখ কৰি কি লাভ ? 

 

  আৰু কিছু সময় পাৰ হৈ গ’ল ৷  

  হোটেল এখনৰ আগত বাছখন ৰৈছিল ৷ যাত্ৰীবোৰৰ
বেছিভাগেই নামি গৈছিল ৷ 

  “খুৰা, খুৰী।  ব’লক হোটেলত ভাত খাম
৷” প্ৰভাতে কাষলৈ আহি কৈছিল ৷

  “নাখাওঁ নেকি আমি ? ভোক লগা নাই দেখোন ৷”
মানুহজনে ক’লে ৷

  “কিয় নাখাবনো ? মই আজি আপোনালোকক ভাত
খুৱাম ৷ খাবই লাগিব ৷” প্ৰভাতে জোৰ দি ক’লে ৷

  “তুমি খুৱাব নালাগে দিয়াঁ ৷” মানুহজনীয়ে
বাধা দিব খুজিলে ৷

  “নাই নাই। মই আজি এসাঁজ খুৱামেই ৷ লগেই
নাপাওঁ দেখোন আপোনালোকক ৷”

   হোটেলৰ একেখন টেবুলতে তেওঁলোকৰ লগত
প্ৰভাত বহিব খোজা নাছিল ৷ মানুহজনীয়ে জোৰ কৰাতহে সি একেলগে বহিল ৷ সিহঁতৰ খোৱাৰ
ধৰণ দেখি বুজিলোঁ মানুহজন আৰু তেওঁৰ ঘৈণীয়েকৰ স্বাস্থ্য খুবেই ভাল ৷ নহ’লে হোটেলত
ইমান বেছিকৈ খোৱাৰ সাহস কোনেও নকৰে ৷ আৰু প্ৰভাতৰো পেটটো সৰু মুঠেই নহয় ৷ মই
ঘুগুনি একপ্লেট লৈ ওচৰৰে টেবুল এখনত বহি সিহঁতক গম নোপোৱাকৈ লক্ষ্য কৰি আছিলোঁ
৷    

  বিলৰ পইচা দিবলৈ ওলাইহে প্ৰভাতে গম পালে
পাৰ্চটো সি বেগটোতে এৰি থৈ আহিল ৷ সি পাৰ্চটো আনিবলৈ উঠিছিলেই, কিন্তু মানুহজনে
তাক হাতত ধৰি টানি ৰখালে ৷ সি কিন্তু ক’লে, “মই তোক পইচাটো দিম ৷”

  “নালাগে অ’ ৷ দিব নালাগে তই ৷” মানুহজনে
হাঁহি কৈছিল ৷

  “সেইটো কেনেকৈ হ’ব ? মইহে খুৱাম
বুলিছিলোঁ ৷ মই দিমেই দিম ৷ নলওঁ বুলি নক’বি তই ৷” সি জোৰকৈ কৈছিল

  তেওঁলোক দুজন বাছত গৈ উঠাৰ পাছত প্ৰভাতে
সাউৎকৰে সৰু দোকান এখনৰ পিছলৈ গৈ বিড়ি এটা জ্বলাই খৰকৈ হুপিবলৈ ধৰিলে ৷
ইফালে-সিফালে চাই সি চাধা নে তেনেকুৱা কিবা এপেকেটো ল’লে দোকানখনৰ পৰা ৷ আৰু পাৰ্চ
এটাৰ পৰা নোট এখন উলিয়াই সি দোকানীজনক দিলে ৷ মোৰ মনে মনে হাঁহি উঠিল ৷ সি বাছত
থোৱা বেগত পাৰ্চটো এৰি অহা বুলি মিছাকৈয়ে কৈছিল ৷  

   

   হাবিৰ মাজৰ অঁকোৱা-পকোৱা ৰাস্তাৰে
বাছখন আকৌ তীব্ৰ গতিত আকৌ আগুৱাবলৈ ধৰিছিল ৷ হোটেলত পেট ভৰাই খোৱাৰ পাছত বাছৰ মানুহখিনিৰ
প্ৰায়ভাগৰে টোপনি ধৰিছিল কিজানি ৷ বহুতৰে নাকৰ শব্দই মাজে মাজে বাছৰ শব্দকো তল
পেলাব খুজিছিল ৷

  “সি আজি-কালি গাঁৱলৈ নাহে নেকি ?” 
মানুহজনীয়ে সুধিছিল ৷

  মানুহজনৰো টোপনি ধৰিছিল বোধহয় ৷ লাহে
লাহে কৈছিল, “কেতিয়াবাহে আহে ৷ ময়ো তাক গাঁৱত দেখা নাই বহু বছৰ ৷”

  “কিয়বা নাহে ?”

  “আহিবলৈ গাঁৱতনো তাৰ ভগা ঘৰটোৰ বাদে আছে
কি ? ঘৰটোৰ বেৰ কেইখনো কোনোবাই খৰি খাই পেলাইছে দেখোন ৷” মানুহজনে টোপনি মিহলি
সুৰত কৈছিল ৷

  “খেতিৰ মাটি-চাটি নাই ?” মানুহজনীয়ে
সুধিলে ৷

  মানুহজনে উত্তৰ নিদিলে ৷

  তেওঁক হেঁচুকি জগাই দি আকৌ একেখিনি কথাকে
সুধিলে মানুহজনীয়ে ৷

  “দুবিঘামান মাটি আছিল ৷… বাপেকটোৱে
একেবাৰে কম দামতে বেছি দিলে ৷… তাক ফুচুলালে ৷… প্ৰভাতে খেতি কৰি নাখায় নহয় ৷… তই
এতিয়া ৰসগোল্লা এটা, পানী এক গিলাছ কাকো নোসোধাকৈ খাব পাৰিব লাগে… ৷” টোপনিৰ
জালত মানুহজনে অসংলগ্নভাৱে কিবাকিবি বিৰবিৰাই উত্তৰ দিছিল ৷

  “সিহঁতৰ মাটি কোনে কিনিছিল ?” কিছু সময়
পাছত মানুহজনীয়ে আকৌ সুধিছিল ৷

  মানুহজনে উত্তৰ দিয়া নাছিল ৷

  মোৰো চকু দুটা লাহে লাহে জাপ খাই আহিব
ধৰিছিল ৷ 

         

×××

 

  “খুৰা মই ইয়াতে নামিম ৷” 

কাৰোবাৰ মাতত মোৰ টোপনি ভাগিছিল ৷ দেখিলোঁ প্ৰভাতে
সৰু পুৰণি বেগ এটা কান্ধত লৈ, ছীটৰ পিছফালে হাত এখনেৰে ধৰি থিয় হৈছেহি ৷ কাষৰ
সোঁফালৰ ছীটৰ দম্পতীয়ে বোধহয় কেতিয়াবাই সাৰ পাইছিল ৷

  “অঁ, পালাহিয়েই নহয় ৷ হ’ব দে ৷ গাঁৱলৈ
এতিয়াতো যোৱা নহ’বই তোৰ ?” মানুহজনে সুধিলে ৷

  “নহ’ব কিজানি খুৰা ৷ গৈওনো মই কি কৰিম
তাতে ?” প্ৰভাতে উদাস হাঁহি এটা মাৰি ক’লে ৷   

  সি মানুহজনীলৈ চাই কৈছিল, “আৰু আহিলে মোক
লগ ধৰিব খুৰী ৷ খুৰাকো কৈছোঁ ৷ চাহ একাপতো খুৱাব পাৰিম ৷”

  মানুহজনীয়ে তালৈ চাই হাঁহিছিল ৷ তেওঁৰ
হাঁহিটোত মৰম আৰু সহানুভূতি মিহলি হৈ আছিল ৷ ক’লে, “হ’ব দিয়াঁ ৷ আমাৰো ফুৰা-চকা
তেনেকৈ নহয়েই ৷ আৰু আহিলে তোমাক লগ ধৰিম ৷”   

  অলপ পাছত বাছখন এঠাইত ৰ’ল ৷

  “যাওঁ খুৰা ৷ খুৰী আহিছোঁ দিয়ক ৷”
প্ৰভাতে খৰধৰকৈ নামি গৈছিল ৷

  নিয়মীয়া ওখ, ক্ষীণ ডেকাজনে পিঠিখন
সামান্য বেঁকাকৈ খোজ কাঢ়িছিল ৷ গাত বুকুৰ অলপ তললৈকে লোৱা পাতল কাপোৰখন সি মূৰত
মাফলাৰৰ দৰে মেৰিয়াই লৈছিল ৷ পুৰণি চুৱেটাৰটো আৰু সেইখন বাহিৰৰ শীতক বলে পৰা ধৰণৰ
যেন মুঠেই লগা নাছিল ৷ 

  “ইমান জাৰত সেইখিনি মাত্ৰ কাপোৰ পিন্ধি
আহিছে বেচেৰাটোৱে ৷” মানুহজনীয়ে সৰু সৰুকৈ কৈছিল ৷

  “এঃ বাদ দিয়াহে ৷ সি জাৰ সহ্য কৰিব পাৰে
৷ কৈছোঁৱেই দেখোন ৷” মানুহজনে সৰুকৈ হাঁহি কৈছিল ৷

  “মোৰ এটা কথাতহে হাঁহি উঠিছে দেই ৷”
মানুহজনীয়েও সৰুকৈ হাঁহিছিল ৷

  “কি কথা ?”

  “সি বোলে হোটেলত খোৱাৰ পইচা দিহে এৰিব ৷
পিছে একো দেখোন মনতেই নেপেলালে ৷ সঁচাকৈয়ে পাহৰিলে নে ইচ্ছা কৰিয়েই নিদিয়াকৈ গ’ল
?”

  “ইচ্ছা কৰিয়েই নিদিলে আকৌ ৷” মানুহজনে বৰ
ৰস পোৱা যেন সুৰত হাঁহি এটা মাৰিলে ৷

  “আৰু আপুনি হাঁহিবলৈ আহিছে ?”

  মানুহজনে একো নকৈ আকৌ হাঁহিলে ৷

  “ঠগ খালেও হাঁহে নেকি কোনোবাই ?”
মানুহজনীয়ে খোচ এটা মাৰিলে ৷

  “ঠগ খোৱাৰ কাৰণে হঁহা নাই নহয় ৷ মনটো ভাল
লাগি গৈছে ৷ সেই কাৰণেহে হাঁহিছোঁ ৷” মানুহজনে হাঁহি হাঁহিয়েই ক’লে ৷

  “ঠগ খাই ভাল লাগিল নেকি ?”

  “ঠগ খোৱাৰ কাৰণে ভাল লগা নাই ৷ সি জীৱনত
চলিব পাৰিব বুলি বিশ্বাস হৈছে কাৰণেহে ভাল লাগিছে ৷”

  “কি যে যা-তা কয় আপুনি মই একো বুজি
নাপাওঁ দিয়ক ৷” মানুহজনীয়ে ক’লে ৷

  “বুজিবলৈ একো নাই ৷ জীৱনত চলিবলৈ হ’লে
অলপ বুদ্ধিমান হোৱাৰ দৰকাৰ ৷ অন্ততঃ সেইখিনি বুদ্ধি তাৰ মগজলৈ অহা যেন লাগিছে মোৰ
৷ এনেকুৱা সৰুসুৰা ঠগন দিব পাৰিব লাগিব সি ৷”

  “এঃ আপুনি কি পাক লগা কথা কয়, নুবুজোঁ
দিয়ক ৷” মানুহজনীয়ে প্ৰসংগটো সামৰিছিল ৷

 

  মই কিন্তু পৰিষ্কাৰকৈ বুজি পাইছিলোঁ ৷
মানুহজনে এটা সহজ সত্য ব্যক্ত কৰিছিল আৰু সেইটো নুবুজাৰ বা মানি নোলোৱাৰ কোনো
যুক্তি নাছিল ৷ 

 

— 

 

 

ঠিকনা :

 বি-১১৫,

সানভি সংকল্পম

নাগোণ্ডানাহালি

বাংগালোৰ – ৫৬০০৬৬

ম’বাইল ৮৭৬২২২৬৩৪৮