ছালমা জামান



                             

চকুলোৰে গাৰু তিতি যোৱা ৰাতিবোৰত তোমালোকৰ
কথা বৰকৈ মনত পৰে। চকুলোৰ সতে সান্নিধ্য মোৰ নতুন নহয়। ইমানদিনে ৰাতি-ৰাতি উজাগৰে
থকাটো মোৰ অভ্যাসতে পৰিণত হৈছেগৈ। ৰাতিৰ নিস্তব্ধতা মোৰ আপোন। মোৰ নোপোৱাৰ বেদনাত
এতিয়া কোনো আকুলতা নাই, আছে কেৱল এক অথাই সাগৰ। যাৰ অতল তলিত পৰি ৰোৱা সপোনবোৰ
জীপাল হৈ উঠিছে মাত্ৰ। আছে,
  সাগৰ সদৃশ গভীৰতাৰ এখন হৃদয় আছে। যাৰ
সুখ-দুখ, হাঁহি-কান্দোন, জয়-পৰাজয় বুলিলেই সাগৰ সদৃশ হৃদয়খনৰ সতে এক অবুজ
আত্মীয়তা…, এখন অনন্য প্ৰান্তৰ য’ত মই কেতিয়াবা নিজে দিশহাৰা হওঁ,কেতিয়াবা নিজক
বিচাৰি পাওঁ।

 “মা….অ’ আহাঁ,সোমাই আহাঁ…..। দে’তা….তুমিও
মাৰ সতে একেলগে !….আহাঁ, সোমাই আহাঁ….। মোৰ কোঠালিলৈ সোমাওঁতে তোমালোকক অনুমতি
লাগে নে বাৰু ! কিমান দিন ধৰি তোমালোকৰ কথা ভাবি আছিলোঁ। আৰু কিমান দিন তোমালোকৰ
উপস্থিতিক নস্যাৎ কৰি চলি থাকিম ! তোমালোকে তুলি-তালি ডাঙৰ কৰিলা বুলিতো মই সদায়
তোমালোকৰ কাষত থাকিব নোৱাৰোঁ বা তোমালোকেও মোৰ ছাঁটোৰ দৰে লাগি থাকিব নোৱাৰাঁ।
ছবছৰ বয়সত প্ৰাথমিক স্কুললৈ যোৱাৰে পৰা আৰম্ভ কৰি বুজা হোৱালৈকে জীৱনত যি কৰিম
তোমালোকৰ বাবেই কৰিম বুলি ভাবিছিলোঁ…।” 

 মই যেতিয়া কিছুমান আচৰিত ধৰণৰ প্ৰশ্ন
তেওঁলোকৰ আগত উত্থাপন কৰিছিলোঁ, মা-দেউতা দুয়ো হাঁহিছিল। যেনে-আমি এতিয়া অলপ অলপ
ধনী হৈ আছোঁ দেউতা, নহয় নে ? প্ৰত্যেকবাৰে মোৰ জন্মদিনৰ তাৰিখ পাছলৈ ঠেলি দিয়া
মাক সুধিছিলোঁ – মোৰ জন্মদিন কেতিয়া? মোৰ বয়স কিমান? মোৰ মায়ে ধেমালিতে ৪ বছৰ হ’লে
৩ বছৰ বুলি কৈছিল। মই প্ৰত্যাশিতভাৱেই সেই দিনটোলৈ বাট চাই থাকিছিলোঁ। কিন্তু মোৰ
মায়ে বৰ চতুৰালিৰে সেইবোৰ কথালৈ মনত পেলাই দিয়া নাছিল। ময়ো পাহৰি থাকিছিলোঁ।

 পাৰ কৰি অহা দিনবোৰ মোৰ একান্ত আপোন
বুলি অনুভৱ কৰিছিলোঁ। দুজন ককাই, বাই-ভনীৰে ঘৰখন সুখৰ আছিল। মোৰ মায়ে আমাক
চাৰিগৰাকী সন্তানক লৈ গৌৰৱাম্বিত হৈ আছিল।যদিও তেওঁলোকৰ আমাৰ প্ৰতি থকা অকৃত্ৰিম
ভালপোৱা আৰু আশাৰ বিপৰীতে আমি নিজকে যেন প্ৰতিষ্ঠা কৰিব পৰা নাই। কেতিয়াবা আৱেগিক
অনুপস্থিতিয়ে মানুহক স্বাৰ্থপৰ কৰি তোলে বুলি মই ভাবোঁ । সম্বন্ধৰ বান্ধোন দুৰ্বল
হৈ পৰে।

 মোৰ মায়ে ‘ছাৰপ্ৰাইজ’ দি ভাল পাইছিল।
এবাৰ মায়ে মোক শুৱাই থৈ ঈদৰ বজাৰ কৰিবলৈ গৈছিল। মই চিলমিল টোপনিতে আছিলোঁ। কিবা
এটা উজ্জ্বল বস্তুৰ পোহৰে মোক জগাই দিছিল। সাৰ পাই দেখোঁ, মোৰ শিতানত গুলপীয়া ফ্ৰক
এটাৰে সৈতে মুকুতাৰ দীঘল মালা এডাল লগাই থোৱা আছিল। মোৰ কি যে আনন্দ! মই ব্যক্ত
কৰিব পৰা নাছিলোঁ। মই ফ্ৰকটো ঘূৰাই পকাই, তন্ন-তন্নকৈ চাইছিলোঁ। ফ্ৰকটো মোৰ আঁঠুৰ
তললৈকে পৰিছিল। ফ্ৰকটোৰ সমুখৰ ফালটোত বগা পাতল চিফন কাপোৰ লগোৱা আছিল। তাৰ ওপৰত
টাট্টু কৰা আছিল- “হাৱা হাৱা” !

যেতিয়া মায়ে ‘ছাৰপ্ৰাইজ’ দি নিজে ওচৰত
থিয় দি হাত চাপৰি মাৰে, সেই অনুভূতিৰ কথাই বেলেগ আছিল।

মই লাহে লাহে ডাঙৰ হৈ আহিলোঁ। উচ্চ মাধ্যমিক
স্কুলত পঞ্চম শ্ৰেণীত নাম লগাই দিলে। পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িল। ৩৬ খন কিতাপ ফালি
অ-ফলা,ক-ফলা শিকা মইজনীয়ে বুকুত অদম্য হেঁপাহ লৈ শ্ৰেণীত আগবাঢ়ি গৈ আছিলোঁ। বাৰ
বছৰত ভৰি দিলত, মোৰ জন্মদিনত আইতাই মৰমতে গুলপীয়া ‘লং ফ্ৰক’ এটা উপহাৰ দিয়াত মোৰ
আনন্দৰ সীমা নোহোৱা হৈছিল। নানা ধৰণৰ প্ৰতিবন্ধকতাৰ মাজতো মই নিজকে জিলিকাই তুলিব
বিচাৰিছিলোঁ। কিন্তু ইমানবোৰ ছাত্র-ছাত্ৰীৰ মাজতো নিজকে কেতিয়াবা  অকলশৰীয়া
যেন বোধো হৈছিল। মই হাৰ মনা বিধৰ নাছিলোঁ। মনে মনে মই ভাল অভ্যাস গঢ় দিবলৈ যত্ন
কৰি গৈছিলোঁ।

‘মই তোমালোকৰ বাবেই আশাবাদত বিশ্বাসী
আছিলোঁ। এনেদৰেই মই মহাবিদ্যালয় পালোঁগৈ। তোমালোকে মোৰ প্ৰেম-প্ৰীতিৰ কথা জনা
নাছিলা। তোমালোকে এইটোও জনা নাছিলা যে মই মানসিকভাবে কিমান উদং আছিলোঁ। তোমালোকে
হয়তো ওচৰ-চুবুৰীয়াই মোক নুবুজাকৈ মোৰ বিষয়ে কিছুমান বদনাম ৰটনা কৰাও শুনিছিলা।
তাৰপৰাই হয়তো তোমালোকৰ এটা ধাৰণাও হৈছিল যে মই প্ৰেমত মগ্ন আছিলোঁ। যাৰ বিষয়ে মই
একোৱেই জনা নাছিলোঁ। কিন্তু মই কি কৰিব পাৰোঁ কোৱাঁ!ময়োতো তোমালোকৰ দৰেই তেজ-মঙহৰে
গঢ়া মানুহ।

 কথাবোৰ তাহানিৰ দৰে নহয় বুলি জানো, এই
কথা দিয়া আৰু লোৱাৰ। সময় এনেদৰেই পাৰ হৈছিল। এই প্ৰেম-ট্ৰেম, মোহ-বাসনা, কথা দি
মান ৰখা ঠিকেঠাকেই চলিল। কিন্তু মনৰ কেনভাছত সেই তাহানিতেই আঁকি থোৱা নায়কক চলাথ
কৰি এক অস্বাভাৱিক অন্তৰ্দ্বন্দ্বই মোক হাতত পেঞ্চিল তুলি ল’বলৈ বাধ্য কৰিলে।
কিন্তু স্কেটচ্ উলিয়াব পৰাটো মোৰ পক্ষে কোনোদিনেই সম্ভৱ নাছিল। নিজকে পাতলাবলৈ গান
গাইছিলোঁ, নাচিছিলোঁ, টেলিভিছনত বে’ষ্ট কমেডি শ্ব’ উপভোগ কৰিছিলোঁ। তথাপি দিনবোৰ
অস্থিৰতাৰ মাজেদিহে পাৰ হৈছিল। টোপনিতে চকুলো বাগৰা গভীৰ ৰাতিবোৰত চকুলো মচিবলৈ
কোনোবা সাৰে থাকে কিজানি ! লাহে-লাহে মনৰ ছবিখনো গাঢ় নীলা হৈ সাগৰৰ অতল তলিৰ সেই
অন্তৰতম জগতলৈ গুচি গ’ল আৰু মই মোৰ নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলালোঁ। সেই
মুহূৰ্ততে মই গুচি গৈছিলোঁ বাস্তৱত তিলমাত্ৰ সমিধান উলিয়াব নোৱৰা, স্নেহতীৰ্থত
মিলনৰ সেই মেগনেটিক কায়িক জগতৰ এক বিশালকায় মূৰ্তিৰ অন্তৰত প্ৰেম নিৱেদনেৰে
অস্থিৰতাক প্ৰশান্তিৰে আগবঢ়াই নিবলৈ।

হঠাতে মায়ে কৈ উঠিছিল- ইমানকৈ কি
পাগুলি আছা ?

দেউতাই ক’লে- Never look back! অতীতলৈ
ঘূৰি নাচাবা!

 আজিৰ দিনটো উপভোগ কৰাঁ। মই মনে মনে ক’লোঁ।

উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ
পৰীক্ষাৰ ফলাফল ভাল কৰিব নোৱাৰিলোঁ। স্নাতকত ‘ড্ৰপ আউট’ হৈ পাছত মুক্ত বিশ্ববিদ্যালয়ৰ
পৰা উত্তীৰ্ণ হ’লোঁ। তোমালোকে মোক তেতিয়াই চৰ এটা নোসোধালা কিয়? মোৰতো পঢ়া-শুনা
বেয়া নাছিল।

চকুত ঘা হৈ যায়, তথাপি যে চকুপানীৰ যেন
শেষ নাই। মৰহা কলি, মৰহা গান, মৰহা বন্ধুত্বৰ সুবাদত এতিয়া যে ঘোৰ অন্ধকাৰ। তেওঁ
নজনাকৈয়ে কথাবোৰ ভবাৰ দৰেই হোৱা হ’লে সকলো স্বাভিমানীৰ অভিমান, অহং নিমিষতে মিলি গ’লহেঁতেন।
পশ্চিমৰ বেলিক বিদায় সম্ভাষণ নজনাই, হয়তোবা পূবফালে থিয় দিলে তেওঁক লগ পালোহেঁতেন।

লাহে লাহেকৈ কান্দোনবোৰ গাঢ় হৈ আহে।
চুপ-চাপ ৰাতি বিছনাত গাৰুত মুখ গুজি থাকোঁতে যেতিয়া সপোনবোৰ ভাগে, মা-দেউতাই
দুয়োজনে আহি নিচুকাই যায়। কিবা এটা কথাই জোৰকৈ বুকুখন হেঁচি ধৰে। কিবা ক’ব খুজিও
যে ক’ব পৰা নাই।

তথাপি মনে মনে কোৱা কথাবোৰ তেওঁলোকে
শুনা পালে।

ক’লে- জীৱনৰ কঠিন পৰীক্ষাসমূহ সফলতাৰে
পাৰ কৰি দিয়াঁ। তুমি আমাৰ ঘৰৰ সবাতোকৈ সৰুজনীয়ে হৈ থাকিবা। আমি তোমাৰ স’তে আছোঁ
বুলি কৈ দুয়ো নিজৰ সোঁ হাত দুখন মোৰ মূৰৰ ওপৰত থৈ ক’লে,

‘‘সদায় শান্তিতে থাকা… তুমি এদিন
জিকিবা।’’

মোৰ মূৰটো পঢ়ামেজতে হাওলাই ভেজা দিয়া
আছিল। পুৰণা আলোকচিত্ৰসমূহ জাপি থলোঁ। সন্তৰ্পণে মোৰ দুচকুৰ পৰা পানী বাগৰি আহিল।

“মোৰ হৈ তোমালোকৰ ভাগৰুৱা চকুৰ পৰা
কেতিয়াবা সৰি পৰা প্ৰতি টোপাল চকুলো তোমালোকৰ বাবে স্বৰ্গত নদী হৈ বৈ উঠক…৷”

 

 

***

 

টোকা : ”To my mother. May every tear
that has ever fallen from your tired eyes on my behalf become a river for you
in Paradise.” গল্পটোৰ শেষৰ তিনিটা শাৰী ফেইচবুকৰ জনপ্ৰিয় ইনফ্লুৱেঞ্চাৰ সমীৰ
আহমেদ খানৰ দেৱালৰ পৰা সংগ্ৰহ কৰা হৈছে।           
    

 

ভ্ৰাম্যভাষ : ৮৪০২৮২৮৬৬২

 

5pt; line-height: 115%;”>