স্বৰ বিভ্ৰান্তি

 গীতিমণি
গোস্বামী
(বৰঠাকুৰ)

 

মোবাইলৰ স্ক্ৰীনখনৰ মাত্ৰ
দুশাৰী৷ মই আজি দিনটোত এই শাৰীকেইটাতে সোমাই আছোঁ৷ অগণিত বাৰ পঢ়ি
ছোঁ৷ হাঁহিছোঁ, কান্দিছোঁ, ভাবিছোঁ৷
ভাবিছোঁ
, কান্দিছোঁ, হাঁহিছোঁ৷

থা কব খোজা মোৰ মুখখন মেল খাই ৰৈ আছে৷ মেলা মুখখনেদি মোৰ ভিতৰলৈ পৃথিৱীৰ অনেক
তুচ্ছ মলিন শব্দ সোমাইছে৷ এতিয়া যদি মই কথা কওঁ
, সেইবোৰ
শব্দক মই কাবু কৰি ৰাখিব নোৱাৰিম৷ তেজী ঘোঁৰাৰ গচকত ৰণক্ষেত্ৰত পৰি যোৱা সৈনিকবোৰৰ
শৰীৰ নেফানেফ হয়৷ এতিয়া মোৰ ক্ষোভিত শব্দবোৰ প্ৰকাশ পালে তেজী দুৰ্দান্ত ঘোঁৰা হৈ
নেফানেফ কৰিব দীৰ্ঘদিন আথে-বেথে ৰখা মধুৰ বেথাভৰা শব্দৰ  শৰীৰ৷

অনিন্দ্যই লিখিছে তুমি
মোৰ মতে চলিব লাগিব৷ অন্যথা নিজ ভাবৰাজ্যতে সম্ৰাজ্ঞী হৈ থাকা৷
অনিন্দ্যই এডাল লক্ষ্মণ ৰেখা আঁকি দিছে৷ এডাল সীমা ৰেখা৷ মোৰ দৰে মানুহৰ
বাবে সীমা৷ ইমান দিনে সীমাৰ মাজত জীৱন অথবা জীপৰ বান্ধোন থাকে বুলিহে মই
ভাবিছিলোঁ৷ নিজক জীপাল কৰি ৰখাৰ স্বাৰ্থত
, মোৰ ঘোপমৰা একাকিত্বক
পোহৰাই ৰাখিব পৰাৰ স্বাৰ্থত আজি কাৰোবাৰ নিদেৰ্শ মনা ভৃত্য কুকুৰ হ
বলৈ মনটোক এৰি দিবলৈ মন যোৱা নাই৷ মন সাগৰক ওফন্দিবৰ অনুমতিৰ প্ৰয়োজন নাই৷
মোৰ জোৱাৰ-ভাটা এটা নিৰৱতাত লয় পাব৷ নিজৰ মাজত ইয়াতকৈ মধুৰ চুক্তি আৰু কি হ
ব পাৰে!

সেউজীয়া কোমল দলিচাৰ এখন
পৃথিৱী৷ দূৰৈত হালি পৰা ৰঙচুৱা বেলিৰ সুমথিৰাৰঙী পোহৰ৷ যাওঁ নাযাওঁকৈ বৈ গৈছে
কৃশকায় নদীখনৰ নীলবৰণীয়া স্বচ্ছ জলধাৰা এটা৷ নিৰ্জন প্ৰান্তৰ
, চৰাইৰ কুঞ্জন, সৰিয়হ কেঁচা সুঘ্ৰাণ৷ অসুখীয়া পৃথিৱীখনৰ পৰা অনেক দূৰৈত আমি গঢ় দিছিলোঁ এখন
প্ৰেমৰ পৃথিৱী৷ মোৰ ভিতৰত উবুৰিয়াই দিবৰ জোখাৰে সিয়েই আছিল সৰ্বশ্ৰেষ্ঠ ক্ষেত্ৰ৷
নিজৰ অগোচৰে অতকাল লুকাই থকা ভাবনাৰ সাগৰখনত অনিঃশেষ অগাধ আকুলতাবোৰ নিঃসীম আদৰৰ
চৰণ হৈ মোৰ উশাহবোৰক জীয়াই ৰাখিছিল৷ বিগলিত হৈ পৰা মোৰ অন্তৰাত্মাৰ পৰিধি আৰু ঘেৰো
যেন ক্ৰমাৎ বাঢ়ি বাঢ়ি এদিন পৃথিৱীক আপোন বুলি ভাবিব পৰা শিখৰ চুইছিলগৈ৷ হয়
! হয়! এক ঐশ্বৰিক জ্যোতিত মই নিজেই যেন এটা জ্যোতিষ্ক
হৈ গৈছিলোঁ৷

স্বভাৱতে অনিন্দ্য আছিল গোঁৱাৰ আৰু
জেদী৷ প্ৰতিভাধৰ হ
লেও স্বভাৱৰ দোষত দহজনৰ অপ্ৰিয়ভাজন৷ অভাৱ
আৰু যাতনাময় শৈশৱ এটাৰ পৰা উজাই অহাৰ বাবে
কিছু পৰিমাণে আত্মকেন্দ্ৰিক আৰু অহংকাৰী৷ তথাপি পোহৰ আছিল বুকুত৷ সেই পোহৰৰ উঁহ
বিচাৰি ঘূৰি ফুৰোঁতেই আমিও লগালগি হৈছিলোঁ৷ খনিৰ বুকুত লুকুৱাই থোৱা এটুকুৰা কহিনুৰ
যেন এই প্ৰাণ৷ সেই প্ৰাণক গতিশীল কৰাৰ এক অবুজ দায়ৱদ্ধতা মই অনুভৱ কৰিবলৈ ধৰিছিলোঁ৷
সেই দিনবোৰত মই তৃপ্ত
, তুষ্ট আৰু গৰ্বিত হৈছিলোঁ৷ নদীৰ বুকুত
সূৰ্যাস্তত প্ৰাচীন ধংসস্তুপত অৰণ্যৰ নিৰ্জনতাত লিপিবদ্ধ হৈছিল ভালপোৱাৰ অনেক
স্বৰলিপি৷

চৰকাৰী সুবিধা পাই অনিন্দ্য এদিন
বিদেশ পাইছিলগৈ৷ উচ্চতৰ শিখৰ চুবলৈ বিচৰাজনক মই প্ৰাণৰ আকুতিৰে প্ৰেৰণাবৰ্ষণ
কৰিছিলোঁ৷ উদং পাত্ৰ এটাৰ দৰে ইলুটি-সিলুটি মোৰ ভিতৰখনক বিশ্বাসৰ এটা গোঁজ হৈ
অনিন্দ্যৰ ভালপোৱাবোৰ ধৰি ৰাখিছিল৷ অনিন্দ্যই কৈছিল য
লৈকে
নাযাওঁ কিয় তোমাক লগত লৈ ফুৰিছোঁ
– মই চঞ্চল হৈ পৰিছিলোঁ৷

হতাশাৰ চিকাৰ হৈ এদিন মোৰ
একমাত্ৰ ভাই চেনেহে আত্মহত্যা কৰিছিল৷ নেফানেফ হৈ পৰিছিল জীৱনৰ কোমল স্বৰ৷ চিৎকাৰ
উচুপনি আশ্চৰ্যকৰ ভঙ্গিমাৰ অৰণ্য-বেদনা৷ আদৰৰ আঁচলত প্ৰতিপালিত হোৱা ভাই মোৰ৷ কিহৰ আহ্বানত জীৱনৰ মধুৰতা এৰি তাৰ কোমলমতীয়া
শৰীৰটোক হানিব খুজিলে৷ এক উত্তৰবিহীন প্ৰশ্নই খুলি খুলি খালে আমাৰ সৰু পৰিয়ালটোৰ
সুখ৷ ক্ৰমাৎ নীলবৰণীয়া হৈ বহল হৈ গৈছে
পিতাৰ ওঁঠ৷ শিলতকৈ গধুৰ ক্ষয়প্ৰাপ্ত জীৱনৰ ভাৰ মাৰ বুকুত৷ এই বিধ্বস্ত জীৱন দুটাক
সৰু শিশুৰ দৰে আপডাল কৰাৰ দায়িত্বত ক্ৰমাৎ কুঁজা হৈ গৈছিলোঁ মই৷ শুকাই গৈছিল যেন
সকলো মৈথুন সংগীত৷ খ্যাতি আৰু যশস্যাই আকাশ চুইছিল অনিন্দ্যৰ৷ এখনৰ পাছত আন এখন
দেশলৈ তেওঁ বগাই ফুৰিছিল৷ চকু আৰু কণ্ঠত তেওঁৰ ইণ্টেলেকচুৱেল লুক্৷ মোৰ একাকিত্বৰ জৰাজীৰ্ণ কথাবোৰ দেখুৱালে তেওঁ
বৰ অস্বস্তি অনুভৱ কৰা হ
ল৷ স্বপ্নৰ নদীৰ পাৰত বহি জীৱনৰ কথা পতা
দুটা জীৱন পিয়াসী প্ৰাণ
ক্ৰমাৎ সময়ৰ হাতোৰাত নিজৰ মাজতে পিঞ্জৰাৱদ্ধ
হৈছিল৷ নিজৰ ভিতৰত নিজে সোমাই থকা কষ্টকৰ
চলমান ক্ষণৰ সাক্ষী হৈ ৰ
ল মোৰ নিদ্ৰাহীন ৰাতি আৰু কবিতাৰ পংক্তিবোৰ৷ চকু ছাট মাৰি ধৰা পোহৰত আচ্ছন্নজনৰ
ওচৰত কেঁচা চাকিৰ অমিলন আকুতিৰ দীপশিখাই
ফেৰ মাৰিব নোৱাৰে৷

অনিন্দ্যই এদিন কৈছিল, “চব এৰি গুচি আহাঁ…।শিল অথবা শীল এটাও সহজ নাছিল
মোৰ বাবে৷ দুয়োটাৰ দোলনৰ মাজত মোৰ বয়স বাঢ়িছিল৷ অপূৰ্ণতা আৰু বিষাদৰ হাতত ধৰি এখন
এখনকৈ প্ৰকাশ পাইছিল মোৰ ৰচনা সম্ভাৰ৷ সাহিত্যই প্ৰাণ আৰু আত্মাৰ আহাৰ হৈ মোক জীয়ন
দিছিল৷ অপ্ৰাপ্তিৰ মধুৰতাই মানুহক সাৰুৱা
কৰি ৰাখিব পাৰে
, কিন্তু সেই সীমালৈ সেই উচ্চতালৈ জীৱনক লৈ
যোৱা প্ৰদাহৰ পাছত জিলিকি উঠা বৰ সহজ নাছিল৷ নিজৰ বাবে নিৰ্মিত এক কঠিন গহ্বৰত মোৰ
আছিল নিয়ন্ত্ৰণহীন ভাৱসাগৰ আৰু ঘন উশাহৰ জোৱাৰ৷ যাৰ বাহ্যিক জলস্তৰত আছিল শান্ত
সমাহিত আন এক জীৱনৰূপ৷ সেই জলস্ৰোতত এদিন ওপঙি আহিছিল আন এখন মুখ উত্তৰণৰ৷

লিঅৰোগত আক্ৰান্ত হৈ দুই ভৰিৰ শক্তি হেৰুৱাই মনৰ শক্তিৰে হাঁহি থাকিব পৰা লৰা উত্তৰণ৷ নিত্য নতুন পৰিকল্পনাৰে জীৱনক আহ্লাদিত কৰিব পৰা উত্তৰণৰ বাবে
প্ৰতিটো দিন উদ্
যাপনৰ দিন৷ উচ্চশিক্ষিত উত্তৰণে চাকৰিৰ আশা
ত্যাগ কৰি চহৰৰ নাতিদূৰত কেইজন বন্ধুৰ সহযোগত এখন কৃষি পাম খুলিছিল৷ সেউজীয়া পৃথিৱীৰ
পম খেদি যাওঁতে তেওঁ নিজেই যেন এক সেউজীয়া সুগন্ধৰ বাহক হৈ উঠিছিল৷

দেউতাৰ প্ৰাক্তন ছাত্ৰ উত্তৰণে
সতেজ শাক-পাচলিৰ টোপোলা এটা লৈ মাজে মাজে আমাৰ ঘৰলৈ আহে৷ গেটৰ চ
ৰাঘৰ,
ৰাঘৰৰ পৰা শোৱনি কোঠালৈ ক্ৰমাৎ আগবাঢ়ি
আহিছিল তাৰ দুৰ্বল পদধ্বনি৷ মোৰ কঠিন গহ্বৰৰ ভিতৰলৈ সোমোৱাৰ বাটবোৰৰ আঁত বিচাৰি
নাপাই সি অহা বাটেৰে উভতি গৈছিল৷

এক নিচাৰ আবিৰতাত মই তেতিয়াও
মন্ত্ৰমুগ্ধ৷ অনিন্দ্যৰ মৌনতা
, এলাগী
অনাদাৰবোৰ এক অদ্ভুত ৰাগি হৈ মোক জেদী আৰু তীব্ৰ অভিমানী কৰি ৰাখিছিল৷ ক
তো কোনো অসুয়া, তো কোনো
অভিযোগ
নৰখাকৈ নিয়মিতভাৱে মই শেষ ৰাতি শেষ যোগাযোগ ৰখা মানুহজন
অনিন্দ্য আছিল৷ সোঁৱে-বাঁৱে বেঢ়ি ৰখা তেওঁৰ অনেক আপোন মানুহৰ মাজত মোৰ নিজা পৰিচয়
তেতিয়ালৈ বৰ্তি থকা নাছিল৷ সহানুভূতি আৰু সান্ত্বনাৰ কৰুণ দৃষ্টিবোৰে লাহে লাহে মোৰ
ডিঙিত সজোৰে হেঁচা মাৰিছিল৷ ওফৰাই দিবৰ জোখাৰে মোৰ ভিতৰৰ শক্তিও লাহে লাহে কমি
গৈছিল৷ অনিন্দ্যই ধৈৰ্যচ্যুত হৈ নিক্ষেপ কৰা কঠোৰ শব্দ
বোৰ
মই নতশিৰে মূৰ পাতি লৈছিলোঁ
অথচ মানসিক নিপীড়ণৰ এক নামহীন
ক্ৰূৰ আনন্দত নিজেই নিজৰ অচিনাকি হৈ পৰিছিলোঁ৷

নিজৰ খেতি পামখন চাবলৈ উত্তৰণে
প্ৰায়ে মোক লগ ধৰিছিল৷ তালৈ গ
লে তুমি লিখাৰ নানা সমল পাবা, প্ৰতিজোপা গছ প্ৰতিজোপা ফুলে তোমাক সম্ভাষণ জনাব৷ পামখনৰ উশাহবোৰত তুমি মুকলি অনুভৱ কৰিবা। – উত্তৰণে কোৱা কথাবোৰ মই থৰ
হৈ শুনিছিলোঁ৷ নিজৰ আত্মমগ্নতাক চেৰাই প্ৰথমবাৰৰ বাবে মই আনৰ কথা শুনিব খুজিছিলোঁ৷

উত্তৰণ নথকা দিন এটা চাই এদিন মই
অকলে পামখনলৈ গৈছিলোঁ৷ আদিগন্ত বিয়পা সেউজৰ বিস্তাৰ৷ বিৰাট বিৰাট আকাৰৰ পুখুৰীত
চৰি থকা হাঁহ
, কাছ, কেওকাষৰ পাচলিৰ বাগান,
নাৰিকল নেমুৰ গছ আৰু এখন অনাথ আশ্ৰম৷ সেউজীয়াৰ এটা জীয়া সুঘ্ৰাণে
মোক গোটেই ৰাতি নুশুৱালে৷ অনিন্দ্যৰ মৌনতাৰ কাঁইট
, উত্তৰণৰ
সেউজ সংলাপে একে লগে মোক শৰবিদ্ধ কৰিছিল৷ বহু বছৰৰ পাছত অনিন্দ্য দেশলৈ আহিছে৷
অদ্ভুত এক শিহৰণ মই অনুভৱ কৰিলোঁ৷ পৃথিৱীৰ অযুত
কোটি মানুহৰ
মাজত এজন মানুহ
, যি একেলগেই বহুত৷ য
একেলগে থুপ খাই থাকে ভিন্ন ভাবনাৰ ভিন্ন বিস্তাৰ৷ দীৰ্ঘদিনীয়া মৌনতাৰ উত্তৰবোৰ
পাবলৈও উথপথপ মোৰ ভিতৰখন৷ আকাংক্ষা একো নাই মোৰ৷ আকাংক্ষা কৰিব পৰাকৈ সময় এতিয়া ৰৈ
থকা নাই৷ বোঁৱতী সময়ৰ বুকুত এটা উজাৰৰ পিছত আকাংক্ষাহীন প্ৰাপ্তিৰ অৰ্থ কেৱল মোৰ
ধৰণেৰে বুজোঁ মই৷

উত্তৰণে কলে
ময়ো যাম তোমাৰ লগত৷ কব নোৱাৰিলোঁ নেলাগে বুলি৷ দুৰ্বল লেতুসেতু হৈ পৰিছে
মোৰ সমগ্ৰ সত্ত্বা৷ জানো এখন যুঁজৰ পাছত অনেকখন যুঁজৰ আখৰাৰ সময় এয়া৷
প্ৰসাধনবিহীন মোৰ দুগালোদি বৈ যোৱা চকুলোধাৰলৈ চাই উত্তৰণে নিজৰ ৰুমালখন বাৰে বাৰে
আগবঢ়াই দিছে৷ অনৰ্গলভাৱে ওৰে বাটটো মই কৈ গ
লোঁ সমৰ্পিত মোৰ
জীৱন কথা৷

দেহৰক্ষীজনে দেখুৱাই দিয়া বাটেৰেই
মই কোঠাটোত প্ৰৱেশ কৰিলোঁ৷ অচিম্বতে মোক দেখি অনিন্দ্য আচৰিত হ
ল৷
গোলাপী চকু বাদামী ৰঙৰ সুন্দৰী গাভৰুগৰাকীক মই চিনি পালোঁ৷ হাই সুজল৷ মই হাতখন
আগবঢ়াই দিলোঁ৷ চকুত ক
লা চচমাৰে টপা মূৰৰ ভদ্ৰলোকজন অনিন্দ্য সুৰুচিপূৰ্ণ সাজ-পোছাক, আদৰহীন ব্যৱহাৰ৷ লা তোমাক আগবঢ়াই দিওঁঅনিন্দ্য
উঠি আহিল৷

হালি পৰা বেলিটোৰ আটাইবোৰ ৰ
আহি আমাৰ গাত পৰিছিলহি৷ দীঘল বাটটো এখোজ দুখোজ জুখি জুখি মই আগ বাঢ়িছোঁ৷ শেষ হৈ অহা এটা
 কবিতাৰ বাকী থকা শাৰীটো যেন শেষ
ব আজি৷ তেওঁ পুনৰ দোহাৰিলে সেই সীমাৰ কথা৷

বৰ সলনি হলা অ!” – অতৰ্কিতে  মোৰ মুখ ফাটি ওলাই গল তলিখন ৷

আৱেগত পৃথিৱী নচলে,
practical হোৱাঁ…।তেওঁৰ টান মাত৷

মোৰ পৃথিৱীত আৱেগেই
উশা…।
মই কষ্টেৰে কলোঁ৷

সেই বাস্তৱত কষ্ট পাবা৷
চচমাযোৰ খুলি তেওঁ মোলৈ চালে৷

কষ্টই বাস্তৱ৷ আৱেগেৰেই
সমাপ্ত হম মই…।
মই কলোঁ৷

৫০ টা বছৰ আৱেগেৰেই পাৰ হল…। এতিয়া ৫১ নম্বৰ খোজটো মই মোৰ মতে কাঢ়িম৷ শিপাডাল মই মাথোঁ চাবলৈ
ৰৈ আছিলোঁ৷
অনিন্দ্যৰ চকুত চকু থৈ মই যেন নাটকৰ সংলাপ গালোঁ৷
কঠুৱা মোৰ মাত৷ এটা শব্দও লৰা নাই৷ শিল শিল শব্দ মালা৷

এবাৰো উভতি নাচাই মই দীঘল দীঘল
খোজ পেলাই গাড়ীলৈ বাট পোনাইছোঁ৷ জীয়াই থকাৰ উকি এটা যেন দূৰত শুনিছোঁ৷ আজি চিজাৰ
হৈ গাবলৈ মন যোৱা নাই ইউ টু ব্ৰুটাছ… ডেচডিমনা হৈ আওঁৰাবলৈ মই যোৱা নাই সেই
তন্দ্ৰা বিভ্ৰান্তিৰ সংলাপ৷ বৰ সহজভাৱে উত্তৰণক কৈ দিলোঁ
– “সতেজ শাক-পাচলি আছে যদি বেগত ভৰাই লৈ আহিবাচোন৷