নিচুকনি গীত

 মূল : মেক্সিম গৰ্কি

ভাবানুবাদ : যশোৱন্ত নিপুণ

 

গ্ৰীষ্মৰ এনিশা নগৰৰ প্ৰান্তৰ এক জনশূন্য পথত মই এটা অদ্ভুত দৃশ্য দেখিছিলোঁ :  এজনী তিৰোতাই ডাঙৰ দোঙ এটাৰ মাজত থিয় হৈ সৰু ল’ৰাৰে
দৰে ভৰি মাৰি
, খেদালি খেদালি
বোকাপানীবোৰ ছিটিকাইছে-
  ভৰি মাৰিছে আৰু  নাকী সুৰেৰে এটা লেতেৰা গান গাই আছে৷

          দিনত এটা ডাঙৰ ধুমুহা নগৰখনেৰে পাৰ হৈ গৈছিল আৰু মুষলধাৰ বৰষুণে ৰাস্তাৰ মাটি
তিয়াই থৈছিল
; পানীৰ দোঙটো দ আছিল, আৰু তাত মানুহজনীৰ ভৰি প্ৰায় আঁঠুলৈকে ডুব গৈ আছিল৷ তাইৰ মুখৰ শব্দৰ পৰাই গম
পোৱা যায় যে গায়িকাজনী মাতাল আছিল৷ যদি নাচিবলৈ চেষ্টা কৰে আৰু পৰি যায়
, তাই সহজে তাত ডুব যাব পাৰে৷

          বুটজোতাযোৰ ওপৰলৈকে উঠাই, দোঙত নামি মই পানী
খচি খচি আগুৱাই গ’লোঁ আৰু নাচনীজনীক বাহুত ধৰি শুকান মাটিলৈ টানি লৈ আহিলোঁ ৷
কেইমুহূৰ্তৰ বাবে তাইৰ নিশ্চয় ভয় লাগিছিল
, কাৰণ তাই ভীৰুৰ দৰে
মোক অনুসৰণ কৰিছিল ৷ কিন্তু তাৰ পাছত গোটেই গাটো পাক খুৱাই তাই সোঁহাতখন মুকলি
কৰিছিল
,  মোৰ বুকুত ভুকুৱাইছিল আৰু চিঞৰিবলৈ ধৰিছিল: বচোৱা !”

          খন্তেক পাছতেই তাই আকৌ দোঙটোলৈ নামি গৈছিল, আৰু মোকো লগতে টানি
লৈ গৈছিল৷
 

জহনীত যোৱাটো!” তাই
ভোৰভোৰাইছিল৷ “মই নাযাওঁ৷ মই তুমি নোহোৱাকৈয়ে থাকিম … তুমিও চেষ্টা কৰা আৰু মই
নোহোৱাকৈ তুমি থাকা … বচোৱা !”

          আন্ধাৰৰ মাজৰ পৰা এজন নৈশ পহৰাদাৰ ওলাই আহি আমাৰ পৰা পাঁচখোজমান দূৰত ৰৈছিল
আৰু হুটা মাতেৰে সুধিছিল:

কিহৰ গণ্ডগোল হৈছে
ইয়াত
 ?”

মই কৈছিলোঁ যে মানুহজনী পানীত ডুবিব পাৰে আৰু মই তাইক তাৰ পৰা টানি আনিব
খুজিছোঁ ৷
    

পহৰাদাৰজনে মাতাল মানুহজনীক ওচৰৰ পৰা ভালকৈ চাইছিল, ডাঙৰকৈ শব্দ কৰি থুই পেলাইছিল আৰু আদেশৰ সুৰত কৈছিল: 

মাস্কা, আহ তাৰ পৰা ৷”

 মোৰ মন যোৱা নাই ৷”

 মই কৈছোঁ আহ তাৰ পৰা ৷”

 নাহোঁ মই ৷”

তোক ভাল পিটন দিব
লাগিব নেকি ঐ মৰণ নোহোৱাজনী
 ?” পহৰাদাৰজনে লাহে লাহে খং-ৰাগ নোহোৱাকৈ কৈছিল, তাৰ পাছত মোৰ ফালে চাই সহজভাৱে ৰঙিয়াল সুৰত কৈছিল, “তাই ইয়াৰেই,ৰাস্তাৰ তিৰোতা, মাস্কা ফ্ৰলিখা ৷ চিগাৰেট আছে নেকি ?”

 

আমি চিগাৰেট
জ্বলাইছিলোঁ৷ মানুহজনীয়ে দোঙৰ মাজত ভৰি মাৰি মাৰি চিঞৰিছিল:
 

মালিক! ময়েই মোৰ
মালিক৷ মোৰ মন গ’লে মই ইয়াতেই এক ডুব মাৰিম৷”

তোৰ পিঠিৰ তলতে মই
ডুবাই দিম তোক!” পহৰাদাৰজনে ভয় দেখুৱাইছিল ৷ তেওঁ এজন ডঢ়িয়াল বুঢ়া আছিল ৷

এনেদৰে তাই
প্ৰত্যেক শুভ ৰাত্ৰিতেই গণ্ডগোল কৰে ৷ আৰু ইফালে তাইৰ ঘৰত ভৰি নোহোৱা পুতেক এটাও
আছে ৷”
  

          তাই ইয়াৰ পৰা দূৰত
থাকে নেকি
?”

তাইক শেষ কৰি পেলাব
লাগে৷” পহৰাদাৰজনে মোৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ কৈছিল ৷

কোনোবাই তাইক ঘৰলৈ
লৈ যোৱা উচিত৷” মই মত দিছিলোঁ৷
 

পহৰাদাৰজনে তেওঁৰ দাঢ়ি কঁপাই ফোচকৈ এটা উশাহ এৰি  চিগাৰেটৰ পোহৰত মোৰ মুখলৈ চাইছিল আৰু ঢিলা মাটিত গধুৰ
গধুৰ খোজ পেলাই আঁতৰি গৈছিল৷

 লৈ যোৱাঁ তাইক! কিন্তু তাইৰ মুখখন আগতে এবাৰ চাই
ল’বা৷”

মানুহজনীয়ে বোকাতেই বহি লৈছিল আৰু হাত দুখনেৰে সেইবোৰত থপৰিয়াই থপৰিয়াই কৰ্কশ
নাকী সুৰত গাইছিল:

 নাও বাই যোৱাৰ দৰে … দূৰৰ সাগৰত …”

আকাশৰ ক’লা গভীৰতাৰ পৰা এটা ডাঙৰ উজ্জ্বল তৰাৰ প্ৰতিবিম্ব লেতেৰা বোকাময় পানীত
জিলিকি উঠিছিল৷ কিন্তু ঢৌবোৰে যেতিয়া দোঙটোৰ চাৰিওফালে বিয়পি গৈছিল
, প্ৰতিবিম্বটো নেদেখা হৈছিল ৷ মই আকৌ দোংটোলৈ খেদখেদাই নামি গৈছিলোঁ৷
গায়িকাজনীক কাষলতিৰ তলত ধৰি
, দাঙি লৈ মোৰ আঁঠু
দুটাৰে ঠেলি ঠেলি বেৰখনৰ ওচৰলৈ টানি লৈ আহিছিলোঁ ৷

তাই পাৰেমানে বাধা দিছিল, হাতদুখন জোকাৰি
জোকাৰি
  প্ৰত্যাহ্বান
জনাইছিল:

মাৰ, মাৰ মোক, মাৰচোন মোক! কোনে
খাতিৰ কৰে! অস্
, জানোৱাৰ, পেটপচা৷ আহ, আহ, মাৰ মোক!”      

          মই তাইক বেৰত আউজাই দি ক’ত থাকে সুধিছিলোঁ৷ নিচাগ্ৰস্ত মূৰটো দাঙি মোলৈ জলকতবক
ক’লা চকুৰে তাই চাইছিল ৷ চকুৰ তলতেই নাকটো খুব চেপেটা আৰু বাকীভাগ এটা বুটামৰ দৰে
আগুৱাই যোৱা৷ ওপৰৰ ওঁঠটো কিবা এটা আঘাতৰ বাবে ওপৰলৈ পাক খোৱা আৰু তাৰ মাজেৰে সৰু
এপাৰি দাঁত দেখা গৈছিল৷ তাইৰ সৰু ঘূৰণীয়া মুখখনে অবজ্ঞা আৰু ইতিকিঙৰ চাৱনি এটা
দিছিল মোৰ ফালে৷
    

          ঠিক আছে, মোৰ লগত আহা ৷” তাই কৈছিল ৷

     বেৰত ভেঁজা দি দি আমি আগ বাঢ়িছিলোঁ ৷ তাইৰ স্কাৰ্টৰ তলৰ ফালৰ ভিজা অংশটোৱে
মোৰ ভৰি কোবাই কোবাই গৈছিল ৷
  

  আহাঁ, আহাঁ চেনাইটো ৷”
তাই টানকৈ কৈছিল আৰু তাইক অলপ সুস্থিৰ হ’বলৈ ধৰা যেন লাগিছিল৷ “তোমালৈ মই ভালেই
হ’ম ৷ মই তোমাক সুখ দিম ৷”

          চোতাল এখনত থিয় হৈ থকা এটা দুমহলীয়া প্ৰকাণ্ড ঘৰলৈ তাই মোক লৈ গৈছিল৷ সাৱধানে
এজনী অন্ধ মানুহৰ দৰে চোতালত পৰি থকা ঠেলা
, ড্ৰাম, পেকিং বাকচ আৰু কাঠৰ টুকুৰাৰ দ’মৰ মাজেৰে তাই খুপি খুপি আগুৱাই গৈছিল আৰু
ঘৰটোৰ তল ফালে থকা গাঁত এটাৰ সম্মুখত ৰৈছিল ৷
     

তললৈ যোৱাঁ৷” তাই
কৈছিল ৷

মানুহজনীৰ ঢলংপলং শৰীৰটো কঁকালত এহাতেৰে মেৰিয়াই ধৰি তাইক নপৰাকৈ ৰাখি মই পিছল
খটখটীৰে নামি গৈছিলোঁ৷ হাতেৰে খেপিয়াই খেপিয়াই দুৱাৰখন আৰু চিটিকনিডাল বিচাৰি
উলিয়াই দুৱাৰখন খুলিছিলোঁ৷ আৰু আন্ধাৰ গহ্বৰৰ দৰে কিবা এটাৰ সম্মুখত ভিতৰলৈ
যাওঁ-নাযাওঁকৈ থিয় হৈ ৰৈছিলোঁ৷
     

         মা, সেয়া তুমি নেকি?”  এন্ধাৰৰ মাজৰ পৰা
কাৰোবাৰ ফিচফিচিয়া মাত ভাহি আহিছিল৷
 

         অঁ, মই ৷” 

এটা উষ্ণ পচা গোন্ধ আলকাতৰাৰ গোন্ধৰ লগত মিহলি হৈ মোৰ নাকত লাগিছিল৷ দিয়াচলাইৰ
কাঠী এটা জ্বলি উঠিছিল৷ ক্ষীণ পোহৰত মই মুহূৰ্তৰ বাবে শিশু এটাৰ শেঁতা মুখখন
জিলিকি উঠা দেখিছিলোঁ৷
    

         বেলেগ আৰু কোন হ’ব? ময়ে৷” মানুহজনীয়ে মোৰ ফালে তাইৰ সমস্ত ভৰ এৰি দি আকৌ কৈছিল ৷

          আৰু এটা দিয়াচলাইৰ কাঠী মৰা হৈছিল৷ কাঁচৰ শব্দ শুনা গৈছিল ৷ এখন বৰ ক্ষীণ আৰু
দেখিলেই হাঁহি উঠা হাতে লেম্প এটা জ্বলাইছিল৷
 

মোৰ ধনটো!”  মানুহজনীয়ে থৰক বৰককৈ কোঠাটোৰ একোণত বাগৰি পৰিছিল৷
তাত বহলকৈ
  মজিয়াৰ প্ৰায় সমান
হৈ থকা পাতল বস্তা পাৰি থোৱা আছিল৷
  

          ভমক ভমককৈ জ্বলি থকা লেম্পটোৰ পৰা ধোঁৱা ওলাবলৈ ধৰিছিল ৷ ল’ৰাটোৱে লেম্পৰ ফিটা
কোচাই দিছিল ৷ জোঙা নাক আৰু ছোৱালীৰ দৰে ওঁঠেৰে তাৰ গহীন মুখখন খুব সুন্দৰ হাতৰ
সৃষ্টি যেন লাগিছিল আৰু এই সেমেকা এন্ধাৰ গহ্বৰটোৰ লগত সেয়া মুঠেই খাপ খোৱা নাছিল৷
লেম্পটোৰ শিখাটো ঠিক কৰি সি মোলৈ এযোৰ অবিন্যস্ত চকুৰে চাই কৈছিল
, মাৰ মদৰ নিচা হৈছে?” 

          মাকে নাকেৰ শব্দ কৰি উচুপি উচুপি বিছনাত বাগৰি আছিল৷ 

 তেওঁৰ কাপোৰবোৰ সলাই দিব লাগিব৷”  মই কৈছিলোঁ৷

 তেনেহ’লে সলাই দিয়া৷”  চকু নমাই ল’ৰাটোৱে উত্তৰ দিছিল৷ 

          যেতিয়া মই মানুহজনীৰ ভিজা কাপোৰবোৰ টানি আঁতৰাব ধৰিছিলোঁ, সি নিৰ্বিকাৰভাৱে সৰুকৈ সুধিছিল, “লেম্পটো নুমাই দিম নেকি ?”

কিয় ?”

          সি উত্তৰ দিয়া নাছিল৷ যেতিয়া মই বস্তা এখনৰ দৰে পৰি থকা তাৰ মাকৰ লগত ব্যস্ত
হৈ পৰিছিলোঁ
, মই তাক লক্ষ্য
কৰিছিলোঁ৷ খিৰিকিৰ কাষত এটা পেকিং বাকচৰ ওপৰত সি বহি আছিল৷
  ডাঠ তক্তাৰ বাকচটোত ছপা ক’লা আখৰেৰে লিখা আছিল:

 সাৱধানে উঠোৱা-নমোৱা কৰিব৷

এন্ আৰ্ এণ্ড কোঃ”  

          বৰ্গাকাৰ খিৰিকিখনৰ তলৰ কাঠডাল তাৰ কান্ধৰ সমানত আছিল৷ বেৰৰ কাষে কাষে
কেইশাৰীমান চিগাৰেট আৰু দিয়াচলাইৰ পেকেট জাপি থোৱা ঠেক চেল্ফ৷ ল’ৰাটোৱে
  বহা বাকচটোৰ কাষতে হালধীয়া পেকিং কাগজেৰে মেৰিয়াই
থোৱা আৰু এটা বাকচ৷ সেইটো কিজানি মেজ হিচাপে ৰখা হৈছিল৷ তাৰ ক্ষীণ হাত দুখন ডিঙিৰ
পাছফালে ধৰি আছিল৷ সি খিৰিকিৰ ক’লা কাঁচবোৰলৈ চাই আছিল৷
  

          মানুহজনীৰ কাপোৰবোৰ সলাই দি ভিজা কাপোৰবোৰ ষ্ট’ভটোৰ কাষত থৈছিলোঁ৷ তাৰ একোণত
ধুবলৈ ৰখা মাটিৰ বাচনত হাত ধুইছিলোঁ৷ হাত দুখন ৰুমালত মচি মচি মই ল’ৰাটোক কৈছিলোঁ:

বাৰু, মই যাওঁ৷”   

সি মোৰ ফালে মূৰ তুলি চাইছিল৷ অকণমান খোনাই কৈছিল:

এতিয়া লেম্পটো
নুমাই দিওঁ নে
?”

 তোমাৰ যি ইচ্ছা৷”

         যোৱাঁই নেকি? তুমি নুশুবা জানো?” সি তাৰ ক্ষীণ
হাতখনেৰে মাকলৈ আঙুলিয়াইছিল
, “তেওঁৰ লগত৷”

 কিয়, কি কাৰণে?” মই শুকানকৈ সুধিছিলোঁ৷ 

 তুমি নিজেই জানা৷” সি আচৰিত সহজ সুৰত কৈছিল৷ আৰু যোগ
দিছিল
, “সকলোৱে সেইটো কৰে৷”

          অপ্ৰস্তুত হৈ মই চাৰিওফালে চাইছিলোঁ৷ মোৰ সোঁফালে ওলাই থকা লেতেৰা ষ্ট’ভটো, জুহালত লেতেৰা বাচনবোৰ৷ বাকচটোৰ পিছফালে একোণত ৰচিৰ টুকুৰা, পাকবোৰ খুলি যোৱা ৰচিৰ দ’ম, দীঘল দীঘল কাঠ, কাঠৰ টুকুৰা আৰু এডাল যুৱলি৷  

মোৰ ভৰিৰ কাষত পৰি আছিল নাক বজাই শুই পৰা হালধীয়া শৰীৰটো৷

         মই তোমাৰ লগত অলপ
বহিব পাৰিম নেকি
?” ল’ৰাটোক সুধিছিলোঁ৷

          সি মোৰ ফালে বিমৰ্ষ চাৱনি এটা দিছিল আৰু কৈছিল:

জানানে, তেওঁ পুৱালৈকে সাৰ নাপায়৷” 

আহ্, মোক তেওঁৰ দৰকাৰ নাই নহয়৷”

          মই তাৰ বাকচটোৰ কাষতে মজিয়াত বহি কেনেকৈ মাকক লগ পালোঁ কৈছিলোঁ৷ ধেমলীয়া সুৰ
এটাৰে ক’বলৈ চেষ্টা কৰিছিলোঁ:

তেওঁ বোকাত বহি লৈ
গান গাই গাই নাও বাবলৈ ধৰিছিল৷ তেওঁৰ হাতত যেন এপাট ব’ঠাহে আছিল৷”
   

          সৰু বুকুখন খজুৱাই সি মূৰ দুপিয়াইছিল৷ ক্ষীণ দুৰ্বল হাঁহি এটা মাৰি কৈছিল, “মদৰ নিচাত আছিল
কাৰণে তেনে কৰিছিল৷ ভালে থাকিলেও এনেদৰে ধেমালি কৰি থাকে৷ সৰু ছোৱালীৰ দৰে…৷”

 মই তাৰ চকু দুটা ভালকৈ চাব পাৰিছিলোঁ৷ সেয়া সঁচাকৈয়ে
অবিন্যস্ত আৰু ধুনীয়া আছিল৷ তাৰ চকুৰ নোমবোৰ দীঘল আছিল৷ তাৰ চকুৰ পটাতো পাতলকৈ নোম
গজিছিল৷ চকুৰ তলৰ পাতল নীলা ছায়াই তাৰ ছালখন অধিক শেঁতা কৰি তুলিছিল৷ উঠা কপালখনত
নাকৰ কাষলৈকে কেঁকোৰা ৰঙা-মুগা চুলি একোচা বৈ পৰিছিল৷ তাৰ শান্ত
, সজাগ চকুযুৰিৰ অভিব্যক্তি মই বৰ্ণনা কৰিব নোৱাৰোঁ৷ সেই অপাৰ্থিৱ চাৱনিৰ বিষয়ে
মই মাত্ৰ সেইখিনিয়ে ক’ব পাৰোঁ৷
   

         তোমাৰ ভৰিৰ কিবা
হৈছে নেকি
?”

সি ফটা কাপোৰৰ মাজত অলপ লৰ-চৰ কৰি দেখিবলৈ লাঠিৰ দৰে এখন লেৰেলা ভৰি বাহিৰলৈ
উলিয়াইছিল৷ হাত এখনেৰে দাঙি বাকচটোৰ কানত সেইখন ৰাখিছিল৷

         সেইবোৰ কেনেকুৱা
দেখি চোৱাঁ৷ দুয়োখনে জন্মৰে পৰাই তেনে৷ সিহঁতে খোজ কাঢ়িব নোৱাৰে
, সিহঁত জীয়া নহয়– একো কামৰেই নহয়…৷”

         আৰু সেই সৰু সৰু
বাকচবোৰত কি আছে
?”

         সেয়া মোৰ
চিৰিয়াখানা৷” সি তাৰ ভৰিখন যেন এডাল লাঠিহে এনে ভাবত সেইখন দাঙি লৈ আকৌ বাকচটোৰ
তলৰ ফটা কাপোৰবোৰৰ মাজত থৈছিল৷ তাৰ পাছত খোলা হাঁহি এটা মাৰি কৈছিল:

চাবা নেকি? তেনেহ’লে ভালকৈ বহি লোৱাঁ৷ তুমি জীৱনত তেনেকুৱা একো দেখা নাই৷”  

পটু ক্ষিপ্ৰ ক্ষীণ আৰু দীঘল হাত দুখনত ভৰ দি সি উঠিছিল আৰু চেল্ফৰ পৰা সৰু
বাকচবোৰ মোৰ হাতত এটা এটাকৈ তুলি দিবলৈ ধৰিছিল৷
 

         সাৱধান কিন্তু দেই৷
নুখুলিবা সেইবোৰ৷ সিহঁত দৌৰি পলাব নহ’লে৷ কাণত লগাই শুনাচোন! কেনে
?”

         ভিতৰত কিবা লৰি-চৰি
আছে৷”

         আহা!  সেইটো এটা মকৰা, বৰ উৎপতীয়া৷ তাক
ঢুলীয়া বুলি কওঁ৷ যিমান হ’ব পাৰি সিমান বদমাচ সি!”

          ধুনীয়া চকুযুৰি তিৰবিৰাই উঠিছিল আৰু এটা হাঁহিয়ে তাৰ পাতল নীলা মুখখনত ঢৌ
খেলাই গৈছিল৷ ক্ষিপ্ৰ হাতেৰে সি বাকচবোৰ চেল্ফৰ পৰা নমাই নমাই তাৰ কাণত দি চাইছিল
, আৰু তাৰ পাছত মোৰ কাণত দিছিল৷ সি উৎসাহেৰে ঘোষণা কৰিছিল :    

         আৰু এই পঁইতাচোৰাটো, ই হ’ল এনিসিম, এটা ফোঁপজহী, যুঁজাৰুহে যেন সি৷ এই চোৱাঁ মাখি, শ্ৰীমতী ডাঙৰীয়ানী৷
মহা পেটপচা৷ দিনটো ভুনভুনাই থাকে৷ সকলোকে গালি পাৰিব৷ এবাৰ তাই আমাৰ মাৰো চুলি
টানিছিল৷ সেই মাখিজনী নহয়-
  ৰাস্তাটোৰ সিফালে
থাকে যে শ্ৰীমতী
,  তাই এইজনীৰ নিচিনা
দেখিবলৈহে৷ আৰু এইটো এটা ডাঙৰ গুবৰুৱা
; মালিক৷ সি বেয়া
নহয়৷ মাত্ৰ এটা মাতাল আৰু তাৰ একো লাজ-চৰম নাই৷ যেতিয়া নিচাত থাকে সি ইফালে-সিফালে
লেংটা হৈ ঘূৰি ফুৰে
 ; নোমাল ক’লা কুকুৰ এটা যেন লাগে তাক৷ আৰু এইফালে এইটো এটা পৰুৱা, নিকোদিম খুৰা৷  মই তাক বাহিৰত ধৰিছিলোঁ৷
আচলতে এটা বুৰ্বক
, কিন্তু নিজক
ধাৰ্মিক বাটৰুৱা বুলিহে কয়৷ গীৰ্জা এটাৰ বাবে বোলে পইচা গোটাইছে সি৷ মাৰ মতে সি
এটা ঠগ
; আৰু মাৰ এটা চেনাই সি৷ মাৰ নাকটো নাই, কিন্তু  চেনাই যে কিমান আছে;  তেওঁৰ চাৰিওফালৰ মাখিৰ জাকটোৰ দৰে৷     

         তেওঁ তোমাক মাৰে নে?”

         কোনে, মাই? মই তেওঁক বৰ ভাল পাওঁ৷ মোক এৰি তেওঁ থাকিব নোৱাৰে৷
তেওঁ বৰ মৰমিয়াল- মাত্ৰ মদ খায়৷ কিন্তু আমাৰ ইয়াতে সকলোৱে মদ খাই মাতাল হয়৷ তেওঁ
ধুনীয়া আৰু ফুৰ্তিত থাকে
, মাত্ৰ মস্ত এজনী
মাতাল
, আৰু বেশ্যা৷ মই তেওঁক কওঁ : মূৰ্খ তিৰোতা, মদ খাবলৈ এৰি দিয়া, তুমি ধনী হৈ যাবা–
কিন্তু তেওঁ হাঁহে মাত্ৰ৷ এজনী ভাল
, পিছে বুদ্ধি নোহোৱা
তিৰোতা৷ কি আৰু আশা কৰিবা তুমি! কিন্তু তেওঁ ভাল
, তুমি তেওঁ সাৰ পালে গম পাবা৷”

          সি বৰ মৰমলগাকৈ হাঁহিছিল৷ তাৰ হাঁহিটো ইমান ধুনীয়া আছিল যে মোৰ গোটেই নগৰখনে
শুনাকৈ চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল৷ মোৰ মনটো ল’ৰাটোৰ প্ৰতি সুগভীৰ
সহানুভূতিৰে ভৰি পৰিছিল৷ ডিঙিৰ ওপৰত তাৰ ধুনীয়া মূৰটো এপাহ নিচিনা ফুলৰ দৰে
হালি-জালি আছিল৷ আৰু হেঁপাহেৰে ক্ৰমাৎ উজ্জ্বলতৰ হৈ অহা তাৰ চকুযুৰিয়ে মোক প্ৰচণ্ড
শক্তিৰে আকৰ্ষণ কৰিছিল৷
 

          তাৰ শিশুসুলভ কিন্তু নিষ্ঠুৰ বাস্তৱ কথাবোৰ শুনি শুনি মই অলপ সময়ৰ বাবে ক’ত
আছোঁ পাহৰি গৈছিলোঁ ৷ হঠাতে আকৌ বোকাৰ দাগেৰে বাহিৰ ফালটো ভৰি থকা বন্দীশালৰ দৰে
খিৰিকিখন
, ষ্ট’ভটোৰ ক’লা হৈ যোৱা মুখখন, একোণৰ পাক খুলি যোৱাৰ ৰচিৰ দ’মটো, আৰু তেল-চিকটিৰ দৰে
হালধীয়া ফটাকানিৰ ওপৰত পৰি থকা মাকজনীৰ দেহাটো- এই সকলোবোৰৰ প্ৰতি মই সচেতন হৈ
পৰিছিলোঁ৷

মোৰ এইমখা বৰ ভাল
নহয়নে
?” গৌৰৱেৰে ল’ৰাটোৱে সুধিছিল৷

বৰ ভাল৷”

মোৰ কিন্তু পখিলা
নাই – চকৰিও নাই৷”

তোমাৰ নাম কি?”

লিয়োনকা৷”

মোৰো সেইটোৱে নাম৷”

হয় নেকি? তুমি কেনে ধৰণৰ মানুহনো?”

এহ্, এনেই মানে কোনো ধৰণৰ মানুহ নহওঁ মই৷”

কিবা বেলেগ এটা
কোৱা৷ সকলো মানুহেইতো কোনোবা এজন মানুহ৷ মই জানিব লাগে৷ তুমি এজন ভাল মানুহ হ’ব
লাগে৷”

হ’ব পাৰে৷” 

মই বুজি পাওঁ৷ তুমি
বৰ ভয়াতুৰো৷”

ভয়াতুৰ?”

বাজি মাৰি ক’ব
পাৰোঁ৷”

সি বৰ জনা জনা ভাব এটা দেখুৱাই হাঁহিছিল আৰু মোৰ ফালে চাই চকুৰ টিপ মাৰিছিল৷

তুমি কিয় ভাবি ল’লা
যে মোৰ ভয় লাগিছে
?”

চোৱা, তুমি মোৰ লগত ইয়াতে বহি আছা৷ গতিকে গম পোৱা যায় ৰাতি তুমি বাহিৰলৈ যাবলৈ ভয়
কৰা!”

কিন্তু পোহৰ হ’বলৈ
ধৰিছেই দেখোন৷”

আৰু তুমি গুচি
যাবা৷”

মই তোমাক লগ ধৰিবলৈ
আকৌ আহিম৷”

 

সি মোৰ কথা বিশ্বাস
কৰা নাছিল৷ সি তাৰ ধুনীয়া চকুযোৰ তাৰ ঘন চকুৰ পল্লৱেৰে আবৰি ধৰিলে কেই মুহূৰ্তমান৷
আৰু তাৰ পাছত সুধিলে :

কিহৰ বাবে?” 

তোমাৰ লগত বহি কথা
পাতিবলৈ৷ তুমি বৰ ফুৰ্তিবাজ৷ মই আহিব পাৰিম নে
?”

আহিবা৷ ইয়ালৈ
সকলোৱে আহে৷”

এটা হুমুনিয়াহ এৰি সি আকৌ ক’লে :  

তুমি ধেমালি কৰিছা
কিজানি৷”

নহয়৷ মই আহিম
সঁচাই৷”

ঠিক আছে বাৰু৷
কিন্তু মোক লগ ধৰিবলৈ আহিবা
, মাক বিচাৰি নহয়৷
তেওঁকনো কাৰ দৰকাৰ
? আমি বন্ধু হ’ম, তুমি আৰু মই!”

ঠিক আছে৷”

বঢ়িয়া৷ তুমি যে
ডাঙৰ হৈছা
, সেইটো একো কথাই নহয়৷ তোমাৰ কিমান বয়স?”

একৈছ বছৰেই হ’ব
আৰু৷”

 আৰু মোৰ বাৰ বছৰ হ’ব৷ মোৰ কোনো লগৰীয়া নাই৷ মাত্ৰ
কাটকা- পানী দিয়া মানুহজনৰ ছোৱালীজনী যে- তাই কেতিয়াবা আহে
; কিন্তু মোৰ কাষলৈ অহা কাৰণে মাকে তাইক মাৰে৷ তুমি চোৰ নেকিহে?”

নাই, নাই৷ মই আকৌ চোৰ হ’ম কিয়?”

তোমাৰ যে মুখখন
দেখিবলৈ কেনেকুৱা৷ বৰ ক্ষীণ আৰু নাকটোও দীঘল৷ ঠিক চোৰবোৰৰ দৰেই৷ ইয়ালৈ দুটা চোৰ
আহে৷
 এটা হ’ল ছাস্কা, অঁকৰা আৰু বেলেগক ভয় খুৱায়৷ বেলেগটো হ’ল ভামস্কা৷ সি বৰ মৰমিয়াল- মানে কুকুৰৰ
দৰে৷ তোমাৰ সৰু সৰু বাকচ আছেনে
?”

মই আনিম কেইটামান৷”

বঢ়িয়া৷ আনিবা৷ মাক
তুমি আহিবা বুলি মই নকওঁ৷”

কিয় নোকোৱাঁ?”

এনেয়ে৷ পুৰুষ
মানুহবোৰ আকৌ আহিলে তেওঁ সদায় বৰ ভাল পায়৷ তেওঁ পুৰুষ মানুহ ভাল পায়
, সেইবোৰ যে বোজা– তেওঁ বুজি নাপায়৷ মোৰ এই মা মানুহজনী বৰ আচৰিত শিশুৰ দৰে৷
পোন্ধৰ বছৰতেই তেওঁৰ পেটলৈ কেঁচুৱা আহিল আৰু সেইবোৰ কেনেকৈ হ’বলৈ পালে নিজেই জনা
নাছিল৷ পিছে তুমি কেতিয়া আহিবা
?”

কাইলৈ সন্ধিয়া ৷”

সন্ধিয়ালৈ তেওঁৰ মদৰ নিচা হ’ব৷
চুৰি নকৰাঁ যদি তুমি কি কৰাঁ
?”

মই বেভাৰিয়ান চৰ্বত বেচোঁ৷”

সঁচাই? মোলৈ এবটল আনিবা নেকি, কি কোৱাঁ?”

নিশ্চয়৷ বাৰু, মই যাওঁ এতিয়া৷”

ঠিক আছে৷ তুমি আকৌ
আহিবানে
?”

নিশ্চয় আহিম ৷”

 

সি তাৰ দীঘল হাত
দুখন মোৰ ফালে মেলি দিছিল৷ আৰু মই সেই ক্ষীণ
, চেঁচা হাড়ে-ছালে
লগা হাত দুখন মোৰ হাতত লৈ লাহে লাহে জোকাৰি দিছিলোঁ৷ তাৰ ফালে আৰু ঘূৰি নোচোৱাকৈ
মই সম্মুখৰ চোতালখনলৈ নিচাগ্ৰস্ত মানুহ এজনৰ দৰে ঢলংপলংকৈ ওলাই আহিছিলোঁ৷
 

 

দোকমোকালিৰ পোহৰ দেখা গৈছিল৷ সেমেকা আৰু ভাগি পৰিব খোজা ঘৰবোৰৰ ওপৰত কঁপি কঁপি
মুমূৰ্ষু ভোটাতৰাটো ওলমি আছিল৷ মাতালৰ নিষ্প্ৰভ আৰু লেতেৰা চকুৰ দৰে খিৰিকিবোৰৰ
বৰ্গাকাৰ চকুবোৰে বোকামাটিৰ দাগেৰে ভৰা ঘৰটোৰ বেৰৰ তলৰ গহ্বৰটোৰ পৰা মোক চাই আছিল৷
ৰঙা মুখৰ মানুহ এজনে উদং শকত ভৰি দুখন বহলকৈ মেলি
  গেটৰ ওচৰৰ গাড়ী এখনৰ কাষত শুই আছিল ৷ তাৰ ঘন ডাঢ়িকোচা আকাশৰ মুখ কৰি আছিল৷
মেলা মুখৰ বগা দাঁতবোৰ জিলিকি আছিল৷ চকু মুদি সি যেন পিশাচৰ দৰে বিদ্ৰূপেৰে
হাঁহিহে আছিল৷ সম্ভৱতঃ গৰম পানীৰ আক্ৰমণত পিঠিৰ কিছু অংশৰ নোম শূন্য হৈ যোৱা বুঢ়া
কুকুৰ এটাই ওচৰলৈ আহি মোৰ ভৰি শুঙি ভোকাতুৰৰ দৰে কুকুৱাইছিল৷ মোৰ বুকুখন সীমাহীন
কাৰুণ্যৰে ভৰি পৰিছিল৷
 

ৰাতি ভৰি অহা ডোংটোত পুৱাৰ আকাশখন প্ৰতিফলিত হৈছিল৷ নীলা আৰু গোলাপী
প্ৰতিবিম্ববোৰে লেতেৰা দোঙটোকো মন জুৰোৱাকৈ ধুনীয়া কৰি তুলিছিল৷
 

 

পিছদিনা মই থকা
ঠাইখনৰ সৰু ল’ৰাবোৰক মোৰ বাবে কেইটামান পখিলা আৰু চকৰি ধৰি দিবলৈ কৈছিলোঁ৷ সৰু সৰু
ধুনীয়া বাকচ কেইটামান ফাৰ্মাচীৰ পৰা কিনিছিলোঁ৷ এবটল বেভাৰিয়ান চৰ্বত
, কেইটুকুৰামান কেক, মিঠাই আৰু বান লৈ
মই লিয়োনকাক লগ ধৰিবলৈ গৈছিলোঁ৷
 

          মোৰ পৰা এই উপহাৰবোৰ খুব অবিশ্বাসেৰে লিয়োনকাই হাত পাতি লৈছিল৷ দিনৰ পোহৰত তাৰ
চকুযুৰি আগতকৈও ধুনীয়া আৰু বহল হৈ পৰিছিল৷

হে ভগৱান!” শিশু
এটাতকৈ বহু বেছি গভীৰ হৈ আহিছিল তাৰ মাতটো৷ “এই সকলোবোৰ চোৱাঁ! তুমি খুব ধনী মানুহ
, নে আন কিবা?  এইটো কেনেকৈ হ’ব
পাৰে- ধনী মানুহ
, কিন্তু ইমান বেয়া
কাপোৰ পিন্ধিছা
, আৰু চোৰো নহয় বোলে
তুমি
? বাঃ! কি ধুনীয়া ধুনীয়া বাকচ! মোৰ চুই চাবলৈয়ে ভয়
লাগিছে
, মোৰ হাত ধোৱাই নাই নহয়৷ সেইটো কি আছে ভিতৰত? আই ঐ, আই ঐ- কি যে বঢ়িয়া চকৰি এটা! তামৰ দৰে,  আৰু এয়া সেউজীয়াও– অস্, ভগৱান! দৌৰি ওলাই
যাবা আৰু উৰি গুচি যাবা
, নে কি? সেইবোৰ নহ’ব দেই৷”   

          হঠাতে সি আনন্দতে চিঞৰি উঠিছিল:

 মা! আহাঁচোন ফটকৈ, আহাঁ আৰু মোৰ হাত
ধুৱাই দিয়াঁ৷ আৰু চোৱাঁহি তেওঁ কি আনিছে৷ তুমি জানা তেওঁক
,  তোমাক যে কালি দাঙি লৈ আহিছিল৷ তেওঁৰ নামটোও লিয়োনকা৷”

 

তুমি তেওঁক ধন্যবাদ
দিব লাগে দেখোন৷” মই পিছফালে কাৰোবাৰ আচৰিত ধৰণে শান্ত কণ্ঠস্বৰ শুনিবলৈ পাইছিলোঁ৷
 

ল’ৰাটোৱে খুব খৰকৈ মূৰ দোৱাইছিল৷

 ধন্যবাদ, বহুত ধন্যবাদ
তোমাক!”

          ঘন চুলিৰ মেঘৰ দৰে কিবা লৰি আছিল তলত৷ আৰু ষ্ট’ভটোৰ কাষত ৰৈ থকা আউল-বাউল
চুলিৰে ভৰা মূৰটো
, তিৰোতাজনীৰ কুশ্ৰী
মুখখন
, দাঁতৰ চিকমিকনি আৰু সেই মুখখনত বিয়পি থকা এটা
স্বতঃস্ফূৰ্ত
  ধুনীয়া স্নিগ্ধ
হাঁহি মই দেখিবলৈ পাইছিলোঁ৷
 

সুপ্ৰভাত!” 

         সুপ্ৰভাত৷”
মানুহজনীয়ে উত্তৰ দিছিল৷ তাইৰ নাকী মাতটো সৰু যদিও আনন্দৰ
, খুব কৌতুকেৰে ভৰা যেন লাগিছিল৷ চকু দুটা সৰু কৰি মোৰ ফালে তাই প্ৰায় কৌতুকেৰে
চাইছিল৷
  

          ইফালে লিয়োনকাই মোৰ কথা পাহৰি সৰু বাকচবোৰ সাৱধানেৰে খুলি থকাৰ মাজতে কেক এটা
খাবলৈ ধৰিছিল৷ তাৰ চকুৰ নোমবোৰে গালত ছাঁ পেলাইছিল আৰু চকুৰ নীলাখিনি অধিক গভীৰ হৈ
আহিছিল৷ বুঢ়া মানুহ এজনৰ ভাগৰুৱা মুখখনৰ দৰে সূৰ্যটোৱে খিৰিকিৰ লেতেৰা কাচবোৰৰ
মাজৰে ভুমুকিয়াই আছিল৷ ল’ৰাটোৰ ৰঙা-মুগা চুলিবোৰত এটা পাতল ছাঁ পৰিছিল৷ তাৰ চোলাটো
ডিঙিৰ ওচৰত খোলা আছিল আৰু মই সৰু দুৰ্বল হাড়বোৰৰ তলত লাহে লাহে ধপধপাই থকা
কলিজাটোৰ শব্দ শুনিবলৈ পাইছিলোঁ৷ ধপধপনিৰ লগে লগে তাৰ সৰু বুকুখনে প্ৰায় অস্পষ্ট
নিপলৰ স’তে উঠা-নমা কৰিছিল৷
 

          তাৰ মাক ষ্ট’ভটোৰ কাষৰ পৰা উঠি আহিছিল৷ ধোৱা-মেলা কৰা বাচনটোৰ ওপৰত কাপোৰ এখন
তিয়াইছিল আৰু লিয়োনকাৰ ওচৰলৈ আহি তাৰ বাওঁহাতখন নিজৰ হাতত তুলি লৈছিল৷
 

         পলাল, ধৰাঁ তাক, সি পলাই গ’ল!” সি
চিঞৰ মাৰি উঠিছিল৷ বহি থকা বাকচটোৰ পৰাই সি ছটফটাবলৈ ধৰিছিল৷ তাৰ গোটেই শৰীৰটো পাক
খুৱাই খুৱাই সি চিঞৰিছিল৷ ফটা কাপোৰবোৰ কোচমোচ খাই তাৰ নিৰ্জীৱ খঙাল ভৰি দুখন ওলাই
পৰিছিল৷ ফটা কাপোৰবোৰৰ মাজত খেপিয়াই খেপিয়াই মানুহজনীয়ে হাঁহিছিল৷

         এই চোৱাX ধৰিলোঁ তাক!”  তাই উল্লাসেৰে
চিঞৰিছিল৷

তাই গুবৰুৱাটো ধৰি হাতত লৈ উজ্জ্বল তীক্ষ্ণ চকুৰে পৰীক্ষা কৰিছিল৷ বহুদিনৰ
পুৰণি চিনাকি কোনোবাৰ দৰে তাই মোক কৈছিল :
 

আমাৰ ইয়াত বহুত আছে
এইবোৰ৷”

সেইটো চেপেটা কৰি
নেপেলাবা কিন্তু৷” পুতেকে সাৱধান কৰি দি কৈছিল
 “এবাৰ মদৰ নিচাত তেওঁ মোৰ চিৰিয়াখানাৰ ওপৰত বহি সিহঁতৰ বহু কেইটাকে চেপেটা কৰি
পেলাইছিল৷”

সেইবোৰ পাহৰি যাব
লাগে
, ধনটো৷”

মই সেইবোৰ পুতি
থৈছিলোঁ
, এমখা আছিল৷”

কিন্তু পাছত মই
তোমাৰ কাৰণে আকৌ কেইটামান ধৰা নাছিলোঁ জানো
?”

কি লাভ হৈছিল! তুমি
চেপেটা কৰাবোৰক মই শিকাই-বুজাই লৈছিলোঁ
, একো নাজানা দেই
তুমি৷
  সিহঁত মৰিলে
ষ্ট’ভটোৰ তলত মই সিহঁতক পুতি থওঁ৷ মই নামি আহোঁ আৰু পুতি থওঁ৷ ইয়াতে মোৰ এখন
কবৰস্থান আছে৷ তুমি জানানে
, মোৰ এটা মকৰা আছিল,  মিনকা নামৰ৷ সেইটো একেবাৰে আমাৰ মাৰ মানুহবোৰৰ এটাৰ দৰে আছিল বুঢ়াবোৰৰ মাজৰ এটা, সি এতিয়া জেইলত,  শকত আৰু ফূৰ্তিবাজ মানুহ–”   

উম উম, মোৰ মৰমৰ ধনটো৷” মানুহজনীয়ে ল’ৰাটোৰ কেঁকোৰা চুলিবোৰত তাইৰ চুটি শকত আঙুলিৰ
হাতখন বুলাই দি কৈছিল৷ তাৰ পাছত মোক কিলাকুটিৰে লাহেকৈ খুন্দা এটা মাৰি চকুত হাঁহি
লৈ কৈছিল:
  

বৰ ধুনীয়া ল’ৰা? কিযে ধুনীয়া চকু, নহয়নে?”

         মোৰ এটা চকু লৈ যাব
পাৰাঁ তুমি আৰু মোৰ ভৰি দুখন ভাল কৰি দিয়া৷” গুবৰুৱাটো পৰীক্ষা কৰি থকাৰ মাজতে
মিচিকিয়াই হাঁহি লিয়োনকাই কৈছিল৷ “লোহাৰ দৰে৷ শকত৷ সেই পাদ্ৰীটোৰ দৰে
, মা তুমি যে তেওঁৰ কাৰণে জখলা নে কিবা গুঁঠিছিলা- মনত আছে?”

 ক’বই লাগিব মোৰ মনত আছে৷”

হাঁহি হাঁহি তাই মোক কাহিনীটো ক’বলৈ ধৰিছিল ৷”

         এবাৰ এজন ডাঙৰ-দীঘল
পাদ্ৰী আহি ওলাইছিল৷ কৈছিল- ‘তুমিতো জাবৰ-জোঁথৰ খুঁচৰি ফুৰা৷ মোক এডাল ৰচীৰ জখলা
বনাই দিব পাৰিবা নেকি
?’ – মই এনে জখলাৰ কথা
জীৱনত শুনাই নাছিলোঁ৷ নাই
, মই কৈছিলোঁ, মই নোৱাৰিম৷ মই শিকাই দিম৷’ সি
কৈছিল৷ সি দীঘল চোলাটো খুলি পেলাইছিল৷ আৰু বিশ্বাস কৰিবানে
, তাৰ গোটেই পেটৰ চাৰিওফালে সৰু, টান, দীঘল ৰচি মেৰিয়াই থোৱা আছিল৷ সি মোক কামটো কেনেকৈ কৰিব লাগে শিকাই দিছিল৷ মই
জখলা গুঁঠি গুঁঠি ভাবি আছিলোঁ- ‘সেইডালৰ কি দৰকাৰ হৈছিল তাৰ
? গীৰ্জাত চুৰি কৰিবলৈ নেকি?’ ”

তাই ডাঙৰকৈ হাঁহি হাত এখন পুতেকৰ কান্ধত থৈ লাহে লাহে তাক থপৰিয়াই আছিল ৷

 বৰ ধেমেলীয়া মানুহ৷ সময়ত সি আহি ওলাইছিল৷ মই
সুধিছিলোঁ: ‘এইডাল যদি চুৰি-ডকাইতিৰ কামত লগাব খুজিছা
, মই দিব নোৱাৰিম কিন্তু৷’ কিন্তু সি চালাক
মানুহৰ দৰে হাঁহিছিল মাত্ৰ ৷ ‘সেইবিলাক একো নহয়৷’ সি কৈছিল৷ ‘দেৱাল এখন বগাব
লাগিব৷ আমাৰ তাত বৰ ওখ দেৱাল এখন আছে৷ আমি হ’লোঁ পাপী মানুহ- আৰু পাপ দেৱালৰ সিটো
ফালে ৰৈ থাকে- বুজিলা
?’  মই বুজি পাইছিলোঁ
ভালকৈ৷ সি কোনোবা তিৰোতাৰ ওচৰলৈ ৰাতি ৰাতি যাব৷ পিছে আমি দুয়োটাই হাঁহিছিলোঁ নে
নাই বাৰু
?” 

তুমি ঢেকঢেককৈ
হাঁহিবলৈ ভালেই পোৱা
, বৰকৈ হাঁহিছিলা
তুমি৷” বয়সস্থ মানুহ এজনৰ দৰে ল’ৰাটোৱে কৈছিল৷
 ছামোভাৰটো ষ্ট’ভত
তুলি দিলে ভাল হ’ব নেকি
?”

কিন্তু চেনি নাই
ঘৰত৷”

অলপমান কিনি আনা৷”

পইচাও নাই ৷”

ইছ্! মদ খাই সকলো
শেষ কৰিলা তুমি! তেওঁৰ পৰা অলপ পইচা লোৱাঁ৷” সি মোৰ ফালে চাইছিল : “তোমাৰ লগত পইচা
হ’বনে
?” 

মানুহজনীক মই অলপ পইচা দিছিলোঁ৷ তাই খপকৈ বহাৰ পৰা উঠি ষ্ট’ভটোৰ পৰা দাগ লগা, অ’ত ত’ত টেপেলা পৰা ছামোভাৰ এটা লৈ গুণগুণকৈ কিবা গাই ওলাই গৈছিল৷   

         মা!”  ল’ৰাটোৱে পিছৰ পৰা চিঞৰিছিল৷ “খিৰিকিখন ধুবাচোন, মই একো দেখা নাপাওঁ!”

বৰ বঢ়িয়া
হাঁহ-কুকুৰাৰ জাক
, তোমাক কৈছোঁ!”
পোক-পৰুৱা ৰখা সৰু সৰু বাকচবোৰ চেল্ফত সাৱধানে থৈ যাওঁতে সি কৈ আছিল৷ চেল্ফবোৰ
কাৰ্ডব’ৰ্ডৰ আছিল৷ সেমেকা বেৰখনৰ ইটাবোৰৰ মাজত মাৰি থোৱা গজাল কেইটামানৰ পৰা ৰচিৰে
সেইবোৰ ওলোমাই থোৱা আছিল৷ “বৰ কামিলা তেওঁ৷ যেতিয়া তেওঁ জাবৰ-জোঁথৰবোৰ চাফা কৰিবলৈ
ধৰে তোমাৰ উশাহ বন্ধ হৈ যাব পাৰে৷ এইখিনি ঠাইত বহুত ধূলি-মাকটি৷ মই চিঞৰোঁ : মা
ভগৱানৰ শপত
, মোক বাহিৰৰ চোতাললৈ
লৈ ব’লা৷ মোৰ ইয়াত উশাহ বন্ধ হ’ব৷ কিন্তু তেওঁ কয়
, এনেকৈ থকাৰ অভ্যাস কৰাঁ৷ মোৰ লগৰী হৈ থাকিবা৷ মোক তেওঁ বৰ ভাল পায়, তাত কোনো সন্দেহ নাই৷ তেওঁ যেতিয়া কাম কৰি থাকে, গান গায়৷ আৰু তেওঁ হাজাৰ হাজাৰ গান জানে, সঁচাকৈয়ে৷” 

          উচ্ছ্বসিত ল’ৰাটোৰ আশ্চৰ্য সুন্দৰ চকুযুৰি জিলিকি উঠিছিল৷ সি ডাঠ চেলাউৰিযোৰ
থিয় কৰি এটা গান খহটা সাধাৰণ সুৰেৰে গাবলৈ ধৰিছিল :
  

চোফাত বাগৰি আছে
আছে চ’ফি
, …”

          মই কিছুসময় গানটো শুনাৰ পাছত কৈছিলোঁ :

এইটো ভাল গান নহয়
দিয়াঁ৷”

এই গানবোৰেই
তেনেকুৱা৷” লিয়োনকাই মোক আশ্বাস দি কৈছিল৷
 হঠাতে সি কৈ উঠিল : “শুনা শুনা, গান-বাজনা আহিছে৷ মোক দাঙি ধৰা, বেগতে৷”

          শেঁতা পাতল ছালে আবৰি ৰখা তাৰ ক্ষীণ হাড়বোৰ মই দাঙি ধৰিছিলোঁ৷ ব্যগ্ৰভাৱে সি
তাৰ মূৰটো খোলা খিৰিকিখনেৰে বাহিৰলৈ উলিয়াই দি উৎকৰ্ণ হৈ ৰৈছিল৷ তাৰ লেৰেলা
নিৰ্জীৱ ভৰি দুখন বেৰত নিঃসহায়ৰ দৰে ওলমি আছিল৷
  বাহিৰত কোনোবাই কিবাকিবি গান গাই গাই ডাঙৰ ডাঙৰকৈ অৰ্গেন বজাই চিঞৰ-বাখৰ
কৰিছিল৷ সৰু ল’ৰা এটাই আনন্দেৰে কিৰিলিয়াইছিল৷ আৰু মাজে মাজে কুকুৰ এটাই ভুকিছিল৷
লিয়োনকাই সেইবোৰ মনযোগেৰে শুনি আছিল আৰু নিজেও একে সুৰত সৰু সৰুকৈ গাতো ভাঁজ লগাই
লগাই কিবা গাবলৈ ধৰিছিল৷

          তলৰ চোতালৰ ধূলিৰ ধুমুহাটো লাহে লাহে শাম কাটি পাতল হৈ আহিছিল৷ তাৰ মাকৰ
বিছনাখনৰ ওপৰত এটা সস্তা দেৱালঘড়ী আছিল আৰু ঘড়ীটোৰ পেন্দুলাম পংগুৰ দৰে দুলি আছিল৷
জুহালৰ কাষৰ সাজ-বাচনবোৰ নোধোৱাকৈয়ে পৰি আছিল৷ সকলোতে ধূলিৰ এটা ডাঠ তৰপ আছিল৷
কোণবোৰৰ মকৰাৰ জালবোৰৰ আৰু বেছি ধূলিময় আছিল৷ সেইবোৰ লেতেৰা ফটা কাপোৰৰ দৰে ওলমি
আছিল৷ লিয়োনকাৰ ঘৰটো এটা ধূলি-বালিৰে ভৰি থকা গহ্বৰৰ দৰেই লাগিছিল৷
  আৰু জাবৰ-জোঁথৰবোৰৰ অসহ্য কদৰ্যতাই গহ্বৰটোৰ প্ৰতি
ইঞ্চি ঠাইৰ পৰাই বিভৎসভাৱে যেন আমাক সিয়াঁৰি আছিল৷

          ছামোভাৰটোৱে যেন দুখৰ সুহুৰি এটা মাৰিবলৈ আৰম্ভ কৰিছিল৷ আৰু সেই সুহুৰিটোৰ
ভয়তেই যেন বাহিৰৰ গান-বাজনাবোৰ বন্ধ হৈ গৈছিল৷ কোনোবাই কৰ্কশ মাত এটাৰে “যা ইয়াৰ
পৰা৷” বুলি চিঞৰিছিল৷

         মোক তলত থোৱাঁ
এতিয়া৷” লিয়োনকাই হুমুনিয়াহ এটা এৰি কৈছিল৷
 সিহঁতে তাৰ পৰা
খেদিলে তাক৷”
 

মই বাকচটোত তাক বহুৱাই দিছিলোঁ৷ সি কেঁকুৰি গৈছিল আৰু সৰুকৈ কাহি কাহি তাৰ
বুকুখন হাত দুখনেৰে পিহিবলৈ ধৰিছিল৷
  

         মোৰ বুকুত বিষ উঠে৷
খোলা বতাহত বেছি সময় উশাহ ল’লে মোৰ সমস্যা হয়৷ বাৰু
, এটা কথা সোধোঁ, তুমি ভূত দেখিছানে?”

দেখা নাই ৷”

ময়ো দেখা নাই৷ মই
ৰাতি ষ্ট’ভটোৰ তললৈ চাই থাকোঁ
, কিজানি সিহঁত ওলাই
আহেই৷কিন্তু সিহঁত নাহে৷ কবৰস্থানত ভূত থাকে
, নাথাকে জানো?”

          সি কৈ গৈছিল, “বৰ মজাৰ কথা৷ সিহঁতৰ কোনোবা এটা যদি ভাল ভূত হয়? পানী দিয়া মানুহজনৰ জীয়েক কাটকা যে, তাই এবাৰ কোঠা এটাত
ভূত দেখিছিল৷ তাই বৰ ভয় খাইছিল৷ কিন্তু ভয়লগা হ’লেও
  সেইবোৰক মই ভয় নকৰোঁ৷”

          সি ফটা কাপোৰবোৰ ভৰি দুখনত জাপি দি খৰকৈ কৈ গৈছিল: 

 মই আচলতে সিহঁতক পছন্দহে কৰোঁ৷ মই ভয়লগা সপোনবোৰ বৰ
ভাল পাওঁ৷ এবাৰ সপোনত এজোপা ডাঙৰ গছ দেখিছিলোঁ৷ তাৰ শিপাবোৰ ওপৰৰ ফালে গজিছিল৷
পাতবোৰ আছিল মাটিত আৰু শিপাবোৰ আকাশৰ ফালে টোৱাই আছিল৷ মই ভয়তে ঘামি গৈছিলোঁ আৰু
সাৰ পাই ভয়তে লৰচৰ কৰিব নোৱৰা হৈছিলোঁ৷ এবাৰ মই মাক দেখিছিলোঁ – কাপোৰ-কানি
নিপিন্ধাকৈ পৰি আছিল তেওঁ৷ কুকুৰ এটাই কামুৰি কামুৰি পেটটো খাই আছিল৷ সি এটুকুৰা
কামুৰি ছিঙি নিয়ে আৰু ওকলিয়াই দিয়ে
, আৰু এটুকুৰা কামুৰি
ছিঙি নিয়ে আৰু ওকলিয়াই দিয়ে৷ এবাৰতো মই এই ঘৰটোকে জোকাৰ মাৰি উঠি ৰাস্তাৰে দৌৰি
দৌৰি যোৱা দেখিছিলোঁ৷ দুৱাৰ-খিৰিকিবোৰে ধম ধমকৈ শব্দ কৰি গৈছিল৷ অফিচত কাম কৰা
মানুহজনীৰ মেকুৰীটোৱে সেইটোৰ পিছে পিছে দৌৰি আছিল৷ …”
   

সি অলপ কঁপি কঁপি তাৰ কান্ধ লৰাইছিল৷ এটা মিঠাই হাতত লৈ তাৰ ৰঙীন কাগজখন
এৰুৱাই হাতেৰে সেইখন সমান কৰিছিল৷ সেইখন সি খিৰিকিৰ তলফালৰ কাঠত লগাই থৈছিল৷
 

         এই কাগজবোৰেৰে মই
ধুনীয় ধুনীয়া বস্তু বনাম৷ কিন্তু কাটকাকো এইবোৰ দি দিব পাৰোঁ
, কি ঠিক৷ তায়ো ধুনীয়া বস্তু  ঘাঁহৰ টুকুৰা, পঁইতাচোৰা, কাগজ – এইবোৰ ভাল পায়৷ এটা কথা সোধোঁ, মই যদি এটা
গুবৰুৱাক সদায় ভালকৈ খুৱাই-বুৱাই ৰাখোঁ
, সেইটো এদিন এটা
ঘোঁৰাৰ সমানেই ডাঙৰ হ’ব
, হয়নে নহয়?”  

          সি যে কথাটো বিশ্বাস কৰিছিল মই বুজিব পাৰিছিলোঁ৷ গতিকে উত্তৰ দিছিলোঁ :

যদি তুমি ভালকৈ
খুৱাই-বুৱাই ৰাখাঁ
, তেতিয়া হ’ব পাৰে৷”

         সঁচাকৈয়ে, নহয় নে!” সি আনন্দত আত্মহাৰা হৈ চিঞৰি উঠিছিল৷ “কিন্তু মায়ে দেখোন মাত্ৰ হাঁহে, একো নকয়৷ কিযে আঁকৰী তেওঁ!” 

          সি এটা অশ্লীল শব্দ উচ্চাৰণ কৰিছিল ৷

         তেওঁ হ’ল মূৰ্খ৷
তুমি মেকুৰী এটাক খুৱাই খুৱাই আৰু বেছি সোনকালে ঘোঁৰাৰ সমান ডাঙৰ কৰিব পাৰাঁ
, হয় নে নহয়?” 

 নিশ্চয় পাৰোঁ ৷”

         কিন্তু খুৱাবলৈ মোৰ
যে একো নাই
, কিযে কপাল৷ কি
চমৎকাৰ কথা হ’লহেঁতেন তেতিয়া!”

          উলাহত সি উত্তেজিত হৈ উঠিছিল৷ সি হাত দুখন বুকুত জোৰেৰে চেপি ধৰিছিল৷ 

         মাখিবোৰ কুকুৰৰ
সমান ডাঙৰ হৈ উৰি ফুৰিব৷ আৰু তুমি এটা গুবৰুৱাক ডাঙৰ ডাঙৰ ইটাৰ বোজা দাঙিবলৈ লগাই
দিব পাৰিবা৷ সি যদি এটা ঘোঁৰাৰ সমান ডাঙৰ হয়
, সি খুব বলী হ’ব, নহয়নে?”

কিন্তু সমস্যা এটা
আছে৷ সিহঁতৰ ডাঢ়ি আছে নহয়৷”
 

         সেইটো কোনো কথা
নহয়৷ ডাঢ়িবোৰ তোমাৰ লেকাম হ’ব
 ৷ আৰু সেই বগাই থকা
মকৰাটো
, সেইটো কাৰ সমান ডাঙৰ হ’বনো? মই তাক মেকুৰী পোৱালি এটাতকৈ বেছি ডাঙৰ হ’বলৈ নিদিওঁ কিন্তু৷ নহ’লে সি বৰ
ভয়ানক হ’ব৷ মোৰ যদি ভৰি দুখন থাকিলেহেঁতেন! আহাঃ! মই সিহঁতক দেখুৱাই দিলোঁহেঁতেন
মই কি কৰিব পাৰোঁ৷ মই খুব কাম কৰিলোঁহেঁতেন আৰু মোৰ চিড়িয়াখানাৰ সকলোকে পেট ভৰাই
ভৰাই খুৱালোঁহেঁতেন৷ মই দোকান এখন দিলোঁহেঁতেন আৰু তাৰ পাছত মাক মুকলি পথাৰ এখনৰ
মাজত ডাঙৰ ঘৰ এটা কিনি দিলোঁহেঁতেন৷ তুমি কেতিয়াবা মুকলি পথাৰলৈ গৈ পাইছানে
?”

কিয়? গৈছোঁতো ৷”

 মুকলি পথাৰ কেনেকুৱা?  মোক কোৱাঁচোন ৷”

          মই তাক সেউজীয়া পথাৰ আৰু বিস্তীৰ্ণ ঘাঁহনিবোৰৰ কথা ক’বলৈ আৰম্ভ কৰিছিলোঁ৷ সি
খুব মনযোগেৰে টু শব্দ এটাও উচ্চাৰণ নকৰাকৈ শুনি গৈছিল৷ লাহে লাহে তাৰ চকুযুৰি
ধুনীয়া নোমবোৰে ঢাকি ধৰিছিল আৰু তাৰ মুখখন লাহে লাহে মেল খাই আহিছিল
, যেন সি টোপনিৰ কোলাত প্ৰশান্তিৰে হেৰাই গৈছিল৷ সেইটো দেখি মই মোৰ মাতটো সৰু
কৰি আনিছিলোঁ৷ তেতিয়াই তাৰ মাকে কিবা উতলি থকা ছামোভাৰটো লৈ সোমাই আহিছিল৷ এটা
কাগজৰ বেগ তাইৰ বাহুৰে চেপা মাৰি আনিছিল আৰু এবটল ভদকা তাইৰ জেকেটৰ তলৰ পৰা ওলাই
আছিল৷

         এয়া মই আহি গ’লোঁ!”

         তুমি সেইটো কৰিব
পাৰিবা নে মা
?” ল’ৰাটোৱে চকুযুৰি
বহল কৰি গভীৰ হুমুনিয়াহ এটা এৰি দি কৈছিল৷ “ক’ৰবাৰ পৰা ঠেলাগাড়ী এখন যোগাৰ কৰি মোক
পথাৰলৈ ফুৰাবলৈ নিব নোৱাৰানে তুমি! সেইবোৰ নোচোৱাকৈয়ে মই মৰি যাম কিজানি৷ তুমি যে
ইমান অকৰ্মণ্য মা
, সঁচাকৈয়ে কৈছোঁ!”
সি খুব দুখেৰে বৰ কৰুণ সুৰত কথাখিনি কৈ তভক মাৰি ৰৈছিল৷

মাকে মৰমেৰে কৈছিল, “তুমি কথাবোৰ তেনেদৰে গালি পাৰি ক’ব নাপায়৷ তুমি বৰ
সৰু হৈয়ে আছা৷”

তোমাৰ কাৰণে ‘গালি
পাৰি ক’ব নাপায়’ বুলি কোৱাটো কি টান! তুমি য’লৈ ইচ্ছা তালৈকে কুকুৰণী এজনীৰ দৰে
যোৱা৷ তোমাৰ ভাগ্য ভাল৷ মই সেইটোৱে ক’ম৷” সি মোৰ ফালে ঘূৰি চাই সুধিলে
,  

পথাৰবোৰ বাৰু
ভগৱানে সৃষ্টি কৰিছিল নে
?”

মই তেনেকৈয়ে
ভাবোঁ৷”

কিহৰ কাৰণে সৃষ্টি
কৰিছিল
?”

মানুহবোৰে তাতে খোজ
কাঢ়ি ফুৰিবলৈ৷”

বহল মুকলি পথাৰ!”
সি খুব হাবিয়াসেৰে হাঁহি কৈছিল৷ “মই মোৰ চিড়িয়াখানাখন তালৈ লৈ গ’লোঁহেঁতেন৷ আৰু
সিহঁত সকলোকে এৰি দিলোঁহেঁতেন৷ সঁচাকৈয়ে সেইটোৱে কৰিলোঁহেঁতেন৷ মোৰ পোহনীয়া
জন্তুবোৰেও যিমান পাৰে ধেমালি কৰক
, ফূৰ্তি কৰক৷ ভগৱানক
সিহঁতে দুখীয়া মানুহ থকা ঘৰত সাজিছিল নেকি বাৰু
?”

 

মাকে তাৰ কথা শুনি হাঁহিত ফাটি পৰিছিল৷ তাই বিছনাত বাগৰি পৰি ভৰি দুখন মাৰি
মাৰি ঢেকঢেককৈ হাঁহিবলৈ ধৰিছিল৷

কোনোবাই মোক ৰাখচোন
, অ’ কোনোবাই মোক ধৰহঁক ঐ৷ অ’ মোৰ ধনটো, অ’ মোৰ কলিজাটো অ’! অহ্ অহ্ অহ্, কি যে হাঁহি উঠিছে
মোৰ ঐ!”

          লিয়োনকাই তাইৰ ফালে চাই মিচিকিয়াই হাঁহিছিল আৰু মৰমেৰে অশ্লীল শব্দ এটা
উচ্চাৰণ কৰিছিল৷

এনেকৈয়ে ধেমালি
কৰিবলৈ ভাল পায় তেওঁ
, একদম সৰু ছোৱালীৰ
দৰে! তেওঁ এনেদৰে হা হাকৈ হাঁহিবলৈ বৰ ভাল পায়
, সঁচাকৈয়ে ভাল পায়৷”

সি অশ্লীল শব্দটো আকৌ এবাৰ কৈছিল৷

তেওঁ হাঁহিবলৈ ভাল পায়
যদি হাঁহিবলৈ দিব লাগে৷” মই কৈছিলোঁ৷ “তোমাৰ কিবা দিগদাৰ হয় নেকি
?”

নাই, মোৰ একো নহয়৷” লিয়োনকাই মোৰ কথা মানি লৈছিল৷ “তেওঁ যেতিয়া খিৰিকিখন নোধোৱে
তেতিয়াহে মোৰ খং উঠে৷ মই তেওঁক কৈয়ে থাকোঁ- খিৰিকিখন ধুই পেলোৱাঁ৷ নহ’লে মই দিনৰ
ধুনীয়া পোহৰো দেখা নাপাওঁ৷ কিন্তু তেওঁ সদায় পাহৰি থাকে৷”

চাহৰ বাচনবোৰ ধুই ধুই তাই মোৰ ফালে চাই মিচিকিয়াই হাঁহিছিল আৰু উজ্জল নীলা চকু
এটাৰে টিপ মাৰিছিল৷

সি এটা নয়নমণি, তাৰ মনটো কিমান ধুনীয়া, নহয়নে? সি নথকা হ’লে মই কেতিয়াবাই পানীত ডুবি মৰিলোঁহেঁতেন, সঁচাই! নহ’লে চিপজৰী ল’লোঁহেঁতেন৷” তাই হাঁহি হাঁহি কৈছিল ৷

          লিয়োনকাই হঠাতে মোক প্ৰশ্ন কৰিলে :

তুমি এটা মূৰ্খ
নেকি
?”

মই নাজানো৷ কিয়
সুধিলা
?”

মায়ে কৈছিল- তুমি
এটা মূৰ্খ৷”

হয় নেকি, কিন্তু কিয়?”

মানুহজনীয়ে খুব নিসংকচো উত্তৰ দিলে, “সি মদৰ নিজত বেহুচ তিৰোতা এজনী
ৰাস্তাৰ পৰা উঠাই আনে
, তাইক আনি বিছনাত
শুৱাই থয়
, আৰু তেনেকৈয়ে গুচি যায়! মই বেয়া ভাবত কোৱা নাছিলোঁ
কথাটো৷ তুমি কিযে একো নজনা মানুহ
, উহ্!”

এই মানুহজনীৰ কথাবোৰো শিশু এটাৰ দৰেই৷ কথা কোৱাৰ ধৰণটোও সৰু ছোৱালীৰ দৰে৷ আৰু
তাইৰ চকু দুটাও শিশুৰ চকু যেনেই লাগিছিল৷ তাৰ বিপৰীতে তাইৰ ওপৰলৈ পাক খোৱা ওঁঠৰ
ওপৰ ভাগ আৰু ওলাই থকা দাঁতবোৰেৰে নাক নোহোৱা মুখখন দেখিবলৈ খুব বেয়া আছিল৷ তাইক
খোজ কাঢ়ি ফুৰা অমংগলীয়া বিদ্ৰূপ আৰু হাঁহি-খিকিন্দালিৰ টোপোলা এটা যেন লাগিছিল৷

বাৰু, এতিয়া আমি চাহ খাওঁ৷” তাই গহীনকৈ কৈছিল৷

লিয়োনকাই বহি থকা বাকচটোৰ কাষৰ আন এটা বাকচত ছামোভাৰটো ৰখা হৈছিল৷ টেপেৰা পৰা
ঢাকনীখনৰ তলৰ পৰা গৰম ভাপ ওলাই আহি দুষ্টৰ দৰে তাৰ কান্ধ চুই গৈছিল৷ সি হাত এখন
ঢাকনীখনৰ ওপৰত ৰাখিছিল আৰু হাতৰ তলুৱাখন ভাপেৰে সেমেকি উঠাৰ পাছত সেইখনেৰে তাৰ
চুলি আৰু চকুযোৰ মচিছিল৷ তাৰ দুচকু আনন্দত উজলি উঠিছিল৷

মই যেতিয়া ডাঙৰ হ’ম,” সি কৈছিল, “মাই মোক এখন ঠেলাগাড়ী কিনি দিব৷ মই সেইখনত উঠি ঘূৰি
ফুৰিম
, ভিক্ষা কৰিম৷ যেতিয়া ভিক্ষা কৰি কৰি মোৰ বহুত টকা হ’ব, মই মুকলি পথাৰলৈ যাম৷”

অহঃ,” তাৰ মাকে হুমুনিয়াহ কাঢ়িছিল আৰু পাছ মুহূৰ্ততেই সৰুকৈ হাঁহিছিল৷ “সি পথাৰবোৰকে
সৰগ বুলি ভাবে৷ মোৰ ধনটো! কিন্তু তাতে কেম্প আছে
, লাজ নাইকিয়া মানুহ আৰু মদপীবোৰহে আছে, আৰুনো বেলেগ কি
আছে!”

নাই নাই, তেনে নহয়৷” লিয়োনকাই তাইক বাধা দি চকু ঘোপা কৰিছিল৷ “তুমি তেওঁক সোধাঁচোন পথাৰ
কেনেকুৱা৷ তেওঁ পথাৰ দেখিছে৷”

ময়োতো দেখিছোঁ ৷”

মদৰ নিচাত থাকোঁতে
দেখিছিলা৷”

সিহঁতে শিশুৰ দৰে ডাঙৰ ডাঙৰকৈ যুক্তিশূন্যভাৱে তৰ্ক কৰিবলৈ ধৰিছিল৷ ইতিমধ্যে
সন্ধিয়া নামি আহিছিল৷ ৰঙা হৈ পৰা আকাশখনত নীলাভ ধোৱাবৰণৰ ডাঠ মেঘৰ টুকুৰা কেইটামান
দেখা গৈছিল৷

ল’ৰাটোৱে এমাগ চাহ খাই ঘামি গৈছিল৷ সি মোৰ ফালে আৰু মাকৰ ফালে চাইছিল, আৰু কৈছিল :

মোৰ পেট ভৰি গৈছে৷
মোৰ অলপ টোপনিও ধৰিছে কিজানি
, সঁচাই৷”

তেনেহ’লে শোৱাঁ৷”
মাকে উপদেশ দিছিল৷

আৰু তেওঁ গুচি যাব!
তুমি গুচি যাবা নেকি
?”

তুমি চিন্তা নকৰিবা, মই তেওঁক যাবলৈ নিদিওঁ৷” মোক আঁঠুৰে লাহেকৈ খুন্দিয়াই তাই কৈছিল৷

তুমি নাযাবা
কিন্তু!” লিয়োনকাই মোৰ ফালে চাই কৈছিল৷

সি চকু দুটা
মুদিছিল
, বৰ আৰামাৰে অলপ সময় আউজি ৰৈছিল আৰু তাৰ বাকচটোত দীঘল
দি পৰিছিল৷ অলপ পাছতেই সি আকৌ মূৰ দাঙি মাকক ডাবি মাৰি উঠিছিল :

অন্য যা-তা মানুহৰ
লগত লেটিপেটি কৰি থকাতকৈ বেলেগ তিৰোতাবোৰৰ দৰে তুমি তেওঁক বিয়া নকৰোৱাঁ কিয়
? সিহঁতে তোমাক কেৱল চৰ-লাথি মাৰিব জানে৷ তেওঁ বৰ মৰমিয়াল মানুহ, তেওঁ, তেওঁ…৷”

এতিয়া শোৱাঁচোন
তুমি৷” তাই চাহ বাকি খাই থকা প্লেটখনলৈ মূৰটো হাওলাই সৰুকৈ মৰমেৰে কৈছিল৷

“…আৰু তেওঁ ধনী
মানুহ৷”

 

কেইমিনিটমান সময়
নীৰৱ হৈ তাই কুৎসিত ওঁঠ দুটাৰে চাহত চুমুক দি গৈছিল৷ তাৰ পাছত মোক বহুদিনৰ কোনোবা
চিনাকি এজনক কোৱাৰ দৰে কৈছিল :

আৰু এনেকৈয়ে আমি
থাকোঁ
, কিবাকৈ টানি টানি চলি আছোঁ, সি আৰু মই- আমাৰ আৰু কোনো নাই৷ সিহঁতে মোক ৰাস্তাই-ঘাটে গালি পাৰে- মোক নষ্ট
চৰিত্ৰৰ তিৰোতা বুলি কয়৷ কওক
, ক’লে কি হ’ব? মোৰ লাজ পাবলগীয়া একো নাই৷ আৰু বাহিৰৰ ফালৰ পৰা চালে মইতো এটা নষ্ট হৈ যোৱা
বস্তুৱেই
, তুমি দেখিছাই৷ মই কি কামৰ কাৰণে ভাল সকলোৱে লগে লগেই
গম পায়৷ সেইটোৱেই
, অহ্, সি টোপনি গ’ল, মোৰ ধনটো! মোৰ
ল’ৰাটো যে কিমান ভাল!”

সঁচাকৈয়ে, সি বৰ ভাল ল’ৰা!”

তাক চাই চাই মোৰ
হেঁপাহ নপলায়৷ সি বৰ বুদ্ধিমানো
, নহয়নে?”

সি বহুত কথাই বুজি
পায় ৷”

তুমি ঠিকেই কৈছা৷
তাৰ দেউতাক বুঢ়া ভদ্ৰলোক এজন আছিল৷ সেইবোৰ যে- তুমি সিহঁতক কি বুলি কোৱাঁ
? তুমি জানিছানে- সিহঁতৰ এটা অফিচ আছে৷ সিহঁতে কাগজত কিবা লিখালিখি কৰে৷”

উকীল?”

ঠিক, সেইটোৱেই৷ বৰ ভাল মানুহ আছিল৷ মৰমিয়াল৷ মোক বৰ ভাল পাইছিল৷ মই তেওঁৰ ঘৰত বন
কৰা ছোৱালী হিচাপে কাম কৰিছিলোঁ৷”

তাই পুতেকৰ খালী হৈ থকা ভৰি দুখন ফটা কাপোৰেৰে ঢাকি দিছিল৷ কিহবাৰ ক’লা টোপোলা
এটা তাৰ মূৰৰ তলত হেঁচি দিছিল৷ সেইটোৱেই তাৰ গাৰু আছিল৷ তাৰ পাছত খুব শান্তভাৱে
তাই কৈ গৈছিল :

হঠাত এদিন তেওঁ মৰি
থাকিল৷ মই তেওঁৰ ঘৰৰ পৰা অহাৰ পাছতেই এদিন ৰাতি কাণ্ডটো হৈছিল৷ তেওঁ মজিয়াত পৰি
গৈছিল
, আৰু পৰি গৈ মৰিছিল৷ তুমি বেপাৰ কৰাঁ- চৰ্বত বেচাঁ
নেকি
?”

হয়৷”

তোমাৰ নিজৰ ব্যৱসায়
নে
?”

নহয়, মোৰ মালিকৰ তলত কাম কৰোঁ৷”

তাই মোৰ ওচৰ চাপি আহিছিল :

তুমি মোৰ কথা লৈ ভয়
খাব নালাগে
, ডেকা ল’ৰা৷ মোৰ পৰা
তোমাৰ একো বেমাৰ নহয়৷ ৰাস্তাৰ যাকে ইচ্ছা সুধিব পাৰাঁ
, সিহঁত সকলোৱে জানে৷”

মই ভয় খোৱা নাই৷”

খহটা আঙুলি আৰু ভগা নখৰ সৰু হাত এখন মোৰ আঁঠুৰ ওপৰত ৰাখি তাই খুব আকুলতাৰে কৈ
গৈছিল :

মই লিয়োনকাৰ বাবে
তোমাৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ’ম- তাৰ কাৰণে আজিৰ দিনটো সঁচা আনন্দৰ দিন আছিল। তুমি
এইটো ইমান ভাল কাম কৰিলা!”

মই এতিয়া যাব
লাগিব৷” মই কৈছিলোঁ৷

ক’লৈ যাবা?” আচৰিত হৈ তাই সুধিছিল৷

মোৰ কাম আছে৷”

ইয়াতে থাকাঁ!”

নাই, মই নোৱাৰিম৷”

তাই তাইৰ পুতেকৰ
শান্ত সৰু মুখখনলৈ চাইছিল
, তাৰ পাছত খিৰিকিখন
আৰু আকাশলৈ চাইছিল
, আৰু সৰুকৈ কৈছিল :

নাথাকাঁ কিয়? মোৰ মুখখন ৰুমালেৰে ঢাকি ৰাখিম নহয়৷ মই সঁচাই লিয়োনকাৰ বাবে তোমাক ধন্যবাদ দিব
খোজোঁ৷ মই মোক ঢাকি ৰাখিম
, হ’বনে?” 

কিমান মানৱীয় আবেগেৰে সিক্ত সুৰত, কিমান সহৃদয়তাৰে
তাই কথাবোৰ কৈছিল! আৰু তাইৰ চকুযোৰে- কুৎসিত মুখ এখনৰ সেই শিশুৰ দৰে চকুযোৰে
হাঁহিছিল৷ সেই হাঁহি কোনো ভিখাৰীৰ হাঁহি নাছিল৷ সেই হাঁহি আছিল কোনো চহকী ব্যক্তিৰ
, যি তেওঁৰ কৃতজ্ঞতাৰ ঋণ পৰিশোধ কৰিবলৈ সক্ষম৷ 

মা! মা!” ল’ৰাটোৱে
হঠাতে চিঞৰি উঠি এবাৰ তাৰ বাকচৰ বিছনাত বহি লগে লগে আকৌ শুই পৰিছিল৷ “সিহঁত আহিছে
, আহিছে! বেগতে আহাঁ! মা! মা!”   

সপোন দেখিছে৷”
পুতেকৰ ওচৰলৈ হাউলি তাই মোক কৈছিল৷

মই সম্মুখৰ চোতালখনলৈ ওলাই আহি গভীৰ চিন্তাত বুৰ গৈ থিয় হৈ ৰৈছিলোঁ৷ তলৰ খোলা
খিৰিকিখনৰ পৰা এটা গীতৰ কলিবোৰ ভাহি আহিছিল
; সেয়া আছিল মাক
এগৰাকীৰ তাইৰ মৰমৰ পুতেকৰ বাবে গোৱা নিচুকনি গীতৰ কলি৷ এটা নাকী সুৰে দুখ আৰু
হেঁপাহেৰে গাই গৈছিল৷ আৰু সেই অজান শব্দবোৰে খুব স্পষ্টভাৱে আহি মোৰ বুকুত
খুন্দিয়াইছিল-
 

  ভয়লগা কীটবোৰ আকৌ আহিছিল

  লগত লৈ সকলোবোৰ যন্ত্ৰণা, সকলোবোৰ ক্লেশ

  যি যন্ত্ৰণাৰ কোনো শেষ নাই,

  কলিজাটো ফালি চিৰাচিৰ কৰিবলৈ! 

  কিমান দুখ মোৰ, কিমান দুখ মোৰ!

  আমি পলাই যামেইবা ক’লৈ? …” 

মই নিঃশব্দে চোতালখন এৰি আহিছিলোঁ৷ ওলাই আহিব খোজা প্ৰবল কান্দোন এটাক বাধা দি
ৰাখিবলৈ মই দাঁতবোৰ কামুৰি ধৰিছিলোঁ৷

 ***

ঠিকনা : বাঙ্গালোৰ

ম’বাইল ৮৭৬২২২৬৩৪৮