মূলঃ হুমায়ূন আহমেদ

অনুবাদঃ ড° জোনালী পাটোৱাৰী বৰা

 

মোৰ ভিনিহিজন কিবা “খবিশ”
ধৰণৰ মানুহ।

“খবিশ” শব্দটোৰ
অৰ্থ মই সঠিককৈ নাজানো।নিশ্চয় কিবা কুৎসিত জন্তু বা জানোৱাৰ। নাইবা অইন কিবাও হ
ব পাৰে। এই গালিটো
মই শিকিছিলো মোৰ আইতাৰ পৰা। কাৰোবাৰ ওপৰত খুব খং উঠিলে আইতাই এই শব্দটো ব্যৱহাৰ
কৰিছিল। আৰু আইতাৰ কোৱাৰ ভংগিমাতেই শব্দটো যে এক গালি সেয়া মই বুজি পাইছিলোঁ‌।

যা হওক, ভিনিহি যে সেই ধৰণৰ মানুহ, সেই কথাটো প্ৰথমে  বিনু (মোৰ বাইদেউ, যাক এই খবিশটোৱে বিয়া কৰাইছে।) আৰু মই বুজি পোৱা নাছিলোঁ। বিনুৱে অৱশ্যে বুজি
নোপোৱাৰে কথা। তাই একোৱেই বুজি নাপায়। অতিকে আঁ‌জলী তাই
, বিয়া ঠিক হওঁ‌তেও তাইৰ স্ফূৰ্তিৰ সীমা নাই। বিয়া হব বুলি  জানি কোনোবা ছোৱালী ইমান সুখী
হয় বুলি মই নাজানিছিলোঁ। মই ভাবিছিলো-বিয়া ঠিক হোৱাৰ পাছত কিছুদিনলৈ ছোৱালীবিলাকৰ
মন বহুত বেয়া হৈ থাকে। আৰু সঁ‌চাকৈ মন বেয়া নহ
লেও বেয়া লগা যেন দেখুৱাই থাকে।
আমাৰ বিনুৰ এইবোৰ নাই। এই ব্ৰহ্মপুৱাতে তাই সাজিকাচি বহি আছে। ওঁ‌ঠত অদ্ভুত ৰঙৰ
লিপষ্টিক লগাইছে। তাৰ পাছত তাই মহা আনন্দেৰে ঘৰৰ কামত লাগিল আৰু তাৰ মাজে মাজে সৰু
সৰু মাতেৰে কথা কৈ থাকিল। মাত সৰু কৰাৰ কাৰণ হ
ল – ভিনিহি এতিয়াও শোৱাৰ পৰা
উঠা নাই। শুই আছে। মই শুকান মুখেৰে বিনুৰ কথাবোৰ শুনি থাকিলোঁ।

“ঘৰটোত তিনিটাকৈ
কোঠালি। আৰু দেখিছনে বাৰাণ্ডাখন কিমান দীঘল
 ?  বহা কোঠালিটোত আমি তলা লগাই থওঁ। যাতে ধূলি-বালি নোসোমায়। আলহী-অতিথি আহিলে
খুলি দিওঁ। তোক পাকঘৰৰ এটা বস্তু দেখুৱাওঁ‌
, আহ। লেতেৰা বস্তু
পেলাবলৈ আমাৰ এটা ড্ৰামৰ নিচিনা বস্তু আছে। হাতেৰে নুচুৱাকৈও
  ড্ৰামটোৰ মুখখন খুলিব পাৰি।”

বিনুৱে কথাবোৰ
এনেধৰণে কৈ আছে যেন তাই বহুদিন ধৰি এইখন ঘৰতে আছে। অথচ তাইৰ বিয়া হৈছে মাত্ৰ যোৱা
পৰহি। আচলতে বিনু গাধাৰো গাধা-মহাগাধা। অনবৰতে চেলবেলাই আছে। লাজ-সন্মান নাই।

“আমাৰ ফেন দুখন।
বহা আৰু শোৱা কোঠালিত। আৰু এখন কিনিম। আৰু
  শুন, মোৰ পেহীশাহু এগৰাকীয়ে মোক এডাল ডিঙিৰ হাৰ দিছে।
তেওঁলোক বহুত ডাঙৰ মানুহ। আহ
, তোক হাৰডাল
দেখুৱাওঁ। হাৰডাল ষ্টিলৰ আলমাৰিত থৈছোঁ। আমাৰ ষ্টিলৰ আলমাৰি এটাও আছে।”

ভিনিহি টোপনিৰ পৰা
উঠিল দহ বজাৰ পাছত। মোলৈ এবাৰ চালে। মোৰ কিন্তু এনে লাগিল যেন তেওঁ মোক চিনি
নাপালে। মুখখন গহীন কৰি লৈ তেওঁ দাঢ়ি খুৰাবলৈ ধৰিলে। গোটেই সময়খিনি বিনু তেওঁৰ
ওচৰত ৰৈ থাকি কৈ থাকিল- “বাওঁগালখনত দাঢ়ি আছে দেই। থুঁতৰিটোতো আছে অলপ। ইচ্ ইচ্
, তেজ ওলাল দেখোন!”

তেজ ওলোৱাৰ কথাটো
বিনুৱে এনে এটা সুৰত ক
লে যেন তেজ গৈ গৈ অলপ পাছতে ভিনিহি একেবাৰে মৰিয়েই
যাব। খঙ আৰু বিৰক্তিত মোৰ মুখখন একেবাৰে বিকচিনা লাগি গ
ল। সকলো ছোৱালীয়েই
এনেকুৱা হৈ যায় নে অকল বিনুহে হৈছে বাৰু এনেকুৱা
?  কোনে কব- এইজনী ছোৱালীয়েই বিয়াৰ দুদিন আগলৈকে জালাল কাইটিৰ
লগত চিঠিৰ আদান-প্ৰদান কৰি আছিল। চিঠিবোৰৰো যে ভাষা- “সোণটো
, তোমাৰ ভালপোৱাৰ চুমাটো মই হাত পাতি ললোঁ দেই।” বেছিভাগ চিঠিতো ময়েই অনা-নিয়া
কৰিছিলোঁ। গতিকে বিনুৰ চিঠিৰ কথা গোটেইখন মোৰ জনা আছে।

ভিনিহি খাবলৈ আহিল
প্ৰায় এঘাৰ বজাত। ইতিমধ্যে তেওঁ গা ধুই আহিছে। ইষ্ট্ৰী কৰা পাঞ্জাৱী এটা পিন্ধিছে।
মুখতো কিবা ক্ৰীম সানিছে- ফুৰফুৰীয়া গোন্ধাইছে। খোৱামেজত বহি তেওঁ মোৰ লগত প্ৰথম
কথা পাতিলে। মুখলৈ নোচোৱাকৈয়ে সুধিলে
, পিছে খা-খবৰ কেনে?  ভাল?”

 মই কলোঁ, “ভাল। আপোনাৰ? “

তেওঁ‌ একো উত্তৰ
নিদিলে।গভীৰ মনোযোগেৰে কণীটোৰ বগা অংশখিনি উলিয়াবলৈ ধৰিলে। বিনুৱে হাঁ‌হি হাঁ‌হি
কলে
, “এওঁ কুহুম নাখায়। কুহুম খালে হাৰ্টৰ অসুখ হয়।কুহুমটো তয়েই খাই পেলা।”

মই মনে মনে
থাকিলোঁ। এজনে এৰা খোৱাবস্তু মই কিয় খাম
 ? কিন্তু বিনু এনে মূৰ্খ যে তাই একেটা কথাকে বাৰে বাৰে কৈয়েই থাকিল,

“খাচোন খা, নাখাৱ কেলেই?  জালুকৰ গুড়ি আছে, দিম নেকি অলপ? খাই বিৰাট ভাল পাবি।”

মই বিৰক্ত হৈ কলোঁ,  তোৰ মন আছে যদি খা, মই নাখাওঁ।”

কুহুমটো বিনুৱে
টপককৈ মুখত ভৰালে। খোৱা-বোৱাৰ ক্ষেত্ৰত তাইৰ লাজ -মান এনেয়ো কম। এইবাৰ ভিনিহিয়ে
চাহ খাবলৈ ধৰিলে আৰু মোক উদ্দ্যেশি (অৱশ্যেই মোলৈ নোচোৱাকৈ) ক
লে, “বিনুতো তোমাতকৈ
দুবছৰে ডাঙৰ।তাইক তই-তই বুলি মাতিছা কিয়
? এয়া অসভ্যালি।
এতিয়াৰ পৰা তাইক আৰু তই নুবুলিবা। নাম কাঢ়িও নামাতিবা। বাইদেউ বুলি মাতিবা
, বুজিলা?”

মোৰ মুখ শুকাই গল। মনে মনে বহি
থাকিলোঁ। এইবাৰ ভিনিহিয়ে মিহি সুৰত মাত লগালে
,

“তুমি এটা কাম
কৰাঁ। আমাৰ ঘৰলৈকে গুচি আহাঁ। বিনু অকলে থাকে
, লগ এটা হব। মেট্ৰিকৰ
ৰিজাল্ট ওলাওক
, পাছ কৰিলে কলেজত
নাম লিখাই দিম।”

ভিনিহিৰ কথা শুনি
বিনু ইমানেই আনন্দিত হ
ল যে হা হা কৈ হাঁহিবলৈ লওঁতে তাইৰ মুখৰ ভিতৰৰ
কুহুমটোৰ এটা অংশ ওলাই আহি তাইৰ শাড়ীতে
  পৰিল।

ভিনিহিৰ এই
প্ৰস্তাৱ নাকচ কৰাৰ কোনো কাৰণেই নাই। আনন্দিত হোৱাৰেই কথা। কাৰণটো অলপ বিতংকৈ কওঁ
,  শুনক। দেউতাৰ মৃত্যুৰ পাছত মা
আৰু আমি চাৰিওটা ভাই-ভনী গভীৰ “গাদ্দা” ত পৰিলোঁ (গাদ্দা শব্দটোৰ অৰ্থও মই নাজানো
, খুব সম্ভৱ সাগৰ।)। আমি আটাইকেইটাৰে দায়িত্ব ভাগে ভাগে বেলেগ বেলেগ
আত্মীয়-স্বজনৰ মাজত ভগাই দিয়া হ
ল। সকলোৱে আমাক এৰিবলৈ যত্ন কৰে। কিন্তু নোৱাৰে। কাৰণ
আমি হলোঁ আঠা।এবাৰ ধৰিলে নেৰোঁ। বৰ্তমান মই যাৰ আশ্ৰয়ত আছো
, তেওঁ হল মোৰ ডাঙৰ মামা। তেওঁ মোক চকুৰ কোণেৰেও সহ্য কৰিব
নোৱাৰে। কেই দিনমানৰ আগেয়ে মামাৰ পাঞ্জাবীৰ পকেটৰ পৰা পঞ্চাছ টকীয়া নোট এখন চুৰি হ
ল। তেওঁ প্ৰস্তুত
কৰা সম্ভাব্য চোৰৰ তালিকাখনত সৰ্বপ্ৰথমে মামী
, দ্বিতীয়তে মই আৰু
শেষত বনকৰা ল
ৰাটো। মামীয়ে কোৰাণৰ নামত চুৰি হোৱা কথাটো গমেই নাপায়
বুলি শপত খালে। মামাই মামীৰ কথা বিশ্বাস কৰিলে নে নাই মই ধৰিব নোৱাৰিলোঁ (কাৰণ
মামীয়ে প্ৰতিটো ডাঙৰ মিছা কথা কোৰাণ শ্বৰীফৰ নামতেই কয়।)। যা হওক
,  মোৰ কথা কিন্তু মামাই মুঠেও
বিশ্বাস নকৰিলে। এসোপামান মানুহৰ আগত তেওঁ মোক আৰু বনকৰা ল
ৰাটোক(যাৰ নাম
মুনিৰ) এশবাৰ উঠা-বহা কৰালে। বিৰাট কেলেংকাৰি যেন ঘটনা। মুনিৰ অৱশ্যে সাংঘাতিক ইণ্টেলিজেণ্ট
ৰা-পাছদিনাই মামাৰ ফিলিপছ ৰেডিঅ’টো লৈ উধাও। মোৰ এনেবোৰ কাম কৰিবলৈ উপায়
নাছিল। কিয়নো মোৰ যাবলৈ একণো ঠাই নাছিল।

এটা শুকুৰবাৰে
লাম-লাকটুখিনি সহিতে মই বিনুৰ ঘৰত প্ৰৱেশ কৰিলোঁ। বিনু একেবাৰে আনন্দত আত্মহাৰা।
মোৰ থকাৰ দিহা কৰা হ
ল ষ্টৰ ৰূমত। বিনুৱে ৰুমটো থান-থিত
লগোৱাত লাগি গ
ল মুহূৰ্ততে। কেইবাঠাইতো জোৰা-তাপলি মৰা আঁ‌ঠুৱাখন
কোনোমতে লগাই দি বিনুৱে সৰু মাত এটাৰে ক
লে, “ভিনিহিয়েৰক কৈ তোক
নেটৰ আঁ‌ঠুৱা এখন আনি দিম। কেইদিনমান যাওঁক।”

ইয়ালৈ অহাৰ কেই
দিনমানৰ ভিতৰতেই মই কেইবাটাও নতুন কথা গম পালোঁ। যেনে-ভিনিহিৰ বহুত বয়স হৈছে। তেওঁ
সপ্তাহত এদিন (বৃহস্পতিবাৰে) মূৰত কলপ লগায়। তেওঁৰ আগতে এবাৰ বিয়া হৈছিল। মানুহজন
অসম্ভৱ কৃপণ।

এইবোৰ কথাক লৈ
বিনুৰ কিন্তু একো মূৰ কামোৰণিয়েই নাই। ভিনিহিৰ মূৰৰ কলপৰ প্ৰসংগত তাই ক
লে,  বুজিছনে, জুলফিৰ দুই-এডাল চুলিহে পকিছে। বেছি পকা নাই। এওঁলোকৰ বংশৰ মানুহবোৰৰ সকলোৰে
কম বয়সতে চুলি পকে। এওঁৰ খুড়াক এজন আছে
, পঁ‌চিছ বছৰতেই
গোটেই মূৰটো বগা।”

ভিনিহিৰ প্ৰথম
বিয়াখনৰ প্ৰসংগত বিনুৱে এদিন ক
লে বোলে মানুহজনী  হেনো খুব বদমাছ আছিল। থকা দিনকেইটাত মানুহটোক একেবাৰে
জ্বলাই মাৰিলে। আপদ নিজেই আঁ‌তৰিছে
, ৰক্ষা!

মই বোলোঁ,  এইখিনি কথা আমাক বিয়াৰ আগতে কব লাগিছিল।”

বিনুৱে লগেলগে মোক
মুখতে ধৰিলে
,  এইবোৰ জানো বিয়াৰ আগতে কোৱা কথা?  লাজতেই নকলে আকৌ!”

– “বুঢ়া!” – “ধেৎ, নাপায় তেনেকৈ কব। গিৰীয়েক অলপ বয়সিয়াল হবই লাগে। কম বয়সৰ
গিৰীয়েকবোৰ দেখিলে মোৰ অসহ্য লাগে।”

বিনুৱে কথাবোৰ এনে
এটা সুৰত ক
লে যেন তাইৰ ইতিমধ্যে আগতে কেইবাটাও কম বয়সীয়া
গিৰীয়েক আছিল। ইমানেই আঁ‌কৰী তাই।

মোক ইমান আগ্ৰহেৰে
লগত ৰখাৰ কাৰণটো অৱশ্যে মই দ্বিতীয় দিনাই গম পালোঁ। ঘৰখনত বনকৰা মানুহ নাই।
পুৱাবেলা এগৰাকী মহিলা (মইনাৰ মাক
, তেওঁৰ কথা পাছত কম) আহি বাচন ধোৱে,  ঘৰ সাৰে আৰু বজাৰ-সমাৰ কৰে।
বজাৰ কৰাৰ দায়িত্বটো মোৰ কান্ধলৈ আহিল। মোৰ দ্বিতীয় দায়িত্বটো হল ভিনিহিলৈ চিগাৰেট
অনা। বেছিকৈ খোৱা হ
ব বুলিয়েই তেওঁ একেলগে বেছিকৈ চিগাৰেট আনিবলৈ নিদিয়ে।
এটা এটাকৈ আনিব লাগে। চিগাৰেট অনাৰ সময়ো অদ্ভুত
,  যেনে এদিন ৰাতি দুই বজাত তেওঁ মোক চিগাৰেট আনিবলৈ
পঠালে। বিনুৱে অস্ফুট মাত এটাৰে কৈছিল
,  এই ৰাতি সকলো দোকান দেখোন বন্ধ!”

ভিনিহি বিৰক্ত হ,  দোকান কেতিয়ালৈ খোলা থাকে তুমি
জানা
?  নজনাকৈ কথা নকবা। এইখন চহৰত
বেছিভাগ দোকানেই গোটেই ৰাতি খোলা থাকে।”

 

চিগাৰেট কিনি ঘূৰি
আহি দেখিলোঁ বিনুৱে বাৰাণ্ডাত বহি কান্দি আছে। ভিনিহিয়ে ইফালে সিফালে পায়চাৰি কৰি
ফুৰিছে। মোক দেখি ক
লে,  আৰু এবাৰ যোৱাঁ। দুটা চিগাৰেট লৈ আহাঁ।”

ভিনিহিয়ে মোক এইষাৰ
কথা ক
লে বিনুক শাস্তি দিবলৈ। তাকে শুনি  বিনুৱে শব্দ কৰি কান্দিবলৈ ধৰিলে। আকৌ চিগাৰেট আনিবলৈ গলোঁ আৰু ঘূৰি আহি
দেখিলোঁ যে দুয়োৰে বুজাবুজি হৈ গৈছে। বিনুৰ মুখত হাঁ‌হি। তাই পাকঘৰত চাহ কৰি আছে।
ভিনিহিয়ে মাজে-সময়ে এনেদৰে মাজৰাতিও চাহ খায়। বিনুৱে মোক সুধিলে
, “চাহ খাবি? একাপ কৰোঁ তোলৈকো?”

– “নালাগে।”

– “খা অলপ। তোৰ
ভিনিহিয়েৰ কিন্তু বেয়া মানুহ নহয়
, ভালেই।”

– “ভাল হলেতো
ভালেই।”

– “খং উঠিলেহে
মাত্ৰ একো ক
ব নোৱাৰা হৈ যায়। বেমাৰী মানুহ যে, খং কন্ট্ৰল কৰিব নোৱাৰে। কিয়,  দেউতাৰ কথা মনত নাই তোৰ?  খং উঠিলে কিমান মাৰিছিল আমাক!”

– “ভিনিহিয়ে তোক
মাৰে নেকি
? “

– “ধেৎ, নামাৰে। মাৰিব কিয়?  আৰু এটা দুটা চৰ দিলেই যেনিবা, তাতনো ক্ষতি কি?  দেউতাই আমাক নামাৰিছিল জানো?  কিন্তু সেই বুলিয়েই জানো আমি কেতিয়াবা তেওঁক খং
কৰিছোঁ
?”

খঙত মোৰ গা ডেঁ‌ই
যায়। কাৰ লগত কাৰ তুলনা! ক
ত দেউতা আৰু কত এই বুঢ়া ভামটো( ভাম শব্দটোৰ অৰ্থও মই নাজানো। আইতাই  ককাৰ প্ৰসংগত এই শব্দটো ব্যৱহাৰ কৰিছিল।)!

দেউতাই অৱশ্যে আমাক
নমৰা নহয়
, মাৰিছিল। হঠাতে খংটো উঠিলে হাতত বাঁ‌হৰ চেকনি এডাল লৈ
তৰ্জন-গৰ্জন কৰি আমাৰ কোনোবাটোক কেইটামান কোব দিয়াৰ পাছতে তেওঁৰ খঙটো কমে। তাৰ
পাছত চেকনিডাল দলিয়াই দি নিজে কান্দে আৰু বিৰবিৰাই থাকে
,  মহাপাষণ্ড মই, মহাপাষণ্ড। মোৰ দৰে পাষণ্ডক ভগৱানেও ৰেহাই নিদিয়ে।” এনেদৰে কিছুপৰ বিলাপ কৰি
কৰি এটা সময়ত তেওঁ গম্ভীৰ মুখ এখন লৈ বাহিৰলৈ ওলাই যায়। তাকে দেখি কোব খোৱাটোৰ
মুখত হাঁহি ওলায়। কাৰণ
, আমি জানো দেউতাই
বজাৰৰ পৰা কিবা আনিবলৈ গৈছে। মহাৰ্ঘ্য কোনো বস্তু নহয়- বৰ বেছি এডাল কাঠ পেঞ্চিল
, এখন দুই নম্বৰী বহী অথবা চাৰি পেকেট আচাৰ (পেকেটে প্ৰতি পঁ‌চিছ পইচাকৈ)।
অনুতপ্ত দেউতাই সেই উপহাৰ পিছে নিজ হাতেৰে আমাক নিদিয়ে। মাৰ হতুৱাই দিয়ায়। ৰাতি
খোৱাৰ সময়ত নাটকখন আৰু জমে। দেউতাই ডাঙৰ ডাঙৰকৈ কৈ যায়-তেওঁ‌ এটা মহাপাষণ্ড। তেওঁ
জল্লাদ। গতিকে তেওঁ নিজেই নিজকে শাস্তি দিব-আজি ৰাতি তেওঁ একো নাখায়। লঘোণ দিব।
দেউতাক ভাতকেইটা খুৱাবলৈ বহুত কাকূতি-মিনতি কৰিব লগা হয়। কোব খোৱাটোৱে শেষত কান্দি
কান্দি উঠি গৈ দেউতাক সাবটি ধৰাৰ পাছতহে তেওঁ খাবলৈ বহে।

সেইহেন দেউতাৰ লগত
এই মদগৰ্বী বুঢ়াটোৰ তুলনা
?  বিনুৰ মূৰটোত ভগৱানে এতিলমান বুদ্ধিও নিদিলেনে?  খঙে-বেজাৰে মোৰ চকুৰ পানী ওলাই যায়। তাইৰ অকণমান
জ্ঞান-বুদ্ধি থাকিলেনো কোনখন মহাভাৰত অশুদ্ধ হ
লহেঁতেন ? বিনিময়ত তাই দেখিবলৈ
অলপ বেয়া হলেও একো নহ
লহেঁতেন।

বিনু যে সঁ‌চাকৈয়ে
আঁ‌কৰী তাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হ
ল মইনাৰ মাকৰ প্ৰসংগটো। তাই
একোৱেই ধৰিব পৰা নাই
, মই কিন্তু ঠিক বুজি
পাইছোঁ। পঁ‌চিছৰ পৰা ত্ৰিছ বছৰৰ ভিতৰত বয়স হ
ব মানুহজনীৰ। সুন্দৰ স্বাস্থ্য।
মিঠা বৰণ। মন জুৰোৱা চেহেৰা। কথাই কথাই গাটো নচুৱাই নচুৱাই হাঁহে। মই অবাক হৈ
লক্ষ্য কৰোঁ
,  তেওঁ বিনুৰ লগত বৰ তৰল ধৰণৰ ৰসিকতা কৰিবলৈ যত্ন কৰে।
যেনে
,  এদিন হাঁহি হাঁহি বিনুক সুধিছে, “দাদা এতিয়াও শুই
আছে
? ৰাতিটো নুশুলেই হবলা! বুঢ়া বয়সত অৱশ্যে ৰসো বেছি
হয়। হি হি হি।”

কোৱা বাহুল্য, বিনুৱে এই ৰসিকতা একো বুজি নাপালে। বিৰক্ত হৈ মাথোন সুধিলে, এনেকৈ হাঁহি মৰ কিয়
এনেয়ে এনেয়ে
?”

– “ৰসলগা কথাত
হাঁহিমেই আকৌ।”

– “হাঁহি বন্ধ কৰি
নিজৰ কামত ধৰগৈ যা।”

– “দাদাৰ টোপনি
ভাগিলে মোক এখন ভাল শাড়ী দিবলৈ ক
ব। চিফনৰ টাংগাইলৰ শাড়ী।”

– “শাড়ী কেলেই ?”

– “বুঢ়া বয়সত ইমান
ধুনীয়া কইনা পাইছে
, সেই কাৰণে। আপুনি কবচোন। কলেই দিব। হি হি হি।”

– “আকৌ কেলেই
হাঁহিছ
 ?”

– “মোৰ হাঁহিৰ
বেমাৰ আছে। দাদাই জানে কথাটো। এইটো বেমাৰৰ কোনো চিকিৎসা নাই।হি হি হি।”

মই বিনুক কলোঁ,  মানুহজনী ভাল নহয়।ভিনিহিক কৈ তাইক খেদি দে।”

বিনুৱে অবাক হৈ সুধিলে,  বেয়া?  কি বেয়া দেখিলি? “

      “তই বুজি নাপাবি। এৰি দে মানুহজনী।”

বিনুৰ কথাত
ভিনিহিয়ে গুৰুত্বই নিদিলে। গহীন মাত এটাৰে তেওঁ ওলোটাই বিনুকহে কথা শুনালে
,  শুনা, মোৰ আগত ফাল্টু কথা একদম নকবা। আজিকালি বনকৰা
মানুহ পোৱাই নাযায়। কাম-বন ভালদৰে কৰি আছে। এনেয়ে এৰি দিম কিয়
?  শাড়ী খুজিছে,  এখন দি দিলেই হল। বিয়া-বাৰু বুলি
সিহঁতে দুই-এখন শাড়ী বিচাৰিব পাৰে। তাতে কি হ
ল!”

পাছদিনাই মইনাৰ
মাকৰ শাড়ী আহিল। চিফনৰ টাংগাইল শাড়ী। বিনুৱে নিস্তেজ মাত এটাৰে সুধিলে
, “ দাম কিমান পৰিল ?”

“তোমাৰ দৰকাৰ কি? টকা-পইচাৰ কোনো কথাত তুমি নোসোমাবা, বুজিলা? ছোৱালী মানুহে এইবোৰ কথাত মাত দিলে মই ভাল নাপাওঁ। ছোৱালী মানুহ ছোৱালী মানুহৰ
দৰে থাকিব লাগে।”

শাড়ীখন পাই মইনাৰ
মাক সুখী হ
ল নে নহল ধৰিব নোৱাৰিলোঁ। তাই গাটো
নচুৱাই নচুৱাই হাঁহিবলৈ ধৰিলে।

– “হাঁহিছ কিয়? “ -বিনুৱে সুধিলে।

-“স্ফূৰ্তিতে
হাঁহিছোঁ। শাড়ী পালোঁ
, সেই কাৰণে হাঁ‌হিছোঁ।
হি হি হি।”

– “এনেকৈ হাঁহি
থাকিলে তই কিন্তু আমাৰ ঘৰত কাম কৰিব নোৱাৰিবি।”

– “অ মা, এইটো আকৌ কেনে কথা! হি হি হি।”

মইনাৰ মাকৰ সেই
তীক্ষ্ণ হাঁ‌হিটো অৱশ্যে বেছিদিন সহ্য কৰিবলগীয়া নহ
ল। সেইটো ঘৰ এৰি
আমি বেলেগ এটা ঘৰলৈ আহিলোঁ। ঘৰ সলোৱাৰ পৰ্বটো খুব গোপনে কৰা হ
ল। ভিনিহিয়ে কৈ থলে,  ঘৰ সলোৱাৰ কথাটো যেন মইনাৰ মাকে গম নাপায়।”

– “কিয়, জানিলে কি হ?” -বিনুৱে অবাক হৈ সুধিলে।

– “খুব অসভ্য
তিৰোতা। গম পালে তাতো গৈ ওলাব।”

– “গৈ ওলালেনো কি হ?”

– “আঃ, মুখে-মুখে কথা কৈ আছা কিয়?  নকবলৈ কলোঁ নহয়! কথা শেষ।
হকে-বিহকে এশ-এটা কথা কৈ থকাৰ দৰকাৰ কি
?”

এদিন ৰাতি মইনাৰ
মাকক একো গম নিদিয়াকৈ আৰু লগতে ভাড়াঘৰৰ মালিকক দুইমাহৰ ভাড়া আদায় নিদিয়াকৈ আমি
নতুন ঘৰটোলৈ গলোঁ।নতুন ঘৰটো আগৰটোতকৈও ডাঙৰ। দুটা বাথৰুম। আগফালে পিছফালে দুখনকৈ
বাৰাণ্ডা। বিনুৰ আনন্দত সীমা নোহোৱা হ
ল। তাইৰ অৱশ্যে স্বাস্থ্যৰো
পৰিবৰ্তন হৈছে। চকুৰ গুৰি ক
লা পৰিছে। মুখখন শুকাই গৈছে।পেটটো ডাঙৰ হবলৈ ধৰিছে। তথাপি
এইটো অৱস্থাতো বেচেৰীয়ে ঘৰখন চাফ্-চিকুণকৈ ৰাখিবলৈ দিনৰ দিনটো কাম কৰে।চাবোন-পানী
মিহলাই চকী-মেজবোৰ ম
চে। ৰন্ধা-বঢ়া কৰে। কাৰণ, আমাৰ ইয়াত বনকৰা মানুহ নাই। ভিনিহিৰ মেজাজো আজিকালি অনবৰতে  বেয়া হৈ থাকে। ৰাতি
ৰাতি সদায় চিঞৰি চিঞৰি কাজিয়া কৰে।

সেইবোৰ কাজিয়াৰ একো
আগ-গুৰি নাই। ভিনিহিয়ে নিজে নিজে আটাহ পাৰি পাৰি বকি থাকে।বিনুৰ এটা মাতো
নুশুনো।এটা সময়ত তাই ফোঁপাই ফোঁপাই কান্দে। তেতিয়াই এটা চৰৰ শব্দ আহি মোৰ কাণত
পৰে।লগত ভিনিহিৰ মাত
,  কিমানবাৰ কৈছো,  নাকান্দিবি।”

– “তই বুলিছে কিয় ?”

– “ছাট্ আপ্! ওলাই
যা ঘৰৰ পৰা।”

– “তই তই বুলি কথা
কৈছে কিয়
?”

– “যা,  ওলাই যা। খাবলৈ নোপোৱাৰ দল, বাহিৰ হৈ যা।”

মোৰ ৰূমটো সিহঁতৰ
ৰূমৰ কাষতেই। সকলোবোৰ শুনিও নুশুনাৰ ভাও ধৰি থাকোঁ। ৰাতি আগবাঢ়ে। এটা সময়ত মোৰ
কাষৰ কোঠালিটো নিজান পৰে। খুব সম্ভৱ কাজিয়াৰ মিটমাট হৈ যায়। গভীৰ ৰাতি বিনু উঠি
আহি মোৰ দুৱাৰত টোকৰ মাৰে। ফুচফুচাই মোক সোধে
,  শুলি নেকি ?”

নাই শোৱা। কিয় ?”

– “ভিনিহিয়েৰক এটা
চিগাৰেট আনি দে না।”

মই দুৱাৰখন খোলোঁ‌।
বিনু পোহৰলৈ আহিব নোখোজে। শাড়ীৰ আঁ‌চলটোৰে বাওঁ গালখন ঢাকিবলৈ যত্ন কৰে। মই তাইক
লাহেকৈ সোধোঁ
,  আৰু মাৰিছে তোক?”

– “নাই মৰা। এনেয়ে
এনেয়ে কিয় মাৰিব বাৰু
?”  বিনুৱে সহজভাৱে উত্তৰ দিয়ে।

– “গালখন ঢাকি থৈছ
কিয়
?”

– “এনেয়ে।”

শাওণ মাহৰ আকাশত
বিজুলীয়ে নাচে। টোপটোপকৈ বৰষুণ পৰে। মই চিগাৰেট আনিবলৈ ওলাই যাওঁ। কেতিয়াবা
কেতিয়াবা ৰাতি ঘৰলৈ উভতি আহিবলৈ মন নাযায়। মন যায় যেন বাটে বাটে খোজেই কাঢ়ি থাকিম।
কিন্তু তেতিয়াই দুৱাৰমুখত ৰৈ থকা বিনুলৈ মনত পৰে। মোলৈ বাট চাই আছে তাই। ওলাই
যাবলৈ তাইৰ আন ঠাই নাই।

মই উলটি আহোঁ।
বিনুৱে উদগ্ৰীৱ হৈ সোধে
, “চিগাৰেট তিতিল নেকি?”

      “মই তিতিছোঁ‌, চিগাৰেট তিতা নাই।”

 

বিনুৱে হাঁহে।

আঁ‌কৰী ছোৱালীজনীৰ
এই হাঁ‌হিটো মোৰ
 বৰ ভাল লাগে