কবিয়ে পাহাৰৰ সপোন দেখে

 

মূল : মেৰি অলিভাৰ (আমেৰিকা, ১০ ছেপ্টেম্বৰ,
১৯৩৯- ১৭ জানুৱাৰি, ২০১৯)

অনুবাদ : অলকা মহন্ত

 

  

কেতিয়াবা মই সময়ৰ অনিয়মীয়া দুৰ্বাৰ গতিত ভাগৰি
পৰোঁ।

ধূসৰ স্মৃতিৰ পাহাৰ মই লাহেধীৰেহে
বগাব বিচাৰোঁ

বাকী থকা জীৱন মই কটাব বিচাৰোঁ- প্ৰায় অলসতাৰে,

পাইন গছৰ ছাঁত শুই,  নাইবা তাৰো ওপৰৰ,  উকা শিলৰ বুকুত।

শতিকা জুৰি আমিয়েই সৃষ্টি কৰা শ্বাসৰুদ্ধকৰ আকাশখনত
ঢিমিক-ঢামাককৈ বাচি থকা তৰাকেইটা চাব বিচাৰোঁ

অতীতলৈ উভতি চাই, সকলোকে ক্ষমা
কৰিব বিচাৰোঁ
,

শান্তিত থাকিব বিচাৰোঁ, জানিবলগীয়া
অন্তিম কথাটো জানিব বিচাৰো।

এই যে ব্যস্ততাবোৰ!

পৃথিৱীতো অকল এইবোৰৰ বাবেই নহয়!

গছবোৰ কিমান নীৰৱ, সিহঁতৰ সুৰবোৰ
সদায় নিজৰ
,

মই ধীৰে-সুস্থিৰে আগবাঢ়িব বিচাৰোঁ, আৰু
সঠিকভাৱে চিন্তা কৰিব বিচাৰোঁ।

আগন্তুক দহ হাজাৰ বছৰত, অন্ততঃ,

অকণমান হলেও পাহাৰ খহিব।

***

যোগাযোগ  ৯১০১১৪৩৭৪৯