মূল (বাংলা) : বনফুল

ভাবানুবাদ : পূৰৱী
তালুকদাৰ





বাঘৰ বৰ উপদ্ৰৱ৷
মানুহবোৰ অস্থিৰ হৈ পৰিল৷ গৰু, পোৱালি, শেষ পৰ্যন্ত মানুহো বাঘৰ কবলত পৰি মৰিবলৈ ধৰিলে৷
সকলোৱে তেতিয়া লাঠি, যাঠি, বন্দুক বাহিৰ কৰি বাঘটো মাৰি পেলালে৷ এটা বাঘ গ’ল, কিন্তু
আকৌ এটা আহিল৷ অৱশেষত মানুহবোৰে বিধাতাৰ ওচৰত আবেদন কৰিলে–

“ভগৱান, বাঘৰ হাতৰ
পৰা আমাক বচোৱাঁ৷”
 

বিধাতাই ক’লে –
“বাৰু৷”


কিছুসময় পাছতেই বাঘে বিধাতাৰ দৰবাৰত গোচৰ তৰি জনালে– “আমি মানুহৰ অত্যাচাৰত অস্থিৰ
হৈ পৰিছোঁ৷ বনৰ পৰা বনান্তৰলৈ পলাই ফুৰিছোঁ৷ কিন্তু চিকাৰীয়ে আমাক ক’তো শান্তিত থাকিবলৈ
দিয়া নাই৷ ইয়াৰ এটা ব্যবস্থা কৰক৷

বিধাতাই ক’লে– “বাৰু৷”


 ঠিক সেই সময়তে নেড়াৰ
মাকে বিধাতালৈ আৱেদন পেছ কৰিলে– “দেউতা, আমাৰ নেডাই যেন এজনী ধুনীয়া ঘৈণীয়েক পায়৷
সঁচাকৈয়ে কৈছোঁ গোঁসাই, তোমালৈ পাঁচ পইচাৰ নৈবেদ্য আগবঢ়াম৷”


বিধাতাই ক’লে– “বাৰু৷”
 

হৰিহৰ ভট্টাচাৰ্যই
মোকৰ্দমাৰ বাবে যাবলৈ ওলাইছিল৷ তেওঁ বিধাতাক সম্বোধন কৰি ক’লে,  “আজীৱন তোমাৰ পূজা
কৰিছোঁ৷ উপবাস কৰি কৰি দেহা খীণ কৰি পেলাইছোঁ৷ বদমাছ ভতিজাটোক আমি দেখুৱাই দিব খোজোঁ৷ তুমি
মোৰ সহায় হোৱাঁ৷”
 

বিধাতাই ক’লে – “বাৰু৷”


সুশীলে পৰীক্ষা দিব ৷ সি সদায় বিধাতাক কয়, – “প্ৰভু পাছ কৰাই দিয়াঁ৷”
  আজি সি ক’লে, “প্ৰভুৱে যদি  স্কলাৰশ্বিপ পোৱাই  দিব পাৰে, পাঁচ টকা খৰচ কৰি প্ৰসাদ
আৰু ভোগ আগবঢ়াম৷”


বিধাতাই ক’লে – “বাৰু৷”


হৰেন পুৰকায়স্থই ডিস্ট্ৰিক্ট ব
ৰ্ডৰ চেয়াৰমেন হ’ব খোজে৷ কালী পুৰোহিতৰ জৰিয়তে বিধাতাক
ধৰি বহি পৰিল,  এঘাৰটা ভোট মোক লাগে৷ কালী পুৰোহিতে শকত পৰিমাণৰ দক্ষিণা খাই ভুল সংস্কৃত
মন্ত্ৰৰ প্ৰতাপত বিধাতাক অস্থিৰ কৰি তুলিলে৷ – “ভোটং দেহি –
  ভোটং দেহি -”

বিধাতাই ক’লে– “বাৰু, বাৰু৷”


কৃষকে হাত দাঙি ক’লে,  “দেৱতা, পানী দিয়াঁ৷”


বিধাতাই ক’লে – “বাৰু৷”
 

অসুখী সন্তানৰ জননীয়ে
বিধাতাক প্ৰাৰ্থনা জনালে – “মোৰ এটাই মাত্ৰ সন্তান, কাঢ়ি নিনিবা ভগৱান৷”


বিধাতাই ক’লে – “বাৰু৷”


কাষৰ ঘৰৰ খেন্তি পেহীয়ে উপৰোক্ত মাতাৰ বি,য়ে ক’লে,  বিধাতা, নাটেশৰীৰ বৰ অহংকাৰ৷
নিতৌ নতুন গহনা পিন্ধি জগতখনক তাইৰ ভৰিৰ ধূলি যেন জ্ঞান কৰিছিল৷ ল’ৰাটোৰ ডিঙিত টিপি ধৰি
বেছ কৰিছা দয়াময়৷ নাটেশৰীক ভাল শিক্ষা এটা দি পেলোৱাঁচোন৷”


বিধাতাই ক’লে,  “বাৰু৷”
 

দাৰ্শনিকে ক’লে, “হে বিধাতা, তোমাক বুজিব বিচাৰোঁ৷”


বিধাতাই ক’লে, “বাৰু৷”


চীন দেশৰ পৰা চিৎকাৰ ভাহি আহিল,  “জাপানীবোৰৰ হাতৰ পৰা বচোৱাঁ প্ৰভু৷”


বিধাতাই ক’লে , “বাৰু৷”
 

বাংলাদেশৰ পৰা এজন
ডেকাই খাটনি ধৰি বহিল, “কোনো সম্পাদকে মোৰ লেখা নছপায়৷ ‘প্ৰবাসী’ত লেখা উঠাব খোজোঁ৷
ৰামানন্দ বাবুক সদয় হ’বলৈ কোৱাঁ৷”
 

বিধাতাই ক’লে,  “বাৰু৷”

অলপ সুৰুঙা পোৱা
মাত্ৰেই
  বিধাতাই কাষত বহি
থকা ব্ৰহ্মাক সুধিলে, “আপোনাৰ ঘৰত খাটি সৰিয়হৰ তেল আছে নেকি?”


ব্ৰহ্মাই ক’লে, “আছে৷ কি কাৰণে, কওকচোন ?”
 

বিধাতা, “মোৰ অলপ
দৰকাৰ হৈছে৷ দিব নে?”


ব্ৰহ্মা ছ (পঞ্চমুখে) “নিশ্চয়, নিশ্চয়৷”
 


ব্ৰহ্মাৰ ঘৰৰ পৰা খুব ভাল সৰিয়হৰ তেল আহিল৷ বিধাতাই সেইখিনি তৎক্ষণাৎ নাকত দি গভীৰ
টোপনিত লালকাল হৈ পৰিল৷

আজিও টোপনি ভগা নাই

 

***

 ঠিকনা :

বাঙ্গালোৰ,

ভ্ৰাম্যভাষ – ৯৪৩৫৭০৮৯৯৬