ভূটানৰ জমতচংখা চহৰত এটি দেওবৰীয়া আবেলি

 অংগনা চৌধুৰী


 বৰ্ষণমুখৰ এটি দেওবাৰ৷
ডাৱৰবোৰ পাহাৰৰ চূড়াত আহি ওলমিছেহি৷ আমি ঘৰৰ পৰা পুৱা আঠ বজাত গাড়ীখন লৈ ওলালোঁ দিনটোৰ
বাবে৷ গুৱাহাটীৰ পৰা ক
ৰবালৈ যাবলৈ হলে যানজঁটৰ
পৰা বাচিবলৈ অলপ সোনকালেই ওলাই যোৱা শ্ৰেয়ঃ৷ চাৰে নমান বজাত মংগলদৈৰ ওচৰৰ ৰিপ
জ ৰিজ
ৰ্টৰ খাৰখোৱা নামৰ ৰেষ্টুৰেণ্টখনত পুৱাৰ আহাৰ খাবলৈ সোমালোঁ৷ তাৰ পৰিৱেশটো
বৰ ভাল লাগে৷ খাদ্যবস্তুৰ মান উন্নত হোৱাৰ লগতে গছ
লতিকা আৰু
ফুলেৰে জাতিষ্কাৰ হৈ থকা ধুনীয়া পৰিৱেশটোৱেও মানুহক আকৰ্ষণ কৰে আচলতে৷

তাৰ পাছত পুনৰ ধীৰ
গতিত আমাৰ গাড়ী আগ বাঢ়িল৷ ৰৌতাৰ ওচৰত আমাৰ কিছু ব্যক্তিগত কাম আছিল৷ সেইখিনি কৰি উঠি দুপৰীয়াৰ
ভাতসাঁজ ধাবা এখনতে খাই ল
লোঁ৷ তাৰ পাছত পোনাই দিলোঁ ভৈৰৱকুণ্ডৰ ফালে৷ পাতলকৈ
দ দিছিল৷ গছগছনিবোৰে পুৱাৰ বৰষুণজাকত তিতি
যেন প্ৰাণ পাই উঠিছিল৷ ভৈৰৱকুণ্ডলৈ যোৱা বাটটো খুউব মসৃণ
, ফিন্ফিনিয়া, গাড়ী চলাবলৈ ভাল আৰু চৌপাশৰ সৌন্দৰ্যও চাবলগীয়া৷
মাজে মাজে দেওবৰীয়া হাট বহিছিল
, তাত বাৰীত লগা সতেজ শাকপাচলিৰ পয়োভৰ৷

 


আমি ওভতোঁতে ভৈৰৱকুণ্ডত
ৰোৱাৰ কথা৷ সেয়ে প্ৰথমে ভূটান গেটলৈ আগ বাঢ়ি গলোঁ৷ গেটত আধাৰ
কাৰ্ড বা ভোটাৰ আই. ডি. দেখুৱাই এটা এগ্
জিট নম্বৰ লব লাগে, যিটো উভতি আহোঁতে গেটত পুনৰ কৈ আহিব লাগে- প্ৰমাণস্বৰূপে
যে আপুনি সেইখন দেশৰ পৰা ঘূৰি আহিছে৷ ভিতৰলৈ গৈ ভূটানৰ গে
টৰ ওচৰত থকা অফিচত পুনৰ নামঠিকনা ৰেজিষ্ট্ৰেশ্বন কৰাব লাগে৷ চৈধ্য বছৰৰ তলৰ শিশুৰ বাবে বাৰ্থ চাৰ্টিফিকেট
দেখুওৱাটো বাধ্যতামূলক৷ যি কি নহওক
, যাৱতীয় কামখিনি কৰি আমি ভিতৰ
সোমাওঁতে প্ৰায় আবেলিয়েই হৈছিল৷ ভূটানৰ এই সৰু চহৰখনৰ নাম হৈছে জমতচংখা৷ জনসংখ্যা প্ৰায় এহেজাৰতকৈও
কম৷ পৰিষ্কাৰ
পৰিচ্ছন্ন বাট-পথ আৰু দুয়োকাষে
নিচেই সৰু সৰু দোকান৷ মাজে মাজে দুই এক দুই
তিনি মহলীয়া বিল্ডিঙো আছে৷ ঘৰবোৰৰ ডিজাইন সম্পূৰ্ণৰূপে ভূটানিজ ষ্টাইলৰ৷ বেৰ আৰু খুটাত নানৰঙী কাৰুকাৰ্য
কৰা আৰু ওপৰভাগ চেপেটাকৈ বাহিৰফালে আগ বঢ়া৷ অলপ দূৰ গাড়ীৰে গৈ আমি এঠাইত গাড়ী ৰখাই
খোজকাঢ়ি ঘূৰা
ফুৰা কৰিম বুলি আগ বাঢ়িলোঁ৷ জৰ্জৰকৈ শব্দ কৰি পাহাৰীয়া নৈ এখন 
বৈ আহিছিল আৰু তাৰ ওপৰত থকা দলংখনক বৌদ্ধ ধৰ্মৰ ৰঙানীলা সৰু সৰু পতাকাৰ শাৰীয়ে চামিয়ানাৰ দৰে ঢাকি ধৰিছিল৷ এই ধুনীয়া দৃশ্য দেখি
আমি ফটো তোলাত ব্যস্ত হৈ পৰিলোঁ৷ আমাক দেখি বাটত খোজকাঢ়ি থকা ককা এজন কথা পাতিবলৈ আগুৱাই
আহিল৷ স্থানীয় বয়সস্থ লোক এজনৰ সৈতে কথা পাতিবলৈ পাই আমিও ভাল পালোঁ৷ তেওঁ অসমৰ বা
বাতৰি ললে আৰু আমি তেওঁলোকৰ৷ তেওঁৰ পৰা বিদায় লোৱাৰ
পাছত আমি ভাবিলোঁ চাহ একাপকে খোৱা যাওক ওচৰে
পাজৰে যদি পোৱা যায়৷
ফাষ্ট ফুড বুলি লিখি থোৱা সৰু সৰু ঘৰ কিছুমান দেখিলোঁ৷ দেখাত কিন্তু সেইবোৰ ৰেষ্টুৰেণ্টৰ
দৰে নহয়৷ অৱশ্যে ভিতৰত সোমাই
  দেখিলোঁ বহাৰ ভাল ব্যৱস্থা আছে আৰু চাফচিকুণ৷ কি কি
আছে সোধাত পাকঘৰত ব্যস্ত হৈ থকা বাইদেউগৰাকীয়ে ম
’, ঘূগুণী, বয়ল কণী সকলোখিনি আমাৰ ফালে আগ বঢ়াই দি বিক্ৰীৰ
আশাত মুখলৈ চালে৷ ভোক লগা নাছিল যদিও গোটেই কেইবিধৰে একো
প্লেটকৈ আমি অৰ্ডাৰ দিলোঁ৷ লগত দুকাপ ডাঠকৈ গাখীৰ চাহ৷ কাৰণ আশাৰে মুখলৈ চোৱা
বাইদেউ গৰাকীক নিৰাশ কৰিব খোজা নাছিলোঁ৷ কিন্তু সেই নিচেই সৰু ফাষ্টফুডখনৰ ভেজ ম
আৰু চাট্নিখিনি ইমানেই সুস্বাদু
আছিল যে আমি টকালি পাৰি পাৰি খালোঁ৷ খোৱা
বোৱা শেষ হোৱাত আৰম্ভ হল ওভতনি যাত্ৰা৷ ভূটান গেটৰ পৰা অলপ দূৰ ওলাই আহিয়েই পোৱা যায় ভৈৰৱকুণ্ড৷ বহুদিনৰ
পৰা নাম শুনি আছিলোঁ
, কিন্তু যোৱা হোৱা নাছিল৷ ভৈৰৱকুণ্ডত ভূটানৰ
পৰা নামি অহা জামপানী নৈৰ লগত ভৈৰৱী নৈ লগ হৈ ধনশিৰি নৈৰ সৃষ্টি হৈছে৷ চৌদিশে পাহাৰ
আৰু খৰস্ৰোতা নৈৰ শিলত ঠেকা খাই খাই আগুৱাই যোৱাৰ মনোৰম দৃশ্যই আমাক মুগ্ধ কৰিলে৷ কিছু সময়
তাত কটাম বুলি আমি নৈৰ দাঁতিত বহিবলৈ আগুৱাই গ
লোঁ৷ পিছে এটা
কথাইহে বৰ অশান্তি দিলে৷ কথাটো হ
ল তালৈ গাড়ী, বাইক লৈ অজস্ৰ মানুহ আহিছে৷ কোনোৱে পিক্নিক্
খাবলৈ, কোনোৱে এনেয়ে সময় কটাবলৈ৷ তাৰে অধিকাংশ
লোকেই চিপ্
চৰ খালী পেকেট, ল্ড ড্ৰিংকছ্ বা সুৰাৰ খালী বটল যতে ততে পেলাই ঠাইখিনি কদৰ্য কৰি তুলিছে৷ মনটো এইবোৰ
দেখি খুব বেয়া লাগি গ
ল৷ তাৰ পৰা মাত্ৰ সামান্য দূৰত্বত থকা
ভূটানৰ পৰিষ্কাৰ
পৰিচ্ছন্ন সৰু চহৰখনৰ পৰা আমি উভতিছোঁহে মাত্ৰ,
নিজৰ দেশত দেখা পালোঁ এই অৱস্থা৷ অহৰহ পৰ্যটক আহি থকা ভৈৰৱকুণ্ডত উন্নত মানৰ
ডাষ্টবিনৰ ব্যৱস্থাও চকুত নপৰিল৷ হয়তো অ
ত দুই এটা আছে৷ আমাৰ দেশৰ একাংশ মানুহৰ মানসিকতা যে
কেতিয়া সলনি হ
ব ভাবি ওৰ নাপালোঁ৷ চৰকাৰেও আচলতে এইক্ষেত্ৰত কঠোৰ
ব্যৱস্থা লোৱা উচিত৷




গধূলি বেলি পৰোঁ
পৰোঁ হওঁতে আমি তাৰ পৰা ঘৰমুৱা হ
লোঁ৷ বাটতে ছিপাঝাৰ পাৰ হৈ নাৰিকলী মন্দিৰত
বাহিৰৰ পৰাই মূৰ দোঁৱাই আহিলোঁ৷ জমতচংখাৰ ধুনীয়া আবেলিটো আৰু ভৈৰৱকুণ্ডৰ খৰস্ৰোতা নৈৰ
কলকলনিৰ শব্দ বুকুত সামৰি ব্যস্ততাপূৰ্ণ গুৱাহাটী মহানগৰীত আমি প্ৰৱেশ কৰোঁতে নিশা ভালেখিনি হৈছিল৷