কৈশোৰকাল, টোপনি আৰু মগজুৰ বিজ্ঞান

° প্ৰাঞ্জল বুঢ়াগোহাঁই

  আজিকালি প্ৰত্যেক
দিনেই বহু কিশোৰ-কিশোৰী আৰু অভিভাৱক কৈশোৰ কাল সম্পৰ্কীয় বিভিন্ন বিষয় বা সমস্যা
লৈ মোৰ ওচৰলৈ আহে। এনেকৈ আহি কথা পতাটোক মনোবিজ্ঞানত কাউন্সেলিং বা পৰামৰ্শদান
বুলি কয়। কিন্তু যি ধৰণেৰে মনোবিজ্ঞানৰ কাউন্সেলিং দিয়া হয়
, সেই প্ৰক্ৰিয়া বা
পদ্ধতিৰে মই কথা না
পাতোঁ। গতিকে পঢ়ুৱৈয়ে বা অভিভাৱকে মোক এজন কাউন্সেলৰ হিচাপে নধৰে যেন। মই এজন
সাধাৰণ শিক্ষক। শিক্ষকতাৰ খাতিৰত ল
ৰা-ছোৱালীৰ সমস্যাবোৰৰ বিষয়ে কথা পাতোঁতে‍ পাতোঁতে, সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰোঁতে কৰোঁতে বা এই বিষয়ত
অধ্যয়ন কৰোঁতে কৰোঁতে দুই-চাৰি কথা মাত্ৰ বুজি উঠা হৈছোঁ। তাৰে কিশোৰ-কিশোৰীসকলৰ
বিভিন্ন আৱেগিক
, সামাজিক, শৈক্ষিক সমস্যাবোৰৰ বিষয়ে দুইচাৰিটা কথা পতা হয়। সি যি
কি নহওক কিশোৰ-কিশোৰীসকল বা অভিভাৱকসকলে মোৰ ওচৰলৈ লৈ অহা বিষয়বোৰৰ প্ৰকাৰ
বিভিন্ন। কিন্তু তাৰ ভিতৰত কিছুমান বিষয় বা সমস্যা প্ৰায় একে। কৈশোৰ কালৰ তেনে এক
উমৈহতীয়া সমস্যা বা বিষয় হ
টোপনিমোৰ ওচৰলৈ যিমানবোৰ কিশোৰকিশোৰী আহিছে, তাৰ প্ৰায় ষাঠি শতাংশই এই টোপনিৰ
সমস্যাৰ কথা এবাৰ হ
লেও উনুকিয়ায়।
আজিলৈকে মই পোৱা পঞ্চাশতকৈ অধিক অভিভাৱক-অভিভাৱিকাই কিশোৰ-কিশোৰীৰ টোপনিৰ সমস্যাৰ  কথা পাতিবলৈকে মোৰ ওচৰলে আহিছে।
পঢ়ুৱৈসকলে‍ হয়তো ভাবিছে টোপনিৰ
আকৌ কি সমস্যা
? তেওঁলোকে ভালকৈ টোপনি
যাব নোৱাৰে নেকি
? ৰাতি টোপনি নধৰে নেকি? টোপনি পাতল হয় নেকি? নহয়। সমস্যাটো হল তেওঁলোকে বেছিকৈ শোৱে। খু বেছিকৈ টোপনি ধৰে।
পঢ়াৰ সময়ত
, ক্লাছৰ সময়ত, কামৰ সময়ত ইত্যাদি। পুৱা
সোনকালে শুই উঠাটো তেওঁলোকৰ বাবে মহা সমস্যা। বহু অভিভাৱক
-অভিভাৱিকাই নিজৰ কিশোৰ-কিশোৰীক
লৈ আপত্তি দিয়ে
— “ছাৰ আমাৰ এইটোৱে ইমান
শোৱে। ৰাতিপুৱা গালি পাৰি
পাৰি
, মাৰি মাৰি উঠাব লাগে।তাৰ পাছত মোৰ পৰা পৰামৰ্শ
বিচাৰে
 ইয়াৰ টোপনিটো বাৰু কিদৰে কমোৱা যায়?” এনে প্ৰশ্ন সুধিলে মই প্ৰায়ে উলোটাই প্ৰশ্ন সুধোঁ— “টোপনিটোনো কিয় কমাব লাগে?” তেওঁলোকৰ বেছিভাগেই উত্তৰ
দিয়ে
— “ইমান শুলে পঢ়িব
কেতিয়া
?” এইটো বয়স পঢ়াৰ বয়স।
কঠোৰ পৰিশ্ৰম কৰাৰ বয়স। জীৱনৰ লক্ষ্য আৰু ৰাস্তা নিৰ্ধাৰণ কৰাৰ বয়স। এই বয়সত শুই
কটালে
পাছৰ
জীৱনটো হা
হুতাশত
পৰিণত হ
ব ইত্যাদি।তেওঁলোকৰ এই উদ্বেগ আৰু
সদিচ্ছাক মই উলাই কৰিব নিশ্চয়কৈ
নোৱাৰোঁ। কিন্তু টোপনি কমোৱাৰ কোনো উপায় মই দিব নোৱাৰোঁ বা যিকোনো উপায়েৰে
টোপনি কমাবলৈ পৰামৰ্শও দিব নোৱাৰোঁ। কিন্তু এটা কথা মই সদায় উপলব্ধি কৰোঁ
যে টোপনি সম্পৰ্কত কিছু
প্ৰাথমিক কথা আমি সকলোৱে জনাটো বৰ দৰকাৰী। এই কথাখিনি জানিলে আমি শিশু বা
কিশোৰ-কিশোৰীৰ টোপনি সৰ্ম্পকত কিছু বাস্তৱিক সিদ্ধান্ত ল
ব পাৰিম। এই কথাখিনি আপোনালোকক মোতকৈ এন ডাক্তৰ বা
শৰীৰতত্ত্ববিদে ভালকৈ ক
ব পাৰিব। তথাপি মই
প্ৰাথমিক কথা কেইটামান ক
লে একো মহাভাৰত
অশুদ্ধ নহয় বুলি ধৰি
ল’লোঁ। তাতকৈ ডাঙৰ কথাটো হল প্ৰতিদিনে এই সৰ্ম্পকীয় ইমান বেছি সমস্যাৰ লগত জড়িত হব লগা হয় যে মই এতিয়া কথা
পাতিবলৈ মোটামুটি বাধ্য হৈ গৈছোঁ। মোৰ ওচৰলৈ লৈ অহা সমস্যাবোৰৰ স্বভাৱ আৰু প্ৰকাৰ
উপলব্ধি কৰিব পৰাকৈ মই দুটামান উদাহৰণ দিব খুজিছোঁ।
অভিজিতৰ কথা: অভিজিতৰ মাক মোৰ
ওচৰলৈ আহিছিল তাৰ নিদ্ৰা সম্পৰ্কীয় এক বিষয় লৈ। তেওঁ মোক কৈ গৈছিল
— “ছাৰ ইয়াৰ টোপনিটো সাংঘাতিক
বেছি। প্ৰত্যেক দিনা ৰাতিপুৱা ইয়াক বিছনাৰ পৰা জগাবলৈ মই এখন ৰণ তৰিব লাগে। নিজে
জানি-বুজি কেতিয়াও বিছনাৰ পৰা উঠিয়েই পোৱা নাই। যদি মই জগাই নিদিওঁ সেইদিনা
টিউশ্যন
, স্কুল সকলো ক্ষতি হব। টিউশ্যন ছাৰৰ সদায় আপত্তি
যে ই ক্লাছত মনোযোগ নিদিয়ে। কেৱল টোপনিয়াই থাকে। বিদ্যালয়ৰ পৰাও ঢেৰ আপত্তি পাওঁ
তাৰ টোপনিক লৈ। ছাৰ
, ক্লাছ টেন পালেহি। এইবাৰ মেট্ৰিক দিব৷ এতিয়া বাৰু তেনে
কৰিলে হয়নে
? উঠ বুলি গাৰ কাপোৰ
আঁতৰাই থৈ আহোঁ
, অলপ পাছত দেখোঁ আকৌ
কাপোৰ লৈ শুই আছে। কেতিয়াবা উঠাই থৈ আহোঁ আকৌ ধুপকৈ পৰি শুই থাকিব। কেতিয়াবা উঠাই
লৈ মুখত ব্ৰা
শ্ব্‌ডাল ভৰাই থৈ আহোঁ, সেইদৰে মুখত ব্ৰাশ্ব্‌ডাল ভৰাই লৈয়ে
টোপনিয়াই থাকিব। কেতিয়াবা ছাৰ শুই থাকোঁতে গায়ে-মূৰে পানী ঢালিও পাইছোঁ। এদিনতো
আৰু আচৰিত। জোৰ কৰি উঠালোঁ। উঠি বাথ
ৰুমত সোমাল। কিন্তু সোমাল যি সোমাল নোলোৱা হল। ইফালে স্কুল যাবলৈ দেৰি
হওঁ হওঁ। বাথ
ৰুমৰ
দুৱাৰত ঢকিয়া
ইছোঁহে ঢকিয়াইছোঁ। এসময়ত সহাঁৰি আহিল। গম পালোঁ সি লেট্ৰিনত কদৰ
ওপৰত বহি টোপনিয়াই আছে। ছাৰ চাওকচোন
, পঢ়িবলৈ বহি টোপনিয়াব, ক্লাছত টোপনিয়াব, আনকি লেট্ৰিনতো টোপনিয়াব। মই বৰ নিৰুপায় হৈছোঁ।’’
অনামিকাৰ কথা: অনামিকাৰ আচল নামটো
মই লুকুৱাই ৰাখিছোঁ। তাইক মই লগ পাইছিলোঁ আমি পতা এটা ইতিবাচক শিক্ষা শিবিৰত।
ইতিবাচক শিক্ষা শিবিৰৰ সকলো ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণতেই আমাৰ এটা ঘৰুৱা আৰু
দীঘলীয়া সম্পৰ্ক হৈ যায়। অনামিকাই এদিন ফ
ন কৰি মোক জনালে— “ছাৰ, আপোনাৰ লগত বহু দৰকাৰী কথা পাতিবলগা আছে। বহু কথা কবলগা আছে।তাইক মই ডিব্ৰুগড়লৈকে মাতি
পঠিয়ালোঁ। তাই এদিন আহিল। খাই বৈ উঠি মোক কথাখিনি ক
বলৈ লাগিল
ছাৰ, মোৰ কি হ? এটা বস্তু মই নিয়ন্ত্ৰণলৈ আনিব পৰা নাই। টোপনি।টোপনিৰ বাবে মই ইমান লজ্জিত
আৰু অপমানিত হৈছোঁ যে কেতিয়াবা মই জীয়াই থকাৰ হেঁপাহো হেৰুৱাই পেলাওঁ। মই এখন
প্ৰাইভেট স্কুলত পঢ়োঁ আৰু সেই স্কুলৰে এটা প্ৰাইভেট হ
ষ্টেলত মই থাকোঁ। হষ্টেলত এটা নিয়ম কৰি
দিছে যে প্ৰত্যেকদিনাই পুৱা ৩.০০ বজাতে আমি শুই উঠি পঢ়িব লাগে। শুব লাগে ১১.০০
বজাত। ছাৰ মই ৩.০০ বজাত উঠোঁ যদিও মই পঢ়াত মনোযোগ দিব
নোৱাৰোঁ। মোৰ টোপনি ধৰে।
চকুকেইটা কোনো কাৰণতে মই মেলি থাকিব
নোৱাৰোঁ। মই জানো ছাৰ, মই পঢ়িব লাগে, মা-দেউতাৰ আশাত চেঁচা পানী
ঢালিব নালাগে
কিন্তু
মই
নোৱাৰোঁ। হষ্টেলৰ অথৰিটিয়ে‍ সদায় পঢ়াৰ সময়ত ভিজিট দিয়ে, সকলোৱে পঢ়ি আছেনে নাই চাবলৈ।
কিন্তু দুৰ্ভাগ্যবশতঃ মোক সদায় টোপনিয়াই থকাতে দেখে। ছাৰ তেওঁলোকে মোক শাস্তিও
দিয়ে। মই টোপনিয়াই
থাকোঁতে‍ খুব জোৰকৈ বেতেৰে মাৰে। মই আচৰিত ধৰণেৰে চক খাই উঠোঁ। ছাৰ
এইবোৰ মাৰৰ চিন বহিয়েই আছে। ঘৰলৈ আপত্তি পঠিয়া
মই নপঢ়োঁ,
কেৱল
টোপনিয়াই থাকোঁ বুলি। মাহঁতে মোক বহুত বেয়া পাইছে । তাতকৈ ডাঙৰ কথা এই যে টোপনিয়াই
থাকোঁতে মোক মাৰি দিয়েহি আৰু মই যে চক্ খাই উঠোঁ
সেইটো ঘটনা ৰাতিও ঘটিবলৈ লৈছে। মই ৰাতি শুই থাকোঁতে
অকস্মাৎ  চক্ খাই সাৰ পাই উঠোঁ। টোপনি কমি
গৈছে ছাৰ। ৰাতি শুলেই চক্ খাওঁ। আকৌ ৩.০০ বজাত উঠিব  লাগে। ছাৰ 
শুবলৈকে নোপোৱা
হ’লোঁ। পঢ়া একো মনত নোৰোৱা হল। খোৱা-বোৱাও বেয়া হল। ছাৰ মই দুৰ্বল অনুভৱ কৰোঁ। মই বৰ হতাশ হৈছোঁ ছাৰ। মোৰ
মৰি থাকিবৰ মন যায়।
নয়নৰ কথা: নয়নৰ কথাটো মোক খবৰ
দিছিলে মোৰ এজন ছাত্ৰই। নয়নকো মাক-দেউতাকে পঢ়িবলৈ উঠাই দিয়ে কিন্তু পঢ়িবলৈ লৈ সি
টোপনিয়াবলৈ লাগি যায়। মাক-দেউতাকে আন উপায়েৰে সমস্যাটো  সমাধান কৰিব নোৱাৰি আজিকালি পঢ়া সময়ত নয়নৰ ভৰি
দুখন গৰম পানীত জুবুৰিয়াই থোৱাৰ ব্যৱস্থা কৰিছে। টেবুলৰ তলতে বাল্টি এটাত গৰম পানী
ৰাখি তেওঁলোকে নয়নক ভৰি দুটা তাত জুবুৰিয়াই ৰাখিবলৈ কয়।  পানীখিনি অলপ ঠাণ্ডা হোৱা যেন পালে আকৌ গৰম
পানী আনি আগৰ পানীখিনি সলাই দিয়ে।
টোপনিক লৈ এনে বহু অভিজ্ঞতা
মোৰ আছে।
পঢ়ুৱৈক মাত্ৰ দুটামানহে ক’লোঁ। কথা হল কিশোৰকিশোৰীৰ এই টোপনি
সৰ্ম্পকীয় সমস্যাবোৰৰ বিষয়ে বহু কথা পাতিবলগা আছে। কাৰণ টোপনি
সম্পৰ্কত আমাৰ
বেছিভাগ ধাৰণাই পৰম্পৰাগত আৰু অবৈজ্ঞানিক। বহু অভিভাৱকে ভাবে
বেছি শোৱা মানে বেছি সময়ৰ
অপচয়। সেই বাবে বহু অভিভাৱকে ৰাতি এডোখৰতে উঠাই নিজৰ ল
ৰা-ছোৱালীক পঢ়িবলৈ লগায়। আমাৰ ঘৰৰ কাষতে মৌচুমৰ ঘৰ। মৌচুমৰ
দেউতাকে পুতেক-জীয়েকৰ পঢ়া-শুনাৰ ক্ষেত্ৰত নিজকে যথেষ্ট সজাগ আৰু সচেতন বুলি ভাবে
নিশা দুই-তিনি বজাতে
তেওঁ মৌচুমক উঠাই পঢ়িবলৈ লগায়। তেওঁ মৌচুমক চিঞৰি পঢ়িবলৈ কয় যাতে তেওঁ বিছনাৰ পৰা
গম পাই থাকে যে সি টোপনি যোৱা নাই
, পঢ়ি আছে। মৌচুমে যেতিয়া নিশা এপৰতে গাওঁ ভেদি যোৱাকৈ চিঞৰি পঢ়িবলৈ আৰম্ভ কৰে, গাঁৱৰ আন অভিভাৱকৰো
নিজৰ পুতেক-জীয়েকক লৈ সচেতনতা বাঢ়ি যায়।
আটায়ে নিজৰ লৰা-ছোৱালীক জগাবলৈ আৰম্ভ কৰে। পাছনিশালৈ গোটেই গাঁওখন এক মৃদু কোলাহলত সাৰ পাই উঠে। এই কোলাহল শুনি
মোৰ মায়েও মোক জগাবলৈ আৰম্ভ কৰে। মাৰ খেচ্‌খচনি শুনি দুদিনমান উঠিলোঁ
কিন্তু নিজে গম পাওঁকোনো লাভ নাই। টোপনিত
হালি-জালি আৰু কিটো পঢ়িবা! মাক এই কথা বুজাবলৈ বহুত দিন লাগিল যে মোক প্ৰথমে শুবলৈ
দিয়া। তাৰ পাছত মই ভালদৰে পঢ়িম। টোপনি ধৰি থাকিলে মই পঢ়িব নোৱাৰোঁ
কিশোৰ-কিশোৰীৰ এই
নিদ্ৰাপ্ৰিয়তাৰ বিপৰীতে কিছুমান অভিভাৱক আকৌ অতি উচ্চাকাংক্ষী হৈ পৰে। বেছিকৈ শুলে
পুতেক-জীয়েকক লৈ তেওঁলোকৰ থকা উচ্চাকাংক্ষাত পানী পৰিব বুলি তেওঁলোকৰ এক শংকা
থাকে। যিকোনো প্ৰকাৰে
শোৱাৰ সময় কমাই পঢ়া, প্ৰজেক্ট বনোৱা আদি কামত লগাব পাৰিলেই তেওঁলোকে বৰ ডাঙৰ সকাহ পোৱাদি পায়।
কিছুমান অভিভাৱকে আকৌ 
ৰা-ছোৱালী নোশোৱাকৈ‍ থাকি পঢ়া-শুনা
কৰিলেও গৌৰৱৰ থলহে বিচাৰি পায়। এবাৰ এজন ল
ৰাই মেট্ৰিক পৰীক্ষাৰ সময়ত শোৱাটো কমাই দুঘণ্টামান কৰি
পেলাইছিল। মই দেউতাকক বহু
বুজাইছিলোঁসুস্থ দেহ, মন, মগজুৰ বাবে নিদ্ৰাৰ বাবে
নিদ্ৰাৰ প্ৰয়োজন সম্পৰ্কত। এই কথাও বুজাইছিলোঁ বয়স্কৰ তুলনাত কিশোৰ-কিশোৰীয়ে আৰু
বেছি শুব লাগে। তেওঁ বিভিন্ন উদাহৰণ দি মোক ওলোটাই বুজালে। তেওঁ ক
লে— “এডিছনে মাত্ৰ দুঘণ্টা শুইছিল। মহাত্মা গান্ধীয়ে চাৰি ঘণ্টা
শুইছিল। সফলতা পাবলৈ হ
লে নিদ্ৰা জয় কৰিবই
লাগিব।
তেওঁক মই এই কথা
বুজাই দিব নোৱাৰিলোঁ যে এডিছনে দুঘণ্টা শুৱাটো মহাত্মা গান্ধীয়ে চাৰি ঘণ্টা শুৱাটো
ব্যতিক্ৰমহে
, নিয়ম নহয়।
কিশোৰ-কিশোৰীয়ে কিয়
বেছিকৈ
শোৱে?
প্ৰত্যেক অভিভাৱক-অভিভাৱিকা আৰু শিক্ষকে বুজা
উচিত যে কিশোৰ-কিশোৰীৰ টোপনিৰ প্ৰকাৰ আৰু স্বভাৱ বয়স্ক লোকৰ সৈতে একে নহয়।
কিশোৰ-কিশোৰীসকল যেতিয়া দেৰিকৈ বিছনালৈ যায়
, বিছনালৈ গৈ এপৰকৈ কিতাপ মেলি বা মবাইল পিটিকি থাকে আমি ভাবি লোৱা উচিত নহয় যে তেওঁৰ স্বভাৱ
বেয়া হ
ল। তেওঁলোকে যেতিয়া
দেৰিলৈকে
শোৱে, আমি এই সিদ্ধান্ত লোৱা অনুচিত যে তেওঁলোকৰ সময়ানুৰ্তিতা নাই, নিয়মানুৰ্তিতা নাই। আকৌ মাকে
বাৰে বাৰে জগাই থকাৰ পাছতো যেতিয়া তেওঁলোক গেঙেৰি মাৰি শুই পৰে
, আমি এই মন্তব্য দিয়া
উচিত নহয় যে তেওঁলোকে বিপথে গৈছে
,
মাক-দেউতাকৰ
কথা নুশুনে। বৰঞ্চ তেওঁলোকৰ বয়সত নিদ্ৰাৰ প্ৰয়োজন আৰু নিদ্ৰাৰ স্বভাৱৰ বিষয়ে কিছু ভালকৈ
জনাৰহে চেষ্টা কৰিব লাগে। এই কথা আমি প্ৰথমেই মানি লোৱা উচিত যে যদিও নিদ্ৰা আমাৰ
দৈনন্দিন জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ অথচ আমি নিদ্ৰাৰ বিষয়ে বহুত তাকৰ কথাহে
জানো। প্ৰথমে আমি এই বিষয়ে দুই-চাৰি কথা জানি লওঁ।
আমাৰ নিদ্ৰাচক্ৰ মূলতঃ
নিয়ন্ত্ৰিত হয় মেলাটনিন নামৰ এবিধ হ
’ৰম’নৰ
যোগেদি। মগজুত মেলাটনিন নামৰ হ
ম’নবিধ বাঢ়িলে আমি অলস
হওঁ
, আমাৰ টোপনি ধৰে আৰু ই
কমিলে আমি সতেজ অনুভৱ কৰোঁ আৰু আমি সাৰ পাওঁ। এই মেলাটনিন নিঃসৰণ কাৰ্যটো আকৌ
প্ৰভাৱিত হয় দিন-ৰাতি চক্ৰ বা পোহৰ
আন্ধাৰ চক্ৰৰ দ্বাৰা। দিন হোৱাৰ লগে লগে, অৰ্থাৎ পোহৰ হলে মগজুত মেলাটনিন নিঃসৰণ কমি
যায় আৰু ৰাতি হোৱাৰ লগে লগে বা আন্ধাৰ হ
লে মেলাটনিন নিঃসৰণ বাঢ়ি যায়। সন্ধ্যা হোৱাৰ লগে লগে যিহেতু মগজুত মেলাটনিন স্তৰ
বাঢ়ি যায়
, সেয়ে আমি অলস হৈ পৰোঁ আৰু আমাৰ টোপনি ধৰে। সেইদৰে পুৱাৰ পোহৰৰ লগে লগে মেলানিন স্তৰ কমিবলৈ
আৰম্ভ কৰে। মুঠৰ ওপৰত এই কথা স্পষ্ট যে পোহৰ-আন্ধাৰৰ ওপৰত মেলাটনিন নিঃসৰণ
কাৰবাৰটো নিৰ্ভৰ কৰে।
এতিয়া কথা হ
বয়স্ক, শিশু, কিশোৰ-কিশোৰীসকলোৰে ক্ষেত্ৰত টোপনিৰ স্বভাৱটো একেনে? বা আন কথাত সকলোৰে ক্ষেত্ৰত মেলাটনিন নিঃসৰণ পক্ৰিয়াটো
একেনে
? উত্তৰ হএকে নহয়। যিহেতু সকলোৰে ক্ষেত্ৰত মেলাটনিন নিঃসৰণ
প্ৰক্ৰিয়াৰ স্বভাৱ বেলেগ বেলেগ
, সেয়েহে টোপনিৰ স্বভাৱতো গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। আমি এই লেখাত এতিয়া
বিশেষকৈ কিশোৰ-কিশোৰীৰ মেলাটনিন নিঃসৰণ প্ৰক্ৰিয়াৰ বিষয়েহে চাম। চাওঁচোন
, কিশোৰ-কিশোৰীৰ মগজু, শৰীৰত মেলাটনিন নিঃসৰণৰ
কাৰবাৰটো কেনেকুৱা। মগজুৰ বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে বয়স্ক লোকৰ তুলনাত
কিশোৰ-কিশোৰীৰ মেলাটনিন নিঃসৰণ প্ৰায় দুঘণ্টা পলম হয়। আকৌ কিশোৰ-কিশোৰীৰ মগজুত এই
মেলাটনিনৰ স্থা
য়িত্বও
বয়স্ক লোকৰ তুলনাত বেছি। যিহেতু মেলাটনিন নিঃসৰণ দেৰি হয়
, সেইবাবে কিশোৰ-কিশোৰীসকলক
সোনকালে বিছনালৈ নিবলৈ কষ্ট হয়। আকৌ যিহেতু পুৱা দেৰিলৈকে তেওঁলোকৰ মগজুত মেলাটনিনৰ
প্ৰভাৱ থাকি যায় সেয়েহে তেওঁলোকক পুৱা শুৱাৰ পৰা উঠাবলৈ কষ্ট হয়। কিশোৰ-কিশোৰীক
পুৱা
শোৱাৰ পৰা উঠাই দিয়াৰ পাছতো নিচাসক্ত মানুহৰ নিচিনা ঢলং-পলং কৰি ফুৰে। আনহাতে
কিশোৰ-কিশোৰীৰ তুলনাত বয়স্কসকলে তেনে অনুভৱ নকৰে। মুঠৰ ওপৰত কথা হ
বয়স্ক আৰু কিশোৰ-কিশোৰীৰ জৈৱিক ঘড়ীৰ কাঁটা বেলেগ  বেলেগ ধৰণেৰে চলে। তাক একে কৰিবলৈ টান আৰু কৰিব
বিচৰাটো অপ্ৰাকৃতিক।
এতিয়া মেলাটনিন নিঃসৰণ সম্পৰ্কত আন এটা
কথালৈ
আহোঁ। আগতেই কৈছোঁ যে মেলাটনিন স্তৰ প্ৰভাৱিত হয় পোহৰ-আন্ধাৰ চক্ৰৰ দ্বাৰা। এই
মেলা
নিন
স্তৰ স্বাভাৱিক পোহৰ (বেলিৰ পোহৰ) আৰু কৃত্ৰিম পোহৰ (বিজুলী বাতিৰ পোহৰ
, বাইল, কম্পিউটাৰ স্ক্ৰীনৰ পোহৰ) সকলোৰে প্ৰতি সংবেদনশীল। যদিহে
বেলিৰ পোহৰ যোৱাৰ পাছতো আমি ম
বাইল,
কম্পিউটাৰত
কাম কৰোঁ
,
সেই পোহৰে আমাৰ মেলাটনিন নিঃসৰণ দবাই ৰাখে। কথা হ
ল আজিকালি আমাৰ প্ৰায়ভাগ কিশোৰ-কিশোৰীয়েই বিছনালৈ যোৱাৰ
পূৰ্বে এনে ধৰণৰ কৃত্ৰিম পোহৰৰ প্ৰভাৱত থাকে। তেওঁলোকে দেৰিলৈকে লেপ্‌টপত কাম কৰে
, বাইল ব্যৱহাৰ কৰে বা টিভি
চায়। ফলত এনেও দেৰিকৈ নিঃসৰণ হোৱা মেলাটনিন আৰু দেৰি হৈ যায়। ফলত টোপনি দেৰি হয়।
আজিকালি কলেজ-বিশ্ববিদ্যালয়ৰ পঢ়া আৰু ভাৰাঘৰ বা হ
ষ্টেলত থকা সৰহভাগ
ছাত্ৰ-ছাত্ৰীয়েই প্ৰায় গোটেই নিশা উজাগৰে থাকে।
পাছনিশা কোনোমতেহে শোৱে‍ আৰু ন-দহ বজাৰ ক্লাছ
কৰিবলৈ কোনোমতে ল
ৰি-ঢাপৰি আহে। মুঠতে
মগজুৰ বিজ্ঞানীসকলে প্ৰমাণ কৰা কথাটো হ
ল কৃত্ৰিম পোহৰ আমাৰ বিলম্বিত টোপনিৰ প্ৰধান কাৰণ।
এই কথাখিনি কোৱাৰ পাছত আপোনাক
নিশ্চয় আৰু কোৱাৰ দৰকাৰ নাই যে কিশোৰ-কিশোৰীয়ে কিয় ইমান
শোৱে। কিয় দেৰিলৈকে শোৱেপঢ়ুৱৈ‍বন্ধু, মনত ৰাখিব যে টোপনি কোনো বিলাস নহয়। সুস্থ, সক্ষম মন,
মগজু
আৰু শৰীৰ এটাৰ বাবে যথাযথ টোপনি আৰু বিশ্ৰাম অত্যাৱশ্যকীয়। সেয়েহে আমি নিজৰ লগতে
কিশোৰ-কিশোৰীৰ নিদ্ৰাচক্ৰও বুজি পোৱা দৰকাৰ। যদিহে আমি বয়স্কসকলে আমাৰ সময়ৰ হিচাপত
তেওঁলোকক শুবলৈ আৰু উঠিবলৈ দিওঁ
, ই বিভিন্ন ধৰণৰ নিদ্ৰাৰোগৰহে বিকাশ কৰিব। মই এনে বহু
কিশোৰ-কিশোৰী

লগত কথা পাতিছোঁ
,
যিসকলৰ স্বভাৱ খেংখেঙীয়া
, খং  বেছি, আক্ৰোশী, মনোযোগৰ পৰিসৰ কম, মনত ৰখা শক্তি কম ইত্যাদি। মই
তেওঁলোকৰ লগত কথা পাতি এই কথাত পতিয়ন
গৈছোঁ যে এইবিলাকৰ বেছিভাগৰে কাৰণ টোপনিৰ ঘাটি বা
অসম্পূৰ্ণ টোপনি। ইমান সময় কিশোৰ-কিশোৰীৰ টোৱপনি কিহৰ দ্বাৰা কেনেকৈ প্ৰভাৱিত হয়
, সেই কথা পাতিলোঁ।
এতিয়া তেওঁলোকৰ বাবে টোপনিৰ প্ৰয়োজনীয়তা
সম্পৰ্কত দুটামান কথা কম।
কিশোৰ-কিশোৰীসকল কিয়
বেছিকৈ শুব লাগে
?
কিশোৰ-কিশোৰীসকলে আমাতকৈ বা
বয়স্কসকলতকৈ বেছিকৈ শুব লাগে
; কাৰণ তেওঁলোকৰ মগজুটো আমাতকৈ বেছি সক্ৰিয় থাকিব লাগে। এই
বয়সতে আনুষ্ঠানিক শিক্ষাৰ আটাইতকৈ দৰকাৰী আৰু বহল স্তৰবিলাকত তেওঁলোক উপনীত হয়। এই
সময়ত তেওঁলোকে বহু কথা দ্ৰুতভাৱে আৰু গভীৰতালৈ শিকিবল
গীয়া হয়। ফলত তেওঁলোকৰ মগজুৱে
বেছি নিদ্ৰা দাবী কৰে। নিদ্ৰা কেৱল দিনটোৰ কঠোৰ পৰিশ্ৰম
, অধ্যয়ন আলৰু ব্যস্ততাৰ পাছত শৰীৰক দিয়া জিৰণি নহয়। বা
পূৰ্বতে কোৱাৰ দৰে ইবিলাকো নহয়। বৰঞ্চ দিনটোৰ অভিজ্ঞতাবোৰ সংগঠিত
, সজ্জিত আৰু সঞ্চয় কৰি ৰখাৰ ই
প্ৰধান সহায়ক। টোপনিৰ সহায়ত আমি দিনটোৰ শিক্ষা আৰু স্মৃতিবোৰ মগজুত সুদৃঢ় কৰোঁ।
টোপনিয়ে শিকন সক্ষমতা বঢ়ায়। এই সম্পৰ্কত আমি দুটামান গৱেষণাৰ কথা পাতি লওঁ।
এদল গৱেষকে অঙ্গ সঞ্চালন
সম্পৰ্কীয় শিকনৰ ক্ষেত্ৰত টোপনিৰ প্ৰভাৱ অধ্যয়ন কৰিছিল। তেওঁলোকে এই গৱেষণা
চলাইছিল এদল পিয়ান
বাদকৰ ক্ষেত্ৰত। পিয়ানো বজোৱাৰ সময়ত গৱেষকসকলে এই পিয়ানবাদকসকলৰ মগজু স্কেন
কৰিছিল

গৱেষণাটোৱে
দেখুৱালে যে যি সকল পিয়ান
বাদকে পিয়ান শ্ৰেণীৰ পাছতেই শুবলৈ যায়, তেওঁলোকৰ আঙুলি সঞ্চালন
যিমান শুদ্ধ হয়
,
শুবলৈ নোযোৱাসলকৰ সিমান শুদ্ধ নহয়। গৱেষণাটোৱে প্ৰমাণ কৰিলে যে নিদ্ৰাই শিকন অধিক শক্তিশালী
আৰু নিৰ্ভুল কৰে। এটা গৱেষ
ণাত (ব্লেকম, এছ.জে. ২০১৮) এদল
স্বেচ্ছাসেৱকক এটা জটিল কাম কৰিবলৈ দিয়া হৈছিল আৰু কামৰ সময়ত তেওঁলোকৰ মগজুৰ
কাৰ্য-প্ৰক্ৰিয়াৰ স্কেন কৰা হৈছিল। ৰাতি
শোওঁতেও স্বেচ্ছাসেৱক দলটোৰ মগজু স্কেন
কৰা হৈছিল। এই স্কেনত ধৰা পৰিছিল যে দিনৰ কামৰ সময়ত স্বেচ্ছাসেৱক
দলটোৰ মগজুৰ যিবোৰ
অংশ সক্ৰিয় আছিল
,
ৰাতি
শোওঁতেও তেওঁলোকৰ একেকেইটা অংশই সক্ৰিয় দেখা গল। অৰ্থাৎ দিনৰ কামৰ সময়ত সক্ৰিয় হোৱা অংশকেইটা ৰাতি শোওঁতেও তেওঁলোকৰ একেকেইটা
অংশই সক্ৰিয় দেখা গ
ল। অৰ্থাৎ দিনৰ কামৰ
সময়ত সক্ৰিয় হোৱা অংশকেইটা ৰাতি
শোওঁতেও পুনৰ সক্ৰিয় কৰিলে। এতিয়া মই আন এটা গৱেষণাৰ কথা কওঁ। এইটো
আমেৰিকাত কৰা হৈছিল আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ওপৰত চলোৱা হৈছিল। গৱেষণাটোৱে
দেখুৱাইছে যে পুৱা সোনকালে (৭.৩০
) পাঠদান আৰম্ভ হোৱা বিদ্যালয়বোৰতকৈ ৭০ মিনিট দেৰিকৈ  (৮.৪০) পাঠদান আৰম্ভ হোৱা বিদ্যালয়বোৰৰ
ছাত্ৰ-ছাত্ৰীৰ ফলাফল ভাল। দেৰিকৈ পাঠদান আৰম্ভ হোৱাৰ বাবে তেনে বিদ্যালয়বোৰত
ছাত্ৰ-ছাত্ৰীৰ টোপনি ভাল হয়। পুৱা কিছু দেৰিকৈ পাঠদান আৰম্ভ কৰাটোৱে ছাত্ৰ-ছাত্ৰীৰ
ফলাফল ভাল কৰাটো আন বহু গৱেষ
ণাতো প্ৰমাণিত হৈছে।
মগজুৰ ওপৰত কৰা বিভিন্ন
গৱেষণাই প্ৰমাণ কৰিলে যে শোৱাৰ সময়ত আমাৰ মগজু
পূৰাদমে সক্ৰিয় হৈ থাকে। যিটো
কথা শৰীৰৰ আন অংগবিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। অৰ্থাৎ নিদ্ৰাৰ সময়ত আমাৰ শৰীৰৰ আন
অংগ-প্ৰত্যংগবোৰ নিষ্ক্ৰিয় অৱস্থাত থাকে
, কিন্তু মগজু নাথাকে। যিটো আমাৰ পৰম্পৰাগত ধাৰণাৰ একেবাৰে ওলোটা। এই
ক্ষেত্ৰত মোৰ স্মৃতিৰ পৰা পাঠকক এটা উদাহৰণ দিব বিচাৰিছোঁ। স্কুল
পঢ়ি থকা কালছোৱাত
আমাৰ
সাঁতোৰাৰ বৰ চখ আছিল। কাষৰে নিচাদেউহঁতৰ পুখুৰীত বাৰিষা কালত স্কুলৰ পৰা আহিয়েই আমি
পাৰোঁ মানে সাতোঁৰো।
সাতোঁৰৰ ন-শিকাৰুবোৰক মই
সাঁতোৰাৰ টিপ্‌ছবোৰো শিকাওঁ। এবাৰ এজনক সাঁতোৰ শিকাবলৈ ল’লোঁ। কিন্তু শিকাইছোঁহে শিকাইছোঁ, সি পানীত পঙিবকে নোৱাৰে। বহু
পৰ তাৰ লগত লাগি হায়ৰাণ হৈ
গ’লোঁ। দুইতিনি দিন লাগিলোঁ। কিন্তু সি সাঁতুৰিব নোৱাৰিলে। এদিন
গধূলিলৈকে তাক
সাঁতোৰ শিকোৱাত লাগিলোঁ। তথাপি নহলগৈ। পাছদিনা আকৌ তাক মাতি
সেইদিনালৈ বিদায় দিলোঁ।
পাছদিনা সি যথাসময়ত আহিল। কিন্তু কি আচৰিত! পুখুৰীত নামিয়েই সি
পানীত
পঙিব
পৰা হ
ল আৰু মোটামুটি সাঁতুৰিব পৰা হল। কিন্তু কালি শেষৰবাৰ সাঁতোৰোঁতেতো সি পৰা নাছিল। তেন্তে? সি ৰাতি কৰবাত অনুশীলন কৰিলে নেকি? কথাটোৱে মুহূৰ্তৰ কাৰণে মোক
কৌতূহলী কৰি তুলিছিল। অৱশ্যে
পাছলৈ মই সেই কথা পাহৰি গ’লোঁ। কিন্তু মগজুৰ বিজ্ঞান
অধ্যয়ন কৰি যেতিয়া গম
পালোঁ যে টোপনিয়ে শিকা কথাবোৰ সংগঠিত কৰে, যেতিয়া গম পালোঁ টোপনিতো মগজু সক্ৰিয়
আৰু ব্যস্ত থাকি নিজৰ কাম কৰি থাকে
, তেতিয়া মোৰ বুজিবলৈ বাকী নাথাকিল৷ পাছদিনা সি সাঁতুৰিব পৰা ঘটনাটো
কেনেদৰে ঘটিল।
পঢ়ুৱৈ বন্ধু,  আপোনাৰো এতিয়া কথাষাৰ বুজাত অসুবিধা হোৱা নাই
নিশ্চয়
?
কিশোৰ-কিশোৰীসকলে কিয়
টোপনি
ক্ষতি কৰিব নালাগে?
আমাৰ দেশখন এখন অকাৰণতে টোপনি
ক্ষতি কৰা দেশ। তাৰ প্ৰধান কাৰণ হৈছে টোপনিৰ প্ৰকৃতি
, স্বভাৱ আৰু প্ৰয়োজনীয়তা সৰ্ম্পকত বয়স্কসকলৰ অজ্ঞতা। আগতেও
কৈছোঁ আমাৰ বহু মাক-দেউতাকে
,
শিক্ষকে
ৰা-ছোৱালী নুশুলেও ভালহে পায়।
শোৱাৰ পৰা সময় ছান কাঢ়ি পঢ়াত লগাবৰ বাবে তেওঁলোক এক প্ৰকাৰৰ উদ্বাউল হৈ থাকে। বহু
মাক-দেউতাকে মাজনিশাতে ল
ৰা-ছোৱালীক শোৱাৰ পৰা উঠাই পঢ়িবলৈ
লগায়। টোপনি
বিশেষজ্ঞ
আৰু মগজুৰ বিজ্ঞানীসকলৰ মতে কিশোৰ-কিশোৰীসকল বয়স্কসকলতকৈ প্ৰায় ২ ঘণ্টা ৪৫ মিনিট
দেৰিকৈ
শু
উঠিব লাগে। ব্ৰাউন বিশ্ববিদ্যালয়ৰ এগৰাকী নেতৃস্থানীয় টোপনি
গৱেষক মেৰি‍ কাৰ্ছকাদনৰ মতে
কিশোৰ-কিশোৰীৰ মগজু এটাই প্ৰতি নিশাই প্ৰায় ছাৰে ন ঘণ্টা টোপনি দাবী কৰে। কিন্তু
পঢ়ুৱৈ বন্ধু, কওকচোন আমাৰ মুলুকত
ত আমি কিশোৰ-কিশোৰীসকলক ছাৰে
ন বা দহ ঘণ্টা শুবলৈ সুবিধা বা অনুমতি দিছোঁ
? আমাৰ ৰাজ্যখন সেই ফালৰ পৰা
এখন সাংঘাতিক টোপনি ঘাটি থকা ৰাজ্য। এই টোপনিৰ ঘাটি আৰু অপৰিপূৰ্ণতাই আমাৰ
কিশোৰ-কিশোৰীসকলক বহু ফালৰ পৰা অসম্পূৰ্ণ আৰু বিকাৰগ্ৰস্ত কৰি তুলিছে। এনে টোপনিৰ
ঘাটিয়ে তেওঁলোকক কি অপকাৰ কৰিব পাৰে
, সেই বিষয়ে দুআষাৰ কথা সদ্যহতে পাতি লওঁ।
পঢ়ুৱৈ বন্ধু, টোপনিৰ পৰা বঞ্চিত
কৰা কথাটো মামুলি বা সাধাৰণ কথা হিচাপে লোৱাটো অনুচিত। মগজুৰ অধ্যয়নে প্ৰমাণ কৰিলে
যে মানুহ টোপনিৰ পৰা বঞ্চিত হ
লে মগজুৰ যিটো অংশ
আটাইতকৈ বেছি নষ্ট হয়
, সেইটো হল প্ৰিফ্ৰণ্টেকৰ্টেক্স (Prefrontal Cortex) মগজুৰ যিটো অংশই আমাৰ
আৱগ নিয়ন্ত্ৰণ, সমস্যা সমাধান, ভৱিষ্য পৰিকল্পনা আদিৰ দৰে
দৰকাৰী আৰু কাৰ্যকৰী কৰ্মবোৰ নিয়ন্ত্ৰণ কৰে। যিটো অংশই আমাৰ আত্মনিয়ন্ত্ৰণ আৰু
আত্মানুশাসন পৰিচালিত কৰে। যিটো অংশ আকৌ কৈশোৰ কালত বিকাশ আৰু গাঁ
নিৰ পৰ্যায়ত থাকে। এই
বয়সত টোপনি ক্ষতি কৰা মানে ঘৰৰ ইটা গাঁ
থি থাকোঁতেই গুৰিয়াই ইটা খহাই থকাৰ নিচিনা হয়। অৰ্থাৎ টোপনিৰ
ঘাটিয়ে কিশোৰ-কিশোৰীৰ মগজুৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো গঠনত বাধাৰ সৃষ্টি কৰে।
টোপনিৰ পৰা বঞ্চিত হলে কৰ্টিল (Cortisol) নামৰ হ’ৰমনবিধৰ
নিঃসৰণ বৃদ্ধি পায়। ই এবিধ স্ক্ৰেছ্ হ
’ৰন।
মগজু বা শৰীৰত ইয়াৰ বৃদ্ধিয়ে পোনপটীয়াকৈ মানুহক বিমৰ্ষ হোৱাত অৰিহণা যোগায়। টোপনিৰ
ঘাটিয়ে মানুহৰ সক্ৰিয়তা কমায়। টোপনি ক্ষতি কৰি মটৰচাইকেল
, গাড়ী আদি চলোৱা বহু মানুহক আমি সততে অসক্ৰিয় দেখোঁ। বহু
কিশোৰে মটৰচাইকেল চলাওঁতে সক্ৰিয়তা আৰু মনোযোগৰ অভাৱত দুৰ্ঘটনাত পতিত হোৱা আমি
দেখিছোঁ

এনে দুৰ্ঘটনাৰ লগত টোপনিৰ ঘাটিৰ পোনপটীয়া সম্পৰ্ক আছে। আধুনিক গৱেষণাই দেখুৱাইছে
যে টোপনি ক্ষতিয়ে শৰীৰত শৰ্কৰা
পৰিমাণ নিয়ন্ত্ৰণ ব্যাঘাত জন্মায়। ফলত অধিক
টোপনিৰ ঘাটিয়ে বিশেষকৈ কিশোৰ-কিশোৰীৰ শৰীৰত মেদবহুলতাৰ সমস্যা বঢ়ায়।
মাক-দেউতাক, শিক্ষকে কি কৰিব পাৰে?
আগতেই কৈছোঁ যে টোপনি আমাৰ মগজু আৰু
শৰীৰৰ বাবে অতি দৰকাৰী।। টোপনি জীৱনৰ এটা ডাঙৰ অংশ। অথচ আমি টোপনিৰ বিষয়ে খু
তাকৰ কথা জানো।
সন্তানৰ মন-মগজু ঠিকে ৰাখিবৰ বাবে বা সঠিক
ভাৱে‍ বিকাশ কৰিবৰ বাবে আমি আন
কিছুমান কথাৰ লগতে টোপনিৰ বিষয়েও সঠিককৈ কিছু কথা জনা দৰকাৰ। তেতিয়াহে আমি সন্তানৰ
বাবে প্ৰয়োজন অনুসৰি যথাযথভাৱে টোপনিৰ ব্যৱস্থা কৰি দিব পাৰিম। সি যি কি নহওক এই
ক্ষেত্ৰত অভিভাৱক আৰু শিক্ষকে ল
ব পৰা দুটামান
ব্যৱস্থাৰ কথা উনুকিয়াই যাওঁ। প্ৰথম কথা
কিশোৰকিশোৰীৰ
শৰীৰত যাতে যথা সময়ত যথেষ্ট পৰিমাণৰ টোপনিৰ
হ’ৰম’ন বা মেলানিন নিঃসৰণ হয় আৰু
ব্যৱ
হৃতও
হয়
, তাৰ প্ৰতি আমি সজাগ
ব লাগিব। টিভি, বাইল, ম্প্যুটাৰ, ভিডিঅ’ গেম আদি ন বজাৰ লগে লগে বন্ধ কৰি দিয়াৰ এটা অভ্যাস ঘৰখনত গঢ়
দিব লাগিব। পাৰিলে তাতকৈ আগত ন বজাৰ পাছত কেফেইনযুক্ত খাদ্য যেনে চাহ
, কফি আদি ব্যৱহাৰ নোহোৱাৰ এটা
পৰিৱেশ ঘৰখনত গঢ় দিব লাগিব। কিশোৰ-কিশোৰীসকলে টোপনি নধৰাৰ অজুহাত দেখুৱাই মধ্য
ৰাতিলৈকে চে
লফন বা কম্প্যুটাৰ ব্যৱহাৰ কৰাটো
নিয়ন্ত্ৰণ কৰিব লাগিব। বিপৰীতে ভাল লগা কিতাপ এখন মনে মনে পঢ়ি বা মৃদু সংগীত শুনি
টোপনি যোৱাৰ এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। তথাপি তেওঁলোক এঘাৰ-বাৰ বজালৈ নুশুব
পাৰে। কোনো কথা নাই। ৰাতি এক-দুই বজালৈ সাৰ পাই থকাতকৈ ই যথেষ্ট ভাল কথা।
বন্ধ বাৰত তেওঁলোকে জোখতকৈ বা
দৈনন্দিন ৰুটিনতকৈ বেছি দেৰিলৈ শুবলৈ ইচ্ছা কৰে। আমি ডাঙৰবোৰে কথাটো বৰ সহজকৈ ল
নোৱাৰোঁ। কিন্তু মই কওঁ যে‍ দেওবাৰটোত বা আন
বন্ধ দিনত আপুনি তেওঁলোকৰ প্ৰতি কিছু সহনশীল হওক আৰু তেওঁলোকৰ দৈনন্দিন ৰুটিনতকৈ
কিছু দেৰিলৈকে শুবলৈ অনুমতি দিয়ক। তেনেকুৱা এটা দিনত আনকি আঠ-ন বজালৈ শুই থকাটোতো
মই কোনো অসুবিধা নেদেখোঁ। কিন্তু চাব যাতে আবেলিলৈকে শুই নাথাকে। তেনে কৰিলে
হিতে বিপৰীতহে হব।
বিদ্যালয়ৰ পৰা ঘূৰি অহাৰ পাছত
অভিভাৱকসকলে তেওঁলোকৰ গধূলি কৰিবলগা কামৰ খতিয়ান লওক। অতিৰিক্ত কাম থাকিলে কামৰ
বোজা কমাই বেলেগ সময়লৈকে ৰাখক। টোপনি ক্ষতি কৰি হ
লেও আজিয়েই কৰিব লাগিব ধৰণৰ ধাৰণাবোৰ এৰি পেলাওক। ৯.০০, ৯.৩০ বজাৰ ভিতৰত যাতে
বিদ্যালয়ৰ পৰা দিয়া সকলো গৃহকৰ্ম বা আন সান্ধ্যকৰ্ম সমাপ্ত হয়
, তেনেদৰে পৰিকল্পনা
কৰি দিয়ক। শিক্ষকসকলেও বিদ্যালয়ত পৰিকল্পনা কৰি সিমান পৰিমা
ৰ গৃহকৰ্মহে দিয়া
উচিত যিখিনি অন্ততঃ সন্ধ্যা ন বজাৰ আগত কৰি শেষ কৰিব পাৰি। শোৱাৰ সময়ত
কিশোৰ-কিশোৰীসকলৰ
ৰুমত যাতে খুব উজ্জ্বল লাইট জ্বলি নাথাকে, তাৰ প্ৰতি চকু ৰাখক।
এনে পোহৰে টোপনিত ব্যাঘাত জন্মায়। বিছনাত পৰি কিশোৰ-কিশোৰীসকলে যাতে আকৌ
ম’বাইলটো বা
টিভিটো  অন কৰি ল
ব নোৱাৰে, তাৰ ব্যৱস্থা কৰক। মনত ৰাখিব বিছনাখন শুবৰ বাবে, টোপনি যাবৰ বাবেহে। তাৰ লগত খোৱা,  টিভি চোৱা আদি কামবোৰ
সংযুক্ত নকৰিব। ঘৰখ
ত এই অভ্যাস গঢ়ি তোলক
যে বিছনালৈ যোৱা মানে
শোৱা,
টোপনি
যোৱা
, টোপনিৰ চেষ্টা কৰা।
বিছনালৈ যোৱাৰ আগতে কোনো কাৰণত তেওঁলোকক খং নকৰিব। গালি নাপাৰিব। কিব ক
বলগা থাকিলে আন সময়তো কব পাৰিব। ই তেওঁলোকৰ টোপনিত
ব্যাঘাত জন্মায়। লগতে আপোনাৰো।
আজিকালি আগৰ তুলনাত আমাৰ শোৱাৰ সময় বহু পিছুৱাই গল। কিন্তু তাৰ লগত সংগতি ৰাখি
অ’ফিচটাইম বা স্কুলটাইম আদি পিছুৱাই
যোৱা নাই। ফ
লত
আমি দেৰিকৈ শুই সোনকালে উঠিবলগা হয়। মই বিশ্ববিদ্যালয়তে দেখিছোঁ
যে‍ বহু ছাত্ৰ-ছাত্ৰীয়ে
বহু কষ্ট কৰি কোনোমতেহে ন বা চাৰে ন বজাৰ ক্লাছলৈ আহে। বহুতেই কোনোমতেই যথা সময়ত
ক্লাছলৈ অহাটো মিলাব নোৱাৰে। বহুতে পুৱাৰ আহাৰ বাদ দিবলগা হয়। ফলত বেলেগ কিছুমান
সমস্যা গা
কৰি উঠিছে। গতিকে শোৱাৰ সময়ৰ লগত মিলাই আধুনিক অনুষ্ঠানবিলাকে আৰম্ভণি সময়ৰ কথাটো
পুনৰ বিবেচনা কৰিব পাৰে যেন মোৰ অনুভৱ হয়। চৰকাৰেও কথাটো ভাবিব পাৰে
, যিবোৰ ব্যক্তিগত
বিদ্যালয় তেওঁলোকে খুব সোনকালে বিদ্যালয় আৰম্ভ নকৰি পাঠদানৰ সময় কিছু পিছুৱাই
কিশোৰ-কিশোৰীসকলক শুবৰ বাবে অলপ সময় উলিয়াই দিব পাৰে।