ওভতনি সময়ৰ খোজ

 আশাদীপা
শইকীয়া

 

“মোক্ষ ৰূপে তযু বাক্যমৃত         কৃপায়ে সিঞ্চিয়া পতিনিত।

            দয়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ৷”

 চকুহাল মুদি বিছনাখনতে
বহি গুণগুণাই গাই থকা ঘোষাফাঁকি শেষ কৰিছিল নন্দিনী হাজৰিকাই। চকুহাল মেলি তেওঁ থকা ক
ভিড কেয়াৰ চেণ্টাৰটোৰ চাৰিওফালে লক্ষ্য কৰিলে। দুই-এজনৰ বাদে
প্ৰায়খিনি মুখ তেওঁলোকৰ নামৰ সৈতে এই দুদিনতে চিনাকি হৈ পৰিছে নন্দিনীৰ। দুদিনৰ আগলৈকে
অচিনাকি মানুহবোৰ ইজন-সিজনৰ আপোন হৈ পৰিছে। দুজনে বিছনাতে বহি লুডু খেলিছে
,
বিনোদ আৰু প্ৰজ্ঞান নামৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ দুজন, মিহিৰ চৌধুৰী বোলা ষাঠিৰ উৰ্ধ্বৰ অৱসৰপ্ৰাপ্ত অধ্যাপকজন আৰু গেলামালৰ দোকানী
প্ৰভাস কলিতা
, উকীল ময়ূৰী কাকতিয়ে নন্দিনীৰ বিছনাৰ পৰা অলপ
আঁতৰত আড্ডা দিছে। আড্ডাত এই কেইদিনৰ ৰাজনীতিৰ কথা
, ৰনা বিষয়ক পৰিস্থিতি লৈ সামান্য তৰ্কাতৰ্কিও হৈছে তেওঁলোকৰ মাজত। অসমৰ আটাইতকৈ
শক্তিশালী ছাত্ৰ সংগঠনটোৱে ৰাজনৈতিক দল খোলাটোৱে ৰাজ্যখনৰ ৰাজনীতিত কি প্রভাৱ পেলাব..
৮৫-ত এনেদৰেই ছাত্ৰ সংগঠনৰ পৰা গঠন হোৱা আৰু বৰ্তমান কোনো অস্তিত্ব নথকা পূৰ্বৰ দলটোৰ
দৰে অৱস্থা এই দলটোৰো হ
ব নেকি.. মানুহে বিশ্বাসত লব জানো নতুন দলটোক?? কৃষক নেতাজনৰ আহ্বান কিয় নুশুনিলে
তেওঁলোকে
, ইত্যাদি বিষয়ৰ কথাৰে ভৰি পৰিছে আড্ডাথলী। মাজে মাজে
বাইলত “নিউজ ৱেব পৰ্টেল” বোৰৰ বাতৰি চাই কৰনাৰ নামত হোৱা সাধাৰণ
মানুহৰ লটি-ঘটি
, ডাক্তৰৰ অৱহেলাত মৃত্যু হোৱা ৰোগী, মহামাৰীক লৈও হোৱা ৰাজনীতিৰ কথায়ো উত্তাল কৰি তুলিছে আড্ডা। নন্দিনীয়ে সকলোৰে যুক্তিবোৰ
শুনি থাকিল দূৰৰপৰাই। এৰা
, সিদিনালৈকে মুক্ত আকাশৰ তলত নিৰ্ভয়ে
ঘূৰি ফুৰা মানুহবোৰক এই মহামাৰীয়ে চেপি-খুন্দি ঘৰৰ ভিতৰত সুমুৱাই ৰাখিলে। এচাম খাটি
খোৱা মানুহৰ কঁকাল ভাঙি দিলে উঠিব নোৱৰাকৈ। আপোনজন এই পৃথিৱীৰ পৰা হেৰাই গ
লেও শেষবাৰৰ বাবে তেওঁক সাবটি ধৰি কান্দিবলৈও মানুহৰ অধিকাৰ নোহোৱা হল। আৰু বা কিমান দিন মানুহে কটাব লাগিব এই ৰংহীন পৃথিৱীত … 

নন্দিনীৰ পৰা মাজত এখন বিছনা
এৰি নমিতা বোলা ঊনৈছ বছৰীয়া ছোৱালীজনীয়ে শুই শুই ফোনত খুব সৰু-সৰুকৈ কথা পাতিছে।
তাইৰ মুখখনত দূৰৰ পৰাই সন্তুষ্টিৰ আভা বিয়পি পৰা দেখিছে নন্দিনীয়ে..সামান্য লাজো
বিয়পি পৰিছে যেন দুচকুত। এই বয়সত মুখৰ এই ৰঙীন আভাৰ অৰ্থ কি
,নন্দিনীয়ে
জানে। এনে কিমান মধুৰ মুহূৰ্ত ভৰি আছিল নন্দিনীৰ ঊনৈছ-বিছ বছৰ বয়সত। অৱশ্যে
,
তেতিয়া ম
বাইল ফোনৰ সলনি চিঠিৰ আদান-প্ৰদান আছিল তেতিয়া। গোপনে। হাতৰ টিপতে দিয়া চিঠিখন
পঢ়িবলৈ থকা হেঁপাহ আজিৰ ইথাৰৰ পৰা খন্তেকতে বিয়পি পৰা মাতষাৰত থাকে নে নাথাকে নন্দিনীয়ে
নাজানে। জানিবলৈ ইচ্ছাও নকৰে। বুকুত এটুকুৰা নুশুকুৱা ঘা লৈ প্ৰেম নামৰ শব্দটোক
চিৰদিনৰ বাবে আজিৰ পৰা প্ৰায় পঁয়ত্ৰিছ বছৰৰ আগতেই কবৰ দিছিল তেওঁ।

বাইদেউচাহ খাব?”

মানসী দিহিঙীয়া
বোলা মানুহগৰাকীৰ মাতত নন্দিনী বাস্তৱলৈ ঘূৰি আহিল। কিবোৰ যে ভাবি আছে তেওঁ.. এইবোৰ
স্মৃতি এই বয়সত মনলৈ অহাটোৱেই অৰ্থহীন। নন্দিনীয়ে খৰধৰকৈ উত্তৰ দিলে
 

হয়, একাপ খাব
পাৰি। দিছে নেকি চাহ
?”

বাহিৰত খাই
আছে সকলোৱে। ব
লক, আমিও খাই
হোঁ।”

মানসীৰ লগতে নন্দিনীয়েও
বাহিৰলৈ খোজ দিলে।
 

ছিনিয়ৰ এগৰাকীৰ
মুখত নিজৰ নামটো শুনি স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী নন্দিনীৰ বুকুখন কঁপি উঠিল। দুচকু পানীৰে
উপচাই বান্ধৱী লতিকা কোঠাৰ পৰা ইতিমধ্যে বাহিৰলৈ গৈছিল। নন্দিনী আৰু
 লতিকা দুয়োজনী
একেখন গাঁৱৰ পৰা আহি অসমৰ আটাইতকৈ পুৰণি আৰু শ্ৰেষ্ঠ কলেজখনত মেধাৰ ভিত্তিত স্থান পাই
নামভৰ্তি কৰিছে। নগৰৰ আৱহাৱা তেতিয়ালৈকে একোৱেই বুজি নুঠা দুজনী ছোৱালী। আজি কলেজত
সোমাওঁতেই সিহঁত দুজনীৰ লগতে আৰু চাৰিজনী ছোৱালীক ছিনিয়ৰে মাতি পঠালে এটা বিশেষ কোঠালৈ। 

… সেই সময়ত ৰেগিং’ বোলা শব্দটোৰ প্ৰচলন তেনেকৈ নাছিল যদিও সিহঁতৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছিল।…

লতিকাইতো
সৰু কথা এটাতে কান্দিয়েই পেলালে। এতিয়া তাইৰ নামটো শুনি ক্ষন্তেক ৰৈ থকা ঠাইতে থৰ হৈ
থাকি তাই লাহে লাহে আগ বাঢ়ি গ
ল ছিনিয়ৰৰ সন্মুখলৈ। উফৰি আহিছে ইটোৰ
পাছত সিটো প্ৰশ্ন। নম্ৰতাৰে উত্তৰ বোৰ দিয়াৰ পাছত পিছফালৰ পৰা মাত এটা ভীহি আহিল

: গান লাগেগান। কথাৰে
পেট নভৰে আমাৰ। 

নন্দিনীয়ে আজিলৈকে
সন্ধিয়া থাপনাৰ ওচৰত মাকৰ লগত গোৱা প্ৰাৰ্থনাৰ বাহিৰে আন গান গাই পোৱা নাছিল। আবৃত্তি
, তৰ্ক এইবোৰত
হে তাইৰ চখ আছিল। সেয়ে বিনম্ৰতাৰে কথাটো জনাওঁতে ছিনিয়ৰবোৰ গৰজি উঠিল
 

: আমি ভাৰত
ৰত্ন নিদিওঁ নহয়
, যি জানা তাকে গোৱাঁ।

পৰজনমৰ শুভ
লগনত…” বুলি গাবলৈ আৰম্ভ কৰা বিষ্ণুৰাভাৰ গানটো প্ৰাৰ্থনাৰ সুৰত শুনি বাগৰি বাগৰি হঁহিলে
ছিনিয়ৰসকলে। নন্দিনীয়ে তথাপি গায়ে থাকিল। নদীৰ বাঢ়নি পানীয়ে ভেটা ভঙাদি দুচকুত
ঢল নামিছিল নন্দিনীৰ।

 হাঁহিত মুখৰিত হৈ
থকা কোঠাটোৰ পৰা নন্দিনী লাহে লাহে ওলাই আহি চকুপানীখিনি চাদৰৰ আঁচলেৰে মচি থাকোঁতেই
গহীন মাত এটাই তাইৰ কাণ স্পৰ্শ কৰিলে
 

গানটো তুমি
আন্তৰিকতাৰে গাইছা
, সেয়াহে আচল কথা। অৱশ্যে, সুৰত গালে
আৰু ভাল লাগিলহেঁতেন।”

পিছলৈ ঘূৰি চাই অবাক
ল নন্দিনী। কলেজৰ ছোৱালীবোৰৰ ফুচফুচীয়া মেলৰ কেন্দ্ৰবিন্দু, কলেজৰ আটাইতকৈ
সুঠাম ডেকা অধ্যাপক অনিৰুদ্ধ বৰঠাকুৰৰ মন্তব্য সেয়া। তাৰ মানে
নন্দিনীৰ
গান তেওঁ শুনিলে। তাই লাজত ৰঙা পৰিল। কোনোমতে সৰুকৈ “হয়” বুলি উত্তৰটো দি তাই খৰখেদাকৈ
সেইস্থান এৰি গুচি গ
ল।

সেয়াই আৰম্ভণি আছিল।
অনিৰুদ্ধ আৰু নন্দিনীৰ লগ পোৱাৰ অজুহাত বাঢ়িছিল
, মন দুটা
এক হৈ বান্ধ খাইছিল। লাহে লাহে অধ্যাপক আৰু ছাত্ৰীৰ মাজৰ প্ৰেমৰ কথা বতাহত বিয়পি পৰিছিল
কলেজৰ চৌপাশে। কোনো ওপঙি ফুৰা কথাই অনিৰুদ্ধ নাইবা নন্দিনীক বিন্ধিব পৰা নাছিল। অনিৰুদ্ধ
নন্দিনীৰ বাবে সাহস আছিল
, যি কোনো ক্ষেত্ৰতে এখোজ আগুৱাই দুখোজ পিছুৱাই
যোৱা ছোৱালীজনীক পুনৰ দুহাতেৰে ধৰি লক্ষ্যত উপনীত কৰোৱা মানুহজনেই আছিল অনিৰুদ্ধ৷ আৰু
নন্দিনী
? এজন গোড়া ব্ৰাহ্মণৰ সন্তান অনিৰুদ্ধ। কেৱল পৰম্পৰাগত নীতিনিয়মত পুৱা-গধূলি একাকাৰ হোৱা এখন শ্বাসৰুদ্ধকৰ ঘৰত সি ডাঙৰ
হৈছে। এতিয়াও ঘৰলৈ গ
লে তাৰ উশাহ বন্ধ হৈ যাব খোজে। দুজনীকৈ পেহীয়েক
অবিবাহিত হৈ ৰৈছে একমাত্ৰ ককায়েকৰ দৰা পছন্দ নোহোৱাৰ বাবে। অনিৰুদ্ধ কলেজত থকা সময়খিনিহে
আনন্দত থাকে। নন্দিনীয়ে তাৰ বুকু
, মন ভৰাই ৰাখে। নন্দিনীয়ে
জানিছিল
অনিৰুদ্ধৰ ঘৰৰ লক্ষ্মণৰেখা। তথাপি দুচকুত
দৃঢ়তা থকা অনিৰুদ্ধৰ প্ৰতি বিশ্বাস আৰু ভৰসাই তাইক সাহস দিছিল মনত। …

:  বাইদেউ, কি হ, গা বেয়া
লাগিছে নেকি আপোনাৰ

নমিতাৰ মাততহে নন্দিনী
বাস্তৱলৈ ঘূৰি আহিল৷ তাই ঘোলা চকু দুটাৰে নমিতালৈ প্ৰশ্নবোধক দৃষ্টিৰে চালে
যেন তাই কি কৈছে
নন্দিনীয়ে নুশুনিলে। সেয়ে নমিতাই এইবাৰ গাত ধৰি জোঁকাৰি দি আকৌ সুধিলে
 

: নন্দিনী
বাইদেউ
, কি হৈছে আপোনাৰ? এনেদৰে জুপুকা মাৰি
থৰ লাগি বহি আছে যে
? উশাহ লওঁতে কষ্ট হৈছে নেকি? ৰনাত আক্ৰান্ত
ৰোগীৰ পটকৈ উশাহ-নিশাহত বাধা আহে বোলে। যদি অসুবিধা হৈছে মই কাৰোবাক মাতোঁ
, অক্সিজেন
ব লাগিব আপুনি৷

: নাইনাই মই ঠিকে
ছো। একো অসুবিধা পোৱা নাই, চিন্তা নকৰিবা।”বুলি নন্দিনীয়ে
খৰখেদাকৈ উত্তৰ দিলে নমিতাক। তেতিয়াহে নমিতা শান্ত হ
ল। নন্দিনীয়ে
নিজৰ আচৰণত নিজে লজ্জিত হ
ল। এৰা,কি কথানো
ভাবি আছে তাই
? আজি আকৌ পুৰণি ঘাঁ বোৰ খুচৰিছে কিয় তাই ? 

আছে, কাৰণ আছে৷
আবেলি সময়ত তাই থকা চেণ্টাৰটোলৈ নতুন মানুহ এজন আহিছে। সিহঁতৰ লগত চিনাকি হোৱাৰ সময়ত
তেওঁৰ চকুহাল নন্দিনীৰ দুচকুত থৰ হৈ ৰৈছিল। মুখত মাস্ক্ এখন থকা বাবে কোনেও কাকো সম্পূৰ্ণকৈ
চিনিব পৰা নাছিল৷ কিন্তু
, কবা এক অজান আকৰ্ষণত নন্দিনীয়ে সেই চকুহাললৈ
পুনৰ চাইছিল। একেদৰেই সেই চকুহালেও চাইছিল তাইলৈ…

হয়নে ? এই চকুহাললৈয়ে
আজিৰ পৰা পঁয়ত্ৰিছ বছৰৰ আগতেই শেষবাৰৰ বাবে হেঁপাহেৰে চাইছিল নে নন্দিনী হাজৰিকাই
?

নন্দিনী, মোৰ অৱস্থাটোও
বুজি চোৱাঁ এবাৰ। ঘৰৰ একমাত্ৰ ল
ৰা মই।৷ নিজৰ আনন্দৰ বাবে দেউতাৰ
বিৰুদ্ধে কিদৰে থিয় হওঁ
? মা আৰু পেহীহঁতক কেনেকৈ কষ্ট দিওঁ মই? অন্য নহলেও
মা-দেউতাৰ প্ৰতি পুতেক হিচাপেওতো মোৰ এটা দায়িত্ব আছে। ঘৰখনত দুটা ল
ৰা হোৱাহলেও মই সাহস কৰিলোঁহেঁতেন। কিন্তু, এতিয়া মোৰ সন্মুখত
আন পথ নাই। তুমি গুণী ছোৱালী
, মনোমত জীৱনসংগী এজন
নিশ্চয়কৈ পাবা৷ আমাৰ সম্পৰ্কৰ ভৱিষ্যত এন্ধাৰ। আমাৰ সমাজে তোমাক আদৰি ল
লেও কেতিয়াও
আগস্থান নিদিব। তুমি ভুল নুবুজিবা মোক।…

এৰা, সকলোৰে প্ৰতি
দায়িত্ব পালন কৰিব বিচাৰিছিল অনিৰুদ্ধই। একমাত্ৰ প্ৰেম শব্দটোৰ প্ৰতি আৰু তাইৰ প্ৰতিহে
সামান্য মানৱীয়তাও দেখুৱাব খোজা নাছিল তেওঁ। কি সহজকৈ ক
ব পাৰিছিল, ইমান বছৰৰ
সিহঁতৰ বুকুত বলি থকা হেঁপাহবোৰক এক মুহূৰ্ততে স্তব্ধ কৰি দিবলৈ
, বেলেগ এজনক
আকৌ নন্দিনীৰ হৃদয়খন
সঁপি দিবলৈ…

 অনিৰুদ্ধ আহিব বুলি
শুনি তাই দুবছৰৰ আগতে জইন কৰা স্কুলখনৰ সেইদিনাৰ শেষৰ শ্ৰেণীকেইটাত পঢ়ুৱাওতে মন
বহুৱাব পৰা নাছিল৷ এবুকু হেঁপাহ দুচকুত লৈ অনিৰুদ্ধৰ সন্মুখত ৰওঁতে সি তাইলৈ নাচাই দূৰলৈ
দৃষ্টি দিছিল। মাতত অলপো কঁপনি নোহোৱাকৈ কথাকেইটা কৈ অনিৰুদ্ধ গুচি গৈছিল অহা বাটেদি…
 

একেবাৰে কাষত কাৰোবাৰ
মাত শুনি নন্দিনী জিকাৰ খাই উঠিল। তেওঁ সন্মুখলৈ মূৰ তুলি চালে। চকুত সামান্য দ্বিধা
লৈ সন্মুখৰজনে মাস্কখন আঁতৰাই দিলে মুখৰ পৰা। নন্দিনী এখোজ পিছুৱাই গ
ল। বেৰত
আঁউজি কোনোমতেহে তেওঁ নপৰাকৈ থাকিল।

: নন্দিনী, মই অনিৰুদ্ধ। 

নন্দিনী হাজৰিকাই
চকুত অনন্ত বিস্ময় সানি অনিৰুদ্ধক ভৰিৰ পৰা মুৰলৈকে এবাৰ চালে। যেন
 স্কুলৰ সন্মুখত
তাইলৈ হেঁপাহেৰে ৰৈ থকা অনিৰুদ্ধকহে চাইছে তেওঁ। হঠাৎ সংযত হ
ল নন্দিনী।
এয়া আৱেগিক হোৱাৰ সময় নহয়। ছাব্বিছ বছৰীয়া ভৰ যৌৱনা
, দুচকুত প্ৰেমৰ
ঢৌ খেলাই অনিৰুদ্ধক মাতাল কৰা নন্দিনীও তেওঁ নহয়। 

যোৱাবছৰ অৱসৰ গ্ৰহণ কৰিছে তেওঁ।
সন্মুখত সুঠাম শৰীৰৰ
সদায় ক্লিন ছেভ-ত থকা অনিৰুদ্ধ বৰঠাকুৰো
এয়া নহয়। সত্তৰৰ ঘৰত ভৰি থোৱা মেদবহুল শৰীৰেৰে
, এমূৰ পকা
চুলিৰে নন্দিনীৰ বাবে এজন অচিনাকি মানুহহে সন্মুখত ৰৈ আছে। তথাপি ভদ্ৰতা বজাই ৰাখি
নন্দিনী হাজৰিকাই মাত লগালে অতি সাধাৰণভাৱে
 

হয়, মাস্কখন
খুলি দিওঁতে চিনি পাই
ছোঁ। ভালে আছেনে আপুনি  

…তুমিৰ পৰা আপুনিলৈ অনিৰুদ্ধক সম্বোধন কৰোঁতে হোৱা পৰিৱৰ্তনৰ বিষটোক বুকুতে সামৰি থলে নন্দিনীয়ে। আচৰিত অনিৰুদ্ধই
ভেবা লাগি চাই থাকিল বহু সময় নন্দিনীৰ মুখলৈ।
 …

দুদিন তেনেকৈয়ে
পাৰ হ
ল। নন্দিনী অনিৰুদ্ধৰ পৰা আঁতৰিয়ে থাকিল। বহু কথাই সুধিব লগীয়া
আছিল নন্দিনীক
, বলগীয়াও
আছিল 
বহুত। কিন্তু, সাহসেই কৰিব পৰা নাই অনিৰুদ্ধই। দূৰৰপৰাই
তেওঁ জুমি চায় নন্দিনীক। কিজানিবা তেওঁৰ দুচকুত দেখেই নিজৰ প্ৰতি থকা সেই চিনাকি
আকুলতা।
ছিঃ ! কি ভাবিছে তেওঁ এই সময়ত। নন্দিনী এতিয়া
কাৰোবাৰ পত্নী
, মাতৃ আৰু হয়তো শাহুও৷ মহামাৰীত
আক্ৰান্ত হৈ তেওঁ এই চেণ্টাৰলৈ আহিছে। অন্য বহুজনক লগ পোৱাৰ দৰে অনিৰুদ্ধকো লগ পাইছে।
তাতকৈ বেছি একো নাই। হয়, 
তাতকৈ বেছি একো নাই। সেয়া নন্দিনীৰ আচৰণত ইতিমধ্যেই ফুটি উঠিছে। আৰু তেওঁ বিচৰা সেই
আকুলতা নন্দিনীৰ দুচকুত বিচৰাৰ অধিকাৰ তেওঁৰ আছে জানো 
? নন্দিনীৰ
নিষ্পাপ দুহাতৰ ভালপোৱাক দুভৰিৰে মোহাৰি পেলাওঁতে এই কথা তেঁওৰতো মনলৈ অহা নাছিল।…

 ৰাতিপুৱা সোনকালে
উঠি খোজকঢ়াৰ অভ্যাস নন্দিনীৰ। কভিড চেণ্টাৰ স্থাপন হোৱা মুকলি খেলপথাৰখনলৈ খোজ কাঢ়িবলৈ
ওলাই যোৱা নন্দিনীৰ এই অভ্যাসৰ সুযোগ এৰি নিদিলে অনিৰুদ্ধই। এখোজ দুখোজকৈ নন্দিনীৰ
কাষে কাষে তেৱোঁ খোজ ল
লে। মিচিকিয়া হীহি এটাৰে সুপ্ৰভাত জনোৱাৰ
বাদে অনিৰুদ্ধৰ প্ৰতিটো কথাতে
হুঁ, হাঁ-ৰ বাদে কোনো শব্দ
নকৰিলে নন্দিনীয়ে। কিন্তু
, এবাৰ স্তব্ধ হৈ ৰৈ
ল নন্দিনী।

: নন্দিনী, এতিয়াও
ক্ষমা কৰিব পৰা নাই মোক
? ৰনাই জীয়াই ৰাখে
নে নাই নাজানো
, চুগাৰ সাংঘাতিক বেছি মোৰ। কিন্তু, মৃত্যুৰ
আগতে তোমাৰ দুহাত থমা সেই ভাগ্য
ৱানজনৰ নামটো জনাবানে
মোক
? সুখী নে তুমি তেওঁৰ সৈতে

অনিৰুদ্ধৰ
প্ৰশ্ন শুনি চলচলীয়া চকুহাল আনফালে ঘূৰাই নন্দিনীয়ে গহীনত উত্তৰ দিলে
 

: কোনো ভাগ্যৱানৰ প্ৰয়োজন
নহোৱাকৈয়ে আজিলৈকে মই সুখী হৈয়ে আ
ছোঁ। তোমাৰ কথা কোৱাঁ, দেউতাই চাই
দিয়া ব্ৰাহ্মণ পৰিয়ালৰ সুযোগ্যা পত্নী কেনে আছে তোমাৰ
? তোমাক দেখি
খুবেই সুখী যেন লাগিছে সংসাৰত৷”

হাঁহিছিল অনিৰুদ্ধ
বৰঠাকুৰে শব্দ কৰি৷ আচৰিত হৈ চাইছিল নন্দিনীয়ে। সেই কলেজৰ দিনবোৰৰ দৰেই চকু ঘোপা কৰি।
হাঁহি হাঁহি চৰ্চৰণি
খাইছিল অনিৰুদ্ধই। হাতত লৈ থকা সৰু পানীৰ বটলটো আগবঢ়াই দিছিল নন্দিনীয়ে
, উৎকণ্ঠাৰে
পিঠিত হাতেৰে চপৰিয়াইও দিছিল। পানী এঢোক খাই সুস্থিৰ হৈছিল অনিৰুদ্ধ। নন্দিনীলৈ চাই
মৰমেৰে কৈছিল তেওঁ
 – 

: দেউতাৰ ওপৰত
প্ৰতিশোধ লৈ জীৱনটো এনেকৈয়ে পাৰ কৰি দিলোঁ নন্দিনী। বহুবাৰ বুজালোঁ তেওঁক। তেওঁ নীতি
নেৰে
, আৰু মই তোমাক এৰিব নোৱাৰোঁ। আৰু এতিয়া ভাগিনহঁতেই সন্তান
মোৰ। তুমি মোৰ বুকুত আছিলাই
, আজিও আছা। সেয়ে পত্নী বোলা কোনো এটা অস্তিত্বৰ অভাৱ
অনুভৱেই নকৰিলোঁ। আৰু ভগৱানৰ ইচ্ছা চোৱাঁ
, মহামাৰীয়ে
আমাক আজি ইমান বছৰৰ মূৰত আকৌ ওচৰ চপাই আনিলে। এয়া মোৰ পিঠিত চপৰিয়াই তুমি প্ৰমাণ
কৰি দিলা 
যে মই এতিয়াও তোমাৰ বুকুতে আছো। জী আছোঁ।

হতবাক নন্দিনী হাজৰিকাই
একো ক
ব পৰা নাছিল৷ স্থানুৰ দৰে ৰৈ থকা নন্দিনীৰ কাষলৈ আহি স্বভাসুলভ কৌতুকেৰে
অনিৰুদ্ধই ফুচফুচাই ক
লে –

: দেখাত হে
বুঢ়া হৈছোঁ
, মনটো প্ৰেমত পৰিব পৰাকৈ এতিয়াও ডেকাই হৈ আছে কিন্তু।
তোমাৰ সমৰ্থন পালে আগবাঢ়িব পাৰোঁ৷

আকৌ চৰ্চৰণি খালে
অনিৰুদ্ধই। নন্দিনীয়ে আগতকৈও বেছি কাষচাপি তেওঁৰ পিঠিখন মোহাৰি দিলে। মহামাৰীয়ে এফালে
পৃথিৱী
থানবান কৰাৰ সময়ত দুটা আকুল প্ৰাণত পুনৰ গাঁঠি লাগিল।
দুয়োৰে উকা হৃদয় দুখন সম্পূৰ্ণ পঁয়ত্ৰিছ বছৰৰ পাছত কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীন হৈ পৰিল।
অনিৰুদ্ধই নন্দিনীৰ হাত এখন খামুচি ধৰি খোজ দিলে। 

আগলৈ।

 

ঠিকনা :

চিত্ৰবন পথ, গুৱাহাটী-৩

ভ্ৰাম্যভাষ : ৭০০২২১৬৩৭৯