উইট্চেছ ল’ভছ (Witches’ Loaves)

 মূল: হেনৰী

অনুবাদ:
পংকজ কুমাৰ নেওগ

 

মিছ মাৰ্থা মিচামৰ বেকাৰিটো ঘৰৰে এটা চুকত। তিনিটা চিৰি বগাই
উঠিলেই বেকাৰীখন আৰু দুৱাৰত ওলমাই থোৱা ঘণ্টাটোৱে  দুৱাৰখন খুলিলেই এটা সুমধুৰ শব্দ কৰি উঠে। মিছ মাৰ্থাৰ
বয়স দুকুৰি পাৰ হ
 আৰু নিজ সামৰ্থ্যমতে সাঁচিব পৰা ধনৰ পৰিমাণ বেঙ্কত
এতিয়ালৈকে দুহাজাৰ ডলাৰ গোট খাইছে। দুটা দাঁত তেওঁৰ নিজা
নহয় যদিও হৃদয়খন বৰ বিশাল আৰু সহানুভূতিশীল।
মার্থা নিশ্চয় তেওঁৰ অইন বান্ধৱীসকলতকৈ দেখাত অশুৱনি নহয়,
থাপি কিয় জানো বিয়াৰ ক্ষেত্ৰত
ভগৱানে এতিয়ালৈকে তেওঁলৈ চকু মেলি চোৱা নাই।
সপ্তাহৰ দুই-তিনিদিন বেকাৰীলৈ এজন গ্রাহক আহে
আৰু তেওঁৰ  প্রতি মাৰ্থাই কিছু আগ্রহ দেখুৱাবলৈ
লৈছে। গ্ৰাহকজন চশমা পিন্ধা এজন মধ্যবয়স্ক লোক, মুখত চুটিকৈ কটা সযত্নপালিত দাঢ়ি।
মানুহজনে জার্মান ঠাঁচত বিচিত্ৰ ধৰণে ইংৰাজীত কথা-বতৰা পাতিছিল। কাপোৰ-কানিৰ প্ৰতি
মানুহজন আছিল উদাসীন – কেতিয়াবা উঁৱলি যোৱা আৰু কেতিয়াবা সোলোক-ঢোলোক কাপোৰ
পিন্ধিয়েই তেওঁ বেকাৰীলৈ আহে। কিন্তু তেওঁক পৰিপাটি যেনেই দেখা গৈছিল, তদুপৰি তেওঁৰ
আচাৰ-ব্যৱহাৰো আছিল অতি নম্ৰ।

মানুহজনে
সদায় দুটা বাহী পাওৰুটি কিনে। তাজা পাওৰুটিৰ প্ৰতিটোৰ দাম আছিল পাঁচ চেণ্ট, আনহাতে
সেই একে দামত দুটা বাহী ৰুটি পোৱা গৈছিল। তেওঁ বাহী পাওৰুটিৰ বাহিৰে কেতিয়াও একো
বস্তু নিকিনে। এবাৰ মিছ মাৰ্থাই তেওঁৰ আঙুলিত ৰঙা আৰু বাদামী ৰঙৰ দাগ দুটামান দেখা
পাইছিল। মাৰ্থা নিশ্চিত হ
ল যে মানুহজন এজন শিল্পী – কিন্তু এজন দৰিদ্ৰ শিল্পী। নিঃসন্দেহে
তেওঁ সৰু কোঠা এটাত থাকি ছবি আঁকে আৰু বাহী ৰুটি খায় আৰু মিছ মাৰ্থাৰ বেকাৰীত থকা সুস্বাদু খোৱা বস্তুবোৰৰ কথা মনত পেলায়। প্ৰায় মিছ মাৰ্থাই চপ-কাটলেট বা ৰোলৰ সৈতে জাম আৰু চাহ
একাপ লৈ খাবলৈ বহিলে হুমুনিয়াহ এটা কাঢ়ে আৰু সেই সুন্দৰ ব্যৱহাৰৰ শিল্পীগৰাকীৰ
সৈতে নিজৰ সোৱাদযুক্ত খাদ্যখিনি ভগাই খোৱাৰ কথা কল্পনা কৰে। আগতেই উল্লেখ কৰা হৈছে
যে মিছ মাৰ্থা আছিল এগৰাকী সহানুভূতিশীলা মহিলা। সেই গ্ৰাহকজনৰ পেছা সম্বন্ধে ঠাৱৰ
কৰিবলৈ মিছ মাৰ্থাই এদিন নিজৰ কোঠাৰ পৰা কিনি অনা
এখন ছবি আনি বেকাৰীৰ
কাউণ্টাৰৰ পিছফালে থকা শ্বেলফ এখনত থ
লে।

       ছবিখনত ভেনিচৰ এটা দৃশ্য আছিল – পানীৰ ওপৰত মাৰ্বলৰ এটা সুন্দৰ ৰাজপ্ৰাসাদ
আৰু তাৰ চাৰিওফালে কিছুমান গণ্ডোলা। এখন
গণ্ডোলাত বহি যোৱা মহিলা যাত্ৰী এগৰাকীয়ে হাতেৰে পানী চুই নিজৰ ভ্ৰমণ উপভোগ কৰিছে।
সম্পূৰ্ণ ক
লা-বগা ৰঙৰ
পটভূমিত ডাৱৰ
, আকাশ আদি
দৃশ্যও অঁকা আছিল। কোনো শিল্পীয়ে সেই ছবিখন লক্ষ্য নকৰাকৈ থাকিব নোৱাৰে। দুদিনৰ
পাছত সেই বিশেষ গ্ৰাহকজন বেকাৰীলৈ আহিল।

: অনুগ্ৰহ কৰি দুটা বাহী পাওৰুটি দিয়ক।

আপোনাৰ শ্বেলফৰ এই ছবিখন বৰ সুন্দৰ, মেডাম– মাৰ্থাই পাওৰুটি
দুটা কাগজেৰে মেৰিয়াই থাকোঁতে তেওঁ মন্তব্য কৰিলে।

“হয় নে?” নিজৰ ধূৰ্তালিত আহ্লাদিত হৈ মিছ মাৰ্থাই উত্তৰ
দিলে। “মই শিল্প
কলা প্ৰশংসা কৰোঁ আৰু বিশেষকৈ চিত্ৰ বৰ ভাল পাওঁ।  আপুনি এই ছবিখন ভাল বুলি ভাবে নে?”

: বৰ ভাল ছবি বুলি কব নোৱাৰি – ছবিৰ দৃষ্টিকোণ বৰ সঠিক হোৱা নাই। গুড
মৰ্নিং, মেডাম।

       সামান্য আগলৈ হাওলি অভিবাদন জনাই পাওৰুটি
দুটা লৈ গ্ৰাহকজন কোবাকুবিকৈ ওলাই গ
ল। হয়, তেওঁ নিশ্চয় এজন শিল্পী। মিছ মাৰ্থাই ছবিখন আকৌ নিজৰ কোঠালৈ
লৈ আহিল। চশমাৰ আঁৰত সুন্দৰ আৰু বহ
ল ভ্ৰূৰ তেওঁৰ চকুযুৰি কিমান যে মমতাৰে উজলি উঠিছিল! ছবি এখনলৈ
মাত্ৰ এপলক চাই দৃষ্টিকোণৰ বিচাৰ কৰিব পৰা এগৰাকী মহান শিল্পী তেওঁ অথচ বাহী পাওৰুটি
ভক্ষণ কৰি জীয়াই থাকিবলগীয়া হৈছে! অৱশ্যে প্ৰতিভাই স্বীকৃতি লাভ কৰাৰ আগৰ সময়ছোৱাত
সংগ্ৰাম অৱশ্যম্ভাৱী। বিচক্ষণ শিল্পী এগৰাকীৰ শিল্প আৰু দৃষ্টিকোণৰ বিচাৰত সহায়
আগ বঢ়াবলৈ বেঙ্কত জমা ৰখা দুহেজাৰ ডলাৰ, এখন বেকাৰী আৰু সহানুভূতিশীল হৃদয় এখন যদি
প্ৰেৰণা হ
লহেঁতেন! কিন্তু
এই সকলোবোৰ আছিল মিছ মাৰ্থাৰ আকাশকুসুম জল্পনা-কল্পনা! আজিকালি গ্ৰাহকজন বেকাৰীলৈ আহিলে
শ্ব’কেছৰ কাষতে হাওলি অলপ সময় আড্ডা মাৰে। মিছ মাৰ্থাৰ প্ৰফুল্লিত কথাবোৰে যেন তেওঁক
দিনে দিনে প্ৰাণৱন্ত কৰি তুলিছিল।

গ্ৰাহকজনে
অৱশ্যে সদায় বাহী পাওৰুটিয়েই কিনি থাকিল
; কেতিয়াও কে, পাই বা মাৰ্থাই ৰন্ধা সুস্বাদু চেলি লুনছ্ (এবিধ কে/বান) কিনিবলৈ আগ্ৰহ দেখুওৱা নাছিল। মাৰ্থাই
লক্ষ্য কৰিছিল যে মানুহজন দিনে দিনে যেন কিছু নিশকটীয়া আৰু উদাস হৈ পৰিছে। তেওঁ
সদায় কিনা সেই সাধাৰণ সামগ্ৰীৰ সৈতে খাবলৈ ভাল কিবা এটা দিবলৈ মাৰ্থাৰ খুব মন আছিল
যদিও তেওঁ সাহস গোটাব পৰা নাছিল। যদি সেই গ্ৰাহকজন অপমানিত হয়! শিল্পীৰ অহংকাৰৰ
কথা তেওঁ জানিছিল। মিছ মাৰ্থাই বেকাৰীত থকা সময়ছোৱাত এটা ধুনীয়া নীলা ফুটফুটীয়া ৰেচমৰ
স্কাৰ্ট পিন্ধিবলৈ ল
লে। পিছফালৰ কোঠাটোত সৌন্দৰ্য সাধনাৰ বাবে ঘৰতে তৈয়াৰ কৰি লব পৰা যৌগ এবিধো প্ৰস্তুত কৰিলে। বহুতো লোকে
শৰীৰৰ ৰং উজলাবলৈ সেই সামগ্ৰী ব্যৱহাৰ কৰে। গ্ৰাহকজন সদায় অহাৰ দৰেই এদিন
বেকাৰীলৈ আহিল আৰু শ্ব
’-কেচৰ ওপৰত পইচাখিনি থৈ তেওঁৰ সামগ্ৰী বিচাৰিলে। মিছ মাৰ্থাই
পাওৰুটি দুটা আনিবলৈ যাওঁতে বাহিৰত গাড়ী এখনৰ ঘণ্টাধ্বনি শুনা গ
ল আৰু বিম্বাশবদে অগ্নিনিৰ্বাপক
বাহিনীৰ ইঞ্জিন এটা বাটেৰে পাৰ হৈ গ’ল। গ্ৰাহকজন উ
সুক হৈ খৰখেদাকৈ দুৱাৰৰ ওচৰ পালেগৈ আৰু মিছ
মাৰ্থাই তেওঁৰ ক্ষন্তেকীয়া অনুপস্থিতিৰ সোণালী সুযোগ গ্ৰহণ কৰিলে।

কাউণ্টাৰৰ পিছফালে
থকা তলৰ শ্বেল্ফটোত দহ মিনিট আগতে ফাৰ্মৰ পৰা দি থৈ যোৱা এক পাউণ্ড সতেজ মাখন আছিল।
পাওৰুটি কটা কটাৰীৰে মিছ মাৰ্থাই বাহী ৰুটিকেইটা মাজতে কাটিলে আৰু প্ৰতিটোৰ মাজত যথেষ্ট
পৰিমাণে মাখন সুমুৱাই দি ৰুটিবোৰ আকৌ হেঁচা মাৰি থ
লে। গ্ৰাহকজন কাউণ্টাৰলৈ ঘূৰি আহে মানে মাৰ্থাই
কাগজত ৰুটি মেৰিয়াই আছিল। আনন্দদায়ক কিছু কথা-বতৰাৰ পাছত যেতিয়া মানুহজনে বিদায়
ল’লে মিছ মাৰ্থাই মনতে হাঁহিলে
, কিন্তু তাইৰ বুকুখনে যেন সামান্য ঢক্-ঢকো কৰিবলৈ ধৰিলে। তেওঁ এইটো
দুঃসাহকিতাৰ কাম কৰিলে নেকি বাৰু
? গ্ৰাহকজন ক্ষোভিত হ’ব নেকি? দিনটোৰ বেছিখিনি সময় মাৰ্থাই সেই কথাটোকে
ভাবি থাকিল। খোৱাৰ সময়ত পাওৰুটিৰ মাজত মাখনখিনি পাই তেওঁ কি ভাবিব বাৰু
? মিছ মাৰ্থাই সলজ্জ হাঁহি এটা
মাৰিলে– যিখন হাতে সেই মাখনখিনি ৰুটিৰ মাজত আলফুলকৈ সজাই দিছিল সেই হাতৰ গৰাকীক
তেওঁ মনত পেলাবনে
? দুৱাৰৰ ঘণ্টা বাজি উঠিল। কোনোবাই পগলাৰ দৰে অবিৰাম ঘণ্টা বজাব ধৰিছে। মাৰ্থা
দৌৰি গৈ দুৱাৰখন খুলি দিলে। এজন অপৰিচিত যুৱক মুখত পাইপ লৈ দুৱাৰদলিত থিয় হৈ আছিল
আৰু তেওঁৰ কাষত মাৰ্থাৰ সেই শিল্পী গ্ৰাহকজন। ইমান দিনৰ পৰিচিত সেই শান্ত,
হাঁহিমুখীয়া ভদ্ৰলোকজনৰ ৰুদ্ৰমূৰ্তি দেখি মাৰ্থা আচৰিত হ
ল। তেওঁৰ মুখখন খঙত টিকটিকিয়া ৰঙা; টুপীটো মূৰত ওভোটাই
পিন্ধি লৈছিল আৰু চুলিবোৰ হৈ পৰিছিল আউল-বাউল। দুয়োখন হাত মুষ্টিবদ্ধ কৰি আৰু
মাৰ্থাৰ পিনে টোঁৱাই  শিল্পীজনে জাৰ্মান ভাষাত
চিঞৰি চিঞৰি কিবা বকিবলৈ ধৰিলে। কথাবোৰ মাৰ্থাৰ অলপো বোধগম্য হোৱা নাছিল। ডেকাজনে ভদ্ৰলোকজনক
তাৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিলে কিন্তু তেওঁ কোনো কথাই শুনিব নোখোজে। তৰ্জন-গৰ্জন
কৰি তেওঁ ক
লে – যেতিয়ালৈকে মানুহজনীক কথা শুনাব
নোৱাৰোঁ মই ইয়াৰ পৰা নাযাওঁ।” মিছ মাৰ্থাৰ বেকাৰীৰ কাউণ্টাৰত হাতেৰে ভুকুৱাই 
ভুকুৱাই তেওঁ
চিঞৰিলে–
শুনিছনে তই
বুঢ়ী মেকুৰীজনী! মোৰ জীৱনটো তই সম্পূৰ্ণ ধ্বংস কৰিলি, মোৰ সকলোবোৰ শেষ হ
ল!

ডেকাজনে সেই
উন্মাদপ্ৰায় মানুহজনক চোলাৰ কলাৰত ধৰি বাহিৰলৈ টানি লৈ গ
ল– ব, বহুতো বকিলে, এতিয়া মনে মনে থাকক।শ্বেল্ফখনত ধৰি মিছ
মাৰ্থাই নিজৰ কঁপি থকা শৰীৰটো কোনোমতে থিয় কৰাই ৰাখিলে। জাৰ্মান ভদ্ৰলোকজনক বাহিৰৰ
পদপথত থৈ যুৱকজন আকৌ উভতি আহিল।
আপোনাক কথাবোৰ স্পষ্টকৈ বুজাই কওঁ শুনক। এই মানুহজন মানে
মিঃ ব্লুমবাৰ্গ হ
ল এজন স্থপতিবিদ, ঘৰ-বাৰী ইত্যাদিৰ নক্সা প্ৰস্তুত কৰে। মই তেওঁৰ সৈতে একেটা
অফিচতে কাম কৰোঁ। আজি তিনিমাহ ধৰি তেওঁ
চিটি-হল নিৰ্মাণৰ আঁচনি এখনৰ নক্সা আঁকি আছে। কামটো হল অতি গুৰুত্বপূৰ্ণ। আজি শেষবাৰৰ
বাবে তেওঁ ইমান দিনৰ কামখিনি চিয়াঁহীৰে আঁকি শেষ কৰিলে। আপুনি হয়তো জানিব পাৰে যে
এনে নক্সাৰ অংকন প্ৰথমে পেঞ্চিলেৰে কৰা হয় আৰু  পাছত বাহী পাওৰুটিৰ টুকুৰাৰে পেঞ্চিলৰ আঁকবোৰ মচি
পেলোৱা হয়। এই কামৰ বাবে ভাৰতীয় ৰবৰতকৈয়ো বাহী পাওৰুটি অধিক ফলপ্ৰসূ। ব্লুমবাৰ্গে
সদায় এইখন বেকাৰীৰ পৰাই পাওৰুটি কিনি আহিছে। আজি শেষবাৰৰ বাবে পেঞ্চিলৰ অঙ্কণ মচিবলৈ
গৈ তেওঁৰ যি দশা হ
ল সেই কথা কি কম! বোধকৰোঁ তেওঁ প্ৰস্তুত কৰা সেই নক্সাখন এতিয়া সৰু-সৰুকৈ কাটি চেণ্ডুইচ মেৰিয়াবলৈহে
যোগ্যহে হৈ ৰৈছেগৈ।

মিছ মাৰ্থা পিছফালৰ
কোঠাটোলৈ উভতি গ
ল আৰু ইমান সময় পিন্ধি থকা নীলা ফুটফুটীয়া ৰঙৰ ৰেচমৰ পোছাকটো খুলি আগৰ পুৰণি বাদামী
ৰঙৰ  স্কাৰ্টটো পিন্ধি ল
লে। ঘৰুৱা প্ৰসাধন সামগ্ৰীৰ যৌগ
প্ৰস্তুত কৰিবলৈ গোটাই থোৱা বিভিন্ন উপাদানসমূহ তেওঁ খিৰিকীখনেৰে বাহিৰত আৱৰ্জনা
পেলাবলৈ ৰখা জাবৰদানীটোত ঢালি দিলে।

 

০০০ 

 

 

 

 

ঠিকনাঃ

 

মাস্কাট, চুলতানেট অব ওমান।

ভ্ৰাম্যভাষ : +৯৬৮-৯৯৬৭-২৭৮১