অসম সাহিত্য সভাৰ প্রথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো

 নৱনীতা
ভট্টাচাৰ্য্য

(৩)



 

আজি পদ্মনাথ
গোহাঞি বৰুৱাৰ ভাষণটোৰ দ্বিতীয় খণ্ডটো ক
’বলৈ ওলাইছোঁ৷ এই খণ্ডটোত গোহাঞিবৰুৱাদেৱে অসমীয়া ভাষাৰ ইতিহাস সম্পৰ্কেও যি আলোচনা
কৰিছিল সেই বিষয়ে অলপ ক
’বলৈ ওলাইছোঁ৷
তেওঁ অসমীয়া ভাষাৰ উৎপত্তিৰ বিষয়ে চমু আভাস দিয়াৰ পাছত অসমীয়া ভাষাৰ প্ৰগতিৰ
বিষয়ে আলোকপাত কৰিছিল৷ তেওঁ প্ৰথমতে পত্ন
তত্ত্ববিদ পণ্ডিত
হেমচন্দ্ৰ গোস্বামীৰ কথা উল্লেখ কৰি কৈছে যে
“গোস্বামীদেৱৰ
অসমীয়া যুগ-বিভাগ আৰু তাৰ বিচাৰ-ব্যাখ্যা সম্পৰ্কে ক
’বলৈ
বাকী নাই!
” তথাপি তেওঁ নিজাববীয়াকৈ অসমীয়া ভাষা-যুগটোক
এনেদৰে বিভক্ত কৰিব বিচাৰে৷ গোস্বামীদেৱে অসমীয়া ভাষা-যুগক এনেদৰে ভগাইছে-
প্ৰথমটো হ
’ল অসমীয়া ভাষাৰ উৎপত্তিৰ পৰা খ্ৰীঃ ১৪৪৯ চনত
শ্ৰীমন্ত শংকৰদেৱৰ জন্মলৈকে। দ্বিতীয় ভাগটো হ
’ল, শংকৰদেৱৰ জন্মৰ পৰা ১৮২৬ চনত বৃটিছ আগমনলৈকে। তৃতীয়তে, বৃটিছ আগমনত পৰা তেওঁৰ বৰ্তমান অৰ্থাৎ ১৮৯২ চনলৈকে। ইয়াৰ বিপৰীতে
গোহাঞিবৰুৱাদেৱে অসমীয়া ভাষা আৰু সাহিত্যৰ গোটেই কালটোক
পাঁচটা
ভাগত ভাগ কৰিছে এনেদৰে – (১) অসমীয়া ভাষাৰ উৎপত্তিৰ পৰা অনুমান খ্ৰীঃ সপ্তম আৰু
নৱম শতিকাত
“দীপিকাছন্দ” আৰু “ডাকৰ বচন” ওলোৱালৈকে। (২) দীপিকা – ডাকৰ সময়ৰ পৰা
খ্ৰীঃ ত্ৰয়োদশ শতিকাত আহোম অভ্যুদয় আৰু মাধৱ কন্দলীৰ উদ্ভৱলৈকে৷ (৩) আহোম
অভ্যুদয়ৰ পৰা খ্ৰীঃ পঞ্চদশ শতিকাত শংকৰদেৱৰ আবিৰ্ভা
ৱলৈকে৷ (8)
শংকদেৱৰ আবিৰ্ভাৱৰ পৰা
খ্ৰীঃ ১৮১৬ চনৰ
‘মানৰ দিন’লৈকে। (৫) ‘মানৰ দিন’ৰ পৰা বৃটিছ ৰজত্বৰ ১৯১৭ চনলৈকে অৰ্থৎ
তেওঁৰ বৰ্তমানলৈকে৷

ভাষণটোত
তেওঁ কৈছে যে
, খ্ৰীঃ নৱম শতিকাত ‘ডাকৰ-বচন’ পোহৰলৈ আহে৷ তাৰে দুই শতিকামান আগতে ‘দীপিকা ছন্দ’ উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়।
অৱশ্যে ইয়াক লৈ নানা মতবিৰোধ দেখা যায়। এই যুগকে অসমীয়া ভাষাৰ ভাষা-যুগ বুলি
কোৱা হৈছে৷ সাতশ বছৰমান জুৰি চলা এই যুগটোৰ বিষয়ে ক
’বলৈ
সমল তেনেই তাকৰ কিয়নো
, এই যুগৰ প্ৰধান সমল ডাকৰ বচন আছিল
মৌখিক। সেইবাবে ইয়াক অসমীয়া সাহিত্য বুলি নধৰি অসমীয়া ভাষাৰ চিন বুলিহে ধৰা
হয়৷ কিন্তু সেই ভাষাই যে আধুনিক অসমীয়াৰ ভেঁটি
, সি
নিশ্চিত৷ ইয়াৰ পাছত আহে অসমীয়া ভাষাৰ আদি যুগ৷ আহোমৰ ৰাজত্বকালত মাধৱ কন্দলীৰ
উদ্ভৱৰ লগে লহে অসমীয়া ভাষা লিপিবদ্ধ হ
’বলৈ ধৰে৷ এয়াই অসমীয়া
ভাষা সাহিত্যৰ আৰম্ভণি৷ এই যুগৰ ব্যপ্তি প্ৰায় তিনিশ বছৰমান আছিল
৷ মাধৱ কন্দলীকে অসমীয়া ভাষাৰ জন্মদাতা বুলি ক’ব
পাৰি৷ তেওঁৰ পদকে অনুসৰণ কৰি শংকৰদেৱে অসমীয়া সাহিত্যৰ জগতখনত খোজ পেলাইছিল৷ অসম
দেশত জ্ঞানৰ পোহৰ বিলাবলৈ মাধৱ কন্দলীয়ে ৰাময়ণৰ অযোধ্যা কাণ্ড আৰু সুৰন্দা-কাণ্ড
অসমীয়ালৈ ভাঙনি কৰিছিল৷ তেওঁৰ সাহিত্যসম্ভাৰ পদ্যময় আছিল৷ তেওঁৰ সমসাময়িক লে‍খক
হ
’ল হেম সৰস্বতী৷

ইয়াৰ পাছৰ
যুগটো হ
’ল অসমীয়া সাহিত্যৰ পোহৰ-যুগ অৰ্থাৎ মধ্য যুগ৷ এই
যুগটোৰ ব্যাপ্তি চাৰি শমান বছৰ হ
’ব৷ ভগৱানৰ ইচ্ছাত এক মহৎ উদ্দেশ্য সাধনৰ বাবে পৃথিৱীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ হৈছিল৷ গুৰুজনাৰ আবিৰ্ভাৱৰ ফলতেই এই যুগত অসমীয়া
সাহিত্যই পূৰ্ণ ৰূপ লৈছিল৷ জ্ঞানৰ অভা
ৱত সেই সময়ত অসমীয়া জাতীয়
জীৱন একেবাৰে অধঃ
পাতে গৈছিল৷ অসমীয়া সমাজখনক এই অৱস্থাৰ পৰা
উদ্ধাৰ কৰিবলৈ তেওঁ এটা অভিনৱ অসমীয়া সাহিত্য গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল৷ তেওঁ
ধৰ্ম
, সমাজ আৰু সাহিত্যক একেডাল সূতাৰে এনেদৰে গাঁথিছিল যে
এটাক ধৰিলে আনটো এৰিব নোৱৰা হয়৷ শংকৰদেৱে এই ধাৰা য়ুৰোপীয় আহিৰ লগত একে যেন
লাগিলেও তাৰ
কোনো ভিত্তি নাই বুলি গোহাঞিদেৱে উল্লেখ কৰি
কৈছে যে
, “য়ুৰোপৰ উন্নত সাহিত্যবোৰ যেনেদৰে ধৰ্মৰ সাঁচত মৰা হৈছিল
ঠিক তেনেদৰে শংকৰীয়া অসমীয়া সাহিত্যও ধৰ্মৰ সাঁচত উঠিছিল৷ কিন্তু মহাপুৰুষ
শংকৰদেৱে প
ৰ্য্যটনলৈকো ওলোৱা নাই, আৰু
য়ুৰোপীয় গ্ৰন্থাদিৰ সাহায্য তাৰ চানেকী ল
’বলৈ তেওঁ
য়ুৰোপীয় ভাষা সমূলি নাজানিছিল!
” তেওঁ অপূৰ্ব কৌশলেৰে এহাতে
ধৰ্ম আৰু ইহাতে সাহিত্যক সাৰথি কৰি সমাজ গঢ় দিবলৈ আগবাঢ়িছিল
৷ তেওঁৰ সংস্কৃত শাস্ত্ৰৰ পৰা সমল সংগ্ৰহ কৰি অসমীয়া ভাষাত সুললিত পদ ৰচনা
কৰি ভাগৱতী ধৰ্মৰ মূল শাস্ত্ৰ
“কীৰ্তন-পুথি” ৰচনা কৰি প্ৰচাৰ কৰিছিল৷ অকল সেয়াই নহয় তেওঁ পৌৰাণিক সমাজৰ আদৰ্শ চৰিত্ৰসমূহ প্ৰতিফলিত হোৱাকৈ নাটকো ৰচনা কৰিছিল সেই যুগতে মাধৱদেৱ, অনন্তকন্দলী, ৰামসৰস্বতী আদি প্ৰতিভাশালী লে‍খকে
অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছিল৷ এই সময় চোৱাত ভাৰতৰ আন প্ৰাদেশিক ভাষা
অসমীয়া ভাষাৰ শব্দাৱলীত সোমাই ভাষাটো শুৱনি আৰু চহকী কৰি তুলিছিল৷ ইয়াৰ প্ৰথম
কাৰণটো আগতে উনুকিয়াই থৈছোঁ। দ্বিতীয়টো হ
’ল, শংকৰদেৱ প্ৰমুখ্যে এই যুগৰ দূৰদৰ্শী আৰু প্ৰতিভাশালী কবি-সাহিত্যিকসকলে
পু
ৰী, গয়া, মথুৰা, প্ৰয়াগ আদি তীৰ্থ ভ্ৰমণৰ পাছত উড়িয়া, ব্ৰজবুলি,
মৈথিলী আদি ভাষাৰ পৰা উপযোগী সংস্কৃতমূলক শুৱলা শব্দ আনি অসমীয়া
শব্দাৱলীত সুমুৱাইছিল৷ শংকৰদেৱে এই শব্দবোৰ অসমীয়া সাহিত্যত এনেদৰে ব্যৱহাৰ
কৰিছিল যে ই একেবাৰে ৰজিতা খাই মিলি গৈ তাৰ লালিত্য বঢ়াই তুলিছিল৷ অসমীয়া ভাষাত
সংগীতৰ প্ৰথম সৃষ্টি এই যুগতে হৈছিল৷ অৱশ্যে সংগীতৰ ক্ষেত্ৰত মাধৱদেৱৰ অধিকাৰ অধিক
আছিল৷ গুৰুদুজনাৰ অনবদ্য সৃষ্টি বৰগীত অসমীয়া সাহিত্যৰ সুকীয়া সম্পত্তি।
শংকৰদেৱৰ ৰচনা আছিল লালিত্যপ্ৰধান আৰু মাধৱদেৱৰ ৰচনা আছিল গাম্ভীৰ্যপ্ৰধান৷

 

পাছত আহিল, অসমীয়া সাহিত্যৰ বৰ্তমান-যুগ৷ মানৰ উপদ্ৰৱত অসমীয়া সাহিত্যৰ ভঁৰালত জুই
লাগিছিল৷ শংকৰী যুগৰ অকাল অৱসান ঘটিছিল৷ ১৮১৬ চনৰ পৰা ১৮২৬ চনলৈকে অসমীয়া সাহিত্য
একেবাৰে নিম্নগামী হ
’বলৈ ধৰিছিল৷ য়াণ্ডাবু সন্ধি মতে বৃটিছে
মানৰ পৰা অসমক উদ্ধাৰ কৰিছিল যদিও অসমীয়া সাহিত্যই
ঠন ধৰি
উঠা নাছিল। অৱশ্যে এই ক্ষেত্রত বৃটিছসকলে যত্নৰ ত্ৰু
টী কৰা
নাছিল৷ অসমীয়া ভাষাক ৰাজভাষাৰ ম
ৰ্যাদা দি ইয়াৰ উন্নতিৰ পথ সুগম
কৰি দিছিল৷ কিন্তু এদল স্বাৰ্থপৰ অসমপ্ৰৱাসী বঙালীয়ে অসমীয়া ভাষা আৰু সাহিত্যৰ
উন্নতিত ভেটা দি থি‍য় দিছিল৷ অসমীয়া ভাষাৰ সুকীয়া সাহিত্য নাই
, ই বঙলা ভাষাৰ অপভ্ৰংশ মাথোন ইত্যাদি নানা কথা কৈ তেওঁলোকে অসমীয়া ভাষাৰ
ঠাইত বঙলা ভাষাক ৰাজভাষা কৰাই লৈছিল৷ ৩৫ বছৰ কাল বঙলা ভাষাই অসমত একাধিপত্য
বিস্তাৰ কৰিছিল৷ ভাষণত তেওঁ ১৮১৬ চনৰ পৰা ১৯০৩ চনলৈকে ৮৭ বছৰ কাল অসমীয়া সাহিত্যৰ
মহা আপদৰ কাল বুলি কৈছে৷ তাৰ ভিতৰত ১৮৩৬ চনৰ পৰা ১৮৭১ চনলৈকে এই ৩৫ বছৰ অসমীয়া
সাহিত্যৰ একেবাৰে মৰামুৱা অৱস্থা আৰু তাৰ পৰা ১৯০৩ চনলৈকে ৩২ বছৰ কাল ই ভালকৈ
কঁকাল পোনাব নোৱৰাভা
ৱেই কটাবলগীয়া হয় বুলি উল্লেখ কৰিছিল৷
এই আপদৰ কালত ১৮৩৮ চনত আমেৰিকা দেশীয় খ্ৰীষ্টান ধৰ্ম প্ৰচাৰক পাদ্ৰী চাহাবসকল ঈশ্বৰপ্ৰেৰিত দূত হিচাপে অসমত প্ৰৱেশ কৰে৷ তেওঁলোকে নিজৰ ধৰ্ম প্ৰচাৰৰ সুবিধাৰ্থে
বেইবেলৰ লগতে গোটাচেৰেক ধৰ্ম পুথি অসমীয়া ভাষালৈ ভাঙনি কৰি প্রচাৰ কৰিছিল৷ ১৮৪৭
চনত অসমৰ সৰ্বপ্ৰথম অসমীয়া মাহেকীয়া আলোচনী আৰু বাতৰিকাকত
“অৰুণোদয়” উলিয়াই নুমাবলৈ ধৰা অসমীয়া সাহিত্যক
তুলি ধৰিবলৈ চেষ্টা কৰিছিল৷ তাৰ পাছত শিক্ষাৰ উপযোগী কেইখনমান কিতাপ মুদ্ৰণ কৰে৷
ইয়াৰ ভিতৰত
“ৰৱিনছন অসমীয়া ব্যাকৰণ”, “পখিলা কিতাপ”, “গণনাৰ কিতাপ” উল্লেখনীয়৷

১৮৬৮ চনত
সাহিত্য-বিশাৰদ পণ্ডিত ব্ৰন্সন চাহাবে অসমীয়াৰ পৰা অসমীয়া আৰু ইংৰাজী অভিধান এখন
সংগ্ৰহ কৰি প্ৰচাৰ কৰিছিল৷ ১৮৩৯ চনত যাদুৰাম ডেকাবৰুৱাই অসমীয়াৰ পৰা বঙলা অভিধান
এখন গোটাই গৱৰ্ণমে
ণ্টক দিছিল যদিও সেইখন ছপা হৈ নোলাল৷ কিন্তু সেইখনৰ সহায় লৈয়ে ব্ৰন্সন চাহাবে অভিধান ছপা কৰি উলিয়াইছিল৷

পৰোপকাৰী
খ্ৰীষ্টান মিছনেৰী ছ
’চাইটিৰ সদস্যসকলে অসমীয়া ভাষাৰ উন্নতিৰ
বাবে আৰু অসমীয়া ভাষাক পুনঃ ঠাই দিয়াৰ বাবে তেওঁলোকে গৱৰ্ণমেণ্টক আৱে‍দন-নিৱে‍দন
জনাইছিল৷ পাদ্ৰী চাহাবসকলৰ বল পাই সেই সময়ৰ অসমীয়া ডেকাসকলো আগবাঢ়ি আহিছিল।
এওঁলোকৰ ভিতৰত আনন্দৰাম ঢেঁকিয়াল ফুকনৰ নাম আটাইতকৈ আগত ল
’ব
লাগিব৷ তেওঁ অসমীয়া সাহিত্যৰ উন্নতিৰ বাবে একান্ত মনে কাম কৰিছিল৷ তেওঁ
“অসমীয়া ল’ৰাৰ মিত্ৰ” নামৰে
দুখন পাঠ্যপুথি লিখাৰ লগতে
“
A Few Remark on Assamese Language and
Vernacular Education”  নামে এখন কিতাপ লিখি অসমীয়া সাহিত্যৰ
অস্তিত্ব ডাঠি প্ৰমাণ কৰিছিল৷ ইয়াৰ পাছত আহিল হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম
বৰুৱা৷ পদ্মনাথ গোহাঞিবৰুৱাই তেওঁৰ ভাষণত এই দুজন সাহিত্যিকক দুখন সুকীয়া স্কুল
বুলি কৈছিল৷ ইয়াৰে হেমচন্দ্ৰ বৰুৱাৰখন খাচ অসমীয়া আৰু গুণাভিৰাম বৰুৱাৰখনত
সংস্কৃতীয়া শব্দৰ প্ৰয়োগ বেছি আছিল। অৱশ্যে খাচ অসমীয়া স্কুলখন বেছি জনপ্ৰিয়
হৈ উঠে৷ হেম বৰুৱাই
“হেমকোষ” ৰচনা কৰি
অসমীয়া ভাষাৰ নাম জিলিকাই তোলাত সহায় কৰিছিল৷ তেওঁলোকৰ অনুগামী হ
’ল, লম্বোদৰ বৰা, পানীন্দ্ৰ নাথ
গগৈ
, ৰত্নেশ্বৰ মহন্ত৷ পদ্মনাথ গোহাঞিবৰুৱাদেৱে এনেদৰে অসমীয়া
ভাষাৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি ই কেনেকৈ সাহিত্যৰ সাঁচত উঠিছিল তাৰ বি
ৱৰণ দাঙি ধৰিছিল৷ তেওঁৰ সেই দীঘলীয়া ভাষণটোৰ পৰা তোমালোকৰ বাবে
প্ৰয়োজনীয় বুলি ভবা কথাখিনি তেওঁৰ ভাষাৰেই তোমালোকক ক
’বলৈ
চেষ্টা কৰিলোঁ
, যাতে তোমালোকে পঢ়ি মাতৃভাষাৰ উন্নতিৰ হকে
কাম কৰিবলৈ অনুপ্ৰাণিত হোৱা৷

আজিলৈ সামৰিছোঁ৷ ভাষণৰ শেষ অংশটো লৈ আকৌ আহিম৷